Assam Jatiya Bidyalay Class 7 Science Chapter 4 বায়ু আৰু অক্সিজেন

Assam Jatiya Bidyalay Class 7 Science Chapter 4 বায়ু আৰু অক্সিজেন, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় বিজ্ঞান Class 7 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Class 7 Science Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 7 Science Chapter 4 বায়ু আৰু অক্সিজেন Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The provided here ensures a smooth and easy understanding of all the concepts. Assam Jatiya Bidyalay Class 7 Science Chapter 4 বায়ু আৰু অক্সিজেন Understand the concepts behind every chapter and score well in the board exams.

বায়ু আৰু অক্সিজেন

Chapter -4

ASSAM JATIYA VIDYALAYA

অসম জাতীয় বিদ্যালয়

প্রশ্ন ১ l শুদ্ধ উত্তৰটো বাছি উলিওৱা ।

(ক) বায়ু এবিধ

1. মৌলিক পদার্থ।  

2. যৌগিক পদার্থ।

3. মিশ্র পদার্থ।  

4. এইবোৰৰ এটাও নহয়।

উত্তৰঃ 3. মিশ্র পদার্থ।

(খ) বায়ুত অক্সিজেনৰ পৰিমাণ মুঠ বায়ুৰ

1. 1/5  অংশ।        

2. 4/5 অংশ।

3. 3/5 অংশ।      

4. 2/5 অংশ।

উত্তৰঃ 1. 1/5  অংশ।

(গ) পৃথিৱীৰ নিচেই ওচৰত বায়ুমণ্ডলৰ অঞ্চলটো হ’ল

1. ট্ৰপস্ফিয়েৰ।       

2. ষ্ট্রেট স্ফিয়েৰ।

3. আয়ন স্ফিয়েৰ।     

4. মেছ স্ফিয়েৰ।

উত্তৰঃ 1. ট্ৰপস্ফিয়েৰ।

(ঘ) তলৰ কোনটো যৌগ উত্তপ্ত কৰি বেছি পৰিমাণৰ অক্সিজেন পাব পাৰি 

1. HgO      

2. KNO₃      

3. KclO₃       

4. KMnO₄

উত্তৰঃ 2. KNO₃

(ঙ) পটেছিয়াম ক্ল’ৰেটৰ পৰা অক্সিজেন প্রস্তুত কৰোঁতে মেংগানিজ ডাই-অক্সাইড ব্যৱহাৰ কৰা হয় l

মেংগানিজ ডাই-অক্সাইড

1. বিক্ৰিয়াৰ বেগ বৃদ্ধি কৰে।           

2. বিক্ৰিয়াৰ বেগ হ্ৰাস কৰে।

3. বিক্ৰিয়াৰ বেগ সলনি নকৰে।      

4. বিক্ৰিয়াটো বন্ধ কৰে।

উত্তৰঃ 1. বিক্ৰিয়াৰ বেগ বৃদ্ধি কৰে।

(চ) তলত দিয়াবোৰৰ কোনটো আম্লিক অক্সাইড?

1. Na₂O      

2. SO₂      

3. H₂O     

4. CO

উত্তৰঃ 2. SO₂

(ছ) তলত দিয়াবোৰৰ কোনটো অনুঘটক?

1. KNO₃       

2. MnO₄    

3. KMnO₄      

4. KelO₃

উত্তৰঃ 2. MnO₄   

প্রশ্ন ২ l বায়ুৰ দুটা মুখ্য উপাদানৰ নাম লিখা ।

উত্তৰঃ বায়ুৰ দুটা মুখ্য উপাদান হ’ল নাইট্ৰ’জেন আৰু অক্সিজেন। 

প্রশ্ন ৩ l ‘দহনৰ বাবে বায়ুৰ প্ৰয়োজন’ কথাষাৰ প্ৰমাণ কৰিবলৈ এটা পৰীক্ষা লিখা।

উত্তৰঃ এখন অলপ ডাঙৰ প্লেটৰ মাজ অংশত এডাল সৰু মমবাতি থিয় কৰি ৰখাৰ ব্যৱস্থা কৰা হয়। প্লেটত পানী লোৱা হয়। তলে ওপৰে সমান কাঁচৰ গিলাচ এটাৰে মমবাতিডাল ঢাকি দিয়া হয়। গিলাচটোৰ কাষত এডাল স্কেল থিয়কৈ ৰাখি গিলাচটোৰ ভিতৰত পানীৰ উচ্চতাৰ জোখ লোৱা হয়। গিলাচ টোৰ বাহিৰে ভিতৰে পানী একে উচ্চতাতে নাথাকিব।

গিলাচটো উঠাই আনি মমবাতিডাল জ্বলাই লোৱা হয়। গিলাচটোৰে তত্ক্ষণাত্ আকৌ ঢাকিলে শিখাটো লাহে লাহে সৰু হ’ব। গিলাচটোৰ ভিতৰলৈ লাহে লাহে পানী ওপৰলৈ উঠে। অলপ পিছতে শিখাটো নুমাই যায়। পানী এটা উচ্চতালৈ উঠি ৰৈ যায়।

গিলাচটোৰ ভিতৰত থকা বায়ুয়ে মমডাল জ্বলি থকাত সহায় কৰে। লাহে লাহে বায়ুৰ পৰিমাণ কমে আৰু সেই ঠাই পানীয়ে অধিকাৰ কৰে। অক্সিজেন কমিলে ভিতৰত বায়ুৰ চাপ কমে। বাহিৰৰ চাপে পানী ওপৰলৈ ঠেলি দিয়ে। অক্সিজেন শেষ হ’লে শিখাটো নুমাই যায়। ইয়াৰ দ্বাৰা প্ৰমাণ হয় যে দহনৰ বাবে বায়ুৰ প্ৰয়োজন হয়।

প্রশ্ন ৪ l বায়ুত্ যে কার্বন -ডাই-অক্সাইড আৰু জলীয় বাষ্প আছে কেনেদৰে প্ৰমাণ কৰিবা? 

উত্তৰঃ এটা পৰীক্ষা নলীত বা বিকাৰত অলপ ফটফটীয়া চূণপানী লৈ মুকলিকৈ থৈ দিয়া হয়। 20-24 ঘণ্টা এনেদৰে থ’লে ওপৰত এখন বগা চামনি পৰে। কাৰ্বন ডাই-অক্সাইডে চূণ পানীৰ লগত ক্ৰিয়া কৰে। সেইবাবে চামনিটো পৰে। পৰীক্ষাটোৱে বুজায় যে বায়ুত কার্বন-ডাই-অক্সাইড আছে।

গিলাচ এটাত অলপ বৰফ থ’লে গিলাচটোৰ বাহিৰত পানীৰ কণিকা জমা হয়। চেচাঁ গিলাচটোৰ গাত লাগি জলীয় বাষ্পই পানীৰ কণিকাৰ ৰূপ লয়। এই পৰীক্ষাটোৰ দ্বাৰা প্ৰমাণ হয় যে বায়ুত জলীয় বাষ্প আছে।

প্রশ্ন ৫ l লেড নাইট্রেট, পটেছিয়াম নাইট্রেট আৰু পটেছিয়াম ক্ল’ৰেটৰ পৰা অক্সিজেন প্ৰস্তুতকৰণ ৰাসায়নিক সমীকৰণৰ সহায়ত দেখুওৱা।

উত্তৰঃ লে’ড নাইট্রেট, Ph(NO₃), উত্তপ্ত কৰি অক্সিজেন প্ৰস্তুত কৰিব পাৰি ।

উত্তৰঃ পৰীক্ষাগাৰত অক্সিজেনৰ, O₂ ৰ প্ৰস্তুত প্ৰণালী :- চাৰিভাগ পটেছিয়াম ক্লৰেট, KelO₃ ৰ গুড়িৰ লগত এভাগ মেংগানিজ-ডাই-অক্সাইড, MnO₂ ৰ গুড়ি ভালদৰে মিহলাই এটা টান কাচৰ পৰীক্ষা নলীত লোৱা হয়। নলীটোৰ মুখখন এডাল নির্গম নলী লগোৱা ঠিলা এটাৰে বন্ধ কৰা হয়। পৰীক্ষা নলীটো আইৰনৰ গছা এডালত লৈ নিৰ্গম নলীৰ বাহিৰৰ মূৰটো পানীপূৰ্ণ পাত্ৰত ডুবাই ৰখা হয় পৰীক্ষা নলীটোত সাৱধানে তাপ দিয়া হয়। প্রথমতে নলীটোত থকা বায়ু নির্গম নলীৰে ওলাই যাব। কিছু সময়ৰ পাছত অক্সিজেন গেছ ওলাবলৈ আৰম্ভ কৰিব। পানী-পূৰ্ণ গেছজাৰ এটা নির্গম নলীৰ মূলত ওলোটাই বংৱালে গেছজাৰত অক্সিজেন গেছ জমা হ’ব। অক্সিজেন গেছে পানী অপসাৰণ কৰি গেছজাৰত জমা হয়। 

লগতে লেড অক্সাইড, PbO; নাইট্ৰ’জেন ডাই-অক্সাইড, NO₂ আৰু অক্সিজেন পোৱা যায়।

প্রশ্ন ৬ l পৰীক্ষাগাৰত অক্সিজেন কিদৰে প্ৰস্তুত কৰা হয়? উপযুক্ত ছবিৰ সহায়ত বৰ্ণনা কৰা ।

পৰীক্ষা নলীৰ ভিতৰত ঘটা বিক্ৰিয়াটো হ’ল –

প্রশ্ন ৭ l অক্সিজেন গেছ কিয় পানীৰ ওপৰত সংগ্ৰহ কৰা হয়?

উত্তৰঃ অক্সিজেন পানীত ভালদৰে প্ৰবীভূত নহয়। সেইবাবে পানীৰ মাজেদি যাবলৈ দি পানীৰ ওপৰত ইয়াক সংগ্ৰহ কৰা হয়।

প্রশ্ন ৮ l অক্সিজেন গেছ পানীত সম্পূর্ণ অদ্রাব্য হ’লে কি অসুবিধা হ’লহেঁতেন। 

উত্তৰঃ অক্সিজেন গেছ পানীত সম্পূর্ণ অদ্রাব্য হ’লে মাছ আদি জলচৰ প্ৰাণীসমূহে পানীৰ পৰা অক্সিজেন গ্রহণ কৰিব নোৱাৰিলেহেঁতন। ফলস্বৰূপে, এই জলচৰ প্রাণীসমূহ অক্সিজেনৰ অভাৱত জীয়াই থাকিব নোৱাৰিলেহেঁতন।

প্রশ্ন ৯ l অক্সাইড কি? প্ৰতিবিধ অক্সাইডৰ এটাকৈ উদাহৰণ দিয়া ৷ 

উত্তৰঃ অক্সিজেন আৰু আন মৌলৰ মাজত উৎপন্ন হোৱা দ্বি মৌলিক যৌগ সমূহেই হ’ল অক্সাইড। অক্সাইড সাধাৰণতে তিনি প্ৰকাৰৰ।

(ক) ক্ষাৰকীয় অক্সাইড-উদাহৰণ-ছ’ডিয়াম অক্সাইড, Na₂O 

(খ) আম্লিক অক্সাইড-উদাহৰণ- SO₂ (ছালফাৰ ডাই-অক্সাইড)

(গ) প্রশম অক্সাইড – H₂O (পানী)

প্রশ্ন ১০ l তলত দিয়া অক্সাইডসমূহৰ শ্ৰেণীবিভাজন কৰা ।

1. CaO 

2. SO₂ 

3. CO₂

4. P₂O₅

5. MgO

6. H₂O

7. NO

8. NO₂

উত্তৰঃ CaO — ক্ষাৰকীয় অক্সাইড l

SO₂ — আম্লিক অক্সাইড l

CO₂ — আম্লিক অক্সাইড l

P₂O₅ — আম্লিক অক্সাইড l

MgO — ক্ষাৰকীয় অক্সাইড l

H₂O — প্রশম অক্সাইড l

NO — আম্লিক অক্সাইড l

NO₂ — অম্লিক অক্সাইড l

প্রশ্ন ১১ l অক্সিজেন কোনে আৱিষ্কাৰ কৰিছিল আৰু এই নামটো কোনে ৰাখিছিল? 

উত্তৰঃ প্রিষ্টলি, লেভয়ছিয়েৰ আৰু শ্বিলে প্রায় এক সময়তে সুকীয়াকৈ অক্সিজেন আৱিষ্কাৰ কৰিছিল আৰু লেভয়ছিয়েৰে অক্সিজেন নামটো দিছিল।

প্রশ্ন ১২ l এটা বাটিত অলপ ফটফটীয়া চূণৰ পানী লৈ মুখেৰে ফু দি থাকিলে চূণপানীখিনি ঘোলা হয় কিয়?

উত্তৰঃ এটা বাটিত অলপ ফটফটীয়া চূণৰ পানী লৈ মুখেৰে ফুদি থাকিলে চূণ পানীখিনি ঘোলা হয় । কাৰণ আমি নিশাহত যথেষ্ট কার্বন-ডাই-অক্সাইড এৰি দিওঁ । এই কার্বন-ডাই- অক্সাইডৰ বাবে চূণপানীখিনি ঘোলা হয়। ৰাসায়নিক বিক্ৰিয়াটোত বগা কেলছিয়াম কার্বনেট, Caco, উৎপন্ন হয় বাবে পানীখিনি ঘোলা হয়।

প্রশ্ন ১৩ l এটা বাটিত পানী লৈ মুখেৰে ফুদি থাকি পানীখিনিত এটুকুৰা নীলা লিটমাছ কাগজ দিলে ৰঙা হৈ পৰে কিয়?

উত্তৰঃ এটা বাটিত পানী লৈ মুখেৰে ফু দি থাকি পানীখিনিত এটুকুৰা নীলা লিটমাছ কাগজ দিলে ৰঙা হৈ পৰে। কাৰণ আমি নিশাহত কার্বন-ডাই-অক্সাইড, CO₂ এৰি দিওঁ আমি জানো যে, অধাতুৰ অক্সাইডক আম্লিক অক্সাইড বোলা হয়। এইবিধ অক্সাইডে পানীৰ লগত বিক্ৰিয়া কৰি এছিড উৎপন্ন কৰে। কাৰ্বন-ডাই-অক্সাইড, CO₂ হ’ল অধাতুৰ (আম্লিক) অক্সাইড। গতিকে, CO₂ ক পানীৰ মাজেদি যাবলৈ দিলে কার্বনিক এছিড, H₂CO₃ উৎপন্ন কৰে। এছিডৰ ধৰ্ম হ’ল নীলা লিটমাছ কাগজ ৰঙা কৰে। সেইবাবে এই কার্বন-ডাই-অক্সাইড যুক্ত পানীত নীলা লিটমাছ কাগজ দিলে ৰঙা হৈ পৰে।

প্রশ্ন ১৪ l অক্সি-হাইড্ৰ’জেন শিখা কি ? ইয়াৰ এটা ব্যৱহাৰ লিখা।

উত্তৰঃ 2:1 আয়তনত মিহলি কৰোৱা হাইড্ৰ’জেন আৰু অক্সিজেন গেছৰ মিশ্ৰ জ্বলালে এটা তীব্র শিখা পোৱা যায়। ইয়াৰ উষ্ণতা প্ৰায় 2600⁰ ছেলছিয়াছ। এই শিখাটোৰ নাম হ’ল অক্সি-হাইড্ৰ’জেন শিখা।

অক্সি-হাইড্ৰ’জেন শিখা আইৰণ, ক’পাৰ আদি ধাতু গলাই জুলীয়া কৰিব পাৰি আৰু এই জুলীয়া ধাতুৰে বিভিন্ন আকৃতি দিব পাৰি। 

প্রশ্ন ১৫ l অক্সি-এছিটিলন শিখা কি ? ইয়াৰ এটা ব্যৱহাৰ লিখা ।

উত্তৰঃ অক্সিজেনৰ লগত এছিটিলিন নামৰ এবিধ দাহ্য গেছৰ মিশ্র জ্বলালে এটা তীব্র শিখা পোৱা যায়। অক্সি-এছিটিলিন শিখাৰ উষ্ণতা 3300⁰ ছেল। 

অক্সি এছিটিলিন শিখাৰে আইৰণ, তীখা আদি তৎক্ষণাৎ গলাব পাৰি আৰু বহু ধাতু টুকুৰা-টুকুৰকৈ কাটিব পাৰি ।

প্রশ্ন ১৬ l অক্সিজেন গেছ চিনাক্ত কৰিবলৈ এটা পৰীক্ষা লিখা ৷

উত্তৰঃ অক্সিজেনগেছ চিনাক্ত কৰিবলৈ কৰা এটা পৰীক্ষা হ’ল ৰঙা পৰি থকা আওঠা এটা অক্সিজেনৰ পাত্ৰত সুমুৱাই দিলে আওঠাটো ততালিকে জ্বলি উঠে।

প্রশ্ন ১৭ l অক্সিজেন গেছৰ দুটা অতি দৰ্কাৰী ধৰ্ম লিখা।

উত্তৰঃ অক্সিজেন গেছৰ দুটা অতি দৰ্কাৰী ধৰ্ম হ’ল—

(ক) অক্সিজেন গেছ বৰণহীন, গোন্ধহীন আৰু বায়ুতকৈ সামান্য গধূৰ ৷ 

(খ) অক্সিজেন গেছ চেঁচা কৰি জুলীয়া কৰিব পাৰি আৰু জুলীয়া অক্সিজেনৰ বৰণ ঈষৎ নীলা।

প্রশ্ন ১৮ l খালী ঠাই পূৰণ কৰা ।

(ক) পৃথিৱীৰ চাৰিওফালে থকা বায়ুৰ আৱৰণটোক ________ বোলে।

উত্তৰঃ বায়ুমণ্ডল।

(খ) বায়ুত আয়তন হিচাপে অক্সিজেনৰ শতকৰা পৰিমাণ __________।

উত্তৰঃ 20.95

(গ) ধাতু জোৰা দিবলৈ ব্যৱহৃত শিখাৰ গেছসমূহ হ’ল _______ আৰু _______ বা _______ আৰু _______ l

উত্তৰঃ অক্সিজেন আৰু হাইড্ৰজেন বা অক্সিজেন আৰু এছিটিলিন।

(ঘ) ফাছফৰাছ বায়ুত পুৰিলে________উৎপন্ন হয়।

উত্তৰঃ ফছফৰাছ ট্রাই-অক্সাইড। 

(ঙ) ________ অক্সাইডৰ জলীয় দ্রৱই ৰঙা লিটমাছৰ বৰণ নীলা কৰে।

উত্তৰঃ ক্ষাৰকীয় (অক্সাইড)। 

(চ) অক্সিজেন পানীত _________ দ্রবীভূত হয়।

উত্তৰঃ সামান্য।

প্রশ্ন ১৯ l তলত দিয়া বিক্ৰিয়াবোৰৰ সমতুল সমীকৰণ লিখা ।

(ক) অক্সিজেনত কাৰ্বনৰ দহন।

উত্তৰঃ C + O₂ → CO₂

(খ) উত্তপ্ত আইৰণৰ গুড়ি আৰু অক্সিজেনৰ বিক্রিয়া ৷

উত্তৰঃ 3Fe+2O₂ → Fe3O₄

(গ) অক্সিজেনত ছালফাৰৰ দহন।

উত্তৰঃ S+O₂ → SO₂

প্রশ্ন ২০ l তলৰ কোনবোৰ উক্তি শুদ্ধ?

(ক) জীৱৰ বাবে বায়ু অপৰিহাৰ্য ।

উত্তৰঃ শুদ্ধ।

(খ) অক্সিজেন পানীত অতিশয় দ্রব্য।

উত্তৰঃ অশুদ্ধ।

(গ) অক্সিজেন দাহ্য আৰু দহনৰ সহায়ক।

উত্তৰঃ অশুদ্ধ।

(ঘ) বায়ু এবিধ মিশ্র পদার্থ ।

উত্তৰঃ শুদ্ধ।

(ঙ) ছালফাৰ বায়ুতকৈ অক্সিজেনত বেছিকৈ জ্বলে।

উত্তৰঃ শুদ্ধ।

(চ) ওপৰলৈ বায়ুত অক্সিজেনৰ পৰিমাণ বাঢ়ি যায়। 

উত্তৰঃ অশুদ্ধ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top