Assam Jatiya Bidyalay Class 6 Assamese Chapter 4 ভোলাৰ ভ্ৰমণ

Assam Jatiya Bidyalay Class 6 Assamese Chapter 4 ভোলাৰ ভ্ৰমণ, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় অসমীয়া Class 6 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 4 ভোলাৰ ভ্ৰমণ Class 6 Assamese Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 6 Assamese Chapter 4 ভোলাৰ ভ্ৰমণ Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 6 Assamese Chapter 4 ভোলাৰ ভ্ৰমণ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

ভোলাৰ ভ্ৰমণ

Chapter – 4

অসম জাতীয় বিদ্যালয়

পাঠভিত্তিক ক্রিয়াকলাপৰ প্রশ্নোত্তৰ

১। ‘ভােলাৰ অর্থ’ কবিতাটোৰ কৰি পৰিচয় দিয়া।

উত্তৰঃ ‘ভােলাৰ ভ্ৰমণ’ কবিতাটোৰ কবি হ’ল ভবেন কুমাৰ বৰা। বৰাদেৱৰ জন্ম হয় ১৯৬০ চনৰ ৩১ জানুৱাৰীত যােৰহাট জিলাৰ ঐতিহ্যমণ্ডিত ঢেকীয়াখােৱা নামঘৰৰ সমীপত। ঢেকীয়াখােৱা চাওখাট মধ্য অসমীয়া বিদ্যালয়ত প্রাথমিক শিক্ষা আৰম্ভ কৰা ভবেন কুমাৰ বৰাই জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰপৰা প্ৰাক-স্নাতক, যােৰহাট অভিযান্ত্রিক মহাবিদ্যালয়ৰপৰা স্নাতক আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা এম, বি, এ পাঠ্যক্রম সমাপ্ত কৰে। পিছত অসম ৰাজ্যিক বিদ্যুৎ পৰিষদত অভিযন্তা হিচাপে যােগদান কৰে। অসম জাতীয় বিদ্যালয়ৰ প্রতিষ্ঠাত অন্যতম ভূমিকা লােৱা বৰদেৱে অসম জাতীয় বিদ্যালয়ৰ পাঠ্যপুথি প্রস্তুতিৰ ক্ষেত্ৰতে জড়িত আছিল। বৰাদেৱে অসমৰ বিভিন্ন কাকত-আলােচনীত শিশু উপযােগী ৰচনা, কবিতা, প্রবন্ধ আদি ৰচনা কৰিছিল। ২০০৪ চনৰ ৫ অক্টোৱৰত ভবেন কুমাৰ বৰাদেৱৰ মৃত্যু হয়। তেখেতৰ মৃত্যুৰ পাছত কাকত-আলােচনীত প্রকাশিত সকলাে ৰচনা একেলগ কৰি ‘ফচল’ নামেৰে এখন ৰচনা সম্ভাৰ প্ৰকাশ কৰা হৈছে।

১। কবিতাটো পঢ়ি তােমাৰ কথাৰে কাহিনীৰ ৰূপ দিয়া।

উত্তৰঃ আদ বয়সতে দাঁত সৰি লাপুং সােলা হােৱা ভােলা একেবাৰে হােজা স্বভাৱৰ। এদিনাখন ভােলাই ভাবিলে যে কিমাননাে আৰু ঘৰতে সােমাই থাকিম ; দেশ ভ্রমণকে কৰো। এইবুলি তেওঁ দেশ ভ্রমণলৈ ওলাই গ’ল। ভােলাৰ মন আছিল উৰাজাহাজত যােৱাৰ। কিন্তু বৰ বেয়া বাবে সিদিনাখন উৰাজাহাজ নাছিল । ভােলাই ভাবিছিল আকাশেদি উৰাজাহাজ গলে হাত দাঙি ৰখাব আৰু তাত উঠি বিদেশলৈ যাব। পিছে বেয়া বতৰৰ বাবে ভােলাৰ সপােন ভঙ্গ হােৱাত নিজৰ কপালকে দৃষিলে। এইবাৰ ভােলাই ৰেলেৰে যাও বুলি ৰে’লৰ আলি উঠিলগৈ আৰু হাত দাঙি ৰেলবােৰ ৰখাবৰ চেষ্টা কৰিলে। হাত দাঙি দাঙি ভােলাৰ ভাগৰ লাগিল। কোনো এখন ৰে’লেই নৰ’লে। ৰেলত যােৱাৰ আশা বাদ দি ভােলাই নতুন বুদ্ধি এটি পাঙিলে। চিঠিবােৰ ডাক টিকট লগালে যেনেদৰে যায় তেনেদৰে যাম বুলি ভােলাইও ছকুৰি টকাৰ টিকট কিনি কপালত লগাই ল’লে আৰু গুণ-গুণাই গান গাই ৰংমেনেৰে দেশ ভ্রমণলৈ গৈ থাকিল। এনেদৰে কুৰিদিন মান যোৱাৰ পিছত ভােলাৰ লগত থকা টকা-পইচা সকলাে শেষ হল। ইফালে পেটৰ ভোকত ভােলাৰ জীউ উৰি যাও উৰি যাও যেন হ’ল। দেশ ভ্রমণ তাতেই সামৰি ভােলাই পুনৰ ঘৰলৈ ঘূৰি আহিল।

২। তলৰ প্রশ্নবােৰৰ উত্তৰ লিখা।

(ক) ভােলা স্বভাৱত কেনেকুৱা ?

উত্তৰঃ ভােলা স্বভাৱত হােলাৰ ভাই মােলা।

(খ) আদ বয়সত ভােলাৰ কি হল ?

উত্তৰঃ আদ বয়সত দাঁত সৰি ভােলা লাপুং সােলা হ’ল।

(গ) এদিনখন ভােলাই কি বুলি কৈ ওলাই গৈছিল ?

উত্তৰঃ নিজকে বৰমতা বােলাই ভােলাই এদিনাখন দেশ ভ্রমণ কৰাে বুলি ওলাই গৈছিল।

(ঘ) ভােলাৰ কেনেদৰে যাবৰ মন আছিল ?

উত্তৰঃ হাত দাঙি ৰখাই লৈ উৰাজাহাজত যাবৰ বাবে ভােলাৰ মন আছিল।

(ঙ) ভােলাই মনত দুখ পাই কাক দূষিলে ?

উত্তৰঃ বেয়া বতৰৰ বাৰে উৰাজাহাজত যাবলৈ নাপাই ভােলাই মনত দুখ পাই নিজৰ কপালকে দুষিলে।

(চ) ভােলাই কেনেকৈ দেশদুনিয়া চাব বুলি ভাবিলে ?

উত্তৰঃ ৰেলৰ আলিত হাত-দাঙি ৰে’ল ৰখাই ৰে’লত উঠি দেশ-দুনিয়া চাম বুলি ভােলাই ভাবিলে।

(ছ) ভােলাই ৰেলক কিয় বদমাচ বুলি ক’লে ?

উত্তৰঃ হাত দাঙি থকা সত্বেও ইখনৰ পিছত সিখন ৰেল ফোঁ-ফোঁৱাই গুচি যােৱা বাবে ভােলাই ৰে’লক বদমাচ বুলি কৈছে।

(জ) হাত দাঙি ভাগৰ লগাত ভােলাই কি নতুন বুধি পাঙিলে ?

উত্তৰঃ চিঠিবােৰ ডাক-ঘৰত টিকট লগালে যিদৰে যায়,তেনেদৰে যােৱাৰ বাবে ভােলাই নতুন বুধি পাঙিলে।

(ঝ) নতুন বুধি মতে ভােলাই কি কৰিলে ?

উত্তৰঃ নতুন বুধি মতে ভােলাই ছকুৰি টকাৰ ডাক-টিকট কিনি আনি কপালত লগাই ল’লে আৰু দেশ ভ্রমণলৈ গ’ল।

(ঞ) শেষত ভােলাৰ কেনে দশা হল ?

উত্তৰঃ কুৰি দিনমান ভ্ৰমণত যােৱাৰ পিছত ভােলাৰ লগত থকা সকলো টকা-পইচা শেষ হ’ল। ইফালে পেটৰ ভোকত ৰ’ব নােৱাৰি ভােলাই পুনৰ ঘৰলৈ ঘূৰি আহিল।

৪। বাক্য ৰচনা কৰা।

হােলাৰ ভাই মােলা, দেশ-দুনিয়া, ফোঁ-ফোঁৱাই।

উত্তৰঃ হােলাৰ ভাই মােলা (একেবাৰে সহজ-সৰল স্বভাৱৰ)- আমাৰ গাওঁবুঢ়া ৰহিম কাকা হােলাৰ ভাই মােলা স্বভাৱৰ।

দেশ-দুনিয়া (দেশ বিদেশ)- দেশ-দুনিয়া ভ্রমি শেষ কৰিলেও নিজৰ আপােন ঠাইখনৰ নিচিনা একো হ’ব নােৱাৰে।

ফোঁ-ফোঁৱাই (বৰ বেগাই)- ৰে’লবােৰ ফোঁ-ফোঁৱাই গুচি যায়।

৫। বুজা আৰু লিখা।

দেশ – দেশী

বিদেশ –

স্বদেশ –

সুখ –

দুখ –

উত্তৰঃ দেশ – দেশী।

বিদেশ – বিদেশী।

স্বদেশ – স্বদেশী।

সুখ – সুখী।

দুখ – দুখী।

৩। তােমাৰ মনত থকা ভ্রমণ কাহিনী এটাৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ এবাৰ আমাৰ বিদ্যালয়ৰপৰা অসমৰ ৰাজধানী গুৱাহাটী মহানগৰলৈ শিক্ষামূলক ভ্ৰমণৰ বাবে যােৱা হৈছিল। সিদিনা আছিল শনিবাৰ। আমি সিদিনা ৰাতপুৱা ৭ বজাতে বিদ্যালয়ত উপস্থিত হৈছিলাে। সেইদৰে আমাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলাে আহি উপস্থিত হৈছিল। অসম ৰাজ্যিক পৰিবহন নিগমৰ এখন ডাঙৰ বাছ ভ্রমণৰ বাবে সাজু কৰা হৈছিল। আমি প্রায় ৭:৪৫ বজাত যাত্রা আৰম্ভ কৰিছিলাে। আমি প্রায় ১০.৩০ বজাত গুৱাহাটী পাইছিল। জালুকবাৰীত নামি আমি প্রথমে হােটেল এখনত চাহ-জলপান খাইছিলাে। তাৰকাগৃহত প্ৰৱেশ কৰি আধাঘণ্টাৰ এটা দর্শনী উপভােগ কৰিলাে। পৰিষ্কাৰ আকাশত জোন-তৰাৰ খেলা দেখি নিজকে ধন্য মানিছিলাে। ইয়াৰ পিছত আমি আহিলো অসম ৰাজ্যিক চিৰিয়াখানাৰ ভিতৰত। 

চাৰ-বাইদেউহঁতৰ নিদের্শমতে আমি শাৰী শাৰীকৈ থিয় হৈ ভিতৰত প্ৰৱেশ কৰিছিলাে। ইমান দিনে ছবিত দেখি অহা বিভিন্ন জীৱ-জন্তুক জীৱন্ত ৰূপত দেখি আমাৰ মনবােৰ আনন্দত নাচি উঠিছিল। দিনৰ প্রায় দুই মান বজাত আমি উপস্থিত হৈছিলাে খানাপাৰাত থকা আঞ্চলিক বিজ্ঞান কেন্দ্রৰ চৌহদত। ইয়াত বিজ্ঞানৰ বিভিন্ন কৌশলবােৰ আমি সচক্ষে দেখি তবধ মানিছিলাে। কেন্দ্ৰটোৰ বিষয়া এজনে সকলােবােৰ বস্তু আমাক ব্যাখ্যা কৰি বুজাই দিছিল। ইয়াৰপৰা আমি পােনে পােনে বশিষ্ঠ মন্দিৰত উপস্থিত হৈছিলো। ইয়াৰ আগতে আমাৰ লগত যােৱা মানুহ দুজনমানে মন্দিৰৰপৰা নাতিদূৰৈত আমাৰ দলটিৰ বাবে ৰন্ধা-বঢ়াৰ যােগাৰ কৰি আছিল। আমি গৈ পােৱা মাত্রকে পাহাৰীয়া জুৰিৰ পানীত মুখ-হাত ধুইছিলাে। ইয়াৰ পিছত আমি কেইজনমান ছাত্র-ছাত্রী আৰু চাৰ-বাইদেৱে মন্দিৰৰ ভিতৰত সােমাই ভগৱানক পূজা-অর্চনা দিছিলাে। মন্দিৰৰ পূজাৰীজনে আমাক বশিষ্ঠ মন্দিৰৰ ঐতিহ্য তথা প্রবাদসমূহ সুন্দৰকৈ বুজাই দিছিল। মন্দিৰ চৌহদত মনােৰম প্রাকৃতিক দৃশ্যত আমি ফটো উঠিছিলাে। তাৰ পিছত আমি আটায়ে ভাত খালাে। প্রায় ৫ মান বজাত আমি পুনৰ বিদ্যালয়লৈ ওভতনি যাত্ৰা আৰম্ভ কৰিছিলাে। সন্ধিায় প্রায় ৭ মান বজাত আমি পুনৰ বিদ্যালয়ত উপস্থিত হৈছিলাে। এই দিনটোৰ কথা মােৰ সদায়ে স্মৰণীয় হৈ ৰ’ব।

পাঠভিত্তিক ব্যাকৰণৰ আলােচনা

১। কাল কাক বােলে ? কাল প্রধানত কেইবিধ আৰু কি কি ?

উত্তৰঃ ক্রিয়াৰ সময়কে কাল বােলে।কাল প্রধানত তিনিবিধ-

(ক) বর্তমান কাল।

(খ) অতীত কাল।আৰু 

(গ) ভৱিষ্যত কাল।

২। বর্তমান কাল কাক বােলে ? ই কেই প্ৰকাৰৰ আৰু কি কি ? উদাহৰণসহ বুজাই লিখা।

উত্তৰঃ কোনাে এটা কাম সদায় হােৱা বা বর্তমান হোরা বুজালে তাক বর্তমান কাল বােলে। যেনে- মই কিতাপ পঢ়িছাে। বর্তমান কাল দুবিধ-

(ক) নিত্য বর্তমান।আৰু 

(খ) বৰূপ বর্তমান।

(ক) নিত্য বর্তমান :- সদায় কোনাে কার্য হােৱা বুজালে তাক নিত্য বর্তমান বােলে। যেনে- মই পঢো, সূর্য পূৱফালে উদয় হয়।

(খ) স্বৰূপ বর্তমান :- বর্তমান সময়ত কোনাে কাম চলি থকা বুজালে তাক স্বৰূপ বর্তমান বােলে। যেনে- বৰষুণ দি আছে, মই কাম কৰিছাে ইত্যাদি।

৩। অতীত কাল কাক বােলে ? ই কেই প্ৰকাৰৰ আৰু কি কি ? উদাহৰণসহ বুজাই লিখা।

উত্তৰঃ অতীতত কোনাে কার্য সম্পাদনা হােৱা বুজালে তাক অতীত কাল বা ভূত কাল বােলে ।অতীত কাল তিনিটা ভাগত ভগাব পাৰি—

(ক) স্বৰূপ ভূত কাল। 

(খ) অপূর্ণ ভুতকাল।আৰু 

(গ) সম্ভাব্য ভূত কাল।

(ক) স্বৰূপ ভূতকাল :- কোনো এটা কাম অলপ আগতে শেষ হােৱা বুজালে তাক স্বৰূপ ভূতকাল বােলে। যেনে – মই পঢ়িলাে, মই গান গালাে ইত্যাদি।

(খ) অপূর্ণ ভূত কাল :- অতীতত কোনাে এটা কাম হৈছিল বুজালে তাক অপূর্ণ ভূর্তকাল বােলে। যেনে- মই আগতে গাঁৱৰ স্কুলতে পঢ়িছিলাে। মই ৰূপহঁতৰ ঘৰলৈ যােৱা মাহত গৈছিলাে।

(গ) সম্ভাব্য ভূত কাল :- অতীতত কোনাে এটা কাম হােৱাৰ সম্ভাৱনা আছিল। কিন্তু কামটো হােৱাৰ আগতে আন এটা কাম সম্পন্ন হ’ল। এনে অর্থ প্ৰকাশ কৰিলে তাক সম্ভাব্য ভূতকাল বােলে। যেনে তুমি নহা হলে ময়েই গ’লােহেতেন। সি নহা হ’লে মই পঢ়িলােহেতেন।

৪। ভৱিষ্যত কাল বুলিলে কি বুজা ?

উত্তৰঃ কোনাে কাম ভৱিষ্যতে কৰা হ’ব বুজালে তাক ভৱিষ্যত কাল বােলে। যেনে- মই কামটো কৰিম, মই পঢ়িম, দেউতা অহাকালি গােলাঘাটলৈ যাব।

অতিৰিক্ত পাঠভিত্তিক প্রশ্নোত্তৰ

১। ভােলাই নিজকে আনৰ আগত কেনে দেখুৱাইছিল ?

উত্তৰঃ ভােলাই নিজকে আনৰ আগত বৰ মতাটো বােলাইছিল।

২। কিহৰ জোলােঙা কোনােদিনে খালী নহয় বুলি কবিয়ে কৈছে ?

উত্তৰঃ বুদ্ধিৰ জোলােঙা কোনােদিনে খালী নহয় বুলি কবিয়ে কৈছে।

৩। ‘লাট চাহাবৰ বৰটেকেলা’ কোন ?

উত্তৰঃ ৰে’লবােৰ লাট চাহাবৰ বৰটেকেলা।

৪। চিঠিবােৰ কিদৰে এঠাইৰ পৰা আন ঠাইলৈ যায় ?

উত্তৰঃ টিকট লগাই চিঠিবােৰ ডাকঘৰত জমা দিলে এঠাইৰ পৰা আন ঠাইলৈ যায়।

৫। ভােলাই কিমান টকাৰ ডাক-টিকট কিনি কপালত লগাই লৈছিল ?

উত্তৰঃ ভােলাই ছকুৰি টকাৰ ডাক-টিকট কিনি কপালত লগাই লৈছিল।

৬। ভােলাই কিমান দিন ভ্ৰমণ কৰিছিল ?

উত্তৰঃ ভোলাই কুৰি (বিশ) দিনমান ভ্রমণ কৰিছিল।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top