Assam Jatiya Bidyalay Class 7 Science Chapter 3 পদাৰ্থৰ প্ৰকৃতি আৰু সংযুক্তি

Assam Jatiya Bidyalay Class 7 Science Chapter 3 পদাৰ্থৰ প্ৰকৃতি আৰু সংযুক্তি, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় বিজ্ঞান Class 7 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Class 7 Science Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 7 Science Chapter 3 পদাৰ্থৰ প্ৰকৃতি আৰু সংযুক্তি Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The provided here ensures a smooth and easy understanding of all the concepts. Assam Jatiya Bidyalay Class 7 Science Chapter 3 পদাৰ্থৰ প্ৰকৃতি আৰু সংযুক্তি Understand the concepts behind every chapter and score well in the board exams.

পদাৰ্থৰ প্ৰকৃতি আৰু সংযুক্তি

Chapter -3

ASSAM JATIYA VIDYALAYA

অসম জাতীয় বিদ্যালয়

প্রশ্ন ১। পদাৰ্থৰ পাৰমাণৱিক ভৰ আৰু আণৱিক ভৰৰ সংজ্ঞা লিখাঁ। 

উত্তৰঃ পাৰমাণৱিক ভৰঃ কোনো এটা মৌলৰ পৰমাণুৰ ভৰ 12c ভৰৰ পৰমাণু 

প্রশ্ন ২। মৌল এটাৰ এক গ্রাম পাৰমাণৱিক ভৰ বুলিলে কি বুজা? এটা উদাহৰণ দিয়া।

উত্তৰঃ মৌলৰ পাৰমাণৱিক ভৰক গ্ৰামত প্ৰকাশ কৰিলে তাক মৌলটোৰ এক গ্রাম পাৰমাণৱিক ভৰ বোলে। উদাহৰণ স্বৰূপে কাৰ্বনৰ পাৰমাণৱিক ভৰ হ’ল 12.0011; গতিকে কাৰ্বনৰ এক গ্রাম পাৰমাণৱিক ভৰ হ’ব 12.011 গ্রাম।

প্রশ্ন ৩। এম’নিয়াৰ সংকেত NH₃ । ইয়াৰ পৰা কি কি জানিব পাৰি?

উত্তৰঃ এম’নিয়াৰ সংকেত NH₃

(ক) NH₃ সংকতেটোৱে এম’নিয়াৰ এটা অণু বুজায়।

(খ) সংকেতটোৰ পৰা এম নিয়াৰ এটা অণুত এটা নাইট্ৰজেন পৰমাণু আৰু হাইড্ৰজেনৰ তিনিটা পৰমাণু থকা বুজায়।

(গ) এম নিয়াৰ এটা অণুৰ ভৰ হ’ব (14+3×1) = 17 

(ঘ) এম নিয়াৰ এটা অণুত নাইট্ৰ’জেন আৰু হাইড্ৰ’জেন পৰমাণুৰ সংখ্যাৰ অণুপাত 1:3 হ’ব আৰু ভৰৰ অনুপাত হ’ব 14:3

প্রশ্ন ৪। 20 আৰু 0₂ ৰ মাজৰ পাৰ্থক্য কি?

উত্তৰঃ 20 য়ে অক্সিজেনৰ দুটা পৰমাণু থকা বুজায় আৰু 0₂ য়ে অক্সিজেনৰ এটা অণুক বুজায়।

প্রশ্ন ৫। তলত দিয়া সংকেতবোৰৰ অৰ্থ কি?

(ক) H (1) H₂ (1) 2H (ঘ) 3H₂

উত্তৰঃ (ক) H → ই এটা হাইড্ৰ’জেনৰ পৰমাণু।

(খ) H₂ → ই এটা হাইড্ৰ’জেনৰ অণু ।

(গ) 2H ইয়াত দুটা হাইড্ৰ’জেনৰ পৰমাণু আছে। 

(ঘ) 3H₂ → ইয়াত তিনিটা হাইড্ৰজেনৰ অণু আছে।।

প্রশ্ন ৬। H₂SO₄ সংকতেটোত H₂,S আৰু O₄ চিহ্নবোৰে কি বুজায়?

উত্তৰঃ H₂SO₄ সংকেতটোত ‘H₂’ য়ে দুটা হাইড্ৰ’জেন পরমাণু, ‘S’ য়ে এটা ছালফাৰৰ পৰমাণু আৰু O₄ য়ে চাৰিটা অক্সিজেনৰ পৰমাণু থকা বুজায়।

প্রশ্ন ৭। মূলক কাক বোলে? এটা একযোজীমূলক আৰু এটা দ্বিযোজী মূলকৰ সংকেত লিখা।

উত্তৰঃ মূলক : কেতিয়াবা বেলেগ বেলেগ মৌলৰ দুটা বা ততোধিক পৰমাণু একেলগে একোটা গোট হৈ ৰাসায়নিক বিক্ৰিয়াত অংশ গ্ৰহণ কৰে। অৰ্থাৎ এই পৰমাণুৰ গোটবোৰে ৰাসায়নিক বিক্ৰিয়াত এটা পৰমাণুৰ দৰে আচৰণ দেখুৱায়। এই গোটবোৰক মূলক বা যৌগমূলক বোলে।

একযোজী মূলক – কার্বনেট Co₃ 

দ্বিযোজীমূলক – ক্ল’ৰিন – clo₃ (ক্ল’ৰেট), clo₄ (পাৰক্ল’ৰেট) 

প্রশ্ন ৮। তলত দিয়া মূলকসমূহৰ সংকেত আৰু যোজ্যতা লিখা। 

নাইট্রেট, কার্বনেট, এমনিয়াম, ছালফেট, হাইড্ৰ’ক্সাইড, ছালফাইড, বাইকার্বনেট, নাইট্রাইট।

উত্তৰঃ

মূলকসংকেতযোজ্যতা
(ক) নাইট্রেটNo₃1
(খ) কার্বনেটCo₃2
(গ) এমনিয়ামNH₄1
(ঘ) ছালফেটSo₄2
(ঙ) হাইড্রক্সাইডOH1
(চ) ছালফাইডS2
(ছ) বাইকার্বনেটHCO₃1
(জ) নাইট্রাইটNo₂1

প্রশ্ন ৯। যোজ্যতা কি? দুটা উদাহৰণ দিয়া।

উত্তৰঃ যোজ্যতা : অণু এটাত মৌলিক পদাৰ্থৰ পৰমাণু এটাই যিমান সংখ্যক হাইড্ৰ’জেন পৰমাণু ধৰি ৰাখিবলৈ সক্ষম হয়, সেই সংখ্যাটোক মৌলৰ যোজন সংখ্যা বা যোজ্যতা বোলে।

উদাহৰণঃ ক্লৰিণৰ যোজ্যতা – 1

অক্সিজেনৰ যোজ্যতা – 2

প্রশ্ন ১০। চল যোজ্যতা কি? দুটা উদাহৰণ দিয়া।

উত্তৰঃ কোনো মৌলৰ যোজ্যতাৰ একাধিক মান থকাকে চল যোজ্যতা বোলা হয়। যেনে- 

(ক) ক’পাৰ যোজ্যতা – 1,2

(খ) ছালফাৰৰ যোজ্যতা – 2,4,6

প্রশ্ন ১১। এটা ৰাসায়নিক সংকেতৰ পৰা কি কথা জানিব পাৰি। এটা উদাহৰণৰ সহায়ত লিখা।

উত্তৰঃ ৰায়াসনিক সংকেতৰ পৰা – 

(i) যৌগটোৰ এটা অণু বুজায়।

(ii) তাত থকা মৌলবোৰৰ নাম আৰু পৰমাণুৰ সংখ্যা জানিব পাৰি।

(iii) অণুটোৰ ভৰ জানিব পাৰি।

(iv) যৌগটোত থকা বিভিন্ন মৌলবোৰৰ সংখ্যাৰ অনুপাত আৰু ভৰৰ অনুপাত জানিব পাৰি। 

উদাহৰণস্বৰূপে, পানীৰ সংকেত H₂O

(ক) ই পানীৰ এটা অণু বুজায়।

(খ) পানীৰ এটা অণুত হাইড্ৰ’জেন পৰমাণু দুটা আৰু অক্সিজেন পৰমাণু এটা থাকে।

(গ) পানীৰ অণুৰ ভৰ 18=2×1+16

(ঘ) পানীৰ অণুত হাইড্ৰ’জেন আৰু অক্সিজেন পৰমাণুৰ সংখ্যাৰ অনুপাত 2:1 আৰু ইহঁতৰ ভৰৰ অনুপাত 2:16 বা 1:8 

প্রশ্ন ১২। ৰাসায়নিক বিক্ৰিয়া এটা ঘটিবলৈ প্ৰয়োজন হোৱা কাৰকসমূহ উল্লেখ কৰা।

উত্তৰঃ ৰাসায়নিক বিক্রিয়া ঘটিবলৈ প্ৰয়োজন হোৱা কাৰকসমূহ হ’ল- 

(ক) বিক্রিয়াজাত এক নিৰ্দিষ্ট ভৰৰ অনুপাতত লগ হয়।

(খ) বিক্রিয়াজাত পদাৰ্থসমূহৰ মাজত প্ৰবল আসক্তি থাকিব লাগিব।

(গ) উষ্ণতা, চাপ, বিদ্যুৎ‍, পোহৰ, শব্দ আদিয়ে ৰাসায়নিক বিক্রিয়া সংঘটিত হোৱাত সহায় কৰে।

(ঘ) ৰাসায়নিক বিক্ৰিয়াৰ বাবে পদাৰ্থবোৰ ইটো সিটোৰ সংস্পৰ্শলৈ অহাৰ প্ৰয়োজন। 

প্রশ্ন ১৩। ৰাসায়নিক বিক্ৰিয়া সাধাৰণতে কেই প্ৰকাৰৰ? দুবিধৰ এটাকৈ উদাহৰণ দিয়া।

উত্তৰঃ ৰাসায়নিক বিক্ৰিয়া সাধাৰণতে চাৰি প্ৰকাৰৰ।

(ক) বিযোজন বা অপঘটন বিক্রিয়া।

(খ) সংযোজন বিক্রিয়া।

(গ) প্ৰতিষ্ঠাপন বিক্রিয়া।

(ঘ) যুগ্ম প্রতিষ্ঠাপন বিক্রিয়া।

(ক) বিযোজন বিক্রিয়া উদাহৰণ- চূণশিল (CaCo₃) তপতালে ই কেলছিয়াম অক্সাইড (Cao) আৰু কাৰ্বন-ডাই-অক্সাইড (Co₂) উৎপন্ন কৰে।

(খ) সংযোজন বিক্রিয়া উদাহৰণ-মেগনেছিয়াম জ্বলালে মেগনেছিয়াম অক্সাইড উৎপন্ন হয়।

প্রশ্ন ১৪। ৰাসায়নিক সমীকৰণৰ সংজ্ঞা লিখা। এটা উদাহৰণ দিয়া। 

উত্তৰঃ ৰাসায়নিক সমীকৰণঃ ৰাসায়নিক পদাৰ্থৰ চিহ্ন আৰু সংকেত ব্যৱহাৰ কৰি ৰাসায়নিক বিক্ৰিয়া এটাক যি সমীকৰণেৰে প্ৰকাশ কৰা হয়, তাক ৰাসায়নিক সমীকৰণ বোলে।

উদাহৰণ- কাৰ্বন আৰু অক্সিজেনৰ মাজত বিক্রিয়া ঘটি কার্বন-ডাই-অক্সাইড উৎপন্ন হয়।

কার্বন অক্সিজেন → কার্বন ডাই-অক্সাইড।

এতিয়া, কাৰ্বনৰ চিহ্ন C, অক্সিজেনৰ সংকেত O₂ আৰু কাৰ্বন-ডাই-অক্সাইডৰ সংকেত CO₂ অর্থাৎ‍, ইয়াক আমি C+O₂ → CO₂ সমীকৰণেৰে লিখিব পাৰো।

বিক্রিয়ক দ্রব্য     উৎপন্ন দ্রব্য

প্রশ্ন ১৫। বিক্রিয়ক দ্ৰব্য আৰু উৎপন্ন দ্রব্য কাক বোলে? এটা উদাহৰণ দি দেখুওৱা।

উত্তৰঃ যিবোৰ পদাৰ্থৰ মাজত বিক্ৰিয়া ঘটে সেইবোৰক বিক্রিয়ক দ্ৰব্য বোলে। বিক্ৰিয়াৰ ফলত উৎপন্ন হোৱা নতুন পদাৰ্থবোৰক উৎপন্ন দ্রব্য বোলে।

উদাহৰণ- কার্বন + অক্সিজেন, → কার্বন-ডাই-অক্সাইড

অর্থাৎ C+O₂ → CO₂

ইয়াত কাৰ্বন (c) আৰু অক্সিজেন (O₂) বিক্রিয়ক দ্ৰব্য আৰু কাৰ্বন-ডাই অক্সাইড (CO₂) উৎপন্ন দ্রব্য।

প্রশ্ন ১৬। এটা উদাহৰণেৰে সৈতে ৰাসায়নিক সমীকৰণ সমতুলীকৰণৰ পৰ্যায়বোৰ ব্যাখ্যা কৰা।

উত্তৰঃ ৰাসায়নিক সমীকৰণ সমতুলীকৰণৰ পৰ্যায়বোৰ উদাহৰণেৰে সৈতে তলত উল্লেখ কৰা হ’ল। 

উদাহৰণ- ছ’ডিয়াম ধাতু আৰু পানীৰ মাজত বিক্রিয়া ঘটি ছ’ডিয়াম হাইড্রক্সাইড আৰু হাইড্ৰ’জেন গেছ উৎপন্ন হয়।

পর্যায় ১: প্রথমে বিক্রিয়ক দ্ৰব্য আৰু উৎপন্ন দ্রব্যর নাম লিখা হয়।

ছ’ডিয়াম → পানী, ছডিয়াম হাইড্ৰ’ক্লাইড হাইড্ৰ’জেন।

পর্যায় ২: পদাৰ্থবোৰৰ চিহ্ন আৰু সংকেত লিখা হয়। ইয়াক জকা সমীকৰণ বোলে। ছ’ডিয়ামৰ চিহ্ন‍ Na; পানীৰ সংকেত H₂O ছ’ডিয়াম হাইড্ৰ’ক্সাইডৰ সংকেত 

NaOH; হাইড্ৰ’জেনৰ চিহ্ন H

Na+H₂O →NaOH + H

পর্যায় ৩ : ৰাসায়নিক সমীকৰণ এটা সম্পূৰ্ণ কৰিবলৈ তলৰ কথা দুটা মনত ৰখা হয়ঃ 

(ক) সমীকৰণটোত হাইড্ৰ’জেন, নাইট্ৰ’জেন, অক্সিজেন, ফ্ল’ৰিন, ক্ল’ৰিন, ব্রমিন আৰু আয়ডিন থাকিলে তাক অণুৰ ৰূপত লিখা হয়। এইটো সমীকৰণটোৰ আণৱিক ৰূপ। 

(খ) সমীকৰণটোৰ সোঁফালে আৰু বাওঁফালে প্ৰতিটো মৌলৰ পৰমাণুৰ সংখ্যা সমান হয়। ওপৰৰ জঁকা সমীকৰণটোত

মৌলবাওঁফালে পৰমাণুৰ সংখ্যাসোঁফালে পৰমাণুৰ সংখ্যা
Na11
H22
O11 পোৱা যায়।

(ক) প্ৰয়োগ কৰিলে,

Na+ H₂O → NaOH + H₂ (আণৱিক ৰূপ)

(খ) প্ৰয়োগ কৰিলে,

দুয়োফালে প্ৰতিবিধৰ পৰমাণু সংখ্যা একে হ’ব লাগিব। সোঁফালে ৰ পৰমাণু এটা বাঢ়িলে সেয়েহে আটাইবোৰ পদাৰ্থৰ সংকেতৰ সহগক 2 ৰে পূৰণ কৰিবলগীয়া হ’ল।

2Na +2H₂O → 2NaOH + H₂  (সমতুল আৰু আণৱিক ৰূপ)

প্রশ্ন ১৭ ৰাসায়নিক বিক্ৰিয়াৰ ফলত পদাৰ্থৰ ভৰৰ সলনি নহয়। এই কথাষাৰ এটা বিক্ৰিয়াৰ দ্বাৰা দেখুওৱা।

উত্তৰঃ সমতুলী সমীকৰণ এটাত বাওঁফালে আৰু সোঁফালে পৰমাণু সংখ্যা সমান থাকে। প্ৰতিটো পৰমাণুৰ পাৰমাণৱিক ভৰ নিৰ্দিষ্ট আৰু স্থিৰ। গতিকে, ৰায়াসনিক বিক্ৰিয়াত ভৰৰ কোনো ধৰণৰ পৰিৱৰ্তন নঘটে।

উদাহৰণ : C+O₂ → Co₂

বাওঁফালেসোঁফালে
এটা C পৰমাণু = 1212+ (2×16)
দুটা O পৰমাণু = 32/44= 44

অৰ্থাৎ‍ ৰাসায়নিক বিক্ৰিয়া এটাত উৎপন্ন দ্ৰব্যৰ মুঠ ভৰ বিক্রিয়ক দ্ৰব্যৰ মুঠ ভৰৰ সমান।

প্রশ্ন ১৮। ৰাসায়নিক সমীকৰণ এটাৰ পৰা কিকি কথা জানিব পাৰি এটা উদাহৰণৰ সৈতে লিখা।

উত্তৰঃ ৰাসায়নিক সমীকৰণ এটাৰ পৰা জানিব পৰা কথাসমূহ হ’ল—

(ক) কি কি পদার্থই বিক্ৰিয়া কৰিছে আৰু কি কি পদার্থ উৎপন্ন হৈছে।

(খ) কিমানটা বিক্রিয়ক অণুৰ পৰা (বা পৰমাণুৰ পৰা) কিমানটা উৎপন্ন দ্ৰব্যৰ অণু (বা পৰমাণু) উৎপন্ন হৈছে।

(গ) কিমান ভৰৰ বিক্ৰিয়কৰ পৰা কিমান ভৰৰ উৎপন্ন দ্রব্য উৎপন্ন হৈছে।

(ঘ) গেছৰ ক্ষেত্ৰত কিমান আয়তনৰ বিক্রিয়ক পদাৰ্থৰপৰা কিমান আয়তনৰ উৎপন্ন দ্রব্য উৎপন্ন হৈছে।

(ঙ) বিক্রিয়ক আৰু উৎপন্ন দ্ৰব্যৰ গ্ৰামাণুৰ অনুপাত।

উদাহৰণ : নাইট্ৰ’জেন আৰু হাইড্ৰ’জেন গেছৰ মাজত বিক্ৰিয়া ঘটি এম নিয়া (NIT) উৎপন্ন হোৱা বিক্ৰিয়াৰ সমীকৰণটো হ’ল,

N+ H → NH₃ (ভাঁকা)

N + 3H → NH₃ ( সমতুল)

N₂ +3H₃ → 2NH₃ (আণবিক)

2×14 = 28 3×2 = 6      2(14+3)=34

এই সমীকৰণটোৰ পৰা জনা কথাকেইটা হ’ল,

(i) নাইট্ৰ’জেন আৰু হাইড্ৰ’জেনৰ মাজত বিক্রিয়া ঘটি এম নিয়া উৎপন্ন হয়।

(ii) এক অণু নাইট্ৰ’জেন আৰু তিনি অণু হাইড্ৰ’জেনৰ মাজত বিক্রিয়া ঘটি দুই অণু এম নিয়া উৎপন্ন হয়।

(iii) 28 ভাগ নাইট্ৰ’জেন 6 ভাগ হাইড্ৰ’জেনৰ লগত বিক্ৰিয়া কৰি 34 ভাগ এম নিয়া উৎপন্ন কৰে। ভৰৰ অনুপাত হ’ল 28:6:34

(iv) বিক্ৰিয়াটোত নাইট্ৰ’জেন, হাইড্ৰ’জেন আৰু এম ‘নিয়াৰ আয়তনৰ অনুপাত হ’ল 1:3:2 

(v) এক গ্ৰামাণু নাইট্ৰ’জেন আৰু তিনি গ্রামাণু হাইড্ৰ’জেনৰ মাজত বিক্রিয়া ঘটি দুই গ্রামাণু এম’নিয়া উৎপন্ন হয়।

প্রশ্ন ১৯l তলৰ কোনটো উক্তি শুদ্ধ আৰু কোনটো অশুদ্ধ? অশুদ্ধ উক্তিটো শুদ্ধকৈ লিখা। 

(ক) কাৰ্বনৰ এক গ্রাম পাৰমাণৱিক ভৰ 12.011 গ্রাম।

উত্তৰঃ শুদ্ধ।

(খ) ছালফাৰৰ দুই গ্রাম পাৰমাণৱিক ভৰ 32,066 গ্রাম।

উত্তৰঃ অশুদ্ধ। ছালফাৰৰ দুই পাৰমাণৱিক ভৰ 64.132 

(গ) কার্বন ডাই-অক্সাইড গেছৰ সংকেত CO। গ্রাম)

উত্তৰঃ অশুদ্ধ। কার্বন-ডাই-অক্সাইডৰ সংকেত CO₂

(ঘ) H₂O সংকেতৰ অৰ্থ হ’ল পানীৰ এটা অণু।

উত্তৰঃ শুদ্ধ।

(ঙ) পানীৰ এটা অণুত হাইড্ৰ’জেন আৰু অক্সিজেন পৰমাণুৰ ভৰৰ অনুপাত 2:1 

উত্তৰঃ অশুদ্ধ। পানীৰ এটা অণুত হাইড্ৰ’জেন আৰু অক্সিজেন পৰমাণুৰ ভৰৰ অনুপাত 1:8

(চ) Co₂ অণুৰ ভৰ হ’ল। 12+2×16

উত্তৰঃ শুদ্ধ।

(ছ) H₂S সংকেতত ছালফাৰৰ যোজ্যতা 2 

উত্তৰঃ শুদ্ধ।

(জ) CCI₄ সংকেতত ক্ল’ৰিণৰ যোজ্যতা 4

উত্তৰঃ অশুদ্ধ। CCI₄ সংকেতত ক্ল’ৰিনৰ যোজ্যতা ।

(ঝ) ক’পাৰৰ যোজ্যতা 1 আৰু 2 

উত্তৰঃ শুদ্ধ।

(ঞ) নাইট্ৰ’জেনৰ যোজ্যতা একমাত্র 3

উত্তৰঃ অশুদ্ধ। নাইট্ৰ’জেনৰ যোজ্যতা 3 আৰু 5

(ট) এলুমিনিয়াম অক্সাইডৰ সংকেত হ’ল AlO₂

উত্তৰঃ অশুদ্ধ। এলুমিনিয়াম অক্সাইডৰ সংকেত হ’ল Al₂O₃

(ঠ) মেগনেছিয়ামৰ ফিটা এডাল জ্বলালে তাৰ পৰা উৎপন্ন হোৱা ছাইখিনিৰ ভৰ ফিটাডালৰ ভৰৰ সমান হ’ব।

উত্তৰঃ অশুদ্ধ। মেগনেছিয়ামৰ ফিটা এডাল জ্বলালে তাৰ পৰা উৎপন্ন হোৱা ছাইখিনিৰ ভৰ ফিটাডালৰ ভৰতকৈ বেছি হ’ব।

(ড) আইৰণত মামৰে ধৰা পদ্ধতিটো সংযোজন বিক্ৰিয়াৰ উদাহৰণ।

উত্তৰঃ শুদ্ধ।

প্রশ্ন ২০l তলৰ প্ৰতিটো প্ৰশ্নৰ চাৰিটাকৈ উত্তৰ দিয়া আছে। শুদ্ধ উত্তৰটো বাছি উলিওৱা। 

(ক) 60.055 গ্রাম কার্বনত থকা কাৰ্বনৰ গ্ৰাম পাৰমাণৱিক ভৰ,

5 গ্রাম পাৰমাণবিক ভৰ5
1 গ্রাম পাৰমাণবিক ভৰ1

উত্তৰঃ 5 গ্রাম পাৰমাণৱিক ভৰ।

(খ) ক্ল’ৰিন অণুৰ সংকেত

1. cl      

2. cl₂    

3. 2cl      

4. cl₃

উত্তৰঃ 1. cl

(গ) কেলছিয়াম অক্সাইডৰ সংকেত,

1. Cao     

2. Ca₂O₂      

3. Ca₂O     

4. CaO₂

উত্তৰঃ 1. Cao

(ঘ) CuCO, সংকেতত ক’পাৰৰ যোজ্যতা।

1. 0     

2. 1     

3. 2     

4. 3

উত্তৰঃ 3. 2

(ঙ) এম নিয়াম মূলকৰ সংকেত

1. NH₃   

2. NH₄    

3. N₂H     

4. NH₂

উত্তৰঃ 2. NH₄

(চ) 12 গ্রাম কার্বনে 32 গ্ৰাম অক্সিজেনৰ লগত বিক্ৰিয়া কৰি উৎপন্ন কার্বন-ডাই-অক্সাইডৰ ভৰ হ’ব

1. 44 গ্রাম l      

2. 28 গ্রাম l   

3. 384 গ্রাম l      

4. 192 গ্রাম l

উত্তৰঃ 1. 44 গ্রাম l

প্রশ্ন ২১l তলত দিয়া বিক্রিয়াকেইটাৰ ৰাসায়নিক সমীকৰণ লিখি সম্পূৰ্ণ কৰা l

(ক) আইবন+অক্সিজেন → ফেৰিক অক্সাইড। 

(খ) ছালফাৰ+বায়ু তাপ ছালফারডাই→অক্সাইড।

(গ) কেলছিয়াম অক্সাইড + পানী →কেলছিয়াম হাইড্রক্সাইড।

(ঘ) কেলছিয়াম হাইড্রক্সাইড+কার্বন-ডাই অক্সাইড → কেলছিয়াম কার্বনেট l

(ঙ) জিংক + ছালফিউৰিক এছিড → জিংক ছালফেট+হাইড্ৰ’জেন।

প্রশ্ন ২২l তলত দিয়া সমীকৰণসমূহ সমতুল কৰা।

উত্তৰঃ

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top