Assam Jatiya Bidyalay Class 6 Assamese Chapter 3 মহৰ্ষি টলষ্টয়

Assam Jatiya Bidyalay Class 6 Assamese Chapter 3 মহৰ্ষি টলষ্টয়, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় অসমীয়া Class 6 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 3 মহৰ্ষি টলষ্টয় Class 6 Assamese Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 6 Assamese Chapter 3 মহৰ্ষি টলষ্টয় Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 6 Assamese Chapter 3 মহৰ্ষি টলষ্টয় provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

মহৰ্ষি টলষ্টয়

Chapter – 3

অসম জাতীয় বিদ্যালয়

পাঠভিত্তিক ক্রিয়াকলাপৰ প্রশ্নোত্তৰ

১। একোটিকৈ বাক্যত উত্তৰ লিখা।

(ক) টলষ্টয়ৰ সম্পূর্ণ নাম কি ?

উত্তৰঃ টলষ্টয়ৰ সম্পূর্ণ নাম হ’ল- কাউন্ট নিকোলেভিচ টলষ্টয়।

(খ) কাৰ তত্ত্বাৱধানত থাকি টলষ্টয় ডাঙৰ-দীঘল হৈছিল ?

উত্তৰঃ তাতিয়ানা নামৰ মৰমিয়াল খুৰীয়েক এগৰাকীৰ তত্ত্বাৱধানত থাকি টলষ্টয় ডাঙৰ-দীঘল হৈছিল।

(গ) টলষ্টয়ে কোন দেশত জন্মগ্রহণ কৰিছিল ?

উত্তৰঃ ৰুচদেশৰ তুলা প্রদেশৰ ভিতৰুৱা য়াচনায়া পােলিয়ানা নামৰ এখন ঠাইত টলষ্টয় জন্ম গ্রহণ কৰিছিল।

(ঘ) কোনখন বিশ্ববিদ্যালয়ত টলষ্টয়ে আইন পঢ়িছিল ?

উত্তৰঃ কাজান বিশ্ববিদ্যালয়ত টলষ্টয়ে আইন পঢ়িছিল।

(ঙ) টলষ্টয়ৰ সাহিত্যিক জীৱন কেনেদৰে আৰম্ভ হৈছিল ?

উত্তৰঃ টলষ্টয়ৰ সাহিত্যিক জীৱন আৰম্ভ হৈছিল এখন আলােচনীত প্রকাশিত ‘চাইল্ডহুড’ নামৰ আত্মজীৱনীমূলক উপন্যাসখনৰ যােগেদি।

(চ) টলষ্টয়ৰ জীৱনৰ প্ৰধান উদ্দেশ্য কি আছিল ?

উত্তৰঃ মানৱসেৱাই টলষ্টয়ৰ জীৱনৰ প্রধান উদ্দেশ্য আছিল।

২। চমু উত্তৰ লিখা।

(ক) টলষ্টয়ে কেনেকুৱা পৰিয়ালত জন্মগ্রহণ কৰিছিল ?

উত্তৰঃ টলষ্টয়ে এটা বিখ্যাত জমিদাৰী পৰিয়ালত জন্মগ্রহণ কৰিছিল। তেওঁৰ পৰিয়ালটোত কোনােদিনে অভাৱ-অনাটন নাছিল, আছিল কেৱল বিলাস প্রাচুর্যৰে ভৰপূৰ। টলষ্টয়ে জন্মগ্রহণ কৰা পৰিয়ালটো আছিল এটা যৌথ পৰিয়াল। লিওষ্টয় সৰু থাকোতেই পিতৃ-মাতৃৰ মৃত্যু হােৱাত সেয়েহে খুৰীয়েকে তুলি-তালি ডাঙৰ-দীঘল কৰিছিল।

(খ) টলষ্টয়ৰ সাহিত্যিক জীৱনৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ এখন আলােচনীত প্রকাশিত ‘চাইল্ডহুড’ নামৰ উপন্যাসখনৰ যােগেদি সাহিত্যিক জীৱন আৰম্ভ কৰা টলষ্টয়ে ধনী, অত্যাচাৰী মানুহৰ মনত মানৱতাবােধ জগাই তুলিবলৈ দুখীয়া খাটি খােৱা মানুহখিনিক লৈ ভালেমান গল্প লিখিছিল। সৰু সৰু মানুহৰ মাজত লুকাই থকা মানৱতাবােধ টলষ্টয়ে অসাধাৰণ ৰূপত দাঙি ধৰিছিল। টলষ্টয়ক বিশ্বব্যাপী খ্যাতি দিয়া দুখন কালজয়ী গ্রন্থ হ’ল ‘যুদ্ধ আৰু শান্তি’ আৰু ‘আনা কাৰেনিনা। তেওঁৰ আন কেইখনমান উল্লেখযােগ্য গ্রন্থ হল – পালিকুছকৱা, ‘ছেবাস্ত’পল স্কেটছ, এ কনফেছন, ‘হােৱাট ইজ আর্ট’, ‘হােৱাট আই বিলিভ’, ‘দ্য পাৱাৰ অৱ ডার্কনেছ’ আদি। বিষয়-বস্তুৰ সূক্ষ্ম পর্যবেক্ষণ আৰু অভিজ্ঞতাৰ ভিত্তিত লিখি উলিওৱা কিতাপবোৰে টলষ্টয়ক বিশ্বৰ মহান লেখকৰ শাৰীত ঠাই দিয়ে। মানৱতাবাদী আৰু সংস্কাৰমূলক চিন্তাৰে ভৰপূৰ তেওঁৰ কিতাপবােৰ সকলাে শ্ৰেণীৰ মানুহে আদৰি লয়।

(গ) দাস প্রথা বুলিলে কি বুজা ?

উত্তৰঃ আগৰ দিনত অন্যান্য বস্তুৰ দৰে মানুহকো কিনা-বেচা কৰা হৈছিল। ধনী-জমিদাৰসকলে নিজৰ নিম্ন পর্যায়ৰ কামবােৰ কৰিবৰ বাবে এইদৰে মানুহ কিনিছিল আৰু ওৰেটো জীৱন কামত খটুৱাইছিল। এইদৰে মানুহ কিনা-বেচা কৰা প্রথাটোকে দাস প্রথা বােলা হয়।

৩। অভিধান চাই অর্থ লিখা।

সমসাময়িক, মানৱতাবােধ, বৈষম্য, বিত্তশালী, বিশ্বব্যাপী, সংস্কাৰমূলক।

উত্তৰঃ সমসাময়িক – যিটো বা যিজন একে সময়ৰ হয়।

মানৱতাবোধ – মানুহৰ প্ৰতি থকা মৰম ভাৱ।

বৈষম্য – অসমতা।

বিত্তশালী – ধনী।

বিশ্বব্যাপী – গোটেই পৃথিৱী জুৰি।

সংস্কাৰমূলক – পৰিশোধন।

৪। উদাহৰণটো চাই বাৰ্কীকেইটা কৰা।

উদাহৰণ :- মৰম – মৰমিয়াল।

পৃথিৱী-

অণু-

মানৱ-

মহত্ত্ব-

শিক্ষক-

সাহিত্য-

উত্তৰঃ মৰম – মৰমিয়াল।

পৃথিরী – পার্থিব।

অণু – আণৱিক।

মানৱ – মানৱতা।

মহত্ত্ব – মহান।

শিক্ষক – শিক্ষকতা।

সাহিত্য – সাহিত্যিক।

৫। বিপৰীত শব্দ লিখা।

ধর্ম –

শান্তি –

জীবন –

ধনী –

বিখ্যাত –

স্বার্থ –

উচ্চ

উত্তৰঃ ধর্ম – অধৰ্ম।

শান্তি – অশান্তি।

জীবন – মৃত্যু।

ধনী – দুখীয়া।

বিখ্যাত – অখ্যাত।

স্বার্থ -ত্যাগ।

উচ্চ – নীচ।

৬। মানুহজনৰ দুটা চকুত এশটা চকুৰ দৃষ্টিশক্তি আছে।  -টলষ্টয়ৰ ক্ষেত্ৰত এই কথাষাৰ কিমানদূৰ প্রযােজ্য, তােমাৰ নিজা ভাষাৰে চমুকৈ লিখা।

উত্তৰঃ টলষ্টয় আছিল অতি দূৰদৃষ্টিসম্পন্ন লােক। কোনােদিনে অভাব-অনাটনৰ লগত চিনাকী নথকা জমিদাৰৰ ঘৰত জন্ম গ্রহণ কৰিও টলষ্টয়ে ঋষি – মুনিৰ দৰে অতি সাধাৰণভাৱে জীৱন কটাইছিল। কৃষক-শ্রমিক আদি খাটি যােবা মানুহৰ উন্নতিৰ বাবে তেওঁ সর্বস্ব উজাৰি দিছিল। টলষ্টয়ৰ আদৰ্শক মানুহে আদৰি লৈছিল আৰু তাকেই অনুসৰণ কৰি এদিন ৰুচ দেশত সাম্যবাদ প্রতিষ্ঠা হৈছিল। 

আনহাতে টলষ্টয় আছিল দাস প্রথাৰ ঘােৰ বিৰােধী। তেওঁৰ এই বিবােধিতাৰ ফলস্বৰূপেই ৰুছ দেশৰপৰা দাস প্রথা উঠি গৈছিল। গতিকে দেখা যায় যে টলষ্টয়ৰ সম-সাময়িক সাহিত্যিকজনে কোৱা মানুহজনৰ দুটা চকুত এটা চকুৰ দৃষ্টিশক্তি আছে’ কথাষাৰ টলষ্টয়ৰ ক্ষেত্ৰত এশ শতাংশই প্রযােজ্য আছিল।

৭। তলৰ যুৰীয়া শব্দবােৰেৰে বাক্য সাজা।

পিতৃ-মাতৃ, ডাঙৰ-দীঘল, ল’ৰা-ছােৱালী, সুখ-দুখ, বিলাস-প্রাচুর্য, কাম-কাজ, ৰ’দবৰষুণ।

উত্তৰঃ পিতৃ-মাতৃ :- টলষ্টয়ে সতেই পিতৃ-মাতৃক হেৰুৱাইছিল।

ডাঙৰ-দীঘল :- মহাপুৰুষ শংকৰদেৱক বুঢ়ীমাক খেৰসুতীয়ে তুলি-তালি ডাঙৰ দীঘল কৰিছিল।

ল’ৰা-ছােৱালী :- দেউতাক ঘৰত নথকা সময়ত ল’ৰা-ছােৱালীহালে মাকক বৰকৈ আমনি কৰে।

সুখ-দুখ :- মানুহৰ জীৱনটো সুখ-দুখৰ সমষ্টি মাথােন।

বিলাস :- প্রাচুর্য ও জমিদাৰৰ পৰিয়ালৰ বিলাস-প্রাচুর্যই টলষ্টয়ক বান্ধি ৰাখিব পৰা নাছিল।

কামকাজ :- মানুহজন কাম-কাজত বৰ পাকৈত।

ব’দবৰষুণ :- কৃষক শ্রমিকসকলে ৰ’দেবৰষুণে হাড় ভগ পৰিশ্ৰম কৰে।

৮। টলষ্টয়ে অহিংসা নীতিক বিশ্বাস কৰিছিল। ভাৰতবৰ্ষৰ কোনগৰাকী মহান মনীষী অহিংস আন্দোলনৰ গুৰি ধৰােতা আছিল? তেওঁৰ বিষয়ে এটি টোকা যুগুত কৰা।

উত্তৰঃ ভাৰতবৰ্ষত অহিংসা আন্দোলনৰ গুৰি ধৰােতা আছিল মহামানৱ মহাত্মা গান্ধী। তেওঁৰ প্রকৃত নাম আছিল মােহনদাস কৰম চাঁদ গান্ধী। ১৮৬৯ চনৰ ২ অক্টোবৰত গুজৰাটৰ পােৰন্দৰত মহাত্মাৰ জন্ম হৈছিল। তেওঁৰ পিতৰ নাম আছিল কমচাঁদ গান্ধী আৰু মাকৰ নাম পুতুলী বাঈ।

সাম্রাজ্যবাদী তথা সশস্ত্র বৃটিছ শক্তিৰ কবলৰপৰা পৰাধীন ভাৰতক একমাত্র অহিংস আন্দোলনৰ জৰিয়তে নেতৃত্ব দি মহাত্মা গান্ধীয়ে স্বাধীনতা প্রদান কৰিছিল । ভাৰতৰ স্বাধীনতাৰ পুৰ্বতে ভাৰতীয় সমাজৰ সকলাে ৰকমৰ কলুষ-কালিমা আতঁৰ কৰাত তেওঁৰ অৱদান আছিল অনন্য। অস্পৃশ্যতা বর্জন, হিন্দু-মুছলমানৰ সংহতি, কুটীৰ শিল্পৰ স্থাপন আৰু উন্নতি আদি জনকল্যাণমূলক কার্যসূচীৰে ভাৰতীয় জীৱনক তেওঁ পৰিশুদ্ধ আৰু কৰ্মপ্ৰৱণ কৰি তুলিব বিচাৰিছিল। চিৰদিন অহিংসাৰ পােষকতা কৰা গান্ধীজীয়ে হিংসাৰ বলি হৈ ১৯৪৮ চনৰ ৩০ জানুৱাৰী তাৰিখে আততায়ীৰ গুলীত প্রাণ দিব লগা হ’ল। গভীৰ আত্মপ্রত্যয়, কত্তৰ্যনিষ্ঠা, চাৰিত্রিক দৃঢ়তা, প্রগাঢ় দেশপ্রেম আৰু মানৱতাই মহাত্মা গান্ধীক বিশ্ববন্দিত মহাপুৰুষ রূপে প্রতিষ্ঠিত কৰে। বর্তমান তেওঁৰ জন্মদিন ২ অক্টোবৰ তাৰিখটো ‘আন্তজার্তিক অহিংসা দিৱস হিচাপে পালন কৰাটোৱে সেই কথাৰ প্রমাণ দিয়ে।

৯। মানৱ সেৱা বুলিলে কি বুজা ?

উত্তৰঃ পৃথিৱীত সকলাে মানুহৰ মাজত সমতাৰ ভাৱ ৰাখি সকলােৰে আর্থ-সামাজিক, সাংস্কৃতিক আৰু আধ্যাত্মিক উন্নতিৰ তথা বিভিন্ন ৰােগাক্রান্ত আৰু বাধাগ্রস্ত সকলােকে সহায়ৰ হাত আগবঢ়াবৰ বাবে নিঃস্বার্থভাৱে সেৱা আগবঢ়োৱাকে ‘মানৱ সেৱা বােলা হয়।

১০। তুমি নাম শুনা কেইগৰাকীমান বিশ্ববিখ্যাত সাহিত্যিকৰ নামৰ এখন তালিকা প্ৰস্তুত কৰা।

উত্তৰঃ মই জনাৰ ভিতৰত কেইগৰাকীমান বিশ্ববিখ্যাত সাহিত্যক হ’ল- থমাছ হার্ডি, মেক্সিম গৰ্কী, উইলিয়াম শ্বেক্সপীয়েৰ, ৰবীন্দ্রনাথ ঠাকুৰ, আৰ্ণেষ্ট হেমিংৱে, ভি. এছ. নাইপল, বিক্রম শেঠ, ডামিবিক লনিয়েৰ, মার্ক টোৱেল, জর্জ।

অৰবেল, জর্জ বাৰ্ণাৰ্ড শ্ব, গেব্রিয়েল গাৰ্চিয়া মাৰ্কুয়েজ, আণ্ডছ হাক্সলি, এইছ, জি, ৱেলছ, ৰুডয়ার্ড কিপলিং, ভিক্টৰ হুগাে, চলমান ৰুশ্বডি, ফিয়ডৰ ডষ্টয়েভস্কি, জন ৰাস্কিন ইত্যাদি।

পাঠভিত্তিক ব্যাকৰণৰ আলােচনা

১। সমাপিকা ক্রিয়া আৰু অসমাপিকা ক্রিয়া কাক বােলে ? উদাহৰণ দি বুজাই লিখা।

উত্তৰঃ যি ক্রিয়াই কোনাে এটা বাক্য শেষ বা সমাপন হােৱা বুজায়, তেনে ক্রিয়াক সমাপিকা ক্রিয়া বােলা হয়। যেনে- মানুৱে গা ধুই মন্দিৰলৈ গ’ল। ইয়াত ‘গ’ল’ ক্রিয়াটোরেই বাক্যটোত সমাপিকা ক্রিয়া। কাৰণ ই বাক্যটো শেষ করা বুজাইছে।

আনহাতে যি ক্রিয়াই কোনাে এটা বাক্য শেষ বা সমাপন নকৰে, তেনে ক্রিয়াক অসমাপিকা ক্রিয়া বােলে। যেনে – দেউতাই ভাত খাই বজাৰলৈ গ’ল। ইয়াত ‘খাই’ ক্ৰিয়াটোৱে বাক্যটো সম্পূর্ণ কৰা নাই, গতিকে ই অসমাপিকা ক্রিয়া।

২। সকর্মক আৰু অকর্মক ক্রিয়া বুলিলে কি বুজা ? উদাহৰণসহ বুজাই লিখা।

উত্তৰঃ যি ক্রিয়াৰ কৰ্ম থাকে, তেনে ক্রিয়াক সকর্মক ক্রিয়া বােলে। যেনে- মই ভাত খালাে। ইয়াত ‘খালাে’ ক্ৰিয়াৰ কৰ্ম ‘ভাত’। গতিকে ‘খালাে ক্ৰিয়াটো সকর্মক ক্রিয়া।

আনহাতে যি ক্রিয়াৰ কৰ্ম নাথাকে তেনে ক্রিয়াক অকর্মক ক্রিয়া বােলে। যেনে – কান্দিছে। ইয়াত ‘কান্দিছে’ ক্রিয়াৰ কোনাে কর্ম নাই। গতিকে ই অকর্মক ক্রিয়া।

৩। এক কর্মক ক্রিয়া আৰু দ্বিকর্মক ক্রিয়া কাক বােলে ? উদাহৰণ দিয়া।

উত্তৰঃ এটা কর্ম থকা ক্রিয়াক এককর্মক ক্রিয়া বােলে। যেনে- বৰষুণ দিছে। ইয়াত ‘দিছে’ ক্রিয়াৰ কর্ম এটাই বৰষুণ। গতিকে ই এককর্মক ক্রিয়া।

আনহাতে দুটা কর্ম থকা ক্রিয়াক দ্বিকর্মক ক্রিয়া বােলে। যেনে- দেউতাই মােক এটা কলম দিছে। ইয়াত ‘দিছে’ ক্রিয়াৰ দুটা কর্ম আছে- ‘মােক’ আৰু কলম। গতিকে ই দ্বিকর্মক ক্রিয়া।

৪। মুখ্য বা প্রধান কর্ম আৰু গৌণ বা অপ্রধান কর্ম কি ?

উত্তৰঃ যিবিলাক ক্রিয়াৰ লগত কর্মটোৰ পােনপটীয়া বা প্রত্যক্ষ সম্পর্ক থাকে, তেনে কর্মর্ক মুখ্য বা প্রধান কর্ম বলা হয়। যেনে- পাপৰিয়ে মােক এখন কিতাপ দিছে। ইয়াত “দিছে’ দ্বিকর্মক ক্রিয়াটোৰ লগত ‘কিতাপ’ কর্মটোৰ পােনপটীয়া বা প্রত্যক্ষ সম্পর্ক আছে। গতিকে ই প্রধান বা মুখ্য কর্ম।

আনহাতে যিবােৰ কৰ্মৰ ক্রিয়া পদৰ লগত পােনপটীয়া বা প্রত্যক্ষ সম্পর্ক নাথাকে, তেনে কর্মক গৌণ বা অপ্রধান কর্ম বােলে।

অতিৰিক পাঠভিত্তিক প্রশ্নোত্তৰ

১। মহর্ষি টলষ্টয় কেনে প্ৰকৃতিৰ লােক, আছিল ?

উত্তৰঃ মহর্ষি টলষ্টয় ভাবুক প্রকৃতির লােক আছিল।

২। টলষ্টয়ে ক’ত বিদ্যাৰম্ভ কৰিছিল ?

উত্তৰঃ টলষ্টয়ে ঘৰা শিক্ষকৰ ওচৰত বিদ্যাৰম্ভ কৰিছিল।

৩। জমিদাৰীৰ কামকাজ এৰি টলষ্টয়ে কত যােগদান কৰিছিল ?

উত্তৰঃ জমিদাৰীৰ কাম-কাজ এৰি টলস্টয়ে স্বেচ্ছাসেৱক হিচাপে সৈন্যবাহিনীত যােগদান কৰিছিল।

৪। টলষ্টয়ে কত শিক্ষকতা কৰিছিল ?

উত্তৰঃ কৃষকৰ ল’ৰা-ছােৱালীয়ে পঢ়িবৰ কাৰণে নিজেই স্থাপন কৰা স্কুলখনত টলষ্টয়ে শিক্ষকতা কৰিছিল।

৫। অমৃতৰ সন্তান কোন ?

উত্তৰঃ মানুহ অমৃত সন্তান।

৬। টলষ্টয়ক কাৰ বন্ধু বুলি লেখকে উল্লেখ কৰিছে ?

উত্তৰঃ টলষ্টয়ক বন্ধুহীনৰ বন্ধু বুলি লেখকে উল্লেখ কৰিছে।

৭। মানুহৰ মহত্ত্ব ক’ত ফুটি ওলায় বুলি টলষ্টয়ে গণ্য কৰিছিল ?

উত্তৰঃ অহিংসা, দয়া, ক্ষমা, ভাতৃত্ববােধ আদি মানৱীয় গুণসমূহৰ মাজতে মানুহৰ মহত্ত্ব ফুটি ওলায় বুলি টলষ্টয়ে গণ্য কৰিছিল।

৮। টলষ্টয়ে কিহক প্রকৃত ধর্ম বুলি বিশ্বাস কৰিছিল ?

উত্তৰঃ টলষ্টয়ে মানৱসেৱাকেই প্রকৃত ধর্ম বুলি বিশ্বাস কৰিছিল।

৯। টলষ্টয়ে মানুহৰ মাজত আজীৱন কিহৰ বাণী বিলাইছিল ?

উত্তৰঃ টষ্টয়ে মানুহৰ মাজত আজীৱন শান্তি আৰু প্ৰেমৰ বাণী বিলাইছিল।

১০। টলষ্টয়ে দুখীয়া মানুহৰ উন্নতিৰ কাৰণে কি কি কাম হাতত লৈছিল, চমুকৈ লিখা।

উত্তৰঃ খাটি খােৱা দীন-দুখীয়াৰ উন্নতিৰ কাৰণেই নিজৰ সকলাে শক্তি, ধন, খৰচ কৰা টলষ্টয়ে জীৱনত ভালেমান কাম কৰিছিল। কৃষকৰ ল’ৰা-ছােৱালীয়ে পঢ়িবৰ বাবে স্কুল পাতিছিল। তাত তেওঁ নিজে শিক্ষকতা কৰিছিল। সমাজত থকা বৈষম্য আৰ্তবােৱাৰ উদ্দেশ্যে ধনী, অত্যাচাৰ মানুহৰ মনত মানৱতাবােধ জগাই তুলিবলৈ দুখীয়া খাটি খােৱা মানুহখিনিক লৈ ভালেমান গল্প লিখিছিল। জমিদাৰৰ নিচিনা বিত্তশালী পবিয়াল এটাত জন্মগ্রহণ কৰিও টলষ্টয়ে অতি সাধাৰণ মানুহৰ দৰে আছিল আৰু তেওঁলােকৰ মাজৰ এজন হৈ পৰিছিল। দৰিদ্ৰতাৰ ফলত সৃষ্ট দাস প্রথাৰ টলষ্টয় ঘােৰ বিৰােধী আছিল। তেওঁৰ ঘৰত থকা দাস সকলক মুকলি কৰি দি নিজে মহানুভৱতাৰ পৰিচয় দিছিল । মানুহক অহিংসা, দয়া, ক্ষমা, ভাতৃত্ববােধ আদি মানৱীয় গুণেৰে উদ্বুদ্ধ কৰিবলৈ টলষ্টয়ে আজীৱন মানৱতাৰ শিক্ষকৰ ভূমিকা লৈছিল।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top