Assam Jatiya Bidyalay Class 6 History Chapter 9 কীৰ্তিচন্দ্ৰ বৰবৰুৱা

Assam Jatiya Bidyalay Class 6 History Chapter 9 কীৰ্তিচন্দ্ৰ বৰবৰুৱা, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় আপোন দেশৰ কথা Class 6 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 9 কীৰ্তিচন্দ্ৰ বৰবৰুৱা Class 6 History Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 6 History Chapter 9 কীৰ্তিচন্দ্ৰ বৰবৰুৱা Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 6 History Chapter 9 কীৰ্তিচন্দ্ৰ বৰবৰুৱা provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

কীৰ্তিচন্দ্ৰ বৰবৰুৱা

Chapter – 9

অসম জাতীয় বিদ্যালয়

পাঠভিত্তিক ক্রিয়াকলাপৰ প্রশ্নোত্তৰ


১৷ একোটিকৈ বাক্যত উত্তৰ লিখা। 

(ক) কীৰ্তিচন্দ্ৰ বৰবৰুৱাৰ পিতৃৰ নাম কি আছিল ?

উত্তৰঃ ৰূপচন্দ্ৰ বৰবৰুৱা।

(খ) জীৱনৰ প্ৰথম ভাগত কীর্তিচন্দ্ৰক কি নামেৰে জনা যায়৷

উত্তৰঃ গেন্ধেলা নামেৰে।

(গ) কোনজন আহোম ৰজাৰ ৰাজত্বকালত কীৰ্তিচন্দ্ৰই বৰবৰুৱা পদবী লাভ কৰিছিল ? 

উত্তৰঃ স্বৰ্গদেউ শিৱ সিংহৰ ৰাজত্বকালত।  

(ঘ) ‘চকৰী ফেঁটী’ নামৰ বুৰঞ্জী পুথিখন কোনে ৰচনা

কৰিছিল ? 

উত্তৰঃ নুমলি বৰগোহাঁয়ে।

(ঙ) কিমান খ্ৰীষ্টাব্দত ৰাজেশ্বৰ সিংহ আহোম ৰাজ্যৰ ৰজা হৈছিল?

উত্তৰঃ ১৬৭৩ খ্রীষ্টাব্দত।

(চ) প্ৰথম মোৱামৰীয়া বিদ্ৰোহ কেতিয়া আৰম্ভ হৈছিল ?

উত্তৰঃ ১৭৬৯ খ্রীষ্টাব্দত।

(ছ) ৰাজেশ্বৰ সিংহৰ পত্নীৰ নাম কি আছিল ? 

উত্তৰঃ কুৰুংগনয়নী।

(জ) প্রথম মোৱামৰীয়া বিদ্রোহ দমন কৰাৰ বাবে স্বৰ্গদেউ লক্ষীসিংহই কাক সেনাপতি পাতিছিল ?

উত্তৰঃ ঘনশ্যাম নামৰ এজন লোকক ৷ 

২৷ ‘জলম’ মানে কি লিখাঁ।

উত্তৰঃ ‘জলম’ মানে তাঁতশালত বোৱা কাপোৰৰ আগ অংশত সাধাৰণ সুতাৰ সলনি সৌন্দর্য বাঢ়িৰ বাবে লগাই লোৱা মিহি মিহি গুণাৰ কাম ।

ডা-ডাঙৰীয়া আৰু ৰজাঘৰীয়ালোকৰ দোলাবোৰ সজাবলৈও এই জলম ব্যৱহাৰ কৰা হৈছিল। 

৩৷ প্রথম মোৱামৰীয়া বিদ্ৰোহৰ নেতাসকলৰ নাম লিখাঁ। 

উত্তৰঃ প্রথম মোৱামৰীয়া বিদ্ৰোহৰ নেতা সকল আছিল মোৱামৰীয়া মহত্তৰ পুত্ৰ বাঙন, নাহৰখোৰা শ‍ইকীয়া আৰু ৰাঘৱ মৰাণ।

৪৷ কার্তিচন্দ্ৰ বৰবৰুৱাক কিয় ‘জলম বটা’ আখ্যা দিয়া হৈছিল ? 

উত্তৰঃ কীৰ্তিচন্দ্ৰ বৰবৰুৱাৰ পূৰ্বপুৰুষসকলে জলম বটি আৰু বেজীর কাম কৰি জীৱন নিৰ্বাহ কৰিছিল। কিছুমান আহোম ডা-ডাঙৰীয়াৰ মতে কীর্তিচন্দ্র খাটি আহোম জাতিৰ লোক নহয়, জলম বটি জীৱন নির্বাহ কৰা বংশ এটিৰ এজন সাধাৰণ লোকহে। এনেকুৱা সাধাৰণ বংশ পৰিচয়ৰ কীর্তিচন্দ্রক স্বৰ্গদেউ শিল্প সিংহই বৰবৰুৱাৰ পদবীত নিযুক্ত কৰাত তেওঁ এনেকুৱা উচ্চ পদৱীত নিযুক্তি পাবৰ যোগ্য নহয় বুলি সমালোচনা কৰা হৈছিল। পূৰ্বপুৰুষসকলে জলম বঁটা কাম কৰা বাবেই নুমলি বৰগোহাঁই নামৰ ৰাজমন্ত্ৰীজনে ‘চকৰী ফেঁটী’ নামৰ বুৰঞ্জী পুথিখনত কীৰ্তিচন্দ্ৰ যে আচল আহোম নহয়, নকল আহোমহে, সেই কথাৰ ব্যাখ্যা দি তেওঁক ‘জলম বটা’ আখ্যা দিছিল।

৫৷ কীৰ্তিচন্দ্ৰ বৰবৰুৱাই বুৰঞ্জী পুথি জ্বলাই দিয়াৰ কাৰণ কি আছিল ? 

উত্তৰঃ নুমলি বৰগোহাঁই নামৰ এজন ৰাজমন্ত্ৰীয়ে ‘চকৰী ফেঁটী’ নামৰ বুৰঞ্জী পুথি এখন লিখি তাত কীৰ্তিচন্দ্ৰ আচল আহোম নহয়, নকল আহোমহে বুলি কৈ তেওঁক ‘জলম বটা’ বুলি আখ্যা দিছিল। পূৰ্বপুৰুষসকলে জলম বটা কাম কৰা বাবেই বৰবৰুৱা পদত অধিষ্ঠিত কীৰ্তিচন্দ্ৰক বুৰঞ্জী পুথিখনত এনেকুৱা আখ্যা দি বিদ্রূপ কৰা হৈছিল। এই কথাই কীৰ্তিচন্দ্ৰৰ দৰে ব্যক্তি এজনক বৰকৈ অপমানিত কৰিছিল। সেয়ে তেওঁ ৰাজ্যৰ সকলো বুৰঞ্জী পুথি সংগ্ৰহ কৰি আনি সেইবোৰত কাৰোবাৰ গুৰি-গোষ্ঠী, বংশ-পৰিচয়ৰ বিষয়ে ভুল ব্যাখ্যা আছে নেকি পৰীক্ষা কৰিবলৈ আদেশ দিছিল। সংগ্ৰহ কৰা যিবোৰ বুৰঞ্জী পুথিত তেওঁৰ নিজৰ বিষয়ে, স্বৰ্গদেউৰ বিষয়ে আৰু আন ডা-ডাঙৰীয়াৰ বিষয়ে ভুল ব্যাখ্যা আছিল সেইবোৰ বুৰঞ্জী পুথি তেওঁ জ্বলাই দিছিল। 

৬৷ কীৰ্তিচন্দ্ৰ বৰবৰুৱাই মোৱামৰীয়া মহস্তক অপমান কৰাৰ ঘটনা কি আছিল লিখা।

উত্তৰঃ মোৱামৰীয়াসকলৰ গুৰু মোৱামৰীয়া মহন্তই কীৰ্তিচন্দ্ৰৰ বংশ পৰিচয়ৰ বিষয়ে অপমানজনক কথা কোৱা বুলি কীৰ্তিচন্দ্ৰই জানিব পাৰিছিল। সেয়ে কীৰ্তিচন্দ্ৰই মোৱামৰীয়া মহন্তৰ ওপৰত প্ৰতিশোধ লোৱাৰ সুযোগ বিচাৰি আছিল। এবাৰ কীর্তিচন্দ্ৰ আৰু স্বৰ্গদেউ লক্ষীসিংহ নাৱেৰে ব্রহ্মপুত্র নদীয়েদি ফুৰিবলৈ গৈছিল। স্বৰ্গদেউ ‘নৌকা-বিহাৰ’ কৰিবলৈ। আহি নিজৰ ঠাই পাইছেহি বুলি মোৱামৰীয়া মহন্তই জানিব পাৰিলে। সাক্ষাৎ কৰিবলৈ আৰু সন্মান জনাবলৈ বুলি আহি মোৱামৰীয়া মহন্তই কেৱল স্বৰ্গদেউকহে সেৱা জনালে, বয়-বস্তুবে উপহাৰ যাচিলে। কীৰ্তিচন্দ্ৰ বৰবৰুৱাক তেনে নকৰিলে। ইমানদিনে মোৱামৰীয়া মহত্তৰ ওপৰত প্রতিশোধ লোৱাৰ সুযোগ বিচাৰি থকা কীৰ্তিচন্দ্ৰই সুযোগ পাই গ’ল। মোৱামৰীয়া মহন্তই জানি বুজি তেওঁৰ প্ৰতি এনে আচৰণ কৰা বুলি ধৰি লৈ কীৰ্তিচন্দ্ৰ বৰবৰুৱাই মোৱামৰীয়া মহত্তক অকথ্য ভাষাৰে অপমান কৰিলে। 

৭৷ নাহৰখোৰা শইকীয়া আৰু ৰাঘৱ মৰাণৰ প্ৰতি কীর্তিচন্দ্ৰই কেনে আচৰণ কৰিছিল লিখাঁ। 

উত্তৰঃ মোৱামৰীয়া মহন্ত আৰু তেওঁৰ শিষ্যসকলৰ প্ৰতি কীৰ্তিচন্দ্ৰই সুযোগ পালেই অতি কঠোৰ আচৰণ কৰিছিল। আহোম ৰজাক তেওঁৰ অধীনস্থ প্ৰজা, আহোম ৰাজ্যৰ দাঁতিকাষৰীয়া জাতিবোৰে কৰ-কাটল, উপঢৌকন আদি দিয়াৰ নিয়ম আছিল সেইমতে এবাৰ মৰাণ জাতিৰ দুজন নেতা ক্ৰমে নাহৰখোৰা শ‍ইকীয়া আৰু ৰাঘৱ নেওগ স্বৰ্গদেউ লক্ষী সিংহক হাতী, মৌ বস বাঁহ-বেতৰ বয়-বস্তু দিবলৈ ৰজা ঘৰলৈ আহিছিল। কীৰ্তিচন্দ্ৰ বৰবৰুৱাই নাহৰ আৰু ৰাঘৱে ৰজাক দিবলৈ অনা সকলোবোৰ বয়-বস্তুৰে নানা দোষ ত্রুটি উলিয়াবলৈ ধৰে। দুয়োকে অতি অপমান কৰাতে ক্ষান্ত নাথাকি কীর্তিচন্দ্র বৰবৰুৱাই নাহব আৰু ৰাঘৱৰ কাণ কাটি শাস্তি বিহে। 

৮৷ প্রথম মোৱামৰীয়া বিদ্ৰোহ সৃষ্টি হোৱাৰ ক্ষেত্ৰত কীৰ্তিচন্দ্ৰ বৰবৰুৱাক কিয় জগৰীয়া কৰা হয় লিখা।

উত্তৰঃ মোৱামৰীয়া মহন্তই কীৰ্তিচন্দ্ৰ বৰবৰুৱাৰ বংশ পৰিচয়ৰ বিষয়ে অপমানজনক কথা কোৱা বিষয় লৈ কীৰ্তিচন্দ্ৰৰ মনত মোৱামৰীয়া মহন্ত আৰু তেওঁৰ শিষ্য সকলৰ প্ৰতি এক বিদ্বেষৰ ভাব আছিল। ইয়াৰ বাবেই সুযোগ পালেই কীর্তিচন্দ্ৰই মোৱামৰীয়া প্ৰতি কঠোৰ আচৰণ কৰিছিল। সেয়ে এবাৰ কীৰ্তিচন্দ্ৰ বৰবৰুৱাই স্বৰ্গদেউ লক্ষী সিংহৰ লগত বিহাবলৈ যাওঁতে মোৱামৰীয়া মহন্তই তেওঁক সম্মান নজনোৱাৰ গইনা লৈ তেওঁ মোৱামৰীয়া মহস্তক বেয়াকৈ অপমান কৰে। এই কার্যত মোৱামৰীয়া মহত্ত আৰু শিষ্যসকলে মনত বৰ আঘাত পায়।

কিছুদিনৰ পিছত কীৰ্তিচন্দ্ৰ বৰবৰুৱাই আন এক দুষ্কার্য কৰে। ৰজাঘৰলৈ কৰ-কাটল বা উপঢৌকন হিচাপে হাতী, মৌ বস, বাহ বেতৰ বয়বস্তু আদি লৈ অহা মৰাণজাতিৰ দুজন নেতা ক্ৰমে নাহৰখোৰা শ‍ইকীয়া আৰু ৰাঘৱক কীৰ্তিচন্দ্ৰ বৰবৰুৱাই অনাহকতে অপমান কৰাৰ উপৰিও দুয়োৰে কাণ কাটি শাস্তি বিহে। কীর্তিচন্দ্ৰ বৰবৰুৱাৰ এই কু কাৰ্য আগৰে পৰা মোৱামৰীয়া সকলৰ অন্তৰত উমি উমি জ্বলি থকা অপমানৰ জুইকুৰাত ঘি ঢলাৰ নিচিনা হ’ল। চৰমভাৱে অপমানিত মোৱামৰীয়াসকল একগোট হ’ল আৰু ৰজাঘৰৰ বিৰুদ্ধে যুঁজ দিয়াৰ সংকল্প লৈ সৈন্য-সামন্ত, অস্ত্র শস্ত্ৰ আদিৰ প্ৰস্তুতি চলালে। প্রস্তুতি সম্পূৰ্ণ হোৱাত নাহৰখোৰা শ‍ইকীয়া, ৰাঘৱ মৰাণ আৰু বাঙনৰ নেতৃত্বত মোৱামৰীয়াসকলে ১৭৬৯ খ্ৰীষ্টাব্দত ৰজাঘৰৰ বিৰুদ্ধে বিদ্ৰোহৰ পাতনি মেলে। দীৰ্ঘদিনীয়া আহোম ৰাজত্বকালত ৰজাৰ বিৰুদ্ধে প্ৰজাই কৰা এয়াই আছিল প্রথম বিদ্রোহ। অসমৰ ইতিহাসত এই বিদ্রোহকেই ‘মোৱামৰীয়া বিদ্ৰোহ’ নামেৰে জনা যায়।

ওপৰৰ ঘটনাৱলীৰ পৰা বুজা যায় যে আন কিবা কাৰণ থাকিলেও মূলতঃ কীর্তিচন্দ্ৰ বৰবৰুৱাৰ কাম-কাজত অসন্তুষ্ট হৈয়ে মোৱামৰীয়াসকলে বজাৰ বিৰুদ্ধে বিদ্রোহ ঘোষণা কৰিছিল। সেই বাবেই ‘প্রথম মোৱামৰীয়া বিদ্ৰোহ’ সৃষ্টি হোৱাৰ ক্ষেত্ৰত কীৰ্তিচন্দ্ৰ বৰবৰুৱাকে জগৰীয়া কৰা হয়।

৯৷ প্রথম মোৱামৰীয়া বিদ্ৰোহৰ ফলাফলবোৰ লিখাঁ। 

উত্তৰঃ প্রথম মোৱামৰীয়া বিদ্ৰোহৰ ফলাফল–

এই বিদ্ৰোহত ৰজাঘৰীয়া সৈন্য বাহিনীৰ পৰাজয় হয় আৰু ৰাজধানী ৰংপুৰ মোৱামৰীয়া বিদ্ৰোহী সকলে দখল কৰে। 

স্বৰ্গদেউ লক্ষী সিংহক মোৱামৰীয়া বিদ্রোহীসকলে জয়দৌলত বন্দী কৰি থয় আৰু তেওঁলোকক চৰমভাৱে অপমান কৰি অহা কীৰ্তিচন্দ্ৰ বৰবৰুৱাক মৃত্যুদণ্ড বিহে। 

মোৱামৰীয়া বিদ্ৰোহীসকলে নাহৰখোৰা শ‍ইকীয়াৰ পুত্ৰ ৰমাকাস্তক ৰংপুৰত ৰজাৰ আসনত বহুৱায়।

ৰাঘৱ মৰাণে বৰবৰুৱাৰ পদবী লয় আৰু ৰাজেশ্বৰ সিংহৰ বিধৱা পত্নী কুৰংগনয়নীক নিজৰ পত্নী কৰি লয়। 

প্ৰথম মোৱামৰীয়া বিদ্ৰোহৰ ফলত আহোম ৰাজ্যৰ উজনি অংশত মোৱামৰীয়া সকলৰ শাসন আৰম্ভ হয়।

১০। কীৰ্তিচন্দ্ৰ বৰবৰুৱাৰ চৰিত্ৰ, ব্যক্তিত্ব আৰু কাম-কাজৰ বিষয়ে আলোচনা কৰাঁ।

উত্তৰঃ কীৰ্তিচন্দ্ৰ বৰবৰুৱা অসমৰ ইতিহাসৰ এক জটিল আৰু আকর্ষণীয় চৰিত্ৰ। তেওঁৰ চৰিত্ৰ, ব্যক্তিত্ব আৰু কাম-কাজৰ বিষয়ে চমুকৈ আলোচনা কৰা হ’ল।

কীৰ্তিচন্দ্ৰ বৰবৰুৱা এজন কর্মদক্ষ আৰু বুদ্ধিমান লোক আছিল। তেওঁ অসমৰ ইতিহাসৰ এক অতি গুরুত্বপূর্ণ সময়ত বৰবৰুৱাৰ দায়িত্ব পালন কৰিছিল। তেওঁৰ জীৱন আৰু কাৰ্যাৱলীয়ে এক দীঘলীয়া সময় আহোম ৰাজতন্ত্রক প্ৰভাৱিত কৰি ৰাখিছিল। কিন্তু সেই সময়ৰ ডা ডাঙৰীয়াৰ দৰে কীৰ্তিচন্দ্ৰ বৰবৰুৱাও আছিল ক্ষমতাপ্রিয়, উচ্চাকাংখী, আত্মাভিমানী আৰু জেদী। তেওঁৰ ব্যক্তিত্বৰ আৰু চৰিত্ৰৰ এইবোৰ দিশ তেওঁৰ কাম-কাজত প্ৰতিফলিত হৈছিল।

‘চকৰী ফেঁটী’ নামৰ বুৰঞ্জী পুঁথিখনত তেওঁক ‘জলমবটা’ বুলি কোৱাৰ কাৰণে অপমানিত বোধ কৰি কীৰ্তিচন্দ্ৰ বৰবৰুৱাই বহু বুৰঞ্জী পুথি জ্বলাই দিছিল। আত্মাভিমানী আৰু জেদী মনোভাৱৰ বাবেই তেওঁ এই কামটো কৰিছিল, যাৰ ফলত মানুহৰ মাজত তেওঁ অপ্ৰিয় হৈ পৰিছিল। আনহাতে, তেওঁৰ বংশ পরিচয়ক লৈ অপমানজনক কথা কোৱা বুলিয়ে তেওঁ মোৱামৰীয়া মহুস্তক অপমান কৰিছিল। মোৱামৰীয়া মহত্তৰ শিষ্য বুলিয়েই তেওঁ নাহৰখোৰা শ‍ইকীয়া আৰু ৰাঘৱ মৰাণৰ কাণ কাটি দিছিল। তেওঁৰ এইবোৰ কাৰ্যই প্রথম মোৱামৰীয়া বিদ্রোহ ঘটাত উদ্‌গনি যোগাইছিল।

ৰাজেশ্বৰ সিংহৰ মৃত্যুৰ পিছত লক্ষী সিংহ ৰজা হোৱাৰ ক্ষেত্ৰত কীৰ্তিচন্দ্ৰ বৰবৰুৱাই সহায় কৰিছিল। বহুতো বিষয়া আৰু ডা-ডাঙৰীয়াৰ

মতে আহোমৰ ৰাজপাটত বহাৰ বাবে লক্ষী সিংহ উপযুক্ত নাছিল। কিন্তু ক্ষমতাপ্ৰিয় আৰু উচ্চাকাংখী কীৰ্তিচন্দ্ৰই সেই লক্ষী সিংহক ৰজা হোৱাত

সহায় কৰি নিজৰ ক্ষমতা আৰু প্ৰতিপত্তি বৃদ্ধি কৰিছিল। 

কীৰ্তিচন্দ্ৰ বৰবৰুৱাৰ কিছুমান কাম-কাজ গ্রহনযোগ্য নহ’লেও অসমৰ ইতিহাসত তেওঁ এটি গুরুত্বপূর্ণ চবিত্র হিচাপেই চিহ্নিত হৈ ৰৈছে।

অতিৰিক্ত প্রশ্নোত্তৰ

১৷ কীৰ্তিচন্দ্ৰ বৰবৰুৱাই কাণ কাটি দিয়া লোক দুজনৰ নাম লিখা। 

উত্তৰঃ নাহৰখোৰা শ‍ইকীয়া আৰু ৰাঘৱ মৰাণ।

২৷ আহোম ৰাজত্বকালত হোৱা প্ৰথমটো প্ৰজা বিদ্ৰোহৰ নাম লিখা।

উত্তৰঃ মোৱামৰীয়া বিদ্রোহ।

৩৷ স্বৰ্গদেউ লক্ষী সিংহক মোৱামৰীয়াসকলে ক’ত বন্দী কৰি থৈছিল ?

উত্তৰঃ জয়দৌলত।

৪৷ আহোমক পৰাজিত কৰি মোৱামৰীয়াসকলে কাক ৰজা পাতিছিল ?

উত্তৰঃ নাহৰখোৰা শ‍ইকীয়াৰ পুতেক ৰমাকান্তক।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top