Assam Jatiya Bidyalay Class 6 Science Chapter 9 বায়ু আৰু ইয়াৰ প্ৰয়োজনীয়তা

Assam Jatiya Bidyalay Class 6 Science Chapter 9 বায়ু আৰু ইয়াৰ প্ৰয়োজনীয়তা, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় বিজ্ঞান Class 6 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 9 বায়ু আৰু ইয়াৰ প্ৰয়োজনীয়তা Class 6 Science Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 6 Science Chapter 9 বায়ু আৰু ইয়াৰ প্ৰয়োজনীয়তা Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 6 Science Chapter 9 বায়ু আৰু ইয়াৰ প্ৰয়োজনীয়তা provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

বায়ু আৰু ইয়াৰ প্ৰয়োজনীয়তা

Chapter – 9

অসম জাতীয় বিদ্যালয়

পাঠভিত্তিক ক্রিয়াকলাপৰ প্রশ্নোত্তৰ

পাঠটোৰ মূলকথা : আমাৰ চাৰিওফালে বায়ুৱে আগুৰি আছে। বায়ু অতি স্বচ্ছ আৰু গেছীয় পদার্থ। বায়ু দেখা পোৱা নাযায়। বায়ু বিভিন্ন প্ৰকাৰৰ আছে। আমাৰ চাৰিওফালে আগুৰি থকা সমস্ত বায়ুক বায়ুমণ্ডল বুলি কোৱা হয়। বায়ুমণ্ডলত অক্সিজেন, কার্বন-ডাই-অক্সাইড, নাইট্ৰ’জেন, হিলিয়াম, আর্গন, ব’ৰণ আৰু বহুতো গেছ পোৱা যায়। ইয়াৰ সকলো গেছ আমাৰ গ্ৰহণযোগ্য নহয়। আমাৰ প্ৰয়োজনীয় গেছবোৰ হ’ল–অক্সিজেন, কার্বন-ডাই-অক্সাইড আৰু নাইট্ৰ’জেন আদি। বায়ুমণ্ডলত অক্সিজেন 21%, নাইট্ৰ’জেন 78% আৰু কাৰ্বন-ডাই-অক্সাইড 0.03% থাকে। আমি উশাহত অক্সিজেন গেছ ব্যৱহাৰ কৰো আৰু কাৰ্বন-ডাই-অক্সাইড গেছ নিশাহত এৰি দিওঁ। আকৌ উদ্ভিদে উশাহত কার্বন-ডাই-অক্সাইড গেছ গ্ৰহণ কৰে আৰু নিশাহত অক্সিজেন গেছ এৰি দিয়ে। অক্সিজেন গেছে জুই জ্বলোৱাত সহায় কৰে আৰু কাৰ্বন-ডাই অক্সাইড গেছে জুই নুমোৱাত সহায় কৰে। প্ৰকৃতিত গছ-গছনিৰ পৰিমাণ বাঢ়িলে অক্সিজেনৰ পৰিমাণ বাঢ়ে।

পাঠভিত্তিক প্রশ্নাৱলীৰ উত্তৰ

১। শুদ্ধ উত্তৰ বাছি উলিওৱা।

(i) বায়ুত থকা গেছৰ সংখ্যা হ’ল ―

(a) এবিধ ।

(b) তিনিবিধ ।

(c) কেইবাবিধ ।

(d) এটাও নহয় ।

উত্তৰঃ (c) কেইবাবিধ ।

(ii) বায়ুত সৰ্বাধিক পৰিমাণে থকা গেছবিধ হ’ল ―

(a) অক্সিজেন । 

(b) নাইট্ৰ’জেন ।

(c) কার্বন ডাইঅক্সাইড ।

(d) জলীয় বাষ্প ।

উত্তৰঃ (b) নাইট্ৰজেন ।

(iiii) বায়ুত থকা উপাদান হ’ল—

(a) অক্সিজেন ।

(b) নাইট্ৰজেন ।

(c) ধূলি আৰু ধোঁৱা ।

(d) গোটেইবোৰ ।

উত্তৰঃ (d) গোটেইবোৰ ।

(iv) উদ্ভিদে সালোক সংশ্লেষণত ব্যৱহাৰ কৰা গেছবিধ হ’ল ―

(a) নাইট্ৰ’জেন ।

(b) অক্সিজেন ।

(c) কার্বন ডাই অক্সাইড ।

(d) এটাও নহয় ।

উত্তৰঃ (c) কার্বন ডাই অক্সাইড ।

(v) জীৱৰ শ্বসনত ব্যৱহৃত গেছবিধ হ’ল—

(a) অক্সিজেন ।

(b) কার্বন ডাই অক্সাইড । 

(c) নাইট্ৰ’জেন ।

(d) এটাও নহয়।

উত্তৰঃ (a) অক্সিজেন ।

(vi) কেঁচুৰ শ্বাস অংগবিধ হ’ল—

(a) নাক ।

(b) কাণ ।

(c) ছাল ।

(d) হাঁওফাঁও ।

উত্তৰঃ (c) ছাল ।

(vii) তলৰ কোনবিধ জলচৰ প্ৰাণীয়ে হাঁওফাঁওৰে উশাহ লয় ?

(a) ডলফিন ।

(b) মাছ ।

(c) কেঁকোৰা ।

(d) শিহু ।

উত্তৰঃ (a) ডলফিন আৰু (d) শিহু ।

২। স্তম্ভ A আৰু স্তম্ভ B মিলোৱাঁ।

স্তম্ভ Aস্তম্ভ B
অক্সিজেনফুল
নাইট্ৰ’জেনপ্ৰদূষক
মাছ78%
ভেকুলী21% 
ধোঁৱাউভচৰ

উত্তৰঃ    

স্তম্ভ Aস্তম্ভ B
অক্সিজেন21% 
নাইট্ৰ’জেন78% 
মাছফুল
ভেকুলীউভচৰ
ধোঁৱাপ্ৰদূষক

৩। এটা শব্দত প্ৰকাশ কৰা :

(a) আমাৰ চাৰিওফালে থকা বায়ুৰ আৱৰণ ।

উত্তৰঃ বায়ুমণ্ডল ।

(b) জুই জ্বলাত সহায় কৰা গেছবিধ ।

উত্তৰঃ অক্সিজেন ।

(c) বায়ুমণ্ডলত ক্ষতিকাৰক গেছ, ধূলি ধোঁৱা আদি যোগ হোৱা।

উত্তৰঃ প্রদূষণ ।

(d) চূণপানী ঘোলা কৰা এবিধ গেছ ।

উত্তৰঃ কার্বন ডাই অক্সাইড ।

(e) কেঁচুৰ শ্বাস-অংগ ।

উত্তৰঃ ছাল ।

(f) গছৰ পাতত থকা সৰু সৰু ছিদ্র ।

উত্তৰঃ পত্ৰৰন্ধ।

৪। শুদ্ধ নে অশুদ্ধ লিখাঁ :

(a) উদ্ভিদে খাদ্য প্রস্তুত কৰোঁতে সালোক সংশ্লেষণত অক্সিজেন গেছব্যৱহাৰ কৰে।

উত্তৰঃ অশুদ্ধ ।

(b) জলজ প্রাণীবোৰে পানীত মিহলি হৈ থকা অক্সিজেন গেছব্যৱহাৰ কৰে।

উত্তৰঃ শুদ্ধ ।

(c) বায়ু চলাচল কৰাকে বতাহ বোলে। 

উত্তৰঃ শুদ্ধ ।

(d) মাটিত বায়ু সোমাই নাথাকে।

উত্তৰঃ অশুদ্ধ ।

(e) পৃথিৱীত জীৱ বৰ্তি থাকিবৰ বাবে বায়ুমণ্ডল প্রয়োজনীয়।

উত্তৰঃ শুদ্ধ ।

৫। চমু উত্তৰ দিয়া।

(a) বায়ুৰ চাৰিবিধ প্ৰয়োজনীয়তা উল্লেখ কৰা।

উত্তৰঃ বায়ুৰ চাৰিবিধ প্রয়োজনীয়তা হ’ল—

(ক) বায়ু অবিহনে প্রাণী জীয়াই থাকিব নোৱাৰে। 

(খ) বায়ু অবিহনে উদ্ভিদ জীয়াই থাকিব নোৱাৰে।

(গ) বায়ু অবিহনে বতাহৰ সৃষ্টি নহয়।

(ঘ) বায়ুৰ কাৰণে সূৰ্যৰ অতি প্ৰখৰ তাপ আৰু সূৰ্যৰ বেঙুনীয়া ৰশ্মিৰ পৰা আমি হাত সাৰি থাকিব পাৰিছো।

(b) কেঁচুৱে কেনেদৰে উশাহ লয় ? 

উত্তৰঃ কেঁচুবোৰে মাটিৰ ভিতৰৰ সৰু-সৰু ছিদ্ৰত বাস কৰে। ইহঁতৰ ছালে মাটি স্পৰ্শ কৰি থাকে। মাটিৰ ভিতৰত বায়ু সোমাই থাকে। এই বায়ু কেঁচুবোৰে ছালেৰে উশাহত গ্ৰহণ কৰে।

(c) বায়ুত যে ধূলিকণা থাকে তাক কেনেকৈ প্ৰমাণ কৰিবা ?

উত্তৰঃ বায়ুমণ্ডলত অসংখ্য ধূলিকণা থাকে। আমি যিকোনো বস্তুৰ ওপৰত ধূলিকণা জমা হৈ থকা দেখা পাওঁ। গাড়ী-মটৰ আদি চলাৰ ফলতো ধূলি-বালি উৰি আহে৷ এইবোৰ বতাহত উৰি গৈ বিভিন্ন ঠাইত পৰে।

আকৌ ঘৰৰ বেৰত থকা যিকোনো সৰু ফুঁটাৰে সূৰ্যৰ পোহৰ আহি ঘৰৰ ভিতৰত পৰিলে, তেতিয়া সেই পোহৰত চালে অসংখ্য ধূলিকণা উৰি থকা দেখা যায়। বায়ুত যে ধূলিকণা আছে ইয়াৰ পৰা বুজিব পাৰি।

(d) বায়ু প্ৰদূষণ বুলিলে কি বুজা ? বায়ু প্ৰদূষণৰ কেইটামান কাৰণ উল্লেখ কৰা। 

উত্তৰঃ বায়ুত বিভিন্ন ধৰণৰ বিষাক্ত দ্রব্য মিহলি হয়। তাৰ ফলত বায়ু দূষিত হয়। জীৱ-জগতৰ বাবে অপকাৰী পদাৰ্থ কিছুমান বেছি পৰিমাণে বায়ুমণ্ডলত মিহলি হোৱাকে বায়ু প্ৰদূষণ (air pollution) বোলে।

বায়ু প্ৰদূষণৰ কেইটামান কাৰণ হ’ল ―

(ক) গাড়ী-মটৰৰ পৰা ওলোৱা ধোঁৱাই বায়ু প্ৰদূষণ কৰে।

(খ) কাঠ, কয়লা, পেট্ৰ’ল, ডিজেল, প্লাষ্টিক আদি জ্বলালে ধোঁৱা ওলায়। এই ধোঁৱাই বায়ু প্ৰদূষণ কৰে। 

(গ) কল-কাৰখানাৰ পৰা ওলোৱা ধোঁৱাই বায়ু প্ৰদূষণ কৰে।

(ঘ) লেতেৰা জাৱৰ-জোথৰ বা আৱৰ্জনা আদিৰ পৰা ওলোৱা দুৰ্গন্ধই বায়ু প্ৰদূষণ কৰে।

(e) বায়ুত কার্বন ডাইঅক্সাইডৰ উপস্থিতি কিদৰে প্ৰমাণ কৰিবা ?

উত্তৰঃ বন্ধ কোঠা এটাৰ ভিতৰত তেলৰ চাকি বা মমবাতি এডাল বহু সময় জ্বলি থকাৰ পিছত লাহে লাহে জুই নুমাবলৈ ধৰে। আৰু আমি উশাহ লোৱাত কষ্ট পাম। অর্থাৎ কোঠাৰ ভিতৰত থকা অক্সিজেনৰ পৰিমাণ কমি গৈছে আৰু কাৰ্বন ডাই-অক্সাইড বাঢ়ি গৈছে। এইদৰে বায়ুত কার্বন-ডাই-অক্সাইডৰ উপস্থিতি বুজিব পাৰি।

৬। সংজ্ঞা লিখা :

(a) সালোক সংশ্লেষণ ।

(b) শ্বসন ।

উত্তৰঃ (a) সালোক সংশ্লেষণঃ উদ্ভিদকো জীয়াই থাকিবলৈ বায়ুৰ প্ৰয়োজন। উদ্ভিদে বায়ুত থকা কার্বন-ডাই-অক্সাইড গেছ ব্যৱহাৰ কৰি নিজৰ খাদ্য প্রস্তুত কৰে। খাদ্য প্রস্তুতিৰ বাবে সূৰ্যৰ পোহৰ লাগে। এই প্রক্রিয়াটোক সালোক সংশ্লেষণ (photosynthesis) বোলে।

(b) শ্বসনঃ সকলো জীৱই উশাহ-নিশাহ লয়। প্ৰাণীবোৰে উশাহত অক্সিজেন গ্ৰহণ কৰে আৰু নিশাহত কাৰ্বন-ডাই-অক্সাইড এৰি দিয়ে। আকৌ উদ্ভিদবোৰেও উশাহত কার্বন-ডাই-অক্সাইড গ্ৰহণ কৰে নিশাহত অক্সিজেন এৰি দিয়ে। এই উশাহ নিশাহ লোৱাৰ যি প্ৰক্ৰিয়া, তাকে শ্বসন প্রক্রিয়া বোলে।

৭। প্রাণীয়ে শ্বসনত অক্সিজেন গেছ ব্যৱহাৰ কৰে। বায়ুমণ্ডললৈ এই অক্সিজেন ক’ৰপৰা আহে ?

উত্তৰঃ প্ৰাণীয়ে শ্বসনত অক্সিজেন গেছ ব্যৱহাৰ কৰে। বায়ুমণ্ডললৈ এই অক্সিজেন উদ্ভিদৰ পৰা আহে। উদ্ভিদে যেতিয়া সালোক সংশ্লেষণ কৰে, তেতিয়া অক্সিজেন উৎপন্ন হয়।

৮। উত্তৰ দিয়াঁ :

(a) দেখাত খালী যেন লগা বটল এটাৰ ভিতৰতো বায়ু থাকে। এই কথাষাৰ প্ৰমাণ কৰিবৰ বাবে এটা পৰীক্ষা বর্ণনা কৰা।

উত্তৰঃ এটা চৰিয়া আৰু এটা বটল লোৱা হ’ল। চৰিয়াটোত পানী ভৰোৱা হ’ল । এতিয়া খালী বটলটো তলমুৱাকৈ পানীত জুবুৰীয়াই দিয়াত বটলটোত পানী সোমোৱা নাই। বৰং বটলটো ওপৰলৈ ঠেলি দিয়া যেনহে লাগিছে। আকৌ

দ্বিতীয়বাৰত বটলটো অলপ হেলনীয়াকৈ ধৰি পানীত ঠেলি দিয়া হ’ল। এইবাৰ কিন্তু বটলটোৰ মুখেদি বুৰবুৰণি আহিছে আৰু লগতে বটলটোত পানী সোমাব ধৰিছে। কাৰণ হেলনীয়াকৈ দিয়াৰ বাবে পানীৰ হেঁচা লাগি বটলৰ পৰা বায়ু বাহিৰলৈ ওলাই গৈছে আৰু সেই ঠাইখিনিত পানীৰে পূৰ্ণ হৈছে। ইয়াৰ পৰা বুজিব পাৰি যে খালী যেন লগা বটলটোৰ ভিতৰতো বায়ু থাকে।

(b) বায়ুত যে জলীয় বাষ্প থাকে, তাক কিদৰে প্ৰমাণ কৰিবা। 

উত্তৰঃ পৃথিৱীৰ উপৰিভাগত থকা পানী সূৰ্যৰ তাপত ভাপ হৈ গৈ জলীয় বাষ্পৰ সৃষ্টি কৰে। ইয়াক এটা পৰীক্ষাৰ দ্বাৰা দেখুৱাব পাৰি।

আমি নিমখ বা চেনি বায়ুৰ সংস্পৰ্শত খোলাকৈ থৈ দিলে ভিজি উঠে আৰু লাহে-লাহে পানীৰ দৰে হয়। বায়ুত যে জলীয় বাষ্প থাকে, সেইটো ইয়াৰ পৰা বুজিব পাৰি। 

(c) মাটিৰ তলত বাস কৰা কেঁচুবোৰে উশাহ ল’বৰ বাবে বায়ু ক’ৰপৰা পায় ? মাটিত যে বায়ু সোমাই থাকে এটা পৰীক্ষাৰ সহায়ত প্ৰমাণ কৰাঁ।

উত্তৰঃ মাটিৰ তলত বাস কৰা কেঁচুবোৰে উশাহ ল’বৰ বাবে মাটিৰ তলতে বায়ু পায়। মাটিত যে বায়ু সোমাই থাকে, তাক এটা পৰীক্ষাৰ দ্বাৰা তলত প্ৰমাণ কৰা হ’ল। এটা গিলাছত এটা মাটিৰ টুকুৰা বা চপৰা ৰখা হ’ল। এতিয়া গিলাছটোত পানী ঢালি দিয়া হ’ল। পানী ঢলাৰ লগে লগে মাটিৰ চপৰাটোৰ পৰা বুৰবুৰণি ওলোৱা দেখা যাব। অর্থাৎ চপৰাটোৰ ভিতৰত থকা বায়ুখিনি পানীৰ হেঁচা লাগি ওলাই আহিব। মাটিৰ তলত যে বায়ু আছে তাক ইয়াৰ পৰা বুজিব পাৰি।

(d) বায়ুত থকা উপাদানবোৰৰ বিষয়ে এটা টোকা লিখা।

উত্তৰঃ বায়ুত বিভিন্ন প্ৰকাৰৰ উপাদান নিহিত হৈ থাকে। সেইবোৰ ক্ৰমে অক্সিজেন, নাইট্ৰ’জেন, কার্বন-ডাই-অক্সাইড, জলীয় বাষ্প, ধূলিকণা আৰু ধোঁৱা।

অক্সিজেন : গোটেই বায়ুমণ্ডলৰ প্ৰায় পাঁচ ভাগৰ এভাগ বা (21%) অক্সিজেন আছে। প্ৰাণীয়ে উশাহত অক্সিজেন গ্ৰহণ কৰে আৰু জুই জ্বলোৱাত সহায় কৰে। 

নাইট্ৰ’জেন : বায়ুমণ্ডলৰ প্ৰায় পাঁচ ভাগৰ চাৰি অংশ বা 78% নাইট্ৰ’জেন আছে। ই জুই জ্বলোৱাত সহায় নকৰে। 

কার্বন-ডাই-অক্সাইড : বায়ুত অতি কম পৰিমাণে, অর্থাৎ (0.03%) কার্বন ডাই-অক্সাইড আছে। প্ৰাণীৰ শ্বসনত ই উৎপন্ন হয়। উদ্ভিদে কার্বন-ডাই-অক্সাইড গ্ৰহণ কৰে। ই জুই নুমোৱাত সহায় কৰে।

জলীয় বাষ্প : সূৰ্যৰ তাপত খাল, বিল, নদী, সাগৰ, মহাসাগৰ আদিৰ পৰা পানী ভাপ হৈ বাষ্প আকাৰে ওপৰলৈ উৰি যায়। এইবোৰেই জলীয় বাষ্প।

ধূলিকণা আৰু ধোঁৱা : পৃথিৱীৰ উপৰিভাগত থকা অসংখ্য ধূলিকণাবোৰ উৰি গৈ বায়ুমণ্ডলত লগ হয়। আকৌ কল-কাৰখানা, গাড়ী-মটৰ, জুই আদিৰ পৰা ওলোৱা ধোঁৱা বায়ুমণ্ডলত লগ হয়। 

(e) বায়ুত অক্সিজেন আৰু কার্বন ডাইঅক্সাইড গেছৰ সমতা কেনেদৰে বৰ্তি থাকে ব্যাখ্যা কৰাঁ।

উত্তৰঃ প্ৰাণীয়ে অক্সিজেন গ্ৰহণ কৰে আৰু কাৰ্বন ডাই অক্সাইড উৎপন্ন কৰে। আনহাতে উদ্ভিদে কার্বন ডাই-অক্সাইড গ্ৰহণ কৰে আৰু অক্সিজেন উৎপন্ন কৰে। গতিকে উদ্ভিদ আৰু প্ৰাণীয়ে এনেদৰে এটাৰ ওপৰত আনটোৱে নিৰ্ভৰ কৰি চলি আছে। গতিকে সেইবাবে বায়ুত এনেকৈ অক্সিজেন আৰু কার্বন-ডাই অক্সাইডৰ সমতা বৰ্তি আছে।

(f) বৰষুণ দিলে কেঁচুবোৰ কিয় বাহিৰলৈ ওলাই আহে বাৰু ? 

উত্তৰঃ বৰষুণ দিলে মাটি ভিজে। তেতিয়া মাটিত থকা খালী ঠাইবোৰ পানীৰে ভৰি যায়। তাৰ ফলত খালী ঠাইবোৰত থকা অক্সিজেনবোৰ বাহিৰলৈ বা মাটিৰ ওপৰলৈ ওলাই আহে। তেতিয়া কেঁচুবোৰে উশাহত গ্ৰহণ কৰা অক্সিজেনৰ অভাৱ হয় আৰু সেইবাবে কেঁচুবোৰে বৰষুণ দিলে বাহিৰলৈ ওলাই আহে।

অতিৰিক্ত প্রশ্নোত্তৰ

১। বতাহ কাক বোলে ?

উত্তৰঃ বায়ু এফালৰ পৰা আন এফাললৈ গতি কৰিলে তাক বতাহ বোলে।

২। ধুমুহা কাক বোলে ?

উত্তৰঃ বতাহ খুব জোৰেৰে বলিলে তাক ধুমুহা বোলে। 

৩। বতাহৰ দিশ নিৰ্দেশক যন্ত্ৰটোৰ নাম কি ?

উত্তৰঃ বতাহৰ দিশ নিৰ্দেশক যন্ত্ৰটোৰ নাম হ’ল বতৰ কুকুৰা (weather cock) 

৪। বায়ুমণ্ডল কাক বোলে ?

উত্তৰঃ আমাৰ পৃথিৱীখনক বায়ুৰ এটা পাতল তৰপে আগুৰি ৰাখিছে। এই তৰপটো ভূ-পৃষ্ঠৰ পৰা প্ৰায় 500 কি. মি. ওপৰলৈকে বিয়পি আছে। ইয়াকে বায়ুমণ্ডল (atmosphere) বোলে।

৫। সালোক সংশ্লেষণ কাক বোলে ?

উত্তৰঃ উদ্ভিদকো জীয়াই থাকিবলৈ বায়ুৰ প্ৰয়োজন। উদ্ভিদে বায়ুত থকা কার্বন-ডাই-অক্সাইড গেছ ব্যৱহাৰ কৰি নিজৰ খাদ্য প্রস্তুত কৰে। খাদ্য প্রস্তুতিৰ বাবে সূৰ্যৰ পোহৰ লাগে। উদ্ভিদৰ পাতত থকা পত্ৰহৰিতে সূৰ্যৰ পোহৰৰ পৰা শক্তি সংগ্রহ কৰে। এই শক্তিৰ সহায়ত খাদ্য প্রস্তুত কৰে। এই গোটেই প্ৰক্ৰিয়াটোক সালোক সংশ্লেষণ (photosynthesis) বোলে।

৬। পত্ৰৰন্ধ কি ?

উত্তৰঃ উদ্ভিদৰ পাতৰ তলফালে কিছুমান সৰু সৰু বিন্ধা থাকে। এই বিন্ধাবোৰক পত্ৰৰন্ধ বোলে।

৭। প্রস্বেদন কাক বোলে ?

উত্তৰঃ পত্ৰৰন্ধ্ৰৰ মাজেদি উদ্ভিদৰ অলাগতিয়াল পানী আৰু অক্সিজেন এৰি দিয়ে। এই প্রক্রিয়াটোক প্রস্বেদন বোলে।

৮। তীক্ষ্ণদন্তী প্রাণী কাক বোলে ?

উত্তৰঃ নেউল, কিছুমান সাপ, গুই শহাপহু, এন্দুৰ, নিগনি আদিবোৰ প্ৰাণীয়ে গাঁতত থাকে। গাঁতৰ ভিতৰত থকা বায়ুখিনি ইহঁতে উশাহত গ্ৰহণ কৰে। এইবোৰ প্ৰাণীয়ে নাকেৰে উশাহ লয়। এইবোৰক তীক্ষ্ণদন্তী প্রাণী বোলে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top