Assam Jatiya Bidyalay Class 7 Assamese Chapter 1 স্বদেশ প্রেম

Assam Jatiya Bidyalay Class 7 Assamese Chapter 1 স্বদেশ প্রেম, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় আপোন পাঠ Class 7 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 1 স্বদেশ প্রেম Class 7 Assamese Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 7 Assamese Chapter 1 স্বদেশ প্রেম Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 7 Assamese Chapter 1 স্বদেশ প্রেম provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

স্বদেশ প্রেম

Chapter – 1

অসম জাতীয় বিদ্যালয়

১। কবিতাটোৰ সাৰাংশ লিখা। 

উত্তৰঃ নিজৰ ওপজা দেশখনক ভাল নোপোৱা মানুহ এই সংসাৰত নাই বুলিয়ে ক’ব পাৰি। কিন্তু তাৰ মাজতো এনেকুৱা কিছুমান শিলাময় হৃদয়ৰ মানুহ আছে যিবিলাকে নিজৰ জন্মভূমিৰ কথা মনে মনে এবাৰো নাভাবে। সাধাৰণতে বিদেশলৈ গ’লে নিজৰ জন্মভূমিৰ কথা বেছিকৈ মনত পৰে। বিদেশৰ পৰা উলটি আহোতে নিজৰ দেশখন পাবলৈ ব্যাকুল হৈ পৰে। তেতিয়া মানুহৰ অন্তৰ স্বদেশ প্রেমেৰে উপচি পৰে। কিন্তু কিছুমান এনে কাঠচিতীয়া অন্তৰৰ মানুহ আছে যাৰ অন্তৰত স্বদেশৰ প্রতি প্রেম অলপো নাই। বিদেশৰ পৰা উলটি আহোতেও তেনে মানুহৰ অন্তৰত স্বদেশ প্রেম নাজাগে। তেনে মানুহ যিমানেই ডাঙৰ নহলেও, যিমানেই মুধাফুটা নহ’লেও নাইবা ঐস্বর্য-বিভূতিৰে ভঁৰাল উপচি থাকিলেও, সেই মানুহক লৈ কবিয়ে কবিতা ৰচনা নকৰে, গায়কে কোনো গীত নাগায়। সেই স্বার্থপৰ মানুহে নিজকে দুৰকপলীয়া হিচাপে চিনাকি দিয়ে আৰু জীৱনত কেতিয়াও খ্যাতি নাপায়।

২। স্বদেশ প্রেমমূলক কবিতা বুলিলে কি বুজা?

উত্তৰঃ যিবোৰ কবিতাৰ মাজেৰে কবিৰ স্বদেশ প্রেমৰ ভাব প্রকাশ হয়। সেইবোৰ কবিতাকে স্বদেশপ্রেমমূলক কবিতা বুলি বুজা যায়।

৩। (ক) কবিয়ে কাৰ হিয়া শিলাময় বুলিছে?

উত্তৰঃ যিজন মানুহে “এয়ে মোৰ জন্মভূমি” বুলি মনে মনে এবাৰো কোৱা নাই সেইজন মানুহৰ হিয়া শিলাময় বুলিছে।

(খ) কাৰ গুণ গাবলৈ গায়কৰ উচ্ছ্বাস উথলি নুঠে?

উত্তৰঃ বিদেশৰ পৰা উলটি আহোতে যি মানুহৰ অন্তৰত স্বদেশ প্রেম নাজাগে, তেনেকুৱা কাঠচিতীয়া হৃদয়ৰ মানুহৰ গুণ গাবলৈ গায়কৰ উচ্ছ্বাস উথলি নুঠে।

(গ) কোনবোৰ মানুহ ধূলিৰ লগত মিলি যাব আৰু কিয়? 

উত্তৰঃ যিবোৰ মানুহৰ অন্তৰত জন্মভূমিৰ প্ৰতি অলপো ভালপোৱা নাথাকে, বিদেশৰ পৰা উভতি আহিলেও স্বদেশ প্ৰেমেৰে হিয়া জ্বলি নুঠে সেইবোৰ মানুহ ধূলিৰ লগত মিলি যাব কাৰণ সেইবোৰ মানুহৰ গুণ গাবলৈ কবিয়ে কবিতা ৰচনা নকৰে। সেইবোৰ মানুহৰ মৃত্যুত কোনেও চকুলো নোটোকে আৰু সন্মানো নকৰে।

৪। প্রসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা।

  তাৰ বাবে কেৱেঁ আৰু নোটোকে চকুলো,

            কেৱে তাক নকৰে সম্মান;

  কবিয়ে কবিতা ৰচি নকৰে নকৰে

             কেতিয়াও তাৰ গুণ গান।

উত্তৰঃ প্রসংগ : উক্ত কবিতা ফাকি আমাৰ পাঠ্যপুথি ‘আপোন পাঠ’ৰ পদ্মধৰ চলিহাদেৱে ৰচনা কৰা “স্বদেশ প্রেম” নামৰ কবিতাৰ পৰা তুলি দিয়া হৈছে।

সংগতি : কবিতাফাকিৰ জৰিয়তে কবিৰ দেশৰ প্ৰতি থকা ভালপোৱা আৰু যিসকলৰ অন্তৰত দেশৰ প্রতি ভালপোৱা ভাব নাই তেনেলোকৰ মৃত্যুত কোনেও সম্মান নকৰে বুলি উল্লেখ কৰিছে।

ব্যাখ্যা : কবিৰ দেশৰ প্ৰতি নিবিড় ভালপোৱা আছে। সেইবাবে দেশৰ প্ৰতি সিকলৰ ভালপোৱা ভাৱ নাই সেইসকলৰ প্ৰতি কাৰো অন্তৰত শ্ৰদ্ধাৰ ভাব নাই বুলি কৈছে। দেশক ভাল নোপোৱা মানুহৰ মৃত্যুত কোনেও চকুপানী নোটোকে। তেনে মানুহক কোনেও সম্মান নকৰে। যিমান ডাঙৰ মানুহ নহ’লেও সেইজন মানুহক লৈ কবিয়ে কবিতা ৰচনা নকৰে। বহুত বিভৃতি বৈভা, ধন-ঐশ্বর্য থাকিব পাৰে কিন্তু দেশৰ প্ৰতি যদি কোনো ভালপোৱা ভাৱ সামান্যতমো নাথাকে তেনেহলে কোনেও তেনে মানুহৰ গুণ গান নাগায়।

৫। অসমীয়া ভাষাত ৰচনা কৰা কেইটামান স্বদেশ-প্রেমমূলক কবিতাৰ নাম লিখা।

উত্তৰঃ ১। মোৰ দেশ মানুহৰ দেশ : কবি দেৱকান্ত বৰুৱা।

২। জনমভূমি : কবি নলিনী বালা দেৱী।

৩। মোৰ দেশ : কবি হীৰেণ ভট্টাচাৰ্য্য। 

৬। স্বদেশ প্রেম নামৰ কবিতাটোৰ ৰচক কোন?

উত্তৰঃ স্বদেশ প্ৰেম নামৰ কবিতাটোৰ ৰচক হ’ল পদ্মধৰ চলিহা।

৭। স্বদেশ প্ৰেম নামৰ কবিতাটো কোনটো ইংৰাজী কবিতাৰ সৰল ভাঙণি?

উত্তৰঃ স্বদেশ প্ৰেম নামৰ কবিতাটো ইংৰাজ কবি চাৰ ওৱাল্টাৰ স্কটৰ “Patriotism’ নামৰ কবিতাৰ সৰল ভাঙনি।

৮। কবি পদ্মধৰ চলিহাৰ কবিতাৰ মূল উৎস কি? 

উত্তৰঃ কবি পদ্মধৰ চলিহাৰ কবিতাৰ মূল উৎস হ’ল স্বদেশ প্রীতি। 

৯। পদ্মধৰ চলিহাই ৰচনা কৰা দুখন পুথিৰ নাম লিখা। 

উত্তৰঃ পদ্মধৰ চলিহাই ৰচনা কৰা দুখন পুথিৰ নাম হ’ল—

(১) ফুলনি। 

(২) গীতি লহৰী।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top