Assam Jatiya Bidyalay Class 7 Assamese Chapter 2 ‘জোনাকী’ৰ জন্ম কাহিনী

Assam Jatiya Bidyalay Class 7 Assamese Chapter 2 ‘জোনাকী’ৰ জন্ম কাহিনী, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় আপোন পাঠ Class 7 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 2 ‘জোনাকী’ৰ জন্ম কাহিনী Class 7 Assamese Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 7 Assamese Chapter 2 ‘জোনাকী’ৰ জন্ম কাহিনী Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 7 Assamese Chapter 2 ‘জোনাকী’ৰ জন্ম কাহিনী provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

‘জোনাকী’ৰ জন্ম কাহিনী

Chapter – 2

অসম জাতীয় বিদ্যালয়

১। একোটিকৈ বাক্যত উত্তৰ লিখা। 

ক) কটন কলেজ কোন চনত স্থাপন হৈছিল ?

উত্তৰঃ কটন কলেজ ১৯০১ চনত স্থাপিত হৈছিল।

খ) কলিকতালৈ পঢ়িবলৈ যোৱা ছাত্ৰসকল থকা মেছকেইটা ক’ত ক’ত আছিল?

উত্তৰঃ কলিকতালৈ পঢ়িবলৈ যোৱা ছাত্ৰসকলৰ মেছকেইটা আছিল তেতিয়াৰ কলিকতা চহৰৰ ৩০ নং মুছলমান পাৰালেনত, ৫০নং আৰু ৬২ নং সীতাৰাম ঘোষ ষ্ট্ৰীটত।

গ) অসম সাহিত্য সভাৰ প্রথম সভাপতি কোন?

উত্তৰঃ অসম সাহিত্য সভাৰ প্ৰথম সভাপতি আছিল পদ্মনাথ গোহাঞি বৰুৱা। 

ঘ) ‘অসমীয়া ভাষা উন্নতি সাধিনী সভা’ ক’ত আৰু কোন চনত অসমীয়া ছাত্ৰসকলে স্থাপন কৰিছিল? ইয়াক চমুকৈ কি নাম দিয়া হৈছিল? 

উত্তৰঃ “অসমীয়া ভাষা উন্নতি সাধিনী সভা” কলিকতাৰ ৬৭ নং মির্জাপুৰ ষ্ট্ৰীটৰ মেছত ১৮৮৮ চনৰ ২৫ আগষ্ট তাৰিখে অসমীয়া ছাত্ৰসকলে গঠন কৰিছিল। ইয়াক চমুকৈ “অ. ভা. উ. সা.’ সভা নাম দিয়া হৈছিল। 

ঙ) ‘অসমীয়া ভাষা উন্নতি সাধিনী সভা’ৰ প্ৰথম গৰাকী সম্পাদক কোন? এই সভাৰ প্ৰধান উদ্দেশ্য কি আছিল? 

উত্তৰঃ ‘অসমীয়া ভাষা উন্নতি সাধিনী সভা’ৰ প্ৰথমগৰাকী সম্পাদক হ’ল শিৱৰাম শৰ্মা বৰদলৈ।

এই সভাৰ প্ৰধান উদ্দেশ্য আছিল অসমীয়া ভাষাৰ উন্নতি সাধন কৰা।

চ) ‘জোনাকী’ আলোচনীখন প্ৰকাশৰ ক্ষেত্ৰত কোনে বিশেষ উদ্যোগ গ্রহণ কৰিছিল?

উত্তৰঃ ‘জোনাকী’ আলোচনীখন প্ৰকাশৰ ক্ষেত্ৰত বিশেষ উদ্যোগ গ্রহণ কৰিছিল সেই সময়ৰ কলিকতাৰ প্ৰেছিডেঞ্চি কলেজৰ ছাত্ৰ চন্দ্ৰকুমাৰ আগৰৱালাই।

ছ) ‘জোনাকী’ যুগৰ ত্রিমূর্তি কোন কোন?

উত্তৰঃ ‘জোনাকী’ যুগৰ ত্ৰিমূৰ্তি হ’ল চন্দ্ৰ কুমাৰ আগৰৱালা, হেমচন্দ্র গোস্বামী আৰু লক্ষ্মীনাথ বেজবৰুৱা।

জ) চন্দ্ৰ কুমাৰ আগৰৱালাই ‘জোনাকী’ৰ আগকথাত কি লিখিছিল? 

উত্তৰঃ ১৮৮১ চনত যেতিয়া কলিকতাৰ পৰা ‘জোনাকী’ প্ৰকাশ হৈ ওলাইছিল তেতিয়া চন্দ্ৰ কুমাৰ আগৰৱালাই ‘জোনাকী’ৰ আগকথাত লিখিছিল এইদৰে – “আমি যুঁজিবলৈ ওলাইছোঁ আন্ধাৰৰ বিপক্ষে। উদ্দেশ্য দেশৰ উন্নতি জোনাক”।

ঝ) জোনাকী আলোচনীৰ প্ৰথম সম্পাদক কোন? 

উত্তৰঃ ‘জোনাকী’ আলোচনীৰ প্ৰথম সম্পাদকগৰাকী হ’ল চন্দ্ৰ কুমাৰ আগৰৱালা।

২। ‘টি পার্টি’ মানে কি?

উত্তৰঃ কটন কলেজ স্থাপন হোৱাৰ আগতে যিসকল অসমীয়া ল’ৰাই উচ্চ শিক্ষা গ্ৰহণৰ কাৰণে কলিকতালৈ গৈছিল, তেওঁলোক লগ হৈ সপ্তাহৰ প্ৰত্যেক বুধবাৰে আৰু শনিবাৰে নানা বিষয় আলোচনা কৰিছিল। গোটখোৱা লৰাসকলৰ মাজত ৰং-ধেমালিও হৈছিল আৰু গধুৰ কথাৰো আলোচনা হৈছিল। দেশৰ হিতৰ বাবে কেনে কাম কৰা উচিত সেই বিষয়েও প্রায়ে আলোচনা হৈছিল। এনেদৰে ছাত্ৰসকলে লগ হৈ আলোচনা কৰা কথাটোক তৈওঁলোকে ‘টি পার্টি’ নাম দিছিল। গতিকে ‘টি পার্টি’ মানে কলিকতীয়া অসমীয়া ছাত্রবৃন্দই আলোচনা কৰা এটা অনুষ্ঠান বুলি কব পাৰো।

৩। অ. ভা. উ. সা. সভাৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ ১৮৮৮ চনৰ ২৫ আগষ্ট তাৰিখে ৬৭ নং মির্জাপুৰ ষ্টীটৰ মেছত ‘টি পার্টি’ এটাত কলিকতাত অধ্যয়ন কৰিবলৈ যোৱা ছাত্ৰসকলে ‘অসমীয়া ভাষাৰ উন্নতি সাধিনী সভা’ নামৰ এটি অনুষ্ঠান গঠন কৰিছিল। এই অনুষ্ঠানটোক চমুকৈ অ. ভা. উ. সা. সভা নাম দিছিল।

অ. ভা. উ. সা. সভাৰ প্ৰথম সম্পাদক আছিল শিৱৰাম শৰ্মা বৰদলৈ তেওঁ কলিকতাত পঢ়িবলৈ যোৱা এজন পুৰণি ছাত্র আছিল। অ. ভা. উ. সা সভাৰ প্ৰধান উদ্দেশ্য আছিল অসমীয়া ভাষাৰ উন্নতি সাধন কৰা। কলিকতাত ঘাই শাখাটো ৰাখি অসমৰ বিভিন্ন ঠাইত ইয়াৰ কিছুমান উপ-শাখা গঠন কৰি দিছিল। কলিকতাৰ ঘাই সভাৰ প্ৰত্যেক অধিবেশনতে সদস্যসকলে অসমীয়া ভাষা, সাহিত্য, সংস্কৃতি, সমাজ, বুৰঞ্জী আদি বিভিন্ন বিষয়ৰ প্ৰবন্ধ লিখি আনি পাঠ কৰিছিল। সভাৰ বিভিন্ন আলোচনাৰ যোগেদি তেওঁলোকে কিছু কর্ম আঁচনিও যুগুতাই উলিয়াইছিল।

অসমীয়া ভাষাৰ উন্নতি সাধিনী সভাৰ সিদ্ধান্ত অনুসৰিয়ে কলিকতাৰ পৰা ‘জোনাকী’ আলোচনী প্ৰকাশ পাইছিল। অ. ভা. উ.সা. সভাৰ প্ৰতিগৰাকী সদস্যই ‘জোনাকী’ক সহায় কৰিবলৈ নীতিগতভাৱে প্ৰতিজ্ঞাবদ্ধ হৈছিল৷

৪। অ. ভা. উ. সা. সভাৰ উল্লেখযোগ্য আঁচনিসমূহ কি কি? 

উত্তৰঃ অসমীয়া ভাষাৰ উন্নতি সাধিনী সভাৰ বিভিন্ন আলোচনাৰ জৰিয়তে তেওঁলোকে কিছু কর্ম আঁচনিও যুগুতাই উলিয়াইছিল। এই কর্ম আঁচনিসমূহৰ ভিতৰত তলত উল্লেখ কৰা আঁচনিবোৰ উল্লেখযোগ্য আছিল। 

ক) ১৮৯১ চনত হেমচন্দ্ৰ বৰুৱাই প্ৰণয়ন কৰা অভিধান প্রকাশৰ বাবে আগ্রহ প্রকাশ কৰি প্ৰাথমিক কাৰ্যব্যৱস্থা গ্ৰহণ কৰা। 

খ) ৰাজকীয় কার্যত অসমীয়া ভাষা বেচিকৈ চলাবৰ নিমিত্তে প্রার্থনা কৰি সভাৰ কলিকতাৰ হাইকৰ্টৰ পঞ্জীয়কলৈ দৰ্খাস্ত কৰা। 

গ) সমসাময়িক বিশিষ্ট লেখক যেনে— গুণাভিৰাম বৰুৱা, হেমচন্দ্ৰ বৰুৱা আদিক সম্বৰ্দ্ধনা জনোৱা।

ঘ) কলিকতাত অসমীয়া পুথিৰ এটা পুথিভঁৰাল গঢ়াৰ যত্ন কৰা। 

ঙ) কলিকতাত অসমীয়া নাটকৰ অভিনয় কৰা ইত্যাদি।

৫। ‘জোনাকী’ আলোচনীৰ প্ৰথম সংখ্যাত কি কি প্রকাশ পাইছিল? 

উত্তৰঃ ‘জোনাকী’ আলোচনীৰ প্রথম সম্পাদক আছিল চন্দ্ৰ কুমাৰ আগৰৱালা। তেওঁ ‘জোনাকী’ৰ আগকথাত লিখিছিল— “আমি যুঁজিবলৈ, ওলাইছো আন্ধাৰৰ বিপক্ষে। উদ্দেশ্য, দেশৰ উন্নতি জোনাক।” ইয়াৰ উপৰিও জোনাকীৰ প্ৰথম সংখ্যাত চন্দ্ৰ কুমাৰ আগৰৱালাৰ ‘জোনাকী’ আৰু ‘বনকুৱৰী নামৰ দুটা পদ্য, লক্ষ্মীনাথ বেজবৰুৱাৰ “লিটিকাই’ নামৰ নাটক, ৰত্নেশ্বৰ মহন্তৰ আনন্দৰাম বৰুৱাৰ জীৱনী আৰু কমলাকান্ত ভট্টাচার্যৰ ‘জাতীয় উন্নতি’ নামৰ প্ৰবন্ধ প্ৰকাশ পাইছিল। লগতে জোনাকীৰ আত্মকথা আৰু কেইটামান সাঁথৰো প্ৰকাশ হৈছিল।

৬। প্রসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। 

ক) আমি যুজিবলৈ ওলাইছো আন্ধাৰৰ বিপক্ষে। উদ্দেশ্য দেশৰ উন্নতি জোনাক।

উত্তৰঃ  প্রসংগ : উদ্ধৃত কথাখিনি আমাৰ পাঠ্য পুথিৰ “জোনাকীৰ জন্ম কাহিনী” নামৰ পাঠৰ পৰা তুলি দিয়া হৈছে।

সংগতি : জোনাকীৰ জৰিয়তে অসমীয়া ভাষাৰ অন্ধকাৰ গুচাই দেশৰ উন্নতি সাধন কৰিবলৈ চেষ্টা কৰাটোৱে কথাখিনিৰ জৰিয়তে উল্লেখ কৰিছে।

ব্যাখ্যা : যিসময়ত চন্দ্ৰ কুমাৰ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুৱা, হেমচন্দ্ৰ গোস্বামী আদি ছাত্ৰসকলে কলিকতাত পঢ়ি আছিল সেই সময়ত অসমীয়া ভাষাই এটা ডাঙৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিছিল মাত্র। চালুকীয়া অৱস্থাত থকা অসমীয়া ভাষাক পূৰ্বৰ অৱস্থালৈ আনিবলৈ সেই ছাত্ৰসকলে বহুত চেষ্টা কৰিছিল। তাৰ ফলস্বৰূপে জন্ম হৈছিল ‘জোনাকী’ৰ । কলিকতীয়া ছাত্ৰসকলে অসমীয়া ভাষাক যি আন্ধাৰে ঢাকি ধৰিছিল, সেই আন্ধাৰ নাশ কৰিবলৈ ‘জোনাকী’ৰ সহায় লৈছিল। জোনাকী পৰুৱাই যেনেকৈ অকণ অকণ পোহৰ বিলাই আন্ধাৰ নাশ কৰে ঠিক তেনেকৈ তেওঁলোকেও অসমদেশৰ আন্ধাৰ নাশ কৰি দেশক উন্নতিৰ পথত, প্রগতিৰ পথত আগবঢ়াই নিবলৈ যত্ন কৰিছিল।

খ) ‘জোনাকী আলোচনীখন প্ৰকাশৰ লগে লগে এটা নতুন যুগৰ সূচনা হৈছিল বুলিব পাৰি।

উত্তৰঃ প্ৰসংগ : উক্ত কথাশাৰী অমাৰ পাঠ্যপুথিৰ “জোনাকী’ জন্ম কাহিনী” নামৰ পাঠৰ পৰা তুলি অনা হৈছে।

সংগতি : ইয়াৰ জৰিয়তে লেখকে অসমীয়া ভাষাত প্রকাশিত প্রথম আলোচনী ‘জোনাকী’য়ে যে এটা নতুন যুগৰ আৰম্ভণি কৰিলে সেইকথা উল্লেখ কৰিছে। 

ব্যাখ্যা : ঊনৈশ শতিকাৰ শেষৰফালে কলিকতাত থকা কেইজনমান অসমীয়া ছাত্ৰই অসমীয়া ভাষা-সাহিত্যৰ উন্নতিৰ বাবে বহুত যত্ন কৰিছিল। পঢ়া-শুনাৰ সমান্তৰাল ভাৱে তেওঁলোকে অসমদেশৰ উন্নতিৰ কাৰণে বহুত চিন্তা-চৰ্চ্চা কৰিছিল। প্ৰত্যেক সপ্তাহৰ বুধবাৰ আৰু শনিবাৰে এটা মেচত গোটখাই ৰং-ধেমালিও কৰিছিল আৰু গধুৰ আলোচনাও কৰিছিল। ফলস্বৰূপে প্রথমে অসমীয়া ভাষাৰ উন্নতি সাধিনী সভা আৰু পিছত ‘জোনাকী’ৰ জন্ম হৈছিল। জোনাকীৰ জৰিয়তে অসমদেশৰ উন্নতি কৰিবলৈ বিচাৰিছিল। জোনাকী অসমীয়া ভাষাৰ প্রথম আলোচনী। গতিকে ‘জোনাকী’য়ে অসমীয়া সাহিত্যত এটা নতুন যুগৰ পাতনি মেলিছিল।

৭। শিক্ষকৰ সহায়ত জানি লোৱা (চমুটোকা)

ক) হেমচন্দ্ৰ গোস্বামী : হেমচন্দ্ৰ গোস্বামীৰ জন্ম ১৮৭২ চনত। তেওঁ এজন বিশিষ্ট সাহিত্যিক। ১৯১৬ চনত অকণ নামৰ আলোচনীৰ সম্পাদক আছিল। কিছুদিন প্রথম অসমীয়া আলোচনী ‘জোনাকী’ৰ সম্পাদক আছিল। ১৯২০ চনত অসম সাহিত্য সভাৰ সভাপতি হৈছিল। তেওঁৰ প্রকাশিত পুথি হ’ল পুৰণি অসম বুৰঞ্জী, A Descriptive Catalogue of Assamese Manuscripts ইত্যাদি। প্রথম অসমীয়া ‘ছনেট’ কবিতা “প্ৰিয়তমাৰ চিঠি” গোস্বামীদেৱে ৰচনা কৰিছিল।

খ) চন্দ্ৰ কুমাৰ আগৰৱালা : ১৮৬৭ চনৰ ২৮ অক্টোবৰত চন্দ্ৰ কুমাৰ আগৰৱালাৰ জন্ম হয়। ১৮৮৯ চনত প্ৰকাশিত ‘জোনাকী’ৰ অন্যতম প্রতিষ্ঠাতা আৰু প্ৰথম দুটা সংখ্যাৰ সম্পাদক। ১৯২৮ চনত ‘অসমীয়া’ সংবাদপত্ৰৰ প্রকাশক। তেওঁ এজন ৰোমাণ্টিক কবি আছিল। প্রকাশিত কবিতা পুথিসমূহ হ’ল প্রতিমা, বীণ বৰাগী, চন্দ্রামৃত ইত্যাদি। ১৯৩৮ চনৰ ২ আগষ্ট তাৰিখে এইজনা ৰোমাণ্টিক কবিয়ে ইহলীলা সম্বৰণ কৰে।

গ) লক্ষ্মীনাথ বেজবৰুৱা : ১৮৬৮ চনত আহতগুৰিত ব্ৰহ্মপুত্ৰৰ বুকুত নাওত জন্ম। প্রাক স্বাধীনতাকালৰ শ্ৰেষ্ঠ অসমীয়া সাহিত্যিক। সাহিত্যৰথী আৰু ৰসৰাজ উপাধিৰে খ্যাত। অসমীয়া চুটিগল্প, ৰসৰচনা, উপন্যাস, কবিতা আদি সকলোদিশতে উল্লেখনীয় অৱদান আগবঢ়াই অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি তুলিছিল। অসমীয়া ভাষাৰ উন্নতি সাধিনী সভাৰ অন্যতম জন্মদাতা। ‘জোনাকী’, ‘বাঁহী’ আদি আলোচনীৰ সম্পাদনা কৰিছিল। অসমৰ জাতীয় সংগীত ‘অ’ মোৰ আপোনাৰ দেশ’ৰ ৰচয়িতা। ১৯২৪ চনত অসম সাহিত্য সভাৰ সভাপতি হৈছিল। প্ৰকাশিত পুথিসমূহ “চিকৰপতি নিকৰপতি’, ‘কদম কলি’, ‘পদুম কুৱঁৰী’, সাধুকথাৰ কুকি’, ‘বুঢ়ী আইৰ সাধু’, ‘জোনবিৰি’, ‘লিতিকাই’, ‘কেহোঁকলি’, ‘বেলিমাৰ’, ‘জয়মতী কুৱৰী’, ‘কৃপাবৰ বৰুৱাৰ ওভতনি’, ‘শ্ৰীশ্ৰীশংকৰদেৱ’, ‘মোৰ জীৱন সোঁৱৰণ’, ‘তত্ত্বকথা’, ‘কৃপাবৰ বৰবৰুৱাৰ ভাৱৰ বুৰবুৰণি’, ‘কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা’, ‘The Religion of Love and Devotion’ ইত্যাদি। অসমীয়া সাহিত্যৰ তেওঁ আছিল মুকুটবিহীন সম্রাট। ১৯৩৮ চনত তেওঁ ইহলীলা সম্বৰণ কৰে।

ঘ) পদ্মনাথ গোহাঞি বৰুৱা : ১৮৭১ চনৰ ২৪ অক্টোবৰত পদ্মনাথ গোহাঞি বৰুৱাৰ জন্ম হৈছিল। অসম সাহিত্য সভাৰ প্ৰথম সভাপতি। ‘ঊষা’, ‘বিজুলী’, ‘আসাম বন্তি’ৰ কিছুদিন সম্পাদনা কৰিছিল। তেওঁৰ প্ৰকাশিত পুথিসমূহ— ‘জুৰণি’, ‘ফুলৰ চানেকি’, ‘জয়মতী’, ‘গদাধৰ’, ‘‘টেটোন তামুলী, ‘ভানুমতী’, ‘সাহিত্য সংগ্রহ’ আদি। ১৯৪৬ চনৰ ৭ এপ্ৰিলত তেওঁৰ মৃত্যু হয়।

ঙ) ৰজনী কান্ত বৰদলৈ : ৰজনীকান্ত বৰদলৈৰ জন্ম ১৮৬৭ চনত। ১৯২৫ চনত অসম সাহিত্য সভাৰ সভাপতি হৈছিল বৰদলৈদেৱ। অসমীয়া সাহিত্যৰ উপন্যাস সম্রাট নামেৰে প্রখ্যাত। প্রকাশিত পুথিসমূহ : ‘মনোমতী’, ‘মিৰি জিয়ৰী’, ‘ৰঙ্গিলী’, ‘ৰহদৈ লিগিৰী’, ‘নির্মল ভকত’ ইত্যাদি। জোনাকী যুগৰ অন্যতম সাহিত্যিক। ১৯৩৯ চনত তেখেতৰ মৃত্যু হয়।

৮। বিপৰীত শব্দ লিখা :

উচ্চ ― নিম্ন।

স্বদেশ ― বিদেশ।

অসীম ― সীমিত।

নতুন ― পুৰণি।

গ্রহণ ― বৰ্জন।

গধুৰ ― পাতল।

পৰাধীন ― স্বাধীন।

উচিত ― অনুচিত।

উন্নতি ― অধোন্নতি।

৯। বাক্য ৰচনা কৰা :

পঢ়া-শুনা, ৰং-ধেমালি, ভাষা-সাহিত্য, কথা-বতৰা, চোৱা-চিতা 

উত্তৰঃ পঢ়া-শুনা : সৰু কালৰ পৰা ভালদৰে পঢ়া-শুনা কৰিলে জীৱনত বহুতো কথা ভালদৰে শিকিব পাৰি।

ৰং-ধেমালি : ল’ৰালি কালত অকল ৰং-ধেমালি কৰিয়েই সময় কটাব নালাগে কিন্তু ৰং-ধেমালি কৰাটোও আৱশ্যক।

ভাষা-সাহিত্য : লক্ষ্মীনাথ বেজবৰুৱা আৰু তেওঁৰ সমসাময়িক কলিকতাত পঢ়া ছাত্ৰসকলে অসমীয়া ভাষা-সাহিত্যৰ উন্নতিৰ কাৰণে যৎপৰোনাস্তি চেষ্টা কৰিছিল।

কথা-বতৰা : আনৰ লগত কথা-বতৰা হওতে সদায় মার্জিত হ’ব লাগে। 

চোৱা-চিতা : ফ্লোৰেন্স নাইটিংগেলে আহত সৈন্যসকলক বৰ সুন্দৰকৈ চেৱা-চিতা কৰিছিল।

১০। একে অৰ্থ বুজোৱা শব্দ লিখা :

প্রীতি ― মৰম।

ঘাই ― প্ৰধান।

যত্ন ― চেষ্টা।

দৰ্খাস্ত ― আবেদন।

আন্ধাৰ ― অন্ধকাৰ।

প্ৰচুৰ ― যথেষ্ট।

পাতনি ― পাতনি, ভূমিকা।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top