Assam Jatiya Bidyalay Class 6 Science Chapter 2 খাদ্য আৰু ইয়াৰ উৎস

Assam Jatiya Bidyalay Class 6 Science Chapter 2 খাদ্য আৰু ইয়াৰ উৎস, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় বিজ্ঞান Class 6 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 2 খাদ্য আৰু ইয়াৰ উৎস Class 6 Science Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 6 Science Chapter 2 খাদ্য আৰু ইয়াৰ উৎস Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 6 Science Chapter 2 খাদ্য আৰু ইয়াৰ উৎস provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

খাদ্য আৰু ইয়াৰ উৎস

Chapter – 2

অসম জাতীয় বিদ্যালয়

পাঠভিত্তিক ক্রিয়াকলাপৰ প্রশ্নোত্তৰ

পাঠটোৰ মূলকথা : জীৱৰ প্ৰধান উৎস হ’ল খাদ্য । খাদ্যই আমাৰ দেহত শক্তি যোগায় , জীয়াই থকা প্ৰেৰণা দিয়ে । ইঞ্জিন এটা চলিবলৈ যেনেকৈ ইন্ধন লাগে , তেনেকৈ জীৱদেহটো চলিবলৈ খাদ্য লাগে। 

জীৱজগতৰ প্ৰত্যেকবিধ প্রাণী বা চৰাই – চিৰিকতি সকলোৰে খাদ্য বেলেগ বেলেগ । এই খাদ্যবিলাক য’ৰ পৰা সংগ্ৰহ কৰা হয় , তাক খাদ্যৰ উৎস বোলা হয় । প্রাণীবোৰৰ খাদ্য বেলেগ বেলেগ হোৱাৰ বাবে তাৰ উৎসবোৰো বেলেগ বেলেগ । আকৌ ঠাইভেদে , পৰিৱেশ ভেদে মানুহৰ বা আন সকলো প্ৰাণীৰ খাদ্য বেলেগ বেলেগ হয় । যেনে , অসমৰ মানুহৰ প্ৰধান খাদ্য ভাত , কিন্তু পঞ্জাৱৰ মানুহৰ প্ৰধান “ খাদ্য কটি । 

পাঠভিত্তিক প্রশ্নাৱলীৰ উত্তৰ

১। খাদ্য কাক বোলে ? খাদ্যৰ প্ৰয়োজনীয়তা কি ? 

উত্তৰঃ যি বস্তু খালে আমি জীয়াই থাকিব পাৰোঁ তাক আমাৰ বৃদ্ধি ( growth ) হয় , তাকে খাদ্য ( food ) বোলে । 

জীৱদেহত শক্তিৰ অতি প্রয়োজন । শক্তি অবিহনে জীৱই কোনো কাম কৰিব নোৱাৰে । জীৱদেহে যেতিয়া শক্তি নাপাব , তেতিয়া দেহৰ অংগ – প্ৰত্যংগবোৰ লাহে – লাহে বিকল হৈ পৰিব আৰু অৱশেষত মৃত্যুমুখত পৰিব । জীৱদেহত আহাৰে এই প্ৰয়োজনীয়তা পূৰণ কৰে । সেয়েহে খাদ্য অতি প্রয়োজন । 

২। খাদ্যাভাস বেলেগ বেলেগ হোৱাৰ কাৰণ কি ? 

উত্তৰঃ জলবায়ু আৰু ৰীতি – নীতি ভেদে মানুহৰ খাদ্য বেলেগ বেলেগ হয় । সকলো ঠাইৰে জলবায়ু একে নহয় । সেইবাবে সকলো ঠাইতে একে ধৰণৰ খেতি বাতি নহয় । খোৱা – খাদ্যবোৰৰ বেছিভাগ খেতিবাতি বা গছ – গছনিৰ পৰাই পোৱা যায় । লগতে সকলো খাদ্যৰ গুণাগুণ বেলেগ – বেলেগ । গতিকে নির্দিষ্ট পৰিৱেশৰ লগত খাদ্যবোৰ উপযুক্ত হ’ব লাগিব । 

৩। উদ্ভিদৰ কি কি অংশক খাদ্য হিচাপে গ্ৰহণ কৰা হয় ? 

উত্তৰঃ আমি বিভিন্ন উদ্ভিদৰ পৰা খাদ্য আহৰণ কৰোঁ । ইয়াৰে কিছুমান উদ্ভিদৰ ফুল , ফল , পাত আদি খাদ্য হিচাপে গ্ৰহণ কৰা হয় । আকৌ কিছুমানৰ গা গছ , আলু আদি খাদ্য হিচাপে গ্ৰহণ কৰা হয় । 

৪। প্ৰাণীৰ পৰা কি কি খাদ্য উৎপাদিত হয় ? 

উত্তৰঃ প্ৰাণীৰ পৰা উৎপাদিত খাদ্যবোৰ ক্ৰমে — কণী , মাংস , মাছ , গাখীৰ , মৌ ইত্যাদি । 

৫। উদ্ভিদে কিদৰে খাদ্য সংগ্রহ কৰে ? 

উত্তৰঃ উদ্ভিদৰ শিপাই মাটিৰ তলৰ পৰা পানী , সাৰ , খনিজ লৱণ আদি কঢ়িয়াই লয় ৷ আকৌ উদ্ভিদৰ পাতত থকা পত্ৰহৰিতে সূৰ্যৰ তাপ আৰু পৈাহৰ শক্তি সংগ্ৰহ কৰি লয় আৰু বায়ুমণ্ডলৰ পৰা কাৰ্বণ – ডাই – অ’ইড , আদি সংগ্ৰহ কৰি তাৰ সহায়ত খাদ্য প্রস্তুত কৰি লয় ।

৬। প্ৰাণীয়ে কিদৰে আহাৰ সংগ্ৰহ কৰে ? 

উত্তৰঃ প্ৰাণীয়ে নিজে নিজৰ খাদ্য প্ৰস্তুত কৰি ল’ব নোৱাৰে । প্ৰাণীবোৰে আন প্ৰাণীৰ পৰা বা উদ্ভিদৰ পৰা খাদ্য সংগ্রহ কৰে । আকৌ সকলো প্ৰাণীৰে খাদ্য একে নহয় । খাদ্যৰ ওপৰত ভিত্তি কৰি প্ৰাণীবোৰক তিনিভাগত ভাগ কৰা হৈছে । তৃণভোজী প্ৰাণীবোৰে উদ্ভিদৰ পাত , ঘাঁহ – বন আদি খায় । মাংসভোজী প্রাণীবোৰে আন প্ৰাণীৰ দেহ , তেজ আদি খাদ্য হিচাপে গ্ৰহণ কৰে । আৰু সৰ্বভোজী প্রাণীবোৰে জীৱদেহ , উদ্ভিদৰ অংশ আদি সকলো খায় । 

৭। আমি খোৱা 5 বিধ উদ্ভিদ আৰু সিহঁতৰ অংশবোৰৰ নাম উল্লেখ কৰাঁ । 

উত্তৰঃ আমি খোৱা 5 বিধ উদ্ভিদ আৰু সিহঁতৰ অংশবোৰৰ নাম তলৰ তালিকাত উল্লেখ কৰা হ’ল। 

উদ্ভিদ খোৱা অংশৰ নাম
লাওঁফল আৰু আগ
কোমোৰাফল আৰু আগ
আলুগুটি বা শিপা
আপেলফল
নাৰিকলফল

৮। ‘ ক ’ অংশৰ লগত ‘ খ ’ অংশ মিলোৱাঁ । 

‘ ক ’ অংশ‘ খ ’ অংশ
গাখীৰ , দৈ , গাখীৰৰ ছানা , ঘিউআন প্রাণী খায় ।
পালেং শাক , ফুলকবি , গাজৰউদ্ভিদ আৰু উদ্ভিদজাত সামগ্রী খায় ।
সিংহ আৰু বাঘেশাক – পাচলি ।
তৃণভোজী প্রাণীয়েপ্রাণীজাত সামগ্রী ।

উত্তরঃ

‘ ক ’ অংশ‘ খ ’ অংশ
গাখীৰ , দৈ , গাখীৰৰ ছানা , ঘিউপ্রাণীজাত সামগ্রী ।
পালেং শাক , ফুলকবি , গাজৰশাক – পাচলি ।
সিংহ আৰু বাঘেআন প্রাণী খায় ।
তৃণভোজী প্রাণীয়েউদ্ভিদ আৰু উদ্ভিদজাত সামগ্রী খায় ।

৯। তলত দিয়া শব্দবোৰেৰে খালী ঠাই পূৰণ কৰা । 

তৃণভোজী , উদ্ভিদজাত , গাখীৰ , কুঁহিয়াৰ , মাংসভোজী 

( a ) বাঘ এবিধ _____ প্রাণী কাৰণ , ই কেৱল মাংস খায় । 

উত্তৰঃ বাঘ এবিধ মাংসভোজী প্রাণী কাৰণ , ই কেৱল মাংস খায় ।

( b ) হৰিণে কেৱল উদ্ভিদজাত সামগ্রী খায় আৰু সেয়েহে ইয়াক _____ বুলি কোৱা হয় । 

উত্তৰঃ হৰিণে কেৱল উদ্ভিদজাত সামগ্ৰী খায় আৰু সেয়েহে ইয়াক তৃণভোজী বুলি কোৱা হয় । 

( c ) ____ এবিধ পানীয় , ই গৰু , ম’হ আৰু ছাগলীৰপৰা পোৱা এবিধ প্রাণীজাত সামগ্রী। 

উত্তৰঃ গাখীৰ এবিধ পানীয় , ই গৰু , ম’হ আৰু ছাগলীৰপৰা পোৱা এবিধ প্রাণীজাত সামগ্রী ।

( d ) _____ ৰ পৰা আমি চেনি পাওঁ । 

উত্তৰঃ কুঁহিয়াৰৰ পৰা আমি চেনি পাওঁ । 

১০। এজোপা সম্পূর্ণ উদ্ভিদৰ ছবি আঁকা । 

উত্তৰঃ                  

১১। শুদ্ধ উত্তৰটো বাছি উলিওৱী । 

( a ) গজিৰ উদ্ভিদৰ শিপা / কাণ্ড / বীজ ফল ।

উত্তৰঃ গাজৰ উদ্ভিদৰ শিপা ।

( b ) হৰিণা এবিধ সৰ্বভোজী / মাংসভেজী / তৃণভোজী প্রাণী । 

উত্তৰঃ হৰিণা এবিধ তৃণভোজী প্রাণী । 

( c ) মৌহ’ল শৰ্কৰা / প্ৰ’টিন / স্নেহপদার্থ / খনিজ লৱণৰ উত্তম উৎস । 

উত্তৰঃ মৌ হ’ল শৰ্কৰাৰ উত্তম উৎস । 

অতিৰিক্ত প্রশ্নোত্তৰ

১। খাদ্যৰ উপকৰণ বুলিলে কি বুজা ? 

উত্তৰঃ আমি গছ – গছনি বা প্রাণীদেহৰ পৰা খাদ্য সংগ্ৰহ কৰোঁ যদিও সেই খাদ্যবোৰ পোনে – পোনে আমি গ্ৰহণ নকৰোঁ । আমি দুই তিনিবিধ বস্তু একেলগে সিজাই বা ৰান্ধি খাওঁ । এই ক্ষেত্ৰত আমি যিবোৰ বস্তু ব্যৱহাৰ কৰোঁ , এইবোৰক খাদ্যৰ উপকৰণ বোলে । 

২। এবিধ উদ্ভিদৰ নাম লিখা যাৰ গা – গছ , ফল , ফুল সকলো খাব পাৰি ? 

উত্তৰঃ কলগছ । 

৩। ছয়াবিনৰ পৰা কি পানীয় পাব পাৰি ? 

উত্তৰঃ গাখীৰ । 

৪। তিনিবিধ এনেকুৱা উপকৰণৰ নাম লিখা যাক বীজৰ পৰা আহৰণ কৰা হয় ? 

উত্তৰঃ জিৰা , ধনিয়া আৰু মিঠাতেল । 

৫। গছৰ পাতত কি থাকে ? 

উত্তৰঃ গছৰ পাতত পত্ৰহৰিৎ বা হৰিকণা বা ক্ল’ৰফিল ( Chlorophyll ) নামৰ এবিধ ৰঞ্জক পদার্থ থাকে । ইয়াৰ ৰং সেউজীয়া । সেইবাবে পাতৰ ৰং সেউজীয়া হয় । আৰু গছৰ পাতত সৰু – সৰু অসংখ্য বিন্ধা থাকে । ইয়াক খালী চকুৰে নেদেখি । ইয়াক পত্ৰৰন্ধ্ৰ বোলে । 

৬। খাদ্যৰ ওপৰত ভিত্তি কৰি প্ৰাণীবোৰক কি কি ভাগত ভাগ কৰা হৈছে ? 

উত্তৰঃ সকলো প্ৰাণীৰে খাদ্য একে নহয় । সেয়েহে খাদ্যৰ ওপৰত ভিত্তি কৰি প্ৰাণীবোৰক তিনিটা ভাগত ভাগ কৰা হৈছে । সেইবোৰ হ’ল ―

( ক ) তৃণভোজী ।

( খ ) মাংসভোজী । আৰু 

( গ ) সৰ্বভোজী ।

( ক ) তৃণভোজী ( Herbivore ) : এইবিধ প্রাণীয়ে কেৱল উদ্ভিদ বা উদ্ভিদজাত সামগ্ৰীহে খায় । উদাহৰণস্বৰূপে— গৰু , হৰিণ , ছাগলী ইত্যাদি । 

( খ ) মাংসভোজী ( Carnivore ) : এই মাংসভোজী প্রাণীবোৰে আন প্রাণীক খাদ্য হিচাপে গ্ৰহণ কৰে । উদাহৰণস্বৰূপে— বাঘ , সিংহ ইত্যাদি। 

( গ ) সৰ্বভোজী ( Omnivore ) : সর্বভোজী প্রাণীসমূহে উদ্ভিদ তথা প্রাণী দুয়োবিধকে খাদ্য হিচাপে গ্ৰহণ কৰে । উদাহৰণস্বৰূপে— মানুহ । 

৭। পোক – পতংগ খাই জীয়াই থকা প্ৰাণী দুবিধৰ নাম লিখা । 

উত্তৰঃ জেঠী , মকৰা আদিয়ে পোক – পতংগ খাই জীয়াই থাকে । 

৮। পঞ্জাৱৰ মানুহৰ প্ৰধান খাদ্য কি ? 

উত্তৰঃ পঞ্জাৱৰ মানুহৰ প্ৰধান খাদ্য ৰুটি । 

৯। পখিলাৰ প্ৰধান খাদ্য কি ? 

উত্তৰঃ পখিলাৰ প্ৰধান খাদ্য ফুলৰ মৌ বা ফুলৰ ৰেণু। ইয়াক পৰাগৰেণু বুলিও কোৱা হয় ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top