Assam Jatiya Bidyalay Class 6 Social Science Chapter 3 মৌর্যোত্তৰ যুগৰ ভাৰত

Assam Jatiya Bidyalay Class 6 Social Science Chapter 3 মৌর্যোত্তৰ যুগৰ ভাৰত, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় সমাজ বিজ্ঞান Class 6 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 3 মৌর্যোত্তৰ যুগৰ ভাৰত Class 6 Social Science Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 6 Social Science Chapter 3 মৌর্যোত্তৰ যুগৰ ভাৰত Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 6 Social Science Chapter 3 মৌর্যোত্তৰ যুগৰ ভাৰত provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

মৌর্যোত্তৰ যুগৰ ভাৰত

Chapter – 3

অসম জাতীয় বিদ্যালয়

EXERCISE QUESTION ANSWER

(ক) মৌৰ্যসকলৰ শেষ ৰজা কোন আছিল ? 

উত্তৰঃ মৌৰ্যসকলৰ শেষ ৰজা আছিল বৃহদ্ৰথ।

(খ) শুংগ বংশৰ প্ৰতিষ্ঠাতা কোন ? 

উত্তৰঃ শুংগ বংশৰ প্ৰতিষ্ঠাতা হ’ল পুষ্যমিত্র।

(গ) চেত বংশই কোন শতাব্দীত ৰাজত্ব কৰিছিল ? 

উত্তৰঃ চেত বংশই খ্ৰীঃ পুঃ প্রথম শতাব্দীত ৰাজত্ব কৰিছিল।

(ঘ) পুষ্যমিত্র শুংগৰ সময়ত বিখ্যাত সংস্কৃত বৈয়াকৰণিক জনৰ নাম কি আছিল ?

উত্তৰঃ পুষ্যমিত্ৰ শুংগৰ সময়ত বিখ্যাত বৈয়াকরণিক জনৰ নাম আছিল পতঞ্জলি। 

(ঙ) পতঞ্জলিয়ে ৰচনা কৰা সংস্কৃত ব্যাকৰণখনৰ নাম কি আছিল ?

উত্তৰঃ পতঞ্জলিয়ে বচনা কৰা বিখ্যাত সংস্কৃত ব্যাকৰণখনৰ নাম আছিল মহাভাষ্য।

(চ) চেত বংশই কোন শতাব্দীত ৰাজত্ব কৰিছিল ? 

উত্তৰঃ চেত বংশই খ্ৰীঃ পুঃ প্রথম শতাব্দীত ৰাজত্ব কৰিছিল।

(ছ) গৰুড় ধ্বজ স্তম্ভ কোনে ক’ত নিৰ্মাণ কৰিছিল ? 

উত্তৰঃ গ্ৰীক কটকী হেলিয়াডৰাচে বেশ নগৰত এটা ‘গৰুড় ধ্বজ স্তম্ভ’ নির্মাণ কৰিছিল।

(জ) মহাক্ষত্ৰপ উপাধি কোনে লৈছিল ?

উত্তৰঃ শক ৰজা ৰুদ্ৰদমনে মহাক্ষত্ৰপ উপাধি লৈছিল।

(ঝ) সুদর্শন হ্রদটো কোনে পুননিৰ্মাণ কৰিছিল ?

উত্তৰঃ ৰুদ্ৰদমনে সুদর্শন হ্রদটো পুননিৰ্মাণ কৰিছিল। 

(ঞ) শকাব্দ চনটো কেতিয়াৰ পৰা প্ৰচলন হয় ?

উত্তৰঃ ৭৮ খ্ৰীত কণিষ্কই কুষাণ ৰাজ্যৰ সিংহাসনত উঠে। তেতিয়াৰ পৰাই ‘শকাব্দ’ নামৰ নতুন অব্দ বা চন গণনা প্রচলন হয়।

১৷ বুদ্ধ চৰিত পুথিখনৰ ৰচক কোন ? 

উত্তৰঃ বুদ্ধচৰিত পুথিখনৰ ৰচক অশ্বঘোষ। 

২৷ কনিষ্কই পেছোৱাৰত খোদিত কৰা মূৰ্তিটোৰ ওখ কিমান ফুট আছিল ? 

উত্তৰঃ ৪০০ ফুট।

৩৷ কনিষ্কৰ মূৰ নথকা বৃহদাকাৰ ব্ৰঞ্জৰ মূৰ্ত্তি ক’ত পোৱা গৈছিল ?

উত্তৰঃ মথুৰাত।

৪৷ প্রতিস্থান বা পৈথান কোন বংশৰ ৰাজধানী আছিল ?

উত্তৰঃ প্ৰতিস্থান বা পৈথান সাতবাহন বংশৰ ৰাজধানী আছিল। 

৫৷ চতুর্থ বৌদ্ধ মহামেল ক’ত অনুস্থিত হৈছিল ?

উত্তৰঃ কাশ্মীৰত।

৬৷ চতুর্থ বৌদ্ধমহামেলৰ সভাপতি কোন আছিল ? 

উত্তৰঃ পণ্ডিত বসুমিত্র।

খালী ঠাই পূৰ কৰা।

(ক) চেত বংশটোৰ বিখ্যাত ৰাজা আছিল ____৷

(খ) ____ ৰ লিপি আৰু ____তোৰণেই আছিল শিল্পকলাৰ এটা উৎকৃষ্ট নিদর্শন।

(গ) খ্রীঃ পুঃ দ্বিতীয় শতিকাত ____নামৰ এটা জাতিয়ে মধ্য এছিয়াত বাস কৰিছিল। 

(ঘ) কণিষ্কৰ এই বিশাল ৰাজ্যৰ ৰাজধানী আছিল ____ বৰ্তমানৰ পোছোৱাৰ ৷

(ঙ) _____ আছিল সাতবাহন সকলৰ অৰ্থনীতিৰ মূল ভেটি।

উত্তৰঃ (ক) চেত বংশটোৰ বিখ্যাত ৰাজা আছিল খাৰৱেল।

(খ) ‘ভাৰহুট’ ব লিপি আৰু ‘সাচী’ৰ তোৰণেই আছিল শিল্পকলাৰ এক উৎকৃষ্ট নিদর্শন। 

(গ) খ্ৰীঃ পূঃ দ্বিতীয় শতিকাত যুচি নামৰ এটা জাতিয়ে মধ্য এছিয়াত বাস কৰিছিল। 

(ঘ) কণিষ্কৰ এই বিশাল ৰাজ্যৰ ৰাজধানী আছিল পুরুষপুৰ বৰ্তমানৰ পোছোৱাৰ।

(ঙ) কুষিয়েই আছিল সাতবাহন সকলৰ অৰ্থনীতিৰ মূল ভেটি।

চমু উত্তৰ লিখা।

(ক) বর্তমান ভাৰতৰ কোন কোন ঠাইত চোল ৰাজ্য আছিল ? 

উত্তৰঃ বৰ্তমানৰ মাদ্ৰাজৰ দক্ষিণ অংশ আৰু তাঞ্জোৰেই আছিল চোল ৰাজ্য। চোল ৰাজ্যৰ মূল কেন্দ্ৰস্থল আছিল তাঞ্জোৰ। 

১৷ সাতবাহনসকলৰ ৰাজত্বকালৰ ঘেঁহু উৎপাদনৰ বাবে বিখ্যাত ঠাইকেইখন কি আছিল ?

উত্তৰঃ সাতবাহনসকলৰ তাগাৰা আৰু পৈথান ঘেঁহু উৎপাদনৰ বাবে দুখন বিখ্যাত ঠাই আছিল।

২৷ গৌতমীপুত্র শাতকর্ণিয়ে কি উপাধি লৈছিল ?

উত্তৰঃ গৌতমীপুত্ৰ শাতকর্ণিয়ে ‘ক্ষেত্রিয় দর্পমান মদন’ উপাধি লৈছিল।

৩৷ চতুৰ্থ বৌদ্ধমহামেলৰ সভাপতি কোন আছিল? বৌদ্ধ ধৰ্মৰ মূল ভাগকেইটা কি কি লিখা।

উত্তৰঃ চতুৰ্থ বৌদ্ধ মহামেলৰ সভাপতি আছিল পণ্ডিত বসুমিত্র। বৌদ্ধধৰ্মৰ মূল ভাগকেইটা হ’ল – 

(ক) হীনযান। 

(খ) মহাযান।

৪৷ মিলিন্দ পঞহো বা মিলিন্দৰ প্ৰশ্ন মানে কি বুজা?ই কিহৰ লগত জড়িত ? 

উত্তৰঃ মিলিন্দ পঞহো বা মিলিন্দৰ প্ৰশ্ন হ’ল পালি ভাষাৰ এখন গ্রন্থ। ইয়াত বৌদ্ধ ধৰ্মৰ ভাৱাদৰ্শসমূহ পালি ভাষাত বিষদভাৱে লিখা আছে। 

৫৷ হিন্দু কুশৰ উত্তৰত থকা গ্ৰীকসকলক কি বুলি কোৱা হৈছিল ?

উত্তৰঃ হিন্দু কুশৰ উত্তৰত থকা গ্ৰীকসকলক বেকট্রিয়ান গ্রীক বা বাহলিক বুলি কোৱা হৈছিল।

৬৷ বৰ্তমান ইৰাণ বা পাৰস্যৰ পূব অঞ্চলত বাস কৰাসকলক কি বুলি কোৱা হৈছিল ?

উত্তৰঃ বৰ্তমান ইবাণ বা পাৰসাৰ পূব অঞ্চলত বাস কৰাসকলক পহ্লব বা পাখিয়াদ বা পাৰ্ছিয়া বুলিছিল।

৭৷ হিন্দু ধৰ্মৰ উপাসক কোন আছিল ? 

উত্তৰঃ হিন্দুধৰ্মৰ উপাসক এণ্টিয়ালকিডাচ ডেমিট্রিয়াচ।

৮৷ বৌদ্ধ ধৰ্মৰ উপাসক কোন আছিল ? 

উত্তৰঃ বৌদ্ধ ধৰ্মৰ উপাসক মিনান্দাৰ।

৯৷ গ্ৰীক ৰজাসকলৰ ভিতৰত শ্ৰেষ্ঠ ৰজা কোন আছিল ? 

উত্তৰঃ গ্ৰীকসকলৰ শ্ৰেষ্ঠ ৰজা আছিল মিনান্দাৰ বা মিলিন্দ। 

১০৷ পার্থিয়ান সকলে ক’ত ৰাজত্ব কৰিছিল ?

উত্তৰঃ পাৰ্থিয়ানসকলে ঝিলাম আৰু সিন্ধু নদীৰ মাজৰ অঞ্চলত বসবাস কৰিছিল।

চমুটোকা লিখা :

(ক) গান্ধাৰ শিল্পকলা।

(খ) সাংগম বা সদন।

(গ) গুংগ বংশ।

(ঘ) শকসকল।

উত্তৰঃ (ক) গান্ধাৰ শিল্পকলা :- গান্ধাৰ শিল্প কলা গ্ৰীক আৰু ভাৰতীয়সকলৰ সংমিশ্ৰণত গঢ় লৈ উঠা আটাইতকৈ উল্লেখযোগ্য অবদান।গান্ধা প্ৰদেশত অৱস্থিত বাবে এই শিল্পকলাক গান্ধাৰ শিল্প নামে জনা যায়। এই শিল্পকলাৰ বৈশিষ্ট্য হ’ল– ইয়াৰ বিষয়বস্তুৰ ধাৰণা আৰু পৰম্পৰা ভাৰতীয়, কেৱল প্রায়োগিক কৌশলহে গ্ৰীকসকলৰ। ইয়াৰ আন এটা বৈশিষ্ট্য হ’ল— ইয়াত খোদিত মূর্তিবিলাক ঘাইকৈ বুদ্ধদেৱৰ জীৱনৰ আধাৰত নির্মিত চিত্র ভাস্কর্য। শেষত মূৰ্ত্তিবিলাকত খোদিত সাজ পাৰ, অলঙ্কাৰ অৰ্থাৎ অলংকৰণ, পুনৰ সংযোজন আৰু মসৃণতা প্ৰদান কৰি মূৰ্ত্তিবোৰৰ জীৱন্ত ৰূপ দিয়া হৈছিল।

(খ) সাংগম বা সদন :- চেলি, পাণ্ড্য আৰু চেৰা তিনিওখন ৰাজ্যৰ পণ্ডিত কবি, সাহিত্যিক, চাৰণ আৰু ৰাজঘৰীয়া লোকৰ একেলগে সমাবেশ ঘটিছিল। এই পণ্ডিতসকলৰ সমাৱেশৰ সভাখনেই আছিল সংগম বা সদন। তামিলসকলৰ মতে, তিনিখন সংগম বা সদন বহিছিল। এই সংগম বা সদনত সাহিত্য, কবিতা আদিৰ বিষয়ে আলোচনা হৈছিল। ইয়েই আছিল সংগম সাহিত্য। সংগম সাহিত্য ৰজাঘৰীয়া পৃষ্ঠপোষকতাত ঠন ধৰি উঠিছিল। সংগম সাহিত্যই তামিল সাহিত্যৰ বিকাশৰ কথা আমাক জনায়।

(গ) শুংগ বংশ :- পুষ্যমিত্রই মগধ ৰাজ্যত শুংগ নামেৰে এক নতুন বংশ প্রতিষ্ঠা কৰিছিল। পুষ্যমিত্ৰকে ধৰি মুঠ দহ জন ৰজাই ১১২ বছৰ শাসন কৰিছিল। পুষ্যমিত্র। শুংগ বংশৰ এজন উল্লেখযোগ্য বজা আছিল। পুষ্যমিত্রই নাতিয়েক বসুমিত্ৰৰ সৈতে লগ হৈ সেই সময়ত মগধ আক্রমণ কৰিবলৈ অহা গ্রীক বীৰ মিনাত্তাৰৰ আক্রমণ প্রতিহত কৰিছিল। শুংগ বংশত পুষ্যমিত্ৰকে ধৰি অগ্নি মিত্র, জেষ্ঠমিত্র, বসুমিত্ৰ আৰু ভাগভদ্র নামে ৰজাকেইজন বিশেষভাবে উল্লেখযোগ্য। শুংগ বংশৰ শেষ ৰজা আছিল দেৱভূতি।

(ঘ) শকসকল :- শকসকল মধ্য এছিয়াৰ য়ুচি নামৰ জাতিটোৰ পৰা খেদা খোৱা আন এটা অঘৰী জাতি। তাবে এটা ঠালে ভাৰতৰ পশ্চিম আৰু উত্তৰ পশ্চিম দিশেদি ভাৰতত প্ৰৱেশ কৰিছিল। প্ৰথমতে তেওঁলোকে নিজে সাম্রাজ্য স্থাপন নকৰি কিছু শকে পার্থিয়ানসকলৰ তলত ক্ষত্ৰপ বা ভাইচয় হিচাপে কাম কৰিছিল। তক্ষশীলা, মথুৰা, নাচিক আৰু উজ্জয়িনীত বেলেগ বেলেগ ক্ষেত্ৰত শাসন কৰিছিল। গোটেই কেইখনৰ ওপৰত শক ৰজা ৰুদ্ৰদমনে একছত্ৰিতা লাভ কৰি মহাক্ষত্ৰপ উপাধি লৈছিল। 

১১৷ ভাৰতত ইণ্ডো গ্ৰীকসকলৰ উত্থানৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ গ্ৰীক বীৰ আলেকজেণ্ডাৰৰ উত্তৰাধিকাৰী সকলৰ মাজত ৰাজ্যৰ শাসনক লৈ হোৱা যুদ্ধত গ্ৰীক সাম্রাজ্যখন দুভাগত বিভক্ত হয়।

মৌর্য সাম্ৰাজ্যৰ পতনৰ সুযোগ লৈ গ্ৰীক ৰজা ডেমিট্রিয়াচে ভাৰতৰ পঞ্জাব আৰু সিন্ধু দেশত আধিপত্য বিস্তাৰ কৰি ভাৰতত গ্ৰীক ৰাজত্বৰ সূচনা কৰে। গ্রীক ৰজাবিলাকৰ ভিতৰত শ্রেষ্ঠ ৰজা আছিল মিনান্দাৰ বা মিলিন্দ। ভাৰতীয় বৌদ্ধধৰ্মৰ ভাবাদর্শত অনুপ্রাণিত হৈ তেওঁ বৌদ্ধ ধৰ্মত দীক্ষা লৈছিল।

ইণ্ডোবেকট্রিয়ানসকলৰ পহ্লব বা পার্থিয়ান সকলেও ঝিলাম আৰু সিন্ধু নদীৰ মাজৰ অঞ্চলত ৰাজত্ব কৰে।

অতি কম সময়ৰ বাবে ভাৰতত গ্ৰীকসকলে ৰাজত্ব কৰিছিল। এই কম সময়ৰ ভিতৰতে গ্ৰীকসকৰ পৰা ভাৰতীয়সকলে বহুতো নতুনত্ব পাইছিল।

বেহা-বেপাৰৰ ক্ষেত্ৰত গ্রীকসকলে এক উন্নত মুদ্ৰা ব্যৱহাৰ কৰিছিল। মুদ্ৰাৰ উন্নত কৰণত তেওলোকৰ অৱদান আছিল বহু। ভাৰতীয় দৰ্শনত আকৃষ্ট হৈ কিছুমান গ্ৰীকে হিন্দুধর্ম গ্ৰহণ কৰিছিল। তেওঁলোকৰ উপাস্য দেৱতা আছিল বিষ্ণু। আন কিছুমানে বৌদ্ধ ধর্মও গ্ৰহণ কৰিছিল।

জ্যোতিষ শাস্ত্ৰৰ অধ্যয়ন আৰু জ্ঞানৰ বহুল পৰিসৰৰ ক্ষেত্ৰতো গ্রীকসকলৰ অৱদান দেখা যায়। গ্রীক আৰু ভাৰতীয়সকলৰ সংমিশ্ৰণত এক উন্নত শিল্পকলা গান্ধাৰ উপত্যকাত গঢ়ি উঠিছিল। ইয়াৰ নাম গান্ধাৰ শিল্পকলা। এই শিল্পকলাৰ বৈশিষ্ট্য হ’ল– ইয়াৰ বিষয়বস্তুৰ ধাৰণা আৰু পৰম্পৰা ভাৰতীয়, কেৱল প্রায়োগিক কৌশলহে গ্ৰীকসকলৰ। আন এটা বৈশিষ্ট্য হ’ল যে ইয়াত খোদিত মূৰ্ত্তিবিলাক ঘাইকৈ বুদ্ধদেৱৰ জীৱনৰ আধাৰত নিৰ্মিত। শেষত মূৰ্ত্তিবিলাকত খোদিত সাজ পাৰ, অলঙ্কাৰ আদিত মসৃণতা প্ৰদান কৰি জীৱন্ত ৰূপ দিয়া হৈছিল।

১২৷ কণিষ্ক আৰু অশোকৰ মাজত থকা সাদৃশ্য আৰু বৈশাদৃশ্য লিখা। 

উত্তৰঃ কণিষ্ক আৰু অশোকৰ মাজত থকা সাদৃশ্য আৰু বৈশাদৃশ্য সমূহ এনেকুৱা ধৰণৰ–

সাদৃশ্যবৈসাদৃশ্য
(ক) কণিষ্ক আৰু অশোক দুয়োজনে প্রথমতে বৌদ্ধধর্মী আছিল।(ক) অশোকৰ দিনত বৌদ্ধ ধর্ম ভাগ হোৱা নাছিল। কিন্তু কণিষ্কৰ দিনত বৌদ্ধধর্ম হীনযান আৰু মহাযান নামে দুটা ভাগত বিভক্ত হয়।
(খ) কণিষ্ক আৰু অশোক দুয়োজনেই বৌদ্ধ মহামেলৰ আহ্বায়ক আছিল।(খ) অশোকে মাত্র এখনে যুদ্ধত অৱতীৰ্ণ হৈছিল আৰু পিছত অশোকে সম্পূর্ণরূপে যুদ্ধ ত্যাগ কৰিছিল। কিন্তু কণিষ্কই যুদ্ধ বিগ্ৰহ কৰিও বৌদ্ধ ধৰ্ম প্ৰচাৰত মনোনিৱেশ কৰিছিল।

১৩৷ সামাজিকভাৱে সাতবাহনসকলে জনসাধাৰণক কি কি চাৰিটা ভাগত ভাগ কৰিছিল লিখা।

উত্তৰঃ সামাজিকভাৱে সাতবাহন সকলে জনসাধাৰণক তলত উল্লেখ কৰা চাৰিটা ভাগত ভাগ কৰিছিল।

প্রথম ভাগটোত আছিল উচ্চ পদস্থ বিষয়াসকল যেনে— মহাৰথী, মহাভোেজ, মহা সেনাপতি আদি। দ্বিতীয় ভাগটোত আছিল অমাত্য, মহামাত্র, ব্যৱসায়ী আৰু সদাগৰসকল। তৃতীয় ভাগটোত আছিল সোণাৰী, কৃষক, লেখক, চিকিৎসক, ঔষধ প্রস্তুতকাৰী আদি। চতুর্থ ভাগটোত আছিল কাঠমিস্ত্রী, কমাৰ, মাছমৰীয়া, মালী আৰু ক্রীতদাস। 

প্ৰতিটো ভাগৰে পৰিয়ালৰ মুৰব্ৰীজনেই আছিল পৰিয়ালৰ সৰ্বেসর্বা আৰু তেওঁক গৃহপতি বোলা হৈছিল। 

১৪৷ ভাৰতীয় ইতিহাসলৈ বা সমাজলৈ শকসকলৰ অৱদানৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ ভাৰতীয় ইতিহাসলৈ শকসকলৰ বিশেষ উল্লেখযোগ্য অবদান নাছিল। কিন্তু ৰুদ্ৰদমনৰ চৰিত্ৰ আছিল মন কৰিবলগয়া। তেওঁৰ নীতি আছিল উপদেশতকৈ আৰ্হি শ্রেষ্ঠ। তেওঁ নিজে আনক উপদেশ কমকৈ দিছিল আৰু কাম বেছিকৈ কুৰিছিল। তেওঁ যুদ্ধক্ষেত্ৰৰ বাহিৰে আন ঠাইত কোনো মানুহক হত্যা কৰা নাছিল। তেওঁ এজন প্ৰজা ৰঞ্জক ৰজা আছিল। সুদৰ্শন হ্ৰদটো তেওঁ নিজৰ ধন খৰচ কৰি পুননির্মাণ কৰাই ৰাইজৰ বাবে মুকলি কৰি দিছিল।

১৫৷ ভাৰতীয় সমাজলৈ গ্ৰীকসকলৰ অৱদানৰ বিষয়ে চমুকৈ লিখা। 

উত্তৰঃ ভাৰতীয় সমাজলৈ গ্রীকসকলৰ অৱদান বহুতো। গ্রীকসকলৰ পৰা ভাৰতীয়সকলে বহু নতুনত্ব পাইছিল।

বেহা-বেপাৰৰ ক্ষেত্ৰত গ্ৰীকবিলাকে এক উন্নত মানৰ মুদ্ৰা ব্যৱহাৰ কৰিছিল। সেই সময়ত ভাৰতত চলি থকা মুদ্ৰাবোৰ উন্নতমানৰ নাছিল। গতিকে মুদ্ৰাৰ উন্নতকৰণত তেওঁলোকৰ অৱদান বহু বেছি। গ্ৰীকসকলৰ বহুতে হিন্দুধর্ম গ্রহণ কৰিছিল। তেওঁলোকৰ উপাস্যদেৱতা আছিল বিষ্ণু। কিছুমানে আকৌ বৌদ্ধ ধর্মও গ্ৰহণ কৰিছিল।

জ্যোতিষ শাস্ত্ৰৰ অধ্যয়ন আৰু জ্ঞানৰ বহুল পৰিসৰৰ ক্ষেত্ৰতো গ্ৰীকসকলৰ অৱদান দেখা যায়। গ্ৰীক আৰু ভাৰতীয়সকলৰ সংমিশ্ৰণত এক উন্নত শিল্পকলা গান্ধাৰ উপত্যকাত গঢ়ি উঠিছিল। ইয়াৰ নাম গান্ধাৰ শিল্পকলা। এই শিল্পকলাৰ বৈশিষ্ট্য হ’ল– ইয়াৰ বিষয়বস্তুৰ ধাৰণা আৰু পৰম্পৰা ভাৰতীয়, কেৱল প্রায়োগিক কৌশলহে গ্ৰীসকলৰ। আন এটা বৈশিষ্ট্য হ’ল যে ইয়াত খোদিত মূৰ্ত্তিবিলাক ঘাইকৈ বুদ্ধদেৱৰ জীৱনৰ আধাৰত নির্মিত। শেষত মূৰ্ত্তিবিলাকত খোদিত সাজ পাৰ, অলঙ্কাৰ আদিত মসৃণতা প্ৰদান কৰি জীৱন্ত ৰূপ দিয়া হৈছিল।

১৬৷ কুষাণ সকল কোন ? তেওঁলোকে কেনেকৈ ভাৰতত ৰাজ্য স্থাপন কৰিছিল লিখা।

উত্তৰঃ খ্ৰীষ্টপূৰ্ব দ্বিতীয় শতিকাত য়ুচি নামৰ এটা জাতিয়ে মধ্য এছিয়াত বাস কৰিছিল। তেওঁলোকক হিয়ুংলু বা হুন নামৰ আন এটা জাতিয়ে তাৰপৰা খেদাই দিয়ে। কিছুদিন তেওঁলোকে অনাই বনাই ঘুৰি ফুৰি অৱশেষত অক্সাচ নদীৰ উপত্যকা পাইছিল। এই অক্সাচ নদীৰ পাৰতেই তেওঁলোকে পাচোটা শাখাত ভাগ হৈ স্থায়ীভাৱে বাস কৰিবলৈ লয়। তাৰ ভিতৰত কুষাণসকল বেছি পৰাক্ৰমী আছিল। সেই শাখাৰে কুজল কদফাইচিচ নামৰ এজন লোকে সাহসেৰে পাঁচোটা শাখাক একত্ৰিত কৰিলে। সেই সময়ৰ ভাৰতীয় শাসকৰ মাজত হোৱা মনোমালিন্য আৰু অনৈক্যতাৰ সুযোগ লৈ কুজল কদফাইচিচে কাবুল, কান্দাহাৰ, আফগানিস্থান তক্ষশীলা আৰু পেছোৱাৰ অধিকাৰ কৰি ভাৰতত উত্তৰ পশ্চিম সীমান্তৰ ৰখীয়া হৈ পৰিছিল।

এই কুষাণ বংশৰ তৃতীয় জন ৰজা আছিল কণিষ্ক। তেওঁ এই বংশৰ সর্বশ্রেষ্ঠ ৰজা।

Leave a Reply

error: Content is protected !!
Scroll to Top
Scroll to Top
adplus-dvertising