Assam Jatiya Bidyalay Class 6 Science Chapter 4 খাদ্যৰ পৰিষ্কৰণ

Assam Jatiya Bidyalay Class 6 Science Chapter 4 খাদ্যৰ পৰিষ্কৰণ, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় বিজ্ঞান Class 6 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 4 খাদ্যৰ পৰিষ্কৰণ Class 6 Science Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 6 Science Chapter 4 খাদ্যৰ পৰিষ্কৰণ Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 6 Science Chapter 4 খাদ্যৰ পৰিষ্কৰণ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

খাদ্যৰ পৰিষ্কৰণ

Chapter – 4

অসম জাতীয় বিদ্যালয়

পাঠভিত্তিক ক্রিয়াকলাপৰ প্রশ্নোত্তৰ

পাঠটোৰ মূলকথা : উদ্ভিদৰ দৰে আমি নিজৰ দেহত খাদ্য প্ৰস্তুত কৰি ল’ব নোৱাৰো । আমাৰ খাদ্যবোৰ আমি বিভিন্ন ঠাইৰ পৰা সংগ্ৰহ কৰোঁ । গতিকে খাদ্যবোৰৰ লগত বিভিন্ন অসংগত উপাদান মিহলি হৈ থাকে । আমি খাদ্যৰ পৰা এই উপাদানবোৰ পৃথক কৰাকে খাদ্যৰ পৰিষ্কৰণ বোলা হয় । খাদ্যৰ পৰিষ্কৰণ কৰোঁতে বিভিন্ন ক্ষেত্ৰত বিভিন্ন পদ্ধতি প্ৰয়োগ কৰা হয় ।

পাঠভিত্তিক প্রশ্নাৱলীৰ উত্তৰ

১। খালী ঠাই পূৰ কৰা । 

( a ) মিশ্ৰত থকা প্রতিবিধ বস্তুৱেই হ’ল ইয়াৰ _____ ।

উত্তৰঃ মিশ্ৰত থকা প্রতিবিধ বস্তুৱেই হ’ল ইয়াৰ উপাদান । 

( b ) অক্সিজেন , নাইট্ৰজেন আদি গেছৰ মিশ্ৰন হ’ল ____ । 

উত্তৰঃ অক্সিজেন , নাইট্ৰ’জেন আদি গেছৰ মিশ্ৰণ হ’ল বায়ু । 

২। ঘেঁহুৰ বাকলি আৰু আটা কি পদ্ধতিত পৃথক কৰিব পাৰি ? 

উত্তৰঃ আটা মিহি চালনীৰে চালি দিলে আটাবোৰ চালনীৰে সৰকি তলত পৰে আৰু ঘেঁহুৰ বাকলিবোৰ চালনীত ৰৈ যায় । এইদৰে আটাৰ পৰা ঘেঁহুৰ বাকলি আঁতৰোৱা হয় । 

৩। মিশ্র কি ? 

উত্তৰঃ দুটা বা ততোধিক উপাদন একে লগ হৈ থকাকে মিশ্র বোলে । 

৪। ঘৰত শাক – পাচলিৰ খেতি কৰোঁতে মাটিত থকা শিলৰ টুকুৰাবোৰ কেনেদৰে আঁতৰ কৰিবা ? 

উত্তৰঃ শাক – পাচলিৰ খেতি কৰাৰ আগতে মাটিখিনি চাঁহ কৰি ল’ব লাগে । তেতিয়া মাটিত থকা শিলৰ টুকুৰাবোৰ ওলাই পৰে । তেতিয়া আমি মাটিৰ পৰা শিলবোৰ আঁতৰ কৰি দিব পাৰোঁ । 

৫। পানী আৰু চেনিৰ দ্ৰৱৰ পৰা উপাদানবোৰ কেনেকৈ পৃথক কবিবা ? 

উত্তৰঃ পানী আৰু চেনিৰ দ্ৰৱৰ পৰা উপাদানবোৰ আমি পৃথক কৰিব পাৰোঁ । এটা পৰীক্ষা তলত বৰ্ণনা কৰা হ’ল । 

প্রথমতে অলপ পানীত চেনি দুচামুচমান দি মিহলি কৰি লোৱা হ’ল । চেনিখিনি পানীৰ লগত মিহলি হৈ গ’ল ৷ এতিয়া পানীৰ পাত্ৰটো কিছুসময় জুইত দি থোৱা হ’ল ৷ এতিয়া জুইৰ তাপত পানীখিনি লাহে লাহে ভাপ হৈ নোহোৱা হৈ যাব । কিন্তু চেনিখিনি পাত্ৰটোত থাকি যাব । এইদৰে পানী আৰু চেনি পৃথক কৰিব পাৰি । 

৬। সাগৰৰ পানীৰ পৰা কিদৰে নিমখ আহৰণ কৰা হয় চমুকৈ লিখা । 

উত্তৰঃ সাগৰৰ পানী লুণীয়া । সাগৰৰ পাৰৰ কিছুমান গাঁতত প্ৰথমে সাগৰৰ পানী জমা হ’ব দিয়া হয় । সূৰ্যৰ তাপত পানী ভাপ হৈ যোৱাৰ পিচত গাঁতবোৰত নিমখ ৰৈ যায় । পিছত সেই নিমখ পৰিশোধন কৰি খোৱাৰ উপযোগী কৰা হয়।

৭। ময়দা – লোৰ গুড়িৰ মিশ্ৰৰ পৰা লোৰ গুড়ি কিদৰে পৃথক কৰিবা ? 

উত্তৰঃ ময়দা – লোৰ গুড়িখিনি এখন বগা কাগজত লোৱা হ’ল । এতিয়া এটুকুৰা চুম্বকেৰে মিশ্ৰটো কিছুসময় লৰাই থাকিলে লোৰ টুকুৰাবোৰ চুম্বকত লাগি ধৰিব । এনেদৰে ময়দা – লোৰ মিশ্ৰৰ পৰা লোৰ গুড়ি আঁতৰাব পাৰি । 

৮। যি পদ্ধতিৰে গেছীয় পদার্থক জুলীয়া অৱস্থালৈ পৰিৱৰ্তন কৰা হয় , সেই পদ্ধতিটোক কি বোলে ? 

উত্তৰঃ যি পদ্ধতিৰে গেছীয় পদাৰ্থক জুলীয়া অৱস্থালৈ পৰিৱৰ্তন কৰা হয়, সেই পদ্ধতিটোক ঘণীভৱন ( condensation ) বোলে । 

৯। শস্যৰ লগত বিভিন্ন অলাগতিয়াল পদার্থ মিহলি হৈ থাকিলে কিদৰে পৃথক কৰিবা ? 

উত্তৰঃ শস্যৰ লগত বিভিন্ন অলাগতিয়াল পদার্থ মিহলি হৈ থাকে । এইবোৰ আমি বিভিন্ন উপায়েৰে পৃথক কৰি পাৰোঁ । 

জৰা পদ্ধতি ( winnowing ) : কুলাৰে শস্যবোৰ জাৰিলে ইয়াৰ লগত থকা বিভিন্ন পাতল উপাদানবোৰ আঁতৰি যায় । আকৌ শস্যত মিহলি হৈ থকা ডাঙৰ উপাদানবোৰ চালনীৰে চালি , শস্যৰ পৰা ডাঙৰ উপাদানবোৰ আঁতৰাব পাৰো । 

১০। মৰণা মৰা আৰু জৰা পদ্ধতি উদাহৰণৰ সৈতে ব্যাখ্যা কৰা। 

উত্তৰঃ শস্য মৰণা মৰা পদ্ধতি ( threshing process ) : খেতিপথাৰৰ পৰা ধান , ঘেঁহু , মাহ আদি শস্যবোৰৰ গছবোৰ খেতিয়কে আধামানত কাটি মুঠি কৰি লয় ৷ এই মুঠিবোৰ আনি চোতালত ঘূৰণীয়াকৈ পাৰি লৈ তাৰ ওপৰেৰে গৰু বা ম’হ ঘূৰায় । গৰু বা ম’হৰ গছকত শস্যৰ গুটিবোৰ পৃথক হৈ পৰে । ইয়াকে মৰণা মৰা বুলি কোৱা হয়। 

জৰা পদ্ধতি : শস্যৰ লগত বিভিন্ন অলাগতিয়াল উপাদান মিহলি হৈ থাকে । যেনে ধানৰ লগত পতান বা তুঁহ লগ হৈ থাকে । কুলাৰে ধানবোৰ জাৰিলে এই পতান বা তুঁহুবোৰ আঁতৰি যায় । 

১১। দৈনন্দিন জীৱনত ছেকন – পদ্ধতিৰ ব্যৱহাৰৰ উদাহৰণ দিয়া । 

উত্তৰঃ পানী আমাৰ প্ৰাণ । পানী অবিহনে আমি জীয়াই থাকিব নোৱাৰোঁ। কিন্তু এই পানীৰ লগত বিভিন্ন বিষাক্ত উপাদান লগ হৈ থাকে। আমি ফিল্টাৰৰ সহায়ত পানীৰ পৰা এই বিষাক্ত উপাদানবোৰ আঁতৰাব পাৰোঁ । ইয়াকে ছেকন পদ্ধতি বোলা হয় ।

১২। নিমখ – পানীৰপৰা কেনেকৈ নিমখ আৰু পানী পৃথক কৰি সংগ্ৰহ কৰিবা লিখা । 

উত্তৰঃ ঘণীভৱন ( condensation ) পদ্ধতিৰ সহায়ত নিমখ পানীৰ মিশ্ৰণৰ পৰা নিমখ আৰু পানী দুয়োটাই পৃথককৈ পাব পাৰি । প্ৰথমতে নিমখ – পানীৰ মিশ্ৰটো চেঁচা কৰিব লাগিব । তেতিয়া ইয়াৰ পানীবোৰ বাষ্পলৈ পৰিৱৰ্তিত হ’ব । এই জলীয় বাষ্পবোৰ লাহে লাহে আকৌ পানীলৈ পৰিৱৰ্তন হ’ব । 

চিত্ৰত দেখুওৱাৰ দৰে জলীয় বাষ্পবোৰ টোপ – টোপকৈ পানীৰূপে কাষৰ পাত্ৰত পৰি আছে । আৰু নিমখবোৰ প্ৰথম পাত্ৰটোত থাকি যাব । 

১৩। পৰিস্ৰাৱণ কি ? 

উত্তৰঃ পানী আৰু মাটি লগ হ’লৈ পানীবোৰ লেতেৰা হয় । এই পানী আৰু মাটিৰ মিশ্ৰখিনি এখন ফিল্টাৰ কাগজ ( filter paper ) ৰ মাজেৰে পাৰ হ’বলৈ দিয়া হয় । ফিল্টাৰ কাগজৰ মাজেৰে পানীখিনি সৰকি যায় কিন্তু মাটিৰ কণিকাবোৰ ফিল্টাৰ কাগজত ৰৈ যায় । এই পদ্ধতিটোক পৰিস্ৰাৱণ ( filtration ) বোলে । 

অতিৰিক্ত প্রশ্নোত্তৰ

১। উপাদান কি ? 

উত্তৰঃ এটা মিশ্ৰত দুটা বা ততোধিক বিভিন্ন ধৰণৰ বস্তু লগ হৈ থাকে । ইয়াৰ প্ৰতিটো বস্তুক একোটা উপাদান ( component ) বোলে । 

২। মিশ্ৰৰ উপাদান পৃথকীকৰণ বুলিলে কি বুজা ? 

উত্তৰঃ এটা মিশ্ৰত দুটা বা ততোধিক উপাদান লগ হৈ থাকে । এই উপাদানবোৰ কিছুমান বিশেষ পদ্ধতিৰে আমি বেলেগ বেলেগকৈ উলিয়াব পাৰো। ইয়াকে মিশ্ৰৰ উপাদান পৃথকীকৰণ বোলে। 

৩। আম্ৰাৱণ পদ্ধতি কি ? 

উত্তৰঃ পানী আৰু বালিৰ মিশ্ৰ এটা লোৱা হ’ল । বালিৰ কণিকাবোৰ গধুৰ হোৱা বাবে বালিবোৰ পানীৰ তলিত জমা হ’ব । এতিয়া পাত্ৰটো হেলনীয়া কৰি পানীখিনি আন এটা পাত্ৰত জমা কৰি ল’ব পাৰি । তেতিয়া পানী আৰু বালি পৃথক হৈ পৰিব । এই প্রক্রিয়াটোক আস্রাৱণ পদ্ধতি বোলে ।

৪। অৱক্ষেপণ কি ? 

উত্তৰঃ পানী আৰু বালিৰ মিশ্ৰ এটা পাত্ৰত ৰখা হ’ল । এতিয়া বালিৰ কণিকাবোৰ গধুৰ হোৱা বাবে বালিবোৰ পাত্ৰৰ তলিত জমা হ’ব । এনেদৰে জুলীয়া পদাৰ্থৰ পৰা কঠিন পদার্থ জমা হোৱা প্ৰক্ৰিয়াটোক অৱক্ষেপণ ( sedimentation ) বুলি কোৱা হয় । 

৫। গেদ কি ? 

উত্তৰঃ অৱক্ষেপণ প্ৰক্ৰিয়াত জুলীয়া পদাৰ্থৰ পৰা কঠিন পদাৰ্থবোৰ তলিত জমা হৈ পৰে । এই কঠিন পদাৰ্থবোৰক গেদ ( sediment ) বোলে । 

৬। বাষ্পীভৱন কি ? পৰীক্ষা কৰি দেখুওৱা । 

উত্তৰঃ                   

এটা টিনৰ পাত্ৰত পানী লোৱা হ’ল । পানীখিনিত অলপ নিমখ মিহলি কৰা হ’ল । নিমখখিনি পানীৰ লগত মিলি নাইকিয়া হৈ গ’ল । এতিয়া এখন টেবুলৰ মাজ অংশ ফুটা কৰি তাৰ ওপৰত পাত্ৰটো ৰখা হ’ল আৰু তলত জুইৰ শিখা এটা ৰখা হ’ল । জুইৰ তাপত পানীবোৰ লাহে লাহে ভাপ হৈ নোহোৱা হৈ যাব আৰু নিমখৰ দানাবোৰ পাত্ৰৰ তলিত জমা হ’ব।এই প্ৰক্ৰিয়াটোৱে বাষ্পীভৱন ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top