Assam Jatiya Bidyalay Class 7 Science Chapter 6 এছিড, ক্ষাৰ আৰু লৱণ

Assam Jatiya Bidyalay Class 7 Science Chapter 6 এছিড, ক্ষাৰ আৰু লৱণ, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় বিজ্ঞান Class 7 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Class 7 Science Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 7 Science Chapter 6 এছিড, ক্ষাৰ আৰু লৱণ Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The provided here ensures a smooth and easy understanding of all the concepts. Assam Jatiya Bidyalay Class 7 Science Chapter 6 এছিড, ক্ষাৰ আৰু লৱণ Understand the concepts behind every chapter and score well in the board exams.

এছিড, ক্ষাৰ আৰু লৱণ

Chapter -6

ASSAM JATIYA VIDYALAYA

অসম জাতীয় বিদ্যালয়

প্রশ্ন ১ l শুদ্ধ উত্তৰটো বাছি উলিওৱা ।

(ক) এছিডৰ সোৱাদ

1. টেঙা।

2. মিঠা।   

3. কেহাঁ।       

4. তিতা।

উত্তৰঃ‌ 1. টেঙা।

(খ) ক্ষাৰৰ সোৱাদ

1. টেঙা।     

2. তিতা-কেহাঁ।        

3. লুনীয়া।

4. মিঠা।

উত্তৰঃ 2. তিতা-কেহাঁ।

(গ) এছিডে ৰঙা লিটমাছ কাগজৰ বৰণ

1. নীলা কৰে।     

2. সলনি নকৰে।

3. বৰ্ণহীন কৰে।

4. উজ্জ্বল নীলা কৰে।

উত্তৰঃ 2. সলনি নকৰে।

(ঘ) মাখনত থকা এছিডটোৰ নাম

1. হাইড্ৰ’ক্লৰিক এছিড।      

2. লেক্‌টিক এছিড।

3. বিউটাইৰিক এছিড।     

4. ছাইট্রিক এছিড।

উত্তৰঃ 3. বিউটাইৰিক এছিড।

(ঙ) চূণপানী এবিধ

1. এছিড ৷       

2. ক্ষাৰ ৷   

3. লবণ ৷    

4. এটাও নহয় ৷

উত্তৰঃ 2. ক্ষাৰ ৷

(চ) এটা পৰীক্ষা নলীত থকা চেঁচা পানীত ছালফিউৰিক এছিড দুই তিনি টোপাল যোগ কৰিলে

1. দ্ৰৱটো গৰম হৈ উঠে।         

2. চেঁচা হৈ পৰে।

3. তাপৰ পৰিবৰ্তন হয়।          

4. বৰণ পৰিৱৰ্তন হয়।

উত্তৰঃ 1. দ্ৰৱটো গৰম হৈ উঠে।

প্রশ্ন ২ l খালী ঠাই পূৰ্ণ কৰা।

(ক) ফলমূল সংৰক্ষণত _________ এছিড ব্যৱহাৰ কৰা হয় ।

উত্তৰঃ ছাইট্ৰিক এছিড।

(খ) এছিডত প্ৰতিষ্ঠাপনীয় _________ পৰমাণু থাকে।

উত্তৰঃ হাইড্ৰ’জেন।

(গ) এছিড আৰু ক্ষাৰৰ মাজত বিক্ৰিয়া ঘটি _________ আৰু _________উৎপন্ন হয়।

উত্তৰঃ লৱণ আৰু পানী।

(ঘ) _________ গেছে চূণপানী ঘোলা কৰে।

উত্তৰঃ কার্বন-ডাই-অক্সাইড।

(ঙ) কার্বনেট লৱণত হাইড্ৰ’ক্লৰিক এছিড যোগ কৰিলে, _________ গেছ উৎপন্ন হয়।

উত্তৰঃ কার্বন-ডাই-অক্সাইড।

(চ) লঘূ ছালফিউৰিক এছিডত জিংক ধাতু যোগ কৰিলে _________ গেছ উৎপন্ন হয়।

উত্তৰঃ হাইড্ৰ’জেন। 

(ছ) ক্ষাৰৰ সোৱাদ _________ l

উত্তৰঃ তিতা বা কেঁহা ।

(জ) এছিড আৰু ক্ষাৰৰ মাজত ঘটা বিক্ৰিয়াক _________ বিক্রিয়া বোলে।

উত্তৰঃ প্ৰশমন। 

(ঝ) _________ এছিড আম্লিক গুণ নোহোৱা কৰে।

উত্তৰঃ ক্ষাৰে।

(ঞ) সকলোবোৰ টেঙা ফলমূলত _________ থাকে।

উত্তৰঃ এছিড়।

(ট) পানীত দ্রবীভূত হোৱা ক্ষাৰক _________ বোলে।

উত্তৰঃ এলকালি।

(ঠ) আম্লিক অক্সাইড পানীত দ্রবীভূত হ’লে _________উৎপন্ন কৰে।

উত্তৰঃ এছিড।

প্রশ্ন ৩l শুদ্ধ/অশুদ্ধ লিখা।

(ক) কমলা ৰসত নীলা লিটমাছ দিলে ৰঙা হয়।

উত্তৰঃ শুদ্ধ।

(খ) এটা গিলাচত অলপ পানী লৈ তাত ষ্ট্ৰ এডালেৰে মুখেৰে ফুৱাই থাকি পানীখিনিত নীলা লিটমাছ কাগজ দিলে ৰঙা বৰণ হয়

উত্তৰঃ শুদ্ধ।

(গ) ছ’ডিয়াম হাইড্রক্সাইড পানীত অদ্রাব্য ।

উত্তৰঃ অশুদ্ধ। 

(ঘ) পোৰা চূণ পানীত অতিশয় দ্রাব্য ।

উত্তৰঃ অশুদ্ধ।

(ঙ) পানীত দ্রবীভূত হোৱা ক্ষাৰক এলকালি বোলে ।

উত্তৰঃ শুদ্ধ ।

(চ) ফলমূল সংৰক্ষণত এছিটিক এছিড ব্যৱহাৰ কৰা হয় ।

উত্তৰঃ অশুদ্ধ।

(ছ) বন্দুকৰ বাৰুদ তৈয়াৰ কৰোঁতে পটেছিয়াম নাইট্রেট ব্যৱহাৰ কৰা হয় ।

উত্তৰঃ শুদ্ধ।

(জ) এলুমিনিয়াম হাইড্রক্সাইড এছিড প্ৰতিৰোধী ঔষধ হিচাপে ব্যৱহাৰ হয়।

উত্তৰঃ শুদ্ধ।

(ঝ) সকলোবোৰ ক্ষাৰেই হ’ল এলকালি ।

উত্তৰঃ অশুদ্ধ।

(ঞ) সকলোবোৰ এলকালি ক্ষাৰ নহয় ।

উত্তৰঃ অশুদ্ধ।

প্রশ্ন ৪ l এছিডৰ সংজ্ঞা লিখা। এছিডৰ তিনিটা লক্ষণ লিখা। তিনিবিধ খনিজ এছিডৰ নাম লিখা।

উত্তৰঃ এছিড :- যিবোৰ যৌগৰ অণুত এটা, দুটা বা তিনিটা প্ৰতিষ্ঠাপনীয় হাইড্ৰ’জেন থাকে তাকে এছিড বোলে। অধাতর অক্সাইড পানীত যোগ কৰিলে এছিড উৎপন্ন হয়। 

এছিডৰ তিনিটা লক্ষণ হ’ল —

(ক) এছিডৰ সোৱাদ টেঙা।

(খ) এছিডৰ দ্রৱই নীলা লিটমাছ ৰঙা কৰে।

(গ) ধাতুৰ কার্বনেট বা বাই-কার্বনেট লৱণৰ লগত এছিড যোগ কৰিলে কাৰ্বন-ডাই অক্সাইড মুক্ত হয়। ‘

তিনিবিধ খনিজ এছিডৰ নাম হ’ল —

(i) ছালফিউৰিক এছিড। 

(ii) হাইড্ৰ’ক্ল’ৰিক এছিড।

(iii) নাইট্রিক এছিড।

প্রশ্ন ৫ l জৈৱ এছিড কি? তিনিবিধৰ নাম লিখা।

উত্তৰঃ জৈৱ এছিড : কিছুমান এছিড উদ্ভিদৰ পৰা তৈয়াৰ কৰা হয় । এইবোৰক জৈৱ এছিড বোলে। 

তিনিবিধ জৈৱ এছিডৰ নাম হ’ল— 

(ক) এছিটিক এছিড।

(খ) লেকটিক এছিড। 

(গ) বিউটাৰিক এছিড। 

প্রশ্ন ৬ l খনিজ এছিড আৰু জৈৱ এছিডৰ মাজত কোনবোৰ তীব্ৰ? উদাহৰণ দিয়া ।

উত্তৰঃ খনিজ এছিডবোৰ জৈৱ এছিডতকৈ বেছি তীব্র।

উদাহৰণ : হাইড্ৰ’ক্ল’ৰিক এছিড, Hcl

প্রশ্ন ৭ l মাখন, দৈ, ভিনেগাৰৰ সোৱাদ কিয় টেঙা?

উত্তৰঃ মাখন, দৈ আৰু ভিনেগাৰত এছিড থাকে, সেইবাবে এইবোৰৰ সোৱাদ টেঙা হয়। যেনে মাখনত বিউটাইৰিক এছিড, দৈত লেকটিক এছিড আৰু ভিনেগাৰত এছিটিক এছিড থাকে।

প্রশ্ন ৮ l ক্ষাৰ আৰু এলকালিৰ সংজ্ঞা দিয়া। সকলোবোৰ ক্ষাৰ এলকালি হয়নে? 

উত্তৰঃ ক্ষাৰ : যিবোৰ বস্তু পানীত দ্রবীভূত কৰিলে বস্তুবোৰৰ দ্রৱ তিতা বা কেহাঁ লাগে, চুলে চাবোনৰ দৰে পিছল যেন লাগে, এনে গুণ থকা বস্তুক ক্ষাৰ বোলে। 

এলকালি : পানীত দ্রৱীভূত হোৱা ক্ষাৰক এলকালি বোলে সকলো ক্ষাৰ এলকালি নহয়।

প্রশ্ন ৯ l ক্ষাৰৰ দুটা সাধাৰণ ধৰ্ম উল্লেখ কৰা।

উত্তৰঃ ক্ষাৰৰ দুটা সাধাৰণ ধৰ্ম হ’ল — 

(ক) ক্ষাৰৰ সোৱাদ তিতা বা কেঁহা।

(খ) ক্ষাৰে ৰঙা লিটমাছৰ বৰণ নীলা কৰে।

প্রশ্ন ১০ l লৱণ কাক বোলে? তোমাৰ ঘৰত থকা তিনিবিধ লৱণৰ নাম লিখা । 

উত্তৰঃ লৱণ : এছিড আৰু ক্ষাৰৰ মাজত বিক্রিয়া ঘটি উৎপন্ন হোৱা যৌগ হ’ল লৱণ। লৱণৰ লগত পানী উৎপন্ন হয়। ঘৰত থকা তিনিবিধ লৱণ হ’ল— 

(ক) ছ’ডিয়াম ক্লৰাইড, Nacl (নিমখ)।

(খ) ছ’ডিয়াম কার্বনেট, Na₂CO₃ (বেকিং পাউডাৰ)।

(গ) ছ’ডিয়াম হাইড্রজেন কার্বনেট, NaHCO₃ 

প্রশ্ন ১১ l এটোপাল ছালফিউৰিক এছিড কাগজত পৰিলে কি হ’ব?

উত্তৰঃ ছালফিউৰিক এছিড কাগজত পৰিলে কাগজখন ক’ল বৰণৰ হয়। 

প্রশ্ন ১২ l তিনিটা পৰীক্ষা নলীত যথাক্রমে নেমু ৰসৰ দ্রৱ, খোৱা ছাড়াৰ দ্ৰৱ আৰু নিমখৰ দ্রৱ আছে। এখন ৰঙা লিটমাছ কাগজৰ সহায়ত সিহঁতৰ কিদৰে চিনাক্ত কৰিবা?

উত্তৰঃ ৰঙা লিটমাছ কাগজখন যিটো পৰীক্ষা নলীত দিওঁতে ৰঙা ৰঙৰ সলনি হৈ নীলা হৈ পৰে সেই পৰীক্ষা নলীটোত খোৱা ছ’ডাৰ দ্ৰৰ আছে। আকৌ সেই নীলা হোৱা লিটমাছ কাগজখন যিটো পৰীক্ষা নলীত দিওঁতে পুনৰ ৰঙা হৈ পৰে সেইটো পৰীক্ষা নলীত নেমু ৰসৰ দ্ৰৱ আছে আৰু যিটো পৰীক্ষা নলীত নিমখৰ দ্ৰৱ আছে সেইখিনি দ্রৱত লিটমাছ কাগজ টুকুৰাই ৰঙৰ কোনো পৰিবৰ্তন নহয় ৷ 

প্রশ্ন ১৩ l চাৰিবিধ এছিড, চাৰিবিধ ক্ষাৰ আৰু চাৰিবিধ লৱণৰ নাম সংকেতসহ লিখা ।

উত্তৰঃ চাৰিবিধ এছিড হ’ল –

নামসংকেত
ক) হাইড্ৰ’ক্লৰিক এছিডHcl
(খ) ছালফিউৰিক এছিডH₂SO₄
(গ) নাইট্রিক এছিডHNO₃
(ঘ) এছিটিক এছিডCH₃COOH

চাৰিবিধ ক্ষাৰ হ’ল – 

নামসংকেত
(ক) ছ’ডিয়াম হাইড্ৰ’ক্সাইডNaOH
(খ) পটেছিয়াম হাইড্রক্সাইডKOH
(গ) কেলছিয়াম হাইড্রক্সাইডCa(OH)₂
(ঘ) মেগনেছিয়াম হাইড্রক্সাইডMg(OH)₂

চাৰিবিধ ক্ষাৰ হ’ল-

নামসংকেত
(ক) ছ’ডিয়াম ক্ল’ৰাইডNacl
(খ) ছ’ডিয়াম কার্বনেটNa₂CO₃
(গ) ক’পাৰ ছালফেটCuSO₄
(ঘ) মেগনেছিয়াম ছালফেটMgSO₄

প্রশ্ন ১৪ l তলত দিয়া যৌগবোৰত পানী যোগ কৰিলে কি ঘটিব ৰাসায়নিক সমীকৰণৰ সহায়ত দেখুওৱা।

(ক) মেগনেছিয়াম অক্সাইড l 

(খ) ছালফাৰ ডাই-অক্সাইড l

(গ) কেলছিয়াম অক্সাইড l

(ঘ) কার্বন-ডাই-অক্সাইড l

(ঙ) ছডিয়াম অক্সাইড l

প্রশ্ন ১৫ l তলত দিয়া বিক্ৰিয়াবোৰত উৎপন্ন হোৱা লৰণবোৰৰ সংকেত লিখা l 

(ক) H₂SO₄ + NaOH = Na₂SO₄ + H₂O

(খ) Hcl + KOH = Kcl + H₂O

(গ) HNO₃ + NaOH = NaNO₃ + H₂O

(ঘ) 2Hcl + Na₂CO₃ =2Nacl + H₂O + CO₂

প্রশ্ন ১৬ l তলত দিয়া প্ৰতিবিধ এছিডৰ দুটাকৈ ব্যৱহাৰ লিখাঁ।

(ক) হাইড্ৰ’ক্লৰিক এছিড।

(খ) ছালফিউৰিক এছিড।

(গ) ছাইট্রিক এছিড।

(গ) এছিটিক এছিড।

উত্তৰঃ (ক) হাইড্ৰ’ক্লৰিক এছিড : ব্যৱহাৰ :

(i) হাইড্ৰ’ক্লৰিক এছিড ষ্টাৰ্চৰ পৰা গ্লুকজ প্ৰস্তুত কৰাত ব্যৱহাৰ কৰা হয়।

(ii) ঔষধ আৰু চামৰা উৎপাদনত ব্যৱহাৰ কৰা হয় ।

(খ) ছালফিউৰিক এছিডঃ

(i) ছালফিউৰিক এছিড সাৰ (এম’নিয়াম ছালফেট) উৎপাদনত ব্যৱহাৰ কৰা হয় ।

(ii) পেট্ৰ’লিয়াম শোধনত ব্যৱহাৰ কৰা হয় ।

(গ) ছাইট্রিক এছিড : ব্যৱহাৰ :

(i) জাম-জেলি প্রস্তুত কৰাত ব্যৱহাৰ কৰা হয় ৷

(ii) ফলমূল সংৰক্ষণত ব্যৱহাৰ কৰা হয় । 

(ঘ) এছিটিক এছিড : ব্যৱহাৰ :

(i) সুগন্ধি দ্রব্য প্ৰস্তুত কৰাত ব্যৱহাৰ কৰা হয় ।

(ii) ভিনেগাৰ উৎপাদনত ব্যৱহাৰ কৰা হয়।

প্রশ্ন ১৭ l তলত দিয়া ক্ষাৰবোৰৰ প্ৰতিটোৰ দুটাকৈ ব্যৱহাৰ লিখাঁ ।

(ক) ছ’ডিয়াম হাইড্রক্সাইড।

(খ) পটেছিয়াম হাইড্রক্সাইড।

(গ) এমনিয়াম হাইড্রক্সাইড।

উত্তৰঃ (ক) ছ’ডিয়াম হাইড্রক্সাইডৰ ব্যৱহাৰ :

(i) চাবোন, কাগজ আদি প্ৰস্তুত কৰণত ব্যৱহাৰ কৰা হয় । 

(ii) পেট্ৰ’লিয়াম শোধনত ব্যৱহাৰ কৰা হয় ।

(খ) পটেছিয়াম হাইড্রক্সাইডৰ ব্যৱহাৰ :

(i) গা-ধোৱা চাবোন উৎপাদনত ব্যৱহাৰ কৰা হয়। 

(ii) পটেছিয়াম লবণ প্ৰস্তুত কৰণত ব্যৱহাৰ কৰা হয় ।

প্রশ্ন ১৮ l তলত দিয়া লৱণবোৰৰ প্ৰতিটোৰ দুটাকৈ ব্যৱহাৰ লিখা ।

(ক) ছ’ডিয়াম ক্ল’ৰাইড। 

(খ) পটেছিয়াম নাইট্রেট।

(গ) ছিলভাৰ নাইট্রেট।

(ঘ) ক’পাৰ ছালফেট।

উত্তৰঃ (ক) ছ’ডিয়াম ক্ল’ৰাইডৰ ব্যৱহাৰ হ’ল—

(i) মানুহৰ খাদ্যৰ অন্যতম উপাদান হিচাপে ব্যৱহাৰ কৰা হয় ।

(ii) মাছ, মাংস সংৰক্ষণ কৰিবৰ বাবে ব্যৱহাৰ কৰা হয় 

(খ) পটেছিয়াম নাইট্ৰেটৰ ব্যৱহাৰ হ’ল—

(i) বাৰুদ, ঔষধ প্ৰস্তুতকৰণত ব্যৱহাৰ কৰা হয় ।

(ii) সাৰ উৎপাদনত ব্যৱহাৰ কৰা হয় ।

(গ) ছিলভাৰ নাইট্ৰেটৰ ব্যৱহাৰ হ’ল— 

(i) দাপোণ প্রস্তুতকৰণত ব্যৱহাৰ কৰা হয় ।

(ii) ফট’গ্ৰাফীত ব্যৱহাৰ কৰা হয় ।

(ঘ) ক’পাৰ ছালফেটৰ ব্যৱহাৰ হ’ল— 

(i) কীটনাশক প্ৰস্তুত কৰণত ব্যৱহাৰ কৰা হয়।

(ii) ছপাশাল উদ্যোগত ব্যৱহাৰ কৰা হয়।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top