Assam Jatiya Bidyalay Class 6 Science Chapter 18 আৱৰ্জনা আৰু ইয়াৰ নিষ্কাসন

Assam Jatiya Bidyalay Class 6 Science Chapter 18 আৱৰ্জনা আৰু ইয়াৰ নিষ্কাসন, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় বিজ্ঞান Class 6 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 18 আৱৰ্জনা আৰু ইয়াৰ নিষ্কাসন Class 6 Science Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 6 Science Chapter 18 আৱৰ্জনা আৰু ইয়াৰ নিষ্কাসন Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 6 Science Chapter 18 আৱৰ্জনা আৰু ইয়াৰ নিষ্কাসন provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

আৱৰ্জনা আৰু ইয়াৰ নিষ্কাসন

Chapter – 18

অসম জাতীয় বিদ্যালয়

পাঠভিত্তিক প্ৰশ্নোত্তৰ

১। শুদ্ধ উত্তৰটো লিখা―

(a) অণুজীৱই পচন ঘটাব নোৱৰা আৱৰ্জনাবোৰ হ’ল—

(i) জীৱ-পচনক্ষম আৱৰ্জনা।

(ii) জীৱ-পচন অক্ষম আৱৰ্জনা ।

(iii) পুনৰাবৰ্তিত আৱৰ্জনা ।

(iv) পচন সাৰ ।

উত্তৰঃ (ii) জীৱ-পচনঅক্ষম আৱৰ্জনা ।

(b) জীব-পচনক্ষম আৱৰ্জনাৰ উদাহৰণ হ’ল-

(i) কলৰ বাকলি ।

(ii) পুৰণি বাতৰি কাগজ ।

(iii) কপাহী কাপোৰ ।

(iv) গোটেইবোৰ ।

উত্তৰঃ (iv) গোটেইবোৰ ।

(c) পলিথিনৰ মোনা, এলুমিনিয়ামৰ টুকুৰা আৰু ভঙা কাঁচৰ টুকুৰা হ’ল—

(i) জীৱ-পচনক্ষম আবর্জনা ।

(ii) জীৱ- পচন অক্ষম আৱৰ্জনা ।

(iii) গেছীয় আবর্জনা ।

(iv) পিটনি ।

উত্তৰঃ (iv) পিটনি ।

(d) পুৰণা প্লাষ্টিকৰ টেমা তলৰ কোনটো কামত ব্যৱহাৰ কৰিব পাৰি—

(i) পুৰি পেলোৱা ।

(ii) কাগজ বনোৱা ।

(iii) গছপুলি ৰোৱা ।

(iv) গোটেইবোৰ ।

উত্তৰঃ (iii) গছপুলি ৰোৱা ।

২। শুদ্ধ নে অশুদ্ধ লিখা :

(a) ফলমূল আৰু শাক-পাচলিৰ বাকলি জীৱ-পচনক্ষম আবর্জনা।

উত্তৰঃ শুদ্ধ ।

(b) জীৱ-পচন অক্ষম আৱৰ্জনাবোৰ বহুদিনৰ পিছত পচি যায়।

উত্তৰঃ অশুদ্ধ।

(c) আবর্জনাবোৰ জ্বলাই পেলোৱাতকৈ ইয়াৰপৰা পচনসাৰ প্ৰস্তুত কৰাটো বেছি ভাল।

উত্তৰঃ শুদ্ধ।

(d) পুনৰাৱাৰ্তন কৰিব পৰা আৱৰ্জনাবোৰে পুনৰ ব্যৱহাৰ কৰিব নোৱাৰি।

উত্তৰঃ অশুদ্ধ।

(e) জীৱ-পচনঅক্ষম আৱৰ্জনাবোৰে প্ৰদূষণ কৰে।

উত্তৰঃ শুদ্ধ।

৩। তোমাৰ বিদ্যালয় আৰু ঘৰৰ আশে-পাশে থকা আবর্জনাবোৰৰ ব্যৱস্থাপনাৰ বাবে কি কি ব্যৱস্থা গ্ৰহণ কৰিবা ? ইয়াৰ বাবে তলৰ তালিকাখন পূৰ কৰা―

উদ্দেশ্য/ব্যবস্থাকি কৰিব লাগিব
(a) প্লাষ্টিক জাতীয় আৱৰ্জনাৰ সৃষ্টি ৰোধ কৰা।(a) __________
(b) গোটা আৱৰ্জনাৰ সৃষ্টি ন্যূনতম কৰা।(b) __________
(c) বস্তুৰ পুনৰাৱৰ্তন আৰু পুনৰ ব্যৱহাৰ কৰা।(c) __________
(d) গোটা আৱৰ্জনাৰ উপযুক্ত নিষ্কাসন কৰা।(d) __________

উত্তৰঃ  

উদ্দেশ্য/ব্যবস্থাকি কৰিব লাগিব
(a) প্লাষ্টিক জাতীয় আৱৰ্জনাৰ সৃষ্টি ৰোধ কৰা।(a) পুনৰাৱৰ্তন কৰা।
(b) গোটা আৱৰ্জনাৰ সৃষ্টি ন্যূনতম কৰা।(b) পুনঃব্যৱহাৰ কৰা।
(c) বস্তুৰ পুনৰাৱৰ্তন আৰু পুনৰ ব্যৱহাৰ কৰা।(c) সুবিধাজনক বস্তুবোৰ জমা কৰি কামত লগোৱা।
(d) গোটা আৱৰ্জনাৰ উপযুক্ত নিষ্কাসন কৰা।(d) সুবিধাজনক বস্তুবোৰ উদ্যোগলৈ নিষ্কাসন কৰা।

৪। চমু উত্তৰ দিয়া।

(a) তিনি প্ৰকাৰৰ আৱৰ্জনাৰ নাম লিখা। উদাহৰণ দিবা।

উত্তৰঃ তিনি প্ৰকাৰৰ আৱৰ্জনা হ’ল—

(ক) গোটা আৱৰ্জনা। যেনে— জাৱৰ জোথৰ, প্লাষ্টিক আদি।

(খ) জুলীয়া আৱৰ্জনা। যেনে— দূষিত পানী, জীৱ-জন্তুৰ প্ৰস্ৰাৱ আদি ।

(গ) গেছীয় অৱৰ্জনা। যেনে—গাড়ী-মটৰৰ ধোৱা, কল-কাৰখানাৰ ধোৱা আদি। 

(b) জীৱ-পচনক্ষম আৰু জীৱ-পচনঅক্ষম আৱৰ্জনাৰ পাৰ্থক্য লিখা।

উত্তৰঃ জীৱ-পচনক্ষম আৰু জীৱ-পচন অক্ষম আৱৰ্জনাৰ পাৰ্থক্য হ’ল―

জীৱ-পচনক্ষম আৱৰ্জনাবোৰৰ অণুজীৱই নিম্নিকৰণ কৰিব পাৰে। কিন্তু

জীৱ-পচন অক্ষম আৱৰ্জনাবোৰে অণুজীৱই নিম্নিকৰণ কৰিব নোৱাৰে।

(c) আৱৰ্জনাৰ পুনৰাৱৰ্তন বুলিলে কি বুজা ?

উত্তৰঃ পেলনীয়া বস্তুৰ পৰা নতুন ব্যৱহাৰযোগ্য বস্তু তৈয়াৰ কৰা পদ্ধতিকে আৱৰ্জনাৰ পুনৰাৱৰ্তন (recycle) বোলে। পেলনীয়া কাগজ, ভঙা কাঁচৰ টুকুৰা, প্লাষ্টিকৰ আৱৰ্জনা, ধাতুৰ পেলনীয়া অংশ আদি উদ্যোগত পুনৰাৱৰ্তন কৰিব পাৰি।

(d) আৱৰ্জনা ব্যৱস্থাপনাৰ ‘5R’ কি কি ?

উত্তৰঃ আৱৰ্জনাৰ ব্যৱস্থাপনাৰ ‘SR’ বোৰ হ’ল—

Refuse, Reduce, Reuse, Recycle, Recover

Refuse – প্লাষ্টিকৰ ব্যৱহাৰ এৰি চলা। 

Reduce – প্লাষ্টিকৰ ব্যৱহাৰ হ্ৰাস কৰা।

Reuse – পুনৰ ব্যৱহাৰ।

Recycle – পুনৰাৱর্তন ।

Recover – পুনৰুদ্ধাৰ।

(e) আৱৰ্জনাবোৰ জ্বলাই দিয়াটো কিয় অনুচিত ?

উত্তৰঃ আৱৰ্জনাবোৰ জ্বলাই দিয়াটো অনুচিত। কাৰণ জ্বলাই দিলে ইয়াৰ পৰা ধোঁৱা আৰু দুৰ্গন্ধ ওলায়। ইয়াৰ পৰা বিভিন্ন বেমাৰৰ বীজাণু বিয়পিব পাৰে।

৫। আৱৰ্জনা কাক বোলে ? আৱৰ্জনা সৃষ্টি হোৱা উৎসবোৰ কি কি ? 

উত্তৰঃ ব্যৱহাৰৰ অনুপযোগী বস্তুবোৰক আৱৰ্জনা বোলে।

আৱৰ্জনা সৃষ্টি হোৱা উৎসবোৰ হ’ল—

(১) ঘৰুৱা আৱৰ্জনা ।

(২) পঞ্চায়ত বা পৌৰসভাৰ আৱৰ্জনা ।

(৩) কাৰখানাৰ আৱৰ্জনা ।

(৪) চিকিৎসালয়ৰ আৱৰ্জনা ।

(৫) দোকান-বজাৰ আদিৰ আৱৰ্জনা ।

(৬) যান-বাহনৰ পৰা ওলোৱা আৱৰ্জনা ।

(৭) বিজ্ঞান পৰীক্ষাগাৰৰ আৱৰ্জনা ।

(৮) বৈদ্যুতিক আৱৰ্জনা আদি।

৬। পচন বুলিলে কি বুজা ? খেতিয়কৰ বাবে পচন কেনেদৰে উপকাৰী ? 

উত্তৰঃ কিছুমান আৱৰ্জনা যেনে— পাচলিৰ বাকলি, ফলমূলৰ বাকলি, জীৱ-জন্তুৰ মল-মূত্ৰ আদি মাটিত বহুদিন পৰি থাকিলে, এইবোৰ মাটিৰ লগত মিহলি হৈ যায়। এইবোৰক পচন বোলে।

খেতিয়কৰ বাবে পচন যথেষ্ঠ উপকাৰী। কাৰণ এই পচনবোৰ মাটিৰ লগত মিলিলে সাৰ হয়। 

৭। কেঁচুসাৰ প্ৰস্তুতিৰ এটি পদ্ধতি বর্ণনা কৰা।

উত্তৰঃ বেছি ৰ’দ নপৰা ঠাই এটুকুৰাত এটা আয়তাকাৰ গাঁত খান্দি লোৱা হ’ল। গাতটো প্ৰায় 30 ছেমি. মান গভীৰ হ’ব লাগিব। গাঁতটোৰ তলিত বালিৰ তৰপ এটা দিয়া হ’ল প্রায় 2 ছেমি. ডাঠ। এতিয়া জীৱ পচনক্ষম আৱৰ্জনাবোৰ বালিৰ তৰপটোৰ ওপৰত বহলাই মেলি দিয়া হ’ল৷ গছৰ পাত, ধানৰ তুঁহ, কাগজৰ টুকুৰা, গোবৰ আদি দিব পাৰি।

ৰঙা কেঁচুৰ বাবে সেমেকা মাটিৰ দৰকাৰ। গতিকে গাঁতটোত অলপ পানী ছটিয়াই দিয়া হ’ল। কেইডালমান ৰঙা কেঁচু গাতটোত দিয়া হ’ল। ৰঙা কেঁচুবোৰ সাধাৰণতে কল গছ বা গোবৰত থাকে। এতিয়া গাঁতটো মৰাপাটৰ মোনা বা পুৰণা কাপোৰ বা ঘাঁহ-বনেৰে ঢাকি দিয়া হ’ল। ৰঙা কেঁচুৰ দাঁত নাথাকে ৷ আহাৰ গুড়ি কৰিবৰ বাবে ইহঁতৰ ‘পেষণী’ অংগ থাকে। এই পেষণীৰ সহায়ত ইহঁতে আৱৰ্জনাবোৰ গুড়ি কৰে। কণীৰ চেকোৰাৰ গুড়ি গাঁতটোত দিব পাৰি। এইবোৰে সিহতৰ আহাৰ অৰ্থাৎ আৱৰ্জনাবোৰ গুড়ি কৰাত সহায় কৰে। গাঁতটোৰ ভিতৰত কেচুবোৰৰ বংশবৃদ্ধি হ’ব। 3-4 সপ্তাহমান পিছত চালে দেখা যাব যে গাঁতৰ ভিতৰত ঢিলা মাটিৰ দৰে কিছুমান বস্তু জমা হৈছে। এইবোৰেই কেঁচু সাৰ। এনেকে কেঁচুসাৰ প্ৰস্তুত কৰিব পাৰি। 

৮। আৱৰ্জনা হ্রাস কৰা, পুনৰ ব্যৱহাৰ কৰা আৰু পুনৰাৱৰ্তন কৰিবলৈ কি কৰিবা ? প্ৰতিটোৰে তিনিটাকৈ উদাহৰণ দিয়া। 

উত্তৰঃ ‘আৱৰ্জনা হ্রাস কৰাৰ বাবে তিনিটা উদাহৰণ ―

(১) আৱৰ্জনাবোৰ য’তে-ত’তে নেপেলাই ডাষ্টবিনত পেলাব লাগে।

(২) আৱৰ্জনাবোৰ মাটিত পুতি থ’ব লাগে।

(৩) বস্তুৰ ব্যৱহাৰ বঢ়াই আৱৰ্জনা কমাব লাগে।

‘পুনৰ ব্যৱহাৰ কৰা’ৰ বাবে তিনিটা উদাহৰণ ―

(১) আমি অপ্রয়োজনীয় কিতাপ বহীবোৰ আৱৰ্জনা বুলি নাভাবি সেইবোৰ আনক দি, বা বেলেগ কামত ব্যৱহাৰ কৰিব লাগে। 

(২) ফটা-চিৰা কাপোৰবোৰ পেলাই নিদি আমি ঘৰৰ চাফ-চিকুণতাত ব্যৱহাৰ কৰিব লাগে।

(৩) অপ্রয়োজনীয় কাঠ-বাঁহ আদি আমি পেলাই নিদি খৰি কৰিব পৰো। 

‘পুনৰাৱৰ্তন’ৰ বাবে তিনিটা উদাহৰণ ―

(১) ভগা কাঁচৰ টুকুৰাবোৰ উদ্যোগত পুনৰাৱৰ্তন কৰিব পাৰি।

(২) প্লাষ্টিকৰ আৱৰ্জনাবোৰ উদ্যোগত পুনবাৱৰ্তন কৰিব পাৰি। 

(৩) কাগজৰ আৱৰ্জনাবোৰ উদ্যোগত পুনৰাৱৰ্তন কৰিব পাৰি।

অতিৰিক্ত প্রশ্নোত্তৰ

১। কেঁচুসাৰ কি ?

উত্তৰঃ ৰঙা কেঁচুৰ সহায়ত আৱৰ্জনাৰ পৰা প্ৰস্তুত কৰা সাৰক কেঁচুসাৰ বোলে।

২। গোবৰ গেছ কেনেকৈ প্রস্তুত কৰে ?

উত্তৰঃ জীৱ পচনক্ষম আৱৰ্জনাৰ পচন ঘটোতে জৈৱ-গেছ উৎপন্ন হয়। এই গেছ সহজে প্রস্তুত কৰিব পাৰি। ইটাৰে গঁঠা এটা টেংকীত জীৱ-পচনক্ষম আৱৰ্জনা, গোবৰ আদি ৰখা হয়। কিছুদিনৰ পিছত এইবোৰ পচে আৰু লগে লগে জৈৱ গেছ উৎপন্ন হয়। উৎপন্ন হোৱা গেছখিনিৰে আমি জুই জ্বলাব পাৰো। 

৩। পৰিশোধন মানে কি ?

উত্তৰঃ কোনো পৰীক্ষাগাৰ বা উদ্যোগত সৃষ্টি হোৱা আৱৰ্জনাত ক্ষতিকাৰক পদার্থ থাকিব পাৰে। আৱৰ্জনাবোৰৰ পৰা এই ক্ষতিকাৰক পদাৰ্থবোৰ আঁতৰাব লাগে। ইয়াকে আবর্জনাৰ পৰিশোধন বোলে।

৪। জীৱ-পচনক্ষম আৰু জীৱ-পচন অক্ষম আবর্জনা কি ?

উত্তৰঃ যিবোৰ আৱৰ্জনা পচি মাটিৰ লগত মিহলি হৈ যায়, সেইবোৰ আবর্জনাক জীৱ-পচনক্ষম বোলে। যেনে— উদ্ভিদ আৰু প্ৰাণীৰ পৰা হোৱা বিকোনো আবর্জনা।

যিবোৰ আৱৰ্জনা পচি মাটিৰ লগত মিহলি হৈ নাযায়, সেইবোৰ আৱৰ্জনাক জীৱ-পচনঅক্ষম বোলে। যেনে— প্লাষ্টিক, ধাতু আদি। 

৫। পুনবাৱর্তন মানে কি ?

উত্তৰঃ আৱৰ্জনাক নতুন ব্যৱহাৰযোগ্য পদাৰ্থলৈ পৰিৱৰ্তিত কৰাকেই আৱৰ্জনাৰ পুনৰাৱৰ্তন বোলে।

৬। পচন সাৰ কেনেকৈ প্ৰস্তুত কৰিব পাৰি ?

উত্তৰঃ এটা গাঁত খান্দি তাত প্ৰতিদিনে ঘৰত জমা হোৱা আৱৰ্জনাবোৰ পেলাই থকা হ’ল। যেতিয়া গাঁতটো ভর্তি হ’ব, তেতিয়া ওপৰত মাটি জাপি দি গাঁতটো বন্ধ কৰি দিব লাগে। এমাহমান পিছত গাঁতটো খুলিলে দেখা যাব যে আৱৰ্জনাবোৰ পচি গৈছে। এতিয়া এই পচি যোৱা আৱৰ্জনাবোৰ উলিয়াই আনি ৰ’দত শুকাব লাগে। এয়াই পচন সাৰ।

৭। পুনঃব্যৱহাৰৰ কেইটামান উদাহৰণ দিয়া।

উত্তৰঃ পুনঃব্যৱহাৰৰ কেইটামান উদাহৰণ হ’ল ক্রমে— 

(১) পুৰণি বাতৰি কাগজ বস্তু বান্ধিবলৈ ব্যৱহাৰ কৰিব পাৰি।

(২) পুৰণি কাপোৰৰ পৰা গাদী (কুশ্বন), ঠাণ্ডাত গাত লোৱা কাপোৰ আদি বনাব পাৰি।

(৩) প্লষ্টিকৰ বটল আদি ভালদৰে পাকঘৰত ব্যৱহাৰ কৰিব পাৰি। 

(৪) ৰঙৰ টেমা, পানী বটল আদি ফুলৰ বনাব পাৰি। 

(৫) পেলনীয়া প্লাষ্টিকৰ বা বটলেৰে, ফুলদানী, চৰাইৰ আদি সাজিব পাৰি।

৮। কিছুমান আৱৰ্জনাৰ নাম তলত হ’ল। এই  আৱৰ্জনাবোৰৰ পৰা আমাৰ কেনে ধৰণৰ অপকাৰ পাৰে, তাৰ এখন তালিকা প্রস্তুত কৰা।

শাক-পাচলিৰ বাকলি, ফল-মূলৰ বাকলি, ভগা কাঁচৰ টুকুৰা, ভগা ধাতুৰ টুকুৰা, গজাল আদি, প্লাষ্টিকৰ মোনা, বটল আদি, থার্ম’কলৰ টুকুৰা, খোৱা বস্তুৰ অৱশিষ্ট, কল-কাৰখানা, যান-বাহনৰ ধোঁৱা, বিজ্ঞানাগাৰৰ আৱৰ্জনা। 

উত্তৰঃ                    

1 thought on “Assam Jatiya Bidyalay Class 6 Science Chapter 18 আৱৰ্জনা আৰু ইয়াৰ নিষ্কাসন”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top