Assam Jatiya Bidyalay Class 6 History Chapter 4 মিৰজুমলাৰ অসম আক্রমণ

Assam Jatiya Bidyalay Class 6 History Chapter 4 মিৰজুমলাৰ অসম আক্রমণ, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় আপোন দেশৰ কথা Class 6 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 4 মিৰজুমলাৰ অসম আক্রমণ Class 6 History Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 6 History Chapter 4 মিৰজুমলাৰ অসম আক্রমণ Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 6 History Chapter 4 মিৰজুমলাৰ অসম আক্রমণ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

মিৰজুমলাৰ অসম আক্রমণ

Chapter – 4

অসম জাতীয় বিদ্যালয়

পাঠভিত্তিক ক্রিয়াকলাপৰ প্রশ্নোত্তৰ


১৷ মিৰজুমলাৰ কোন ৰাজ্যৰ ৰজা আছিল ?

উত্তৰঃ বংগ ৰাজ্যৰ।

২৷ মিৰজু মলাই অসম আক্ৰমণ কৰা সময়ত আহোম স্বৰ্গদেউ কোন আছিল ?

উত্তৰঃ চুতাল্লা বা জয়ধ্বজ সিংহ।

৩৷ মনথিৰ ভৰালী বৰুৱা কোন ?

উত্তৰঃ জয়ধ্বজ সিংহৰ মুখ্য সেনাপতি।

৪৷ ছিহাবুদ্দিন তালিছ কোন ?

উত্তৰঃ এজন প্রখ্যাত ঐতিহাসিক।

৫৷ ‘ফাতিয়া-ই-ইব্রিয়া’ গ্ৰন্থৰ ৰচক কোন ?

উত্তৰঃ ছিহাবুদ্দিন তালিছ।

৬৷ ৰহমত বানু কোন ? তেওঁক কোনে বিয়া কৰাইছিল ?

উত্তৰঃ জয়ধ্বজ সিংহৰ কন্যা ৰমণী গাভৰু। ৰহমত বানুক ঔৰংজেৱৰ পুত্র আজমে বিয়া কৰাইছিল। 

৭৷ মিৰজুমলাই অসম আক্ৰমণ কৰাৰ তিনিটা কাৰণ লিখাঁ। 

উত্তৰঃ মিৰজুমলাই অসম আক্ৰমণ কৰাৰ তিনিটা কাৰণ হ’ল

(১) স্বৰ্গদেউ প্রতাপ সিংহৰ দিনত উত্তৰে বৰনদী আৰু দক্ষিণে অসুৰৰ আলি আহোম আৰু মোগলৰ সীমা নিৰ্দ্ধাৰণ কৰা হৈছিল। কিন্তু জয়ধ্বজ সিংহই শদিয়াৰ পৰা সোণকোৰ নৈলৈকে সমগ্র ব্রহ্মপুত্র উপত্যকা আহোম ৰাজ্যৰ অধীনলৈ আনে। ইয়াতে মোগল সম্রাট ঔৰংজেৱ ক্ষুণ্ণ হয় আৰু বংগৰ নবাব মিৰজুমলাক অসম আক্ৰমণ কৰিবলৈ পঠায়।

(২) ঔৰংজেৱে দিল্লীত সিংহাসন লাভ কৰাত মিৰজুমলাই যথেষ্ট সহায় কৰিছিল। কিন্তু ঔৰংজেৱে মিৰজুমলাই ভৱিষ্যতে তেওঁৰ বাবে সংকটৰ কাৰণ হব বুলি সন্দেহ কৰিছিল। সেয়ে তেওঁ মিৰজুমলাক যাদু মন্ত্ৰ, ভূত-প্রেতব দেশ অসম আক্ৰমণ কৰিবলৈ পঠাইছিল, যিহেতু কোনো অসম আক্ৰমণকাৰীকেই সোঁ শৰীৰে ঘুৰি যোৱা ঔৰংজেৱে দেখা নাছিল।

(৩) কিছুমান ঐতিহাসিকৰ মতে ঔৰংজেৱে সমগ্র দক্ষিণ পূৱ এছিয়া দিল্লীৰ সিংহাসনৰ তললৈ নিব খুজিছিল। সেয়ে তেওঁ দক্ষিণ-পূৱ এছিয়াৰ দুৱাৰমুখ অসম আক্ৰমণ কৰিবৰ বাবে মিৰজুমলাক প্ৰেৰণ কৰিছিল।

৮৷ প্ৰাণ নাৰায়ণ কোন্‌ ? তেওঁ কি উদ্দেশ্য আগত লৈ আহোমৰ লগত মিত্ৰতা কৰিব বিচাৰিছিল ?

উত্তৰঃ প্ৰাণ নাৰায়ণ এজন কোচ ৰজা। তেওঁ এটা বিশেষ উদ্দেশ্য লৈ আহোমৰ লগত মিত্ৰতা কৰিব বিচাৰিছিল। তেওঁ ভাবিছিল যে আহোম সেনাৰ সহযোগত মোগল সেনাক অসমৰ পৰা সম্পূৰ্ণৰূপে বিতাৰিত কৰি ব্ৰহ্মপুত্ৰৰ উত্তৰ অংশ নিজে ৰাখিব আৰু দক্ষিণ অংশ আহোমক এৰি দিব। অৱশ্যে তেওঁৰ এই উদ্দেশ্য সফল নহ’ল। 

৯৷ মিৰজুমলাৰ ওচৰত আহোম শক্তিয়ে পৰাজয় বৰণ কৰাৰ এটা কাৰণ লিখা।

উত্তৰঃ মিৰজুমলাৰ ওচৰত আহোম শক্তিয়ে পৰাজয় বৰণ কৰাৰ এটা কাৰণ হৈছে কিছুমান আহোম বিষয়াৰ ৰজাৰ ওপৰত অসন্তুষ্টি। অসম অভিমুখী মিৰজুমলাই প্রথমে কোচবিহাৰ অধিকাৰ কৰি আগবাঢ়ি অহাত আহোম সেনাবাহিনীয়ে যুদ্ধ নকৰাকৈ পাণ্ডু-শৰাইঘাটলৈ পিছ হুহকি আহে। এইদৰে সৈন্য বাহিনী পিছ হুহকি অহাত জয়ধ্বজ সিংহই মনথিৰ ভৰালী বৰুৱাক ণবতীয়া ফুকন পাতি মুখ্য সেনাপতির দায়িত্ব দিয়ে। ইয়াতে আন বিষয়াসকল অসন্তুষ্ট হৈ পাণ্ডু শৰাইঘাট ৰজাৰ বাবে বিশেষ চেষ্টা নকৰি পিছুৱাই আহি চামধৰা আৰু শিমলুগড়ত কোঠ মাৰিলেহি। ফলস্বৰূপে মিৰজুমলাই অনায়াসে গুৱাহাটী অধিকাৰ কৰে। আনকি কোনো বাধা নোহোৱাকৈ মিৰজুমলাই আহোমৰ ৰাজধানী গড়গাঁও অধিকাৰ কৰিবলৈও সক্ষম হয়। 

১০৷ ঘিলাধাৰীঘাটৰ সন্ধিৰ তিনিটা চৰ্ত লিখাঁ।

উত্তৰঃ ঘিলাধাৰী ঘাটৰ সন্ধিৰ তিনিটা চৰ্ত হ’ল― 

(ক) উত্তৰে ভৰালী আৰু দক্ষিণে কলং নদী আহোম আৰু মোগল ৰাজ্যৰ সীমা নিৰ্দ্ধাৰণ হয়। 

(খ) আহোমে মোগলক ২০,০০০ তোলা সোণ, ১,২০,০০০ তোলা রূপ, ৯০ টা হাতী দিবলৈ প্ৰতিশ্ৰুতি দিলে। 

(গ) প্ৰতি বছৰে ২০ টাকৈ হাতী মোগলক দিব বুলিও আহোমে প্রতিশ্রুতি দিলে।

১১৷ মিৰজুমলাৰ অসম আক্ৰমণৰ ফলাফলসমূহ লিখাঁ ।

উত্তৰঃ মিৰজুমলাৰ অসম আক্ৰমণৰ ফলাফল ১৬৬২ খ্ৰীষ্টাব্দত মিৰজুমলাই অসম আক্রমণ কৰে। 

এই আক্ৰমণত মিৰজুমলাৰ হাতত আহোমৰ শোচনীয় পৰাজয় ঘটে। আহোম স্বৰ্গদেউ জয়ধ্বজ সিংহই বজাধানী এৰি পলাবলৈ বাধ্য হয়। এই আক্ৰমণৰ ফলস্বৰূপেই ১৬৬৩ খ্ৰীষ্টাব্দত মিৰজুমলা আৰু আহোম স্বৰ্গদেউ জয়ধ্বজ সিংহৰ মাজত ঘিলাধাৰীঘাটত এখন সন্ধি চুক্তি স্বাক্ষৰিত হয়। এই চুক্তিখন আছিল আহোমৰ বাবে অতি অপমানজনক এই চুক্তিৰ ফলত বহু মূল্যৱান সামগ্ৰীৰ লগতে নগদ টকা-পইচা, সোণ ৰূপ, হাতী-মানুহ আদি ক্ষতিপূৰণ হিচাপে মোগলক দিব লগা হোৱাত আহোম ৰাজভঁৰাল প্রায় উদং হৈছিল। 

মিৰজুমলাৰ অসম আক্ৰমণৰ এটি লাভজনক দিশো আছে। সেয়া হৈছে মিৰজুমলাৰ লগত অসমলৈ অহা প্রখ্যাত ঐতিহাসিক চিহাবুদ্দিন তামিছে লিখা ‘ফাথিয়া ইইব্রিয়া’ নামৰ পুথিগন। এই পুথিখনত চিহাবুদ্দিন তালিছে অসম সম্পর্কে এটি টোকা লিখি থৈ গৈছে। এই টোকাটিয়ে সমসাময়িক অসমত ৰাজনৈতিক, সামাজিক, অর্থনৈতিক আৰু ধর্মীয় অৱস্থাৰ বহুতো তথ্য-পাতি দাঙি ধৰে।

অতিৰিক্ত প্রশ্নোত্তৰ

১৷ মিৰজুমলাই কিমান খ্রীষ্টাব্দত অসম আক্ৰমণ কৰিছিল ? 

উত্তৰঃ ১৬৬২ খ্ৰীষ্টাব্দত।

২৷ স্বৰ্গদেউ জয়ধ্বজ সিংহক কিয় ‘ভগনীয়া ৰজা’ বুলি কোৱা হয় ? 

উত্তৰঃ মিৰজুমলাৰ হাতত পৰাজিত হৈ ৰাজধানী এৰি পলাই যোৱা বাবে।

৩৷ কাৰ নিৰ্দেশত মিৰজুমলাই অসম আক্ৰমণ কৰিছিল ? 

উত্তৰঃ দিল্লীত মোগল সম্রাট ঔৰংজেৱৰ নিৰ্দেশত।

৪৷ মিৰজুমলাই কোচবিহাৰক কি নতুন নামেৰে নামকৰণ কৰিছিল ?

উত্তৰঃ ‘আলমগীৰ নগৰ’।

৫৷ ঘিলাধাৰীঘাটৰ সন্ধি’ কাব কাৰ মাজত হৈছিল ? 

উত্তৰঃ মিৰজুমলা আৰু আহোম স্বৰ্গদেউ জয়ধ্বজ সিংহৰ মাজত।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top