Assam Jatiya Bidyalay Class 6 Science Chapter 1 জীৱজগত

Assam Jatiya Bidyalay Class 6 Science Chapter 1 জীৱজগত, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় বিজ্ঞান Class 6 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 1 জীৱজগত Class 6 Science Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 6 Science Chapter 1 জীৱজগত Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 6 Science Chapter 1 জীৱজগত provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

জীৱজগত

Chapter – 1

অসম জাতীয় বিদ্যালয়

পাঠভিত্তিক ক্রিয়াকলাপৰ প্রশ্নোত্তৰ

পাঠটোৰ মূলকথা : পৃথিৱীখন অসংখ্য উপাদানেৰে গঠিত । হাজাৰ- হাজাৰ উপাদানেৰে গঠিত । এই আটাইবোৰ উপাদানক প্ৰধানকৈ দুটা ভাগত ভাগ কৰা হৈছে । এই ভাগ দুটা হ’ল — জীৱ আৰু জড় । জীৱৰ আকৌ প্রধান ভাগ দুটা । উদ্ভিদ আৰু প্ৰাণী । উদ্ভিদ বুলি ক’লৈ সৰু দুবৰি বনডালৰ পৰা আদি কৰি সৰু – বৰ সকলো গছ – গছনি , বৃক্ষ , গছ – লতা আদি সকলোকে বুজায় । আকৌ প্রাণী বুলিলে জীৱ – জন্তু , মানুহ , চৰাই চিৰিকতি , সাপ – ভেকুলী আদি সকলোকে বুজায় । আনহাতে জড় বুলিলে এইবোৰ বস্তুকে বুজায় যিবোৰ বস্তুৰ প্ৰাণ নাই । এইবোৰ প্ৰকৃতিত বিভিন্ন ধৰণে সৃষ্টি হয় । ইয়াৰ কিছুমান প্ৰকৃতিৰ দান আৰু কিছুমান হ’ল মৃত জীৱ – জন্তু , চৰাই – চিৰিকতি , গছ গছনি আদিৰ অৱশিষ্ট অংশ আৰু ভগ্নাৱশেষ । জীৱ আৰু জড়ৰ পাৰ্থক্য এইটোৱে যে জীৱই কিছুমান বিশেষ বৈশিষ্ট্য পালন কৰে , যিবোৰ জড়ৰ বাবে অসম্ভৱ হৈ পৰে । ইয়াৰ পৰা বুজিব পাৰি যে সকলো জীৱৰ প্ৰাণ আৰু শক্তি আছে । 

পাঠভিত্তিক প্রশ্নাৱলীৰ উত্তৰ

১। খালী ঠাই পূৰ কৰা । 

( a ) আমি উশাহত ____ গেছ বায়ুৰ পৰা গ্ৰহণ কৰোঁ ।

উত্তৰঃ অক্সিজেন ।

( b ) কুকুৰাৰ পোৱালি ____ ৰ পৰা ওপজে।

উত্তৰঃ কণী ।

( c ) উদ্ভিদে ___ প্ৰক্ৰিয়াৰে নিজৰ খাদ্য প্রস্তুত কৰে । 

উত্তৰঃ সালোক সংশ্লেষণ ।

২। শুদ্ধ উত্তৰ বাছি উলিওৱা । 

( a ) লাজুকীলতাই কি উদ্দীপকৰ প্ৰতি সঁহাৰি জনায় ? 

( i ) পোহৰ ।

( ii ) পোহৰ ।

( iii ) স্পর্শ ।

উত্তৰঃ ( iii ) স্পৰ্শ ।

( b ) পৰিৱেশৰ অজৈৱিক উপাদান হ’ল— 

( i ) বায়ু ।

( ii ) পানী ।

( iii ) উদ্ভিদ ।

উত্তৰঃ ( i ) বায়ু আৰু ( ii ) পানী ।

( c ) প্ৰাণীৰ দেহত উৎপন্ন হোৱা অলাগতিয়াল বস্তু ওলাই যোৱা পদ্ধতি হ’ল ―

( i ) পাচন ।

( ii ) শ্বসন ।

( iii ) ৰেচন ।

উত্তৰঃ ( iii ) ৰেচন ।

৩। জীৱ বুলিলে কি বুজা ? 

উত্তৰঃ যিবোৰ বস্তুৰ প্ৰাণ আছে আৰু বংশবৃদ্ধি কৰিব পৰা ক্ষমতা আছে, সেইবোৰ বস্তুক জীৱ বুলি কোৱা হয় । আমাৰ চাৰিওঁফালে থকা জীৱ – জন্তু , চৰাই চিৰিকতি , গছ – গছনি আদি ইয়াৰ উদাহৰণ । 

৪। জীৱৰ বৈশিষ্ট্যসমূহ লিখাঁ । 

উত্তৰঃ জীৱৰ বৈশিষ্ট্যসমূহ হ’ল— 

( a ) জীৱৰ বৃদ্ধি আৰু বিকাশ হয় । 

( b ) জীৱই খাদ্য গ্রহণ কৰে । 

( c ) জীৱই উশাহ – নিশাহ লয় । 

( d ) জীৱৰ চলন হয় । 

৫। আমাৰ চৌপাশ বুলিলে কি বুজা ? 

উত্তৰঃ আমাৰ চাৰিওফালে বিভিন্ন জীৱ – জন্তু , চৰাই – চিৰিকতি , গছ- লতিকা আদিয়ে আৱৰি আছে । আমাৰ চাৰিওফালৰ এই পৰিৱেশটোক আমাৰ চৌপাশ বুলি কোৱা হয় । 

৬। পৰিৱেশৰ উপাদান কেই প্ৰকাৰৰ ? 

উত্তৰঃ পৰিবেশৰ উপাদানসমূহ প্ৰধানকৈ দুই প্ৰকাৰৰ । সেই দুটা হ’ল— 

( a ) জৈৱিক উপাদান । আৰু 

( b ) অজৈৱিক উপাদান । 

৭। পোৱালি জগাই বংশবৃদ্ধি কৰা দুবিধ প্ৰাণীৰ নাম লিখা । 

উত্তৰঃ পোৱালি জগাই বংশবৃদ্ধি কৰা দুবিধ প্রাণী হ’ল— গৰু , কুকুৰ , মেকুৰী , বাদুলি আদি ৷ 

৮। উদ্দীপক কাক বোলে । 

উত্তৰঃ গাত গৰম বা চেঁচা বস্তু লাগিলে আমি তৎক্ষণাৎ আঁতৰি আহোঁ বা চকুত ছাট মাৰি ধৰা পোহৰ পৰিলে আমি চকু দুটা মুদি দিওঁ । এই ক্ষেত্ৰত স্পর্শ , অতিপাত গৰম বা ঠাণ্ডা , অতি উজ্জ্বল পোহৰ আদিক উদ্দীপক বোলা হয় । 

৯। জীৱৰ উদ্দীপকৰ প্ৰতি সঁহাৰি জনোৱা দুটা উদাহৰণ দিয়া । 

উত্তৰঃ জীৱৰ উদ্দীপকৰ প্ৰতি সঁহাৰি জনোৱা দুটা উদাহৰণ হ’ল— 

( ক ) চকুত উজ্জ্বল পোহৰ আহি পৰিলে , আমি চকু মুদি দিওঁ । 

( খ ) গাত গৰম বা চেঁচা বস্তু লাগিলে আমি তৎক্ষণাৎ আঁতৰি আহোঁ ।

১০। জীৱ আৰু জড়ৰ চাৰিটা পার্থক্য লিখা । 

উত্তৰঃ জীৱ আৰু জড়ৰ চাৰিটা পার্থক্য হ’ল ―

( ক ) জীৱই খাদ্য গ্ৰহণ কৰে , কিন্তু জড়ই খাদ্য গ্রহণ নকৰে । 

( খ ) জীৱই বংশবৃদ্ধি কৰিব পাৰে , কিন্তু জড়ই বংশবৃদ্ধি কৰিব নোৱাৰে । 

( গ ) জীৱই চলন কার্য সম্পন্ন কৰে , কিন্তু জড়ৰ চলন নাই । ( চলন মানে অংগ – প্ৰত্যংগ লৰচৰ হোৱা ) 

( ঘ ) জীৱই উশাহ – নিশাহ লয় , কিন্তু জড়ই উশাহ – নিশাহ ল’ব নোৱাৰে । 

১১। উদ্ভিদ আৰু প্ৰাণীৰ মাজৰ দুটা পার্থক্য লিখাঁ। 

উত্তৰঃ উদ্ভিদ আৰু প্ৰাণীৰ দুটা পার্থক্য হ’ল— 

( ক ) উদ্ভিদে শ্বসন কাৰ্যৰ জৰিয়তে বায়ুমণ্ডলৰ পৰা কাৰ্বণ – ডাই – অক্সাইড গেছ গ্ৰহণ কৰে ; কিন্তু প্রাণীয়ে অক্সিজেন গেছ গ্ৰহণ কৰে । 

( খ ) উদ্ভিদে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰি লয় ; কিন্তু প্ৰাণীয়ে নিজৰ খাদ্যৰ বাবে আনৰ ওপৰত নিৰ্ভৰ কৰে । 

১২। ৰেচনৰ প্ৰয়োজনীয়তা কি ? 

উত্তৰঃ সকলো জীৱই খাদ্য গ্ৰহণ কৰে । খাদ্যৰ এটা অংশ প্রয়োজন অনুসৰি জীৱদেহত ব্যৱহৃত হয় আৰু খাদ্যৰ অনাৱশ্যকীয় অংশখিনি জীৱদেহৰ পৰা বাহিৰ কবি দিয়াটো নিতান্তই প্রয়োজন । কাৰণ ই শৰীৰত থাকিলে কিছুমান বিষাক্ত দ্ৰব্যৰ সৃষ্টি কৰে । যিটো আমাৰ শৰীৰৰ কাৰণে ক্ষতিকাৰক । সেয়েহে এই বর্জনীয় বস্তুবোৰ ৰেচন প্ৰক্ৰিয়াৰ সহায়ত জীৱদেহৰ পৰা বাহিৰ কৰি দিয়া হয় । 

১৩। আন্ধাৰত গছৰ বৃদ্ধি নহয় কিয় ? 

উত্তৰঃ আন্ধাৰত গছৰ বৃদ্ধি নহয় । কাৰণ উদ্ভিদে নিজৰ খাদ্য নিজে প্রস্তুত কৰি লয় । ইয়াৰ বাবে সূৰ্যৰ তাপ আৰু পোহৰ নিতান্তই প্ৰয়োজন৷উদ্ভিদৰ পাতত সেউজীয়া পত্ৰহৰিৎ নামৰ এবিধ ৰঞ্জক পদার্থ থাকে । এই পত্ৰহৰিতে সূৰ্যৰ তাপ আৰু পোহৰ শোষণ কৰি লয় আৰু ইয়াৰ সহায়ত কাৰ্ব ‘ হাইড্ৰেট নামৰ খাদ্য উদ্ভিদে তৈয়াৰ কৰি লয় । সূৰ্যৰ পোহৰ অবিহনে উদ্ভিদ জীয়াই থকাটো অসম্ভৱ ৷ 

অতিৰিক্ত প্রশ্নোত্তৰ

১। সালোক সংশ্লেষণ কাক বোলে ? 

উত্তৰঃ সেউজীয়া উদ্ভিদে সূৰ্যৰ পোহৰৰ পৰা শক্তি আহৰণ কৰে । এই শক্তিৰ দ্বাৰা উদ্ভিদে খাদ্য প্রস্তুত কৰে । এই খাদ্য প্ৰস্তুত কৰা প্ৰক্ৰিয়াটোক সালোক সংশ্লেষণ বোলে ।

২। প্রধান প্রাকৃতিক উপাদানসমূহ কি কি ? 

উত্তৰঃ প্রধান প্রাকৃতিক উপাদানসমূহ হ’ল— বায়ু , পানী , মাটি , সূর্যৰ তাপ , উদ্ভিদ ইত্যাদি ।

৩। ৰেচন ক্রিয়া কাক বোলে ? 

উত্তৰঃ সকলো জীৱই খাদ্য গ্রহণ কৰে । খাদ্যৰ এটা অংশ শৰীৰত ব্যৱহৃত হয় । আৰু বাকী অপ্রয়োজনীয় অংশটো শৰীৰত কিছুমান পদ্ধতিৰে আন পদাৰ্থলৈ পৰিৱৰ্তিত হয় । এইবোৰ শৰীৰৰ পৰা বৰ্জন কৰা হয় । এই বৰ্জন কৰা প্ৰক্ৰিয়াটোক ৰেচন ( excretion ) ক্রিয়া বোলে । 

৪। মানুহৰ দৰে আন প্রাণী বা উদ্ভিদে উদ্দীপকৰ প্ৰতি সঁহাৰি জনায়নে ? 

উত্তৰঃ মানুহৰ দৰে অন্য প্রাণী বা উদ্ভিদেও উদ্দীপকৰ প্ৰতি সঁহাৰি জনায় । উদাহৰণ স্বৰূপে , যেনে- কেঁচু এডাল চুই দিলে কোচ খাই যায় । লাজুকীলতাৰ পাত চুই দিলে জাপ খাই যায় । 

৫। জীৱই শক্তি ক’ৰ পৰা পায় ? 

উত্তৰঃ জীৱই খাদ্যৰ পৰা শক্তি পায় । 

৬। উদ্ভিদ আৰু প্ৰাণীৰ মাজত সম্পৰ্ক কি ? 

উত্তৰঃ উদ্ভিদ আৰু প্ৰাণীৰ মাজত ওতঃপ্রোত সম্পর্ক আছে , য’ত উদ্ভিদ অবিহনে প্ৰাণী জীয়াই থাকিব নোৱাৰে আৰুপ্ৰাণী অবিহনে উদ্ভিদ জীয়াই থাকিব নোৱাৰে । উদ্ভিদে শ্বসন কার্যত কার্বন – ডাই অক্সাইড গেছ গ্ৰহণ কৰে আৰু অক্সিজেন এৰি দিয়ে আৰু উদ্ভিদে সালোক সংশ্লেষণ কৰোঁতে যথেষ্ট পৰিমাণে অক্সিজেন গেছ উৎপন্ন হয় । এই অক্সিজেন গেছ গ্ৰহণ কৰি গোটেই প্রাণীজগত জীয়াই আছে । আকৌ প্ৰাণীয়ে গ্ৰহণ কৰা বেছিভাগ খাদ্য উদ্ভিদৰ পৰাই পোৱা যায় । গতিকে উদ্ভিদ অবিহনে প্রাণী আৰু প্ৰাণী অবিহনে উদ্ভিদ জীয়াই থকাটো অসম্ভৱ । 

৭। প্ৰাণী আৰু উদ্ভিদৰ বৃদ্ধি কেতিয়াৰ পৰা হয় ? 

উত্তৰঃ প্রাণী আৰু উদ্ভিদ দুয়োটাৰে ভ্ৰূণ অৱস্থাৰ পৰাই বৃদ্ধি হয় । কিন্তু তাৰ বাবে প্রয়োজনীয় খাদ্য বা শক্তি পাব লাগিব । 

৮। জীৱজগতৰ প্ৰধান উপাদান দুটা কি কি ? 

উত্তৰঃ জীৱজগতৰ প্ৰধান উপাদান দুটা হ’ল উদ্ভিদ আৰু প্ৰাণী । 

৯। শ্বসন ক্রিয়া বুলিলে কি বুজা ? 

উত্তৰঃ সকলো প্ৰাণীয়ে উশাহ – নিশাহ লয় । প্রাণীয়ে উশাহত অক্সিজেন গেছ গ্ৰহণ কৰে আৰু নিশাহত কাৰ্বণ – ডাই – অক্সাইড গেছ এৰি দিয়ে । আনহাতে উদ্ভিদে উশাহত কার্বন – ডাই অক্সাইড গেছ গ্ৰহণ কৰে আৰু নিশাহত অক্সিজেন এৰি দিয়ে । এই উশাহ – নিশাহ লোৱা যি বিশেষ প্রক্রিয়া , এই প্রক্রিয়াক শ্বসন ক্রিয়া বোলা হয় । 

১০। জীৱৰ চলন বুলিলে কি বুজা ? 

উত্তৰঃ জীৱই লৰচৰ কৰাকে চলন বোলে । সকলো জীৱ – জন্তু , চৰাই চিৰিকতি আদিয়ে লৰচৰ কৰে । কিন্তু উদ্ভিদে লৰচৰ নকৰে । কিন্তু ইহঁতেও উদ্দীপকৰ প্ৰতি সঁহাৰি জনায় আৰু নিজৰ দেহৰ বাবে প্ৰয়োজনীয় সকলো কার্য চলাই থাকে । এইবোৰকে উদ্ভিদৰ চলন বুলি কোৱা হয় । 

১১। খালী ঠাই পূৰ কৰা : 

( a ) জীৱই ____ প্ৰক্ৰিয়াসমূহ সম্পন্ন কৰে। 

উত্তৰঃ জীৱন ।

( b ) ____ শ্বসন ক্রিয়া সম্পন্ন কৰে । 

উত্তৰঃ জীৱই ।

( c ) জীৱই প্ৰজননৰ সহায়ত ____ বৃদ্ধি কৰে ।

উত্তৰঃ বংশ ।

( d ) জীৱই ____ ৰ প্ৰতি সঁহাৰি জনায় ।

উত্তৰঃ উদ্দীপক ।

( e ) খাদ্যৰ কাৰণে প্ৰাণীয়ে ____ ৰ ওপৰত নিৰ্ভৰ কৰে ।

উত্তৰঃ উদ্ভিদ ।

( f ) উদ্ভিদে ____ প্ৰক্ৰিয়াৰে খাদ্য প্রস্তুত কৰে । 

উত্তৰঃ সালোক সংশ্লেষণ ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top