Assam Jatiya Bidyalay Class 7 Assamese Chapter 5 অসমৰ বাৰেৰহণীয়া গীত-মাত

Assam Jatiya Bidyalay Class 7 Assamese Chapter 5 অসমৰ বাৰেৰহণীয়া গীত-মাত, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় আপোন পাঠ Class 7 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 5 অসমৰ বাৰেৰহণীয়া গীত-মাত Class 7 Assamese Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 7 Assamese Chapter 5 অসমৰ বাৰেৰহণীয়া গীত-মাত Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 7 Assamese Chapter 5 অসমৰ বাৰেৰহণীয়া গীত-মাত provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

মেধি অসমৰ বাৰেৰহণীয়া গীত-মাততীর্থলৈ যাব

Chapter – 5

অসম জাতীয় বিদ্যালয়

১। একোটিকে বাক্যত উত্তৰ লিখা :

ক) মনত ৰং বা আনন্দ লাগিলে মানুহ বা আন প্রাণীয়ে কি কৰে? 

উত্তৰঃ মনত ৰং বা আনন্দ লাগিলে মানুহ বা আন প্রাণীয়ে দৈহিক অংগী-ভংগী কৰে নাইবা মুখৰ মাতেৰে প্ৰকাশ কৰে। 

খ) নদীৰ পাৰত গঢ়ি উঠা এটা মানৱ সভ্যতাৰ নাম লিখা। 

উত্তৰঃ নদীৰ পাৰত গঢ়ি উঠা এটা মানৱ সভ্যতাৰ নাম গংগা উপত্যকাৰ সভ্যতা।

গ) লোকগীত-মাতবোৰে জাতি এটাৰ কি কি দিশৰ পৰিচয় বহন কৰে? 

উত্তৰঃ  লোকগীত-মাতবোৰে জাতি এটাৰ জীৱনৰ হাঁহি-কান্দোন, সুখ-দুখ, প্রার্থনা-উপাসনা, সামাজিক আচাৰ, পৰম্পৰা, নীতি-উপদেশ আদি সকলোবোৰ দিশৰে পৰিচয় বহন কৰে।

ঘ) কেইবিধমান অসমীয়া লোকগীত-মাতৰ নাম উল্লেখ কৰা।

উত্তৰঃ কেইবিধমান অসমীয়া লোকগীত-মাতৰ নাম হ’ল- ধৰ্মীয় অনুষ্ঠানমূলক গীত, সামাজিক অনুষ্ঠানমূলক গীত, কাহিনী গীত, নিচুকনি গীত বা ল’ৰা-ধেমালিৰ গীত ইত্যাদি।

ঙ) দোতাৰা আৰু টোকাৰী কেনেধৰণৰ গীতত সংগত কৰা হয়? 

উত্তৰঃ দোতাৰা আৰু টোকাৰী লোকগীতৰ লগত সংগত কৰা হয়।

চ) কাহিনী গীতবোৰ আন কি নামেৰে জনা যায়? 

উত্তৰঃ কাহিনী গীতবোৰ মালিতা নামেৰে জনা যায়।

ছ) বুৰঞ্জীমূলক মালিতা কাক বোলে?

উত্তৰঃ বুৰঞ্জীৰ কাহিনীৰ আধাৰত ৰচিত মালিতাবোৰক বুৰঞ্জীমূলক মালিতা বোলে। 

২। চমুকৈ উত্তৰ লিখা :

ক) কিংবদন্তিমূলক মালিতা কাক বোলে? দুটা কিংবদন্তিমূলক মালিতাৰ উদাহৰণ দিয়া। 

উত্তৰঃ  কিংবদন্তিৰ আধাৰত ৰচিত মালিতাবোৰক কিংবদন্তিমূলক মালিতা বোলে। কমলা কুঁৱৰীৰ গীত, ফুল কোঁৱৰ, মণি কোঁৱৰৰ গীত কিংবদন্তিমূলক গীতৰ উদাহৰণ।

খ) অসমীয়া ভাষাৰ কেনেকৈ কেতিয়া জন্ম হৈছিল? 

উত্তৰঃ সংস্কৃত ভাষাৰ পৰা বিৱৰ্তনৰ মাজেৰে খ্ৰীষ্টাব্দ দশম-একাদশ শতাব্দীত অসমীয়া ভাষাৰ জন্ম হৈছিল।

গ) লোকগীত বুলিলে কি বুজা? লোকগীতৰ কেইটামান ভাগ লিখা।

উত্তৰঃ লোকগীত বুলিলে অসমীয়া সমাজত প্ৰচলিত ধর্মীয় অনুষ্ঠান, সামাজিক অনুষ্ঠান, কেচুৱা নিচুকাবলৈ গোৱা গীত, মনৰ সুখ-দুখ প্ৰকাশ কৰিবলৈ গোৱা ইত্যাদি গীতসমূহক বুজা যায়। লোকগীতৰ কেইটিমান ভাগ হ’ব— আই নাম, বিয়া নাম, বিহু গীত, নিচুকনি গীত, কামৰূপীয়া লোকগীত, গোৱালপৰীয়া লোকগীত ইত্যাদি।

ঘ) মহখেদা-গীত কত গোৱা হয়? এইবিধ গীত সময়ত নাগালে। লোক বিশ্বাস মতে কি হয়?

উত্তৰঃ মহখেদা-গীত বৰপেটা জিলাৰ কিছুমান অঞ্চলত গোৱা হয়। এইবিধ গীত সময়মতে নাগালে মহবোৰ ঠাণ্ডাৰ দিনতো নাযায় বুলি বিশ্বাস কৰে।

ঙ) কি কি বিষয়বস্তু অৱলম্বন কৰি গোৱালপৰীয়া লোকগীত ৰচিত হৈছে?

উত্তৰঃ ‘মাহুত’ বা হাতীৰ মাউত, ‘মাইষাল’ বা ম’হৰ গোৱাল, ‘বাইষাল’ বা নাৱৰীয়া আদি বিষয়বস্তুক অৱলম্বন কৰি গোৱালপৰীয়া লোকগীত ৰচিত হৈছে।

৩। চমুটোকা লিখা : 

(ক) মালিতা। 

(খ) বিয়ানাম (গীত)। 

(গ) নিচুকনি গীত। 

(ঘ) নদী সভ্যতা।

উত্তৰঃ ক) মালিতা : অতীতৰ কোনো ঘটনা বা কিংবদন্তিমূলক কাহিনী গীতৰ দ্বাৰা বৰ্ণনা কৰিলে তাক মালিতা কোৱা হয়। বুৰঞ্জীৰ কাহিনীৰ আধাৰত ৰচিত মালিতাবোৰ বুৰঞ্জীমূলক মালিতা আৰু কিংবদন্তিৰ আধাৰত ৰচিত মালিতাবোৰ কিংবদন্তিমূলক মালিতা। এই মালিতাবোৰৰ যোগেদি পুৰণি দিনৰ বহুতো কথা জানিব পাৰি। বৰফুকনৰ গীত, জয়মতী কুঁৱৰীৰ গীত, মনিৰাম দেৱানৰ গীত, কমলা কুঁৱৰীৰ গীত, ফুল কোঁৱৰ মণিকোঁৱৰৰ গীত আদি মালিতাৰ উদাহৰণ। এই মালিতা বা কাহিনী গীতবোৰ অসমীয়া সাহিত্যৰ অমূল্য সম্পদ।

খ) বিয়ানাম (গীত) : অসমীয়া সমাজত নানা ধৰণৰ সামাজিক উৎসৱ-পাৰ্বণত বহু গীত-মাত গোৱা হয়। এই সামাজিক উৎসৱৰ ভিতৰত বিবাহ অনুষ্ঠানো পৰে। এই বিবাহ অনুষ্ঠানত আৰম্ভণিৰে পৰা বহু ধৰণৰ গীত গোৱা হয়। এই গীতবোৰক বিয়া নাম বা বিয়া গীত বুলি কোৱা হয়। জোৰোণৰ দিনা আৰম্ভ কৰা বিয়ানাম বিয়া শেষ হোৱালৈকে চলিয়ে থাকে। বিয়া নামৰ জৰিয়তে দৰা-কইনাক ৰাম-সীতা, কৃষ্ণ-ৰুক্মিনীৰ লগত তুলনা কৰা হয়। এই বিয়া নামবোৰো অসমীয়া সাহিত্যৰ অমূল্য সম্পদ।

গ) নিচুকনি গীত : শিশুৰ মনৰ জগতখন বৰ সুন্দৰ। ফুল, তৰা পখিলা, অপ্সৰা-অপ্সৰী আদিৰ কল্পনাৰ ছবিৰে মন ভৰি থাকে। এই সুন্দৰ মনৰ শিশুবোৰক নিচুকাবলৈ মাক বা আইতাকে কিছুমান শিশুৰ মনৰ উপযোগী গীত গায়। সেইবোৰ এক প্ৰকাৰ লোকগীত। এই গীতবোৰৰ ভাষা বৰ শুৱলা। এই নিচুকনি গীতবোৰ অসমীয়া সাহিত্যৰ অমূল্য সম্পদ।

ঘ) নদী সভ্যতা : প্রাচীন কালত মানুহে একোখন ডাঙৰ নদীক আশ্রয় কৰি বসবাস কৰিবলৈ আৰম্ভ কৰিছিল। সেই সময়ত মানুহে চিধা চিধিকৈ প্ৰকৃতিক আশ্রয় কৰি জীয়াই আছিল। হাজাৰ হাজাৰ বছৰ ধৰি নদী পাৰত মানুহে বসবাস কৰি থকাৰ ফলত নানা জাতি গোষ্ঠীৰ মানুহৰ সভ্যতা এই নদীৰ পাৰতে গঢ় লৈ উঠিছে। উদাহৰণস্বৰূপে আমি নীল নদীৰ সভ্যতা, হোৱাংহো নদীৰ পাৰৰ সভ্যতা, গংগা উপত্যকাৰ সভ্যতা আদিৰ নাম ক’ব পাৰো।

৪। বাক্য ৰচনা কৰা :

সুৱদী সুৰ, উকা উকা, মন চুই যোৱা, শোচনীয় অৱস্থা

উত্তৰঃ সুৱদী সুৰ : মাতৃ ভাষাৰ সুৱদী সুৰীয়া গীতবোৰ যি মানুহে শুনি ভাল নাপায় সেইজন মানুহক দেশপ্রেমিক বুলি ক’ব নোৱাৰি। 

উকা উকা : উকা উকা লগা চোতালখনত যেতিয়া শেৱালি আৰু বকুল ফুল ফুলিবলৈ আৰম্ভ কৰিলে তেতিয়া বহুত ভাল লগা হৈ উঠিল। 

মন চুই যোৱা : শৰৎ কালত শেৱালিৰ সুবাসে মন চুই যায়। 

শোচনীয় অৱস্থা : ঊনৈশ শতিকাৰ মাজভাগত অসমীয়া ভাষাৰ শোচনীয় অৱস্থা দেখি কলিকতাত পঢ়িবলৈ যোৱা অসমীয়া ছাত্ৰসকলে অসমীয়া ভাষাৰ উন্নতি সাধিনী সভা পাতিছিল।

বিশেষ্য পদ

বাক্যত ব্যৱহৃত শব্দৰ অৰ্থলৈ চাই তাত থকা বিশেষ্য পদবোৰক পাঁচটা ভাগত ভাগ কৰিব পাৰি।

ক) নাম বাচক বা ব্যক্তি বাচক বা সংজ্ঞা বাচক বিশেষ্য : কোনো ব্যক্তি বা প্ৰাণীৰ নাম বুজালে তাক নাম বাচক বা ব্যক্তি বাচক বা সংজ্ঞা বাচক বিশেষ্য বোলে। আদিত্য ভাল ল’ৰা। শংকৰদেৱৰ বুঢ়ীমাকৰ নাম খেৰসুতী আছিল। ইয়াত আদিত্য, শংকৰদেৱ, খেৰসুতী ব্যক্তিবাচক বিশেষ্য।

খ) জাতি বাচক বিশেষ্য : কোনো জাতি বা শ্ৰেণীৰ নাম বুজালে তাক জাতি বাচক বিশেষ্য বোলে। আদিত্য ভাল ল’ৰা। গৰু এবিধ ঘৰচীয়া জন্তু। ইয়াত ল’ৰা আৰু গৰু জাতি বাচক বিশেষ্য।

গ) গুণ বাচক বিশেষ্য : কোনো গুণ বা দোষৰ নাম বুজালে তাক গুণ বাচক বিশেষ্য বোলে। উদাহৰণ – সততা, দুষ্টালি।

ঘ) বস্তু বাচক বিশেষ্য : কোনো বস্তুৰ নাম বুজালে তাক বস্তু বাচক বিশেষ্য বোলে। যেনে— টেবুল, কলম, কিতাপ ইত্যাদি।

ঙ) ক্রিয়া বাচক বিশেষ্য : কোনো ক্রিয়া পদৰ নাম বুজালে তাক ক্রিয়া বাচক বিশেষ্য বোলে। উদাহৰণস্বৰূপে— লালন- পালন, খাৱন-শোৱন ইত্যাদি।

বিশেষ্য পদ

নাম বাচক বিশেষ্য, জাতি বাচক বিশেষ্য, গুণ বাচক বিশেষ্য, বস্তু বাচক বিশেষ্য আৰু ক্ৰিয়া বাচক বিশেষ্য।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top