Assam Jatiya Bidyalay Class 6 Assamese Chapter 17 দেউল

Assam Jatiya Bidyalay Class 6 Assamese Chapter 17 দেউল, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় অসমীয়া Class 6 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 17 দেউল Class 6 Assamese Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 6 Assamese Chapter 17 দেউল Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 6 Assamese Chapter 17 দেউল provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

দেউল

Chapter – 17

অসম জাতীয় বিদ্যালয়

পাঠভিত্তিক ক্রিয়াকলাপৰ প্রশ্নোত্তৰ

১। একোটিকৈ বাক্যত উত্তৰ লিখা।

(ক) দেউল উৎসৱ অসমৰ কোন অঞ্চলৰ মানুহে পালন কৰে ?

উত্তৰঃ দেউল উৎসৱ অসমৰ বৰপেটা অঞ্চলৰ মানুহে পালন কৰে।

(খ) দেউল উৎসৱৰ প্ৰথম দিনাখনক ‘কি’ বলে ?

উত্তৰঃ দেউল উৎসৱৰ প্ৰথম দিনাখনক ‘গােন্ধ’ বােলে।

(গ) পাঠটোত মহাপ্রভু বুলি কাক কোৱা হৈছে ?

উত্তৰঃ ‘দেউল পাঠটোত মহাপ্রভু বুলি ভগৱান শ্রীকৃষ্ণক বুজোৱা হৈছে।

(ঘ) দেউলৰ প্ৰথম দিনা কেইখন শৰাই পতা হয় ?

উত্তৰঃ দেউলৰ প্ৰথম দিনা আঠখন শৰাই পতা হয়।

(ঙ) দেউলৰ কোনটো দিনক সুৱেৰি বােলা হয় ?

উত্তৰঃ দেউলৰ শেষৰ দিনটো অর্থাৎ চতুর্থ দিনাক সুৱেৰি বােলা হয়।

২। তিনি-চাৰিটামান বাক্যত হােৱাকৈ উত্তৰ লিখা।

(ক) কি কি নীতি-নিয়মৰ মাজেৰে গোঁসাইক দৌলত স্থাপন কৰা হয় ?

উত্তৰঃ দেউল উৎসৱৰ প্রথম দিন অর্থাৎ গােন্ধৰ দিনা মহাপ্রভুৰ প্ৰজাই অতি পৱিত্রভাবে পথাৰৰপৰ ইকৰা খাগৰি কাটি আনি কীৰ্ত্তন ঘৰৰ সমুখত গােসাঁইৰ বাবে এটি বৃহৎ মেজি সাজে। আবেলি শালগ্রাম’ আৰু ‘দৌল-গােবিন্দ’ক কীৰ্ত্তন ঘৰৰ পূৱ দুৱাৰেদি উলিয়াই আনি এখন বৰ শৰাইত থােৱা হয়। আনহাতে মূল দুৱাৰেদি মহাপ্রভু কলীয়া গোসাইক আনি একেলগে থােৱা হয়। তাতে নীতি-নিয়মেৰে পূজা-পাতল কৰি গধূলি হলে খােল, তাল, ঢােল, মৃদঙ্গ বজাই গায়ন-বায়নেৰে সৈতে আৰু ধূপ-ধুনাৰে কীৰ্ত্তন ঘৰটো ধুৱলি কুঁৱলি কৰা হয়। তাৰ পাছত হাজাৰ হাজাৰ মানুহৰ দলদোপ-হেন্দোলদোপ সমদলেৰে গোঁসাইক মেজি ফুৰাবলৈ নিয়া হয়। ইয়াৰ পিছত গােসাঁইক খাটোলাত তুলি মেজিৰ চাৰিওফালে সাতবাৰ ঘূৰাই দৌলত স্থাপন কৰা হয়।

(খ) দেউল উৎসৱত সুৱেৰি কেনেদৰে পালন কৰা হয় ?

উত্তৰঃ দেউল উৎসৱৰ শেষৰ দিনটো সুঁৱৰি উৎসৱ হিচাপে পালন কৰা হয়। সেইদিনা গোঁসাইক নমাই এখন দোলাত বহুৱাই লক্ষ্মী আইৰ গৃহলৈ যাত্রা কৰা হয়। এই সময়তে ‘বাৰাদি’ৰ পৰাও দৌলৰ গোঁসাই আহি লগ লাগে। লগে লগে সমগ্ৰ বৰপেটা নগৰ বজন-জনাই উঠে শঙ্খ-ঘন্টা, ভবা-বৰাহৰ শব্দত। ল’ৰা-ডেকা, বুঢ়া সকলােৱে ইজনে-সিজনৰ গাত ফাকুগুড়ি সানি ‘হােলী গীত’ গাই গাই আনন্দত মতলীয়া হৈ পৰে। প্ৰতিটো হাটীৰপৰা দলে দলে মানুহবিলাক আহি সমূদলেৰে গোঁসাইক বৰপেটাৰ দক্ষিণৰ ফালে থকা ‘কনৰিয়াপাৰা লৈ লৈ যায়। তাত মহাপ্রভুক দোলাৰপৰা নমােৱা হয়। তাৰপৰা পুনৰ মহাপ্রভুক কীৰ্ত্তন ঘৰলৈ অনা হয়। ইফালে কীৰ্ত্তনঘৰৰ বাটচ’ৰাৰ দুৱাৰমুখত এডাল হােলােকা বাঁহ বান্ধি লক্ষ্মী আইৰ ভকতসকলে মহাপ্রভুক টোলত প্রৱেশ কৰিবলৈ নিদি বাট ভেটি ধৰে। আনহাতে, মহাপ্রভু ভকতসকলে লক্ষ্মী আইৰ ভকতসকলক বাট এৰি দিবলৈ খাটনি ধৰে। বাট এৰি নিদিলত বহু সময় হুলস্থূলৰ পিছত বাঁহডাল ভাঙি মহাপ্রভুৰ ভকতসকলে কীৰ্ত্তনঘৰৰ ভিতৰত প্ৰৱেশ কৰে। তাৰ পাছত টোলৰ ভিতৰত সাতবাৰ ঘূৰে। এইদৰে সঁৱেৰি উৎসৱ পালন কৰা হয়।

(গ) দেউল উৎসৱৰ দ্বিতীয় দিনাৰ কাৰ্যসূচী কিদৰে সমাপন কৰা হয়, লিখা।

উত্তৰঃ দেউল উৎসৱৰ দ্বিতীয় দিনা পুৱাৰ প্ৰসঙ্গত ‘হৰি হৰি পৰমানন্দ প্রভু পীতাম্বৰ গীতটো গােৱা হয়। ইয়াৰ পিছতে ওৰেষা ঘােষাৰ আগদিনা গােৱাৰ পাছৰখিনি গােৱা হয়। দিনৰ ভাগত ঢুলীয়া, ওজাপালি আৰু গায়ন-বায়নে নৃত্য কৰে। নিশাৰ ভাগত যাত্রা গানৰ অভিনয় অনুষ্ঠিত হয়। দূৰ-দূৰণিৰ পৰা কীৰ্ত্তনঘৰৰ দেউল উৎসব চাবলৈ অহা অনেক যাত্রীয়ে এই যাত্রা গান চায়েই ৰাতিটো পাৰ কৰে।

৩। বৰপেটাৰ কীৰ্ত্তনঘৰৰ বিষয়ে এটি টোকা লিখা।

উত্তৰঃ কীৰ্ত্তনঘৰ বৰপেটাত অৱস্থিত অসমৰ এক প্ৰসিদ্ধ নামঘৰ। মহাপুৰুষ মাধৱদেৱে ভাওনা, নৃত্য-গীত আদি কৰিবৰ বাবে বৰপেটাত ৰঙিয়াল ঘৰ নামেৰে এটা ঘৰ সজাইছিল। মাধৱদের কোচবিহাৰলৈ যােৱাৰ সময়ত মথুৰা দাস আতাক ইয়াৰ অধিকাৰ পাতি গৈছিল। দুর্ঘটনাক্রমে ৰঙিয়াল ঘৰ জুয়ে পােৰাত মথুৰাদাস আতাই সেই ঠাইতে সত্র পাতি, কীৰ্ত্তনঘৰ স্থাপন কৰে। এই কীৰ্ত্তন ঘৰ অসমত সকলােতকৈ ডাঙৰ কীৰ্ত্তনঘৰ বুলি জনাজাত। কীৰ্ত্তনঘৰৰ মুধৰ এটা খােটালী এৰি শ্ৰীমন্তশঙ্কৰদেৱ, মাধৱদেৱ আৰু বদুলা আতাৰ নামত তিনিখন আসন পতা আছে। কীৰ্ত্তনঘৰৰ পূব মুধত এটা ভাজঘৰ আছে, ইয়াৰে উত্তৰ অংশত মিঠাতেল ৰখা এটা মটিয়া (ডিঙি চুটি, পেট বহল আৰু তললৈ জোঙা এবিধ ডাঙৰ মাটিৰ পাত্র) আছে। তাত তেল আপােনা-আপুনি ওলায় বুলি জনবিশ্বাস প্রচলিত। কীর্তন ঘৰৰ সন্মুখৰ মুকলি ঠাইত যাত্রা-ভাওনা আদি হয়। কিছু বছৰৰ আগলৈকে কীৰ্ত্তনঘৰত হৰিজনৰ প্ৰৱেশ নিষেধ আছিল। বর্তমান এই নিষেধ উঠি গৈছে যদিও ইয়াত বর্তমানেও মহিলাৰ প্ৰৱেশ নিষেধ। কীৰ্ত্তনঘৰৰ কাঠিত বহিব পাৰে যদিও মহিলাসকলে মূলঘৰৰ ভিতৰত সােমাব নােৱাৰে। কথিত আছে মথুৰাদাস বুঢ়া আতাৰ পত্নীয়ে তেওঁৰ অনুপস্থিতিত কীর্তনঘৰত বস্তি জ্বলাইছিল। কীর্তন ঘৰৰ ভিতৰত থাকোতেই হঠাৎ ৰজঃস্বলা হৈইয়াক অপৱিত্র কৰে বুলি ভয়তেই কীৰ্ত্তনঘৰত মহিলা সােমাবলৈ দিয়া নহয় বুলি কোৱা হয়।

৬। বৰপেটাৰ কীৰ্ত্তনঘৰৰ দৰে অসমত থকা আন কেইখনমান ডাঙৰ সত্ৰ নামঘৰৰ নাম লিখা।

উত্তৰঃ বৰপেটাৰ কীৰ্ত্তনঘৰৰ দৰে অসমত থকা আন কেইখনমান সত্র নামঘৰ হল- নগাঁৱৰ বৰদোৱা সত্র, যােৰহাটৰ টেকীয়াখােৱা নামঘৰ, মাজুলীৰ কমলাবাৰী সত্ৰ, আউনীআটী সত্ৰ, গড়মূৰ সত্ৰ, বৰপেটাৰ পাটবাউসী সত্ৰ, বকোৰ ছমৰীয়া সত্ৰ, মৰিগাঁও জিলাৰ চৰাইবাহী সত্ৰ।

৬। কাক বােলে লিখা ।

(ক) বাটচ’ৰা =…………………..

(খ) চ’ৰাঘৰ =……………………

(গ) নঙলা =……………………..

(ঘ) পানীপােতা =…………………….

(ঙ) জেওৰা =……………………….

(চ) পচলা =…………………….….

উত্তৰঃ (ক) বাটচ’ৰা :- মানুহৰ ঘৰলৈ সােমােৱা বাটৰ সন্মুখভাগ।

(খ) চ’ৰাঘৰ :- পদূলিমুখত সাজি থােৱা ঘৰ।

(গ) নঙলা :– পদূলিমুখৰ পদূলি ভেটা আৰু আহােতে যাওঁতে গুচাৰ আৰু লগাব পৰা বাঁহৰ দীঘল মাৰি।

(ঘ) পানীপােতা :- খেৰৰ বা টিনৰ ঘৰৰ চালৰ তলৰ পানী পৰা ভাগ।

(ঙ) জেওৰা :- বাৰীৰ বা পথাৰৰ শস্য আদি ৰক্ষা কৰিবলৈ দিয়া বাঁহৰ কামিৰ বেৰা ।

(চ) পচলা :- ৰান্ধি খাবৰ কাৰণে উপযুক্ত কলপুলিৰ তলৰ কোমল অংশ।

৮। উদাহৰণটো চাই বাকীকেইটা কৰা।

উদাহৰণ- মিলন – মহামিলন

ঔষধ………………

আনন্দ………………..

পুৰুষ ………………..

জীৱন…………………

ঋষি……………………

উত্তৰঃ মিলন – মহামিলন।

ঔষধ – মহৌষধ।

আনন্দ – মহানন্দ।

পুৰুষ – মহাপুৰুষ।

জীবন – মহাজীৱন।

ঋষি – মহর্ষি।

৯। তলৰ পৰ্ববােৰ অসমৰ কোন কোন ঠাইত পালন কৰা হয় ?

শিক্ষকৰ পৰা জানি লােৱা।

(ক) বাৰেচহৰীয়া ভাওনা।

(খ) বােকা ভাওনা।

(গ) জোনবিল মেলা।

(ঘ) নাঙলধােৱা উৎসৱ।

উত্তৰঃ (ক) বাৰেচহৰীয়া ভাওনা – জামুগুৰিহাট, তেজপুৰ।

(খ) বােকা ভাওনা- উজনি অসম।

(গ) জোনবিল মেলা – মৰিগাঁও জিলা।

(ঘ) নাঙলধোৱা উৎসৱ – উজনি অসম।

১০। বাক্য ৰচনা কৰা।

ডবা-বৰকাঁহ, উলহ-মালহ, ইজন-সিজন, ইকৰা-খাগৰি, ধুৱলি-কুঁৱলী।

উত্তৰঃ ডবা-বৰকাঁহ :- নামঘৰত প্ৰতিদিনে পুৱা-গধূলি ভৰাবৰাহ বজোৱা হয়।

উলহ-মালহ :- বৰপেটা অঞ্চলৰ সকলাে মানুহে দেউল উৎসৱটি উলহ-মালহেৰে পালন কৰে।

ইজন-সিজন :- ঈদ উসত্ৰত ইজনে সিজনক আকোৱালি শুভেচ্ছা জনােৱা দৃশ্য বৰ মনােৰম ।

ইকৰা-খাগৰি :- বর্তমান সময়তাে বংতাে ঠাইত ইকৰা-খাগৰিৰে জুপুৰি ঘৰ সজা দেখা যায়।

ধুৱলি-কুঁৱলী :- ফাগুনৰ পচোৱাই গােটেইখন ধুৱলি-কুঁৱলী কৰি তােলে, একো মণিবই নােৱাৰি।

৪। চমুটোকা লিখা।

(ক) গুণমালা।

(খ) কলীয়া গােসাঁই।

(গ) কীৰ্ত্তন ঘােষা। 

(ঘ) বৰগীত।

উত্তৰঃ (ক) গুণমালা :- মহাপুৰুষ শংকৰদেৱ বিৰচিত প্রসিদ্ধ ভক্তিমূলক কাব্য। ভাগৱতৰ সাৰ সংগ্ৰহ কৰি ৰচিত এই পুথি শংকৰদেৱে নাম-প্রসঙ্গত গৌৱাৰ উদ্দেশ্যে বা ব্যক্তিগতভারে ঈশ্বৰৰ গুণাৱলী কম সময়ৰ ভিতৰতে স্মৰণ কৰাৰ অর্থে ৰচনা কৰিছিল। অসমীয়া সমাজত গুণমালাৰ বিশিষ্ট স্থান আছে।

(খ) কলীয়া গােসাঁই :- কলীয়া গােসাঁই হল ভগবান শ্রীকৃষ্ণৰ প্রস্তৰ মূৰ্ত্তি। এই মূৰ্তিটো বৰপেটাৰ কীৰ্ত্তনঘৰত আছে। কীৰ্ত্তন ঘৰৰ দেউল উৎসৱত কলীয়া গােসইক মূল দুৱাৰেদি উলিয়াই আনি দৌলত স্থাপন কৰা হয়।

(গ) কীৰ্ত্তন ঘােষা :- শংকৰদেৱৰ ৰচিত কৃষলীলা বিষয়ক এখন পুথি। কীৰ্ত্তন ঘােষা শংকৰদেৱৰ কাব্য প্রতিভাৰ শ্ৰেষ্ঠ নিদর্শন, বৈষ্ণৱ সাহিত্যৰ কীর্তিস্তম্ভ। গীতা, ভাগৱত, পুৰাণ আদিৰ সাৰভাগেৰে এই পুথিখন ৰচনা কৰা হৈছে। ইয়াত প্রহলাদ চৰিত্র, শিশু লীলা, ৰাস লীলা, অজামিল উপাখ্যান, শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ প্রয়াণ, আদি ২৯টা খণ্ড আছে।

(ঘ) বৰগীত :- শ্ৰীশ্ৰীশংকৰদেৱ আৰু শ্ৰীশ্ৰীমাধৱদেৱ বিৰচিত গীতসমূহক বৰগীত আখ্যা দিয়া হয়। উচ্চ মানবিশিষ্ট সাৱলীল ভাষাৰ স্তুতিমূলক তথা উপদেশপূর্ণ; শাস্ত্রীয় ৰাগযুক্ত আধ্যাত্মিক ভার-গধুৰ বৰগীতৰ বৈশিষ্ট্য। শংকৰদেৱে বাৰকুৰি গীত ৰচিছিল যদিও বর্তমান ‘একুৰি চৈধ্যটা’ পােৱা গৈছে। এই বৰগীতসমূহ ব্ৰজাৱলী নামৰ এক কৃটিম ভাষাত লিখা। বৰগীতসমূহ আধ্যাত্মিক আৰু নামধর্ম প্রচাৰৰ উদ্দেশ্যে ৰচিত মধুৰ ৰসপূর্ণ, দাস্য, শান্ত, বাৎসল্য ভাৱ প্রধান।

মাধৱদেৱে নকুৰি এঘাৰটা’ বৰগীত ৰচনা কৰিছিল। মাধৱদেৱৰ বৰগীতত শিশুকৃষ্ণ লীলা বিষয়ক, অসমীয়া সমাজৰ ঘৰুৱা পৰিবেশৰ চিত্ৰ অংকিত হােৱা দেখা যায়।

৫। শংখ ঘণ্টা, বা-বৰকাহ কেইবিধমান বাদ্যযন্ত্রৰ নাম। তুমি জনা আৰু কেইবিধমান বাদ্যযন্ত্ৰৰ নাম লিখা।

উত্তৰঃ খােল, তাল, মৃদঙ্গৰ বাহিৰে আন কেইবিধমান বাদ্যযন্ত্র হ’ল দোতা, একতাৰা, খঞ্জী, নাগাৰা, ডবা, বাঁহী, তবলা, সুতুলি, টকা, গগণা, হাৰমনিয়াম ইত্যাদি। উক্ত বাদ্যযন্ত্রকেইবিধৰ ভিতৰত মােৰ ভাল লাগে আটাইতকৈ বাঁহী। বাঁহী সাধাৰণতে বাঁহ গছৰপৰা তৈয়াৰ কৰা হয়। বাঁহৰ বিভিন্ন প্রজাতিৰ ভিতৰত বিজুলী বাঁহৰ পৰা তৈয়াৰ কৰা বাঁহীয়েই বেছি পােৱা যায়। এই বাঁহীত চাৰিটাৰ পৰা ছয়/সাতলৈকে ফুটা থাকে। এফালে মূৰত মুখেৰে ফুৱাই ফুটাবােত আঙুলি বুলাই বিভিন্ন সুৰৰ মুৰ্ছনা তােলা হয় । অসমৰ বিভিন্ন জনগােষ্ঠীৰ নিজা নিজা বাঁহী আছে, প্রত্যেকৰে সুকীয়া সুকীয়া নামো আছে। উদাহৰণস্বৰূপে এইখিনিতে বড়ােসকলৰ চিফুং বাঁহীৰ কথা উল্লেখ কৰিব পাৰি।

১১। অসমৰ কেইগৰাকীমান মহাপুৰুষ যেনে- শংকৰদেৱ, মাধৱদেৱ, দামােদৰদেৱ, হৰিদেৱ আদিৰ বিষয়ে সবিশেষ জানিবলৈ যত্ন কৰা।

উত্তৰঃ ছাত্ৰ-ছাত্ৰীসকলে বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্রী, অভিভাৱক নাইবা বিদ্যালয়ৰ পুথিভঁৰালৰপৰা কিতাপ সংগ্রহ কৰি জানিবলৈ চেষ্টা কৰিব।

অতিৰিক্ত পাঠভিত্তিক প্রশ্নোত্তৰ

১। অসমৰ আটাইতকৈ ডাঙৰ কীৰ্ত্তন ঘৰটো ক’ত আছে ?

উত্তৰঃ বৰপেটাৰ কীৰ্ত্তন ঘৰটো অসমৰ ভিতৰত আটাইতকৈ ডাঙৰ কীৰ্ত্তনঘৰ বুলি ভবা হয়।

২। কীৰ্ত্তনঘৰৰ চালবােৰ আৰু খুটাবােৰ কিহেৰে তৈয়াৰী ?

উত্তৰঃ কীৰ্ত্তনঘৰৰ চালবােৰ খেৰৰ আৰু খুঁটাবােৰ তুলসীৰে তৈয়াৰী আছিল।

৩। দেউল উৎসৱত ‘গােন্ধৰ দিনা কি কৰা হয় ?

উত্তৰঃ দেউল উৎসৱত প্ৰথম দিনা পুৱাৰ গীত আদি গােৱাৰ পাছত শৰাই আঠখন পতা হয়। প্রসঙ্গৰ বিধিমতে ‘গােপাল গােবিন্দ হৰি ৰাম ৰাম’, ‘নিৰঞ্জন’, ‘কিমতে ভকতি’ আদি গােৱা হয়। এইদৰে গােৱাৰ পিছত ভাই দেখাে কমলাপতি দৌলৰ ওপৰে এইটো গীত ভাঙি দি পদবিলাক শেষ হলে পুনৰ ঘােষাৰ বাকী পদো গীততে গায়। অৱশ্যে মাজতে ওৰেষাৰ ঘােষাও গায়। আবেলি ভাগত যথা নীতি-নিয়মেৰে পূজা-পাতাল কৰি গােসাঁইক দৌলত স্থাপন কৰা হয়। ইয়াৰ পিছত প্রসঙ্গৰ সকলাে নীতি-নিয়ম দৌলৰ আগত কৰা হয়। এইখিনি সময়তে ঘােষা-কীৰ্ত্তনাে কৰা হয়। নিশাৰ ভাগত গুণমালা, ভটিমা আৰু সেৱা-কীৰ্ত্তন কৰি ভাওনা কৰা হয়।

৪। দেউলৰ তৃতীয় দিনা কি কৰা হয় ?

উত্তৰঃ দেউলৰ তৃতীয় দিনা দ্বিতীয় দিনাৰ দৰে কাৰ্যসূচীসমূহেই পালন কৰা হয়।

৫। গােসাঁইক দৌলত স্থাপন কৰাৰ আগতে খাটোলাত তুলি মেজিৰ চাৰিওফালে আৰু পুনৰ কীৰ্ত্তনঘৰত প্ৰৱেশ কৰােতে টোলৰ ভিতৰত কেইবাৰকৈ ঘূৰােৱা হয় ?

উত্তৰঃ সাতবাৰকৈ ঘূৰােৱা হয়।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top