Assam Jatiya Bidyalay Class 6 Assamese Chapter 7 মঙলতিৰ মঙল

Assam Jatiya Bidyalay Class 6 Assamese Chapter 7 মঙলতিৰ মঙল, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় অসমীয়া Class 6 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 7 মঙলতিৰ মঙল Class 6 Assamese Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 6 Assamese Chapter 7 মঙলতিৰ মঙল Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 6 Assamese Chapter 7 মঙলতিৰ মঙল provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

মঙলতিৰ মঙল

Chapter – 7

অসম জাতীয় বিদ্যালয়

পাঠভিত্তিক ক্রিয়াকলাপৰ প্রশ্নোত্তৰ

১। প্রথমে কোঁৱা, তাৰ পাছত লিখা।

(ক) ভাত-পানী নহ’লেও বুঢ়াক কি লাগিছিল ?

উত্তৰঃ ভাত-পানী নহ’লেও বুঢ়াক সদায় জুইকুৰা লাগিছিল।

(খ) জুই ধৰা দেখি বুঢ়াক কোনে হুই মাৰি ধৰেহি ?

উত্তৰঃ জুই ধৰা দেখি বুঢ়াক নাতি-নাতিনীয়েক সােপাই হুই মাৰি ধৰেহি।

(গ) বুঢ়াই কিয় মঙলতিৰ কাষ চাপিছিল ?

উত্তৰঃ বুঢ়াই নিজে পুৱাও বুলি ধৰা জুইকুৰাত নাতি-পুতিসকলেহে জুমুৰি দি ধৰে। উপায় নাপাই বঢ়াই জুইৰ কাষৰপৰা উঠি ঘৰৰ চুকত ঠাণ্ডাত ঠেৰেঙা লাগি থাকিব লগা হয়। এই কথাটোৰপৰা পৰিত্ৰাণ পােৱাৰ উদ্দেশ্যে বুঢ়াই মঙলতিৰ কাষ চাপিছিল।

(ঘ) মঙলতিয়ে বুঢ়াক কি বুলি বুদ্ধি দিছিল ?

উত্তৰঃ মঙলতিয়ে বুঢ়াক জুইকুৰাত সৰহাই খৰি দিবলৈ কৈছিল।

(ঙ) বুঢ়াই মঙলতিৰ দৰে শিয়ান পৃথিৱীত নােলাব বুলি কিয় ভাবিছিল ?

উত্তৰঃ যিটো কাম বুঢ়াই নিজে বহু চেষ্টা কৰিও পৰা নাছিল, একমাত্র মঙলতিৰ এটা বুদ্ধিতে সফল হৈছিল। সেইবাবে মঙলতিৰ দৰে শিয়ান পৃথিৱীত নােলাব বুলি ভাবিছিল।

২। উদাহৰণটো চাই বাকীকেইটা কৰা ?

উদাহৰণ- জুই – অগ্নি।

পানী…….…..

টোপনি……………

মাটি…………….

হাঁহি…………….

পৃথিৱী………….

উত্তৰঃ জুই – অগ্নি।

পানী – জল।

টোপনি – নিদ্রা।

মাটি – ভূমি।

হাঁহি – ফুর্তি। 

পৃথিৱী – ধৰণী।

৩। কবিতাটোত মেজিত খৰি জপাৰ কথা আছে। মেজি কেতিয়া জাপে আৰু কেনেকৈ জাপে ?

উত্তৰঃ আমাৰ জাতীয় উৎসৱ বিহু তিনিটাৰ অন্যতম মাঘ বিহু বা ভােগালী বিহুত মেজি সজা হয়। এই মেজিটোত মাটিৰ তলৰপৰা বহলভাৱে খৰি জাপি ওপৰলৈ ক্রমান্বয়ে শংকু আকৃতিত খৰি জপা হয়। কোনাে কোনাে ঠাইত খৰি জপাৰ সলনি ধানৰ নৰা বা কলৰ চোঁচনি আদিও জপা হয়।

৪। বিপৰীত লিংগ বুজোৱা শব্দ লিখা।

ককা, বুঢ়া, নাতি, ৰজা, বৰুৱা, বােন্দা

উত্তৰঃ 

শব্দ বিপৰীত লিংগ বুজোৱা শব্দ
ককাআইতা।
বুঢ়াবুঢ়ী।
নাতিনাতিনী।
ৰজাৰাণী।
বৰুৱাবৰুৱানী।
বান্দাজাই।

৫। খালী ঠাই পূৰ কৰা।

(ক) ……………………দেখে…………………..

নাতিপুতি ……………………….. বহে

ধৰেহি …….………………….. হুই।

উত্তৰঃ (ক) যেই দেখে জুই

নাতি পুতি সােপাই বহে

ধৰেহি মাৰি হুই।

(খ) “আহহঁক ……………………… আহ।”

জুই দেখি নাতিহঁতৰ

………………….…. লুকাল………………….।।

ককা ঔ …………………… তাপ !

পুৱাব নােৱাৰি………………………..

………………………. মাৰিলে জাঁপা।।

উত্তৰঃ “আহহঁক আহ।”

জুই দেখি নাতিহঁতৰ

পেটতে লুকাল সাহ

‘ককা ঔ ইমান তাপ !

পুৱাব নােৱাৰি চেৰচেৰাই

ছিটিকি মাৰিলে জাঁপ ।।

৬। কোনবােৰ দিনত জুই পুৱায় ? তােমালােকে কোনােবাই জুই পুৱাই পাইছানে ? জুই পুৱাই হােৱা এটি অভিজ্ঞতাৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ সাধাৰণতে জাৰৰ দিনত আৰু কেতিয়াবা কেবাদিনাে একেৰাহে বৰষুণ দি থকা বাৰিষাৰ দিনত ঠাণ্ডাৰপৰা ৰক্ষা পাবলৈ মানুহে জুই পুৱায়।

আমি সাধাৰণতে তেনেকৈ জুই নুপুৱাও যদিওঁ কেতিয়াবা পঢ়া-শুনা শেষ কৰি উঠি ককা-আইতাহঁতৰ জুই পুৱাই থকা ঠাইত কিছু সময় বহাে। তাৰােপৰি প্রতিবছৰে ভােগালী বিহুত মেজিৰ জুই পুৱাও |

এবাৰ আমাৰ ককাই জুই পুৱাই থাকোতে টোপনি আহােতে ককাই পঢ়ি থকা কাকত এখন জুইত জাহ গৈছিল।

৭। জুই জলাবলৈ খৰি লাগে। খৰি ক’ৰ পৰা, কেনেকৈ সংগ্রহ কৰা হয় লিখা।

উত্তৰঃ জুই জ্বলাবলৈ ব্যৱহাৰ কৰা খৰি সাধাৰণতে হাবিৰ গছ-গছনিৰ শুকান ঠাল-ঠেঙুলি, গছৰ শুকান মুঢ়া আদি ফালি আৰু ভগা জেওৰাৰ বাঁহ আদিৰ পৰা সংগ্ৰহ কৰা হয়।

পাঠভিত্তিক ব্যাকৰণৰ আলােচনা

১। সন্ধি বুলিলে কি বুজা ? সন্ধি কেই প্ৰকাৰৰ ? উদাহৰণসহ বুজাই লিখা।

উত্তৰঃ দুটা শব্দৰ প্ৰথম শব্দৰ শেষ বর্ণ আৰু দ্বিতীয় শব্দৰ আদি বৰ্ণৰ মিলনেই হ’ল সন্ধি।

সন্ধি হােৱাৰ ধৰণ অনুসৰি সন্ধিক তিনিভাগত ভগাব পাৰি।

(ক) স্বৰ সন্ধি।

(খ) ব্যঞ্জন সন্ধি।আৰু 

(গ) বিসর্গ সন্ধি।

(ক) স্বৰ সন্ধি :- স্বৰবৰ্ণৰ লগত স্বৰবৰ্ণৰ মিলন হলে তাক স্বৰসন্ধি বােলা হয়। যেনে- হিম (অ) + অচল = হিমাচল, বিদ্যা (আ) + আলয় = বিদ্যালয় ।

(খ) ব্যঞ্জন সন্ধি :- স্বৰবৰ্ণৰ লগত ব্যঞ্জন বর্ণ বা ব্যঞ্জন বর্ণৰ লগত ব্যঞ্জন বৰ্ণৰ মিলন হলে তাক ব্যঞ্জন সন্ধি বােলা হয়। যেনে- উৎ + চাৰণ = উচ্চাৰণ, সম্ + গীত = সংগীত।

(গ) বিসর্গ সন্ধি :- বিসৰ্গৰ লগত স্বৰবৰ্ণৰ বা ব্যঞ্জনবৰ্গৰ মিলন হলে বিসর্গ সন্ধি বােলা হয়। যেনে- পৰি + কাৰ = পৰিস্কাৰ, নিঃ + চয় = নিশ্চয়।

অতিৰিক্ত পাঠভিত্তিক প্রশ্নোত্তৰ

১। ঘৰৰ আটায়ে জুই পুৱাই থকা সময়ত বুঢ়াই ক’ত শুই থাকে ?

উত্তৰঃ ঘৰৰ আটায়ে জুই পুৱাই থকা সময়ত বুঢ়াই ঘৰৰ চুকত ঠেৰেঙা লাগি শুই থাকে।

২। মঙলতিয়ে কত কড়ি মাৰি মঙল চাইছিল ?

উত্তৰঃ মঙলতিয়ে মাটিত কড়ি মাৰি মঙল চাইছিল।

৩। বুঢ়াই জুইত খৰি কিদৰে জাপিছিল ?

উত্তৰঃ বুঢ়াই জুইত মেজিৰ নিচিনাকৈ খৰি জাপিছিল।

৪। নাতিয়েকহঁতে জুই পুৱাব এৰি কিয় পলাই ফাট মেলিছিল ?

উত্তৰঃ জুইৰ প্ৰৱল উত্তাপ সহ্য কৰিব নােৱাৰি নাতিয়েকহঁতে জুই পুৱাব এৰি পলাই ফাট মেলিছিল।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top