Assam Jatiya Bidyalay Class 7 History Chapter 6 অসমৰ মঠ-মন্দিৰ, ঘৰ-দুৱাৰ আৰু ৰাজকাৰেং

Assam Jatiya Bidyalay Class 7 History Chapter 6 অসমৰ মঠ-মন্দিৰ, ঘৰ-দুৱাৰ আৰু ৰাজকাৰেং, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় ইতিহাস Class 7 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Class 7 History Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 7 History Chapter 6 অসমৰ মঠ-মন্দিৰ, ঘৰ-দুৱাৰ আৰু ৰাজকাৰেং Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. Assam Jatiya Bidyalay Class 7 History Chapter 6 অসমৰ মঠ-মন্দিৰ, ঘৰ-দুৱাৰ আৰু ৰাজকাৰেং The provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

অসমৰ মঠ-মন্দিৰ, ঘৰ-দুৱাৰ আৰু ৰাজকাৰেং

Chapter -6

ASSAM JATIYA VIDYALAYA

অসম জাতীয় বিদ্যালয়

প্রশ্নোত্তৰঃ

১। চমু উত্তৰ লিখা।

(ক) অসমৰ জলবায়ু কেনে ধৰণৰ?

(খ) আহোম ৰাজত্বকালত প্ৰজাৰ ঘৰৰ চালবোৰ কেনে আছিল? 

(গ) ৰজাক সাক্ষাতৰ বাবে থকা ঘৰটোক কি বোলে?

(ঘ) অসমত পকী ঘৰ কেতিয়াৰপৰা সাজিবলৈ লৈছিল।

উত্তৰঃ (ক) সেমেকা।

(খ) আহোমৰ ৰাজত্বকালত প্ৰজাৰ ঘৰৰ চালবোৰ শণখেৰ, নৰা, টকৌপাত আদিৰে সজা হৈছিল।

(গ) চোলোং ঘৰ।

(ঘ) মুছলমান আৰু মোগলসকলৰ অসম আগমনৰ সময়ৰ পৰা। 

২। অসমৰ ঘৰ-দুৱাৰ নিৰ্মাণ ব্যৱস্থা কেনে ধৰণৰ আছিল চমুকৈ লিখা। 

উত্তৰঃ কোনো এখন ঠাইৰ ঘৰ-দুৱাৰ বা বাসস্থান নিৰ্ভৰ কৰে ঠাইখনৰ ভৌগোলিক পৰিৱেশ আৰু জলবায়ুৰ ওপৰত। অসমৰ জলবায়ু ঘাইকৈ সেমেকা যদিও ই নাতিশীতোষ্ণ। সেয়ে অতি প্ৰাচীন কালৰপৰাই ইয়াৰ স্থানীয় মানুহখিনিয়ে কাঠ, বাঁহ, বেত, ইকৰা, নল-খাগৰি, শণ খেৰ, নৰা, টকৌপাত আদি সামগ্ৰীৰে ঘৰ-দুৱাৰ সাজি লৈছিল। এই কাঠ-বাঁহেৰে সজোৱা ঘৰবোৰ সাধাৰণতে গৰমৰ দিনত ঠাণ্ডা হয় আৰু জাৰৰ দিনত গৰম হয়। সাধাৰণ প্ৰজাৰপৰা ৰজালৈকে সকলোৱে এনে ধৰণৰ ঘৰ দুৱাৰ সাজিছিল। নদী কাষৰীয়া অধিবাসীসকলে পানীৰ পৰা আৰু পাহাৰীয়া ঠাইৰ অধিবাসীসকলে বনৰীয়া জীৱ-জন্তুৰ পৰা হাত সাৰিবলৈ চাংঘৰ সাজি লৈছিল।

কেৱল প্ৰজা বা সাধাৰণ শ্ৰেণীৰ মানুহেহে যে কাঠ-বাঁহ, খেৰ, ইকৰা আদিৰে ঘৰ সাজিছিল তেনে নহয়, ৰজাৰ ৰাজকাৰেং বা ৰাজহাউলীবিলাকো কাঠ-বাঁহ, খেৰ,হকৰা আদি বিভিন্ন ঘৰৰ সৈতে একো একোখন প্ৰকাণ্ড বাৰীও আছিল। অসমৰ গ্রামাঞ্চলত আজিও ঘৰৰ সৈতে বাৰী দেখা পোৱা যায়। মুছলমান আৰু মোগলসকলৰ অসম আগমনৰ সময়ৰ পৰাহে অসমত পকী ঘৰৰ প্ৰভাৱ পৰিছিল।

৩। চিহাবুদ্দিন তালিচৰ বৰ্ণনাত অসমৰ ঘৰ-দুৱাৰৰ বৰ্ণনাটো কি আছিল লিখা।

উত্তৰঃ চিহাবুদ্দিন তালিচে আহোমৰ ৰাজকাৰেঙৰ সৌন্দৰ্যৰ বিষয়ে যি বিৱৰণ দাঙি ধৰিছে, তাৰপৰাই অসমৰ ঘৰ-দুৱাৰ কেনে আছিল তাৰ এখন স্পষ্ট ছবি পোৱা যায়। চিহাবুদ্দিনৰ বিৱৰণী মতে — ৰাজকাৰেঙৰ চাৰিওফালে গড় সাজি তাৰ অলপ আঁতৰত ঘন ঘনকৈ কোতকৰা বাঁহ গছ ৰুই দিছিল। সেই বাঁহনি ভেদি কোনো ভিতৰত প্ৰৱেশ কৰিব নোৱাৰিছিল। তদুপৰি নগৰখনত সহজতে সোমাব নোৱাৰাকৈ এটা মানুহ ডুব যাব পৰাকৈ খাৱৈ বা খাল খান্দি দিছিল।

ৰজাক সাক্ষাতৰ বাবে থকা কোঠাটোক চোলোং ঘৰ বুলিছিল। ই দীঘলে ১২০ হাত আৰু ভিতৰি বহলে ৬০ হাত আছিল। কোঠাটোত মুঠতে ৬৬ টা খুঁটা আছিল। প্ৰতিটো খুঁটাৰ ব্যাস আছিল ৪ হাত। এই খুঁটাবোৰ অতি মসৃণ আৰু মেচিনত কটাযেনহে লাগিছিল। ৰাজকাৰেঙৰ ধুনীয়া কাঠৰ বেৰ, ঘৰৰ মুধচ’আৰু খুঁটাসমূহৰ তলে-ওপৰে থকা কাঠৰ অপূৰ্ব কাৰুকাৰ্য চালে চকু ৰোৱা আছিল। এনে ধৰণৰ কাঠৰ বেৰবোৰত পিতলৰ আইনা খটুৱা আছিল। এই আইনাবোৰ এনেকৈ পৰিষ্কাৰকৈ ঘঁহি-পিহি চকচকীয়া কৰি ৰখা হৈছিল যে তাত সূৰ্যৰ কিৰণ পৰি চকু চাট মাৰি ধৰিছিল।

সাত খলপীয়া এই ৰাজকাৰেঙটো ১২,০০০ পাইকে এবছৰ খাটি সাজি উলিয়াইছিল। প্রাসাদৰ একোণত সমুখা-সমুখিকে থকা চাৰিটা খুঁটাৰ প্ৰত্যেকতে ৯টা ৰিং আছিল। এই ৰিংবোৰত ৰজাৰ সিংহাসনৰ ওপৰত বিভিন্ন ৰঙৰ চন্দ্ৰতাপ আঁৰি দিয়া হৈছিল। ৰাজহাউলীৰ ভিতৰত থকা অন্যান্য কাঠেৰে সজা ঘৰবোৰ বৰ মজবুত আৰু অপূৰ্ব কাৰুকাৰ্য খচিত আছিল। এই ঘৰবোৰৰ কাৰুকাৰ্য আছিল বৰ্ণনাতীত।

এনেধৰণে চিহাবুদ্দিন তালিচে তেওঁৰ বিৱৰণীত অসমৰ ঘৰ-দুৱাৰৰ বৰ্ণনা দি থৈ গৈছে।

অতিৰিক্ত প্রশ্নোত্তৰঃ

১। কামাখ্যা মন্দিৰ পুনৰ নিৰ্মাণৰ দায়িত্বত থকা স্থপতিবিদজনৰ নাম লিখাঁ।

উত্তৰঃ মেঘামুকদুম।

২। কোনটো মন্দিৰক আহোম ৰাজত্বৰ প্ৰথম হিন্দু মন্দিৰ বুলি ধৰা হয়?

উত্তৰঃ জামুগুৰিৰ নাগশংকৰ মন্দিৰক ।

৩। আহোম ভাষাত শিৱক কি বুলি কোৱা হৈছিল? 

উত্তৰঃ ‘লাংকুৰি’ বুলি কোৱা হৈছিল।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top