Assam Jatiya Bidyalay Class 6 History Chapter 2 কানাই বৰশী

Assam Jatiya Bidyalay Class 6 History Chapter 2 কানাই বৰশী, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় আপোন দেশৰ কথা Class 6 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 2 কানাই বৰশী Class 6 History Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 6 History Chapter 2 কানাই বৰশী Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 6 History Chapter 2 কানাই বৰশী provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

কানাই বৰশী

Chapter – 2

অসম জাতীয় বিদ্যালয়

পাঠভিত্তিক ক্রিয়াকলাপৰ প্রশ্নোত্তৰ


১৷ (ক) কানাই বৰশী বোৱা শিলালিপিত কোনজন মুছলমান সেনাপতিৰ পৰাজয়ৰ কথা উল্লেখ আছে লিখা । 

উত্তৰঃ বখতিয়াৰ খিলিজিৰ ৷

(খ) কোন চনত মুছলমান সেনাপতি তুর্ককে আহোম ৰাজ্য আক্ৰমণ কৰিছিল ?

উত্তৰঃ ১৫৩২ চনত ৷

(গ) তুৰ্বৰ্কৰ সৈতে হোৱা যুদ্ধত মৃত্যুবৰণ কৰা আহোম সেনাপতিজন কোন আছিল ?

উত্তৰঃ ফ্রাচেনমুং বৰগোহাঁই।

(ঘ) গজনীৰ চুলতান মহম্মদ মোৰীয়ে কিমান খ্রীষ্টাব্দত কোনজন ভাৰতীয় ৰজাক পৰাস্ত কৰিছিল ? 

উত্তৰঃ ১১৯২ খ্রীষ্টাব্দত চৌহান বংশৰ ৰজা পৃথ্বিৰাজ চৌহানক পৰাস্ত কৰিছিল৷

(ঙ) ১৫২৬ খ্রীষ্টাব্দত কোনে কাক পৰাস্ত কৰি ভাৰতত মোগল ৰাজবংশৰ শাসন আৰম্ভ কৰিছিল।

উত্তৰঃ বাবৰে লোডী বংশৰ চুলতান ইব্রাহীম লোডীক পৰাস্ত কৰি ভাৰতত মোগল ৰাজবংশৰ শাসন আৰম্ভ কৰিছিল।

(চ) ১২০৬ খ্রীষ্টাব্দত কোনজন ৰজাৰ শাসনকালত মুছলমানসকলে প্রথমবাৰৰ বাবে কামৰূপ ৰাজ্য আক্ৰমণ কৰিছিল ?

উত্তৰঃ অসমৰ ইতিহাসত কামৰূপৰ ৰজা পৃথুৰ ৰাজত্বকালত মুছলমানসকলে পোণ প্ৰথমবাৰৰ বাবে কামৰূপ ৰাজ্য আক্ৰমণ কৰিছিল।

২৷ মুছলমানৰ বিৰুদ্ধে হোৱা যুদ্ধত জয়লাভ কৰি বন্দী কৰা মুছলমান সৈন্যসকলক আহোম ৰজা চুহুংমুঙে কি ব্যৱস্থা লৈছিল লিখাঁ ।

উত্তৰঃ স্বৰ্গদেউ চুহুংমুঙে যুদ্ধত বন্দী কৰা মুছলমান সৈন্যসকলক পুনৰ সংস্থাপন দিয়াত চিন্তা কৰি প্ৰথমতে এই মানুহখিনিক হাতীৰ ঘাঁহ যোগান ধৰা কামত নিয়োজিত কৰিছিল। এই কামত তেওঁলোকে পাৰদৰ্শিতা দেখুৱাব নোৱৰা বাবে খেতি-বাতি কৰিবলৈ দিয়া হয়। পিছলৈ এইসকল লোকেই পিতলৰ লোটা, কলহ, চৰিয়া আদি গঢ়ি পেট প্ৰৱৰ্তাবলৈ ধৰে৷ এওঁলোকৰ সতি-সন্ততিবোৰেই কালক্ৰমত ‘মৰীয়া’ নামেৰে পৰিচয় লাভ কৰে আৰু অসমীয়া জাতিৰ অংগ হৈ পৰে।

৩৷ ১৫২৭ খ্রীষ্টাব্দৰ পৰা আহোম আৰু মুছলমানসকলৰ মাজত হোৱা প্ৰথম দুখন যুদ্ধৰ বিষয়ে লিখা। 

উত্তৰঃ স্বৰ্গদেউ চুহুংমুঙৰ ৰাজত্বকালত ১৫২৭ খ্ৰীষ্টাব্দত মুছলমানসকলে সেনাপতি বৰ উজীৰৰ নেতৃত্বত প্ৰথমবাৰৰ বাবে আহোম ৰাজ্য আক্রমণ কৰে। বিশ্বনাথৰ ওচৰৰ বুৰৈ নদীৰ পাৰত দুয়োপক্ষৰ মাজত যুদ্ধ লাগে। যুদ্ধত মুছলমান সকল পৰাস্ত হয়। এই যুদ্ধৰ পৰা আহোমে বহুতো হিলৈ আৰু ঘোঁৰা লাভ কৰে।

যুদ্ধত হাৰিও মুছলমানসকলে অসম জয় কৰাৰ আশা বাদ দিয়া নাছিল। কিছুদিন পিছতে সেনাপতি বিত মালিকৰ নেতৃত্বত প্রায় ৫০খন নাৱেৰে মুছলমান সৈন্য ব্রহ্মপুত্র নদীয়েদি নগাওঁ জিলাৰ টেমনিলৈকে আগুৱাই আহিল। তাতে দুয়োপক্ষৰ মাজত যুদ্ধ লাগে আৰু মুছলমানসকল পুনৰ হাৰে। ইয়াৰ কিছুদিন পিছতে মুছলমানসকলে কনচেং বৰপাত্ৰ গোহাঁইৰ অধীনত থকা শিঙবি কোঠ আক্রমণ কৰে। এই খবর পাই সলা আৰু ভৰলীত থকা আহোম কোঠৰ সেনাই আগুৱাই গৈ মুছলমানক আক্রমণ কৰে। যুদ্ধত মুছলমান সেনাপতি বিত মালিকৰ মৃত্যু হয়। এইবাবো আহোমে যুদ্ধৰ সা-সামগ্ৰী লাভ কৰাৰ লগতে বহুতো মুছলমান সেনাক বন্দী কৰে। 

৪৷ তুৰ্বকৰ আহোম ৰাজ্য আক্ৰমণৰ ঘটনাৱলী বুজাই লিখাঁ।

উত্তৰঃ মুছলমানসকলে ১৫২৭ খ্ৰীষ্টাব্দৰ পৰা একাধিকবাৰ আহোম ৰাজ্য আক্ৰমণ কৰি পৰাস্ত হয়। ১৫৩২ খ্ৰীষ্টাব্দত সেনাপতি তুৰ্বকৰ নেতৃত্বত মুছলমানসকলে পুনৰ আহোম ৰাজ্য আক্রমণ কৰে। তুৰ্বকৰ লগত বঙাল, তাজু, হুছেইন খান নামৰ কেবাজনো সেনাপতি আছিল। এই আক্রমণ প্রতিহত কৰিবলৈ স্বৰ্গদেউ চুহুংমুঙৰ পুত্ৰ চুক্লেনমুঙে আহোম সেনাপতিৰ দায়িত্ব লৈ আগবাঢ়ি আহে। এই যুদ্ধত চুক্লেনমুঙ আঘাতপ্রাপ্ত হয় আৰু ফ্রাচেন্মুঙ বৰগোহাঁইকে ধৰি আঠজন সেনাপতিৰ মৃত্যু হয়। এনে অৱস্থাত আহোম সেনাবাহিনী পিছুৱাই আহি সলাৰ গড় পায়হি।

ইতিমধ্যে বাৰিষাৰ বতৰ আৰম্ভ হ’ল। মুছলমান সেনাবাহিনী আগুৱাই আহি কলিয়াবৰত চাউনি পাতিলে। দুয়োপক্ষৰ মাজত যুদ্ধৰ প্রস্তুতি চলিল। তাৰ পিছত কেবাখনো যুদ্ধত মুছলমানসকলেই জয়লাভ কৰিলে। অৱশেষত ১৫৩৩ খ্ৰীষ্টাব্দৰ মাৰ্চ মাহত দুই মুনিশিলাৰ ওচৰত এহোৱা নৌ যুদ্ধত আহোম সৈন্যই জয়লাভ কৰে। এই যুদ্ধত মুছলমান সেনাপতি বঙাল আৰু তাজুৰ মৃত্যু হয়। স্বামী হত্যাৰ প্ৰতিশোধ লবলৈ ফ্ৰাঁচেন্মুঙ বৰগোহাঁইৰ পত্নী মূলাগাভৰুৱে এই যুদ্ধতেই তুৰ্বকৰ বিৰুদ্ধে যুদ্ধক্ষেত্ৰত নামি মৃত্যুক আকোৱালি লয়।

অৱশেষত তুৰ্বকে ঘোঁৰাৰ পিঠিত উঠি যুদ্ধ কৰি থাকোতে আহোম সেনাৰ যাঠিৰ খোচত মাটিত বাগৰি পৰাত আহোম সেনাপতি কনচেং বৰপাত্ৰ গোহাঁয়ে তুৰ্বকৰ মূৰ কাটি পেলায়। আহোম সেনাই মুছলমানসকলক খেদি নি কবতোৱা নৈ পাৰত থৈ আহি কৰতোৱা নদী অসমৰ পশ্চিম সীমা বুলি আকৌ এবাৰ সাব্যস্ত কৰে। 

৫৷ তুৰ্বৰ্কৰ আহোমৰাজ্য আক্ৰমণৰ ফলাফল কি আছিল লিখাঁ।

উত্তৰঃ তুৰ্বকৰ আহোম ৰাজ্য আক্ৰমণৰ ফলাফল সমূহ— 

(ক) এই যুদ্ধৰ পাছৰ পৰাই অসমত পোণপ্ৰথমবাৰৰ বাবে বন্দুকৰ ব্যৱহাৰ প্ৰচলন আৰম্ভ হয়।

(খ) এই যুদ্ধৰ ফলতে কৰতোৱা নদী অসমৰ পশ্চিম সীমা বুলি আহোমসকলে আকৌ এবাৰ সাব্যস্ত কৰে।

(গ) বর্তমান অসমীয়া প্রধান অংগ ‘গড়িয়া’ আৰু ‘মৰীয়া’ নামৰ সম্প্ৰদায় দুটা তুৰ্বকৰ আহোম ৰাজ্য আক্ৰমণৰ ফলতেই সৃষ্টি হৈছিল।

(ঘ) এই আক্ৰমণৰ ফলত আহোমে মুছলমান সেনাৰ পৰা বহুতো হাতী, ঘোঁৰা, বন্দুক আৰু অন্যান্য বিভিন্ন আহিলা-পাতি লাভ কৰে।

অতিৰিক্ত প্রশ্নোত্তৰ

১৷ কোনে ভাৰতত ‘দাস বংশ প্রতিষ্ঠা কৰিছিল ?

উত্তৰঃ কুতুবুদ্দিন আইবাকে।

২৷ মহম্মদ ঘোৰীয়ে কাক ভাৰতত জয় কৰা অঞ্চল সমূহৰ শাসক পাতিছিল ?

উত্তৰঃ কুতুবুদ্দিন আইবাকক।

৩৷ বংগৰ মুছলমানসকলে কি উপাধি গ্রহণ কৰিছিল ?

উত্তৰঃ ‘নবাব’ উপাধি।

৪৷ কিমান চনত আৰু কোন আহোম ৰজাৰ ৰাজত্বকালত মুছলমানসকলে পোনপ্ৰথমে আহোম ৰাজ্য আক্রমণ কৰে ? 

উত্তৰঃ ১৫২৭ চনত স্বৰ্গদেউ চুহুংমুঙৰ ৰাজত্বকালত।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top