Assam Jatiya Bidyalay Class 7 History Chapter 1 সমন্বয় আৰু সংমিশ্ৰণৰ মাজেৰে অসমৰ সংস্কৃতি

Assam Jatiya Bidyalay Class 7 History Chapter 1 সমন্বয় আৰু সংমিশ্ৰণৰ মাজেৰে অসমৰ সংস্কৃতি, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় ইতিহাস Class 7 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Class 7 History Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 7 History Chapter 1 সমন্বয় আৰু সংমিশ্ৰণৰ মাজেৰে অসমৰ সংস্কৃতি Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. Assam Jatiya Bidyalay Class 7 History Chapter 1 সমন্বয় আৰু সংমিশ্ৰণৰ মাজেৰে অসমৰ সংস্কৃতি The provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

সমন্বয় আৰু সংমিশ্ৰণৰ মাজেৰে অসমৰ সংস্কৃতি

Chapter -1

ASSAM JATIYA VIDYALAYA

অসম জাতীয় বিদ্যালয়

প্রশ্নোত্তৰঃ

১। প্রাচীন যুগৰ সাংস্কৃতিক ইতিহাস অধ্যয়ন কৰাৰ বাবে নিৰ্ভৰযোগ্য সমলসমূহক কি কি প্রধান ভাগত ভাগ কৰা হয়? 

উত্তৰঃ প্ৰাচীন যুগৰ সাংস্কৃতিক ইতিহাস অধ্যয়ন কৰাৰ বাবে নিৰ্ভৰযোগ্য সমলবোৰক তলত উল্লেখ কৰা প্ৰধান ভাগবোৰত ভাগ কৰা হয়।

(ক) ভৌগলিক উপাদান।

(খ) সা-সঁজুলি আৰু কাৰিকৰী উপাদান।

(গ) নৃগোষ্ঠীয় উপাদান।

(ঘ) মৌখিক আৰু লিখিত সাহিত্য।

(ঙ) ধর্মীয় উপাদান।

(চ) লোক-সাংস্কৃতিক উপাদান।

(ছ) ভাষা-ভাষিক উপাদান।

(জ) তাম্ৰলিপি আৰু শিলালিপিৰ বিৱৰণ আদি।

২। নৃতাত্ত্বিক অধ্যয়নৰ ফালৰপৰা ভাৰতীয় জনসমষ্টিক কিকি ভাগত ভাগ কৰা হয়? 

উত্তৰঃ নৃতাত্ত্বিক অধ্যয়নৰ ফালৰপৰা ভাৰতীয় জনসমষ্টিক অষ্ট্ৰেলীয়, ককেচীয়, মংগোলীয় আৰু নিগ্ৰ’— এই চাৰিটা শ্ৰেণীত ভাগ কৰা হয়।

৩। ভাষাৰ অধ্যয়নৰ ফালৰপৰা ভাৰতীয় জনসমষ্টিক কি কি ভাগত ভাগ কৰা হয়? 

উত্তৰঃ ভাষাৰ অধ্যয়নৰ ফালৰপৰা ভাৰতীয় জনসমষ্টিক অষ্ট্রিক, আর্য, দ্রাবিড়, মংগোলীয় আদি ভাগত ভাগ কৰা হয়।

৪। অসমৰ অধিবাসীসকলৰ সংস্কৃতি কেইটা আৰু কি কি জাতিৰ মানুহৰ সংস্কৃতিৰ সংমিশ্ৰণত গঢ় লৈ উঠিছে? 

উত্তৰঃ মূলতে অষ্ট্ৰিক আৰু মংগোলীয় — এই দুটা সংস্কৃতিৰ সংমিশ্ৰণত অসমীয়া সংস্কৃতি গঢ় লৈ উঠিছিল। পৰৱৰ্তী সময়ত আর্য, আলপাইন, দ্রাবিড়, কিৰাট আদি বিভিন্ন জাতিৰ মানুহৰ সমন্বয় ঘটি বাৰেবৰণীয়া অসমীয়া সংস্কৃতি গঢ় লৈ উঠে।

৫। নেগ্ৰিটো জনগোষ্ঠীৰ বিষয়ে চমুকৈ লিখাঁ। 

উত্তৰঃ নেগ্ৰিটো বা নিগ্রইড জনগোষ্ঠীটোক ভাৰতলৈ প্ৰব্ৰজন কৰা প্ৰথমটো জনগোষ্ঠী বুলি জনা যায়। এওঁলোক নিগ্ৰো বুলিয়েই পৰিচিত। এওঁলোকে আফ্ৰিকা মহাদেশৰপৰা আৰব আৰু ইৰাণৰ উপকূল পাৰ হৈ পশ্চিম ভাৰত আৰু দক্ষিণ ভাৰতত উপস্থিত হৈছিল। বৰ্তমান কালতো এই নিগ্ৰোসকলৰ বংশধৰসকলে আন্দামান নিকোবৰ দ্বীপপুঞ্জত নিজৰ সংস্কৃতি, ঐতিহ্য পৰম্পৰাৰ সৈতে বসবাস কৰি আছে। দক্ষিণ ভাৰতৰ পাৰ্বত্য অঞ্চলৰ অৰণ্যত বসবাস কৰা কেইটামান জনগোষ্ঠীক নিগ্রো মূলৰ জনগোষ্ঠী বুলি জনা যায়। 

৬। অষ্ট্ৰিক জনগোষ্ঠীৰ বিষয়ে চমুকৈ লিখা। 

উত্তৰঃ অষ্ট্ৰিক জনগোষ্ঠীক ভাৰতৰ প্ৰাচীন আৰু খিলঞ্জীয়া লোক বুলি জনা যায়। বৈদিক সাহিত্যত এওঁলোকক নিষাদ বুলি উল্লেখ কৰা হৈছে। এই অষ্ট্ৰিকসকলেই ভাৰতবৰ্ষত সভ্যতাৰ আৰম্ভণি কৰে। মধ্য ভাৰতৰ অৰণ্য অঞ্চল, হিমালয়ৰ নামনি অঞ্চল, ব্ৰহ্মপুত্ৰ আৰু গংগা নদীৰ উপত্যকাত খেতি-বাতিৰ উপযোগী অঞ্চলবোৰত অষ্ট্ৰিক জনগোষ্ঠীৰ বসতি অঞ্চল গঢ় লৈ উঠে। অসমৰ পৰ্বত আৰু ভৈয়াম অঞ্চলৰ সাংস্কৃতিক জীৱনৰ বহু কথাত অষ্ট্ৰিক জনগোষ্ঠীৰ সাংস্কৃতিক উপাদান প্ৰচুৰ পৰিমাণে আছে।

৭। সংগীতৰ ক্ষেত্ৰত সংস্কৃতিৰ সংমিশ্ৰণ আৰু সমন্বয় কিদৰে ঘটিছে লিখা। 

উত্তৰঃ সংগীতৰ ক্ষেত্ৰত সাংস্কৃতিক সংমিশ্ৰণ আৰু সমন্বয় ঘটাৰ অনেক দৃষ্টান্ত পোৱা যায়। বিশেষকৈ শংকৰদেৱ, মাধৱদেৱ, দুর্গাবৰে ৰচনা কৰা গীতবোৰত সাংস্কৃতিক সংমিশ্ৰণ আৰু সমন্বয়ৰ ছৱি সুন্দৰভাৱে পৰিস্ফুট। এওঁলোকে ৰচনা কৰা গীতবোৰত যি ৰাগ-সংগীতৰ কথা পোৱা যায়, সেইবোৰত ভাৰতীয় ৰাগ-সংগীতৰ প্ৰভাৱ আছে। স্বৰ্গদেউ ৰদ্ৰসিংহৰ ৰাজত্বকালৰ পৰা অসমত বংগদেশৰ সংকীৰ্ত্তন, পাখোৱাজ, খেয়াল, ঠুংৰি আদিৰ আগমন ঘটিছিল। বৈষ্ণৱ ধৰ্মৰ সংগীতৰ ছন্দ-ৰীতি আৰু সুৰ আয়ত্ব কৰি আজান পীৰে ৰচনা কৰা জিকিৰসমূহ সংগীতৰ ক্ষেত্ৰত সাংস্কৃতিক সংমিশ্ৰণ আৰু সমন্বয়ৰ আন এক সুন্দৰ উদাহৰণ।’

৮। ধৰ্মীয় দিশত সমন্বয়ৰ সংস্কৃতি কিদৰে সৃষ্টি হৈছে লিখা। 

উত্তৰঃ অন্যান্য দিশৰ লগতে ধর্মীয় দিশতো অসমত এক সমন্বয়ৰ সংস্কৃতি গঢ় লৈ উঠিছিল। উত্তৰ-পূৱ ভাৰতত শিৱৰ আৰাধনা বিশেষভাৱে হৈছিল। পূজাৰ লগে লগে বলি-বিধানৰো প্ৰচলন আছিল। আহোম ৰজাসকলে বিভিন্ন দৌল দেৱালয় নিৰ্মাণ কৰি সেইবোৰত ব্ৰাহ্মণ পুৰোহিত নিয়োগ কৰি পূজা-অৰ্চনাৰ ব্যৱস্থা কৰিছিল। একে সময়তে বিষ্ণুৰ উপাসনাও চলিছিল। সৰ্বভাৰতীয় নৱ-বৈষ্ণৱ আন্দোলনৰ সময়ত অসমত শংকৰদেৱে নামধৰ্ম প্ৰচাৰৰ জৰিয়তে বিষ্ণুৰ ঠাইত শ্ৰীকৃষ্ণৰ আৰাধনা ব্যাপক কৰি তুলিছিল। থলুৱা জনগোষ্ঠীৰ মাজত শ্ৰীকৃষ্ণ ভক্তি নতুন ৰূপত প্ৰতিষ্ঠা হৈছিল। শংকৰদেৱে ধৰ্ম প্ৰচাৰ, সাহিত্য ৰচনা, কলা-কৃষ্টি সাধনা আদিৰ জৰিয়তে এক সমন্বয়ৰ সংস্কৃতি নিৰ্মাণ কৰিছিল। 

৯। স্থাপত্য-ভাস্কৰ্যৰ ক্ষেত্ৰত কিদৰে সাংস্কৃতিক সমন্বয়ৰ সৃষ্টি হৈছে লিখাঁ। 

উত্তৰঃ অসমৰ স্থাপত্য ভাস্কৰ্যৰ নিজস্ব বৈশিষ্ট্য থাকিলেও ভাৰতৰ বিভিন্ন ঠাইত স্থাপত্য-ভাস্কর্যৰ প্ৰভাৱ পৰি এক সাংস্কৃতিক সমন্বয়ৰ সৃষ্টি হৈছে। আহোম যুগৰ স্থাপত্য-ভাস্কৰ্যত কম্বোদিয়াৰ অংকোৰভাটৰ সাদৃশ্য যিদৰে আছে, সেইদৰে তেজপুৰৰ দ-পৰ্বতীয়াৰ ভগ্নাৱশেষৰ মাজত অসমৰ বিহু নাচ আৰু ঢুলীয়াৰ মূৰ্তি দেখিবলৈ পোৱাটো অতি উল্লেখযোগ্য কথা। আহোম যুগৰ স্থাপত্যৰ মাজত বিভিন্ন সংমিশ্রণ আৰু সমন্বয় লক্ষ্য কৰা যায়। কোচবিহাৰৰ পৰা অহা স্থাপত্য শিল্পীয়ে ইটাত ফুল কাটি থলুৱা মাছ, কণী, বৰা চাউল, শণ, ধূনা, চূণ, গুড় আদিৰে কৰাল তৈয়াৰ কৰি ইটা গাঁথি পকী ঘৰ নিৰ্মাণ কৰিছিল। ধৰ্মীয় বিষয়বস্তুৰে নিৰ্মাণ কৰা স্থাপত্য- ভাস্কর্যত ভাৰতীয় স্থাপত্য-ভাস্কর্যৰ প্ৰভাৱ লক্ষ্য কৰা যায়। শিৱ, বিষ্ণু, আৰু দুৰ্গাৰ চতুৰ্ভুজ মূৰ্তিৰ লগতে দুৰ্গাৰ অষ্টাদশ আৰু দশভূজা মূৰ্তিবোৰত এনে প্ৰভাৱ দেখা যায়।

১০। সাজ-পাৰৰ ক্ষেত্ৰত সংস্কৃতিৰ মিলন কিদৰে হৈছে লিখা। 

উত্তৰঃ সাজ-পাৰৰ ক্ষেত্ৰত অসমত এক বৈচিত্রময় মিলন দেখিবলৈ পোৱা যায়। অসমীয়া মানুহে ৰিহা-মেখেলা, কাপোৰ, চোলা-চুৰিয়া আদি মুগা কাপোৰেৰে তৈয়াৰ কৰিছিল। ভাস্কৰ বৰ্মনৰ ৰাজত্বকালতেই অসমৰ পাট কাপোৰে সমগ্ৰ ভাৰততে খ্যাতি লাভ কৰিছিল। আহোমসকলৰ ৰজা ঘৰত ডা-ডাঙৰীয়াসকলৰ তিৰোতাই চীন দেশৰ আৰ্হিৰ হাত দীঘল চুটি চোলা পৰিধান কৰিছিল। ৰুদ্ৰ সিংহৰ ৰাজত্বকালত মোগল সাজ-পাৰৰ বিভিন্ন বস্তু আৰু ধৰণ-কৰণ অসমলৈ অনা হৈছিল। সেইদৰে মোগল আৰ্হিৰ প্ৰভাৱ সূত্ৰধাৰী নৃত্য, নতুৱা নৃত্য আদি নৃত্যৰ সাজ-পাৰত গ্ৰহণ কৰা হৈছিল। ৰিহা-মেখেলাৰ ফুল বছা, বনকৰা কাম কৰিবলৈ ৰুদ্ৰ সিংহই মুছলমান জোলা তাঁতী অসমলৈ অনাইছিল। শুৱালকুছি- পলাশবাৰীত নিৰ্মিত কাপোৰে মোগল সম্রাটৰো দৃষ্টি আকৰ্ষণ কৰিছিল। মেজাংকৰী, চঁপাপতীয়া আদি কাপোৰ আহোমৰ ৰজাঘৰীয়া লোকৰ মাজত অতি জনপ্ৰিয় আছিল। কিংখাপ নামৰ কাপোৰ খাছী-জয়ন্তীয়াসকলৰ বিশেষ সম্পত্তি আছিল। এনেদৰে দেখা যায় যে, অসমৰ অধিবাসীসকলৰ সাজ পাৰৰ ক্ষেত্ৰটো ভাৰতীয় আৰু থলুৱা সংস্কৃতিৰ মিলন হৈছিল।

অতিৰিক্ত প্রশ্নোত্তৰঃ

১। অসমৰ জাতীয় উৎসৱ বিহুৰ লগত মিল থকা ভাৰতৰ অন্যান্য প্ৰদেশৰ চাৰিটা উৎসৱৰ নাম লিখাঁ। 

উত্তৰঃ বিহুৰ লগত মিল থকা ভাৰতবৰ্ষৰ চাৰিটা উৎসৱ হৈছে — উৰিষ্যাৰ পৌষ সংক্রান্তি, কেৰেলাৰ বীচু, পঞ্জাবৰ বৈশাখী আৰু তামিলনাডুৰ পুংগল।

২। ‘হস্তীবিদ্যাৰ্ণৱ’ পুথিখন কোনে ৰচনা কৰিছিল? 

উত্তৰঃ সুকুমাৰ বৰকাইথে।

৩। ‘হস্তীবিদ্যাৰ্ণৱ’ পুথিখনৰ চিত্ৰকৰ দুজনৰ নাম লিখা। 

উত্তৰঃ দিলবৰ আৰু দোষাই।

৪। স্থানীয় বৈশিষ্ট্য থকা অসমৰ চাৰিবিধ বাদ্য যন্ত্ৰৰ নাম লিখাঁ। 

উত্তৰঃ স্থানীয় বৈশিষ্ট্য থকা অসমৰ চাৰিবিধ বাদ্য যন্ত্ৰ হৈছে— পেপাঁ, গগনা, টোকাৰি আৰু ৰামতাল।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top