Assam Jatiya Bidyalay Class 6 History Chapter 8 ডেবেৰা বৰবৰুৱা আৰু লালুকসোলা বৰফুকন

Assam Jatiya Bidyalay Class 6 History Chapter 8 ডেবেৰা বৰবৰুৱা আৰু লালুকসোলা বৰফুকন, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় আপোন দেশৰ কথা Class 6 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 8 ডেবেৰা বৰবৰুৱা আৰু লালুকসোলা বৰফুকন Class 6 History Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 6 History Chapter 8 ডেবেৰা বৰবৰুৱা আৰু লালুকসোলা বৰফুকন Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 6 History Chapter 8 ডেবেৰা বৰবৰুৱা আৰু লালুকসোলা বৰফুকন provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

ডেবেৰা বৰবৰুৱা আৰু লালুকসোলা বৰফুকন

Chapter – 8

অসম জাতীয় বিদ্যালয়

পাঠভিত্তিক ক্রিয়াকলাপৰ প্রশ্নোত্তৰ


১৷ একোটিকে বাক্যত উত্তৰ লিখাঁ।

(ক) কোনজন ব্যক্তিৰ সহায়ত চুক্লান্‌ফাই আহোম ৰজা উদায়াদিত্য সিংহক হত্যা কৰিছিল ?

উত্তৰঃ ডেবেৰা হাজৰিকাৰ সহায়ত ৷

(খ) আহোম ৰজা চুক্লান্‌ফাৰ আন এটা নাম কি ?

উত্তৰঃ ৰামধ্বজ সিংহ।

(গ) আহোম শাসন কালৰ কোনখিনি সময়ক সংকট কাল বুলি কোৱা হয় ? 

উত্তৰঃ ১৬৭৩ খ্ৰীষ্টাব্দৰ পৰা ১৬৮১ খ্ৰীষ্টাব্দৰ সময়খিনিক।

(ঘ) ৰামধ্বজ সিংহক কোনে হত্যা কৰিছিল ?

উত্তৰঃ ডেবেৰা হাজৰিকাই।

(ঙ) ডেবেৰা বৰবৰুৱাই ৰজা পতা ডুংখুঙীয়া ফৈদৰ কোঁৱৰজনৰ নাম কি আছিল ? 

উত্তৰঃ গোৱৰ কোঁৱৰ।

(চ) কিমান খ্রীষ্টাব্দত লালুকসোলা বৰফুকনে বিনাযুদ্ধে মোগলৰ হাতত গুৱাহাটী এৰি দিছিল ? 

উত্তৰঃ ১৬৭৯ খ্রীষ্টাব্দত ৷

(ছ) চুলিকফা কোনটো ফৈদৰ কোঁৱৰ আছিল ?

উত্তৰঃ চামগুৰিয়া ফৈদৰ।

(জ) কিমান খ্রীষ্টাব্দত কোনে লালুকসোলা বৰফুকনক মৃত্যুদণ্ড দিয়ে ?

উত্তৰঃ ১৬৮০ খ্রীষ্টাব্দত মাধৱ তামুলী আৰু নগঞা শ‍ইকীয়া ভোটাই ডেকাই।কৰি হত্যা কৰে আৰু ৰামধ্বজ সিংহ নাম লৈ আহোম ৰাজ্যৰ ৰজা হয়।

২৷ ‘আহোম ৰাজত্বকালৰ সংকটৰ কাল’ কথাষাৰ বুজাই লিখা। 

উত্তৰঃ ১৬৭৩ খ্ৰীষ্টাব্দত চুক্লান্‌ফাই ভায়েক উদয়াদিত্য সিংহক ষড়যন্ত্র ৰামধ্বজ সিংহ ৰজা হোৱাৰে পৰা অৰ্থাৎ ১৬৭৩ খ্ৰীষ্টাব্দৰ পৰা ১৬৮১ খ্রীষ্টাব্দলৈকে আহোম ৰাজ্যত ষড়যন্ত্র, সন্দেহ আৰু আতংকৰ এক ভয়াবহ পৰিবেশৰ সৃষ্টি হয়। ডা-ডাঙৰীয়াসকলৰ ক্ষমতা লাভৰ প্ৰতিযোগিতা আৰু বড়যন্ত্রই এনে অৱস্থা পাইছিল যে কোনে কাক কেতিয়া হত্যা কৰে তাৰ একো নিশ্চয়তা নোহোৱা হৈছিল। ৰজাই হওঁক, ডা-ডাঙৰীয়াই হওক, সাধাৰণ প্ৰজাই হওক সকলোৱে বিশ্বাসহীনতা আৰু বিপদৰ মাজত দিন কটাইছিল। এই সময়খিনিত ছয়জনকৈ আহোম ৰজা সলনি হৈছিল। সেয়েহে এইখিনি সময়ক ‘আহোম ৰাজত্বকালৰ সংকটৰ কাল’ বুলি কোৱা হয় ৷

৩৷ ডেবেৰা বৰবৰুৱাৰ কাৰ্যকলাপ কেনে আছিল লিখা। 

উত্তৰঃ ডেৱেৰা বৰবৰবাৰ প্ৰকৃত নাম আছিল ডেবো হাজৰিকা। রামধ্বজ সিংহই উদয়াদিত্য সিংহক ষড়যন্ত্র কৰি হত্যা কৰি আহোমৰ ৰজা হোৱাৰ ক্ষেত্ৰত এই ডেবেৰাই সহায় কৰিছিল। ইয়াৰ বাবেই ৰামধ্বজ সিংহই ডেবো হাজৰিকাক বৰবৰুৱাৰ পদবী দিয়ে। কিন্তু ক্ষমতালোভী ডেৱেৰাই সেই ৰামধ্বজ সিংহকে বিহু খুৱাই হত্যা কৰি চুহুংনামৰ কোঁৱৰ এজনক ৰজা পাতি ৰাজ ক্ষমতা নিজৰ হাতত ৰাখে। দিন যোৱাৰ লগে লগে চুইঙে ভেবেৰাৰ আচল ৰূপ ধৰিব পাৰি তেওঁক হত্যা কৰিবলৈ সুবিধা বিচাৰি আছিল। কিন্তু চতুৰ ডেবেৰাই এই কথাৰ উমান পাই ওলোটাই চুহুণ্ডকে হত্যা কৰি তুংখুঙীয়া ফৈদৰ গোবৰ নামৰ কোঁৱৰ এজনক ১৬৭৫ খ্ৰীষ্টাব্দত ৰজা পাতে।

‘এক শ গৰু মাৰিলে বাঘৰো মৰণ’ বুলি এষাৰ কথা আছে। আনক ষড়যন্ত্ৰ কৰি হত্যা কৰা ডেবেৰা বৰবৰুৱাৰ ক্ষেত্ৰতো সেয়ে হ’ল। তেওঁৰ অত্যাচাৰত অতিষ্ঠ হৈ এদিন আন আন ডা-ডাঙৰীয়াসকলে তেওঁৰ লগতে অকর্মণ্য গোবৰ ৰজাকো হত্যা কৰে।

ডেবেৰা বৰবৰুৱা এজন চতুৰ আৰু কাৰ্যদক্ষ্য লোক আছিল। কিন্তু তেওঁৰ সেই গুণ নিজ ৰাজ্যৰ আৰু প্ৰজাৰ কল্যাণৰ বাবে ব্যৱহাৰ কৰা নাছিল, কৰিছিল নিজ স্বাৰ্থত। ওপৰত উল্লেখ কৰা ঘটনাৱলীয়ে ডেবেৰা বৰবৰুৱাৰ কার্যকলাপ যে বেয়া আছিল তাৰ প্ৰমাণ ভাঙি ধৰে আৰু ইয়াৰ বাবেই অসমৰ ইতিহাসত তেওঁক কেতিয়াও সন্মানজনক স্থান দিয়া হোৱা নাই।

৪৷ লালুকসোলা বৰফুকনে কেনেকৈ গড়গাঁৱত ক্ষমতা দখল কৰিছিল লিখা।

উত্তৰঃ চুডেফাৰ ৰাজত্বকালত লালুকসোলা বৰফুকন নামনি অসমৰ শাসনকর্তা আছিল। সেই সময়ত ৰাজধানী গড়গাঁৱৰ শাসনভাৰৰ মূল দায়িত্ব,আছিল আতন বুঢ়াগোহাঁইৰ হাতত। লালুকসোলা আৰু বুঢ়াগোহাঁইৰ মাজত নিজ নিজ ক্ষমতা আৰু শক্তি বৃদ্ধি কৰাৰ প্ৰতিযোগিতা চলিছিল। লালুকসোলাই নিজৰ ক্ষমতা বৃদ্ধিৰ বাবে বংগৰ নবাবৰ সৈতে বন্ধুত্ব স্থাপন কৰিলে। তাৰ পিছত যুদ্ধ নকৰাকৈয়ে ১৬৭৯ খ্রীষ্টাব্দত লালুকসোলা বৰফুকনে মোগলক গুৱাহাটীখন এৰি দিছিল। অতি ক্ষমতালোভী লালুকসোলাই গুৱাহাটীখন এনেকৈ মোগলক চমজাই থৈ গড়গাঁৱ অভিমুখে যায় আৰু নিজৰ সমৰ্থকসকলৰ সহায় লৈ গড়গাঁৱ অধিকাৰ কৰাৰ লগতে ৰজা চুডৈফাকো হত্যা কৰে। চুডৈফাক হত্যা কৰি লালুকসোলাই চামগুৰিয়া ফৈদৰ চুলিফা নামৰ চৈধ্য বছৰীয়া কেঁৱৰ এজনক ৰজা পাতি নিজে আহোম ৰাজ্যৰ সৰ্বময় হৰ্তা-কৰ্তা হৈ পৰে। 

৫৷ জয়মতীৰ বিৰুদ্ধে লালুকসোলা বৰফুকনে কেনে ব্যবস্থা গ্রহণ কৰিছিল ?

উত্তৰঃ জয়মতী কুঁৱৰী আছিল চাৰিঙৰ তুংখুঙীয়া ফৈদৰ ৰাজকোঁৱৰ লাঙি পানীসিয়া গদাপাণিৰ পত্নী। লালুকসোলা বৰফুকন আৰু চুলিফা বা ৰত্নধ্বজ সিংহই নিজ স্বার্থ পূৰণৰ বাবে বিভিন্ন ফৈদৰ আহোম ৰাজকোঁৱৰ সকলক ঘূণীয়া কৰা অথবা হত্যা কৰা ষড়যন্ত্ৰত লিপ্ত হোৱা সময়ত জয়মতীৰ উপদেশ মতে গদাপাণিয়ে নগা পাহাৰলৈ পলাই গৈ আত্মগোপন কৰে। চোৰাংচোৱাই গদাপাণিৰ একো সম্ভেদ উলিয়াব নোৱাৰাত লালুক সোলাৰ নির্দেশ মতে প্ৰথমতে জয়মতীক ৰাজসভালৈ মতাই নি গিৰীয়েকৰ বিষয়ে সোধ পোছ কৰে। তাত সফল নোহোৱাত লালুকসোলা বৰফুকনে অৱশেষত যি কোনো শাস্তিৰ বিনিময়ত হলেও জয়মতীৰ মুখৰপৰা গদাপাণিৰ সম্ভেদ উলিয়াবলৈ চাওদাংসকলক নির্দেশ দিয়ে। সেই মর্মেই চাওদাংসকলে জয়মতীক জেৰেঙা পথাৰলৈ নি গছ এজোপাত হাতে ভৰিয়ে বান্ধি অবর্ণনীয় অত্যাচাৰ আৰম্ভ কৰে। গাত চোৰাত পাত সানি দিয়া, চমতাৰে কোবোৱা, গৰম পানী ঢালি দিয়া তপত লোৰে শৰীৰত দাগ দিয়াৰ দৰে অতি নিষ্ঠুৰ অত্যাচাৰ জয়মতীৰ ওপৰত চলোৱা হয়। কিন্তু তথাপিও জয়মতীয়ে গিৰীয়েকৰ বিষয়ে মুখেৰে এটা শব্দও উচ্চাৰণ নকৰিলে আৰু এনেকৈ কেবাদিনো শাস্তি ভোগ কৰি স্বামী ভক্তি, দেশ ভক্তিৰ নাজিৰ ৰাখি থৈ অৱশেষত জেৰেঙা পথাৰতেই মৃত্যু বৰণ কৰে। 

৬৷ লালুকসোলা বৰফুকনৰ অত্যাচাৰী কাম-কাজৰ কেনেকৈ অন্ত হৈছিল লিখ।

উত্তৰঃ চুলিফাৰ ৰাজত্ব কালত অন্যায় শাসন, অত্যাচাৰ উৎপীড়ন, ষড়যন্ত্র আদিয়ে চুড়ান্ত পর্যায় পাইছিলগৈ। এনেকুৱা অৱস্থাৰ বাবে আন আন ৰজাঘৰীয়া লোক, ডা-ডাঙৰীয়াসকল আৰু প্ৰজাসকলে লালুকসোলাকেই দোষী সাব্যস্ত কৰিছিল। তেনেকুৱা অপশাসনৰ বিৰুদ্ধে তেতিয়া ৰাজ্যজুৰি বিদ্ৰোহৰ সম্ভাৱনাই দেখা দিছিল।‘এশ গৰু মাৰিলে বাঘৰে৷ মৰণ’ কথাযাৰেই সঁচা হ’ল। যিজন মানুহে বড়যন্ত্ৰ ৰচনা কৰি বহুজনক ঘুণীয়া কৰিছিল, মৃত্যুদণ্ড দিছিল, জয়মতীক অমানুষিক শাস্তি দি কাললৈ কুখ্যাতি অর্জন কৰিছিল, সেইজন লালুকসোলা অৱশেষত তেনে অৱস্থাকে আকোৱালি ল’ব লগা হৈছিল। জয়মতীৰ মৃত্যুৰ কিছুদিনৰ পিছতে ১৬৮০ খ্ৰীষ্টাব্দৰ নৱেম্বৰ মাহত মাধৱ তামুলী আৰুনগঞা শ‍ইকীয়া ভোটাই ডেকা নামৰ দুজন লোকে লালুকসোলা বৰফুকনক হত্যা কৰি তেওঁৰ অত্যাচাৰৰ অন্ত পেলাইছিল।

৭৷ বৰফুকন হিচাবে লালুকসোলাৰ কাম-কাজৰ বিষয়ে বুজাই লিখাঁ। 

উত্তৰঃ লালুকসোলা বৰফুকন চুডৈফাৰ ৰাজত্বকালত নামনি অসমৰ শাসনকর্তা আছিল। তেওঁ এজন চতুৰ আৰু কাৰ্যদক্ষ লোক আছিল যদিও সেই গুণ তেওঁ কেৱল নিজৰ স্বাৰ্থতহে ব্যৱহাৰ কৰিছিল। নিজৰ ক্ষমতা বৃদ্ধিৰ বাবেই লালুকসোলাই বংগৰ নবাবৰ সৈতে মিত্ৰতা কৰাৰ উপৰিও ১৬৭৯ খ্রীষ্টাব্দত বিনাযুদ্ধে গুৱাহাটীখন মোগলক এৰি দিছিল। সেই সময়ত ৰাজধানী গড়গাঁৱৰ শাসনভাৰৰ মূল দায়িত্বত আছিল আতন বুঢ়াগোহাঁই। গুৱাহাটীখন মোগলক শোধাই থৈ লালুকসোলাই গুৱাহাটীৰ পৰা গৈ গড়গাঁৱ অধিকাৰ কৰাৰ লগতে চুডৈফাক হত্যা কৰি চৈধ্য বছৰীয়া চুলিফাক ৰজা পাতে। এই চলিক্‌ফাক ল’ৰা ৰজা বুলিও জনা যায়।

চতুৰ লালুকসোলাই চুলিফাৰ লগত নিজৰ পাঁচ বছৰীয়া জীয়েকৰ বিয়া পাতি দি ৰজাক জোৱায়েক কৰি লৈ নিজে আহোম ৰাজ্যৰ সৰ্বময় হৰ্তা-কৰ্তা হৈ পৰে। তাৰপিছতে লালুকসোলাই ক্ষমতাৰ লোভত আৰু জোৱায়েক চুলিফাৰ সিংহাসনৰ ভৱিষ্যত সুৰক্ষাৰ স্বাৰ্থত অতি জঘন্য ষড়যন্ত্রত লিপ্ত হৈ পৰে। তেওঁৰ পৰিকল্পনা মতেই আতন বুঢ়াগোহাঁইকে ধৰি কেবাজনো ডা-ডাঙৰীয়াক প্রথমে হত্যা কৰা হয়। তাৰ পিছতে তেওঁ ভৱিষ্যতে ৰজা হ’বৰ যোগ্য বিভিন্ন যৈন্দৰ আহোম ৰাজকোঁৱৰ সকলক ঘূণীয়া অথবা হত্যা কৰাৰ পাশৱিক কার্যত লিপ্ত হৈ পৰে। পলাতক গদাপাণিৰ সম্ভেদ উলিওৱাৰ বাবে এই লালুকসোলা বৰফুৰণৰ নিৰ্দেশতে গদাপাণিৰ পত্নী জয়মতী কুৱৰীক চাওদাঙে জেবেঙা পথাৰত অমানুষিক অত্যাচাৰ কৰি হত্যা কৰে।

ওপৰত উল্লেখ কৰা, ঘটনাৱলীৰ পৰা দেখা যায় লালুকসোলা ৰফুকনে কেৱল নিজৰ স্বাৰ্থতহে নিজৰ ক্ষমতা, শক্তি আৰু চিত্তা ব্যৱহাৰ কৰিছিল আৰু ৰাজ্যখনলৈ আতংকৰ পৰিবেশ নমাই আনিছিল। এনেকুৱা কু-কৰ্মৰ বাবেই লালুকসোলা বৰফুকন অসমৰ ইতিহাসত এটি কুখ্যাত চৰিত্ৰ হিচাবে চিহ্নিত হৈ ৰৈছে।

অতিৰিক্ত প্রশ্নোত্তৰ

১৷ চুডৈফাৰ ৰাজত্বকালত নামনি অসমৰ শাসনকৰ্তা কোন আছিল? 

উত্তৰঃ লালুকসোলা বৰফুকন। 

২৷ আহোমৰ ৰাজপাটত উঠি চলিফাই কি নাম লৈছিল ?

উত্তৰঃ ৰত্নধ্বজ সিংহ।

৩৷ কিমান খ্রীষ্টাব্দত গদাপাণিয়ে আহোমৰ ৰাজপাটত উঠে ?

উত্তৰঃ ১৬৮১ খ্ৰীষ্টাব্দত।

৪৷ গদাপাণিয়ে ৰজা হৈ কি নাম লৈছিল ?

উত্তৰঃ গদাধৰ সিংহ।

৫৷ গদাধৰ সিংহই কাক গুৱাহাটীৰ বৰফুকন পাতিছিল ?

উত্তৰঃ বন্দৰ বৰফুকনক।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top