Assam Jatiya Bidyalay Class 7 History Chapter 11 পুৰণি অসমৰ খেল-ধেমালি

Assam Jatiya Bidyalay Class 7 History Chapter 11 পুৰণি অসমৰ খেল-ধেমালি, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় ইতিহাস Class 7 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Class 7 History Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 7 History Chapter 11 পুৰণি অসমৰ খেল-ধেমালি Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. Assam Jatiya Bidyalay Class 7 History Chapter 11 পুৰণি অসমৰ খেল-ধেমালি The provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

পুৰণি অসমৰ খেল-ধেমালি

Chapter -11

ASSAM JATIYA VIDYALAYA

অসম জাতীয় বিদ্যালয়

প্রশ্নোত্তৰঃ

১। খেল-ধেমালিৰ জৰিয়তে একোতা জাতিৰ কি কি কথা জানিব পৰা যায়।

উত্তৰঃ খেল-ধেমালিৰ জৰিয়তে একোটা জাতিৰ মানসিকতা, চিন্তা-চর্চা, বিভিন্ন কাম-কাজ আৰু জাতিটোৰ ৰাজনৈতিক, অর্থনৈতিক, সামাজিক দিশ আদিৰ অৱস্থা কিমান উন্নত, সেই কথা জানিব পৰা যায়। 

২। অসমৰ জীৱ-জন্তু সম্পৰ্কীয় খেলৰ বিষয়ে লিখা।

উত্তৰঃ মানুহৰ সমাজত কৃষি পদ্ধতিৰ প্ৰচলনৰ লগে লগেই বনৰীয়া জীৱ জন্তুক ঘৰচীয়া কৰা হৈছিল। খেতি-বাতিৰ কাম-নথকা অৱস্থাত মানুহে তেতিয়া জীৱ-জন্তুৰ মাজত যুঁজ লগাই এনেধৰণৰ খেলৰ আনন্দ উপভোগ কৰিবলৈ লৈছিল। জন্তুৰ যুঁজবিলাক আছিল— ম’হ যুঁজ, মেঠোন যুঁজ, হাতী যুঁজ আদি।

অসমত আহোম স্বৰ্গদেউসকলৰ ৰাজত্বকালত ৰজাঘৰীয়া পৃষ্ঠপোষকতাত জীৱ জন্তুৰ মাজত যুঁজ লগোৱা খেল জনপ্রিয় হৈছিল। আহোম ৰাজত্বকালৰ অন্যতম কীৰ্তিচিহ্ন ৰংঘৰ তলৰ পথাৰত ম’হযুঁজ অনুষ্ঠিত কৰি ৰংঘৰ ওপৰ মহলাত বহি আহোম ৰজাসকলে উপভোগ কৰিছিল। জীৱ-জন্তুৰ যুঁজৰ খেলৰ ভিতৰত ম’হযুঁজ বর্তমান সময়তো মৰিগাঁও, আঁহতগুৰি আদি ঠাইত প্ৰচলিত হৈ আছে যদিও হাতী যুঁজ, মেঠোন যুঁজৰ বিলুপ্তি ঘটিছে।

৩। অসমৰ চৰাই সম্পৰ্কীয় খেলৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ অসমত শেন, কুকুৰা, ম’ৰা, ভাটৌ, মইনা, বুলবুলি আদি চৰাইৰ খেল বা যুঁজ অনুষ্ঠিত হৈছিল। আহোম স্বৰ্গদেউ ৰুদ্ৰসিংহৰ ৰাজত্বকালত জন্তু আৰু চৰাই যুঁজৰ খেলবোৰৰ জনপ্ৰিয়তা বৃদ্ধি পাইছিল। বৰ্তমান অসমৰ কোনো ঠাইতে শেন, ম’ৰা, ভাটৌ, মইনা আদি চৰাইৰ যুঁজৰ খেল দেখিবলৈ পোৱা নাযায়। নামনি অসমৰ হাজোত মাঘ বিহুৰ সময়ত এতিয়াও বুলবুলি চৰাইৰ যুঁজৰ খেল অনুষ্ঠিত হৈ আছে। সেইদৰে কোনো কোনো ঠাইত কুকুৰা চৰাইৰ যুঁজো অনুষ্ঠিত কৰা বুলি জনা যায়। উল্লেখযোগ্য যে জীৱ-জন্তু তথা প্রকৃতিপ্রেমী বিভিন্ন ব্যক্তি আৰু সংগঠনে বর্তমান কালত এনেকুৱা জীৱ-জন্তু তথা চৰাই যুঁজৰ খেল পতা কাৰ্যৰ বিৰোধিতা কৰাৰ লগতে এইবোৰ বন্ধ কৰাৰ দাবী জনাই আহিছে।

৪। পুৰণি অসমত ঘৰৰ ভিতৰত খেলা তিনিবিধ খেলৰ নাম লিখা।

উত্তৰঃ কণী যুঁজ, কড়ি খেল আৰু পাশা খেল।

৫। পুৰণি অসমৰ ধৰ্ম সম্পৰ্কীয় খেল-ধেমালিৰ বিষয়ে লিখাঁ। 

উত্তৰঃ পুৰণি অসমত ধর্মীয় উৎসৱ-পাৰ্বণৰ সময়ত ধর্মীয় খেল-ধেমালি খেলিছিল যদিও ইয়াৰ সংখ্যা নিতান্তই কম আছিল। এই খেল-ধেমালিবোৰৰ যোগেদি তেওঁলোকে সেই ধর্মীয় উৎসৱটোৰ আনন্দ ভালদৰে উপভোগ কৰিছিল। এই খেল খেলাবোৰৰ ভিতৰত উল্লেখযোগ্য খেল হৈছে ৰঙৰ খেল আৰু বোকাখেল। ফাকুৱা উৎসৱত ৰঙৰ খেল খেলা হয়। উৎসৱত ভাগ লোৱা নাৰী-পুৰুষ সকলোৱে ইজনে সিজনৰ গাত ৰং (ফাকুৱা) সানি উৎসৱৰ আনন্দ উপভোগ কৰে। ফাকুৱা উৎসৱ হিন্দু ধর্মীয় উৎসৱ যদিও বর্তমান জাতি-ধর্ম-বর্ণ নির্বিশেষে সকলো শ্ৰেণীৰ মানুহে অংশ গ্ৰহণ কৰি ৰঙৰ খেলা খেলে বাবে ই এক সার্বজনীন ৰূপ লৈছে।

বোকাখেল খেলা হয় শ্ৰীকৃষ্ণৰ জন্মোৎসৱ জন্মাষ্টমীৰ সময়ত। এই খেলত অংশ লোৱাসকলে ইজনে-সিজনৰ গাত বোকা সানি উৎসৱটিৰ আনন্দ উপভোগ কৰে। কিন্তু, ফাকুৱা উৎসৱত খেলা ৰঙৰ খেলাৰ দৰে এই বোকাখেল জনপ্ৰিয় নহয়। আনকি জন্মাষ্টমী উৎসৱ পালন কৰা সকলো ঠাইতে এই বোকাখেল খেলা দেখিবলৈ পোৱা নাযায়। সেয়া হ’লেও ধর্মীয় খেল হিচাবে এই খেলৰ গুৰুত্ব আগলৈও থাকিব বুলি আমাৰ বিশ্বাস।

৬। পুৰণি অসমত ঘৰৰ বাহিৰত খেলা খেলৰ বিষয়ে এটি টোকা লিখা। 

উত্তৰঃ পুৰণি অসমত ঘৰৰ বাহিৰত খেলা বহুতো খেল আছিল। তাৰ ভিতৰত এটা হৈছে নাওখেল। পুৰণি কালৰেপৰা প্ৰচলিত আৰু জনপ্ৰিয় নাওখেল বৰ্তমান নামনি অসমৰ ঠায়ে ঠায়ে প্রচলিত হৈ আছে। বৰপেটাত এই নাওখেল পৰম্পৰাগতভাৱে বৰ উলহ-মালহেৰে পতা হয়। নাওখেলত গোৱা গীতবোৰ বৰ আকর্ষণীয়।

পুৰণি অসমত খেলা আন এবিধ হৈছে পেং খেল। দুডাল সৰু বাঁহৰ আগত আন দুচটা বাঁহ ফুটা কৰি যোৰা লগাই বাঁহ দুচটাত উঠি খোজ কঢ়া খেলবিধক পেং খেল বুলি কোৱা হয়। পেঙত উঠি খোজ কাঢ়িলে মানুহ এজনক যথেষ্ট ওখ দেখিবলৈ পোৱা যায়। ইয়ে দৰ্শকক বেছ আমোদ দিয়ে। এই খেলত অংশ লোৱাসকলে নিজৰ ভাৰসাম্য ৰক্ষা কৰিব পৰাটোৱে আটাইতকৈ গুৰুত্বপূৰ্ণ।

হকী খেলৰ লগত সাদৃশ্য থকা পুৰণি অসমত প্ৰচলিত এবিধ খেল হৈছে গেন খেল। বাঁহৰ মূৰাৰপৰা এটা সৰু বল সাজি লৈ কেঁকোৰা লাঠিৰে বলটো কোবাই এই খেল খেলা হৈছিল।

পুৰণি অসমত টাংগুটি, ঢোপ, হাও গুডু, ঘিলা খেল আদিও বৰ জনপ্ৰিয় খেল আছিল। বর্তমান নাওখেল ঠায়ে ঠায়ে চলি আছে যদিও পুৰণি অসমৰ বহুতো খেলৰ ইতিমধ্যে বিলুপ্তি ঘটিছে।

অতিৰিক্ত প্রশ্নোত্তৰঃ

১। কোনজন আহোম স্বৰ্গদেউৰ শাসনকালত জন্তু আৰু চৰাইৰ যুঁজৰ খেলবোৰৰ জনপ্ৰিয়তা বৃদ্ধি পাইছিল? 

উত্তৰঃ স্বৰ্গদেউ ৰুদ্ৰসিংহৰ শাসনকালত।

২। পুৰণি অসমৰ খেল-ধেমালিবোৰৰ ভিতৰত তোমাৰ আটাইতকৈ প্রিয় খেলবিধৰ নাম লিখাঁ। 

উত্তৰঃ ফাকুৱা উৎসৱ ৰঙৰ খেল।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top