Assam Jatiya Bidyalay Class 7 History Chapter 9 অসমত বেহা – বেপাৰ

Assam Jatiya Bidyalay Class 7 History Chapter 9 অসমত বেহা – বেপাৰ, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় ইতিহাস Class 7 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Class 7 History Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 7 History Chapter 9 অসমত বেহা – বেপাৰ Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. Assam Jatiya Bidyalay Class 7 History Chapter 9 অসমত বেহা – বেপাৰ The provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

অসমত বেহা – বেপাৰ

Chapter -9

ASSAM JATIYA VIDYALAYA

অসম জাতীয় বিদ্যালয়

প্রশ্নোত্তৰঃ

১। চমু উত্তৰ লিখাঁ।

(ক) কোনজন আহোম ৰজাই পোন প্ৰথমে আনুষ্ঠানিকভাৱে হাট বা বজাৰ বহুৱাইছিল? 

(খ) অসমত চাহ ব্যৱসায়িক ভিত্তিত কোনে প্রথমে আৱিষ্কাৰ কৰিছিল?

(গ) মধ্যযুগত অসমৰ প্ৰধানকৈ কোনখন নদীৰ বালিত সোণ পোৱা গৈছিল?

উত্তৰঃ(ক) স্বৰ্গদেউ প্ৰতাপ সিংহই।

(খ) ইংৰাজসকলে।

(গ) সোৱণশিৰি নদীৰ বালিত।

২। উত্তৰ লিখাঁ।

(ক) ফুলগুৰিহাট কিয় বিখ্যাত লিখাঁ।

(খ) চাহ আৰু কানি অসমৰ থলুৱা মানুহে প্ৰথমতে কি হিচাবে ব্যৱহাৰ কৰিছিল?

(গ) অসমৰ পৰা ৰপ্তানী হোৱা যিকোনো চাৰিবিধ সামগ্ৰীৰ নাম লিখাঁ। 

(ঘ) অসমলৈ আমদানী হোৱা যিকোনো চাৰিবিধি বস্তুৰ নাম লিখা। 

উত্তৰঃ (ক) অসমত আগতে হাট বা বজাৰ নাছিল। স্বৰ্গদেউ প্ৰতাপ সিংহই পোন প্ৰথমবাৰৰ বাবে কলং নৈৰ পাৰত ফুলগুৰিত আনুষ্ঠানিকভাৱে হাট বা বজাৰ পাতি প্ৰজাৰ সুবিধা কৰি দিছিল। অসমৰ প্ৰথম হাট হিচাবে ফুলগুৰি হাট আজিও বিখ্যাত।

(খ) চাহ আৰু কানি অসমৰ থলুৱা মানুহে প্ৰথমতে ঔষধি হিচাবে ব্যৱহাৰ কৰিছিল। ইংৰাজসকলেহে এই দুবিধ বস্তুক প্রথমে বাণিজ্যিক সামগ্রী হিচাবে ব্যৱহাৰ কৰে। 

(গ) অসমৰপৰা ৰপ্তানী হোৱা চাৰিবিধ সামগ্ৰী হৈছে-চাহ, কয়লা, পাট সুতা আৰু ধান।

(ঘ) অসমলৈ আমদানী হোৱা চাৰিবিধ বস্তু হৈছে— লোণ, চেনি, কাপোৰ আৰু সোণ-ৰূপৰ অলংকাৰ। 

৩। অসমৰ বেহা-বেপাৰৰ ওপৰত এটি টোকা প্ৰস্তুত কৰা।

উত্তৰঃ কৃষিজীৱী আৰু স্ব-নিৰ্ভৰশীল অসমৰ অধিবাসীসকলৰ মনত আগতে বেহা-বেপাৰৰ কোনো ধাৰণা নাছিল। ১২০৬ খ্ৰীঃত মুছলমানসকল অসমলৈ (তেতিয়াৰ কামৰূপলৈ) অহাৰ পিছৰ পৰাহে অসমত বেহা-বেপাৰৰ কিছু প্ৰভাৱ পৰে। অৱশ্যে তথ্যভিত্তিক হিচাবে শংকৰদেৱৰ সময়ৰপৰাহে অসমত বেহা-বেপাৰৰ কথা পোৱা যায়। সেই সময়ত নাৱেৰে বেপাৰ কৰা মুদৈ বা সদাগৰসকলে পশ্চিমব ৰাজ্যৰ প্ৰয়োজনীয় সামগ্রী আমদানী-ৰপ্তানী কৰিছিল।

অসমত হাট বা বজাৰৰ জৰিয়তে বেহা-বেপাৰৰ আৰম্ভ হয়। স্বৰ্গদেউ প্ৰতাপ সিংহৰ দিনৰ পৰা। তেৱেই প্রথম কলং নৈৰ পাৰত ফুলগুৰিত হাট বা বজাৰ পাতি প্ৰজাসকলক বেহা-বেপাৰৰ সুবিধা কৰি দিছিল।

অসমত বেহা-বেপাৰৰ দিশত যথেষ্ট পৰিৱৰ্তন হয় ইংৰাজসকল অসমলৈ অহাৰ পিছত। ইংৰাজে বেহা-বেপাৰৰ ক্ষেত্ৰত অত্যন্ত গুৰুত্বপূৰ্ণ যাতায়াত আৰু যোগাযোগ ব্যৱস্থাৰ উন্নতি সাধন কৰাৰ লগতে অসমত কাৰিকৰী সামগ্ৰীৰ বৃদ্ধি কৰিছিল। তেওঁলোকেই সেই সময়ত অসমৰ মানুহে ঔষধি হিচাবে ব্যৱহাৰ কৰা চাহ আৰু কানি বৱসায়িক ভিত্তিত বিদেশলৈ ৰপ্তানী কৰিবলৈ লয়। অসম্ভব কয়লা, খাৰুৱা তেল আৰু অন্যান্য বনজ সম্পদে এখন আন্তঃৰাষ্ট্ৰীয় বজাৰ লাভ কৰে।

ইংৰাজসকলৰ উপৰিও অসমত মাৰোৱাৰী, ঢাকাৰ মুছলমান বেপাৰী, বঙালী বেপাৰী আদি প্ৰধান বাণিজ্যিক গোষ্ঠী আছিল। এই বাণিজ্যিক গোষ্ঠীবোৰৰ জৰিয়তেই ধান, মাহ, সৰিয়হ, চাহ, কপাহ আদি কৃষিজাত সামগ্ৰীৰ লগতে পাট, মুগা, এড়ি, সূতা, মুগাৰ সুতা, হাতী দাঁত, কয়লা, তামৰ বাচন, নানাবিধ গছৰ কাঠ আদি অসমৰ পৰা ৰপ্তানী কৰা হৈছিল। আনহাতে লোণ, চেনি, কাপোৰ, বিভিন্ন আমোদৰ সামগ্ৰী, মণি-মুকুতা আদি অসমলৈ আমদানি হৈছিল।

এইখিনিতে উনুকিয়াই থ’ব খোজো যে বেহা-বেপাৰৰ দিশত ভাৰতৰ অন্য ৰাজ্যৰ তুলনাত অসম যথেষ্ট পিচপৰি আছিল আৰু আজিও তাৰ ব্যতিক্ৰম হোৱা নাই। ব্যৱসায়ৰ বাবে উপযুক্ত যাতায়াত তথা যোগাযোগ ব্যৱস্থাৰ অভাৱ, ব্যৱসায়িক মানসিকতাৰ অভাৱ, অত্যধিক কৃষি নিৰ্ভৰতা, দেৰীকৈ মুদ্ৰাৰ প্ৰচলন হোৱা আদি কাৰকৰ বাবেই বেহা-বেপাহৰ দিশত অসমে পিছ পৰি থাকিবলগীয়া হৈছে।

অতিৰিক্ত প্রশ্নোত্তৰঃ

১। শংকৰদেৱৰ সময়ত নাৱেৰে বেহা-বেপাৰ কৰা ব্যৱসায়ী শ্ৰেণীটোক কি বুলি কোৱা হৈছিল?

উত্তৰঃ মুদৈ বুলি কোৱা হৈছিল।

২। নামনিত কোনজন কোচ ৰজাৰ দিনৰপৰা মুদ্ৰাৰ ব্যৱহাৰ হৈছিল?

উত্তৰঃ বিশ্বসিংহৰ দিনৰপৰা।

৩। অসমত বেহা-বেপাৰৰ ওপৰত ৰাজহ বা কৰ দিয়াৰ ব্যৱস্থা কেতিয়াৰপৰা আৰম্ভ হয়?

উত্তৰঃ ব্ৰিটিছ শাসনৰ সময়ৰ পৰা।

৪। আহোম ৰাজত্বকালৰ বস্ত্ৰ উৎপাদনৰ দায়িত্বত থকা খেলটোৰ নাম লিখা।

উত্তৰঃ তাঁতী।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top