Assam Jatiya Bidyalay Class 6 History Chapter 3 স্বৰ্গদেউ প্রতাপসিংহৰ ৰজত্বকালত আহোম আৰু মোগলৰ সম্পৰ্ক

Assam Jatiya Bidyalay Class 6 History Chapter 3 স্বৰ্গদেউ প্রতাপসিংহৰ ৰজত্বকালত আহোম আৰু মোগলৰ সম্পৰ্ক, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় আপোন দেশৰ কথা Class 6 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 3 স্বৰ্গদেউ প্রতাপসিংহৰ ৰজত্বকালত আহোম আৰু মোগলৰ সম্পৰ্ক Class 6 History Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 6 History Chapter 3 স্বৰ্গদেউ প্রতাপসিংহৰ ৰজত্বকালত আহোম আৰু মোগলৰ সম্পৰ্ক Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 6 History Chapter 3 স্বৰ্গদেউ প্রতাপসিংহৰ ৰজত্বকালত আহোম আৰু মোগলৰ সম্পৰ্ক provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

স্বৰ্গদেউ প্রতাপসিংহৰ ৰজত্বকালত আহোম আৰু মোগলৰ সম্পৰ্ক

Chapter – 3

অসম জাতীয় বিদ্যালয়

পাঠভিত্তিক ক্রিয়াকলাপৰ প্রশ্নোত্তৰ


১৷ ছত্রাজিৎ কোন আছিল ? 

উত্তৰঃ ছত্রাজিৎ ঢাকাৰ জমিদাৰৰ পুত্ৰ। তেওঁ পাণ্ডু আৰু গুৱাহাটীৰ থানাদাৰ আছিল।

২৷ মুছলমানসকলৰ পক্ষত যোগ দিয়া আহোম ব্যক্তিজন কোন আছিল ? 

উত্তৰঃ সুন্দৰ গোহাঁইৰ পুত্ৰ আখেক গোহাঁই ।

৩৷ মুছলমানৰ বিৰুদ্ধে প্রতাপসিংহক কোন কোন ৰাজ্যত ৰজাই সৈন্য-সমান্ত দি সহায় কৰিছিল ?

উত্তৰঃ মুছলমানৰ বিৰুদ্ধে প্রতাপ সিংহক ডিমৰুৱা ৰজা, জয়ন্তীয়া ৰজা, কছাৰী ৰজা আদিকে ধৰি বহুতো সৰু সৰু ৰজাই সৈন্য-সামন্ত দি সহায় কৰিছিল।

৪৷ ছত্রাজিতে আহোম আৰু মুছলমানৰ যুদ্ধ বন্ধ হোৱাতো কিয় বিচৰা নাছিল ?

উত্তৰঃ আহোম আৰু মুছলমান সকলৰ মাজত দীৰ্ঘদিন ধৰি চলি থকা যুদ্ধ বন্ধ হৈ শান্তি প্রতিষ্ঠা হ’লে নিজৰ ক্ষমতাৰ অৱসান হ’ব বুলি জানি ছত্ৰাজিতে এই দুয়োপক্ষৰ মাজত যুদ্ধ বন্ধ হোৱাটো বিচৰা নাছিল। 

৫৷ ১৬১২ খ্ৰীষ্টাব্দৰ হাজোৰ যুদ্ধৰ ফলাফল কি আছিল লিখা।

উত্তৰঃ ১৬১২ খ্ৰীষ্টাব্দত মুছলমানসকলে ব্ৰহ্মপুত্ৰৰ দক্ষিণে থকা কোচহাজোৰ ৰজা ধৰ্মনাৰায়ণৰ দুৰ্গ অৱৰোধ কৰিছিল। ধৰ্মনাৰায়ণক সহায় কৰাৰ উদ্দেশ্যে আহোম সৈন্যদল এটি গৈ মুছলমান সৈন্যৰ ওচৰতে বাহৰ পাতিছিল। প্রায় ডেমাহৰ পাছত আহোম সেনাই মুছলমানক পৰাস্ত কৰে। আহোমৰ এই আক্ৰমণত বহুতো মুছলমান সেনা আহত আৰু নিহত হৈছিল। কিছুমানে কোনোমতে প্রাণ লৈ হাজো পাইছিলগৈ। আহোমে মুৰ্তমানৰ পৰা ১০ টা বৰটোপ, অর্ধশতক বন্দুক, অস্ত্র-শস্ত্ৰ, ঘোঁৰা আদি লাভ কৰিছিল। 

৬৷ ১৬৩৫ খ্রীষ্টাব্দৰ আহোম-মোগলৰ মাজত হোৱা যুদ্ধৰ পৰিণাম কি হৈছিল লিখা।

উত্তৰঃ ১৬৩৫ খ্ৰীষ্টাব্দৰ আহোম-মোগলৰ মাজত হোৱা যুদ্ধত আহোমে মোগলক পৰাজিত কৰিছিল। এই যুদ্ধত যদিও আহোমে জয়লাভ কৰিছিল, ইয়াৰ পৰিণতি আছিল অন্যধৰণৰ। কাৰণ আহোমৰ হাতত মোগলসকলৰ বাৰম্বাৰ পৰাজয়ৰ বাতৰি পাই বংগৰ নবাব ইছলাম খাঁই ভায়েক মিৰ জৈনুদ্দিন আৰু তেওঁৰ সহকাৰী আহলায়াৰ খাঁৰ নেতৃত্বৰ এটা শক্তিশালী সৈন্যবাহিনী আহোমৰ বিৰুদ্ধে পঠায়। এই বাহিনীয়ে আহোম ৰাজ্যৰ কিছু ঠাই অধিকাৰ কৰে। প্ৰতাপসিংহৰ কতলীয়া জমিদাৰ চন্দ্ৰনাৰায়ণে ৰাজ্য এবি পলাই যায়। পাণ্ডুৰ থানাদাৰ ছত্ৰাজিতক ধুবুৰীত বন্দী কৰি ঢাকালৈ পঠিয়াই আৰু পিছত তেওঁক হত্যা কৰে। ইখনৰ পিছত সিখনকৈ কেবাখনো যুদ্ধত মোগলসকলে জয় লাভ কৰে। হাজোৰ ৰজা ধৰ্মনাৰায়ণকো পুত্ৰসত্ৰ মোগলে বন্দী কৰে। গতিকে দেখা যায় ১৬৩৫ খ্ৰীষ্টাব্দৰ যুদ্ধত জয়ী হ’লেও ইয়াৰ পৰিণাম আহোমৰ বাবে সুখকৰ নাছিল।

৭৷ প্রতাপ সিংহৰ ৰাজত্বকালত ১৬৩৯ খ্ৰীষ্টাব্দত সন্ধি অনুসৰি আহোম আৰু মোগলৰ মাজত হোৱা দীর্ঘদিনীয়া যুদ্ধৰ কিদৰে সমাপ্তি ঘটিছিল ?

উত্তৰঃ স্বৰ্গদেউ প্রতাপসিংহৰ ৰাজত্বকালত আহোম আৰু মোগলৰ মাজত কেবাখনো যুদ্ধ হৈছিল। এই যুদ্ধবোৰৰ সৰহ সংখ্যকতে আহোম সেনাই জয়লাভ কৰিছিল। ১৬৩৮ চনত চামধৰাৰ দুৰ্গক কেন্দ্ৰ কৰি দুয়োপক্ষৰ মাজত শেষ যুদ্ধখন হৈছিল। বিচৰণ আৰু দূৰদৰ্শী মোমাই তামুলী বৰবৰুৱা এই যুদ্ধত আহোমৰ সেনাপতি আছিল আৰু মোগলসকল পৰাজিত হৈছিল।

অৱশেষত, দীর্ঘদিন চলা যুদ্ধৰ অন্তত দুয়োপক্ষ সন্ধিৰ প্ৰস্তাৱত মাস্তি হয়। সেই উদ্দেশ্যে ১৬৩৯ চনত আহোম আৰু মোগলৰ মাজত সন্ধি হয়। এই সন্ধিৰ চৰ্ত অনুযায়ী উত্তৰে বৰনদী আৰু দক্ষিণে অসুৰৰ

আলি দুয়ো বাজাৰ সীমা নিৰ্দ্ধাৰণ কৰা হৈছিল। প্রতাপসিংহৰ দিনত আহোমৰ মোগলৰ লগত হোৱা দীর্ঘদিনীয়া যুদ্ধৰ এনেকৈয়ে সমাপ্তি ঘটিছিল।

৮৷ প্রতাপসিংহৰ ৰাজত্বকালত হোৱা আহোম-মোগলৰ মাজত যুদ্ধৰ বিষয়ে নিখা।

উত্তৰঃ প্রতাপসিংহৰ ৰাজত্বকালত আহোম আৰু মোগলৰ মাজত প্ৰথমখন যুদ্ধ হৈছিল ভৰলী নদীৰ পাৰত। এই যুদ্ধত আহোমৰ পৰাজয় হয়। পিছত নতুন সৈন্যদলৰ সহযোগত আৰু নতুন সেনাপতিৰ নেতৃত্বত আহোমে ভৰলী নদীৰ পাৰতে মোগলক পৰাস্ত কৰাৰ লগতে মোগলৰ পৰা বহুতো যুদ্ধৰ সামগ্রী লাভ কৰে। 

তাৰ পৰৱৰ্তী সময়ত ডিমৰুৱা বজা, কছাৰী ৰজা, জয়ন্তীয়া বজাকে ধৰি সক সক ৰজা আৰু মুখীয়ালসকলৰ সহযোগত প্রতাপ সিংহই মোগলৰ হাতৰ পৰা পাণ্ডু উদ্ধাৰ কৰিছিল। এই যুদ্ধত হাৰি মুছলমানসকল হাজো পাইছিলগৈ। 

মোগলৰ পৰা উদ্ধাৰ কৰা ঠাইবোৰত আহোমসকলে ছাউনি পাতিছিল। ৰজাৰ অনুমতি অবিহনে মুছলমানক আক্রমণ নকৰিবলৈ আহোম সেনাপতিক কোৱা হৈছিল। কিন্তু ৰজাৰ নিৰ্দেশ নোহোৱাকৈয়ে আহোম সেনাই মোগলক হাজোলৈ খেদি গৈ যুদ্ধ কৰি পৰাস্ত হয়। ফলত আহোমে মোগলৰ হাতত হাতী, নাওঁ, খাৰ -বাৰুদকে আদি কৰি বহুতো বস্তু হেৰুৱাই।

১৬১২ চনত কোচ হাজোৰ ৰজা ধৰ্মনাৰায়ণৰ দুৰ্গ মোগলে অৱৰোধ কৰাত আহোম সৈন্যদলে ধৰ্মনাৰায়ণক সহায় কৰিবলৈ যায় আৰু যুদ্ধ কৰি পুনৰ মোগলক পৰাজিত কৰে। এই যুদ্ধত বহুতো মোগল সেনা হতাহত হয়। আহোমসকলে মোগলৰ পৰা বৰটোপ, বন্দুক, অস্ত্ৰ শস্ত্ৰ, ঘোৰী আদি হস্তগত কৰে।

১৬৩৫ চনৰ জনজাতীয়, পাহাৰীয়া বজাবোৰৰ সহযোগত প্রতাপসিংহই নিজেই মোগলক আক্ৰমণ কৰি পৰাস্ত কৰে। হাজোত হোৱা এই যুদ্ধত বেয়াকৈ ক্ষতিগ্রস্ত হোৱা মোগলসকলে ভাটকুছীলৈ পিছুৱাই যায়। কিন্তু ভাটকুছীতো আহোমে যুদ্ধ কৰি মোগলক পৰাস্ত কৰে। 

ইয়াৰ পিছত বংগৰ নবাব ইছলাম খাই পঠিওৱা এটা শক্তিশালী সৈন্যদলৰ ওচৰত কেৱাখনো যুদ্ধত আহোমৰ পৰাজয় হয়।

প্ৰতাপসিংহৰ ৰাজত্বকালত আহোম মোগলৰ মাজত শেষ যুদ্ধ হৈছিল ১৬৩৮ চনত। চামধৰাৰ দুৰ্গক কেন্দ্ৰ হোৱা এই যুদ্ধখন কেবাদিনো ধৰি চলিছিল আৰু যুদ্ধত আহোম সকলেই জয়লাভ কৰিছিল।

অৱশেষত ১৬৩৯ চনত দুয়োপক্ষৰ মাজত হোৱা সন্ধিমর্মে প্ৰতাপসিংহৰ ৰাজত্বকালত আহোম-মোগলৰ যুদ্ধৰ সমাপ্তি ঘটে। 

৯৷ এজন সমৰকুশলী ৰজা হিচাপে আহোম স্বৰ্গদেউ প্রতাপ সিংহৰ বিষয়ে লিখাঁ।

উত্তৰঃ স্বৰ্গদেউ প্রতাপ সিংহক এজন সমকুশলী ৰজা আছিল বুলি কোৱা হয়। প্রতাপ সিংহৰ ৰাজত্বকালত মোগলৰ লগত আহোমৰ কেবাখনো যুদ্ধ হয় । এই যুদ্ধবোৰৰ সৰহ সংখ্যকতে আহোমে জয়লাভ কৰিছিল। প্রতাপ সিংহই সময় আৰু সুযোগৰ সৎ ব্যৱহাৰ কৰি শত্ৰুক আক্ৰমণ কৰা বা শত্ৰুৰ আক্ৰমণ প্ৰতিৰোধ কৰাৰ কৌশল জানিছিল। তেওঁ এবাৰ ভৰলী নদীৰ পাৰত মোগলক আক্ৰমণ কৰাৰ বাবে নির্দেশ দিয়াৰ পাছতো সময়মতে নির্দেশ পালন নকৰা বাবে সেনাপতিক বৰ্খাস্ত কৰিছিল। আনহাতে, তেওঁৰ অনুমতি অবিহনে মোগলক আক্রমণ নকৰিবলৈ কোৱাৰ পিছতো হাজোত আহোম সেনাই মোগলক আক্রমণ কৰি পৰাস্ত হোৱাত বিনানুমতিত যুদ্ধ কৰা বিষয়াকেইজনক শিৰচ্ছেদ কৰিছিল। এজন সমৰকুশলী ৰজা আছিল বাবেই তেওঁ শক্তিশালী সেনাবাহিনী গঠন কৰি মোমাই তামুলী বৰবৰুৱাৰ নিচিনা চতুৰ, বিচক্ষণ আৰু দূৰদৰ্শী ব্যক্তিক সেনাপতি পাতিছিল। তেওঁ চুবুৰীয়া ৰাজ্যক শত্ৰুৰ আক্ৰমণৰ সময়ত সহায় কৰিছিল৷ সেইদৰে নিজ ৰাজ্যক শত্ৰুৱে আক্রমণ কৰাৰ সময়ত আন ৰাজ্যৰ সহায় ল’ব পাৰিছিল। তেওঁৰ এই সমৰ কৌশলতাৰ বাবেই ডিমৰুৱা ৰজা, জয়ন্তীয়া ৰজা, কছাৰী ৰজা আদিকে ধৰি বহুতো সৰু সৰু বজা আৰু মুখীয়ালৰ সহযোগত মুছলমানৰ হাতৰ পৰা পাণ্ডু উদ্ধাৰ কৰি সুৰক্ষিত কৰি ৰাখিব পাৰিছিল। এনেকুৱা বহুতো কাৰ্যৰ পৰা দেখা যায় যে স্বৰ্গদেউ প্রতাপ সিংহ প্ৰকৃততে এজন সমৰ কুশলী ৰজা আছিল।

অতিৰিক্ত প্রশ্নোত্তৰ

১৷ আহোম আৰু মুছলমানৰ মাছৰ বৈৰীভাবৰ প্ৰধান কাৰণ কি আছিল লিখাঁ।

উত্তৰঃ কোচ ৰাজপৰিয়ালৰ গৃহকন্দল ৷

২৷ মুছলমানৰ হাতৰ পৰা পাণ্ডু উদ্ধাৰ কৰাৰ ক্ষেত্ৰত প্ৰতাপ সিংহক কোন কোন ৰজাই সহায় কৰিছিল ? 

উত্তৰঃ ডিমৰুৱা ৰজা, জয়ন্তীয়া ৰজা, কছাৰী ৰজা আদিয়ে। 

৩৷ কাৰ পৰামৰ্শমতে আহোমৰ সেনাপতিয়ে মুছলমানক পানীয়ে বামে আক্ৰমণ কৰি পৰাজিত কৰিছিল ? 

উত্তৰঃ আথেক গোহাঁইৰ পৰামৰ্শমতে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top