Assam Jatiya Bidyalay Class 7 History Chapter 13 অসমৰ আ-অলংকাৰ

Assam Jatiya Bidyalay Class 7 History Chapter 13 অসমৰ আ-অলংকাৰ, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় ইতিহাস Class 7 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Class 7 History Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 7 History Chapter 13 অসমৰ আ-অলংকাৰ Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. Assam Jatiya Bidyalay Class 7 History Chapter 13 অসমৰ আ-অলংকাৰ The provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

অসমৰ আ-অলংকাৰ

Chapter -13

ASSAM JATIYA VIDYALAYA

অসম জাতীয় বিদ্যালয়

প্রশ্নোত্তৰঃ

১। আদিম মানুহে অলংকাৰৰ দৰে কি কি বস্তু পৰিধান কৰিছল? 

উত্তৰঃ আদিম মানুহে জন্তুৰ ছাল, নখ, দাঁত, হাড়, চৰাইৰ ৰং-বিৰঙী পাখি অলংকাৰৰ দৰে পৰিধান কৰিছিল। 

২। ‘কেৰু’ কেনেধৰণৰ অলংকাৰ লিখাঁ।

উত্তৰঃ সোণ আৰু ৰূপেৰে নিৰ্মিত কেৰু এপাহ পদুম ফুলৰ দৰে হোৱা দেখা যায়। প্রথমতে কেৰু পুৰুষ-মহিলা উভয়েই পিন্ধিছিল। কেৰু দুই প্রকাৰৰ। সৰু আকৃতিৰ কেৰুক লংকেৰু বোলা হৈছিল। লংকেৰু পুৰুষে পিন্ধিছিল। মহিলাৰ কেৰুৰ আকৃতি ডাঙৰ আছিল। পিছলৈ কেৱল মহিলাইহে কেৰু পিন্ধিছিল।

৩। ‘গাম খাৰু ৰ বিষয়ে লিখা।

উত্তৰঃ গাম খাৰু হাতত পিন্ধা হয়। সোণ আৰু ৰূপেৰে গাম খাৰু নিৰ্মাণ কৰা হয়। গাম খাৰু তিনিসিৰীয়া। মাজতে এডাল শলা থাকে আৰু পিন্ধা আৰু খুলি থোৱাৰ সময়ত শলাডাল ব্যৱহাৰ কৰা হয়। গাম খাৰু পুৰুষ-মহিলা উভয়ে ব্যৱহাৰ কৰিছিল। পিছলৈ এই অলংকাৰবিধ মহিলাইহে পৰিধান কৰিছিল।

৪। ‘চিতি-পাতি ‘নামৰ অলংকাৰবিধৰ বিষয়ে লিখা।

উত্তৰঃ চিতি-পাতি মূৰত পিন্ধা অলংকাৰ। তিনিধাৰ পাতল মালা এটা মূৰত লগ লগাই তাতে এটা সৰু লটকণ ওলোমাই লোৱা হয়। তিনিধাৰ মালাৰ মাজৰডাল পোনে পোনে সেওঁতাৰ ওপৰেদি আৰু পাকী দুধাৰ চুলিৰ ওপৰত সোঁফালে আৰু বাঁওফালে পেলাই লৈ পিছফালে চুলিৰ খোপাত বান্ধি দিয়া হয়।

৫। বিভিন্ন ধৰণৰ চাৰিবিধ আঙঠিৰ নাম লিখা।

উত্তৰঃ হাতৰ আঙুলিত পিন্ধা আঙঠি বিভিন্ন ধৰণৰ হোৱা দেখা যায়। তাৰ ভিতৰত চাৰিবিধ হৈছে―মোহৰপতা, বাখৰপতা, জেঠিনেজীয়া আৰু সোণপতা। 

৬। অসমৰ অধিবাসীসকলে পৰিধান কৰা আ-অলংকাৰৰ বিষয়ে এটা টোকা লিখা।

উত্তৰঃ প্ৰাচীনকালৰে পৰা অসমৰ পুৰুষ-মহিলা উভয়ে আ-অলংকাৰ পৰিধান কৰি আহিছে। পুৰুষৰ অলংকাৰবোৰৰ ভিতৰত কেৰু, লোকাপাৰ, মতামণি, বিৰি, আঙঠি, গামখাৰু আদি উল্লেখযোগ্য। সেইদৰে তিৰোতাই পৰিধান কৰা আ-অলংকাৰবোৰৰ ভিতৰত চিতি-পাতি, ডুগডুগি, জোনবিৰি আৰু বেনা, গলপতা, কাণফুল, নাকফুল, খোপাফুল আদি উল্লেখযোগ্য। কিছুমান আ-অলংকাৰ যেনে আঙঠি, কেৰু, গামখাৰু আদি পুৰুষ-মহিলা উভয়ে পৰিধান কৰে।

অতিৰিক্ত প্ৰশ্নোত্তৰঃ

১। ধাতুৰ আৱিষ্কাৰ আৰু ব্যৱহাৰৰ লগে লগে আ-অলংকাৰৰ ক্ষেত্ৰত কি পৰিৱৰ্তন হৈছিল?

উত্তৰঃ ধাতুৰ আৱিষ্কাৰ আৰু ব্যৱহাৰ হোৱাৰ লগে লগে মানুহে আগতে পৰিধান কৰা চৰাইৰ পাখি, জন্তুৰ হাড়, ছাল, নখ, দাঁত আদিৰ ঠাইত তাম, ৰূপ, লোহা আদিৰে নিৰ্মিত অলংকাৰ পৰিধান কৰিবলৈ লৈছিল।

২। সোণ-ৰূপৰ অলংকাৰৰ প্ৰচুৰ উল্লেখ থকা দুখন প্ৰাচীন গ্ৰন্থৰ নাম লিখা।

উত্তৰঃ ৰামায়ণ আৰু মহাভাৰত। 

৩। ‘লোকাপাৰ’ কি? বুজাই লিখা।

উত্তৰঃ লোকাপাৰ চাৰিমুখীয়া পাৰ চৰাইৰ আৰ্হিত নিৰ্মাণ কৰা এবিধ অলংকাৰ। লোকাপাৰ কাণত পিন্ধা অলংকাৰ। সোণেৰে নির্মিত এইবিধ অলংকাৰ আহোম ৰজা, পাত্র-পাত্রী আৰু বিষয়াসকলে পৰিধান কৰিছিল।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top