Assam Jatiya Bidyalay Class 6 Social Science Chapter 4 গুপ্ত সাম্রাজ্য

Assam Jatiya Bidyalay Class 6 Social Science Chapter 4 গুপ্ত সাম্রাজ্য, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় সমাজ বিজ্ঞান Class 6 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 4 গুপ্ত সাম্রাজ্য Class 6 Social Science Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 6 Social Science Chapter 4 গুপ্ত সাম্রাজ্য Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 6 Social Science Chapter 4 গুপ্ত সাম্রাজ্য provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

গুপ্ত সাম্রাজ্য

Chapter – 4

অসম জাতীয় বিদ্যালয়

EXERCISE QUESTION ANSWER

একোটাকৈ বাক্যত উত্তৰ দিয়া। 

(ক) গুপ্ত ৰাজবংশৰ প্ৰতিস্থাপক ৰজাজনৰ নাম কি ?

উত্তৰঃ গুপ্ত ৰাজবংশৰ প্ৰতিস্থাপক ৰজাজনৰ নাম আছিল শ্রীগুপ্ত। 

(খ) প্রথম চন্দ্রগুপ্তই কি উপাধি গ্ৰহণ কৰিছিল ?

উত্তৰঃ প্ৰথম চন্দ্ৰগুপ্তই মহাৰাজা ধিৰাজ উপাধি গ্ৰহণ কৰিছিল। 

(গ) গুপ্ত বংশৰ সৰ্বশ্ৰেষ্ঠ ৰজাজনৰ নাম কি ? 

উত্তৰঃ গুপ্ত বংশৰ সৰ্বশ্রেষ্ঠ ৰজাজনৰ নাম আছিল প্রথম সমুদ্রগুপ্ত।

(ঘ) “শকাৰি’ উপাধি কোনে গ্ৰহণ কৰিছিল ? 

উত্তৰঃ দ্বিতীয় চন্দ্রগুপ্তই শকাৰি উপাধি গ্ৰহণ কৰিছিল।

(ঙ) গুপ্ত শাসন ব্যৱস্থাত প্ৰদেশৰ সৰ্বোচ্চ বিষয়াজনক কি বোলা হৈছিল ?

উত্তৰঃ গুপ্ত শাসন ব্যৱস্থাত প্ৰদেশৰ সর্বোচ্চ বিষয়াজনক মহামাত্র বুলি কোৱা হৈছিল।

(চ) অজন্তা আৰু ইলোৰা ক’ত অৱস্থিত ?

উত্তৰঃ অজন্তা আৰু ইলোৱা মহাৰাষ্ট্ৰৰ আউৰাংগাবাদ জিলাত অৱস্থিত।

(ছ) ভাৰতৰ নিউটন বুলি কাক কোৱা হয় ?

উত্তৰঃ আর্যভট্টক ভাৰতৰ নিউটন বুলি কোৱা হয়।

(জ) মৃচ্ছকটিকম নাটকখনৰ লিখক কোন ?

উত্তৰঃ মৃচ্ছকটিকম নাটকৰ লিখক শূদ্রক।

(ঝ) গুপ্তশাসন কালত দক্ষিণ ভাৰতৰ বিখ্যাত বন্দৰটোৰ নাম কি ?

উত্তৰঃ কালিকট

(ঞ) কামৰূপ নামটোৰ উল্লেখ প্ৰথমবাৰৰ বাবে কোনখন শিলালিপিত পোৱা গৈছিল ? 

উত্তৰঃ এলাহাবাদ প্রশস্তিখনত প্ৰথমবাৰৰ বাবে কামৰূপ নামটোৰ উল্লেখ পোৱা গৈছিল। 

১৷ প্রথম চন্দ্ৰগুপ্তই কেনেকৈ গুপ্ত সাম্রাজ্য গঢ় দিছিল লিখা।

উত্তৰঃ চন্দ্ৰগুপ্তই ৰজা হৈয়ে মহাৰাজাধিৰাজ উপাধি গ্ৰহণ কৰিছিল। তেওঁ সিংহাসনত উঠাৰ সময়ৰে পৰা গুপ্তাব্দ নামেৰে এটা নতুন বছৰ গণনা কৰা হৈছিল। ৰজা হৈয়ে তেওঁ নিজ ৰাজ্য বহলাবলৈ বিভিন্ন উপায় গ্ৰহণ কৰিছিল। উত্তৰফালে ৰাজ্য বহলাবলৈ তেওঁ শক্তিশালী লিচ্ছবীসকলৰ সৈতে বৈবাহিক সম্বন্ধ গঢ়ি তুলিছিল। তেওঁ লিচ্ছবী ৰাজকুমাৰী কুমাৰী দেৱীক বিয়া কৰাইছিল। ইয়াৰ ফলত চন্দ্ৰগুপ্তই বৈশালী আৰু পাটলিপুত্ৰ যৌতুকৰূপে লাভ কৰিছিল। নিজৰ শক্তিৰে শাকেত, প্রয়াগ, দক্ষিণ বিহাৰ আৰু বংগদেশৰ এটা অংশ জয় কৰিছিল। এইদৰে চন্দ্রগুপ্তই এখন বিশাল গুপ্তৰাজ্য গঢ় দিছিল।

২৷ গ্ৰহণ পৰিমোক্ষ নীতি মানে কি ? সমুদ্রগুপ্তই এই নীতি ক’ত আৰু কিয় প্ৰয়োগ কৰিছিল ? 

উত্তৰঃ গ্ৰহণ পৰিমোক্ষ নীতি মানে হ’ল নিজৰ তলতীয়া কৰ-কাটল আদি গ্রহণ কৰা।

সমুদ্রগুপ্তই দক্ষিণ ভাৰতৰ ৰাজ্যবোৰ জয় কবি নিজে প্রত্যক্ষভাৱে শাসন কৰা নাছিল। তেওঁলোকক নিজৰ তলতীয়া কৰি ৰাখি কৰ-কাটল আদায় কৰি আছিল। কাৰণ বিশাল সম্রাজ্য শাসন চলোৱাত অসুবিধা হ’ব বুলি ভাবিয়েই সমুদ্রগুপ্তই দক্ষিণৰ ৰাজ্যবোৰৰ ক্ষেত্ৰত গ্ৰহণ পৰিমোক্ষ নীতি গ্ৰহণ কৰিছিল।

৩৷ নৱৰত্ন বুলি ক’লে কি বুজা ? 

উত্তৰঃ দ্বিতীয় চন্দ্ৰগুপ্তৰ বাজসভাত কালিদাস, বৰাহমিহিৰ, অমৰ সিংহ, শংকু, বৰুচি, বেতালভট্ট, ক্ষপণক, ঘটক পৰ্ব আৰু ধনস্তৰী এই ন-গৰাকী বিদ্বান লোকক একেলগে নৱৰম্ভ বোলা হৈছিল।

৪৷ দ্বিতীয় চন্দ্ৰগুপ্তৰ ৰাজত্বকালৰ বিষয়ে এটা টোকা লিখা। 

উত্তৰঃ সমুদ্রগুপ্তৰ মৃত্যুৰ পিছত পুতেক চন্দ্ৰগুপ্তই ৰাজপাটত বহে। বুৰঞ্জী বিদসকলে এওঁক দ্বিতীয় চন্দ্রগুপ্ত বুলি কয়। এও বিক্রমাদিত্য উপাধি লৈছিল। বৈবাহিক সম্পৰ্কৰ দ্বাৰা দ্বিতীয় চন্দ্ৰগুপ্তই নিজৰ সাম্ৰাজ্য বৃদ্ধি কৰিছিল। দ্বিতীয় চন্দ্ৰগুপ্তই গুজৰাট আৰু মালৱাৰ শকক পৰাস্ত কৰি সমৃদ্ধিশালী উজ্জয়িনী চহৰ দখল কৰিছিল। উজ্জয়িনী তেওঁৰ দ্বিতীয় ৰাজধানী আছিল। শকক পৰাজিত কৰাৰ পিছত ‘শকাৰি’ উপাধি লৈছিল।

তেওঁৰ দিনত চীনদেশৰ পৰ্যটক ফাহিয়ান ভাৰতলৈ আহিছিল। তেওঁ ভাৰতৰ বিষয়ে এটা সুন্দৰ টোকা লিখি থৈ গৈছে।

দ্বিতীয় চন্দ্ৰগুপ্তৰ ৰাজত্বকাল সাহিত্য-সংস্কৃতি, বিজ্ঞান আদি দিশৰ পৰা উল্লেখনীয়। তেওঁৰ বাজসভা কালিদাস বৰাহমিহিৰ, অমৰসিংহ, শংকু, বৰকচি, বেতালভট্ট, ক্ষপণক ঘটকপর্ব আৰু ধনস্তৰী আদি ন-গৰাকী বিদ্বান লোকেৰে উজ্জ্বল হৈ আছিল। এওলোকক একেলগে নবৰত্ন বোলা হৈছিল। নৱৰত্নৰ ভিতৰত কালিদাসব খ্যাতি সকলোতে বিয়পি পৰিছিল। ৪১৪ খ্রীষ্টাব্দত দ্বিতীয় চন্দ্ৰগুপ্তৰ মৃত্যু হয়।

৫৷ গুপ্ত সাম্ৰাজ্যৰ শাসন ব্যবস্থা সম্পর্কে বর্ণনা কৰা।

উত্তৰঃ গুপ্তসকলে ৰাজতান্ত্রিক ব্যৱস্থাৰে দেশ শাসন কৰিছিল। শাসন ব্যৱস্থা দুই ভাগত বিভক্ত আছিল। কেন্দ্ৰীয় আৰু প্ৰাদেশিক। 

কেন্দ্ৰত ৰজাই সর্বেসর্বা আছিল। ৰজাক সাম্রাজ্যৰ শাসনত সহায় কৰিছিল মন্ত্ৰী পৰিষদে। মন্ত্ৰীক অমাত্য বুলি কোৱা হৈছিল।

গুপ্ত সম্ৰাটসকলে শাসনৰ সুবিধাৰ কাৰণে সাম্ৰাজ্যখনক কেইবাখনো ভুক্তি বা প্ৰদেশত ভাগ কৰিছিল। প্রদেশ বিলাকক আকৌ বিষয় বা জিলাত ভাগ কৰিছিল। প্ৰশাসনৰ আটাইতকৈ ক্ষুদ্র গোটটো আছিল গাঁও। প্ৰদেশৰ সৰ্বোচ্চ শাসনকর্তাজনক ‘মহামাত্ৰ’ বুলি কোৱা হৈছিল। গাঁৱৰ শাসন চলাইছিল গ্রামীক বা গাওঁবুঢ়াজনে। সকলো ধৰণৰ বৃত্তিধাৰীৰ সংঘ বা গীল্ড আছিল। এওঁলোকে নগৰৰ প্ৰশাসনত উল্লেখনীয় ভূমিকা লৈছিল।

গুপ্তযুগত ফৌজদাৰী আৰু দেৱানী দুই প্ৰকাৰ আইন অনুসাৰে বিচাৰ কৰা হৈছিল। সম্রাটেই আছিল ন্যায় ব্যৱস্থাৰ মূৰব্বী। 

প্রশাসনিক ক্ষেত্ৰত গুপ্তসকলে এককেন্দ্রিক শাসন ব্যৱস্থাৰ প্ৰচলন কৰিছিল।

৬৷ গুপ্তযুগত ভাৰতত সামাজিক অৱস্থা কেনে ধৰণৰ আছিল বর্ণনা কৰা। 

উত্তৰঃ গুপ্ত ৰাজত্বকালত ভাৰতীয় সমাজ ব্যৱস্থাৰ গাঁথনিৰ পৰিৱৰ্তন ঘটিছিল। দৰমহাৰ সলনি মাটি বাৰী দিয়াৰ ফলত এই সময়ত সামন্ত প্ৰথাৰ প্ৰসাৰ ঘটিছিল। গুপ্ত ৰজাৰ দান দক্ষিণাৰ ফলত সমাজত উচ্চ বৰ্ণৰ মাটিৰ মালিক শ্রেণী এটাৰ উদ্ভৱ হৈছিল। সমাজত জাতি-ভেদ প্রথা আৰু অস্পৃশ্যতাই গা কৰি উঠিছিল। বিভিন্ন বিদেশী লোক ভাৰতলৈ আহি মিলি যোৱাত সমাজত বহুতো নতুন নতুন জাতিৰ উৎপত্তি হৈছিল।

গুপ্তৰাজসকল হিন্দুধর্মৰ পৃষ্ঠপোষক আছিল বাবে পুৰোহিত শ্ৰেণীৰ প্ৰতিপত্তি বাঢ়িছিল। মাটিৰ মালিকীস্বত্ব থকা পুৰোহিত শ্ৰেণীৰ আৱির্ভাৱে নতুন অর্থনৈতিক সমস্যাৰ সৃষ্টি কৰিছিল। কৃষি কৰ বৃদ্ধি পোৱাৰ বাবে খেতিয়কসকলৰ অৱস্থা পুতৌলগা আছিল।

গুপ্তযুগত শূদ্ৰ আৰু মহিলাসকলৰ সামাজিক স্থান আগতকৈ বৃদ্ধি পাইছিল। কিন্তু মহিলাসকলক ৰাজ্য শাসনৰ পৰা দুৰত ৰখা হৈছিল।

৭৷ গুপ্ত শাসনকালত ভাৰতৰ শিল্পকলাৰ বিকাশৰ ধাৰা সম্পৰ্কে এটা টোকা প্ৰস্তুত কৰা।

উত্তৰঃ গুপ্ত শাসনকালত ভাৰতৰ শিল্পকলাৰ বিকাশ ঘটিছিল। বৌদ্ধ ধৰ্ম আৰু জৈন ধৰ্মৰ শিল্প কলা গুপ্তযুগত উন্নতিৰ চৰম পৰ্যায় পাইছিল। মথুৰা, সাৰনাথ আদি বৌদ্ধ মূৰ্ত্তি গঢ়াৰ বাবে বিখ্যাত আছিল।

অজন্তা আৰু ইলোৰাৰ গুহাচিত্ৰসমূহৰ গুপ্তযুগৰ উন্নত শিল্পকলাৰ নিদর্শন। ভাস্কৰ্যৰ ক্ষেত্ৰতো গুপ্ত যুগ উল্লেখনীয়ভাৱে আগবঢ়া আছিল। এই সময়ছোৱাতে হিন্দুৰ উপাস্য দেৱতা বিষ্ণু, শিৱ ইত্যাদিৰ মূৰ্ত্তি গঢ়া হৈছিল। 

গুপ্তযুগত ধাতু শিল্পৰ ব্যাপক উন্নতি হৈছিল। দিল্লীৰ মেহৰুলীত থকা লৌহ স্তম্ভটো গুপ্ত যুগৰ উন্নত ভাস্কৰ্যৰ চিন। গুপ্তযুগৰ স্থাপত্যৰ চিন হিচাপে উত্তৰ প্ৰদেশৰ কিছু ঠাইত ইটা আৰু শিলেৰে সজা মন্দিৰ পোৱা গৈছে। শিলৰ ব্যৱহাৰ গুপ্ত যুগৰ স্থাপত্যৰ আটাইতকৈ উল্লেখনীয় বৈশিষ্ট্য আছিল। পালটিপুত্র শিলেৰে সজা ৰাজপ্ৰসাদৰ সৌন্দর্যই বিদেশী পর্যটকক মোহিত কৰিছিল।

৮৷ ‘গুপ্ত সাম্ৰাজ্যৰ দিনত ভাৰতীয় সাহিত্যই পূৰ্ণ বিকাশ লাভ কৰিছিল। ব্যাখ্যা কৰা।

উত্তৰঃ ভাৰতৰ ইতিহাসত সাহিত্যৰ বাবে গুপ্তযুগ প্রখ্যাত। গুপ্তযুগত দুটা ধাৰাৰ সাহিত্য একেলগে সৃষ্টি হৈছিল। তাৰে এভাগ আছিল ধর্মীয় শিক্ষাৰহিত আৰু আনভাগ আছিল ধর্মীয় সাহিত্য। গুপ্ত সম্রাটসকলে বিদ্বান শিক্ষাৰহিত আৰু আনভাগ আছিল ধর্মীয় সাহিত্য। গুপ্ত সম্রাটসকলে বিদ্বান লোকৰ ৰাজসভাত ঠাই দিছিল। দ্বিতীয় চন্দ্ৰগুপ্তৰ ৰাজ সভাৰ নৱৰত্নই ভাৰতৰ সাহিত্যক গৌৰবোজ্জ্বল কৰি গৈছে। গুপ্তযুগৰ সাহিত্যিকৰ মাজৰ সকলোতকৈ উজ্জ্বল ৰত্ন আছিল কালিদাস। কালিদাসৰ সংস্কৃত সাহিত্যক সমৃদ্ধিশালী কৰাই নহয়, ভাৰতীয় সাহ্যিক বিশ্ববাসীৰ সন্মুখত সৰ্বশ্রেষ্ঠ কৰি গৈছে। কালিদাসৰ উপৰি হৰিসেন, অশ্বঘোষ আৰু ভাৰৱী আছিল বিখ্যাত কবি। হৰিসেন সমুদ্রগুপ্তৰ ৰাজকবি আছিল। শূদ্ৰকৰ সু-বিখ্যাত নাটক ‘মৃচ্ছকটিকম্ আৰু বিশাখদত্তৰ মুদ্ৰাৰাক্ষস গুপ্তযুগৰ অলংকাৰ। হিন্দুধৰ্মৰ ভাগৱত স্কন্ধ, শিব, বায়ু মৎস্য আদি পুৰাণসমূহ গুপ্তযুগতে ৰচনা কৰা হৈছিল।

সংস্কৃত ভাষাত প্রথম অভিধান অমরকোষ দ্বিতীয় চন্দ্রগুপ্তৰ সভাসদ অমরসিংহই বচনা কৰিছিল। নালন্দা, তক্ষশীলা, উজ্জয়িনী, সাৰনাথ আৰু বিক্রমশীলাত থকা বিশ্ববিদ্যালয় কেইখনে ভাৰতীয় শিক্ষাজগতলৈ পৰিৱৰ্তন আনিছিল। গুপ্তযুগত সাহিত্য ৰচনা কৰা হৈছিল সংস্কৃত ভাষাত। সাধাৰণ লোকৰ ভাষা আছিল প্রাকৃত। 

৯৷ গুপ্তযুগক কিয় ভাৰতৰ সোণালী যুগ বোলা হয় আলোচনা কৰা।

উত্তৰঃ গুপ্তযুগক ভাৰতৰ সোণালী যুগ বোলা হয়। গুপ্তসম্রাট সকলে দেশত শান্তি স্থাপন কৰি, দেশৰ নাগৰিকসকলক বিদেশী আক্রমণৰ পৰা ৰক্ষা কৰিছিল। শিল্প সাহিত্য দর্শন, বিজ্ঞান, চিত্রকলা, স্থাপত্য আদি সকলো দিশতে উন্নতি কৰাত গুপ্তসম্রাটসকলে উল্লেখযোগ্য বৰঙণি যোগাইছিল। সমাজৰ সকলো দিশতে উন্নতি হৈছিল। এই যুগতে ভাৰতীয় সভ্যতা সংস্কৃতি সকলোফালে বিয়পি পৰিছিল। গুপ্তযুগতে প্রথম ভাৰতত দশমিক পদ্ধতি, শূন্যৰ ব্যৱহাৰ আদিৰ বিষয়ে ধাৰণা কৰা হৈছিল। সেই সময়ত শাসন ব্যৱস্থাত প্ৰচলন কৰা কিছুমান ধাৰা আজিৰ সমাজতো বিদ্যমান।

গুপ্ত সম্রাটসকলৰ দিনত ভাৰতীয়সমাজৰ যি সৰ্ব্বংগীন আৰু সামগ্রিক উন্নতি হৈছিল সেই কাৰণে গুপ্তযুগক ভাৰতৰ সোণালী যুগ বোলা হয়।

১০৷ গুপ্তযুগৰ শ্ৰেষ্ঠ জ্যোতির্বিজ্ঞানী কোন আৰু তেওঁ ৰচনা কৰা গ্ৰন্থখনৰ নাম লিখা।

উত্তৰঃ গুপ্তযুগৰ শ্ৰেষ্ঠ জ্যোতিবিজ্ঞানীজনৰ নাম হ’ল বৰাহমিহিৰ তেওঁ ৰচনা কৰা শ্ৰেষ্ঠ গ্ৰন্থখনৰ নাম হ’ল জ্যোতিষ শাস্ত্র পঞ্জ সিদ্ধান্ত। 

১১৷ গুপ্তযুগত গণিত শাস্ত্ৰত উদ্ভৱ হোৱা শ্রেষ্ঠ ধাৰণা তিনিটা কি কি আছিল ?

উত্তৰঃ গুপ্ত যুগত গণিত শাস্ত্ৰত উদ্ভৱ হোৱা শ্রেষ্ঠ ধাৰণা তিনিটা হ’ল–

(ক) দশমিক পদ্ধতি।

(খ) শূন্যৰ ব্যৱহাৰ।আৰু 

(গ) স্থানীয় মানৰ ব্যৱহাৰৰ ধাৰণা। 

১২৷ কালিদাসে ৰচনা কৰা পাঁচখন সংস্কৃত সাহিত্যৰ নাম লিখা।

উত্তৰঃ কালিদাসে বচনা কৰা পাঁচখন সাহিত্যৰ নাম হ’ল– 

(ক) বঘুবংশ।

(খ) মালবিকা অগ্নিমিত্রম।

(গ) অভিজ্ঞানম শকুন্তলম।

(ঘ) কুমাৰ সম্ভব।

(ঙ) মেঘদূত।

১৩৷ চমুটোকা লিখা- 

সোণালী যুগ, ফাহিয়ান, কালিদাস

উত্তৰঃ সোণালী যুগ :- গুপ্তযুগক ভাৰতৰ সোণালী যুগবোলা হয়। এই যুগত গুপ্ত সম্রাটসকলে দেশত শান্তি স্থাপন কৰি বিদেশী আক্ৰমণৰ পৰা ৰক্ষা কৰিছিল। তেওঁলোকে শিল্প-সাহিত্য, দর্শন-বিজ্ঞান, স্থাপত্য আদিৰে দেশক সমৃদ্ধ কৰিছিল। গুপ্তযুগতে ভাৰতৰ সভ্যতা-সংস্কৃতি সকলোফালে প্ৰসাৰিত হৈছিল। গুপ্তসম্ৰাটসকল প্রজা হিতকৰ আছিল।

ফাহিয়ান :- দ্বিতীয় চন্দ্ৰগুপ্তৰ ৰাজত্বকালত চীনা পৰিব্ৰাজক ফাহিয়ান ভাৰতলৈ আহিছিল। তেওঁ ৪০১ খৃঃ ৰ পৰা ৪১০ খৃঃ লৈ দহ বছৰ কাল ভাৰতত কটাইছিল। ফাহিয়ানে ভাৰত সম্পৰ্কে এটা সুন্দৰ টোকা লিখি থৈ গৈছে। তেওঁ মগধৰ ৰাজধানী পাটলিপুত্ৰৰ বৰ্ণনা দিয়াৰ উপৰিও ভাৰতৰ বাসিন্দা, শাসন পদ্ধতি, শিল্পকলা, সমাজ ব্যৱস্থা আদিৰ বিষয়ে সুন্দৰভাৱে লিখি গৈছে। ফাহিয়ানে সংস্কৃত ভাষাও শিকিছিল।

কালিদাস :- এওঁ দ্বিতীয় চন্দ্ৰগুপ্তৰ ৰাজসভাত থকা নৱৰত্নৰ মাজত এজন উজ্জ্বল ৰত্ন কৰি আছিল। এওঁৰ ৰচিত সাহিত্যসমূহ ভাৰতীয় সকলো সাহিত্যৰ ভিতৰতে শ্রেষ্ঠ বুলি গণ্য হয়। কালিদাসে ভাৰতীয় সাহিত্যক বিশ্ববাসীৰ সন্মুখত সৰ্বশ্রেষ্ঠ স্থান দি গৈছে। তেওঁৰ ৰচনা সমূহৰ ভিতৰত ৰঘুবংশ, মালৱিকা অগ্নিমিত্রম, অভিজ্ঞানম্ – শকুন্তলম, কুমাৰ সম্ভৱ, মেঘদূত, ঋতুসংহাৰ আদি শ্রেষ্ঠ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top