Assam Jatiya Bidyalay Class 7 History Chapter 3 অসমীয়া সংস্কৃতিৰ উন্নতিৰ কেইটামান পৰ্যায়

Assam Jatiya Bidyalay Class 7 History Chapter 3 অসমীয়া সংস্কৃতিৰ উন্নতিৰ কেইটামান পৰ্যায়, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় ইতিহাস Class 7 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Class 7 History Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 7 History Chapter 3 অসমীয়া সংস্কৃতিৰ উন্নতিৰ কেইটামান পৰ্যায় Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. Assam Jatiya Bidyalay Class 7 History Chapter 3 অসমীয়া সংস্কৃতিৰ উন্নতিৰ কেইটামান পৰ্যায় The provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

 অসমীয়া সংস্কৃতিৰ উন্নতিৰ কেইটামান পৰ্যায়

Chapter -3

ASSAM JATIYA VIDYALAYA

অসম জাতীয় বিদ্যালয়

প্রশ্নোত্তৰঃ

১। ককেছীয় জনগোষ্ঠীৰ মানুহে কোনটো পথেৰে অসমলৈ আহিছিল? 

উত্তৰঃ ব্ৰহ্মপুত্ৰ আৰু গংগা উপত্যকাৰ মাজেদি অসমলৈ অহা-যোৱা কৰিব পৰা পথটোৰে ককেছীয় জনগোষ্ঠীৰ মানুহে অসমলৈ আহিছিল।

২। মংগোলীয় জনগোষ্ঠীৰ লোকসকল কোন কোন দেশত অৱস্থিত গিৰিপথেৰে অসমত প্ৰৱেশ কৰিছিল? 

উত্তৰঃ তিব্বত, নেপাল আৰু ভূটান দেশত অৱস্থিত গিৰিপথেৰে।

৩। কিমান খ্ৰীঃপূঃৰ সময়ত অষ্ট্ৰিক জনগোষ্ঠীৰ মানুহে অসমত বসতি স্থাপন কৰিছিল? 

উত্তৰঃ খ্ৰীঃপূঃ ২০০০ বছৰৰ সময়ত। 

৪। তিব্বতবর্মী জনগোষ্ঠীটোৰ পৰা অসমত কি কি জনগোষ্ঠীৰ সৃষ্টি হৈছিল লিখা। 

উত্তৰঃ তিব্বতবর্মী জনগোষ্ঠীটোৰ পৰা অসমত অঁকা, ডফলা, আবৰ, মিৰি, বড়ো, নগা, কুকিচীন আদি বিভিন্ন জনগোষ্ঠীৰ সৃষ্টি হৈছিল।

৫। বড়ো জনগোষ্ঠীৰ বিভিন্ন ভাগসমূহ কি কি লিখাঁ। 

উত্তৰঃ বড়ো জনগোষ্ঠীৰ বিভিন্ন ভাগসমূহ হৈছে কোচ, কছাৰী, লালুং, ডিমাছা, মৰাণ আদি ।

৬। কাৰ নেতৃত্বত আৰু কোন শতিকাত টাই-মংগোলীয় জনগোষ্ঠীৰ মানুহ অসমলৈ আহিছিল? 

উত্তৰঃ চুকাফাৰ নেতৃত্বত ত্ৰয়োদশ শতিকাৰ আৰম্ভণিতে টাই-মংগোলীয় জনগোষ্ঠীৰ মানুহ অসমলৈ আহিছিল।

৭। “সংমিশ্ৰণ অসমীয়া সংস্কৃতিৰ মূল মন্ত্ৰ।” কথাষাৰ বুজাই লিখা। 

উত্তৰঃ সংমিশ্ৰণ অসমীয়া সংস্কৃতিৰ মূল মন্ত্ৰ বুলি কোৱা হয়। অর্থাৎ বিভিন্ন জাতি-জনগোষ্ঠীৰ একতাৰ মাজেৰে এই সংস্কৃতি গঢ় লৈ উঠিছে। প্ৰতাপ সিংহ, গদাধৰ সিংহ, ৰুদ্ৰ সিংহ, প্রমত্ত সিংহ, শিৱ সিংহ, ফুলেশ্বৰী আদি আহোম শাসকে স্থাপত্য ভাস্কর্য, শিল্প-কলা, লোককলা, সংগীত সকলো ক্ষেত্রতে আন আন জনগোষ্ঠীৰ মাজত থকা উপাদানবোৰ গ্ৰহণ কৰিছিল। স্থাপত্য-ভাস্কৰ্য, শিল্পকলাৰ কাম-কাজৰ বাবে আন ৰাজ্যৰ পাৰদৰ্শী শিল্পী, কলা-কুশলীক অসমলৈ আমন্ত্ৰণ কৰি আনিছিল। এনেবোৰ কথা আৰু কামৰ ফলত অসমীয়া সংস্কৃতিৰ ভেটি নিৰ্মাণ হৈছিল আৰু বিকাশৰ বাটেৰে আগবাঢ়িছিল।

আহোম ৰজা ৰুদ্ৰ সিংহ আৰু কোচ ৰজা নৰনাৰায়ণৰ ৰাজত্বকালত অসমীয়া সংস্কৃতিৰ সৈতে ভাৰতীয় সংস্কৃতিৰ ব্যাপক সংমিশ্ৰণ ঘটিছিল। সাজ-পাৰ, সংগীত, চিত্ৰকলা, স্থাপত্য-ভাস্কর্য, সমৰ কৌশল আদি সকলো দিশতেই এই সংমিশ্ৰণ আৰু সমন্বয় সাধন হৈছিল। তাৰ বহু আগতেই বর্মন বংশৰ ৰজা ভাস্কৰ বৰ্মনৰ সৈতে কনৌজৰ সম্ৰাট হৰ্ষবৰ্দ্ধনৰ যি সম্পৰ্ক স্থাপন হৈছিল, সেই সম্পৰ্কৰ মাজেদি জ্ঞান চৰ্চা, বিদ্যা শিক্ষা, সমৰ শক্তি আদি বিভিন্ন ক্ষেত্ৰত চহকী কামৰূপ ৰাজ্যৰ গুণ-গৰিমাৰ কথা সৰ্বভাৰতীয় পৰ্যায়ত বিয়পি পৰিছিল। এনেবোৰ কাৰণতেই সংমিশ্ৰণ অসমীয়া সংস্কৃতিৰ মূল মন্ত্ৰ বুলি কোৱা হয়।

৮। শ্ৰীমন্ত শংকৰদেৱৰ আৱিৰ্ভাৱে অসমীয়া সংস্কৃতিৰ কিদৰে গঢ় দিছিল লিখা। 

উত্তৰঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আবির্ভাৱে অসমীয়া সংস্কৃতিক গঢ় দিয়াৰ লগতে গতিশীল কৰি তুলিছিল। শংকৰদেৱে ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে অসমৰ থলুৱা লোকসংগীত, লোকনৃত্য, লোকনাটকৰ সৈতে ভাৰতীয় ধ্রুপদী সংগীতৰ এক বাৰেবৰণীয়া ৰূপ প্ৰদান কৰিছিল। তেওঁৰ সাহিত্য কৰ্মত মিকিৰ, যৱন, গাৰো, বড়ো, কাৰ্বি, কছাৰী আনকি ইছলাম ধৰ্মাৱলম্বীসকলৰ জনজীৱনৰ সকলো উপাদানেই স্বীকৃতি লাভ কৰিছে। তেওঁৰ শিষ্যসকলৰ মাজত সকলো জনগোষ্ঠীৰ লোক থকা কথাটোৱে অসমীয়া জাতি গঠনৰ ক্ষেত্ৰত আটাইতকৈ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছিল। শংকৰদেৱৰ নেতৃত্বত গঢ়ি উঠা নৱবৈষ্ণৱ আন্দোলনৰ সময়তেই অসমীয়া ভাষা-সাহিত্যই প্ৰকৃত অসমীয়া চৰিত্ৰ লাভ কৰিছিল।

৯। আধুনিক কালৰ অসমীয়া সংস্কৃতিৰ আৰম্ভণিৰ বিষয়ে চমুৱাই লিখাঁ।  

উত্তৰঃ আধুনিক অসমীয়া সংস্কৃতিৰ আৰম্ভণিৰ সীমাৰেখা হিচাপে আমি ১৮২৬ চনটোকেই ধৰিব লাগিব। কাৰণ ১৮২৬ চনত স্বাক্ষৰিত হোৱা ইয়াণ্ডাবু সন্ধিৰ চৰ্তমতে অসমত ইংৰাজ শাসন আৰম্ভ হয়।সেই সময়ৰপৰা অসমৰ ৰাজনৈতিক অৱস্থা আৰু ভৌগলিক সীমাৰ পৰিৱৰ্তনৰ লগতে অর্থনৈতিক, শৈক্ষিক, সামাজিক আৰু সাংস্কৃতিক ক্ষেত্ৰতো বিৰাট পৰিৱৰ্তনৰ সূচনা হয়। সেইছোৱা সময়ৰ পৰাই অসমীয়া জাতিৰ জাতীয় চৰিত্ৰ, সাংস্কৃতিক চৰিত্ৰত পশ্চিমীয়া আৰু আধুনিক উপাদানৰ সমাবেশ ঘটিবলৈ ধৰে। অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত বিভিন্ন জাতি-জনগোষ্ঠীৰ অৱদান আৰু ভূমিকা স্পষ্ট হৈ পৰে। অসম ইংৰাজৰ শাসনৰ অধীনলৈ যোৱাৰ ফলত ভাৰতীয় আৰু পশ্চিমীয়া সভ্যতাৰ সৈতে অসমৰ সম্পৰ্ক স্থাপন হোৱাৰ বাবে আধুনিক কালত অসমীয়া জাতি আৰু সংস্কৃতিয়ে নতুন ৰূপ লাভ কৰিছে।

অতিৰিক্ত প্রশ্নোত্তৰঃ

১। অসমত পোনপ্রথমে কোনটো জনগোষ্ঠীৱে প্ৰৱেশ কৰিছিল? 

উত্তৰঃ অষ্ট্ৰিক জনগোষ্ঠীয়ে।

২। তিব্বতবর্মী লোকসকলে কোন ঠাইৰ পৰা আহি অসমত সোমাইছিল? 

উত্তৰঃ চীন দেশৰ দক্ষিণ অংশৰপৰা।

৩। মিচিমি আৰু ডফলাসকল কোন জনগোষ্ঠীৰ উত্তৰপুৰুষ? 

উত্তৰঃ ককেছীয় জনগোষ্ঠীৰ ।

৪। মহম্মদ বিন বখতিয়াৰে কামৰূপ আক্ৰমণ কৰা সময়ত কামৰূপৰ ৰজা কোন আছিল? 

উত্তৰঃ পৃথু।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top