Assam Jatiya Bidyalay Class 7 Science Chapter 10 প্ৰদূষণ

Assam Jatiya Bidyalay Class 7 Science Chapter 10 প্ৰদূষণ, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় বিজ্ঞান Class 7 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Class 7 Science Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 7 Science Chapter 10 প্ৰদূষণ Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The provided here ensures a smooth and easy understanding of all the concepts. Assam Jatiya Bidyalay Class 7 Science Chapter 10 প্ৰদূষণ Understand the concepts behind every chapter and score well in the board exams.

প্ৰদূষণ

Chapter -10

ASSAM JATIYA VIDYALAYA

অসম জাতীয় বিদ্যালয়

প্রশ্ন ১ l প্ৰদূষণ বুলিলে কি বুজা?

উত্তৰঃ পৰিবেশত থকা বায়ু, পানী আৰু মাটিত কিবা প্ৰকাৰে ক্ষতিকাৰক পদার্থ বেছি মিহলি হ’লে প্ৰদূষণ বুলি কোৱা হয়।

প্রশ্ন ২ l বায়ু প্ৰদূষণ কি?

উত্তৰঃ বায়ু কেইবাবিধো গেছৰ মিশ্রণ। নিৰ্মল বায়ুত অক্সিজেন, নাইট্রজেন, কার্বন ডাই-অক্সাইড আদি গেছ এক নির্দিষ্ট পৰিমাণত থাকে। বায়ুত সচৰাচৰ থকা গেছসমূহৰ অনুপাত সলনি হৈ বায়ুত আন পদার্থ, গেছ মিহলি হৈ মানুহ বা জীৱ-জন্তুৰ ক্ষতি সাধন কৰিলে সেয়ে বায়ুৰ প্ৰদূষণ বুলি কোৱা হয়। 

প্রশ্ন৩ l বায়ু প্ৰদূষণৰ প্ৰধান কাৰণবোৰ কি?

উত্তৰঃ বায়ু প্ৰদূষণৰ প্ৰধান কাৰণবোৰ হ’ল-

(i) কল-কাৰখানাৰ বিভিন্ন ধৰণৰ গেছ, ধোঁৱা নিৰ্গত হয়। বিভিন্ন উদ্যোগৰ পৰা বিভিন্ন গেছ নির্গত হয়। ইয়াৰ ভিতৰত কাৰ্বন-মন ‘ক্সাইড (Co) কার্বন-ডাই অক্সাইড (Co₂ ) ছালফাৰ-ডাই-অক্সাইড (So₂ ) হাইড্রডেন ছালফাইড (H₂S) আদি গেছে বায়ু প্ৰদূষিত কৰে। বায়ুত এইবোৰ গেছৰ পৰিমাণ বাঢ়িলে মানুহৰ বাবে ক্ষতিকাৰক হয়। বহু কল-কাৰখানাই ধোঁৱাৰ লগতে ধূলি, কেডমিয়াম, সীহ, ক্রামিয়াম, মার্কাৰি বা পাৰা আদি বিষাক্ত পদাৰ্থৰ কণিকা বায়ুলৈ এৰি দিয়ে। এইবোৰ পদাৰ্থৰ কণিকা বায়ুতকৈ গধূৰ বাবে পৃথিৱী পৃষ্ঠৰ ওচৰতে থাকে। বায়ুৰ লগত মানুহে অপ্রয়োজনীয় পদার্থৰ কণিকা সেৱন কৰে।

(ii) মটৰ গাড়ী, স্কুটাৰ আদিৰ পৰা ওলোৱা ধোঁৱাত Co, Co₂ ,No₂ আদি গেছ মিহলি হৈ থাকে।

(iii) মানুহে ৰন্ধা-বঢ়া কৰোতে খড়ি, কয়লা গেছ, কেৰাছিন আদি ইন্ধন জ্বালায়। ইন্ধনবোৰ জ্বলোতে বায়ুত থকা অক্সিজেনৰ লগত বাসায়নিক বিক্রিয়া ঘটি Co₂,Co, মিথেন, So₂ ছাইৰ গুড়ি আদি সৃষ্টি হৈ বায়ুৰ লগত মিহলি হয় ৷

কল-কাৰখানা, যান-বাহন, ৰন্ধা-বঢ়াৰ ইন্ধন আদিৰ পৰা ওলোৱা প্ৰদূষকক একেলগে এৰ’ছ’ল বুলি কোৱা হয়।

(iv) মৰা জীৱ-জন্ত শাক-পাচলি আদি পচিলে বা আর্বজনা পেলোৱা ঠাইত বস্তু পঁচিলে ক্ষতিকাৰক গেছ গুলায়। চকুৰে নেদেখিলেও বেয়া গোন্ধ বিয়পিলে এনে গেছ ওলোৱাৰ কথা বুজিব পাৰি । নগৰ-চহৰৰ বন্ধ নৰ্দমাত বস্তু গেলি-পচিও বায়ুলৈ অপকাৰী গেছ নিৰ্গত কৰে।

প্রশ্ন ৪ l কল-কাৰখানাৰ পৰা হোৱা বায়ু প্ৰদূষণ কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি?

উত্তৰঃ কল-কাৰখানাৰ পৰা হোৱা প্ৰদূষণ দূৰ কৰিবলৈ হ’লে কল-কাৰখানাৰ পৰা ধোঁৱা ওলোৱা চিমনিবোৰ ওখ কৰা হয়। এই ব্যৱস্থাৰ জৰিয়তে ধোঁৱা, গেছ আদি বহু ওপৰত এৰি দিয়া হয়। অৱশ্যে বহু ওপৰত এৰি দিলেই এইবোৰৰ কু-প্ৰভাৱৰ পৰা জীৱ-জন্তু সম্পূৰ্ণৰূপে মুক্ত হৈ নপৰে। বিভিন্ন ৰাসায়নিক প্ৰক্ৰিয়াৰ মাজেৰে প্ৰদূষকবোৰ অন্য ৰূপত নামি আহিব পাৰে। সেইবাবে, কল-কারখানাসমূহ আবাসিক অঞ্চল, খেতি পথাৰ আদিৰ পৰা নিলগত নিৰ্মাণ কৰিব লাগে। গছ-গছনিয়ে বায়ু প্ৰদূষণ ৰোধ কৰাত সহায় কৰে। সেইবাবে, কল- কালখানাৰ ওচৰে-পাজৰে বৃক্ষ ৰোপণ কৰিব লাগে ৷ লগতে, কল-কাৰখানাৰ যন্ত্ৰপাতিসমূহ সময়ে সময়ে পৰিষ্কাৰ কৰিব লাগে যাতে এইবোৰৰ পৰা বিষাক্ত বায়ু কম পৰিমাণে নির্গত হয়। 

প্রশ্ন ৫ l বায়ু প্ৰদূষণে মানুহৰ কি কি বেমাৰ ঘটাব পাৰে?

উত্তৰঃ প্ৰদূষিত বায়ু সেৱন কৰিলে মানুহৰ উদফাই বা এজমা, শ্বাসনলদহা বা ব্ৰংকাইটিছ, হাওঁফাওঁৰ ৰোগ, চকুৰ ৰোগ আদি হ’ব পাৰে। প্ৰদূষিত বায়ুয়ে মানুহ আৰু অন্যান্য জীৱ-জন্তুৰ শৰীৰৰ বিভিন্ন অংশ আক্রান্ত কৰিব পাৰে। 

প্রশ্ন ৬ l গছ গছনিয়ে কেনেকৈ বায়ু প্ৰদূষণ নিয়ন্ত্ৰণ কৰাত সহায় কৰে লিখাঁ।

উত্তৰঃ গছ-গছনিয়ে বায়ু-প্ৰদূষণ হ্রাস হোৱাত সহায় কৰে। গছ-গছনিয়ে সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰে বায়ুমণ্ডলৰ কাৰ্বন-ডাই-অক্সাইড গেছ শোষণ কৰি বায়ু শোধন কৰে। গছৰ পাতত বায়ুৰ ধূলি-মাকতি, পদাৰ্থৰ কণিকা, জমা হৈ ৰৈ যায়। এনেদৰে গছ-গছনিয়ে বায়ু-প্ৰদূষণ নিয়ন্ত্ৰণ কৰাত সহায় কৰে।

প্রশ্ন ৭ l পানী প্ৰদূষণ কাক বোলে?

উত্তৰঃ পানীত নানা ধৰণৰ ক্ষতিকাৰক পদাৰ্থ মিহলি হৈ পানী ব্যৱহাৰৰ অনুপযোগী হ’লে পানীৰ প্ৰদূষণ হোৱা বুলি কোৱা হয়। 

প্রশ্ন ৮l পানী প্ৰদূষণ কি কি কাৰণত হ’ব পাৰে?

উত্তৰঃ বিভিন্ন কাৰণত পানীৰ প্ৰদূষণ হ’ব পাৰে।

(i) উদ্যোগৰ কাৰণে হোৱা প্ৰদূষণ : ডাঙৰ ডাঙৰ উদ্যোগৰ পৰা বহু অলাগতিয়াল আবর্জনা ওলায়। আৱর্জনা গেছীয়, জুলীয়া আৰু কঠিন অৱস্থাত থাকিব পাৰে। জুলীয়া আৱৰ্জনাবোৰ সচৰাচৰ ওচৰৰ নদী, বিল আদি জলাশয়ত পেলোৱা হয়। আবর্জনাবোৰত বহু ক্ষতিকাৰক বা বিষাক্ত পদার্থ থাকে। এইবোৰ পানীত মিহলি হৈ পানী দুষিত কৰে।

(ii) ঘৰুৱা আৱৰ্জনাৰ পৰা হোৱা প্ৰদূষণ: একোটা পৰিয়ালত দৈনিক বহু আৱর্জনা গোট খায়। এইবোৰৰ ভিতৰত কাগজ, শাক-পাচলিৰ পেলনীয়া অংশ বাঁহী খোৱা বস্তু ঘৰচীয়া জন্তুৰ মল-মূত্র, কালাৰ, বাচন-বৰ্তন ধোৱা পানী, আদি প্রধান। ডাঙৰ চহৰত নৰ্দমাৰে আর্বজনা কোনো জলাশয়ত পেলোৱা হয়। নর্দমা নাথাকিলে বৰষুণৰ পানীয়ে আজিনাবোৰ ওচৰৰ জলাশয়লৈ কঢ়িয়াই নিব পাৰে। আবর্জনা গোট খোৱা জলাশয়ৰ পানী দুষিত হয়। বৰষুণৰ পানীয়ে এইবোৰ ওচৰৰ খাল-বিল, নৈ আদিলৈ লৈ যায়। মানুহৰ মল মূত্ৰৰ বহু ৰোগৰ বীজাণু (যেনে, গ্রহণী, জণ্ডিছ আদি) থাকিব পাৰে। এই বোৰে পানী দূষিত কৰে। 

(iii) কৃষি কাৰ্যৰ ফলত হোৱা প্ৰদূষণ : আজি-কালি খেতি পথাৰত বহু ধৰণৰ ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰা হয়। খেতি পথাৰত ৰাসায়নিক সাৰো ব্যৱহাৰ হয়। বৰষুণৰ পানীয়ে তেনোবোৰ পদার্থ খেতি পথাৰৰ পৰা কঢ়িয়াই নি ওচৰৰ বিল খাল-নদীত পেলায় আৰু তাৰ পানী দূষিত কৰে।

(iv) গাওঁ আৰু চহৰ অঞ্চলত মানুহে একেটা পুখুৰীতে গা ধোৱা, কাপোৰ ধোৱা, গৰু-ছাগলী ধুত্তৱা কাম কৰে। কাপোৰ-কানি আৰু বাচন-বৰ্তন ধোঁওতে চাবোন জাতীয় পদার্থ পানীৰ লগত মিহলি হয়। সেইদৰে গৰু-ম’হ ছাগলীৰ গাৰ পৰা বেমাৰৰ বীজাণু পানীলৈ যায় আৰু পানীৰ প্ৰদূষণ ঘটায় ।

প্রশ্ন ৯ l কল-কাৰখানাৰ আৱৰ্জনাৰ পৰা পানীত হোৱা প্ৰদূষণ কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি?

উত্তৰঃ কল-কাৰখানাৰ পৰা ওলোৱা তৰল আৱৰ্জনাত থকা পদার্থ পানীত পেলোৱাৰ আগেয়ে বাসায়নিক বিক্ৰিয়াৰ সহায়ত পানীৰ ক্ষতি কৰিব নোৱাৰা যৌগিক পদার্থলৈ সলনি কৰা হয়। কল-কাৰখানাত এনে ব্যৱস্থা লৈহে আৱৰ্জনা ওচৰৰ জলাশয়ত পেলোৱা উচিত। বহু ক্ষেত্ৰত দেশৰ আইনে শোধন ব্যৱস্থা বাধ্যতামূলক কৰিছে। এনেবোৰ উপায় অৱলম্বন কৰিলে কল-কাৰখানাৰ আৱৰ্জনাৰ পৰা পানীত হোৱা প্ৰদূষণ নিয়ন্ত্ৰণ কৰিব পৰা যায়।

প্রশ্ন ১০ l ঘৰুৱা আৱৰ্জনাৰ পৰা কেনেকৈ পানীৰ প্ৰদূষণ হ’ব পাৰে?

উত্তৰঃ ঘৰুৱা আৱৰ্জনাৰ পৰা হোৱা প্ৰদূষণঃ একোটা পৰিয়ালত দৈনিক বহু আৱৰ্জনা গোট খায়। এইবোৰৰ ভিতৰত কাগজ, শাক পাচলিৰ পেলনীয়া অংশ, বাহী খোৱা বস্ত্ৰ, ঘৰচীয়া জন্তুৰ মল-মূত্র,কাপোৰ বাচন বৰ্তন ধোৱা পানী আদি প্রধান। ডাঙৰ চহৰত নৰ্দমাৰে আৱৰ্জনা কোনো জলাশয়ত পেলোৱা হয়। নৰ্দমা নাথাকিলে বৰষুণৰ পানীয়ে আৱনাবোৰ ওচৰৰ জলাশয়লৈ কঢ়িয়াই নিব পাৰে। আবর্জনা গোট খোৱা জলাশয়ৰ পানী দূষিত হয়। বৰষুণৰ পানীয়ে এইবোৰ ওচৰৰ খাল-বিল, নৈ আদিলৈ লৈ যায়। মানুহৰ মল-মূত্ৰত বহু ৰোগৰ বীজাণু থাকিব পাৰে। এইবোৰে পানী দুষিত কৰে। এনেদৰে ঘৰৱা আৱৰ্জনাৰ পৰা পানীৰ প্ৰদূষণ হয়।

প্রশ্ন ১১ l দূষিত পানীৰ পৰা সংক্ৰমিত হোৱা দুবিধ ৰোগৰ নাম লিখা। 

উত্তৰঃ দূষিত পানীৰ পৰা সংক্ৰমিত হোৱা দুবিধ ৰোগ হ’ল — গ্ৰহণী আৰু জণ্ডিছ। 

প্রশ্ন ১২ l বায়ুত থকা প্রধান গেছ কেইবিধৰ আয়তন হিচাপে শতকৰা অনুপাত লিখা । 

উত্তৰঃ বায়ুত থকা প্ৰধান গেছ কেইবিধৰ আয়তন হিচাপে শতকৰা অনুপাত হ’ল—

গেছআয়তনৰ শতকৰা অনুপাত
অক্সিজেন20.92
নাইট’জেন78.10
জলীয় বাষ্প0.1-5
আর্গন0.9325
কার্বন-ডাই-অক্সাইড0.03
নিয়ন0.0018
হিলিয়াম0.0005

প্রশ্ন ১৩ l মাটিৰ প্ৰদূষণ কি? ই কেনেকৈ হ’ব পাৰে? 

উত্তৰঃ মানুহৰ কাৰ্যকলাপ বা প্রাকৃতিক কাৰণত বায়ু আৰু পানীৰ দৰে মাটিৰো গুণাগুণৰ অৱনতি ঘটিব পাবে। প্ৰদূষকে মাটিৰ উৰ্বৰতা হ্ৰাস কৰে। মাটিৰ গুণাগুণৰ অৱনতি ঘটিলে মাটিৰ প্ৰদূষণ হোৱা বুলি কোৱা হয় ।

ঘৰুৱা আবর্জনা, কল-কাখানাৰ আৱৰ্জনা, কীটনাশক দৰৱ আৰু ৰাসায়নিক সাৰ বেছি পৰিমাণে মাটিৰ লগত মিহলি হ’লে মাটিৰ সাকৰা গুণ কমি যায়। ঘৰুৱা আৱর্জনা, যেনে, প্লাষ্টিক, ছাই, পলিথিন আদিয়ে মাটিৰ উৰ্বৰতা হ্ৰাস কৰে। এনেদৰেই মাটিৰ প্ৰদূষণ হয় ৷

প্রশ্ন ১৪ l শব্দ প্ৰদূষণ কি? শব্দ প্ৰদূষণৰ ফলত মানুহে কেনে ধৰণৰ অসুখত ভুগিবলগীয়া হ’ব পাৰে লিখাঁ ।

উত্তৰঃ এটা কোঠালিত বহুত মানুহে কোঢ়াল লগোৱা আমনিদায়ক শব্দ, কাৰখানাৰ মেচিনৰ ঘৰ ঘৰ শব্দ, বাস্ত ৰাজ আলিত চলি থকা বাছ, ট্ৰাক আদিৰ শব্দ, অনবৰতে বাজি থকা হৰ্ণৰ শব্দবোৰ মানুহৰ বাবে আমনিদায়ক হয়। মানুহৰ বাবে বিৰক্তিকৰ শব্দই শান্ত পৰিবেশৰ প্ৰদূষণ ঘটায় আৰু ইয়াকে শব্দ প্ৰদূষণ বোলে।

শব্দ প্ৰদূষণে মানুহৰ স্নায়ুৰ উত্তেজনা বঢ়ায়। যান-বাহনৰ বিকট শব্দ, কল কাৰখানাৰ শব্দ, উচ্চ স্বৰত ৰজা লাউড স্পিকাৰ, ৰেডিঅ’ টেলিভিচনৰ শব্দৰ মাজত বেছি সময় থাকিলে নিদ্রাহীনতা, বিষণ্ণতা, স্নায়ুৰ ৰোগ আদিত মানুহে ভুগিবলগীয়া হয়। বোমা বা ডাঙৰ ফট্‌কা নিচেই ওচৰতে ফুটিলে হোৱা শব্দত মানুহৰ কাণৰ পৰ্দা ফাটি যাব পাৰে। পর্দা ফাটিলে মানুহৰ শুনা শক্তি নোহোৱা হয়। অবিৰাম শব্দই মানুহৰ দৈহিক আৰু মানসিক ক্ষতি কৰে। অতিপাত শব্দৰ পৰিবেশত মানুহে কামত মনোযোগ দিব নোৱাৰে।

প্রশ্ন ১৫ l (ক) শব্দ এটা কিমান ডাঙৰ বা সৰু কি এককত জোখা হয়? 

উত্তৰঃ শব্দ এটা কিমান ডাঙৰ বা সৰু তাক ডেছিবেল এককত জোখা হয়। 

(খ) মানুহৰ সচৰাচৰ কথা-বতৰাৰ মাত্ৰা কিমান ডেছিবেল?

উত্তৰঃ 55-65 ডেছিবেলৰ ভিতৰত।

(গ) পানীত থকা অক্সিজেনৰ পৰিমাণ হ্রাস হ’লে কি হ’ব পাৰে? 

উত্তৰঃ পানীত থকা অক্সিজেনৰ পৰিমাণ হ্রাস হ’লে জলচৰ প্ৰাণী আৰু জলচৰ উদ্ভিদসমূহ জীয়াই থাকিব নোৱাৰে।

(ঘ) কয়লা পুৰিলে ওলোৱা এবিধ গেছৰ নাম লিখাঁ।

উত্তৰঃ কার্বন-ডাই-অক্সাইড।

(ঙ) বায়ু প্ৰদূষিত কৰিব পৰা এবিধ গেছৰ নাম লিখাঁ। 

উত্তৰঃ কার্বন-ডাই-অক্সাইড।

প্রশ্ন ১৬ l আবাসিক অঞ্চল একোটাত নিৰিবিলি পৰিবেশৰ গুৰুত্বৰ ওপৰত এটা টোকা প্রস্তুত কৰা।

উত্তৰঃ আবাসিক অঞ্চল এটা বিভিন্ন ধৰণৰ প্ৰদূষণৰ পৰা মুক্ত হ’ব লাগে। ইয়াৰ – বাবে কিছুমান বিশেষ ব্যৱস্থা গ্ৰহণৰ প্ৰয়োজন। যেনে লাউডস্পীকাৰ বজোৱা, ফটকা ফুটোৱা আৰু অতিমাত্ৰা যান বাহনৰ, আহ-যাহৰ পৰা মুক্ত হ’ব লাগে। আবাসিক অঞ্চলসমূহ কল-কারখানা আৰু উদ্যোগ আদিৰপৰা নিলগত হ’ব লাগে। আবাসিক অঞ্চলসমূহ অতি ঘন বসতি পূর্ণ হ’ব নালাগে। আবাসিক অঞ্চলসমূহত পর্যাপ্ত পৰিমাণ গছ-গছনি ৰোপন কৰিব লাগে যাতে এই অঞ্চলসমূহ শব্দ প্ৰদূষণৰ পৰা মুক্ত হ’ব পাৰে। কাৰণ গছ-গছনিয়ে পৰিবেশত হোৱা শব্দ প্ৰদূষণ নিয়ন্ত্ৰণ কৰিব পাৰে। তাৰোপৰি গছ-গছনিৰ ৰোপণৰ ফলত বায়ুত অক্সিজেনৰ মাত্ৰা বাঢ়ে, কারণ উদ্ভিদসমূহে সালোক সংশ্লেষণত উৎপন্ন হোৱা অক্সিজেন ভাগ বায়ুমণ্ডললৈ এৰি দিয়ে। উদ্ভিদ অর্থাৎ বৃক্ষই ছাঁ দিয়ে যাৰ ফলত অত্যাধিক ঘনবসতি পূর্ণ অঞ্চলত গৰমৰ দিনত গৰমৰ পৰা কিছু সকাহ পায়। ইয়াৰ বাহিৰেও আবাসিক অঞ্চলত মানুহে ডাঙৰকৈ কথা পতা বা কাজিয়া-পেচাল আদি নকৰিলে নিৰিবিলি পৰিবেশৰ সৃষ্টি হ’ব।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top