Assam Jatiya Bidyalay Class 7 History Chapter 12 আহোম যুগৰ সাজপাৰ

Assam Jatiya Bidyalay Class 7 History Chapter 12 আহোম যুগৰ সাজপাৰ, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় ইতিহাস Class 7 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Class 7 History Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 7 History Chapter 12 আহোম যুগৰ সাজপাৰ Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. Assam Jatiya Bidyalay Class 7 History Chapter 12 আহোম যুগৰ সাজপাৰ The provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

আহোম যুগৰ সাজপাৰ

Chapter -12

ASSAM JATIYA VIDYALAYA

অসম জাতীয় বিদ্যালয়

প্রশ্নোত্তৰঃ

১। সাজ-পোছাকৰ জৰিয়তে কি কি কথাৰ আভাস পোৱা যায়? 

উত্তৰঃ সাজ-পোছাকৰ জৰিয়তে একোজন ব্যক্তিৰ ৰুচি-অভিৰুচি, ব্যক্তিত্বত্ব আভাস পোৱা যায়৷ সেইদৰে একোটা জাতিৰ সাজ-পোছাকৰ মাজেদি তেওঁলোকৰ জাতীয় সংস্কৃতিৰ পৰিচয় পোৱা যায়। পাৰ্ট-মুগাৰ ৰিহা-চাদৰ-মেখেলা, গামোছা এইবোৰত থকা ফুলৰ আৰ্হি, বড়ো, মিচিং, ৰাভা, কাৰ্বি, তিৱা, মৰাণ আদি জনগোষ্ঠীৰ নিজা নিজা সাজ- পোছাক, এই সকলোবোৰৰ মাজেদি সেই জাতি- জনগোষ্ঠীবোৰৰ ৰুচি-অভিৰুচি তথা সংস্কৃতিৰ আভাস পোৱা যায়।

২। সাজ-পাৰৰ উল্লেখ থকা পুৰণি অসমৰ তিনিখন গ্ৰন্থৰ নাম লিখা। 

উত্তৰঃ সাজ-পাৰৰ উল্লেখ থকা পুৰণি অসমৰ তিনিখন গ্রন্থ হৈছে ― ‘শ্ৰীহৰ্ষচৰিত’, ‘কালিকা পুৰাণ’ আৰু ‘হস্তীবিদ্যাৰ্ণৱ’।

৩। অসমীয়া সমাজৰ ধুতি পিন্ধা নিয়ম সম্পর্কে লিখাঁ।

উত্তৰঃ অসমৰ পুৰুষসকলে অতীত কালৰেপৰা ধুতি-চুৰিয়া পিন্ধি আহিছে। শৰীৰৰ কঁকাল অংশৰপৰা ভৰিৰ আঁঠু পর্যন্ত ধুতি পিন্ধাৰ নিয়ম আছিল। সামাজিক সন্মান আৰু প্ৰতিপত্তি অনুসৰি পুৰুষসকলৰ সাজ-পাৰৰ পাৰ্থক্য আছিল। সাধাৰণ লোকসকলে এখনীয়া ধুতি পৰিধান কৰিছিল। বিষয়া আৰু মধ্যবিত্ত শ্রেণীৰ লোকে দুই বস্ত্ৰ পৰিধান কৰিছিল। শৰীৰৰ গা অংশত উত্তৰীয় বা চাদৰ আৰু কঁকালৰপৰা তললৈ আঁঠুমুৰীয়া ধুতি পিন্ধিছিল। এনে দুই বস্ত্ৰ পৰিধান কৰা কোনো কোনো সন্মানীয় লোকে ভৰিৰ সৰু গাঁঠি পর্যন্ত আগুৰি ধুতি পিন্ধিছিল। দুই বস্তু পিন্ধা লোকসকলে ধুতিৰ আগ অংশেৰে সন্মুখফালে দীঘলকৈ ‘থোৰ’ আৰু পিছফালে ‘পোন্ধ’মাৰিছিল। সেই আৰ্হি বর্তমান কালত অসমীয়া পুৰুষসকলে গ্ৰহণ কৰা দেখা যায়।

৪। অসমীয়া মহিলাৰ সাজ-পাৰৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ অসমীয়া মহিলাৰ সাজ-পাৰ বেছ আকর্ষণীয় । প্রাচীন কালত অসমীয়া নাৰীৰ সাজ-পাৰৰ ক্ষেত্ৰত শাড়ীৰ দৰে দীঘল বস্ত্ৰৰ উল্লেখ পোৱা যায়। পিছলৈ ৰিহা-মেখেলা আৰু চাদৰ-মেখেলাৰ প্ৰচলন হয়।

অসমৰ জনজাতীয় মহিলাসকলে আঁঠুৰ তললৈকে মেখেলা পৰিধান কৰে। ইয়াৰ লগতে বুকুৰপৰা মেথনি মাৰি মেখেলা লোৱাৰ নিয়ম আছিল। আহোম স্বৰ্গদেউসকলৰ দিনতে ডা-ডাঙৰীয়া, বিষয়াসকলৰ এক অভিজাত শ্ৰেণীৰ সৃষ্টি হয়। অভিজাত শ্ৰেণীৰ মহিলাসকলে সমাজৰ সাধাৰণ নাৰীয়ে পৰিধান কৰা চাদৰ-মেখেলা, ৰিহা-মেখেলাকে উন্নত আৰু আকর্ষণীয়কৈ পিন্ধাৰ আৰ্হি প্ৰচলন হ’ল। লগতে মেখেলাৰ প্ৰস্থ বঢ়াই লৈ থোৰ মাৰি পিন্ধাৰ ধৰণ গ্ৰহণ কৰিছিল। দীঘল ৰিহাখন বুকুত মেৰিয়াই কঁকালেদি বোৱাই, কঁকালৰ খোচনিত খুচি লোৱাৰ নিয়ম আছিল। ৰিহাখনৰ ওপৰফালে থকা অংশটো বাঁও কান্ধেদি পিছলৈ পেলাই লোৱা হয়। অভিজাত মহিলাসকলৰ কাপোৰ পৰিধানৰ এই ধৰণটোকে সমাজৰ আন নাৰীসকলেও গ্ৰহণ কৰিবলৈ লয়। আচলতে অসমীয়া জনজাতীয় নাৰীৰ সাজ-পাৰকেই সময়ৰ গতিত আকর্ষণীয় আৰু সম্পূৰ্ণ ৰূপত অসমীয়া নাৰীৰ গ্ৰহণযোগ্য পোছাক হৈ পৰিল।

৫। অসমীয়া মানুহৰ সাজ-পাৰৰ বিষয়ে এটি টোকা লিখা।

উত্তৰঃ অসমীয়া মানুহৰ সাজ-পাৰৰ এক সুকীয়া বৈশিষ্ট্য আছে। অসমীয়া জাতি গঠনত যিদৰে নানা জাতি-জনগোষ্ঠীৰ অৱদান আছে সেইদৰে, অসমীয়া মানুহৰ সাজ-পাৰতো বিভিন্ন জাতি-জনগোষ্ঠীৰ সাজ-পাৰৰ প্ৰভাৱ আছে। আনহাতে আহোম স্বৰ্গদেউসকলৰ ৰাজত্বকালৰ পৰা অসমীয়া সাজ-পাৰৰ ক্ষেত্ৰত দেশী-বিদেশী সাজ-পাৰৰ প্রভাৱ আৰু সংমিশ্রণ ঘটে।

অসমৰ পুৰুষসকলে অতীত কালৰেপৰা ধুতি-চুৰিয়া পিন্ধি আহিছে। শৰীৰৰ কঁকাল অংশৰপৰা ভৰিৰ আঁঠু পর্যন্ত ধুতি পিন্ধাৰ নিয়ম আছিল। সামাজিক সন্মান আৰু প্ৰতিপত্তি অনুসৰি পুৰুষসকলৰ সাজ-পাৰৰ পাৰ্থক্য আছিল। সাধাৰণ লোকসকলে এখনীয়া ধুতি পৰিধান কৰিছিল। বিষয়া আৰু মধ্যবিত্ত শ্রেণীৰ লোকে দুই বস্ত্ৰ পৰিধান কৰিছিল। শৰীৰৰ গা অংশত উত্তৰীয় বা চাদৰ আৰু কঁকালৰপৰা তললৈ আঁঠুমুৰীয়া ধুতি পিন্ধিছিল। এনে দুই বস্ত্ৰ পৰিধান কৰা কোনো কোনো সন্মানীয় লোকে ভৰিৰ সৰু গাঁঠি পর্যন্ত আগুৰি ধুতি পিন্ধিছিল। দুই বস্তু পিন্ধা লোকসকলে ধুতিৰ আগ অংশেৰে সন্মুখফালে দীঘলকৈ ‘থোৰ’ আৰু পিছফালে ‘পোন্ধ’মাৰিছিল। সেই আৰ্হি বর্তমান কালত অসমীয়া পুৰুষসকলে গ্ৰহণ কৰা দেখা যায়।

অসমীয়া পুৰুষতকৈ মহিলাৰ সাজ-পাৰ জাকজমকতাপূৰ্ণ আৰু আকর্ষণীয়। প্রাচীন কালত অসমীয়া নাৰীয়ে শাড়ীৰ দৰে দীঘল বস্ত্ৰ পৰিধান কৰাৰ কথা জনা যায়। পিছলৈ ৰিহা-মেখেলা আৰু চাদৰ-মেখেলাৰ প্ৰচলন হয়।

অসমৰ জনজাতীয় মহিলাসকলে আঁঠুৰ তললৈকে মেখেলা পৰিধান কৰে। ইয়াৰ লগতে বুকুৰপৰা মেথনি মাৰি মেখেলা লোৱাৰ নিয়ম আছিল। আহোম স্বৰ্গদেউসকলৰ দিনতে ডা-ডাঙৰীয়া, বিষয়াসকলৰ এক অভিজাত শ্ৰেণীৰ সৃষ্টি হয়। অভিজাত শ্ৰেণীৰ মহিলাসকলে সমাজৰ সাধাৰণ নাৰীয়ে পৰিধান কৰা চাদৰ-মেখেলা, ৰিহা-মেখেলাকে উন্নত আৰু আকর্ষণীয়কৈ পিন্ধাৰ আৰ্হি প্ৰচলন হ’ল। লগতে মেখেলাৰ প্ৰস্থ বঢ়াই লৈ থোৰ মাৰি পিন্ধাৰ ধৰণ গ্ৰহণ কৰিছিল। দীঘল ৰিহাখন বুকুত মেৰিয়াই কঁকালেদি বোৱাই, কঁকালৰ খোচনিত খুচি লোৱাৰ নিয়ম আছিল। ৰিহাখনৰ ওপৰফালে থকা অংশটো বাঁও কান্ধেদি পিছলৈ পেলাই লোৱা হয়। অভিজাত মহিলাসকলৰ কাপোৰ পৰিধানৰ এই ধৰণটোকে সমাজৰ আন নাৰীসকলেও গ্ৰহণ কৰিবলৈ লয়। আচলতে অসমীয়া জনজাতীয় নাৰীৰ সাজ-পাৰকেই সময়ৰ গতিত আকর্ষণীয় আৰু সম্পূৰ্ণ ৰূপত অসমীয়া নাৰীৰ গ্ৰহণযোগ্য পোছাক হৈ পৰিল। উল্লেখযোগ্য যে ইংৰাজৰ আগমনৰ পিছত পশ্চিমীয়া আৰু ভাৰতৰ আন ৰাজ্যৰ সাজ-পাৰৰ প্ৰভাৱ পৰিলেও অসমীয়া নাৰীয়ে স্থানীয় সাজ-পাৰৰ মৌলিকত্ব আজিও বজাই ৰাখিছে!

অতিৰিক্ত প্রশ্নোত্তৰঃ

১। আদিম যুগৰ মানুহে শীত-তাপৰপৰা কেনেকৈ নিজকে ৰক্ষা কৰিছিল?

উত্তৰঃ আদিম যুগৰ মানুহে গছৰ ছাল, পাত নিজৰ দেহত মেৰিয়াই শীত-তাপৰ পৰা নিজকে ৰক্ষা কৰিছিল।

২। উত্তৰীয় কি?

উত্তৰঃ আগৰ দিনৰ অভিজাত শ্রেণীৰ লোকে শৰীৰ গা অংশত লোৱা কাপোৰ। 

৩। কেতিয়াৰপৰা অসমীয়া সাজ-পাৰৰ ক্ষেত্ৰত দেশী-বিদেশী সাজ পোছাকৰ প্ৰভাৱ আৰু সংমিশ্রণ ঘটে?

উত্তৰঃ আহোম স্বৰ্গদেউসকলৰ ৰাজত্বকালৰ পৰা।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top