Assam Jatiya Bidyalay Class 6 History Chapter 11 পূৰ্ণানন্দ বুঢ়াগোহাঁই

Assam Jatiya Bidyalay Class 6 History Chapter 11 পূৰ্ণানন্দ বুঢ়াগোহাঁই, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় আপোন দেশৰ কথা Class 6 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 11 পূৰ্ণানন্দ বুঢ়াগোহাঁই Class 6 History Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 6 History Chapter 11 পূৰ্ণানন্দ বুঢ়াগোহাঁই Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 6 History Chapter 11 পূৰ্ণানন্দ বুঢ়াগোহাঁই provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

পূৰ্ণানন্দ বুঢ়াগোহাঁই

Chapter – 11

অসম জাতীয় বিদ্যালয়

পাঠভিত্তিক ক্রিয়াকলাপৰ প্রশ্নোত্তৰ


১৷ একোটিকৈ বাক্যত উত্তৰ লিখাঁ। 

(ক) কোনজন বুঢ়াগোহাঁইৰ পিছত পূৰ্ণানন্দই বুঢ়াগোহাঁই পদবী লাভ কৰিছিল ?

উত্তৰঃ কুঁৱৈগঞা ঘনশ্যাম বুঢ়াগোহাঁইৰ পিছত।

(খ) পূর্ণানন্দ বুঢ়াগোহাঁয়ে কোনটো মোৱামৰীয়া বিদ্ৰোহ দমন কৰিছিল ?

উত্তৰঃ তৃতীয়টো।

(গ) পূৰ্ণানন্দ বুঢ়াগোহাঁই কিমান বছৰ ৰাজমন্ত্ৰী হৈ আছিল। 

উত্তৰঃ প্রায় ৩৪ বছৰ।

(ঘ) ‘বিবুদ্ধি গড়’ কোনে সজাইছিল ?

উত্তৰঃ পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে।

(ঙ) পূৰ্ণানন্দই ৰংপুৰৰ পৰা কিয় আৰু কোন ঠাইলৈ আহোম ৰাজধানী স্থানান্তৰ কৰিছিল ? 

উত্তৰঃ মোৱামৰীয়া বিদ্ৰোহৰ ফলত ৰংপুৰ নগৰ শ্রীহীন হৈ পৰিছিল। সেয়ে পূৰ্ণানন্দই যোৰহাটলৈ আহোম ৰাজধানী স্থানান্তৰ কৰিছিল।

(চ) ৰামায়ণৰ লংকাকাণ্ড’ নামৰ গ্ৰন্থখন অসমীয়া ভাষালৈ অনুবাদ কৰা সাহিত্যিকজনৰ নাম কি ? 

উত্তৰঃ শ্রীকান্ত সূর্য বিপ্ৰ।

(ছ) কিমান খ্ৰীষ্টাব্দত পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ মৃত্যু হৈছিল ?

উত্তৰঃ ১৮১৭ খ্রীষ্টাব্দত।

২৷ আহোম ৰাজ্যৰ সৈন্যবাহিনী গঠন কৰাৰ বাবে পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে কেনেধৰণৰ ব্যৱস্থা লৈছিল লিখাঁ ।

উত্তৰঃ আহোম ৰাজ্যত আগতে স্থায়ী সৈন্যবাহিনী নাছিল। ৰজা গৌৰীনাথ সিংহৰ অনুৰোধত অহা ব্রিটিছ বিষয়া কেপ্তেইন ওৱেলচৰ এমুঠিমান সু শিক্ষিত আৰু প্ৰশিক্ষণপ্রাপ্ত স্থায়ী সৈনাই মোৱামৰীয়া বিদ্রোহ দমন কৰা কাৰ্যত সন্তুষ্ট হৈ পূর্ণনিন্দই আহোম ৰাজ্যতো সৈন্য বাহিনী এটি স্থায়ীভাৱে ৰখাৰ চিন্তা কৰে। পূৰ্ণানন্দৰ পৰিকল্পনামতেই গৌরীনাথ সিংহই ওৱেচৰ সৈন্যবাহিনীৰ ফকিৰচন্দ আৰু দিনা নামৰ দুজন সৈন্যক ৰাখি এদল আহোম সৈন্যক প্রশিক্ষণ দিয়াৰ ব্যৱস্থা কৰে। তেতিয়াৰ পৰাই আহোম ৰাজ্যত অস্থায়ী সৈন্যবাহিনীৰ পৰিৱৰ্তে স্থায়ী সৈন্যবাহিনী ৰখাৰ নিয়ম প্ৰৱৰ্তন হয়।

৩৷ মোৱামৰীয়া বিদ্ৰোহৰ সময়ছোৱাত পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে কেনেদৰে নিজৰ দায়িত্ব পালন কৰিছিল লিখাঁ। 

উত্তৰঃ পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ সময়ছোৱাত মোৱামৰীয়া বিদ্ৰোহ তুংগত উঠিছিল। অতি ধৈৰ্যৰে তেওঁ বিদ্ৰোহীসকলক দমন কৰাৰ চেষ্টা কৰিছিল। পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে অকলে প্রায় ৭ বছৰকাল ৰংপুৰ নগৰখন বিদ্ৰোহীৰ পৰা ৰক্ষা কৰি আছিল। নগৰখন সুৰক্ষিত কৰি ৰখাৰ বাবে কলিয়নী পাহাৰৰ পৰা নগা পাহাৰৰ চাঁতিলৈকে ‘বিবুধি গড়’ নামেৰে এটি গড় নির্মাণ কৰিছিল। বিদ্ৰোহৰ সময়ত বিদ্রোহীবোৰে খেতি-বাতি, গৰু-মহ আদি ধ্বংস কৰিছিল বাবে ৰাজ্যত আকালে দেখা দিছিল। বহুতো প্ৰজাই ল’ৰা-ছোৱালীসহ ঘৰ বাৰী এৰি পলাই গৈছিল। এনে অৱস্থাত বুঢ়াগোহাঁয়ে প্রজাক পুত্রবৎ জ্ঞান কৰি সহায়ৰ হাত আগবঢ়াইছিল। অ’ত-ত’ত পলাই ফুৰা সকলক একগোট কৰি ঠায়ে ঠায়ে স্থাপন কৰিছিল। মুঠতে মোৱামৰীয়া বিদ্ৰোহৰ সময়ত পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে অতি সুচাৰুৰূপে নিজৰ দায়িত্ব পালন কৰিছিল। 

৪৷ বদনচন্দ্ৰ বৰফুকনৰ বিৰুদ্ধে পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে কিয় কঠোৰ ব্যৱস্থা লৈছিল লিখা।

উত্তৰঃ বদনচন্দ্ৰ বৰফুকনৰ বিৰুদ্ধে পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে কঠোৰ হোৱাৰ বহুতো কাৰণ আছে। বদনচন্দ্ৰ বৰফুকন সম্বন্ধত পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ বিয়েয়েক আছিল। চন্দ্ৰকান্ত সিংহৰ ৰাজত্বকালত পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ বিরুদ্ধে তলে তলে ষড়যন্ত্র কৰা সকলৰ ভিতৰত বদনচন্দ্ৰ আছিল অন্যতম।

বদনচন্দ্ৰ বৰফুকন সেই সময়ত নামনি অসমৰ শাসনকর্তা আছিল। কিন্তু. তেওঁ আৰু তেওঁৰ পুত্ৰ জন্মি, পিয়লি আদিয়ে ক্ষমতার অপপ্রয়োগ কৰি নামনি অসমৰ প্ৰজাৰ ওপৰত অত্যাচাৰ চলাইছিল, যাৰ ফলত প্রস হৈছিল। আনহাতে এই বদনচন্দ্ৰ বৰফুকনেই অসমলৈ মান সেনা মাতি আনিছিল। এনেবোৰ কাৰণতে পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে বদনচন্দ্ৰ বৰফুকনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লৈছিল। 

৫ ৷ কি পৰিস্থিতিত পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ মৃত্যু হৈছিল লিখা।

উত্তৰঃ ১৮১৭ খ্রীষ্টাব্দত পূৰ্ণানন্দ বুঢ়াগোহায়ে মৃত্যু বৰণ কৰে। মানব প্রথম আক্ৰমণত মানসেনাৰ হাতত আহোম সেনা পৰাজিত হোৱাৰ বাতৰিয়ে পূৰ্ণানন্দ বুঢ়াগোহাঁই ডাঙৰীয়াক মর্মান্তিক আঘাত দিছিল। একাংশ লোকৰ মতে এই পৰাজয়ৰ বাতৰি পায়ে কালহীৰা চেলেকি তেওঁ মৃত্যুক আকোৱালি লয়। আন একাংশৰ মতে শত্ৰুৰ অত্যাচাৰ আৰু অপমানৰপৰা নিজক ৰক্ষা কৰিবলৈ বেছিকৈ চিন্তা কৰাত হঠাৎ সন্নিপাত জ্বৰত আক্ৰান্ত হৈ পূৰ্ণানন্দ মৃত্যুমুখত পৰে। 

৬৷ ৰাজমন্ত্ৰী হিচাপে পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ কাম-কাজৰ বিষয়ে আলোচনা কৰাঁ। 

উত্তৰঃ পূৰ্ণানন্দ বুঢ়াগোহাঁই প্রায় ৩৪ বছৰকাল আহোম ৰাজ্যৰ ৰাজমন্ত্রী আছিল। তেওঁৰ এই সুদীৰ্ঘ কার্যকাল বিভিন্ন সংঘাতৰ মাজেৰে পাৰ হৈছিল। অতি বুদ্ধিমান আৰু বিচক্ষণ ৰাজনীতিজ্ঞ পূৰ্ণানন্দই ৰজাৰ প্ৰতি, প্ৰজাৰ প্ৰতি, দেশৰ প্ৰতি তেওঁৰ কৰ্তব্য অতি নিষ্ঠাৰে পালন কৰিছিল। তেওঁৰ কাৰ্যকালত তুংগত উঠা মোৱামৰীয়া বিদ্ৰোহকে ধৰি বিভিন্ন বিদ্রোহ দমন কৰিবলৈ তেওঁ যথোচিত ব্যৱস্থা হাতত লৈছিল। নিজ বুদ্ধি আৰু কৌশল খটুৱাই অতি সাহসেৰে পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে ৰংপুৰ নগৰখনক শত্ৰুৰ আক্ৰমণৰ পৰা সুৰক্ষিত কৰি ৰাখিছিল। তেৱেই আহোম ৰাজ্যত অস্থায়ী সৈন্যবাহিনীৰ পৰিৱর্তে স্থায়ী সৈন্যবাহিনী এটি ৰখাৰ নিয়ম প্ৰৱৰ্তন কৰিছিল। মোৱমৰীয়া বিদ্ৰোহৰ পাছত ৰাজ্যখন থান-থিত লগাই শান্তি ঘূৰাই অনাব বাবে তেওঁ অহোপুৰুৰাৰ্থ কৰিছিল। চৰায়ে পোৱালি বিলাকক ডেউকাৰে আৱৰি ধৰি যেনেকৈ সুৰক্ষা দিয়ে বুঢ়াগোহাঁই ডাঙৰীয়াই তেনেকৈ অসমৰ ৰজাক শত্ৰুৰ হাতৰ পৰা সুৰক্ষা দি আৱৰি ৰাখিছিল।

ৰাজমন্ত্ৰী হিচাপে পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে নিজ কর্তব্য অতি নিষ্ঠাৰে পালন কৰিলেও বিভিন্ন সময়ত তেওঁ সমালোচিত হৈছিল। বহু সময়ত তেওঁ স্বেচ্ছাচাৰিতাৰ চৰম সীমাত উঠিনি। কমলেশ্বৰ সিংহ আৰু চন্দ্ৰকান্ত সিংহৰ ৰাজত্বকালত ৰজাৰ হৈ তেৱেই শাসন কাৰ্য চলাইছিল। কিন্তু সেয়া হলেও পূর্ণানন্দ বুঢ়াগোহাঁয়ে তেওঁৰ সমস্ত ক্ষমতা, চিন্তা আৰু বুদ্ধি দেশৰ মংগলৰ বাবেই খটুৱাইছিল। তেওঁৰ কাম-কাজৰ বাবেই অসম ইতিহাসত পূৰ্ণানন্দ বুঢ়াগোহাঁইক উচ্চ স্থান দিয়া হৈছে।

অতিৰিক্ত প্রশ্নোত্তৰ

১৷ মোৱামৰীয়সকল কোন জনগোষ্ঠীৰ লোক লিখা।

উত্তৰঃ মৰাণ জনগোষ্ঠীৰ

২৷ কেপ্তেইন ওৱেল্‌চক কোনে অসমলৈ মাতি আনিছিল ? 

উত্তৰঃ গোৰীনাথ সিংহই।

৩৷ আহোম সৈন্যক প্রশিক্ষণ দিয়া কেপ্তেইন ওৱেল্‌চৰ সৈন্য দুজনৰ নাম লিখা।

উত্তৰঃ ফকিচন্দ আৰু দিনা।

৪৷ কিমান খ্রীষ্টাব্দত মানে প্রথম অসম আক্রমণ কৰিছিল লিখা।

উত্তৰঃ ১৮১৭ খ্ৰীষ্টাব্দত। 

৫৷ ‘বুঢ়াগোহাঁঞি বুঢ়া বুলিহে ভাবিছিলোঁ, কিন্তু দেখো ডেকাহে’ কথাষাৰ কোনে কাৰ বিষয়ে কৈছিল লিখাঁ।

উত্তৰঃ এই কথাষাৰ কেপ্তেইন ওৱেল্‌চে কৈছিল। পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ কৃতিত্ব আৰু ৰণ নৈপুণ্যতাৰ কথা শুনি কেপ্তেইন ওৱেলচে তেওঁক এজন বয়সীয়াল অভিজাত প্রধানমন্ত্রী বুলি ভাবিছিল। কিন্তু কার্যত ডেকা পূৰ্ণানন্দক দেখি তেওঁ অভিভূত হৈ ওপৰোক্ত কথাষাৰ কৈছিল।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top