Assam Jatiya Bidyalay Class 6 Assamese Chapter 2 লংকাৰ সম্বাদ কি?

Assam Jatiya Bidyalay Class 6 Assamese Chapter 2 লংকাৰ সম্বাদ কি?, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় অসমীয়া Class 6 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 2 লংকাৰ সম্বাদ কি? Class 6 Assamese Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 6 Assamese Chapter 2 লংকাৰ সম্বাদ কি? Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 6 Assamese Chapter 2 লংকাৰ সম্বাদ কি? provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

লংকাৰ সম্বাদ কি?

Chapter – 2

অসম জাতীয় বিদ্যালয়

পাঠভিত্তিক ক্রিয়াকলাপৰ প্রশ্নোত্তৰ

১। একোটিকৈ বাক্যত উত্তৰ লিখা।

(ক) ওচৰা-ওচৰিকৈ থকা গাঁও দুখনৰ নাম কি কি ?

উত্তৰঃ ওচৰা-ওচৰিকৈ থকা গাঁও দুখনৰ নাম হ’ল বেনাৰ গাঁও আৰু কুমাৰী গাঁও।

(খ) বান্দৰবিলাক ৰামৰ লগত ক’লৈ গৈছিল ?

উত্তৰঃ বান্দৰবিলাক ৰামৰ লগত লংকালৈ গৈছিল।

(গ) লংকাৰ সম্বাদ কি ?’ পাঠটতি দৰাঘৰীয়া কোন আৰু কইনাঘৰীয়া কোন আছিল ?

উত্তৰঃ দৰাঘৰীয়া আছিল বেনাৰ গাওঁ আৰু কইনাঘৰীয়া আছিল কুমাৰী গাঁও।

(ঘ) হনুমানক কত বান্ধি থৈছিল ?

উত্তৰঃ লংকাপুৰীলৈ সােমােৱা বাট-ঘৰতে বীৰ হনুমানক বান্ধি থৈছিল।

(ঙ) বেনাৰ গল ডেকাজনে লংকালৈ যাওঁতে লগত কি কি লৈ গৈছিল ?

উত্তৰঃ বেনাৰ গা ডেকাজনে লংকালৈ যাওঁতে লগত পিঠাগুৰি আৰু আঠিয়া কলকেইটামান লৈ গৈছিল।

২। তিনি-চাৰিটামান বাক্যত হােৱাকৈ উত্তৰ লিখা।

(ক) কুমাৰীগঞাহঁতে বেনাৰগাহঁতক কিয় বাট ভেটি ধৰিছিল আৰু কি প্রশ্ন কৰিছিল ?

উত্তৰঃ ওচৰা-ওচৰি হ’লেও বেনাৰ গাওঁ আৰু কুমাৰী গাওঁ দুখনৰ মাজত মিল নাছিল । সদায় ইখনে-সিখনৰ আৰু সিখনে-ইখনৰ নানা বদমান কৰি থাকে, গতিকে বিয়াখন ঠিক হােৱাত বদনাম কৰাৰ আৰু এক সুযােগ পােৱা বুলি ভাবি আৰু দৰাঘৰীয়া বেনাৰ গাঁৱৰ মানুহৰ লগত কন্দল কৰিবৰ মনেৰে বেনাৰগঞাহঁতক কুমাৰগঞাহঁতে বাট ভেটি ধৰিছিল আৰু লংকাৰ সম্বাদ কি?’ বুলি বেনাৰগাহঁতক প্রশ্ন কৰিছিল।

(খ) বেনাৰগঞা ডেকাজনে লংকালৈ যােৱাৰ কাৰণ কি বুলি কৈছিল ?

উত্তৰঃ কেনাগাডেকাজনৰ খােৱা-পিন্ধাত বৰ কষ্ট, এসাজ খাই এসাজ লঘােণে থাকিব লাগে । তেওঁৰ ঘৈণীয়েকে পৰামর্শ দিলে যে লংকাখন সুৱৰ্ণৰ। গতিকে লংকালৈ গৈ এচপৰা সােণ আনিলেই তেওঁলােকৰ সুখকষ্টৰ অন্ত পৰিব হেনাে। ঘৈণীয়েকৰ এই পৰামর্শ অনুসৰিয়ে বেনাৰগঞা ডেকাজনে লংকালৈ গৈছিল।

(গ) হনুমানে বেনাৰগা ডেকাজনক দেখা পাই কি কোৱা বুলি ডেকাজনে কৈছিল ?

উত্তৰঃ বেনাৰগঞা ডেকাজনক দেখা মাত্রকে আদৰ-সাদৰকৈ মাতি বীৰ হনুমানে কৈছিল যে নৰলােক তথা প্রভু ৰামচন্দ্ৰৰ দেশৰ পৰা তেওঁক যােৱা দেখি বৰ সন্তোষ পাইছে। হনুমানে কিদৰে ডিঙিত শিকলিৰ বান্ধ লৈ দুদর্শাৰে দিন অতিবাহিত কৰিছে, সেই দুখৰ কথা বেনাৰগঞা ডেকাজনে যেন উভতি গৈ তেওঁৰ দেশৰ পাে-নাতিহতক কয়গৈ । পিছে ইয়াৰ উত্তৰত বেনাৰগঞা ডেকাজনে হনুমানৰ পােনাতিহঁতক কেনেকৈ চিনি পাব বুলি কোৱাত হনুমানে ক’লে যে, ডেকাজন যেতিয়া লংকাৰ পৰা উভতি যাব তেতিয়া তেওঁৰ পাে-নাতিহ’তে নিজেই ‘লংকাৰ সংবাদ কি ?’ বুলি সুধি নিজৰ পৰিচয় দিব।

(ঘ) কুমাৰীগাঁৱৰ ডেকাহঁত কিয় জয় পৰিছিল ?

উত্তৰঃ কুমাৰীগাঁৱৰ ডেকাহ’তে বেনাৰগঞাসকলক “লংকাৰ সম্বাদ কি ?” বুলি সুধি প্ৰকাৰান্তৰে বান্দৰ বুলিছিল। বেনাৰগঞাসকল এই প্রশ্নটোৰ 

উত্তৰ দিব নােৱাৰিব বুলি ভাবি তেওঁলােক উল্লাসিত হৈছিল। কিন্তু বিয়াৰ ৰভাস্থলীত সকলােৰে আগত বেনাৰগভভেকাজনে অতি বুদ্ধিদীপ্তভাৱে লংকাৰ সংবাদ বি ওলোটাই কুমাৰীগাঁৱৰ ডেকাহঁতকহে বান্দৰ সজোৱাত সিহঁতে লাজ পাই জয় পৰিছিল।

(ঙ) লংকাৰ সম্বাদ কি ? পাঠটোৰপৰা কি বুজিলা চমুকৈ লিখ।

উত্তৰঃ ‘লংকাৰ সম্বাদ কি ?’ পাঠটিৰ পৰা বুজা যায় যে অনাহকত কাজিয়া-পেচাল কৰি লাভ নাই। নিজৰ বুদ্ধিমত্তাৰ জোখ নজনাকৈ আনৰ বুদ্ধিমত্তা জুখিব যােৱাটো অনুচিত। নহ’লে কেতিয়াবা লাজত পৰিব লগা হ’ব পাৰে।

ইয়াৰ উপৰি পাঠটিৰপৰা আৰু বুজা যায় যে মানুহক কথা দি কথা ৰাখিব লাগে। বেনাৰগঞা ডেকাজনে কুমাৰীগাঁৱৰ ডেকাহঁতক দিয়া কথা মতেই সভাত তেওঁলােকৰ প্ৰশ্নৰ উত্তৰ নিদিয়া হলে তাত আৰু এখন অপ্রীতিকৰ পৰিস্থিতিৰ সৃষ্টি হ’লহেতেন।

মানুহৰ উপস্থিত বুদ্ধিৰ সততে যে প্রয়ােজন হয় সেয়াও পাঠটোৰপৰা জানিব পাৰি। উপস্থিত বুদ্ধি থাকিলে যিকোনাে বিপদৰ পৰাই হাত সাৰিব পাৰি।

৪। ‘ক’ অংশৰ সৈতে ‘খ’ অংশ মিলােৱা-

‘ক’ অংশখ অংশ
সম্বলভঁৰাল।
সুবৰ্ণ কঁপনি।
ভাণ্ডাৰথিৰ।
কম্পনখবৰ।
সম্বাদসমল।
স্থিৰসোণ।

উত্তৰঃ 

‘ক’ অংশখ অংশ
সম্বলসমল।
সুবৰ্ণ সোণ।
ভাণ্ডাৰভঁৰাল।
কম্পনকঁপনি।
সম্বাদখবৰ।
স্থিৰথিৰ।

৫। বাক্য ৰচনা কৰা।

নিন্দাকুৎসা, ইফালে সিফালে, আলহউলহকৈ, পাে-নাতি, লঘােণে-ভােকে।

উত্তৰঃ নিন্দা-কুৎসা (বদনাম কৰা) :- মানুহক অনাহকত নিন্দা কুৎসা কৰা অনুচিত।

ইফালেসিফালে (চাৰিওফালে) :- মানুহজনে ইফালে-সিফালে চাই কাকো দেখা নাপাই যদুহঁতৰ ঘৰৰ পৰা উভতি আহিল।

আলহ-উলহকৈ (বৰ আদৰসাদৰ কৰি) :- ভদ্ৰহঁতৰ ঘৰলৈ যাওঁতে বলাইক ভদ্রই আলহ-উলহকৈ নালভঙা চকীখনতে বহিব দিলে।

পােনাতি (পুতেক-নাতিনীয়েক) :- মানুহজনে পােনাতিনীয়েকহঁতৰ কোনাে চিন্তা নথকাকৈ সম্পত্তি এৰি থৈ গৈছে।

লঘােণে-ভােকে (ভােকত) :- চহৰৰপৰা ঘূৰি আহােতে নবীনে লঘােণে-ভাকে লেবেজান হৈ পৰিছিল।

৬। বিপৰীত অর্থ বুজোৱা শব্দ লিখা।

দৰা, ডেকা, স্থিৰ, বাট, বন্দী, বীৰ, দেশী

উত্তৰঃ 

শব্দবিপৰীত শব্দ
দৰাকইনা।
ডেকাবুঢ়া।
স্থিৰলৰ – চৰ।
বাটঅবাট।
বন্দীমুক্ত।
বীৰকাপুৰুষ।
দেশীবিদেশী।

৭। চমুটোকা লিখা।

ৰামায়ণ, হনুমান, অযােধ্যা, লংকা।

উত্তৰঃ ৰামায়ণ :- মহাকবি বাল্মিকীয়ে ৰচনা কৰা এখন মহান কাব্য-গ্রন্থ। ভগৱান ৰামচন্দ্ৰৰ জীৱনক কেন্দ্র কৰি ব্লচনা কৰা এই কাব্যগ্রন্থখনক আটাইতকৈ প্রাচীন ভাৰতীয় কাব্যগ্রন্থ বুলি স্বীকৃতি দিয়া হৈছে। সনাতন হিন্দুধর্মৰ  লােকসকলে ৰামায়ণক অতি-ভক্তিভাৱে চায় আৰু ইয়াৰ আদৰ্শসমূহ পালন কৰিবলৈ যত্ন কৰে। ৰামায়ণত বর্ণিত উল্লেখযােগ্য ঘটনাসমূহ হ’ল পিতৃ সত্য পালি ৰামৰ বনবাস, বনবাসৰ কালছােৱাত ৰামৰ পত্নী সীতাক লংকাপতি ৰাৱণৰদ্বাৰা হৰণ, হনুমান আদি ৰীৰৰ সহযােগত ৰামৰদ্বাৰা লংকা যুদ্ধৰ জৰিয়তে সীতাক উল্কাৰ, পাছত ৰামৰদ্বাৰা সীতাক আকৌ বনবাস আদি। হেজাৰ হেজাৰ বছৰ ধৰি ৰামায়ণে ভাৰতীয় সমাজ জীৱনক আলােড়িত কৰি আহিছে।

হনুমান :- ৰামায়ণত বর্ণিত কাহিনী অনুসৰি হনুমান আছিল ভগৱান ৰামৰ পৰম ভক্ত বান্দৰ। ৰাৱণৰ কবলৰপৰা সীতাক উদ্ধাৰ কৰা যুদ্ধত বীৰ হনুমান বান্দৰে ৰামক পূর্ণ সহযােগ আগবঢ়াইছিল। লংকালৈ যাওঁতে হনুমানৰ নেজত ৰাৱণৰ পক্ষই জুই লগাই দিওতে হনুমানেসেই জুইৰে সুৱৰ্ণৰ লংকা পুৰি ছাই কৰা বুলি জনা যায়।

অযােধ্যা :- ৰামায়ণত বর্ণিত মতে ভগৱান শ্ৰীৰামৰ জন্মস্থান। বর্তমান উত্তৰ প্ৰদেশ ৰাজ্যত অৱস্থিত। হিন্দু ধর্মাৱলম্বী লােকসকলে অযযাধ্যা ঠাই ডােখৰক বৰ পৱিত্র জ্ঞান কৰে।

লংকা :- ভাৰতবৰ্ষৰ গাতে লাগি থকা এখন দ্বীপ ৰাষ্ট্ৰ। ৰামায়ণ মহাকাব্যত এই ৰাষ্ট্ৰখনৰ নাম লংকা হলেও বর্তমান ইয়াৰ নাম শ্রীলংকা। প্রবাদ মতে ৰাক্ষসৰাজৰাৱণ লংকাৰ অধিপতি আছিল। শ্ৰীৰামচন্দ্ৰৰ পত্নী সীতাৰ ৰূপ-লাৱণ্যত মুগ্ধ হৈ ৰাৱণে সীতাক অপহৰণ কৰিছিল আৰু ইয়াৰ ফলস্বৰূপে ৰাম-ৰাৱণৰ যুদ্ধ হৈছিল। যুদ্ধত ৰামচন্দ্ৰৰ হাতত ৰাৱণৰ মৃত্যু হৈছিল।

৮। উদাহৰণটো চাই বাকীকেইটা কৰা।

উদাহৰণ :- দৰাঘৰ + ঈয়া = দৰাঘৰীয়া

যােৰহাট + ঈয়া =

গাওঁ + অলীয়া =

বন + অৰীয়া =

নৈৰপাৰ + ঈয়া =

বাখৰ + উৱা = 

পল + অৰীয়া =

উত্তৰঃ দৰাঘৰ + ঈয়া = দৰাঘৰীয়া।

যােৰহাট + ঈয়া = যােৰহটীয়া।

গাওঁ + অলীয়া = গাৱঁলীয়া।

বন + অৰীয়া = বনৰীয়া।

নৈৰপাৰ + ঈয়া = নৈপৰীয়া।

বাখৰ। + উৱা = বাখৰুৱা।

পল + অৰীয়া = পলৰীয়া।

পাঠভিত্তিক ব্যাকৰণৰ আলােচনা

প্রশ্ন- পদ কাক বােলে ? ই কেই প্ৰকাৰৰ আৰু কি কি ? উদাহৰণৰ সহায়ত বুজাই লিখা।

উত্তৰঃ বাক্যত ব্যৱহাৰ হােৱা প্ৰতিটো শব্দকে পদ বােলে! পদ পাঁচ প্ৰকাৰৰ- বিশেষ্য, সর্বনাম, বিশেষণ, ক্রিয়া আৰু অব্যয় পদ। 

উদাহৰণস্বৰূপে- নমিতা আৰু মই বহুত কিতাপ কিনিলোঁ।

১। এই বাক্যটোত নমিতা আৰু ‘কিতাপ’ পদটোৱে নাম বুজাইছে। এনেধৰণৰ নাম বুজোৱা পদক বিশেষ্য পদ বােলে।

২। মই’ পদটো কোনাে নাম বা বিশেষ্য পদৰ সলনি ব্যৱহাৰ হৈছে। এনেধৰণৰ বিশেষ্য পদৰ সলনি যি পদ ব্যৱহাৰ হয়, তাক সর্বনাম পদ বােলে।

৩। বহুত’ পদটোৱে কিতাপৰ পৰিমাণ বুজাইছে। এনেবােৰ বিশেষ্য পদৰ দোষ, গুণ, সংখ্যা, পৰিমাণ আদি বুজোৱা পদক বিশেষণ পদ বােলে ।

৪। ‘কিনিলে’ পদটোৱে কিতাপ কিনা কার্য কৰা বুজাইছে। এনেদৰে যি পদে কোনাে কার্য কৰা বা হােৱা বুজায়, তেনে পদক ক্রিয়া পদ বােলে।

৫। আৰু পদটোৱে নমিতা আৰু মই’ পদক লগ লগাইছে, এই পদটো কোনাে কাৰণতে কেতিয়াও পৰিৱৰ্তন কৰিব নােৱাৰি। এনেদৰে কেতিয়াও ৰূপৰ পৰিৱৰ্তন নঘটা পদক অব্যয় পদ বােলে।

অতিৰিক্ত পাঠভিত্তিক প্রশ্নোত্তৰ

১। বিয়াখনত কোনবিলাক মানুহ সকলােতকৈ আগতে গৈছিল ?

উত্তৰঃ বিয়াখনত দৰাঘৰৰ বুঢ়া মানুহবিলাক সকলােতকৈ আগত গৈছিল।

২। লংকাৰ সকলাে কথা বান্দৰবিলাকে কিদৰে জানিছিল ?

উত্তৰঃ বান্দৰবিলাক ৰামৰ লগত লংকালৈ গৈছিল বাবে লংকাৰ সকলাে কথা জানিছিল।

৩। কুমাৰীগঞা ডেকাহঁতে দৰাঘৰীয়া বেনাৰগঞা ডেকাহঁতক কিদৰে বাধা দিছিল ?

উত্তৰঃ কুমাৰীগঞা ডেকাহঁতে দৰঘৰীয়া বেনাৰগঞা ডেকাহঁতক বিয়াঘৰলৈ যােৱা বাটত হেঙাৰ দি বাধা দিছিল।

৪। লংকাখন কিহৰ ?

উত্তৰঃ লংকাখন সুৱৰ্ণৰ।

৫। বীৰ হনুমানৰ পােলাতিসকল কোন ?

উত্তৰঃ কুমাৰী গাঁৱৰ ডেকাসকল হ’ল বীৰ হনুমানৰ পােলতি।

৬। লংকাৰ সম্বাদ কি ?’ পাঠটিৰ লেখকৰ নাম কি ?

উত্তৰঃ ‘লংকাৰ সম্বাদ কি ?’ পাঠটিৰ লেখকৰ নাম হ’ল ভােলানাথ দাস।

৭। বেনাৰগঞা ডেকাজন লংকালৈ ক’ৰ পৰা গৈছিল ?

উত্তৰঃ শ্ৰীৰামচন্দ্ৰৰ দেশ অর্থাৎ ভাৰতবৰ্ষৰ পৰা গৈছিল।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top