Assam Jatiya Bidyalay Class 6 Science Chapter 3 খাদ্যৰ উপাদান

Assam Jatiya Bidyalay Class 6 Science Chapter 3 খাদ্যৰ উপাদান, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় বিজ্ঞান Class 6 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 3 খাদ্যৰ উপাদান Class 6 Science Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 6 Science Chapter 3 খাদ্যৰ উপাদান Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 6 Science Chapter 3 খাদ্যৰ উপাদান provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

খাদ্যৰ উপাদান

Chapter – 3

অসম জাতীয় বিদ্যালয়

পাঠভিত্তিক ক্রিয়াকলাপৰ প্রশ্নোত্তৰ

পাঠটোৰ মূলকথা : আমি খাদ্য পাওঁ । খাদ্যৰ পৰা আমি শক্তি আহৰণ কৰোঁ । এই খাদ্যবোৰত কিছুমান বিশেষ ধৰণৰ বস্তু নিহিত হৈ থাকে , এইবোৰক খাদ্যৰ উপাদান বোলা হয় । খাদ্যৰ প্ৰধান উপাদানবোৰ হ’ল কাৰ্বহাইড্রেট ( Carbohydrate ) , প্ৰ’টিন ( proteins ) , চর্বীজাতীয় পদার্থ ( fats ) , ভিটামিন ( vitamins ) আৰু খনিজ লৱণ ( minerals ) । ইয়াৰ উপৰি আহাৰত আঁহজাতীয় পদার্থ ( fibers ) আৰু যথেষ্ট পৰিমাণে পানী থাকিব লাগে । ইয়াৰ আটাইবোৰ উপাদানে আমাৰ শৰীৰত বিশেষ গুৰুত্ব আৰোপ কৰে । এই উপাদানবোৰ আমাৰ শৰীৰৰ বাবে অতি প্রয়োজন । ইয়াৰ কোনো উপাদান যদি হ্রাস হয় বা নাইকিয়া হৈ যায় , তেতিয়াই আমাৰ শৰীৰত বেমাৰে দেখা দিয়ে , অর্থাৎ আমাৰ শৰীৰৰ কোনো অংগ বিকল হৈ পৰে। কিন্তু এই আটাইবোৰ উপাদান আমি একেবিধ খাদ্যৰ পৰা নাপাওঁ।এবিধ খাদ্যত এবিধ বা দুবিধ উপাদান থাকিব পাৰে । তাকো যথেষ্ট পৰিমাণে নহয় । সেয়েহে আমি সকলো ধৰণৰ খাদ্য খোৱা উচিত। 

পাঠভিত্তিক প্রশ্নাৱলীৰ উত্তৰ

১। পুষ্টিদ্ৰব্য বুলিলে কি বুজা ? 

উত্তৰঃ আমাৰ খাদ্যত কাৰ্বহাইড্রেট , প্ৰ’টিন , চর্বীজাতীয় পদার্থ , ভিটামিন আৰু খনিজ লৱণ আদি থাকিব লাগে । ইয়াৰ উপৰি আমাৰ আহাৰত আঁহজাতীয় পদার্থ আৰু যথেষ্ট পৰিমাণে পানী থাকিব লাগে । এই পদাৰ্থবোৰক পুষ্টিদ্রব্য বোলা হয় । 

এই উপাদানসমূহে আমাৰ শৰীৰত পুষ্টি যোগায় । এই উপাদানবোৰ একেবিধ খাদ্যৰ পৰা পোৱা নাযায় । সেইবাবে আমি এই অভাৱ পূৰণৰ বাবে বিভিন্ন ধৰণৰ খাদ্য খাব লাগে । 

২। আমাৰ খাদ্যৰ পুষ্টিদ্ৰব্যসমূহৰ নাম লিখা । 

উত্তৰঃ আমাৰ খাদ্যৰ পুষ্টিদ্ৰব্যবোৰ হ’ল — কাৰ্বহাইড্রেট , প্ৰ’টিন , চর্বীজাতীয় পদাৰ্থ , ভিটামিন আৰু খনিজ লৱণ । ইয়াৰোপৰি আমাৰ আহাৰত আঁহজাতীয় পদাৰ্থ আৰু যথেষ্ট পৰিমাণে পানী থাকে । 

৩। কাৰ্ব’হাইড্ৰেটৰ প্ৰধান উৎস কি কি ? 

উত্তৰঃ কাৰ্ব’হাইড্ৰেটৰ প্ৰধান উৎসবোৰ হ’ল — ভাত , চিৰা , সান্দহ , ঘেঁহু , মাকৈ , আলু , মিঠা আলু ইত্যাদি । 

৪। দেহত কাৰ্ব’হাইড্ৰেট আৰু প্ৰ’টিনৰ প্ৰয়োজনীয়তা কি ? 

উত্তৰঃ আমাৰ দেহত থকা অংগবোৰে বিভিন্ন ধৰণৰ কাম কৰি থাকে । উদাহৰণস্বৰূপে হৃদপিণ্ডটোৱে অবিৰাম ধপ্‌ধপাই থাকে , উশাহ – নিশাহত মাংসপেশীৰ লৰচৰ হয় , ইত্যাদি । এই সকলোবোৰ কামৰ বাবে আমাৰ দেহত শক্তিৰ প্ৰয়োজন । কাৰ্বহাইড্ৰেটে আমাৰ দেহত প্ৰয়োজনীয় শক্তিৰ যোগান ধৰে । কাৰ্ব’হাইড্ৰেট আমাৰ দেহৰ বাবে এবিধ প্ৰয়োজনীয় ইন্ধন । 

জীৱদেহ গঠনৰ মূল ভেটি হ’ল প্ৰটিন । আমাৰ দেহৰ মাংসপেশী , চুলি , নখ আদি প্ৰ’টিনৰ দ্বাৰা গঠিত । তেজত থকা হিম’গ্লবিন ( hemoglobin ) নামৰ প্ৰ’টিনবিধে অক্সিজেন পৰিবহণ কৰে । আমাৰ চকুৰ লেন্সো প্ৰ’টিনৰ দ্বাৰা গঠিত । দেহৰ কোনো অংশত কটা – ছিঙা হলে বা বেমাৰ হ’লৈ ইয়াক নিৰাময় কৰাৰ ক্ষেত্ৰত প্ৰ’টিনে ভূমিকা লয় ।

৫। আহাৰত প্ৰ’টিনৰ উপস্থিতি দেখুৱাবলৈ এটা পৰীক্ষা বর্ণনা কৰা । 

উত্তৰঃ আহাৰত প্ৰ’টিনৰ উপস্থিতি দেখুৱাবলৈ এটা পৰীক্ষা তলত উল্লেখ কৰা হ’ল— 

কপাৰ ছালফেট আৰু বেকিং ছ’ডাৰ দ্ৰৱ লোৱা হ’ল । এতিয়া এটা পৰীক্ষা নলীত অলপমান বন্ধা দাইল লৈ তাত 2 টোপাল কপাৰ ছালফেট আৰু 10 টোপাল বেকিং ছ’ডাৰ দ্ৰৱ মিহলোৱাঁ হ’ল । তাৰ পিছত গোটেইখিনি জোকাৰি কিছুসময় থৈ দিয়া হ’ল । তাৰ পিছত দেখা গ’ল যে মিশ্ৰণটো বেঙুণীয়া ৰঙ হৈ পৰিছে । ইয়াৰ পৰা দাইলত প্ৰ’টিনৰ উপস্থিতিৰ কথা বুজিব পাৰি ৷ 

৬। কোনবিধ ভিটামিনৰ অভাৱে ‘ ‘ ৰিকেট ’ নামৰ বেমাৰবিধ সৃষ্টি কৰে ? 

উত্তৰঃ ‘ ভিটামিন- D ’ ৰ অভাৱে ৰিকেট নামৰ বেমাৰবিধ সৃষ্টি কৰে । 

৭। তলত দিয়া উপাদানসমৃদ্ধ খাদ্যবোৰৰ প্ৰতিটোৰ দুটাকৈ নাম উল্লেখ কৰা । 

( a ) স্নেহপদার্থ ।

( b ) শ্বেতসাৰ ।

( c ) আঁহজাতীয় খাদ্য ।

( d ) প্ৰ’টিন ।

উত্তৰঃ ( a ) স্নেহপদার্থ সমৃদ্ধ খাদ্য : গাখীৰ , কণী , মাংস আদি । 

( b ) শ্বেতসাৰ সমৃদ্ধ খাদ্য : ভাত , গাখীৰ , কেঁচা আলু আদি । 

( c ) আঁহজাতীয় খাদ্য : শাক – পাচলি , লাঁও , নেমুটেঙা আদি ।

( d ) প্র’টিন সমৃদ্ধ খাদ্য : মাছ , মাংস , গাখীৰ আদি । 

৮। কোনবিধ পুষ্টিদ্রব্যই প্রতিগ্রাম হিচাপত অধিক শক্তি প্রদান কৰে ? 

উত্তৰঃ কাৰ্বহাইড্ৰেট নামৰ পুষ্টিদ্ৰব্যই প্ৰতিগ্ৰাম হিচাপত অধিক শক্তি প্ৰদান কৰে । 

৯। অধিক পৰিমাণৰ পানী থকা দুবিধ ফলৰ নাম লিখা । 

উত্তৰঃ অধিক পৰিমাণৰ পানী থকা দুবিধ ফল হ’ল— তৰমুজ আৰু কমলা । 

১০। আমাৰ খাদ্যত ৰুক্ষাহাৰৰ কাম কি ? 

উত্তৰঃ আঁহজাতীয় খাদ্যবোৰক ৰুক্ষাহাৰ বোলা হয় । ৰুক্ষাহাৰে আমাৰ শৰীৰত পৰিপুষ্টি নোযোগায় । এইবোৰে খাদ্যৰ হজম নোহোৱা অংশ দেহৰ পৰা ওলাই যোৱাত সহায় কৰে । 

১১। শুদ্ধ বাক্যত (✔) দিয়া । 

( a ) কেৱল ভাত খালেই আমাৰ দেহৰ প্ৰয়োজনীয় পৰিপুষ্টি পূৰণ হয় । 

উত্তৰঃ X 

( b ) সুষম আহাৰে অভাৱজনিত ৰোগবোৰক বাধা দিয়ে । 

উত্তৰঃ

( c ) শৰীৰৰ বাবে প্ৰয়োজনীয় সক্ষম আহাৰত সকলো পুষ্টিদ্রব্য নির্দিষ্ট পৰিমাণত থাকিব লাগে ।

উত্তৰঃ  

( d ) কেৱল মাছ – মাংসই শৰীৰৰ প্ৰয়োজনীয় সকলো পুষ্টিদ্রব্য যোগান ধৰে । 

উত্তৰঃ X

১২। খালী ঠাই পূৰ কৰা । 

( a ) ভিটামিন D- ৰ অভাৱত ____ বেমাৰ হয় । 

উত্তৰঃ ৰিকেট ।

( b ) চাউল , দাইল বেছিকৈ ধুলে তাত থকা  ____ আৰু _____ নাইকিয়া হয় । 

উত্তৰঃ কার্ব’হাইড্রেট , প্ৰ’টিন ।

( c ) খাদ্যত দীর্ঘদিন পুষ্টিদ্ৰব্যৰ অভাৱত _____ হয় ।

উত্তৰঃ ৰোগ ।

১৩। শুদ্ধ উত্তৰ বাছি উলিওৱা । 

( i ) ভিটামিন A ৰ অভাৱত হোৱা বেমাৰ হ’ল ―

( a ) কুকুৰীকণা ।

( b ) স্কার্ভি ।

( c ) বেৰিবেৰি ।

( d ) ৰক্তহীনতা ।

উত্তৰঃ ( a ) কুকুৰীকণা ।

( ii ) দেহ – ইন্ধন হ’ল— 

( a ) প্ৰ’টিন ।

( b ) কাৰ্বহাইড্রেট ।

( c ) ভিটামিন ।

( d ) খনিজ লৱণ ।

উত্তৰঃ ( b ) কার্ব’হাইড্রেট ।

অতিৰিক্ত প্রশ্নোওৰ

১। কোনবিধ খাদ্যক প্ৰ’টিনৰ ভঁৰাল বুলি কোৱা হয় ? 

উত্তৰঃ দাইলক প্ৰ’টিনৰ ভঁৰাল বুলি কোৱা হয় । 

২। ভাতত প্ৰধানকৈ কি থাকে ? 

উত্তৰঃ ভাতত প্ৰধানকৈ কাৰ্বহাইড্রেট থাকে । 

৩। মাছত কি কি পুষ্টিদ্রব্য থাকে ? 

উত্তৰঃ মাছত প্ৰ’টিন , ভিটামিন , খনিজ পদার্থ আদি পুষ্টিদ্ৰব্যবোৰ থাকে। 

৪। গাখীৰত কি কি পুষ্টিদ্রব্য থাকে ? 

উত্তৰঃ গাখীৰত স্নেহপদার্থ , কার্ব’হাইড্ৰেট , প্ৰ’টিন , ভিটামিন , খনিজ পদার্থ আদি পুষ্টিদ্ৰব্যবোৰ থাকে । 

৫। কণী , মাংস , শাক – পাচলি আদিত কি কি পুষ্টিদ্রব্য থাকে ? 

উত্তৰঃ কণীত থকা পুষ্টিদ্ৰব্যবোৰ হ’ল— স্নেহপদার্থ , কার্ব’হাইড্ৰেট , প্ৰ’টিন , ভিটামিন আৰু খনিজ পদার্থ । মাংসত থকা পুষ্টিদ্ৰব্যবোৰ হ’ল — প্ৰ’টিন , স্নেহপদার্থ । শাক – পাচলিত থকা পুষ্টিদ্ৰব্যবোৰ হ’ল— কাৰ্ব’হাইড্ৰেট ( গ্লুক’জ , ফ্লুইজ , চুক্ৰ’জ আৰু ভিটামিন ) 

৬। স্নেহপদাৰ্থৰ উৎস চাৰিবিধৰ নাম লিখা । 

উত্তৰঃ স্নেহপদাৰ্থৰ উৎস চাৰিবিধ হ’ল— তেল , ঘি , মাখন , বাদাম । 

৭। কণীত কি কি ভিটামিন থাকে ? 

উত্তৰঃ কণীত পাঁচবিধ ভিটামিন থাকে । সেইবোৰ হ’ল ভিটামিন – এ , ভিটামিন- B , ভিটামিন -D , ভিটামিন E আৰু ভিটামিন K 

৮। ভাতত থকা কাৰ্ব’হাইড্ৰেট বিধৰ নাম কি ? 

উত্তৰঃ ভাতত থকা কাৰ্ব’হাইড্ৰেট বিধৰ নাম শ্বেতসাৰ ( starch ) । 

৯। চাৰিবিধ কাৰ্ব’হাইড্ৰেটৰ নাম লিখা । 

উত্তৰঃ চাৰিবিধ কাৰ্ব’হাইড্ৰেটৰ নাম হ’ল— শ্বেতসাৰ ( starch ) , চেনিবা চুক্ৰ’জ ( sucrose ) , গ্লুক’জ ( glucose ) আৰু ফ্লুক্ট’জ ( fructose ) 

১০। খাদ্যত শ্বেতসাৰৰ উপস্থিতি দেখুৱাবলৈ এটা পৰীক্ষা বর্ণনা কৰা ৷ 

উত্তৰঃ পৰীক্ষাৰ বাবে আয়’ডিনৰ দ্ৰৱ ( বা টিংচাৰ অৱ আয়’ডিন tincture of iodine ) লাগিব । প্রথমতে অলপ ভাত ( rice ) ভালদৰে পিহি , মিহি কৰি লোৱা হ’ল । তাৰ লগতে অলপ পানী দিয়া হ’ল । পানী আৰু মিহি কৰি লোৱা ভাতখিনি ভালদৰে মিহলাই তাত কেইটোপালমান আয়’ডিন দ্ৰৱ দিয়া হ’ল । এতিয়া মিশ্ৰটোৱে ডাঠ নীলা বৰণ লাভ কৰিব। শ্বেতসাৰৰ বাবে ইয়াৰ বৰণ নীলা হয় । এনেদৰে শ্বেতসাৰৰ উপস্থিতি ধৰিব পাৰি । 

১১। হিম’গ্লবিন কি ? 

উত্তৰঃ হিমগ্ল’বিন ( hemoglobin ) হ’ল প্ৰ’টিনৰ এটা প্ৰকাৰ । 

১২। স্নেহপদার্থ কি ? 

উত্তৰঃ খাদ্যবস্তুত অধিক পৰিমাণে থকা আন এটা পুষ্টিদ্ৰব্য হ’ল স্নেহপদার্থ । স্নেহপদাৰ্থৰ পৰা আমি শক্তি পাওঁ । আমাৰ দেহৰ চালৰ তলত চৰ্বীৰ এটা তৰপ থাকে । এই তৰপটোৱে দেহক সুৰক্ষা দিয়ে । ইয়াত স্নেহ পদার্থ থাকে । কেইবিধমান স্নেহ পদাৰ্থৰ উদাহৰণ হ’ল — নাৰিকল , সূর্যমুখী ফুল , ঘি , মাখন , মাংস আদি । 

১৩। খাদ্যত চর্বীজাতীয় পদাৰ্থৰ উপস্থিতি পৰীক্ষাৰ সহায়ত বৰ্ণনা কৰা । 

উত্তৰঃ কেইটামান বাদাম গুড়ি কৰি লোৱা হ’ল । গুড়িখিনি পৰিষ্কাৰ বগা কাগজ এখনত থোৱা হ’ল । এতিয়া গুড়িখিনিৰে কাগজখিলা ভালদৰে ঘঁহি দিয়া হ’ল । গুড়িখিনি আঁতৰাই কাগজখিলা শুকাব দিয়া হ’ল । শুকোৱাৰ পিছত কাগজখিলা পোহৰত চালে কাগজখনত তেলেতীয়া ডাগ লগা দেখা যাব । এইবোৰেই চর্বীজাতীয় পদার্থ । 

১৪। অভাৱজনিত বেমাৰ বুলিলে কি বুজা ? 

উত্তৰঃ আমাৰ দেহত অতি কম পৰিমাণে ভিটামিনৰ প্ৰয়োজন হয় । ভিটামিন বিভিন্ন প্ৰকাৰৰ আছে । আমাৰ দেহত কোনো এবিধ ভিটামিন যদি নাইকিয়া হৈ যায় , তেতিয়া আমাৰ কিছুমান বিশেষ ধৰণৰ ৰোগ হয় । এই ৰোগবোৰক অভাৱজনিত ৰোগ বোলে । 

১৫। ভিটামিন কেই প্ৰকাৰৰ ? কি কি ?

উত্তৰঃ ভিটামিন প্ৰধানকৈ ছয় প্ৰকাৰৰ । যেনে – ভিটামিন A , ভিটামিন B , ভিটামিন C , ভিটামিন D , ভিটামিন E আৰু ভিটামিন K 

১৬। ভিটামিন B ৰ ভাগকেইটা কি কি ? 

উত্তৰঃ ভিটামিন B ৰ ভাগ আঠটা । B₁ , B₂ , B₃ , ইত্যাদি । 

১৭। সূৰ্যৰ পোহৰত কি ভিটামিন থাকে ? 

উত্তৰঃ সূৰ্যৰ পোহৰত ভিটামিন D থাকে । 

১৮। আমাৰ দেহত থকা 6 বিধ ভিটামিনৰ উপকাৰিতা বা কাৰ্যবোৰ লিখা । 

উত্তৰঃ ( ক ) ভিটামিন A য়ে দৃষ্টিশক্তি বৃদ্ধি কৰে । 

( খ ) ভিটামিন B য়ে স্নেহপদাৰ্থৰ গঠন , কাৰ্ব’হাইড্ৰেটৰ বিপাক তথা কেন্দ্ৰীয় স্নায়ুতন্ত্রক উত্তেজিত কৰে । 

( গ ) ভিটামিন C য়ে ঘা শুকোৱাত সহায় কৰে আৰু কেতবোৰ সংক্ৰামক ৰোগ প্ৰতিৰোধ কৰে । 

( ঘ ) ভিটামিন D য়ে হাড় আৰু তেজত থকা কেলছিয়াম আৰু ফছফৰাছৰ ভাৰসাম্য নিয়ন্ত্ৰণ কৰে । দাঁতৰ গঠন মজবুত কৰাত সহায় কৰে । 

( ঙ ) ভিটামিন E য়ে ছালক উজ্জ্বল আৰু স্বাস্থ্যৱান কৰে । 

( চ ) ভিটামিন K য়ে তেজ মখা বন্ধাত সহায় কৰে। 

১৯। আমাৰ দেহত প্ৰয়োজনীয় কেইবিধমান খনিজ পদাৰ্থৰ নাম লিখা । 

উত্তৰঃ আমাৰ দেহত প্রয়োজনীয় কেইবিধমান খনিজ পদার্থ হল— কেলছিয়াম ( calcium ) , মেগনেছিয়াম ( magnesium ) , ফছফৰাছ ( phosphorus ) , ছ’ডিয়াম ( sodium ) , পটাছিয়াম ( potassium ) , আইৰণ ( iron ) , জিংক ( zinc ) , আয় ডিন ( iodine ) আদি । 

২০। কক্ষাহাৰ মানে কি ? 

উত্তৰঃ প্ৰধানকৈ উদ্ভিদে আঁহজাতীয় খাদ্য যোগান ধৰে । এনে খাদ্যই আমাৰ শৰীৰত পৰিপুষ্টি নোযোগায় । এইবোৰে খাদ্য হজম নোহোৱা অংশ দেহৰ পৰা ওলাই যোৱাত সহায় কৰে । আঁহজাতীয় খাদ্যবোৰক ৰুক্ষাহাৰ ( roughage ) বোলা হয় । 

২১। জীৱিত কোষ এটাত কিমান শতাংশ পানী থাকে ? 

উত্তৰঃ জীৱিত কোষ এটাত 70-80 শতাংশ পানী থাকে । 

২২। বিপাকীয় জল কি ? 

উত্তৰঃ দেহৰ ভিতৰত বিভিন্ন ধৰণৰ ৰাসায়নিক ক্রিয়া সংঘটিত হয় । কিছুমান বিক্ৰিয়াত আন দ্ৰব্যৰ সৈতে পানীও উৎপন্ন হয় । এনে ধৰণৰ পানীক বিপাকীয় জল বোলে । 

২৩। সুষম আহাৰ বুলিলে কি বুজা ? 

উত্তৰঃ আমাৰ খাদ্যত সকলোকেইবিধ পুষ্টিদ্রব্য থাকিব লাগিব । তেতিয়াহে আমাৰ শৰীৰ ভালে থাকিব , ভালদৰে বাঢ়িব । অৱশ্যে উপযুক্ত পৰিমাণৰ পুষ্টিদ্রব্যহে আমাৰ প্ৰয়োজন ৷ আহাৰত পুষ্টিদ্ৰব্য কম বা বেছি থাকিলে ৰোগৰ সৃষ্টি হ’ব পাৰে । ইয়াৰ উপৰি পানী তথা আঁহজাতীয় পদার্থও সঠিক পৰিমাণত থাকিব লাগে । সঠিক পৰিমাণত প্ৰতিবিধ পুষ্টিদ্ৰব্য থকা আহাৰেই হ’ল সুষম আহাৰ । সুষম আহাৰে শৰীৰক সুস্থ আৰু কাৰ্যক্ষম কৰি ৰাখে । লগতে দেহৰ সঠিকভাৱে বৃদ্ধি আৰু বিকাশ ঘটায় । 

২৪। ভিটামিন A ৰ অভাৱত কি ৰোগ হয় ? ইয়াৰ লক্ষণবোৰ কি কি ? 

উত্তৰঃ ভিটামিন A ৰ অভাৱত চকুৰ দৃষ্টিশক্তি কমি যায় । ইয়াৰ ফলত কুকুৰীকণা ( night blindness ) হয় । 

২৫। ভিটামিন B বা B₁ ৰ অভাৱত কি হয় ? ইয়াৰ লক্ষণবোৰ কি কি ? 

উত্তৰঃ ভিটামিন B বা B₁ ৰ অভাৱত বেৰিবেৰি ( beriberi ) ৰোগ হয় । এই ৰোগ হ’লে মাংসপেশী দুর্বল হয় , ফলত কাম কৰিবলৈ শক্তি নোপোৱা হয় । দেহটো শুকাই যায় । 

২৬। ভিটামিন C ৰ অৰ্ভাৱত কি ৰোগ হয় ? ইয়াৰ লক্ষণবোৰ কি কি ? 

উত্তৰঃ ভিটামিন C ৰ অভাৱত স্কার্ভি ( scurvy ) ৰোগ হয় । এই ৰোগ হ’লে দাঁতৰ আলুৰ পৰা তেজ ওলায় আৰু ঘা হ’লে শুকাবলৈ বহুত সময় লাগে ।

২৭। ভিটামিন D ৰ অভাৱত কি ৰোগ হয় ? ইয়াৰ লক্ষণবোৰ কি কি ? 

উত্তৰঃ ভিটামিন D ৰ অভাৱত ৰিকেট ( rickets ) নামৰ ৰোগ হয় । এই ৰোগ হলে হাড়বোৰ ঠুনুকা হয় বা বেঁকা হয় ।

২৮। আইৰণৰ অভাৱত কি ৰোগ হয় ? ইয়াৰ লক্ষণ কি ? 

উত্তৰঃ আইৰণৰ অভাৱত বক্তহীনতা ( anaemia ) ত ভূগিব লগা হয়। ইয়াৰ ফলত শৰীৰ দুৰ্বল হৈ পৰে । 

২৯। কেলছিয়ামৰ অভাৱত কি ৰোগ হয় ? ইয়াৰ লক্ষণবোৰ কি কি ? 

উত্তৰঃ কেলছিয়ামৰ অভাৱত হাঁড় আৰু দাঁত ক্ষয় হয় । ফলত শৰীৰ দুৰ্বল হৈ পৰে আৰু দাঁতৰ ক্ষয় হয় । 

৩০। আয়’ডিনৰ অভাৱত কি ৰোগ হয় ? ইয়াৰ লক্ষণবোৰ কি কি ? 

উত্তৰঃ আয়’ডিনৰ অভাৱত গৰল ( goiter ) ৰোগ হয় । ইয়াৰ ফলত ডিঙিত থকা গ্ৰন্থি ফুলি উঠে আৰু ল’ৰা – ছোৱালীৰ মানসিক প্রতিবন্ধকতা আৰম্ভ হয় । 

৩১। খাদ্যত চৰ্বীৰ পৰিমাণ বেছি হ’লে কি হয় ? 

উত্তৰঃ খাদ্যত চৰ্বীৰ পৰিমাণ বেছি হ’লে মেদবহুলতাৰ সৃষ্টি হয় । 

৩২। আমাৰ দেহত কোনবোৰ উপাদানে শক্তি যোগায় ? 

উত্তৰঃ আমাৰ দেহত কাৰ্বহাইড্ৰেট আৰু স্নেহপদার্থই শক্তি যোগায় । 

৩৩। শগুনে আমাক কিদৰে সহায় কৰে ? 

উত্তৰঃ শগুনে মৃত জীৱ – জন্তু খায় আৰু তাৰ ফলত পৰিৱেশ পৰিষ্কাৰ হয় । মৃত জীৱ – জন্তুবোৰৰ পৰা দুৰ্গন্ধ ওলায় আৰু এইবোৰে বেমাৰৰ বীজাণু বিয়পায় ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top