Assam Jatiya Bidyalay Class 7 Assamese Chapter 6 উইলিয়াম শ্যেইকছপীয়েৰ

Assam Jatiya Bidyalay Class 7 Assamese Chapter 6 উইলিয়াম শ্যেইকছপীয়েৰ, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় আপোন পাঠ Class 7 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 6 উইলিয়াম শ্যেইকছপীয়েৰ Class 7 Assamese Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 7 Assamese Chapter 6 উইলিয়াম শ্যেইকছপীয়েৰ Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 7 Assamese Chapter 6 উইলিয়াম শ্যেইকছপীয়েৰ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

উইলিয়াম শ্যেইকছপীয়েৰ

Chapter – 6

অসম জাতীয় বিদ্যালয়

১। প্রথমে কোৱা, তাৰ পাছত লিখা।

ক) ইংলেণ্ডৰ জাতীয় কবি আখ্যা পোৱা কবিজন কোন?

উত্তৰঃ ইংলেণ্ডৰ জাতীয় কবি আখ্যা পোৱা কবিজন উইলিয়াম শ্যেইকছপীয়েৰ।

খ) তেওঁ ‘ছনেট’ শ্রেণীৰ কিমানটা কবিতা লিখিছিল? ছনেটৰ বিষয়ে এটি টোকা লিখা।

উত্তৰঃ তেওঁ ‘ছনেট’ শ্ৰেণীৰ এশ চৌৱনটা কবিতা ৰচনা কৰিছিল। এটা মাত্র বিষয়ক অৱতাৰণা কৰি ভাৱ-কল্পনা বা অনুভূতিক যেতিয়া চৌধ্যশাৰী কবিতাৰ মাজেৰে প্ৰকাশ কৰা হয়, তেতিয়া তাক ‘ছনেট’ কবিতা বোলে। চনেটৰ উৎপত্তি স্থান ইটালী। ইটালীয় কবি পেট্রার্ক ‘ছনেট’ কবিতাৰ জন্মদাতা। ইটালীয়ান শব্দ ‘ছনেটো’ (Sonetto) শব্দৰ পৰা ছনেট শব্দৰ সৃষ্টি হৈছে। অসমীয়া সাহিত্যত পণ্ডিত হেমচন্দ্ৰ গোস্বামীয়ে পোন প্ৰথমে ‘ছনেট’ ৰচনা কৰিছিল। ‘প্ৰিয়তমাৰ চিঠি” গোস্বামীদেৱৰ প্রথম ছনেট কবিতা।

গ) নাট্যকাৰ হিচাপে আত্মপ্রকাশ কঁৰোতে শ্যেইকছপীয়েৰে কি অসুবিধা পাইছিল আৰু কিয়?

উত্তৰঃ নাট্যকাৰ হিচাবে আত্মপ্রকাশ কৰোতে শ্যেইকছপীয়েৰে কিছুমান অসুবিধা পাইছিল। সেইসময়ৰ লগুণৰ ৰবাৰ্ট গ্ৰীণ নামৰ নাট্যকাৰজনে তেওঁক অসুবিধা দিছিল। শেইকছপীয়েৰৰ সফলতাত ৰবাৰ্ট গ্ৰীণ নামৰ নাট্যকাৰজনে ইর্ষান্বিত হৈ “আমাৰ পাখিৰে নিজকে সুন্দৰকৈ সজোৱা মাটি ফুটি ওলোৱা কাউৰী” আখ্যা দি হাঁহিছিল। ৰবাৰ্ট গ্ৰীণৰ এই আখ্যাই তেওঁক অসুবিধাত পেলাইছিল।

ঘ) তেওঁ কিমানখন নাটক লিখিছিল আৰু সেইবোৰ কেনেধৰণৰ নাটক আছিল? তেওঁ লিখা কেইখনমান নাটকৰ নাম লিখা।

উত্তৰঃ  তেওঁ সৰ্বমুঠ সাতত্ৰিছখন নাটক লিখিছিল। সেইবোৰৰ সোতৰখন কমেডী নাটক, দহখন ট্ৰেজেদী নাটক আৰু দহখন বুৰঞ্জীমূলক নাটক, আছিল।

তেওঁ ৰচনা কৰা কেইখনমান নাটক— ৰোমিঅ’ জুলিয়েট, দ্য মার্চেণ্ট অৱ ভেনিচ, হেমলেট, এজ ইউ লাইক ইট অথেল’, এ মিড চামাৰ নাইটচ ড্রিম, মিজাৰ ফৰ মিজাৰ, কিং লিয়েৰ, এ উইণ্টাৰচ টেল, মেকবেথ, দ্য টেমপেষ্ট, এণ্টনি এণ্ড ক্লিওপেট্রা ইত্যাদি।

ঙ) শ্যেইকছপীয়েৰৰ পাৰিবাৰিক জীৱনৰ বিষয়ে এটি টোকা যুগুত কৰা।

উত্তৰঃ শোইকছপীয়েৰৰ জন্ম হৈছিল লণ্ডনৰ পৰা ১১০ মাইল দূৰৈৰ ষ্ট্ৰেটফর্ড-আপন-এভন নামে ঠাইত ১৫৬৪ চনত। দেউতাক জন শ্যেইকছপীয়েৰ আৰু মাক মেৰী আর্ডেন ধনী মানুহ আছিল। ছাত্ৰ হিচাপে তেওঁ ভাল আছিল আৰু অধ্যয়নপিপাসু মনৰ আছিল। চৈধ্য বছৰমান বয়সত দেউতাকৰ ব্যৱসায় পৰি আহিবলৈ ধৰাত তেওঁ দেউতাকক সহায় কৰিছিল। তেওঁ কিছুদিন শিক্ষকতাও কৰিছিল। ১৫৮২ চনত এনি হেথাৱেৰ লগত শ্যেইকছপীয়েৰে বিবাহপাশত আৱদ্ধ হয়। চুয়ানা, জুদিন, হেমলেট নামৰ তিনিটা সন্তানৰ জন্মৰ পিছতে তেওঁ ষ্ট্ৰেটফৰ্ডৰ পৰা লণ্ডনলৈ উঠি, আহে। ইয়াৰ পিছৰ পৰাই তেওঁ কর্মময় সাহিত্যিক জীৱন আৰম্ভ কৰে আৰু অপূর্ব সৃষ্টিশীলতাৰে বিশ্ববাসীক কালজয়ী নাটক, কবিতা উপহাৰ দিয়ে। ১৬১৬ চনৰ ২৩ এপ্রিল তাৰিখে এই ক্ষণ জন্মা মহান লেখকজনৰ জন্ম ঠাই ষ্ট্ৰেটফৰ্ডতে মৃত্যু হয়।

২। কোনে, কাক, কেতিয়া কৈছিল লিখা? 

“আমাৰ পাখিৰে নিজকে সুন্দৰকৈ সজোৱা মাটি ফুটি ওলোৱা কাউৰী”

উত্তৰঃ লগুণৰ ৰবাৰ্ট গ্রীণ নামৰ এজন নাট্যকাৰে, শ্যেইকছপীয়েৰক যেতিয়া শ্যেইকছপীয়েৰে নাট্যকাৰ আৰু সু-অভিনেতা হিচাপে প্রসিদ্ধি লাভ কৰিছিল তেতিয়া কৈছিল।

৩। চমুটোকা লিখা – 

ক) নাটক ৷

খ) কমেডী ৷

গ) ট্রেজেডী ৷

ঘ) গ্ল’ব থিয়েটাৰ ৷

উত্তৰঃ ক) নাটক : নাটক সাহিত্যৰ এটা অংগ। সাহিত্যিকে নিজৰ অভিজ্ঞতাৰ পৰা সাহিত্য ৰচনা কৰে। গল্প বা উপন্যাসৰ কাৰণে কল্পনা কৰা কাহিনীকে ৰংগমঞ্চত অভিনয় কৰিব পৰাকৈ সংলাপৰ দ্বাৰা লিখি উলিয়ালে নাটক হয়। অভিনেতাই নাটকৰ চৰিত্ৰ অনুকৰণ কৰি অভিনয় কৰে।

খ) কমেডী : সাহিত্য দুই প্রকাৰৰ থাকে। কমেডী আৰু ট্ৰেজেদী। কমেডী সাহিত্যত সাধাৰণতে নায়ক-নায়িকাৰ মিলন হয়। শ্যেইকছপীয়েৰে ‘দ্য মার্চেণ্ট অৱ ভেনিচ’ নাটকখন কমেডী নাটক। 

গ) ট্রেজেডী : ট্রেজেডী সাহিত্য হলে বিয়োগাত্মক হয়। ট্রেজেডী নাটকেই হওক নাইবা উপন্যাসেই হওক শেষত নায়ক-নায়িকাৰ মৃত্যু হয়। নাইবা দুইজনৰে এৰা এৰি হয়। শ্যেইকছপীয়েৰৰ ‘ৰোমিঅ’ জুলিয়েট’ নাটকখন এখন ট্রেজেডী নাটক।

ঘ) গ্ল’ব থিয়েটাৰ : লগুণত অৱস্থিত গ্ল’ব থিয়েটাৰ শ্যেইকছপীয়েৰৰ অৱদান। এই গ্ল’ৱ থিয়েটাৰতে তেওঁ ‘জুলিয়াছ চীজাৰ’ নামৰ নাটকখন ১৫৯৯ চনত পোনপ্ৰথমবাৰৰ বাবে মঞ্চস্থ কৰিছিল।

৪। বাক্য ৰচনা লিখা। 

তোলপাৰ, সফল কাম, মূৰ দোঁওৱা।

উত্তৰঃ তোলপাৰ : শ্যেইকছপীয়েৰে কালজয়ী নাটক ৰচনা কৰি গোটেই পৃথিৱীতে তোলপাৰ লগাই দিছিল। 

সফল কাম : নাটক ৰচনা কৰি শ্যেইকছপীয়েৰৰ নিচিনা সফলকাম কোনেও আজিলৈকে হ’ব পৰা নাই।

মূৰ দোঁওৱা : বহুত মানুহে একমাত্র ভগৱানৰ ওচৰতহে মূৰ দোৱায়। 

৫। খালী ঠাই পূৰণ কৰা :

ক) কবিতা ৰচনা কৰা লোক ― কবি।

খ) নাটক ৰচনা কৰা লোক ― নাট্যকাৰ।

গ) অভিনয় কৰা লোক ― অভিনেতা।

ঘ) ব্যৱসায় কৰা লোক ― ব্যৱসায়ী।

ঙ) খেতি কৰি জীৱিকা নিৰ্বাহ কৰা লোক ―খেতিয়ক।

বিশেষণ পদ আৰু ইয়াৰ ভাগ

যি পদে আন পদৰ দোষ, গুণ, অৱস্থা আদি বুজায় তাক বিশেষণ পদ বোলে।

বিশেষণ পদ তিনিপ্ৰকাৰৰ।

(ক) বিশেষ্যৰ বিশেষণ। 

(খ) বিশেষণীয় বিশেষণ।

(গ) ক্রিয়া বিশেষণ। 

(ক) বিশেষ্যৰ বিশেষণ : যি পদে বিশেষ্য পদৰ দোষ, গুণ, অবস্থা আদি বুজায় তাক বিশেষ্যৰ বিশেষণ বোলে। উদাহৰণস্বৰূপে অনন্যা ভাল ছোৱালী। এই বাক্যটোত ভাল পদটোৱে অনন্যা বিশেষ্য পদটোৰ গুণ বুজাইছে। সেয়েহে ‘ভাল’ পদটো বিশেষ্যৰ বিশেষণ।

(খ) বিশেষণীয় বিশেষণ : যি পদে কোনো বিশেষণ পদকে বিশেষকৈ বুজায় তাকে বিশেষণীয় বিশেষণ বোলে। যেনে: অনন্যাই বৰ সুন্দৰ গীত গায়। এই বাক্যটোত ‘বৰ’ পদটোৱে সুন্দৰ বিশেষণ পদটোক বিশেষকৈ বুজাইছে। সেয়েহে ‘বৰ’ পদটো বিশেষণীয় বিশেষণ।

(গ) ক্রিয়া বিশেষণ : যি বিশেষণ পদে ক্রিয়া পদৰ দোষ-গুণ বুজায়। তাকে ক্রিয়া বিশেষণ বোলে। যেনে: অনন্যাই লাহে লাহে খোজ কাঢ়ে। এই বাক্যত ‘লাহে লাহে বিশেষণ পদে খোজ কঢ়া ক্রিয়াপদৰ এটা গুণ বুজাইছে। ‘লাহে লাহে’ ক্রিয়া বিশেষণ।

বিশেষণ : বিশেষ্যৰ বিশেষণ, বিশেষণীয় বিশেষণ, ক্রিয়া বিশেষণ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top