Assam Jatiya Bidyalay Class 7 Science Chapter 2 প্ৰাণীৰ অংগ আৰু অংগতন্ত্ৰ

Assam Jatiya Bidyalay Class 7 Science Chapter 2 প্ৰাণীৰ অংগ আৰু অংগতন্ত্ৰ, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় বিজ্ঞান Class 7 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Class 7 Science Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 7 Science Chapter 2 প্ৰাণীৰ অংগ আৰু অংগতন্ত্ৰ Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The provided here ensures a smooth and easy understanding of all the concepts. Assam Jatiya Bidyalay Class 7 Science Chapter 2 প্ৰাণীৰ অংগ আৰু অংগতন্ত্ৰ Understand the concepts behind every chapter and score well in the board exams.

প্ৰাণীৰ অংগ আৰু অংগতন্ত্ৰ

Chapter -2

ASSAM JATIYA VIDYALAYA

অসম জাতীয় বিদ্যালয়

প্রশ্ন ১। পৰিসংচাৰী তন্ত্ৰ বুলিলে কি বুজা?

উত্তৰঃ হৃদপিণ্ড আৰু তেজ চলাচলৰ বাবে থকা নলীৰ দৰে অংগবোৰ লগ লাগি এক বিশেষ তন্ত্র গঠিত হৈছে। মানুহ আৰু আন প্ৰাণী কিছুমানৰ শৰীৰত এনে তন্ত্র থাকে। এই তন্ত্ৰৰ সহায়ত শৰীৰৰ সকলো অংগ আৰু অংশৰ মাজত তেজ চলাচলৰ কাম চলি থাকে। ইয়াকে পরিসংচাৰী তন্ত্ৰ বোলে।

প্রশ্ন ২। এজন সুস্থ পূর্ণবয়স্ক মানুহৰ হৃদপিণ্ডই পৰিসংচাৰী তন্ত্ৰৰ মাজেৰে প্ৰতিমিনিটত কিমানতেজ পাম্প কৰি শৰীৰৰ বিভিন্ন অংশলৈ পঠিয়ায়?

উত্তৰঃ পাঁচ (৫) লিটাৰ তেজ।

প্রশ্ন ৩। প্ৰাণীৰ শৰীৰৰ ভিতৰত থকা প্ৰধান অংগবোৰৰ নাম লিখা। 

উত্তৰঃ হৃদপিণ্ড, হাওঁফাওঁ, প্লীহা, যকৃত, বৃক্ক।

প্রশ্ন ৪। কি কি অংগৰ দ্বাৰা প্ৰাণীৰ শৰীৰ গঠন হয়?

উত্তৰঃ মূৰ, মুখ, দাঁত, জিভা, নাক, চকু, হাত, ভৰি, পাখি, ডেউকা ইত্যাদি।

প্রশ্ন ৫। মানুহৰ শৰীৰৰ বিভিন্ন অংগবোৰ লগলাগি গঠন কৰা তন্ত্ৰবোৰৰ নাম লিখা।

উত্তৰঃ কংকাল তন্ত্র, পেশী তন্ত্র, শ্বাস তন্ত্র, পাচন তন্ত্ৰ, ৰেচন তন্ত্র, লসীকা তন্ত্র, স্নায়ু তন্ত্ৰ, চৰ্মীয় তন্ত্ৰ আৰু মূত্ৰজনন তন্ত্র।

প্রশ্ন ৬। মানুহৰ পাচন তন্ত্ৰত থকা দুটা পাচন গ্ৰন্থিৰ নাম লিখা।

উত্তৰঃ যকৃত আৰু অগ্নাশয়।

প্রশ্ন ৭। মানুহৰ হৃদযন্ত্ৰটোত কেইটা কোঠালি আছে আৰু কি কি?

উত্তৰঃ মানুহৰ হৃদযন্ত্ৰটোত চাৰিটা কোঠালি আছে আৰু এইবোৰ হ’ল— সোঁ অলিন্দ, বাওঁ অলিন্দ, সোঁ নিলয় আৰু বাওঁ নিলয়।

প্রশ্ন ৮। মানুহৰ শ্বাস তন্ত্ৰ গঠন কৰা প্ৰধান অংগ কেইটাৰ নাম লিখা।

উত্তৰঃ মানুহৰ শ্বাস তন্ত্র গঠন কৰা প্ৰধান অংগকেইটাৰ নাম হ’ল—নাক, মুখ, গ্ৰসনী, স্বৰ যন্ত্ৰ, বায়ুনলী, হাওঁফাওঁ, শ্বসনী আৰু বায়ুমোনা বা কুপিকা।

প্রশ্ন ৯। উশাহ-নিশাহ লওঁতে আমাৰ শৰীৰৰ বিভিন্ন অংগই কাম কৰে। এনে অংগবোৰৰ নাম লিখা।

উত্তৰঃ নাক, নাসা-গহ্বৰ, স্বৰ যন্ত্ৰ৷ শ্বাসনল আৰু হাওঁফাওঁ। 

প্রশ্ন ১০। মানুহৰ শ্বাস-তন্ত্ৰৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ আমি উশাহ লোৱাৰ সময়ত অক্সিজেন যুক্ত বায়ু হাওঁফাওঁত প্ৰৱেশ কৰে। এই অক্সিজেনখিনি হাওঁফাওঁৰ ভিতৰত থকা অতি ক্ষুদ্র ৰক্তনলীবোৰৰ তেজত মিহলি হয়। অক্সিজেনযুক্ত হোৱাৰ পিছত সেই তেজখিনি হৃদপিণ্ডৰ বাওঁফালে সোমায়গৈ। হৃদপিণ্ডৰ পৰা অক্সিজেনযুক্ত তেজখিনি ধমনীৰ সহায়ত গোটেই শৰীৰৰ বিভিন্ন অংশলৈ যায়। শৰীৰত থকা দেহকোষবোৰৰ বিভিন্ন কামত এই অক্সিজেনখিনি ব্যৱহাৰ হয়।

কোষবোৰে অক্সিজেনখিনি ব্যৱহাৰ কৰে আৰু কাৰ্বন-ডাই- অক্সাইড উৎপাদন কৰে। উৎপাদিত কাৰ্বন-ডাই-অক্সাইডখিনি পুনৰ শিৰাত বৈ থকাতেজৰ সহায়ত গৈ হৃদপিণ্ডৰ সোঁফালে প্ৰৱেশ কৰে। তাৰ পৰা এই কার্বন-ডাই-অক্সাইড যুক্ত তেজখিনি পুনৰ হাওঁফাওঁলৈ যায়। আমি নিশাহ এৰি দিয়াৰ সময়ত হাওঁফাওঁৰ পৰা কাৰ্বন-ডাই অক্সাইডখিনি শৰীৰৰ বাহিৰলৈ ওলাই আহে।

প্রশ্ন ১১। মানুহৰ পাচন তন্ত্ৰৰ বিষয়ে চমুকৈ আলোচনা কৰাঁ।

উত্তৰঃ 

শৰীৰৰ ভিতৰত পাচন তন্ত্ৰৰ সহায়ত মানুহে খোৱা খাদ্য হজম হয়। হজম হওঁতে খোৱা বস্তুৰ পৰিবৰ্তন হয়। খাদ্যবস্তুত নিহিত হৈ থকা ৰাসায়নিক পদাৰ্থবোৰ সলনি হয়। শৰীৰৰ কোষে ৰাসায়নিক পৰিবৰ্তনৰ পৰা পুষ্টিৰ বাবে প্ৰয়োজনীয় বস্তুবোৰ পায়। পুষ্টিকৰ বস্তুখিনি শৰীৰে গ্ৰহণ | কৰাৰ পিছত ৰৈ যোৱা অৱশিষ্টখিনি মল হিচাপে বাহিৰ ওলায়।

দাঁতেৰে চোবাই খোৱা খাদ্যবস্তু জিভাৰ পৰা ওলোৱা লেলাউটিৰ সৈতে মিহলি হয়। খোৱা বস্তুবোৰ আহাৰ নলীত সোমায় আৰু ক্ৰমে গ্ৰসিকা, পেট, ক্ষুদ্রান্ত আৰু বৃহদান্তৰ মাজেৰে গুহ্যদ্বাৰ পায়।

যকৃত আৰু অগ্ন্যাশয় নামৰ দুটা পাচন গ্ৰন্থিৰ পৰা ওলোৱা ৰস বিশেষ নলীৰে গৈ আহাৰ নলীত থকা খাদ্যৰ লগত মিহলি হয়। খোৱা বস্তু হজম হোৱা বাবে তাত থকা পুষ্টি আৰু শক্তি শৰীৰৰ প্ৰতিটো কোষে পাবলৈ সক্ষম হয়। 

প্রশ্ন ১২। প্রাণীয়ে হাত, ভৰি কিয় ভাঁজ লগাব পাৰে?

উত্তৰঃ প্ৰাণীৰ হাত, ভৰি গঠন কৰোঁতে কিছুমান হাড় জোৰা লাগি থাকে। জোৰা থকা কাৰণে প্ৰাণীয়ে হাত, ভৰি ভাঁজ লগাব পাৰে।

প্রশ্ন ১৩। হৃদপিণ্ডৰ কাম কি?

উত্তৰঃশৰীৰৰ বিভিন্ন অংশৰ পৰা অহা কাৰ্বন-ডাই-অক্সাইড যুক্ত তেজক হৃদপিণ্ডই অক্সিজেনযুক্ত কৰি পুনৰ বিভিন্ন অংশলৈ পঠিয়ায়। 

প্রশ্ন ১৪। মানুহৰ হৃদপিণ্ডত থকা কোঠালি কেইটাক কিহে পৃথক কৰি ৰাখে? 

উত্তৰঃ মানুহৰ হৃদপিণ্ডত থকা কোঠালি কেইটাক ভালভে পৃথক কৰি ৰাখে। 

প্রশ্ন ১৫। এককোষী জীৱ প্ৰ’ট’ জৱা, এমিবাই কিহৰ দ্বাৰা শ্বাস প্রশ্বাস কাৰ্য্য সম্পাদন কৰে?

উত্তৰঃ কোষাবৰণৰ দ্বাৰা।

প্রশ্ন ১৬। কেঁচুৰ শ্বাস-প্রশ্বাস প্ৰক্ৰিয়া কিদৰে সম্পন্ন হয়? 

উত্তৰঃ বহুকোষী জীৱ কেঁচুরে শ্বাস প্ৰক্ৰিয়াত গোটেই শৰীৰটোৰ মাজেৰে বায়ু সুমুৱায়। কোষত উৎপন্ন হোৱা কাৰ্বন-ডাই-অক্সাইড আৰু পানী গাৰ আৱৰণেৰে বাহিৰলৈ ওলায়। ৰ’দত কেঁচুৰ গাটো শুকালে ইয়াৰ মাজেৰে বায়ু সোমাব নোৱাৰা হয় । তেতিয়া শ্বাস প্রক্রিয়া বন্ধ হৈ কেঁচু মৰি থাকে। 

প্রশ্ন ১৭l মানুহৰ হৃদযন্ত্ৰৰ চিহ্নিত চিত্র অংকন কৰাঁ।

উত্তৰঃ

প্রশ্ন ১৯। শুদ্ধ/অশুদ্ধ বাছি উলিওৱা।

(ক) কেচুৱে শ্বাস-প্ৰশ্বাসৰ বাবে গোটেই শৰীৰটোৰ মাজেৰে বায়ু সুমুৱায়।

উত্তৰঃ শুদ্ধ।

(খ) শিৰাই অক্সিজেনযুক্ত তেজ বহন কৰে।

উত্তৰঃ অশুদ্ধ।

(গ) যকৃত পাচন তন্ত্ৰৰ এক অংগ।

উত্তৰঃ অশুদ্ধ।

(ঘ) হৃদপিণ্ডত নির্দিষ্ট সংখ্যক কোঠালি থাকে।

উত্তৰঃ শুদ্ধ।

(ঙ) এককোষী জীব প্রটজোৱা, এমিবাই কোষাবৰণৰ মাজেৰে অক্সিজেন গ্রহণ কৰে আৰু কাৰ্বন-ডাই- অক্সাইড এৰি দিয়ে।

উত্তৰঃ শুদ্ধ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top