Assam Jatiya Bidyalay Class 6 History Chapter 1 নৰনাৰায়ণ আৰু চিলাৰায়

Assam Jatiya Bidyalay Class 6 History Chapter 1 নৰনাৰায়ণ আৰু চিলাৰায়, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় আপোন দেশৰ কথা Class 6 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 1 নৰনাৰায়ণ আৰু চিলাৰায় Class 6 History Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 6 History Chapter 1 নৰনাৰায়ণ আৰু চিলাৰায় Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 6 History Chapter 1 নৰনাৰায়ণ আৰু চিলাৰায় provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

নৰনাৰায়ণ আৰু চিলাৰায়

Chapter – 1

অসম জাতীয় বিদ্যালয়

পাঠভিত্তিক ক্রিয়াকলাপৰ প্রশ্নোত্তৰ


১৷ একোটিকে বাক্যত উত্তৰ লিখাঁ।

(ক) কোচ ৰাজ্য কোনে প্রতিষ্ঠা কৰিছিল ? 

উত্তৰঃ বিশ্বসিংহই।

(খ) নৰনাৰায়ণ আৰু চিলাৰায়ৰ বাল্যকালৰ নাম কি কি আছিল ?

উত্তৰঃ মল্লদেৱ আৰু শুক্লধ্বজ।

(গ) মল্লদেৱ আৰু শুক্লবজে কোন ঠাইত আৰু কাৰ ওচৰত শিক্ষা গ্ৰহণ কৰিছিল ?

উত্তৰঃ মল্লদেৱ আৰু শুক্লধ্বজে কাশীত ব্রহ্মানন্দ স্বামী নামৰ এজন গুৰুৰ ওচৰত শিক্ষা গ্ৰহণ কৰিছিল।

(ঘ) কিমান খ্রীষ্টাব্দত আৰু কোন কোন ৰাজ্যৰ মাজত পিছলাপৰীয়া ৰণ সংঘটিত হৈছিল ?

উত্তৰঃ ১৫৪৭ খ্রীষ্টাব্দত কোচ ৰাজ্য আৰু আহোম ৰাজ্যৰ মাজত পিছলাপৰীয়া ৰণ সংঘটিত হৈছিল।

(ঙ) গোহাঁই কমল আলি কাৰ তত্ত্বাৱধানত নিৰ্মাণ কৰা হৈছিল ?

উত্তৰঃ ‘গোহাঁই কমল আলি’ গোহাঁই কমলৰ তত্ত্বাৱধানত নির্মাণ কৰা হৈছিল। 

(চ) গোহাঁই কমল আলি ক’ৰ পৰা ক’লৈকে নির্মাণ কৰা হৈছিল ?

উত্তৰঃ গোহাঁই কমল আলি কোচ ৰাজ্যৰ ৰাজধানী কোচবিহাৰব পৰা নাৰায়ণপুৰলৈকে নিৰ্মাণ কৰা হৈছিল।

(ছ) নৰনাৰায়ণৰ ৰাজত্বকালত কালাপাহাৰ নামৰ মুছলমান সেনাপতিজনে ক্ষতি কৰা মন্দিৰৰ নাম কি কি লিখা। 

উত্তৰঃ কামাখ্যা মন্দিৰ আৰু হাজোৰ হয়গ্ৰীৱ মন্দিৰ ৷

(জ) মহাপুৰুষ শংকৰদেৱৰ ক’ত আৰু কেতিয়া দেহাৱসান হৈছিল ?

উত্তৰঃ কোচবিহাৰৰ কাকতকুটা নামৰ ঠাইত ১৫৬৯ খ্রীষ্টাব্দত মহাপুৰুষ শংকৰদেৱৰ দেহাৱসান হৈছিল। 

(ঝ) নৰনাৰায়ণে নিজৰ ৰাজ্যক কি কি দুটা ভাগত বিভক্ত কৰিছিল লিখাঁ।

উত্তৰঃ ‘কোচবিহাৰ’ আৰু ‘কোচহাজো’।

২৷  পিছলাপৰীয়া ৰণৰ বিষয়ে চমুকৈ লিখাঁ। 

উত্তৰঃ পিছলাপৰীয়া ৰণ আহোম আৰু কোচ ৰাজ্যৰ মাজত সংঘটিত হৈছিল। নৰনাৰয়ণৰ ৰাজত্বকালত আহোম ৰজা চুক্লেনমুঙৰ সৈন্যই কোচ ৰাজ্য আক্ৰমণ কৰি পৰাজিত কৰে। এই পৰাজয়ৰ পোতক তুলিবলৈ চিলাৰায়ৰ নেতৃত্বত এক শক্তিশালী কোচ সৈন্যবাহিনীয়ে ১৫৪৩ খ্রীষ্টাব্দত আহোম ৰাজ্য আক্ৰমণ কৰে। আহোম সৈন্যই কৌশল কৰি নাৰায়ণপুৰ পাৰ হৈ পিছলা নদীৰ পাৰত যুদ্ধৰ শিবিৰ পাতিছিল। আহোম সৈন্যৰ এনে কৌশলৰ ফলত কোচ সৈন্যই যুদ্ধৰ অস্ত্র-শস্ত্ৰ, ৰচদ-পাতি অনা নিয়া কৰিব নোৱা হ’ল। এনে অৱস্থাত চিলাৰায়ৰ সৈন্যবাহিনীয়ে পুনৰ পৰাজয় বৰণ কৰিবলগীয়া হ’ল। ১৫৪৭ খ্রীষ্টাব্দত হোৱা কোচ আৰু আহোম পক্ষৰ মাজত হোৱা এই যুদ্ধক পিছলাপৰীয়া ৰণ নামেৰে জনা যায় 

৩৷ গৌড়ৰ নবাবৰ হাতত বন্দী হৈ থকা অৱস্থাত চিলাৰায়ে কেনেকৈ মুক্তি লাভ কৰিছিল লিখাঁ।

উত্তৰঃ চিলাৰায়ে গৌড়ৰ নবাব চুলেমান কৰৰাণিৰ হাতত বন্দী হৈ থকা অৱস্থাত এটা ঘটনা ঘটে। ঘটনাক্রমে এদিন গৌড়ৰ নবাবৰ মাকক সাপে খুঁটিছিল। বহুতো বিখ্যাত আৰু পাৰ্গত কবিৰাজ, বৈদ্যই অশেষ চেষ্টা কৰিও নবাবৰ মাকক সুস্থ কৰিব পৰা নাছিল। কিন্তু চিলাৰায়ে কৰা চিকিৎসাৰ বলত নবাবৰ মাকৰ প্ৰাণ ৰক্ষা হয়। কৃতজ্ঞতাৰ চিন স্বৰূপে গৌড়ৰ নবাবে চিলাৰায়ক বন্দীত্বৰ পৰা মুক্তি দিয়ে। 

৪৷ চমুটোকা লিখাঁ।

কালাপাহাৰ

উত্তৰঃ কালাপাহাৰ গৌড়ৰ নবাবৰ এগৰাকী সেনাপতি আছিল। চিলাৰায়ে গৌড়ৰ নবাবৰ হাতত বন্দী হৈ থকা সময়তে এই কালাপাহাৰক গৌড়ৰ নবাবে কোচ ৰাজ্য আক্রমণ কৰিবলৈ পঠাইছিল। মহা অত্যাচাৰী কালাপাহাৰে এই আক্ৰমণৰ সময়ত হিন্দুৰ মঠ মন্দিৰৰ বিশেষকৈ কামাখ্যা মন্দিৰ আৰু হাজোৰ হয়গ্ৰীৱ মন্দিৰৰ বিস্তৰ ক্ষতি সাধন কৰে। কিন্তু সেই সময়তে গৌড় দেশৰ নবাবৰ বিৰুদ্ধে এক বিদ্রোহ সৃষ্টি হোৱাত কম দিনৰ ভিতৰতে কালাপাহাৰ পুনৰ গৌড় ৰাজ্যলৈ উভতি গৈছিল। 

৫৷ ‘নৱজাগৰণ’ৰ অৰ্থ কি লিখাঁ।

উত্তৰঃ ‘নৱ’ মানে নতুন অর্থাৎ নতুন চিন্তা ‘জাগৰণ’ মানে নতুন চিন্তা আৰু কাম-কাজৰ প্ৰতি মানুহৰ সত্য উপলব্ধি। গতিকে, যি পৰিৱৰ্তনে মানৱ সমাজক উন্নতি আৰু কল্যাণৰ পথ দেখুৱাই তাকেই ‘নৱজাগৰণ’ বোলে। 

৬৷ কোচ সৈন্যই কেনেকৈ গড়গাঁও অধিকাৰ কৰিছিল বুজাই লিখা। 

উত্তৰঃ কোচ সৈন্যই আহোম সৈন্যৰ হাতত কেবাখনো যুদ্ধত পৰাজিত হৈছিল যদিও গড়গাঁও অধিকাৰ কৰাৰ আশা এৰি পেলোৱা নাছিল। সেয়ে পূৰ্বৰ পৰাজয়ৰ কাৰণ সমূহ বিশ্লেষণ কৰি কোচ সেনাপতি চিলাৰায়ে আহোম ৰাজ্য আক্ৰমণৰ নতুন প্রস্তুতি চলালে। সৈন্য বাহিনীৰ শক্তি বৃদ্ধি কৰা হ’ল। যুদ্ধৰ সময়ত সৈন্যবাহিনীৰ অহা-যোৱা, ৰচদ-পাতি আদিৰ সুবিধা হোৱাকৈ কোচ ৰাজ্যৰ ৰাজধানী কোচবিহাৰৰ পৰা নাৰায়ণপুৰলৈকে ‘গোহাঁই কমল আলি’ নামৰ এটি আলি নিৰ্মাণ কৰালে। এনেকৈ যুদ্ধৰ প্রস্তুতি সম্পূৰ্ণ কৰি ১৫৬২ খ্রীষ্টাব্দত চিলাবায়ে আহোম ৰাজ্য আক্রমণ কৰিলে। প্রায় যাঠি হাজাৰ কোচ সৈন্যৰ শক্তিৰ ওচৰত আহোমৰ পৰাজয় হ’ল। কোচ সৈন্যই ১৫৬৩ খ্ৰীষ্টাব্দত গড়গাওঁ অধিকাৰ কৰিলে। এনেদৰে চিলাৰায়ৰ নেতৃত্বত কোচসকলে তিনিমাহ সময় গড়গাও নিজৰ দখলত ৰাখিলে।

৭৷ নৰনাৰায়ণ আৰু চিলাৰায়ে কৰা গৌড় ৰাজ্য জয়ৰ ঘটনাৱলী বৰ্ণনা কৰি লিখাঁ।

উত্তৰঃ নৰনাৰয়ণৰ ৰাজত্বকালত কোচ ৰাজ্যৰ সীমা আৰু শক্তি বৃদ্ধি কৰাৰ উদ্দেশ্যেৰে চিলাৰায়ৰ নেতৃত্বত কোচ সৈন্যই ১৫৬৮ খ্রীষ্টাব্দত গৌড় ৰাজ্য আক্রমণ কৰে। কিন্তু এই যুদ্ধত গৌড়ৰ নবাব চুলেমান কৰাণিৰ হাতত কোচ সৈন্য পৰাজিত হয়।

চুলেমান কৰাণিৰ মৃত্যুৰ পিছত তেওঁৰ পুত্ৰ দাউদ গৌড়ৰ নবাব হয়। দাউদৰ ৰাজত্বকালত ১৫৭৬ খ্ৰীষ্টাব্দত দিল্লীৰ মোগল সম্রাট আকবৰে গৌড় দেশ আক্রমণ কৰে। একে সময়তে পুনব গৌড় বাজ্য জয় কৰাৰ আশাৰে চিলাৰায়ে সেই দেশ আক্রমণ করে। পশ্চিম দিশৰ পৰা মোগল সৈন্য আৰু পূব দিশৰ পৰ৷ কোচ সৈন্যৰ আক্ৰমণত গৌড়ৰ নবাবৰ পৰাজয় হয়। যুদ্ধৰ ফলস্বৰূপে মোগল আৰু কোচ সকলে গৌড় বাজ্যক দুটা ভাগত নিজৰ মাজত ভগাই লয়। এনেদৰেই নৰনাৰায়ণ আৰু চিলাৰায়ে গৌড় ৰাজ্য জয় কৰিছিল। গৌড় ৰাজ্য জয় কৰাৰ ফলত কোচ ৰাজ্যৰ সীমা উত্তৰ ভাৰতলৈকে বিস্তৃত হৈছিল। 

৮৷ ‘নৰনাৰায়ণৰ ৰাজত্বকালক নৱজাগৰণৰ সময় আখ্যা দিয়া হয়’ কথাষাৰ বুজাই লিখা। 

উত্তৰঃ যি পৰিৱৰ্তনে মানৱ সমাজক উন্নতি আৰু কল্যাণৰ পথ দেখুৱাই তাকেই নৱজাগৰণ বোলে। নৰনাৰায়ণৰ ৰাজত্বকালত বিভিন্ন দিশত পৰিবৰ্তনৰ সূচনা হৈ অসমীয়া সমাজখন উন্নতিৰ পথত বহুখিনি আগবাঢ়িছিল। নৰনাৰয়ণৰ পৃষ্ঠাপোষকতাত অসমীয়া ভাষাৰ উন্নতি সাধন সম্ভৱ হৈছিল। তেওঁৰ ৰাজত্বকালতে কবি ৰাম সৰস্বতীয়ে ‘সংস্কৃত মহাভাৰত’, অনন্ত কন্দলিয়ে মূল সংস্কৃত ৰামায়ণ’ আৰু ‘ভাগৱত’ গ্রন্থ অসমীয়া ভাষালৈ অনুবাদ কৰাৰ লগতে অনস্ত কন্দলিয়েই ‘কুমাৰ-হৰণ’ নামৰ কাব্য অসমীয়া ভাষাত ৰচনা কৰিছিল। আনহাতে পুৰষোত্তম বিদ্যাবাগীশে ‘ৰত্নমালা ব্যাকৰণ’ নামৰ সংস্কৃত ভাষাৰ অমূল্য গ্ৰন্থখনো নৰনাৰায়ণৰ পৃষ্ঠাপোষকতাতে ৰচনা কৰিছিল ।

বিদ্যা শিক্ষাৰ চৰ্চা, সাহিত্য সাধনাৰ এই সময় ছোৱাতেই সাধাৰণ প্ৰজাৰ মাজতো শিক্ষাৰ প্ৰচাৰ ঘটিছিল। কলা-কৃষ্টি, ধৰ্ম চৰ্চাৰ ক্ষেত্ৰত জনসাধাৰণৰ মনত নতুন চিন্তাৰ উদয় হৈছিল। এই নতুন চিন্তাই সমাজৰ পৰিৱৰ্তন সাধন কৰিছিল। শংকৰদেৱৰ নেতৃত্বত হোৱা নৱ-বৈষ্ণৱ আন্দোলনে অসম ৰাজ্যৰ সামাজিক, সাংস্কৃতিক, ৰাজনৈতিক, অর্থনৈতিক দিশত নতুন যুগৰ সুচনা কৰিছিল। এনেবোৰ কাৰণতে নৰনাৰায়ণৰ ৰাজত্বকালক ‘নৱজাগৰণৰ সময়’ আখ্যা দিয়া হয়। 

৯৷ অসমৰ ইতিহাসৰ এজন শ্রেষ্ঠতম সেনাপতি হিচাপে চিলাৰায়ৰ বিষয়ে এটি টোকা লিখা।

উত্তৰঃ চিলাৰায় নৰনাৰয়ণৰ ৰাজত্বকালত কোচ ৰাজ্যৰ প্ৰধান সেনাপতি আছিল। ৰণক্ষেত্ৰত দেখুওৱা পাৰদৰ্শিতাৰ বাবেই অসমৰ ইতিহাসৰ এজন শ্রেষ্ঠতম সেনাপতি হিচাপে তেওঁ স্বীকৃতি পাইছে।

চিলাৰায়ে প্ৰথমতে আহোম সকলৰ বিৰুদ্ধে যুদ্ধ ক্ষেত্ৰত নামিব লগীয়া হয়। প্রথম অৱস্থাত কেবাখনো যুদ্ধত তেওঁ আহোম পক্ষৰ হাতত পৰাজিত হয়। কিন্তু পৰৱৰ্তী সময়ত নিজৰ বুদ্ধি, সাহস, বণকৌশল আৰু পৰাক্ৰমেৰে আহোম ৰজা চখাম্‌ফাক পৰাজিত কৰি ১৫৬৩ খ্রীষ্টাব্দত গড়গাও অধিকাৰ কৰিবলৈ সক্ষম হয়। এই যুদ্ধৰ ফলত চুখামফাই নিজৰ অধীনত থকা ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ সমগ্ৰ ৰাজ্যখণ্ড নৰনাৰায়ণক এৰি দিছিল। আহোমৰ বিৰুদ্ধে লাভ কৰা এই জয়ে চিলাৰায়ৰ শৌর্য বীৰ্যৰ প্ৰমাণ দাঙি ধৰে ৷

আহোম ৰাজ্য জয় কৰি চিলাৰায়ৰ নেতৃত্বত কোচ সৈন্যই জয়ন্তীয়া, কছাৰী, ত্ৰিপুৰা আৰু শ্রীহট্ট ৰাজ্যক কোচ ৰাজ্যৰ অধীনস্থ কৰিছিল। খাচীয়া ৰাজ্য আৰু মণিপুৰৰ ৰজাইও বিনাযুদ্ধে নৰনাৰায়ণৰ বশ্যতা স্বীকাৰ কৰিছিল। কোচ সৈন্যৰ এই বিজয় অভিযানে সেই সময়ত সমগ্ৰ উত্তৰ পূব ভাৰততে চিলাৰায়ক আটাইতকৈ শক্তিশালী সেনাপতি হিচাপে প্ৰতিষ্ঠা কৰিছিল।

১৫৬৮ খ্ৰীষ্টাব্দত চিলাৰায়ে কোচ ৰাজ্যৰ সীমা আৰু শক্তি বৃদ্ধি কৰাৰ উদ্দেশ্যে গৌড় দেশ আক্রমণ কৰে ৷ কিন্তু এই যুদ্ধত তেওঁ পৰাজিত হোৱাৰ লগতে গৌড়ৰ নবাব চুলেমান কৰৰাণিৰ হাতত বন্দী হয়। অৱশ্যে এক বিশেষ ঘটনাক্রমে গৌড়ৰ নবাবে চিলাৰায়ক মুক্তিও দিয়ে।

চুলেমান কৰৰাণিৰ মৃত্যুৰ পিছত তেওঁৰ পুত্ৰ দাউদ গৌড়ৰ নবাব হয়। দাউদৰ ৰাজত্ব কালত ১৫৭৬ খ্রীষ্টাব্দত দিল্লীৰ মোগল সম্রাট আকবৰে গৌড়দেশ আক্রমণ কৰে। একেসময়তে ইপিনৰ পৰা চিলাৰায়েও সেই দেশ আক্রমণ কৰাত গৌড়ৰ নবাব যুদ্ধত পৰাজিত হয়। যুদ্ধৰ ফলস্বৰূপে মোগল আৰু কোচ সকলে গৌড় বাজ্যক দুটা ভাগত নিজৰ মাজত ভগাই লয়। এনেদৰে কোচ ৰাজ্যৰ সীমা উত্তৰ ভাৰতলৈ বিস্তৃত হৈছিল।

ওপৰৰ আলোচনাৰ পৰা দেখা যায় যে নিজৰ সাহস, বুদ্ধি ৰণকৌশল আৰু পৰাক্ৰমেৰে চিলাৰায়ে যুদ্ধক্ষেত্ৰত নিজকে এজন সফল সেনাপতি হিচাপে প্ৰতিষ্ঠা কৰিব পাৰিছিল, যাৰ বাবে তেওঁক অসমৰ ইতিহাসৰ এজন শ্রেষ্ঠতম সেনাপতি হিচাপে গণ্য কৰা হয়।

অতিৰিক্ত প্রশ্নোত্তৰ

১৷ ‘সংস্কৃত মহাভাৰত’ পদ্যৰ ৰূপত অসমীয়া ভাষালৈ কোনে অনুবাদ কৰিছিল ?

উত্তৰঃ কবি ৰাম সৰস্বতীয়ে। 

২৷ ঊষা-হৰণৰ আৰু হৰিহৰৰ যুদ্ধৰ কাহিনীৰে অনন্ত কন্দলিয়ে ৰচনা কৰা কাব্য গ্ৰন্থখনৰ নাম লিখাঁ। 

উত্তৰঃ কুমাৰ হৰণ।

৩৷ ‘ৰত্নামালা ব্যাকৰণ’ কোনে ৰচনা কৰিছিল ?

উত্তৰঃ পুৰুষোত্তম বিদ্যাবাগীশে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top