Assam Jatiya Bidyalay Class 6 History Chapter 5 চিহাবুদ্দিন তালিছৰ অসম বিৱৰণ

Assam Jatiya Bidyalay Class 6 History Chapter 5 চিহাবুদ্দিন তালিছৰ অসম বিৱৰণ, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় আপোন দেশৰ কথা Class 6 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 5 চিহাবুদ্দিন তালিছৰ অসম বিৱৰণ Class 6 History Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 6 History Chapter 5 চিহাবুদ্দিন তালিছৰ অসম বিৱৰণ Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 6 History Chapter 5 চিহাবুদ্দিন তালিছৰ অসম বিৱৰণ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

চিহাবুদ্দিন তালিছৰ অসম বিৱৰণ

Chapter – 5

অসম জাতীয় বিদ্যালয়

পাঠভিত্তিক ক্রিয়াকলাপৰ প্রশ্নোত্তৰ


১৷ একোটিকে বাক্যত উত্তৰ লিখাঁ ।

(ক) চিহাবুদ্দিন তালিছে বচনা কৰা গ্ৰন্থখনৰ নাম কি লিখাঁ। 

উত্তৰঃ ফাখিয়া-ই-ইব্রিয়া’।

(খ) চিহাবুদ্দিন তালিছৰ বিৱৰণ মতে ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ আৰু দক্ষিণ পাৰক কি বুলি জনা গৈছিল ? 

উত্তৰঃ উত্তৰকূল আৰু দক্ষিণকুল।

(গ) চিহাবুদ্দিন তালিছৰ মতে অসমত কি বস্তু অতি দুর্লভ আছিল ?

উত্তৰঃ নিমখ।

(ঘ) মিৰজুমলাৰ অসম আক্ৰমণৰ সময়ত আহোম ৰাজ্যৰ ৰজা কোন আছিল ?

উত্তৰঃ স্বৰ্গদেউ জয়ধ্বজ সিংহ।

(ঙ) অসমৰ মানুহে সাজি লোৱা সৰু নাওবোৰক কি বুলি কোৱা হৈছিল।

উত্তৰঃ বচাৰী।

২৷ চিহাবুদ্দিন তালিছৰ টোকা মতে অসমৰ প্ৰাকৃতিক সৌন্দৰ্য আৰু জলবায়ু কেনে আছিল লিখা।

উত্তৰঃ চিহাবুদ্দি তালিছৰ মতে অসম হাবি-বননিৰে ভৰা এখনি ভয়াবহ বেশ। অসমৰ মাজেৰে সুবিশাল ব্ৰহ্মপুত্ৰ নদী বৈ গৈছে। পূৱে শদিয়াৰ পৰা পশ্চিমে গুৱাহাটীলৈ অসমৰ বিস্তৃতি আছিল। গাৰো, মিচিমি, মিৰি, ভফলা পাহাৰে অসমৰ উত্তৰ অংশ আগুৰি থকাৰ বিপৰীতে দক্ষিণে আছিল খাচীয়া, কছাৰী আৰু দক্ষিণ গাৰো পাহাৰ অঞ্চল। কলিয়াবৰৰ পৰা গড় গাঁৱলৈ গোটেই অঞ্চলটোত মানুহৰ বসতি অতি ঘন আৰু ফল-মূলৰ বাগিচাৰে পৰিপূৰ্ণ। অলিবাটৰ দুয়োফালে লানি নিছিগা বাহনি অঞ্চল। সুগন্ধি আৰু ধুনীয়া ফুলেৰে অঞ্চলটো জাতিষ্কাৰ হৈ থাকে। আলিবাটৰ কাষৰপৰা পাহাৰৰ দাতিলৈকে বিস্তীর্ণ খেতিপথাৰ।

চিহাবুদ্দিন তালিছৰ টোকা মতে অসমত নদ-নদী বেছি। বৰষুণৰ পৰিমাণো বেছি। অসমৰ জলবায়ুৱে বিদেশীসকলক বৰকৈ অসুবিধা দিয়ে। সেইবাবে অসমত বিদেশীসকলে বেছিদিন তিষ্ঠি থাকিব নোৱাৰে। অসমৰ প্রাকৃতিক পৰিবেশে বিদেশীৰ মনত ভয়ৰ সঞ্চাৰ কৰিছিল। 

৩৷ অসমৰ গছ-গছনি আৰু শস্যৰ বিষয়ে চিহাবুদ্দিন তালিছে কি কি কথা লিখি থৈ গৈছে লিখাঁ। 

উত্তৰঃ চিহাবুদ্দিন তালিছৰ টোকা মতে ওখ, ডাঙৰ আৰু ঘন ঘন গছ গছনিৰে অসমৰ পাহাৰ ভৈয়াম পৰিপূৰ্ণ আছিল। ভাৰতৰ অন্য প্ৰান্তত দেখা বহুতো সুগন্ধি ফুল, গাছ লতা, সোবাদযুক্ত ফল অসমতো উভৈনদী। ভাৰতৰ অন্য প্ৰাস্তত নেদেখা বহু গছ-গছনি, ফুল-ফলো অসমত দেখা যায়। জালুক, জটামাংসী, বিভিন্ন প্ৰকাৰব নেমুটেঙা, আন, কঁঠাল আদা আদি প্ৰচুৰ পৰিমাণে পোৱা যায়। বিভিন্ন প্ৰকাৰৰ কুঁহিয়াৰ খেতি অসমত প্ৰচুৰ পৰিমাণে হয়।

চিহাবুদ্দিন তালিছে টোকাত উল্লেখ কৰা মতে অসমৰ প্ৰধান খেতি হৈছে ধান। অসমৰ মাটিবোৰ সাৰুৱা আৰু পলসুৱা বাবে ইয়াত সহজে ধান উৎপাদন কৰিব পাৰি। অসমৰ মাটিত ঘেঁহু, বাৰ্লি আৰু মচুৰ দাইলৰ খেতি একেবাৰে নহয়।

৪৷ অসমৰ ৰাজহ ব্যৱস্থাৰ বিষয়ে চিহাবুদ্দিন তালিছৰ টোকাত কি কথাৰ উল্লেখ পোৱা যায় লিখাঁ। 

উত্তৰঃ চিহাবুদ্দিন তালিছৰ টোকা মতে অসমৰ প্ৰজাসকলে শাৰীৰিক পৰিশ্ৰম কৰি ৰজাঘৰক ৰাজহ আদায় দিব লাগিছিল। কৃষকৰ পৰা কোনো ৰাজহ লোৱাৰ ব্যৱস্থা নাছিল। তাৰ পৰিৱৰ্তে প্রতি তিনিজন মানুহৰ এজনে ৰজাৰ ঘৰত পাল পাতি কাম কৰি দিব লাগিছিল। কামত অৱহেলা কৰা অপৰাধত শাস্তি হিচাপে বজাই প্রাণদণ্ডও দিছিল। সেইবাবে প্রজা সাধাৰণ বজাৰ প্ৰতি বৰ অনুগত আছিল। 

৫৷ বিদেশী শত্ৰুৰ আক্ৰমণৰ বিৰুদ্ধে অসমীয়া সৈন্যই কি কৌশল গ্ৰহণ কৰে বুলি চিহাবুদ্দিন তালিছে উল্লেখ কৰিছে লিখাঁ। 

উত্তৰঃ চিহাবুদ্দিন তালিছৰ টোকা মতে অসমৰ ৰজাই বিদেশী মানুহক অসমত সোমাব নিদিয়ে আৰু অসমৰ মানুহক বাহিৰলৈ যাবলৈও নিদিয়ে। বিদেশীসকলে অসমৰ ভিতৰত সোমালেই অসমৰ মানুহে ৰাতিৰ আন্ধাৰত সুযোগ লৈ আক্ৰমণ কৰিছিল। বিদেশীৰ আক্ৰমণত তিষ্ঠিব নোৱাৰিলে অসমৰ মানুহে ঘৰ-বাৰী এৰি পথাৰত আশ্রয় লৈছিল। লগে লগে বিদেশীসকলে অনায়াসে ৰাজ্যৰ মাজমজিয়াত উপস্থিত হৈছিল।

বর্ষাকাল আৰম্ভ হোৱাৰ লগে লগে বাট-পথ পানীয়ে ওপচাই পেলাই কাৰণে অসমৰ যাতায়ত ব্যৱস্থা একেবাৰে দুৰ্গম হৈ পৰে। ইয়াৰ সুযোগ লৈয়ে পাহাৰৰ পৰা নামি আহি অসমীয়া সৈন্যই শত্রুপক্ষক আগুৰি ধৰি আক্ৰমণ কৰি বিপদত পেলায়। আচহুৱা প্রকৃতিক পৰিৱেশত বিদেশীসকলে পৰাজয় বৰণ কৰিবলগীয়া হয়। 

৬৷ অসমৰ জনসাধাৰণৰ বিষয়ে চিহাবুদ্দিন তালিছে কেনেধৰণৰ মতামত দিছিল লিখাঁ। 

উত্তৰঃ চিহাবুদ্দিন তালিছে টোকাত উল্লেখ কৰা মতে অসমৰ জনসাধাৰণৰ কোনো সুকীয়া ধর্ম নাছিল। জাত-পাতৰ বিচাৰ নাছিল। মানুহৰ মাংসৰ বাহিৰে সকলো জীৱ-জন্তুৰে মাংস এওঁলোকে ভক্ষণ কৰিছিল। ঘিউ খাবলৈ এই দেশৰ মানুহে বৰ বেয়া পাইছিল। এই দেশৰ ভাষা অন্যান্য ঠাইৰ ভাষাতকৈ সম্পূর্ণ পৃথক । মানুহবোৰৰ চেহেৰাৰ মাজেৰে সাহস আৰু বীৰত্ব প্ৰকাশ পাইছিল। বিভিন্ন ধৰণৰ কঠিন কাম এওঁলোকে অনায়াসে কৰিব পাৰিছিল। যুদ্ধ বিগ্ৰহ কৰিবলৈ মুঠেও ভয় নকৰিছিল। প্ৰৱঞ্চক, মিছলীয়া, আৰু বিশ্বাসঘাটক হিচাপে এওঁলোক পৃথিৱীতে অদ্বিতীয় ।

চিহাবুদ্দিন তালিছৰ টোকা মতে সুঠাম হাতভৰি আৰু দীঘল চুলিৰে সৈতে অসমৰ মহিলাসকল দেখিবলৈ বৰ শুৱনি। সকলো মহিলাই ঘৰে বাহিৰে মুকলিমূৰীয়াকৈ ঘূৰি ফুৰে। বেছিভাগ পুৰুষৰে ৪/৫ জনীকৈ পত্নী আছিল। ভুক্তিভাৱবা সন্মান প্ৰদৰ্শন কৰিবলৈ মানুহবোৰে অঠুকাঢ়িবহিছিল। ৰজাক দেখা কৰোঁতে সকলো মানুহে তল মূৰ কৰি আঁঠু ল’ব লাগিছিল। 

৭৷ অসমীয়া সৈন্যই ব্যৱহাৰ কৰা নাওঁ, হিলৈ, খাৰ-বাৰুদব বিষয়ে চিহাবুদ্দিনৰ টোকাত কি উল্লেখ আছে লিখাঁ।

উত্তৰঃ চিহাবুদ্দিনৰ টোকামতে বংগ দেশৰ সৈন্যই ব্যৱহাৰ কৰা ‘কোষা’ নাওবোৰৰ দৰে এই দেশৰ মানুহেও ‘কোষা’ৰ নিচিনাকৈ ‘বচাৰী’ নামৰ এবিধ সৰু নাও সাজি লৈছিল৷ দুয়োবিধ নাওঁৰ মাজত আকৃতিগত পার্থক্য আছিল। বচাৰী নাওবোৰ পূৰঠ কাঠৰ মাজৰ সাৰ ভাগৰ পৰা তৈয়াৰ কৰা ইয়াৰ ফলত বচাৰীবোৰ গধুৰ হয় আৰু কোষাতকৈ ইয়াৰ গতিবেগ হৈছিল। কম। সেই সময়ত দেশত বহুতো সৰু-বৰ নাও আছিল।

এই দেশৰ মানুহে উৎকৃষ্ট ধৰণৰ হিলৈ আৰু খাৰ বাৰুদ তৈয়াৰ কৰিব পাৰিছিল। মোগল সাম্ৰাজ্যৰ পৰা সংগ্ৰহ কৰা কেঁচামালেৰে এই দেশৰ মানুহে খাৰ-বাৰুদ আৰু হিলৈ তৈয়াৰ কৰিছিল। অসমীয়াসকলে যুদ্ধত টোপ ব্যৱহাৰ কৰিবও জানিছিল। 

৮৷ চিহাবুদ্দিনৰ টোকা মতে গড়গাঁও নগৰৰ এটি বিৱৰণ লিখাঁ।

উত্তৰঃ চিহাবুদ্দিনৰ টোকা মতে গড়গাঁও নগৰৰ চাৰিওফালে চাৰিখন শিলৰ দুবাৰ আছিল। এই শিলৰ দুৱাৰ চাৰিখনৰ প্ৰত্যেকখনৰে পৰা বাজ প্রাসাদলৈ প্রায় তিনি ক্রোশ দৈৰ্ঘ্যৰ একোটাকৈ ওখ, বহল আৰু মজবুত পথ আছিল। নগৰখনৰ চাৰিওফালে লানি নিচিগা বাঁহ গছৰ শাৰী আছিল। নগৰৰ ভিতৰত থকা ঘৰবোৰ অসংলগ্নভাৱে সজা হৈছিল। প্ৰতিঘৰ মানুহৰ আগফালে নিজৰ বাৰি-বক্তি আৰু খেতিপথাৰ আছিল। ৰাজহ্বাসদিৰ ওচৰৰ দিখৌ নদীৰ দুয়োপাবে অসংখ্য মানুহৰ ঘৰ-দুৱাব আৰু এটা বৃহৎ আলিবাটো আছিল।

গড়গাঁও নগৰখন আহল-বহল আৰু বৃত্তাকাৰ আছিল। ৰাজপ্ৰসাদটো সুৰক্ষিত কৰিবলৈ চাৰিওফালে গড় বন্ধোৱা হৈছিল। গড়ৰ চাৰিওফালে পানীৰে চপচপীয়া হৈ থকা গড়খাৱৈ আছিল। মুঠত ওপৰত গড়গাঁও নগৰখন বৰ সুৰক্ষিত আছিল।

৯৷ চিহাবুদ্দিন তালিছৰ টোকাত আহোম ৰজাৰ ৰাজকাৰেং কেনেকুৱা আছিল বর্ণনা কৰা।

উত্তৰঃ চিহাবুদ্দিনৰ টোকামতে যিটো ঘৰত ৰজাক সাক্ষাত কৰা হয়, সেই ঘৰটোক সোলোংঘব (হোলোংঘৰ) বোলা হৈছিল। ঘৰটো দীঘলে ১২০ ফুট বহলে ৩০ ফুট আছিল। প্রায় ৪ বর্গফুট জোখৰ ৬৬ টা খুঁটাৰ ওপৰত এই ঘৰটো থিয় হৈ আছিল। ৰাজকাৰেঙৰ কাৰুকাৰ্য আৰু কাঠত কটা চিত্র-ভাস্কর্য অতি বিতোপন। ৰাজকাৰেঙটো ইমান সুন্দৰ আছিল যে সেই সময়ত পৃথিৱীৰ আন ঠাইত তেনেকুৱা ঘৰ থকাটো বিৰল আছিল। ৰাজকাৰেঙৰ চাৰিফালৰ বেৰ নানা ধৰণৰ নক্সাৰে পৰিপূর্ণ। এই বাজকাৰেঙটো ১২,০০০ বণুৱাই এবছৰ ধৰি সাজি উলিয়াইছিল।

ৰাজপ্ৰসাদৰ এমূৰে মুখামুখিকৈ থকা চাৰিটা খুঁটাৰ প্ৰত্যেকটো খুঁটাতে নটাকৈ আঙুঠি লগোৱা আছিল। ৰাজকাৰেঙত ৰজা বহাৰ সময়ত সেই খুঁটা চাৰিটাৰ মাজত এখন সিংহাসন পাতি দিয়া হয় আৰু তাৰ ওপৰত ন’টা আঙুঠিত ন খন বিভিন্ন ৰঙৰ চন্দ্ৰতাপ আঁৰি দিয়া হয়।

১০৷ চিহাবুদ্দিন তালিছৰ টোকা মতে অসমৰ মানুহে নিমখৰ সলনি কি ব্যৱহাৰ কৰিছিল ?

উত্তৰঃ কলাখাৰ।

১১৷ চিহাবুদ্দিন তালিছৰ টোকা মতে সেই সময়ৰ অসমৰ মুদ্ৰা কি আছিল ?

উত্তৰঃ ৰজাৰ চিন থকা সোণ বা ৰূপৰ মোহৰ আৰু কড়ি । 

১২৷ চিহাবুদ্দিন তালিছৰ টোকামতে অসমৰ ৰজাসকল কেনেকুৱা আছিল ? 

উত্তৰঃ চিহাবুদ্দিনৰ মতে অসমৰ ৰজাসকল অহংকাৰী আৰু আত্মবিশ্বাসী আছিল। ৰজাৰ লগত অসংখ্য সৈন্য-সামন্ত, সা-সম্পত্তি, দাস-দাসী লগুৱা লিকচৌ আছিল। অসমৰ প্ৰজাসকলে স্বৰ্গদেউ উপাধি লৈছিল। এওঁলোকৰ পূৰ্বপুৰুষসকলে স্বৰ্গৰপৰা সোণৰ জখলাৰে নামি আহি এই ঠাইত ৰাজত্ব কৰা বুলি এক আখ্যান আছে। সেই সময়ৰ অসমৰ ৰজা আছিল জয়ধ্বজ সিংহ। স্বৰ্গদেউ জয়ধ্বজ সিংহ অত্যাচাৰী ৰজা আছিল।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top