Assam Jatiya Bidyalay Class 6 History Chapter 10 বৰৰজা ফুলেশ্বৰী কুঁৱৰী

Assam Jatiya Bidyalay Class 6 History Chapter 10 বৰৰজা ফুলেশ্বৰী কুঁৱৰী, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় আপোন দেশৰ কথা Class 6 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 10 বৰৰজা ফুলেশ্বৰী কুঁৱৰী Class 6 History Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 6 History Chapter 10 বৰৰজা ফুলেশ্বৰী কুঁৱৰী Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 6 History Chapter 10 বৰৰজা ফুলেশ্বৰী কুঁৱৰী provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

বৰৰজা ফুলেশ্বৰী কুঁৱৰী

Chapter – 10

অসম জাতীয় বিদ্যালয়

পাঠভিত্তিক ক্রিয়াকলাপৰ প্রশ্নোত্তৰ


১৷ একোটিকৈ বাক্যত উত্তৰ লিখাঁ। 

(ক) কিমান খ্রীষ্টাব্দত শিৱসিংহই আহোম ৰাজপাটত আৰোহণ কৰিছিল ? 

উত্তৰঃ ১৭১৪ খ্রীষ্টাব্দ।

(খ) শিৱ সিংহ আৰু ফুলেশ্বৰী কুঁৱৰীয়ে শৰণ লোৱা পণ্ডিতজনৰ নাম কি আছিল ?

উত্তৰঃ কৃষ্ণৰাম ভট্টাচার্য ন্যায়বাগীশ।

(গ) শৰণ মানে কি লিখা।

উত্তৰঃ শৰণ মানে দীক্ষা লোৱা।

(ঘ) ৰাজ ক্ষমতা লাভ কৰি ফুলেশ্বৰী কুঁৱৰীয়ে কি নাম লৈছিল।

উত্তৰঃ প্রমথেশ্বৰী।

(ঙ) ফুলেশ্বৰী কুৱণী প্ৰথমতে কি নামেৰে পৰিচিত আছিল ? 

উত্তৰঃ ফুলমতী৷

(চ) ৰংপুৰত ফুলেশ্বৰীয়ে প্ৰতিষ্ঠা কৰা পঢ়াশালিখনৰ নাম কি আছিল ?

উত্তৰঃ বৰ বজাৰ পঢ়াশালি।

২৷ স্বৰ্গদেউ ৰুদ্ৰসিংহৰ পাঁচজন পুত্ৰৰ নাম একাদিক্ৰমে লিখাঁ। 

উত্তৰঃ স্বৰ্গদেউ ৰুদ্ৰসিংহৰ পুত্ৰসকলৰ একাদিক্ৰমে নামবোৰ হৈছে শিৱসিংহ, অমত্ত সিংহ, মোহনমালা গোহাঁই, ৰাজেশ্বৰ সিংহ আৰু লক্ষ্মী সিংহ।

৩৷‘ছত্ৰ-ভংগ যোগ’ কথাষাৰৰ অৰ্থ কি আছিল লিখাঁ।

উত্তৰঃ আহোম ৰজাসকল সিংহাসনত বহোতে তেওঁলোকৰ মূৰৰ ওপৰত এটা কাৰুকাৰ্য থকা অতি সুন্দৰ ছাতি থকাৰ নিয়ম আছিল । ছাতিক ছত্র বুলিও কোৱা হয়। ৰজাৰ মূৰৰ ওপৰত থকা কাৰুকার্যখচিত ছত্র অর্থাৎ ছাতিটো ৰাজক্ষমতাৰ প্ৰতীকৰ নিচিনা আছিল। সেয়ে এই ছত্র নোহোৱা কথাটোৱে ৰজা ভগা যোৱাৰ কথাকে বুজাইছিল। তাকে ছত্র-ভংগ যোগ বোলা হৈছিল।

৪৷ বিদ্যা শিক্ষাৰ প্ৰতি বৰ ৰজা ফুলেশ্বৰীয়ে কেনে মনোভাৱ গ্ৰহণ কৰিছিল লিখাঁ। 

উত্তৰঃ বৰবজা ফুলেশ্বৰী অতি সাধাৰণ অৱস্থাৰ মাজেৰে ডাঙৰ দীঘল হৈছিল। তেওঁ বিদ্যাশিক্ষা গ্ৰহণৰ উপযুক্ত সুবিধা পোৱা নাছিল। সেয়ে ৰাজক্ষমতা লাভ কৰি তেওঁ বিদ্যা শিক্ষা লাভব সুবিধাৰ বাবে ৰাজ্যত কেবাখনো টোল অর্থাৎ পঢ়াশালি স্থাপন কৰিছিল। ৰংপুৰত ফুলেশ্বৰীয়ে প্রতিষ্ঠা কৰা পঢ়াশালিখন ‘বৰ ৰজাৰ পঢ়াশালি’ নামেৰে জনাজাত হৈ পৰিছিল। কবিৰাজ চক্ৰৱৰ্তী নামৰ পণ্ডিতজনক ‘শকুষলা’ নামৰ নটিকখন অসমীয়া পদ্যলৈ ভাঙনি কৰিবলৈ বৰ ৰজা আৰু শিৱ সিংহ দুয়োজনেই পৃষ্ঠাপোষকতা আগবঢ়াইছিল।

৫৷ বৰ ৰজা ফুলেশ্বৰীৰ ৰাজত্বকালত বৈষ্ণব মহত্তসকলৰ ক্ষেত্ৰত কি ঘটনা ঘটিছিল লিখা। 

উত্তৰঃ বৰ ৰজাৰ ৰাজত্বকালত অসমত শ্ৰীমন্ত শংকৰদেৱে প্ৰচাৰ কৰা। ‘এক শৰণ নামধৰ্ম’ অর্থাৎ বৈষ্ণর ধর্মৰ শক্তি বৃদ্ধি হবলৈ ধৰিছিল। এনে অৱস্থাত বৈষ্ণৱ সত্ৰসমূহ আৰু বৈষ্ণৱ ধৰ্মৰ লোকসকলে আহোম ৰাজ্যৰ প্রতি বিপদৰ সৃষ্টি কৰিব বুলি ভবা হৈছিল। সেয়ে স্বৰ্গদেউ গদাধৰ সিংহ আৰু চুহুংমুঙৰ ৰাজত্বকালত কৰাৰ দৰে বৰ ৰজাৰ ৰাজত্বকালতো বৈষ্ণৱ মহন্তসকলৰ প্ৰতি এক অসন্মানজনক কাৰ্য কৰা হৈছিল।

বৰৰজা ফুলেশ্বৰী দুৰ্গাদেৱীৰ পৰম ভক্ত আছিল। এবাৰ বজাঘৰত অনুষ্ঠিত হোৱা দুর্গাপূজালৈ বৈষ্ণৱ, গোসাঁই, মহন্ত সকলোকে নিমন্ত্ৰণ কৰি আনি বৰৰজাৰ আদেশ মতে নিমন্ত্ৰিত সকলোকে পূজাত বলি দিয়া জন্তুৰ তেজ, পূজাৰ-সেন্দূৰ-চন্দনৰ ফোট দিয়া হৈছিল। দুৰ্গাদেৱীৰ প্ৰতিমাৰ সন্মুখত আঁঠু লৈ সেৱা কৰিবলৈ আৰু পূজাৰ প্ৰসাদ খাবলৈ সকলোকে বাধ্য কৰোৱা হৈছিল। পূজালৈ অহা বৈষ্ণৱ মহত্তসকলৰ মাজত বৈষ্ণৱ ধৰ্ম গ্ৰহণ কৰা মোৱামৰীয়া সম্প্ৰদায়ৰ মানুহো আছিল। বৰৰজাৰ এই কামে বৈষ্ণৱ ধৰ্মাৱলম্বী গোসাঁই মহত্তসকলৰ মনত তীব্র আঘাত দিছিল। 

৬৷ বৰজা ফুলেশ্বৰীৰ ব্যক্তিত্ব আৰু কাম-কাজৰ বিষয়ে বুজাই লিখা ৷

উত্তৰঃ সাধাৰণ নাচনীৰূপে শিৱ সিংহৰ পত্নী, অৱশেষত বৰৰজা হৈ আহোম ৰাজ্যৰ শাসন চলোৱালৈকে বৰৰজা ফুলেশ্বৰীৰ জীৱন কাহিনী বৰ আকৰ্ষণীয় আছিল। তেওঁ নৃত্যত যিদৰে পাৰ্গত আছিল, ৰূপত যি দৰে সুন্দৰী আছিল, তেনেদৰে ব্যক্তিত্ব সম্পন্না, বুদ্ধিমতী, বিদ্যানুৰাগী আৰু উচ্চাকাংক্ষীও আছিল। তলত তেওঁৰ কাম-কাজৰ বিষয়ে চমুকৈ আলোচনা কৰা হ’ল।

সিংহাসনত আৰোহণ কৰিয়ে বৰৰজা ফুলেশ্বৰীয়ে নিজৰ আৰু স্বামী শিৱ সিংহৰ নামত মোহৰ মৰাইছিল। নিজে অতি সাধারণ অৱস্থাৰ মাজেৰে ডাঙৰ-দীঘল হোৱা ফুলেশ্বৰীয়ে বিদ্যা-শিক্ষা গ্ৰহণৰ উপযুক্ত সুবিধা পোৱা নাছিল। সেয়ে ৰাজক্ষমতা লাভ কৰিয়ে তেওঁ বিদ্যা-শিক্ষা লাভৰ সুবিধাৰ বাবে ৰাজ্যত কেইবাখনো টোল স্থাপন কৰিছিল। ৰংপুৰত ফুলেশ্বৰীয়ে স্থাপন কৰা টোল বা পঢ়াশালিখন ‘বৰৰজাৰ পঢ়াশালি’ নামেৰে জনাজাত হৈ পৰিছিল। ফুলেশ্বৰী কুঁৱৰীৰ আন এক উল্লেখযোগ্য কাম আছিল কবিৰাজ চক্ৰৱৰ্তীৰ দ্বাৰা ‘শকুন্তলা’ নামৰ নাটকখন অসমীয়াত পদ্যলৈ অনুবাদ কৰোৱা।

বৰজা ফুলেশ্বৰীয়ে কেইবাটিও ভাল কাম কৰিলেও কিছুমান বেয়া বা অগ্রহনযোগ্য কামো তেওঁৰ ৰাজত্বকালত হৈছিল। তাৰ ভিতৰত অন্যতম হৈছে বৈষ্ণৱ ধৰ্মাৱলম্বী গোহাঁই মহন্ত সকলৰ প্ৰতি অন্যায় আৰু বিচাৰ বিবেচনাহীন কাৰ্য কৰাটো। তেওঁলোকৰ প্ৰতি অন্যায় কাৰ্য কৰাৰ ফলতেই পৰৱৰ্তী সময়ত ৰজাঘৰৰ বিৰুদ্ধে ঘৃণা আৰু অসন্তুষ্টি বৃদ্ধি পাইছিল। এই ঘৃণা আৰু অসন্তুষ্টিয়েই পিছলৈ মোৱামৰীয়া বিদ্ৰোহৰ এক কাৰণ হৈ পৰিছিল।

অতিৰিক্ত প্রশ্নোত্তৰ

১৷ ‘শকুন্তলা’ নামৰ নাটকখন কোনে অসমীয়াত পদ্যলৈ অনুবাদ কৰিছিল ?

উত্তৰঃ কবিৰাজ চক্ৰৱৰ্তীয়ে।

২৷ কাৰ পৰামৰ্শমতে শিৱ সিংহই ফুলেশ্বৰী কুৱৰীক বৰজা পাতিছিল ? 

উত্তৰঃ জ্যোতিষীসকলৰ কথামতে।

৩৷ শিৱ সিংহই কি কাৰণত ফুলেশ্বৰী কুৱৰীক বৰৰজা পাতিছিল ? 

উত্তৰঃ জ্যোতিষীসকলৰ মতে সেই সময়ত শিৱ সিংহৰ ছত্ৰ-ভংগ যোগ পৰিছিল। ছত্ৰ-ভংগ যোগ পৰা মানেই ৰাজক্ষমতা বা সিংহাসন হেৰোৱা। সেয়ে শিৱ সিংহই সিংহাসন হেৰুৱাতকৈ জ্যোতিষীসকলৰ পৰামৰ্শমতে ৰকুঁৱৰী ফুলেশ্বৰীক ৰাজ-ছত্ৰ দি সিংহাসনত বহুৱাইছিল।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top