Assam Jatiya Bidyalay Class 7 Science Chapter 11 প্ৰাকৃতিক সম্পদ আৰু ইয়াৰ সংৰক্ষণ

Assam Jatiya Bidyalay Class 7 Science Chapter 11 প্ৰাকৃতিক সম্পদ আৰু ইয়াৰ সংৰক্ষণ, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় বিজ্ঞান Class 7 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Class 7 Science Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 7 Science Chapter 11 প্ৰাকৃতিক সম্পদ আৰু ইয়াৰ সংৰক্ষণ Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The provided here ensures a smooth and easy understanding of all the concepts. Assam Jatiya Bidyalay Class 7 Science Chapter 11 প্ৰাকৃতিক সম্পদ আৰু ইয়াৰ সংৰক্ষণ Understand the concepts behind every chapter and score well in the board exams.

প্ৰাকৃতিক সম্পদ আৰু ইয়াৰ সংৰক্ষণ

Chapter -11

ASSAM JATIYA VIDYALAYA

অসম জাতীয় বিদ্যালয়

প্রশ্ন ১ l কোনবোৰ সম্পদক প্ৰাকৃতিক সম্পদ বোলা হয়? আঠবিধ প্রাকৃতিক সম্পদৰ নাম লিখাঁ ।

উত্তৰঃ মানুহে প্ৰকৃতিৰ পৰা আহৰণ কৰি ব্যৱহাৰ কৰা সকলো উপাদান যেনে, পানী আৰু বায়ুৰ লগতে প্ৰকৃতিৰ সকলো সৰু-বৰ উদ্ভিদ, পশু-পক্ষী, পোক-পতংগ আদি হ’ল প্ৰাকৃতিক সম্পদ।

আঠবিধ প্রাকৃতিক সম্পদ হৈছে — বায়ু, পানী, উদ্ভিদ, পশু-পক্ষী, পোক পতংগ, অনুজীৱ, কয়লা, পেট্ৰ’লিয়াম।

প্রশ্ন ২ l নৱীকৰণ-যোগ্য আৰু নৱীকৰণ-অযোগ্য সম্পদ কাক বোলে? প্ৰতিবিধৰ চাৰিটাকৈ উদাহৰণ দিয়াঁ।

উত্তৰঃ নৱীকৰণ যোগ্য সম্পদ : কেতবোৰ সম্পদ মানুহে ব্যৱহাৰ কৰিলেও তুলনামূলকভাৱে কম সময়ৰ ভিতৰত একে ধৰণৰ সম্পদ পুনৰ পাব পাৰি। তেনেবোৰ সম্পদক নবীকৰণযোগ্য সম্পদ বোলা হয়।

উদাহৰণ : বায়ু পানী, উদ্ভিদ আৰু মাটি।

নৰীকাৰণ অযোগ্য সম্পদ : যিবোৰ সম্পদ ব্যৱহাৰৰ পিছত পুনৰ ঘূৰাই পাব নোৱাৰি বা পুনৰুদ্ধাৰ কৰিব নোৱাৰি সেইবোৰ সম্পাদক নৱীকৰণ অযোগ্য সম্পদ বোলা হয়।

উদাহৰণ : কয়লা, খনিজ তেল,লো, তাম।

প্রশ্ন ৩ l পানীক কিয় নৱীকৰণ যোগ্য সম্পদ বুলি ধৰা হয় ব্যাখ্যা কৰা ।

উত্তৰঃ জীৱই ব্যৱহাৰ কৰা পানী ভূ-গর্ভ বা নদী আদিলৈ যায়। খাল-বিলৰ পানী বাষ্পহৈ মেঘ সৃষ্টি কৰে। মেঘৰ পৰা বৰষুণ হয়। পানীয়ে পুনৰ নৈ-খাল-বিল পূৰায়। পানী ভূ-গৰ্ভলৈও সোমাই যায়। এনেদৰে এটা চক্ৰত পানীৰ পৰিবৰ্তন হৈ থাকে। সেইবাবে পানীক নৱীকৰণ যোগ্য সম্পদ বুলি ধৰা হয়।

প্রশ্ন ৪ l বায়ুক কিয় নৱীকৰণ যোগ্য সম্পদ বুলি ধৰা হয় ব্যাখ্যা কৰাঁ। 

উত্তৰঃ বায়ুৰ পৰা প্ৰাণীয়ে অক্সিজেন লৈ কাৰ্বন-ডাই-অক্সাইড এৰি দিয়ে। উদ্ভিদে কার্বন-ডাই-অক্সাইড লৈ অক্সিজেন এৰি দিয়ে। তাৰ ফলত বায়ুত অক্সিজেন কার্বন ডাই-অক্সাইডৰ পৰিমাণ একে থাকে। গছৰ শিপাই পৰোক্ষভাৱে লোৱা নাইট্ৰ’জেন আকৌ বায়ুলৈ যায় বাবে বায়ুত নাইট্রাজেন গেছৰ পৰিমাণ একে থাকে। সেইবাবে বায়ুক নৱীকৰণ যোগ্য সম্পদ বোলা হয়।

প্রশ্ন ৫ l খনিজ তেল নৱীকৰণ-অযোগ্য সম্পদ। আলোচনা কৰাঁ।

উত্তৰঃ নৱীকৰণ-অযোগ্য সম্পদসমূহ সৃষ্টি হ’বলৈ বহু লাখ লাখ বছৰৰ প্ৰয়োজন। হয়। সেইবাবে পুনৰ ঘূৰাই পাব নোৱাৰি। খনিজ তেল নৱীকৰণ অযোগ্য সম্পদ। অতি জটিল প্ৰক্ৰিয়াৰে ভূগৰ্ভত খনিজ তেল সৃষ্টি হ’বলৈ লাখ লাখ বছৰৰ প্ৰয়োজন। খনিজ তেল শোধন কৰি পেট্ৰ’ল পোৱা যায়। এবাৰ ব্যৱহাৰ কৰা পেট্ৰ’লখিনি চিৰদিনৰ বাবে নোহোৱা হৈ যায়। ব্যৱহৃত পেট্ৰ’ল পুনৰায় ঘূৰাই পাব নোৱাৰি। 

প্রশ্ন ৬ l প্রাকৃতিক সম্পদ কিয় সংৰক্ষণ কৰিব লাগে বহলাই ব্যাখ্যা কৰা ।

উত্তৰঃ প্ৰাকৃতিক সম্পদসমূহ নিঃশেষ হোৱাৰ পৰা ৰক্ষা কৰিবলৈ পৰিকল্পিত ভাৱে ব্যৱস্থা লোৱা দৰকাৰ। প্ৰাকৃতিক সম্পদসমূহ সংৰক্ষণৰ বাবে বিশেষ ব্যৱস্থাৱলীৰ প্রয়োজন। প্রাকৃতিক সম্পদৰ ব্যৱহাৰ বন্ধ কৰিব নোৱাৰি। অদূৰ ভৱিষ্যতৰ প্ৰয়োজনৰ কথা মনত ৰাখি বৰ্তমানৰ ব্যৱহাৰ সীমিত হোৱা উচিত। সংৰক্ষণৰ আন এটা দিশ আছে। সম্পদবোৰ প্ৰকৃতিৰ পৰা আহৰণ আৰু ব্যৱহাৰ কৰোঁতে পৰিবেশ দূষিত হ’ব নালাগে। মানুহ আৰু আন সকলো জীৱনৰ বাবে পৰিৱেশ সুৰক্ষিত থকাটো অতি দৰকাৰী বিষয়। মাটি, পানী, বায়ু, জীৱক (গছ-বন, পশু-পক্ষী, পোক-পতংগ, 

অণুজীৱ : আদিলৈ) প্রকৃতি গঠিত হৈছে। প্ৰকৃতিৰ বিভিন্ন উপাদানৰ মাজত স্বাভাৱিক সম্পৰ্ক আছে। প্রাকৃতিক সম্পদৰ উচিত সংৰক্ষণে স্বাভাৱিক সম্পৰ্কবোৰ অটুট ৰাখে।

প্রশ্ন ৭ l প্ৰকৃতিৰ বিভিন্ন উপাদানৰ মাজত স্বাভাৱিক সম্পর্ক থাকে। কথাষাৰ উদাহৰণৰ সৈতে ব্যাখ্যা কৰা।

উত্তৰঃ মাটিৰ ওপৰৰ কেইছেণ্টিমিটাৰমান ডাঠ তৰপটোত গছ-বনৰ বাবে প্রয়োজনীয় সাৰ আৰু পুষ্টি থাকে। শিপাই তৰপটোত খোপনি পুটি ধৰি ৰাখে। ওপৰৰ এই তপটোত ভেঁকুৰ, বেক্টেৰিয়া ইত্যাদি অণুজীৱ কিছুমান থাকে। অণুজীৱবোৰে গছ বনৰ পৰা সৰি পৰা ডাল-পাত, জীৱ-জন্তুৰ মৰা দেহ পচনত সহায় কৰে। পচনত ওলোৱা ৰাসায়নিক পদার্থ শিল-বালিৰ লগত লগ লাগি মাটিৰ ওপৰৰ সাৰুৱা তৰপটো গঠন কৰে। মাত্ৰ কেইছেণ্টিমিটাৰমান ডাঠ সাৰুৱা তৰপটো গঠন হওঁতে কেইবা হাজাৰ বছৰ লাগে। গছ-বনে মাটিৰ গঠনত সহায় কৰাৰ উপৰিও মাটিক সুৰক্ষা প্ৰদান কৰে। 

গছ-বনে আবৃত কৰি থোৱাৰ ফলত সাৰুৱা তৰপটো ৰ’দ-বতাহ, ধুমুহা, বৰষুণ, হিমপাত ইত্যাদি প্রাকৃতিক প্ৰক্ৰিয়াৰ প্ৰভাৱত ক্ষয় নাযায়। আনহাতে গছ-বন জীয়াই থাকিবলৈ মাটিৰ এই তৰপটো অতি দৰকাৰী । মাটিৰ মূল্যৱান সাৰুৱা স্তৰটো ক্ষয় হ’লে গছ-বন গজিব নোৱাৰে। গছ-বন নগজিলে আন জীৱ-জন্তু থকাৰ পৰিবেশ নাথাকে। মাটিৰ ওপৰৰ এই তৰপটোৱে বৰষুণৰ পানী ধৰি ৰাখে৷ গছ বনত শিপাই পানী শুহি লৈ জীয়াই থাকে। বাকী পানীভাগ লাহে লাহে ভূগৰ্ভৰ তললৈ নিগৰি যায়। আৰু ভূগৰ্ভত থকা জলাধাৰবোৰ পূৰ কৰে। এনেদৰে প্ৰকৃতিৰ বিভিন্ন উপাদানৰ মাজত এটা স্বাভাৱিক সম্পর্ক বর্তি থাকে।

প্রশ্ন ৮ l আলোচনা কৰাঁ : ভূমি সংৰক্ষণৰ বাবে গছ-বনৰ প্ৰয়োজন। 

উত্তৰঃ মাটি ক্ষয় হ’লে, তলৰ শিলাময় তৰপটোৰ ওপৰেদি বৰষুণৰ পানী বাগৰি যায়। ভৈয়ামৰ নদ-নদীতেতিয়া পানীৰে উপচি পৰে। মাটিয়ে পানী শুহিব নোৱাৰিলে ভূগর্ভস্থ জলাধাৰত পানী জমা নহয়। জলাধাৰবোৰ শুকাই যায় আৰু পানীৰ নাটনিৰ সৃষ্টি হয়। গতিকে গছ-বন, মাটি, পানীৰ মাজত এটা স্বাভাৱিক সম্পর্ক থাকে। সম্পৰ্কটো অটুট থকালৈকে সম্পদবোৰো সংৰক্ষিত হয়। গছ-বন ধ্বংস কৰিলে বন-সম্পদ, জীৱ সম্পদৰ লগতে ভূ-সম্পদ আৰু জলসম্পদৰো ধ্বংস হয়। আমি দুখন মাটিৰ বেদি প্ৰস্তুত কৰি তাৰ এখনত ঘাঁহ গজিবলৈ দিয়াৰ লগতে সৰিয়হ, লাই, পালেং শাক ইত্যাদিৰ গুটি সিচি গছবোৰ ৪ ছে.মি. মান ওখ হোৱালৈকে বাঢ়িবলৈ দিয়া হয়। 

আনখন বেদি কোনো ঘাঁহ বন নগজাকৈ মুকলিকৈ ৰখা হয়। দুয়োখন বেদিতে সমানে পানী দিয়া হয়। দুয়োটাতে পানীৰ প্রভাৱ একে নহয়। গছ বনে মাটি উপযুক্তভাৱে সংৰক্ষণ কৰে। ঘাঁহ বন থাকা ঢাপটোৰ মাটি ক্ষয় নহয়। আনটো ঢাপৰ মাটিৰ তৰপটো সৰু হৈ গৈ থাকে। মাটিৰ ক্ষয় হয়। পানীয়ে মুকলি পৃষ্ঠৰ মাটি উটুৱাই নিয়ে। গতিকে, দেখা গ’ল যে ভূমি সংৰক্ষণৰ বাবে গছ-বনৰ প্ৰয়োজন।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top