Assam Jatiya Bidyalay Class 6 Assamese Chapter 8 ঢোৰা কাউৰী আৰু টিপচী

Assam Jatiya Bidyalay Class 6 Assamese Chapter 8 ঢোৰা কাউৰী আৰু টিপচী, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় অসমীয়া Class 6 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 8 ঢোৰা কাউৰী আৰু টিপচী Class 6 Assamese Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 6 Assamese Chapter 8 ঢোৰা কাউৰী আৰু টিপচী Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 6 Assamese Chapter 8 ঢোৰা কাউৰী আৰু টিপচী provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

ঢোৰা কাউৰী আৰু টিপচী

Chapter – 8

অসম জাতীয় বিদ্যালয়

পাঠভিত্তিক ক্রিয়াকলাপৰ প্রশ্নোত্তৰ

১। লক্ষ্মীনাথ বেজবৰুৱাৰ বিষয়ে কি জানা লিখা।

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম হয় ১৮৬৪ চনত লক্ষ্মী পূর্ণিমাৰ দিনা লুইতৰ বুকুত পিতৃ-মাতৃ নগাঁৱৰপৰা বৰপেটালৈ নাৱেৰে গৈ থাকোতে। তেখেতৰ পিতৃৰ নাম দীননাথ বেজবৰুৱা আৰু মাতৃৰ নাম থানেশ্বৰী বেজবৰুৱা। তেজপুৰ, লখিমপুৰ, গুৱাহাটী, শিৱসাগৰ আদি বিভিন্ন ঠাইত প্রাথমিক আৰু মাধ্যমিক শিক্ষা লাভ কৰে আৰু ১৮৮৬ চনত প্ৰৱেশিকা পৰীক্ষাত উত্তীর্ণ হয়। পাছত কলকাতাৰ পৰা স্নাতক ডিগ্রী লাভ কৰে। এম. এ. আৰু আইন শিক্ষা বেজবৰুৱাদেৱৰ অসম্পূর্ণ হৈ ৰয়। অসমীয়া সাহিত্যৰ সকলাে দিশতে অৰিহণা আগবঢ়োৱা বেজবৰুৱাদেৱে অসমীয়া ভাষাৰ উন্নতি সাধিনী সভাৰ অন্যতম জন্মদাতা। 

‘জোনাকী’ আৰু ‘বাহী’ আলােচনীৰ প্ৰকাশ আৰু সম্পাদনা, অসমৰ জাতীয় সংগীত ‘অ’ মােৰ আপােনাৰ দেশৰ ৰচয়িতা বেজবৰুৱাদেৱে ১৯২৪ চনত অসম সাহিত্য সভাৰ সভাপতিৰ আসন অলংকৃত কৰে। বেজবৰুৱাদেৱ ৰচিত প্রকাশিত পুথিসমূহ হ’ল- ‘চিকাৰপতি নিকৰপতি’, ‘কদমকলি’, ‘পদুমকুঁৱৰী’, ‘সাধুকথাৰ কুঁকি’, ‘বুঢ়ী আইৰ সাধু’, ‘জোনবিৰি’, ‘লিতিকাই’, ‘কেহোঁকলি’, ‘বেলিমাৰ’, ‘জয়মতী কুঁৱৰী’, কৃপাবৰ বৰুৱাৰ কাকতৰ টোপােলা, শ্ৰী শ্ৰীশংকৰদেৱ’, ‘মােৰ জীৱন সোঁৱৰণ’, ‘তত্ত্বকথা’, ‘The Religion love and Devotion’ আদি। অসমীয়া সাহিত্যৰ সকলাে দিশতে অৰিহণা যােগােৱাৰ বাবে সাহিত্যৰথী’ আৰু ব্যংগাত্মক ৰচনাৰে হাঁহিৰ খােৰাক যােগােৱাৰ বাবে ৰসৰাজ’ উপাধিৰে বেজবৰুৱাদেৱক বিভুষিত কৰা হৈছে। অসমীয়া সাহিত্যৰ এই মহান সাধকজনৰ মৃত্যু হয় ১৯৩৮ চনৰ ২৬ মার্চত।

পাঠভিত্তিক ক্রিয়াকলাপৰ প্রশ্নোত্তৰ

১। প্রথমে কোঁৱা, তাৰ পাছত লিখাঁ।

(ক) ঢোঁৰা কাউৰী আৰু টিপচী চৰাইৰ মাজত ধান অনাৰ চৰ্তটো কি আছিল?

উত্তৰঃ টোৰা কাউৰীয়ে ঠোঁটত যিমান ধান আনিব সিমান ধান যদি টিপচীয়ে আনিব নােৱাৰে তেন্তে ঢোঁৰা কাউৰীয়ে টিপচী চৰাইটোক খাব। আনহাতে টিপচী চৰাইতকৈ যদি ঢোঁৰা কাউৰীয়ে ঠোঁটত কম ধান আনে তেন্তে টিপচী চৰাইটোৱে ঢোঁৰা কাউৰীটোক খাব। এইটোৱেই আছিল ঢোঁৰা কাউৰী আৰু টিপচী চৰাইৰ মাজত ধান অনাৰ চৰ্ত।

(খ) টিপটীয়ে কাউৰীক ঠোঁটটো কিয় সাগৰৰ পানীত ধুই আহিবলৈ কৈছিল ?

উত্তৰঃ কাউৰীৰ ঠোঁটটোত বৰ বেয়া গােন্ধ থকা বাবে টিপচীয়ে কাউৰীক ঠোঁটটো সাগৰৰ পানীত ধুই আহিবলৈ কৈছিল।

(গ) ঢোঁৰা কাউৰীয়ে সাগৰত ঠোটটো ধুবলৈ গৈ সাগৰক পানী বিচৰাত সাগৰে কাউৰীক কি ক’লে ?

উত্তৰঃ ঢোঁৰা কাউৰীয়ে সাগৰত ঠোঁটটো ধুবলৈ গৈ সাগৰক পানী বিচৰাত সাগৰে কাউৰীক ক’লে যে সি কিবা এটা পাত্র দিব পাৰিলেহে পানী দিব পাৰিব।

(ঘ) কাউৰীয়ে কুমাৰৰ ঘৰলৈ টেকেলি বিচাৰি যাওঁতে কুমাৰে কি আনিবলৈ দিলে ?

উত্তৰঃ কাউৰীয়ে কুমাৰৰ ঘৰলৈ টেকেলি বিচাৰি যাওঁতে কুমাৰে কাউৰীক অকণমান মাটি আনিবলৈ দিলে।

(ঙ) কাউৰীয়ে ম’হৰ ওচৰলৈ কিয় গৈছিল ?

উত্তৰঃ কাউৰীয়ে ম’হৰ ওচৰলৈ ম’হটোৰপৰা শিং বিচাৰি গৈছিল।

(চ) ম’হৰ কথা শুনি কাউৰীয়ে কাৰ ওচৰলৈ গৈছিল ?

উত্তৰঃ ম’হৰ কথা শুনি কাউৰীয়ে কুকুৰৰ ওচৰলৈ গৈছিল।

(ছ) কুকুৰে কি খাই ম’হ মাৰি দিব পাৰিব বুলি কাউৰীক কৈছিল ?

উত্তৰঃ কুকুৰে গাখীৰ খাই গাত বল বান্ধি ম’হ মাৰি দিব পাৰিব বুলি কাউৰীক কৈছিল।

(জ) কাউৰীয়ে কাৰ ওচৰলৈ গাখীৰ বিচাৰি গৈছিল ?

উত্তৰঃ কাউৰীয়ে গাই গৰুৰ ওচৰলৈ গাখীৰ বিচাৰি গৈছিল।

(ঝ) কাউৰীয়ে ঘাঁহৰ ওচৰলৈ গৈ কি ক’লে ?

উত্তৰঃ কাউৰীয়ে ঘাঁহৰ ওচৰলৈ গৈ ক’লে যে- “দে ঘাঁহ, খুৱাও গাইক, ওলাওক গাখীৰ, খুৱাও কুকুৰক, বান্ধক বল, মাৰক মহ, নিওঁ শিং, খান্দো মাটি, দিওঁ কুমাৰক, গঢ়ক টেকেলি, তােলাে পানী, পখালো ঠোঁট, ভােজন কৰোঁ টিপচী গােট।

(ঞ) ঘাঁহে কাটি নিবলৈ কোৱাত কাউৰীয়ে কমাৰৰ ঘৰ কিয় পালেগৈ ?

উত্তৰঃ ঘাঁহে কাটি নিবলৈ কোৱাত খস্তিৰ প্ৰয়ােজন হল । তেতিয়া খস্তি বিচাৰি কাউৰীয়ে কমাৰৰ ঘৰ পাইছিল।

(ট) কাউৰীৰ পাখিত কেনেদৰে জুই লাগিল? শেষত কাউৰীৰ দশা কি হল ?

উত্তৰঃ কাউৰীয়ে ঘাঁহ কাটিবৰ বাবে খন্তি বিচাৰি কুমাৰৰ ঘৰলৈ গ’ল। কিন্তু কমাৰৰ জুইকুৰা নুমাই যােত কমাৰে কাউৰীক জুই অলপ আনি দিলে খন্তি গঢ়াই দিব বুলি ক’লে। কমাৰৰ কথামতে কাউৰীয়ে সাগৰৰ সিপাৰলৈ জুই বিচাৰি গ’ল। তাত ধান সিজাই থকা বুঢ়ীৰপৰা কাউৰীয়ে অলপ জুই বিচৰাত বুঢ়ীয়ে কাউৰীৰ কথামতে তাৰ ডেউকাত জুইৰ অঙঠা এটা বান্ধি দিলে। কিন্তু জুইৰ অঙঠাৰ টোপােলাটো লৈ সাগৰৰ ওপৰেৰে যােৱাত বতাহ লাগি অঙঠাৰ জুই জ্বলি উঠিল। সেই জুয়ে ডেউকা পুৰিলত ঢোঁৰা কাউৰীটো আকাশৰপৰা সৰি তলৰ পানীত পৰি মৰিল।

(ঠ) টিপচীয়ে কিয় ৰং পালে বাৰু ?

উত্তৰঃ চর্তমতে যিহেতু ঢোঁৰা কাউৰীয়ে টিপচী চৰাইটো খােৱাৰ কথা আছিল, কিন্তু তাক খােৱাৰ আগতেই নিজৰ দুৰ্বুদ্ধিৰ বাবে ঢোঁৰা কাউৰীটো মৰি থকাত টিপচীয়ে মনত বৰ ৰং পালে। কাবণ সি কাউৰীৰ মুখৰ খাদ্য হােৱাৰপৰা ৰক্ষা পৰিল।

(ড) সাধুটোৰ পৰা কি শিকিলা ?

উত্তৰঃ সাধুটোৰ পৰা কেইবাটাও কথা জানিব পাৰি। প্রথম কথাটো হ’ল কাকো কেতিয়াও বিশ্বাসঘাতকতা কৰিব নালাগে। আনৰ অন্যায় কৰিবলৈ গ’লে নিজৰে বিপদ নামি আহে। দ্বিতীয়তে, প্ৰতিটো কথাতে আনৰ ওপৰত নিৰ্ভৰশীল হলেও সময়ত বিপদত পৰিব লগা হয়। তৃতীয়তে হ’ল লােভেই পাপ, পাপেই মৃত্যু। আনহাতে উপস্থিত বুদ্ধিবে যে যিকোনাে বিপদৰপৰা হাত সাৰিব পাৰি, টিপচী চৰাইটোৱে ক খােৱাৰ আগতে ঢোঁৰা কাউৰীটোক সাগৰত মুখ ধুই আহিবলৈ কোৱা কথাটোৰপৰা সেয়া জানিব পাৰি।

২। বুজা আৰু লিখা।

সৰহ – তাকৰ।

পণ্ডিত………………

আদি………………..

টেঙৰ……………….

অনুকূল………………..

দয়ালু……………………

উজনি……………………

ঐক্য…………………….

আস্তিক………………..

ক্ষমা……………………

উত্তৰঃ  সৰহ – তাকৰ।

পণ্ডিত – মূৰ্খ।

আদি – অন্ত।

টেঙৰ – অজলা।

অনুকূল – প্ৰতিকুল।

দয়ালু – নিৰ্দয়।

উজনি – নামনি।

ঐক্য – অনৈক্য।

আস্তিক – নাস্তিক।

ক্ষমা – প্ৰতিশোধ।

৩। কৌনে, কাক কৈছিল লিখা।

(ক) “সখি! মই এতিয়া তােমাক খাব পাওঁ।”

উত্তৰঃ ঢোঁৰা কাউৰীটোৱে টিপচী চৰাইটোক কৈছিল।

(খ) “মােৰ ঘৰত গঢ়া টেকেলি নাই।”

উত্তৰঃ কুমাৰে ঢোঁৰা কাউৰীটোক কৈছিল ।

(গ) “তুমি যদি মােক গাখীৰ খুৱাব পাৰা, তেন্তে মই ম’হ মাৰি দিব। পাৰো।

উত্তৰঃ কুকুৰে ঢোঁৰা কাউৰীক কৈছিল।

৪। তুমি জনা অসমৰ আন চৰাইকেইবিধমানৰ নাম লিখা।

উত্তৰঃ শালিকা, ঘৰচিৰিকা, কপৌ, অটৌ, মইনা, বুলবুলি, হেটুলুকা, মৌ-পিয়া, ফেৎ, দহিকতৰা, কেতেকী, টুনী আদি বিভিন্ন চৰাই অসমত পােৱা যায়।

৫। বুজা আৰু লিখা।

সাগৰ          সমুদ্র              বাৰিধি            জলধি

মেঘ        ………….         ………….          …………..

ৰাতি       ………….          ………….         …………..

দিন         …………..         ………….         …………..

আকাশ     ………….          ………….        …………..

পানী        …………..         ………….        ……………

উত্তৰঃ 

সাগৰ           সমুদ্র            বাৰিধি             জলধি

মেঘ             ডাৱৰ          ………..          …………

ৰাতি            ৰজনী            নিশা             ………..

দিন              দিবা            ………..          ……….

আকাশ          গগণ            …………         ………..

পানী             জল              ………….        ………..

৬। কাহিনীটো মােৰ নিজৰ ভাষাৰে কোৱা।

উত্তৰঃ এটা ঢোঁৰা কাউৰী আৰু টিপচী চৰাই আছিল। এদিন সিহঁত দুয়ে সখি পাতিলে। এদিনাখন সিহঁত দুয়ােহালে দেখিলে যে এজনী বুঢ়ীয়ে ধান সিজাই চোতালত মেলি দিছে। দুয়াে সেই সিজোৱা ধান খােৱাৰ পাং পাতিলে। কিন্তু ঢোঁৰা কাউৰীৰ মনত এটা দুষ্ট বুদ্ধি খেলালে। টিপচী চৰাইটোৰ মঙহ খােৱাৰ পাং পাতি ঢোঁৰা কাউৰীটোৱে তাক ক’লে যে সিহঁত দুটাৰ মাজত যিয়ে বেছি ধান ঠোঁটত আনিব পাৰিব সিয়ে আনটোক খাব পাৰিব। টিপচীয়েও সখিয়েকৰ কথাত সন্মত হল।

প্রথমতে টিপচীয়ে তাৰ এখুদমান ঠোঁটটোৰে থাপ মাৰি ধান আনিলে। তাৰ পাছত ঢোঁৰা কাউৰীয়ে ইমান ধান আনিলে যে সি টিপচীয়ে অনা ধানতকৈ বহুত বেছি। গতিকে আগতে দিয়া কথা অনুসৰি ঢোঁৰা কাউৰীয়ে টিপচীক খাব লাগে, কিন্তু টিপচীয়ে তাক খােৱাৰ আগতে ঠোটটোত বৰ বেয়া গােন্ধোৱা বাবে ঢোঁৰা কাউৰীক সাগৰৰ পানীত মুখখন ধুই আহিহে তাক খাব ক’লে। সখিয়েকৰ কথামতে ঢোঁৰা কাউৰীয়ে সাগৰৰ ওচৰলৈ গৈ পানী খুজিলে। সাগৰে কিবা এটা পাত্র পালেহে পানী দিব পাৰিব বুলি জনালে । তেতিয়া ঢোঁৰা কাউৰীয়ে মাটিৰ পাত্ৰ বিচাৰি কুমাৰৰ ঘৰ পালে। কুমাৰে তাৰ ওচৰত মাটি নথকা বাবে টেকেলি দিব নােৱাৰিব বুলি জনােৱাত এইবাৰ টোৰা কাউৰীয়ে মাটি বিচাৰি গল। মাটিয়ে তাক কিবা উপায়েৰে খান্দি নিব কোৱাত কাউৰীয়ে মাটি খান্দিবৰ বাবে শিং বিচাৰি ম’হৰ ওচৰ পালে। মহেও নিজে শিং দিব নােৱাৰিব বুলি জনােৱাত এইবাৰ কাউৰীয়ে কুকুৰৰ ওচৰ পালে। 

কুকুৰে মহটো মাৰি শিঙটো আনি দিব লাগে বুলি কাউৰীয়ে ক’লে।-কুকুৰে নিজৰ গাত বল কমি যােৱা বাবে গাইৰ গাখীৰ খাই গাত বল বান্ধিহে মহি মাৰিব পাৰিব বুলি ঢোঁৰা কাউৰীক ক’লে। এইবাৰ ভেঁৰা কাউৰী গাখীৰ বিচাৰি গাই-গৰুৰ ওচৰ পালে। গাই গৰুৱে বুঢ়ী হােৱাৰ বাবে গাখীৰ দিব নােৱাৰে আৰু যদিহে ঢোঁৰা কাউৰীয়ে এসােপামান ঘাঁহ আনি দিব পাৰে, তেন্তে যিমান লাগে সিমান গাখীৰ দিব বুলি জনাই দিলে। গাইৰ কথা মতে ঢোঁৰা কাউৰী এইবাৰ ঘাঁহৰ ওচৰলৈ গ’ল। ঘাঁহে তাক কাটি নিবলৈ কোৱাত খুন্তি বিচাৰি ঢোঁৰা কাউৰী এইবাৰ কমাৰৰ ঘৰ পালে। কমাৰে নিজৰ জুইকুৰা নুমাই যােৱা বাবে ঢোঁৰা কাউৰীক অলপ জুই আনি দিলেহে খন্তি গঢ়াই দিব পাৰিব বুলি জনাই দিলে। এইবাৰ কমাৰৰ কথা শুনি কাউৰীয়ে জুই ক’ৰবাত পাই নেকি বিচাৰ কৰিলে। সি দেখিলে যে সাগৰৰ সিপাৰে এঠাইত জুইৰ ধোঁৱা ওলাইছে। সি দেখিলে যে এজনী বুঢ়ীয়ে ধান সিজাই আছে। বুঢ়ীৰ ওচৰলৈ গৈ জুই বিচৰাত ঢোঁৰা কাউৰীৰ কথামতে বুঢ়ীয়ে জুইৰ অঙঠা কেইটামান কাপােৰৰ টোপােলাত ডেউকাত বান্ধি দিলে। জুইৰ অওঠা লৈ সাগৰৰ ওপৰেৰে উৰি অহাত বতাহ লাগি অঙঠাৰ জুই জ্বলি উঠিল। সেই জুয়ে ডেউকা পােৰাত আকাশৰপৰা সৰি কাউৰীটো সাগৰৰ পানীত পৰি মৰিল। টেৰাি কাউৰীৰ এই গােটেই কাণ্ড-কাৰখানাবােৰ ইমান পৰে মনে মনে টিপচীয়ে চাই আছিল। ঢোঁৰা কাউৰী মৰাত সি নিশ্চিত বিপদৰ পৰা ৰক্ষা পােৱাৰ বাবে মনত বৰ ৰং পালে।

পাঠভিত্তিক ব্যাকৰণৰ আলােচনা

১। নির্দেশাত্মক প্রত্যয় বুলিলে কি বুজা ? উদাহৰণসহ বুজাই লিখা।

উত্তৰঃ অসমীয়া ভাষাত কোনাে বস্তু বা পদাৰ্থৰ আকৃতি বা পৰিমাণ নির্দিষ্টকৈ দেখুৱাই দিবৰ কাৰণে বিশেষ্য বা সংখ্যাবাচক বিশেষণ, সর্বনাম আদি পদৰ পিছত কিছুমান প্রত্যয় যােগ কৰা হয়। এই প্রত্যয়বােৰকে নির্দেশাত্মক প্রত্যয় বােলে। যেনে- টো, কুৰা, জনী ইত্যাদি। শব্দত ব্যৱহাৰ এনেদৰে হয়- কাউৰীটো, জুইকুৰা, ছােৱালীজনী ইত্যাদি।

২। ক-অংশৰ শব্দৰ মতে খ-অংশৰ নিৰ্দেশাত্মক প্রত্যয় লগলগাই লিখা।

‘ক’ অংশ‘খ’ অংশ
চুলি, মাটি, ধাননিচটা, উৰা, বৃন্দ।
শিক্ষক, তিৰােতাচপৰা, জনী।
শলিতা, কাঠগছি, টাৰি।

উত্তৰঃ চুলিটাৰি, মাটিচপৰা, ধাননিডৰা, শিক্ষকবৃন্দ, তিৰােতাজনী, শলিতাগছি, কাঠচটা।

৩। লিংগ কি ? ই কেইবিধ আৰু কি কি। উদাহৰণ দি বুজাই লিখা।

উত্তৰঃ যিবিলাক শব্দৰ দ্বাৰা স্ত্রীপুৰুষৰ ভেদ বুজা যায়, তাক লিঙ্গ বােলে। লিংগ চাৰিবিধ-

(ক) পুংলিঙ্গ :- মতা বুজোৱা শব্দক পুংলিঙ্গ বােলা হয়। যেনে- পিতা, 

ল’ৰা, ভিনদেউ, দমৰা আদি।

(খ) স্ত্রীলিঙ্গ :- মাইকী বুজোৱা শব্দক স্ত্রীলিঙ্গ বােলা হয়। যেনে- আইতা, তিৰােতা, ছােৱালী, বাইদেউ, চেউৰী আদি।

(গ) উভয় লিঙ্গ :- মতা-মাইকী উভয়কে বুজোৱা শব্দক উভয় লিঙ্গ বােলা হয়। যেনে- মানুহ, গৰু, ছাগলী, কুকুৰ ইত্যাদি।

(ঘ) ক্লীবলিঙ্গ :- স্ত্রী-পুরুষ ভেদ কৰিব নােৱাৰা শব্দক ক্লীবলিঙ্গ বােলা হয়। যেনে– কিতাপ, টেবুল, গাখীৰ, ঘৰ, নাও ইত্যাদি।

৪। অসমীয়া ভাষাত কিদৰে পুংলিঙ্গ আৰু স্ত্রীলঙ্গ ভাগ কৰি দেখুওৱা হয় উদাহৰণসহ আলােচনা কৰা।

উত্তৰঃ অসমীয়া ভাষাত বিভিন্ন ধৰণে পুংলিঙ্গ, স্ত্রীলিঙ্গ ভাগ কৰি দেখুওৱা হয়। যেনে-

১। মতা-মাইকী বুজোৱা ভিন্ন শব্দ ব্যৱহাৰ কৰি-

যেনে- লৰা – ছােৱালী।

শৰ – ভেলেঙী।

বোন্দা – জাঁই।

দতাল – মাখুন্দী।

২। স্ত্রী-প্রত্যয় ব্যৱহাৰ কৰি-

মূল শব্দৰ পিছত কিছুমান চিন যােগ হৈ মূল শব্দৰ অৰ্থৰ পৰিৱৰ্তন কৰে। সেইবােৰকে প্রত্যয় বুলি কোৱা হয়। স্ত্রীলিঙ্গ সাধিৰ কাৰণে কিছুমান প্রত্যয় যােগ কৰা হয়। সেইবােৰেই হ’ল স্ত্রীপ্রত্যয়। যেনে-

(ক) -নী/ -অনী/ -উনী/ -ইনী প্রত্যয় ব্যৱহাৰ কৰি-

ফুকন – ফুকননী, চোৰ-চুৰণী, বাঘ-বাঘিণী ইত্যাদি।

(খ) -ৰী/ -উৰী/ প্রত্যয় ব্যৱহাৰ কৰি-

কলা-কালৰী, ডেকা-ডেকেৰী।

(গ) -ঈ প্রত্যয় ব্যৱহাৰ কৰি-

বান্দৰ-বান্দৰী, অজলা-আজলী।

(ঘ) -অঁতী প্রত্যয় ব্যৱহাৰ কৰি-

কৰোঁতা-কৰতী, পঢ়োঁতা-পঢ়তী।

৩। অসমীয়া ভাষাত ‘ই’ কাৰ আৰু ‘ঈ’ কাৰৰ পার্থক্য দেখুৱাই লিঙ্গ ভেদ কৰা হয়। যেনে-ৰান্ধনি-ৰান্ধনী, দাৱনি-দাৱনী, ৰােৱনি-ৰােৱনী ইত্যাদি।

অতিৰিক্ত পাঠভিত্তিক প্রশ্নোত্তৰ

১। গাঁইগৰজনীয়ে ঢোঁৰা কাউৰীক কিয় গাখীৰ দিব নােৱাৰিব বুলি জনাইছিল ?

উত্তৰঃ গাই গৰুজনী বুঢ়ী হােৱা বাবে কাউৰীক গাখীৰ দিব নােৱাৰিব বুলি জনাইছিল ।

২। কমাৰে কাউৰীক কি বুলি মাতিছিল ?

উত্তৰঃ সােণাই বুলি মাতিছিল।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top