Assam Jatiya Bidyalay Class 7 Assamese Chapter 3 আইদেউ সন্দিকৈ

Assam Jatiya Bidyalay Class 7 Assamese Chapter 3 আইদেউ সন্দিকৈ, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় আপোন পাঠ Class 7 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 3 আইদেউ সন্দিকৈ Class 7 Assamese Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 7 Assamese Chapter 3 আইদেউ সন্দিকৈ Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 7 Assamese Chapter 3 আইদেউ সন্দিকৈ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

আইদেউ সন্দিকৈ

Chapter – 3

অসম জাতীয় বিদ্যালয়

১। ক) জ্যোতিপ্ৰসাদ আগৰৱালাই ‘জয়মতী’ বোলছবি নিৰ্মাণ কৰিবলৈ ওলাই কোনটো ডাঙৰ অসুবিধাৰ সন্মুখীন হৈছিল বুজাই লিখা।

উত্তৰঃ জ্যোতিপ্ৰসাদ আগৰৱালাই ‘জয়মতী’ বোলছবি নিৰ্মাণ কৰিবলৈ, ওলাই নানান অসুবিধাৰ সন্মুখীন হৈছিল। আটাইতকৈ ডাঙৰ অসুবিধা পাইছিল মহিলা শিল্পীৰ ক্ষেত্ৰত। আহোম ৰমণী “জয়মতী কুঁৱৰী”ৰ চৰিত্ৰত অভিনয় কৰিবলৈ উপযুক্ত মানুহ বিচাৰি নোপোৱাত তেওঁ বৰ চিন্তিত হৈ পৰিছিল। জয়মতী বোলছবিৰ তিনিটা প্ৰধান মহিলা চৰিত্ৰ ‘জয়মতী’, ‘ডালিমী’ আৰু ‘পাটমাদৈ’ৰ বাবে জ্যোতিপ্ৰসাদে আনকি বাতৰি কাকতত বিজ্ঞাপনো দিছিল। এই কথা গম পাই ডিম্ব গোহাঁই নামৰ এজন মানুহে জ্যোতিপ্ৰসাদক সহায় কৰিছিল।

খ) ডিম্ব গোহাঁয়ে জ্যোতিপ্রসাদক সহায় কৰাৰ উদ্দেশ্যে কি কৰিছিল?

উত্তৰঃ যেতিয়া জ্যোতিপ্ৰসাদে “জয়মতী বোলছবি”ৰ কাৰণে মহিলা শিল্পীৰ বাবে অসুবিধাৰ সন্মুখীন হৈছিল তেতিয়া ডিম্ব গোহায়ে তেওঁক সহায় কৰিছিল। জ্যোতিপ্ৰসাদক সহায় কৰাৰ উদ্দেশ্যে ডিম্ব গোহাঁয়ে নিজৰ কেমেৰাৰে তেওঁৰ সম্বন্ধীয়া ভনীয়েক এগৰাকীৰ ফটো তুলি জ্যোতিপ্ৰসাদলৈ পঠিয়াই দিছিল। ফটোত ছোৱালীজনীৰ মুখখন দেখি জ্যোতিপ্ৰসাদ ইমানেই মুগ্ধ হৈছিল যে লগে লগে ছোৱালীজনীক লৈ আহিবলৈ ডিম্ব গোহাঁইক কৈছিল।

গ) আইদেউ সন্দিকৈৰ এটি চমু পৰিচয় দিয়া।

উত্তৰঃ আইদেউ সন্দিকৈৰ জন্ম হৈছিল ১৯১৫ চনত গোলাঘাট জিলাৰ মহুৰা মৌজাৰ পানীদিহিঙীয়া গাঁৱত। তেওঁৰ দেউতাকৰ নাম আছিল নীলাম্বৰ সন্দিকৈ আৰু মাকৰ নাম মা লক্ষী সন্দিকৈ। তেওঁৰ তিনিজন ভায়েক আছিল। ডিম্ব গোহাঁই আছিল ছোৱালীজনীৰ সম্বন্ধীয়া ককায়েক। ডিম্ব গোহাঁয়ে আইদেউ সন্দিকৈক পানীত চলাচল কৰা জাহাজ দেখুৱাম বুলি মনে মনে ঘৰৰ পৰা লৈ আহিছিল। কিন্তু জাহাজত উঠাৰ পিছত যেতিয়া জাহাজখন চলিবলৈ আৰম্ভ কৰিছিল তেতিয়া আইদেউ সন্দিকৈয়ে কান্দিবলৈ আৰম্ভ কৰিছিল। এইদৰে এটা সময়ত তেওঁ গৈ ভোলাগুৰি চাহ বাগিচা পাইছিল আৰু তাত দেউতাকৰ অনুমতি লৈ ‘জয়মতী’ চৰিত্ৰত অভিনয় কৰিছিল।

‘জয়মতী’ চৰিত্ৰত অভিনয় কৰি ঘৰলৈ ওভতাৰ পিছত ‘টকী’ত অভিনয় কৰা বাবে তেওঁৰ ঘৰখনকে ৰাইজে এঘৰীয়া কৰিছিল। তেওঁলোকৰ মতে ছোৱালীজনীৰ জাত গৈছে। সেয়ে তাই বৰঘৰত সোমাব নোৱাৰিব। ঘৰৰ সন্মুখতে এটা জুপুৰীঘৰ সাজি তেওঁক থাকিবলৈ দিছিল। এইদৰে গোটেই জীৱন তেওঁ কুমাৰী হৈ এটা কষ্টকৰ জীৱন কটাব লগা হৈছিল। এই মহীয়সী নাৰীগৰাকীৰ ২০০২ চনত ১৭ ডিচেম্বৰত মৃত্যু হৈছিল।

ঘ) ডিম্ব গোহাঁয়ে আইদেউক কেন্দ্ৰ কৰি কি গোপন বুদ্ধি সাজিছিল?

উত্তৰঃ জ্যোতিপ্ৰসাদ আগৰৱালাই ‘জয়মতী’ বোলছবি নিৰ্মাণ কৰিবলৈ ওলাই মহিলা শিল্পীৰ বাবে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিল। তেওঁ ‘জয়মতী’, ‘ডালিমী’ আৰু ‘পাটমাদৈ’ৰ চৰিত্ৰৰ বাবে বাতৰি কাকততো বিজ্ঞাপন দিছিল। ডিম্ব গোহাঁয়ে জ্যোতিপ্ৰসাদৰ এই চেষ্টাৰ গম পাই নিজৰ কেমেৰাৰে তেওঁৰ সম্বন্ধীয়া ভণীয়েক আইদেউৰ ফটো লৈ জ্যোতিপ্ৰসাদলৈ পঠাই দিছিল। ফটোৰ মুখখন দেখি জ্যোতিপ্ৰসাদ মুগ্ধ হৈ ছোৱালীজনীক আনিবলৈ কৈছিল। তেতিয়া গোপনে আইদেউ সন্দিকৈক পানীত চলা জাহাজ দেখুৱাম বুলি লৈ আহিছিল। ডিম্ব গোহীয়ে আইদেউ সন্দিকৈৰ সম্বন্ধীয়া ককায়েক আছিল বাবে ঘৰৰ মানুহে একো সন্দেহ নকৰি আহিবলৈ দিছিল। ডিম্ব গোহাঁয়ে আইদেউ সন্দিকৈক জাহাজত উঠাই ভোলাগুৰি চাহ বাগিচালৈ লৈ আহিছিল। আইদেউৱে নজনাকৈ তেওঁক পানীদিহিঙীয়া গাঁৱৰ পৰা ভোলাগুৰি চাহ বাগিচালৈ আনিবলৈ গোপন বুদ্ধি সাজিছিল।

ঙ) আইদেউ সন্দিকৈ কিদৰে নিজৰ গাঁৱৰ পৰা আহি চাহ বাগিচা পাইছিল?

উত্তৰঃ জ্যোতিপ্ৰসাদ আগৰৱালাই ফটোত আইদেউ সন্দিকৈৰ মুখখন দেখি বৰ মুগ্ধ হৈছিল আৰু ডিম্ব গোহাঁইক তেওঁক লৈ আনিবলৈ নির্দেশ দিছিল। আইদেউৰ সম্বন্ধীয়া ককায়েক ডিম্ব গোহাঁয়ে আইদেউক পানীত চলাচল কৰা জাহাজ দেখুৱাম বুলি গেলাবিল নৈয়েদি নাৱেৰে মহুৰাঘাটৰ পৰা ধনশিৰিলৈ লৈ আহিছিল। লগত আছিল আইদেউৰ ভায়েক কেশৱ। ধনসিৰিত জাহাজত উঠি গমিৰিঘাট পাইছিল। কিন্তু জাহাজত উঠাৰ পিছত যেতিয়া জাহাজ চলিবলৈ আৰম্ভ কৰিছিল তেতিয়া বায়েক আৰু ভায়েক দুয়োটাই কান্দিবলৈ আৰম্ভ কৰিছিল। ডিম্ব গোহাঁয়ে পুনৰ জাহাজখন পাৰলৈ আহিব বুলি ফাঁকি দিছিল। পাৰ পোৱাৰ পিছত এখন লৰীত উঠি চাহ বাগিচা পাইছিল। এইদৰে আইদেউ সন্দিকৈ নিজৰ গাঁৱৰ পৰা আহি চাহ বাগিচা পাইছিল।

চ) ডিম্ব গোহাঁয়ে আইদেউ সন্দিকৈক বুজনি দিবলৈ গৈ কোনখিনি কথা কৈছিল?

উত্তৰঃ ডিম্ব গোহাঁয়ে যেতিয়া আইদেউ সন্দিকৈক ভায়েকৰ সৈতে ফাঁকি দি চাহ বাগিচালৈ লৈ আহিছিল তেতিয়া তেওঁলোকে একো নাখাই নবৈ গোটেই ৰাতি উচুপি উচুপি কান্দি আছিল। তেতিয়া ডিম্ব গোহাঁয়ে আইদেউ সন্দিকৈক বুজনি দিবলৈ এইখিনি কথা কৈছিল যে ডিম্ব গোহাঁয়ে আইদেউ সন্দিকৈক এজন ডাঙৰ মানুহৰ লগত চিনাকি কৰি দিবলৈ পানীদিহিঙীয়াৰ পৰা ভোলাগুৰি চাহ বাগিচালৈ লৈ আহিছিল। সেই ডাঙৰ মানুহজন আছিল জ্যোতিপ্ৰসাদ আগৰৱালা ভাৰতৰ স্বাধীনতা আন্দোলনৰ এজন বনুৱা। জোতিপ্ৰসাদ আগৰৱালাই ‘জয়মতী’ নামৰ এখন ‘টকী’ কৰিবলৈ ওলাইছিল। অসমীয়া ভাষাৰ প্ৰথম টকী’ ‘জয়মতী’ নায়িকা হ’বলৈ, যি জয়মতীয়ে অসমীয়া জাতিক ৰক্ষা কৰিবলৈ নিজৰ প্ৰাণ দিছিল, সেইজাতিৰ গৌৰৱ বঢ়াবলৈ আইদেউ সন্দিকৈয়ে এটা ভাও কৰিব নোৱাৰিব বুলি বুজনি দি প্রশ্ন কৰিছিল। এইখিনি কথাকে ডিম্ব গোহাঁয়ে আইদেউ সন্দিকৈ বুজনি দিবলৈ গৈ কৈছিল।

ছ) আইদেউ সন্দিকৈৰ দেউতাকে জ্যোতিপ্ৰসাদৰ কথা শুনি কিয় থেৰো-গেৰো কৰিছিল?

উত্তৰঃ ডিম্ব গোহাঁয়ে বুদ্ধি কৰি আইদেউ সন্দিকৈক ভোলাগুৰি চাহ বাগিচালৈ লৈ অনাৰ পিছত তেওঁৰ দেউতাকক পানী দিহিঙীয়াৰ পৰা ভোলাগুৰিলৈ জৰুৰীভাৱে টেলিগ্ৰাম কৰি মাতি পঠিয়ালে। দেউতাক ভোলাগুৰি চাহ বাগিচালৈ আহি জ্যোতিপ্ৰসাদ আগৰৱালাৰ পৰা সকলো শুনি প্ৰথমে বৰ ভালেই পাইছিল। কিন্তু সেই সময়ত চিনেমাত অভিনয় কৰাটো সমাজৰ বাবে আছিল একেবাৰে নিষিদ্ধ কথা। সমাজৰ ভয়ত সেয়েহে আইদেউ সন্দিকৈৰ দেউতাকে জ্যোতিপ্ৰসাদৰ কথা শুনি থেৰো-গেৰো কৰিছিল।

জ) ‘জয়মতী’ৰূপী ছোৱালীজনীৰ অৱস্থা পানীত হাঁহ নচৰাৰ দৰে হ’ল। কথাষাৰ বুজাই লিখা।

উত্তৰঃ প্ৰথম অসমীয়া বোলছবি ‘জয়মতী’ জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰিলে কিন্তু জয়মতী চৰিত্ৰত অভিনয় কৰা আইদেউ সন্দিকৈৰ অৱস্থা ঘৰলৈ ওভতাৰ পাছত পানীত হাঁহ নচৰাৰ নিচিনা হ’ল। কাৰণ সেই সময়ত চিনেমাত অভিনয় কৰাটো ছোৱালীৰ বাবে আছিল একেবাৰে নিষিদ্ধ কথা। আইদেউৱে যেতিয়া চিনেমাত অভিনয় কৰি ঘৰলৈ উভতি আহিছিল তেতিয়া সমাজে তেওঁক সহজভাৱে লোৱা নাছিল। টকী’ত অভিনয় কৰা বাবে তেওঁৰ ঘৰখনকো ৰাইজে এঘৰীয়া কৰিছিল। ৰাইজৰ মতে ছোৱালীজনীৰো জাত গৈছে, সেয়ে তাই ঘৰ সোমাব নোৱাৰে। ঘৰৰ সন্মুখতে এটা জুপুৰি ঘৰ সাজি আইদেউক থাকিবলৈ দিছিল। বহুত কাকুতি-মিনতি কৰিও দেউতাকে ৰাইজৰ এনে শাস্তিৰ পৰা জীয়েকক উদ্ধাৰ কৰিব নোৱাৰিছিল। আইদেউৱে এনেকৈ নিজৰ জীৱনটো আবিয়ৈ হৈ কটাবলগীয়া হৈছিল।

২। বাক্য ৰচনা কৰা :

পানীত হাঁহ নচৰা, জয়দেউ কাকুতি, আলাসৰ লাডু, আকাশত চাং পতা, বিধি পথালি দিয়া, গাই বাই চা, আঠুৱাৰ তলৰ মহ, কাণ বাগৰা, বগলী ভকত, দাঁতে ওঁঠে নলগা, দেহে-কেহে খাট, ইহলীলা সম্বৰণ কৰ। 

উত্তৰঃ পানীত হাঁহ নচৰা : ‘জয়মতী’ বোলছবিত অভিনয় কৰি ঘৰলৈ ওভতাৰ পিছত আইদেউ সন্দিকৈৰ অৱস্থা পানীত হাঁহ নচৰাৰ দৰে অৱস্থা হৈছিল। 

জয়দেউ কাকুতি : আইদেউ সন্দিকৈৰ দেউতাকৰ জয়দেউ কাকুতিতো সন্তুষ্ট নহৈ ৰাইজে ছোৱালীজনীক কঠোৰ শাস্তি দিছিল।

আলাসৰ লাডু : দেউতাকৰ আলাসৰ লাডু আইদেৱে কঠোৰ শাস্তিৰ সন্মুখীন হোৱাত তেওঁ বৰ বেজাৰ পাইছিল। 

আকাশত চাং পতা : আকাশত চাং পতা কথাত কেতিয়াও বিশ্বাস কৰিব নালাগে। 

বিধি পথালি দিয়া : শুভ কামত কেতিয়াও বিধি পথালি দিব নালাগে। 

গাই বাই চা : কামটো কৰিবলৈ হৰিয়ে গাই বাই চালে কিন্তু সফল নহ’ল।

আঠুৱাৰ তলৰ মহ : আঠুৱাৰ তলৰ মহৰ কাৰণে বেছি কষ্ট কৰাৰ দৰকাৰ নাই।

কাণ বাগৰা : কাণ বাগৰা কথা কেতিয়াও বিশ্বাস নকৰিবা। 

বগলী ভকত : মানুহক দেখুৱাই বগলী ভকত হ’লে কি হ’ব, তাৰ সকলো কথা ৰাইজে গম পাইছে।

দাঁতে ওঁঠে নলগা : শাহুৱেক আৰু বোৱাৰীয়েকৰ মাজত কেতিয়াও দাঁতে ওঁঠে লগা আমি দেখা নাছিলো।

দেহে-কেহে খাট : মোমাই তামুলী বৰবৰুৱাই দেহে-কেহে খাটি সাধাৰণ অৱস্থাৰ পৰা দোপত দোপে উন্নতি কৰিছিল। 

ইহলীলা সম্বৰণ কৰ : ২০০২ চনৰ ১৭ ডিচেম্বৰৰ দিনাখন আইদেউ সন্দিকৈয়ে ইহলীলা সম্বৰণ কৰিছিল। 

৩। এটা শব্দত প্ৰকাশ কৰা :

একে মাকৰ সন্তান — সহোদৰ। 

আনৰ ওপৰত নিৰ্ভৰ কৰা লোক — পৰনিৰ্ভৰশীল। 

যাক পৰিহাৰ কৰিব নোৱাৰি — অপৰিহাৰ্য।

আনৰ ভাল দেখিব নোৱাৰা লোক ― পৰশ্রীকাতৰ। 

যাক নিবাৰণ কৰিব নোৱাৰি — অনিবার্য।

৪। বিপৰীত অর্থবোধক শব্দ লিখা :

নির্মাণ ― ধ্বংস।

সন্ধি ― যুদ্ধ।

গৌৰৱ ― কলঙ্ক।

গৰ্ব ― বিনয়।

নিষিদ্ধ ― সিদ্ধ।

গ্রহণ ― বর্জন।

বিপদ ― সম্পদ।

শাস্তি ― পুৰস্কাৰ।

বাস্তৱ ― অবাস্তৱ।

সপোন ― দিঠক।

৫। প্রত্যয় ভাঙি দেখুওৱা :

পানীদিহিঙীয়া = পানীদিহিঙ + ঈয়া।

সম্বন্ধীয়া = সম্বন্ধ + ঈয়া।

এঘৰীয়া = এঘৰ + ঈয়া।

গাঁৱলীয়া = গাঁও + অলীয়া।

গঞা = গাঁও + ইয়া।

সমাজিক = সমাজ + ইক।

বুধিয়ক  = বুধি + অক।

অসমীয়া = অসম + ঈয়া।

ভাৱৰীয়া = ভাও + অৰীয়া।

ৰণুৱা = ৰণ + উৱা।

৬। ব্যাখ্যা কৰা :

ক) ‘জয়মতী’ৰ যোগেদি অসমৰ সাংস্কৃতিক জগতত এটা নতুন যুগৰ সূচনা হ’ল।

উত্তৰঃ এই কথাষাৰ আমাৰ পাঠ্যপুথিৰ ‘আইদেউ সন্দিকৈ’ নামৰ পাঠৰ পৰা তুলি দিয়া হৈছে। 

এই কথাষাৰৰ জৰিয়তে লেখকে জ্যোতিপ্ৰসাদ আগৰৱালাই ‘জয়মতী’ বোলছবি নিৰ্মাণ কৰি অসমৰ সাংস্কৃতিক জগতত যে এটা নতুন যুগৰ আৰম্ভ কৰিলে সেই কথা উল্লেখ কৰিছে।

জ্যোতিপ্ৰসাদ আগৰৱালাই ভাৰতবৰ্ষ পৰাধীন হৈ থাকোতে ‘জয়মতী’ বোলছবি নিৰ্মাণ কৰি অসমত আলোড়ণৰ সৃষ্টি কৰিছিল। সেই সময়ত অসমীয়া সমাজত অভিনেত্রী পাবলৈ বৰ টান আছিল। জ্যোতি প্ৰসাদে অশেষ কষ্ট কৰি অভিনেত্রী যোগাৰ কৰিছিল আৰু অভিনেত্ৰীসকলে সমাজত বহুতো আহুকালৰ মাজেদি জীৱন-যাপন কৰিবলগীয়া হৈছিল। তথাপিও জ্যোতিপ্ৰসাদে ‘জয়মতী’ বোলছবি কৰিছিল। এইখনেই অসমীয়া ভাষাত প্রথম চিনেমা। এই চিনেমাই অসমৰ সংস্কৃতিত এটা নতুনত্ব দিলে। ‘জয়মতী’ চিনেমাই অসমীয়া মানুহক এটা নতুন বাট দেখুৱালে। অসমৰ সাংস্কৃতিক জগতত এই চিনেমাই এটা নতুন যুগৰ আৰম্ভ কৰা বুলি নকৈ নোৱাৰি।

খ) আইদেউ সন্দিকৈ মহিয়সী অসমীয়া নাৰীৰ অন্যতম প্রতিভূ।

উত্তৰঃ উদ্ধৃত কথাষাৰ আমাৰ পাঠ্যপুথি আপোন পাঠৰ ‘আইদেউ সন্দিকৈ’ নামৰ পাঠৰ পৰা তুলি দিয়া হৈছে।

এই কথাষাৰৰ জৰিয়তে লেখকে আইদেউ সন্দিকৈ এগৰাকী অসমীয়া নাৰীৰ মাজত অন্যতম প্রতিভূ হিচাপে অসমত জিলিকি থাকিব সেইকথা উল্লেখ কৰিছে।

আইদেউ সন্দিকৈ, যিগৰাকী নাৰীয়ে তাহানিতে বোলছবিত অভিনয় কৰিবলৈ অনিচ্ছা সত্বেও মান্তি হৈছিল সেইগৰাকী আছিল মহিয়সী নাৰী। যিসময়ত জ্যোতিপ্ৰসাদ আগৰৱালাই ‘জয়মতী’ বোলছবি কৰিছিল সেই সময়ত অসমীয়া নাৰীয়ে অভিনয় কৰবিলৈ যথেষ্ট অসুবিধা আছিল। কোনো ছোৱালীয়ে স্ব-ইচ্ছাই আগবাঢ়ি অহা নাছিল আৰু অভিভাৱকেও অভিনয় কৰিবলৈ যাব নিদিছিল। সমাজৰ এটা বৰ ডাঙৰ বান্ধোনে অভিনয় কৰিবলৈ বাধা দিছিল। তাৰ মাজতে আইদেউ সন্দিকৈয়ে বৰ কষ্ট কৰি জয়মতী’ বোলছবিত অভিনয় কৰিছিল আৰু তাৰবাবে আজীৱন কষ্ট খাব লগা হৈছিল। অভিনয় কৰি আহি নিজৰ ঘৰত সোমাব পৰা নাছিল। সমাজে দেউতাকৰ ঘৰখনক এঘৰীয়া কৰি থোৱাৰ পাছতো আইদেউক বৰঘৰত সোমাব দিয়া নাছিল। আইদেউৱে এনেকৈয়ে বছৰৰ পিছত বছৰ আবিয়ৈ হৈ কটাবলগীয়া হৈছিল।

গ) চাহাবৰ দৰে নাথাকি দেশ স্বাধীন কৰিবলৈ তেখেতে দেহ-কেহে খাটি কাৰাবৰণো কৰিছে।

উত্তৰঃ  উদ্ধৃত কথাষাৰ আমাৰ পাঠ্যপুথি ‘আপোন পাঠ’ৰ ‘আইদেউ সন্দিকৈ’ নামৰ পাঠৰ পৰা উদ্ধৃত কৰা হৈছে।

ইয়াত জ্যোতিপ্ৰসাদ আগৰৱালাই বিলাতৰ পৰা আহি বিলাতী চাহাব হৈ নাথাকি যে আমাৰ দেশখন স্বাধীন কৰিবলৈ দেহে-কেহে খাটি কাৰাবৰণ কৰিছিল সেইকথা উল্লেখ কৰিছে।

জ্যোতিপ্ৰসাদ আগৰৱালাই সাত সাগত তেৰ নদীৰ সিপাৰে শিক্ষা গ্ৰহণ কৰিবলৈ গৈছিল উদ্দেশ্য আছিল ভালদৰে পঢ়া-শুনা কৰি ভাৰতলৈ ঘূৰি আহি চৰকাৰী চাকৰি কৰি এটা সুন্দৰ সুখৰ জীৱন-যাপন কৰা। কিন্তু জ্যোতিপ্ৰসাদে যি উদ্দেশ্য লৈ বিলাতলৈ গৈছিল তালৈ গৈ সেই উদ্দেশ্য সলনি কৰি অন্য বহুত নজনা কথা শিকিছিল। মাতৃভূমি অসমলৈ ঘূৰি আহি পৰাধীন ভাৰতক স্বাধীন কৰিবলৈ নিজে দেহে-কেহে খাটিলে আৰু আন মানুহক আন্দোলনৰ প্রতি উদ্বুদ্ধ কৰিবলৈ জুইৰ ফিৰিঙতিৰ নিচিনা গীত ৰচনা কৰিছিল। ভগ্ন স্বাস্থ্য লৈ তেওঁ কাৰাবাস খাটিছিল। ভাৰতক স্বাধীন কৰিবলৈ আৰু অসমৰ সাংস্কৃতিক জগতত এটা নতুন যুগৰ সুচনা কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছিল।

ঘ) জাতিৰ গৌৰৱ বঢ়াবলৈ তই ভাও এটা কৰিব নোৱাৰিবি জানো?

উত্তৰঃ এই কথাষাৰ আমাৰ পাঠ্যপুথি ‘আপোন পাঠ’ৰ ‘আইদেউ সন্দিকৈ’ নামৰ পাঠৰ পৰা তুলি দিয়া হৈছে।

এই কথাষাৰৰ জৰিয়তে আইদেউ সন্দিকৈক ‘জয়মতী’ বোলছবিখনত অভিনয় কৰাবলৈ চেষ্টা কৰা হৈছিল।

তাহানি যেতিয়া জ্যোতিপ্ৰসাদে ‘জয়মতী’ বোলছবি নিৰ্মাণ কৰিছিল তেতিয়া অভিনেত্রী পাবলৈ নাছিল। ‘জয়মতী’ চৰিত্ৰৰ বাবে যিধৰণৰ ছোৱালী বিছাৰিছিল ঠিক তেনেকুৱা এগৰাকী ছোৱালীৰ ফটো ডিম্ব গোহাঁয়ে জ্যোতিপ্ৰসাদক দেখুৱাইছিল। ডিম্ব গোহাঁই আছিল ছোৱালীজনীৰ সম্পৰ্কীয় ককায়েক। ডিম্ব গোহাঁয়ে বুদ্ধি কৰি জাহাজ দেখুৱাম বুলি ভোলাগুৰি চাহ বাগিচালৈ ছোৱালীজনীক লৈ আনিলে। প্রথমে ছোৱালীজনীয়ে নাখাই-নবৈ কেৱল কান্দি আছিল উপায় নাপায় ডিম্ব গোহাঁয়ে জ্যোতিপ্ৰসাদৰ নাম কৈ তেওঁৰ কৰ্মৰ বিষয়েও কৈছিল আৰু লগতে কৈছিল যে ‘জয়মতী’ চিনেমাত অভিনয় কৰি ছোৱালীজনীয়ে জাতিৰ গৌৰৱ বঢ়াব লাগে। জাতিৰ গৌৰৱ বঢ়াবৰ বাবে আও ভাও কৰিব নোৱাৰিব নেকি বুলি প্ৰশ্ন কৰিছিল। 

৭। কি কাৰণে ‘ণ’ বা ‘ষ’ হৈছে লিখা।

ক্ষণ : ক আৰু যৰ পাছত থকা দন্ত্য ‘ন’ মূৰ্দ্ধণ্য ‘ণ’ হয়। 

তৃণ : একেটা পদত থকা ঋ, ৰ, যৰ পাছত থকা দন্ত্য ‘ন’ মূৰ্দ্ধণ্য ‘ণ’ হয়। তৃণ শব্দত ঋৰ পাছত থকা কাৰণে হৈছে।

নিৰ্মাণ : একেটা পদতে থকা ঋ, ৰ, ষ আৰু ন’ৰ মাজত স্বৰবৰ্ণ, ক বৰ্গ বা প বৰ্গৰ কোনো বর্ণ বা ষ, ৰ, হ ব্যৱধান নাথাকিলেও দন্ত্য ‘ন’ মূৰ্দ্ধণ্য ‘ণ’ হয়।

চেষ্টা : ট বৰ্গৰ বৰ্ণৰ লগত যুক্ত হোৱা কাৰণে ‘স’ মূৰ্দ্ধণ্য ‘ষ’ হৈছে। 

গ্রহণ : একেটা পদতে থকা ঋ, ৰ, ষ আৰু ‘ন’ৰ মাজ স্বৰবৰ্ণ ক বর্গ বা প বৰ্গৰ কোনো বর্ণ বা ষ, ৱ, হ ব্যৱধান থাকিলেও দন্ত্য ‘ন’ মূৰ্দ্ধণ্য ‘ণ’ হয়।

নিষিদ্ধ : ই কাৰান্ত আৰু উ কাৰান্ত উপসৰ্গৰ পিছত থকা স্থা, সিধ, সিচ্‌ সম আদি ধাতুৰ দন্ত্য ‘ন’ মূৰ্দ্ধণ্য ‘ণ’ হয়।

ৰণুৱা : আগত ‘ৰ’ থকা কাৰণে দন্ত্য ‘ন’ মূৰ্দ্ধণ্য ‘ণ’ হৈছে।

পূৰ্ণ : স্মৰণ, ইয়াতো আগত ৰ থকা বাবে পাছত দন্ত্য ‘ন’ ঠাইত মূৰ্দ্ধণ্য ‘ণ’ হৈছে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top