Assam Jatiya Bidyalay Class 6 Assamese Chapter 11 বাথৌ

Assam Jatiya Bidyalay Class 6 Assamese Chapter 11 বাথৌ, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় অসমীয়া Class 6 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 11 বাথৌ Class 6 Assamese Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 6 Assamese Chapter 11 বাথৌ Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 6 Assamese Chapter 11 বাথৌ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

বাথৌ

Chapter – 11

অসম জাতীয় বিদ্যালয়

পাঠভিত্তিক ক্রিয়াকলাপৰ প্রশ্নোত্তৰ

১। একোটিকৈ বাক্যত উত্তৰ লিখা।

(ক) বড়াে শব্দৰ অৰ্থ কি ?

উত্তৰঃ ‘বড়াে’ শব্দৰ অৰ্থ ‘মানুহ’।

(খ) বাথৌ বেদীত কাক কাক থাপনা কৰা হয় ?

উত্তৰঃ বাথৌ বেদীত মহাদেৱ আৰু আই কামাখ্যাক থাপনা কৰা হয়।

(গ) বড়ােসকলৰ জাতীয় পানীয়বিধৰ নাম কি ?

উত্তৰঃ ‘জৌ’ বা ‘জুমায়’ নামৰ লাওপানীবিধ বড়ােসকলৰ জাতীয় পানীয়।

(ঘ) দখনা’ কোনে পিন্ধে ?

উত্তৰঃ বড়াে-কছাৰীৰ মহিলাই ‘দখনা পিন্ধে।

(ঙ) খেৰায় পূজা কাৰ উৎসৱ ?

উত্তৰঃ খেৰায় পূজা অসমৰ বড়ােকছাৰীৰ মাজত প্ৰচলিত উৎসৱ।

(চ) বড়ােসকলে বহাগ বিহুক কি বুলি কয় ?

উত্তৰঃ বড়ােসকলে বহাগ বিহুক ‘বৈচাণ্ড’ বুলি কয়।

২। চমু উত্তৰ লিখা।

(ক) কি কি তিনিটা কথা বড়োসকলে প্ৰধানকৈ গুৰুত্ব দিয়ে ?

উত্তৰঃ খেতিয়েই প্রধান জীৱিকা বাবে বড়ােসকলে তিনিটা কথা প্রধানকৈ গুৰুত্ব দিয়ে। এই কথাকেইটা হ’ল- 

(ক) স্থায়ী খেতিৰ পথাৰ।

(খ) ঘৰৰ মাটি।আৰু 

(গ) চৰণীয়া পথাৰ।

(খ) বড়াে মহিলাসকলে কেনেধৰণৰ সাজপাৰ আৰু আ-অলংকাৰ পিন্ধে লিখা।

উত্তৰঃ বড়াে মহিলাসকলৰ ‘দখনা’ বা ‘মেখেলা’ পিন্ধে আৰু গাত নানা ৰঙৰ সূতাৰে বােৱা ‘আলােৱান’ উৰি লয়। সােণ-ৰূপৰ বিভিন্ন আ-অলংকাৰৰ ভিতৰত বড়াে মহিলাসকলে কাণত খেৰা (কাণপাচা), জাপখ্রিং (ইয়াৰিং), তালিংলৰা (দুল), নাকত গণ্ঠনি বালি (নাকফুল), বৌলা, ডিঙিত চন্দ্ৰহাৰ অথবা বিছাহাৰ আৰু হাতত ‘আছান’ নামৰ খাৰু পিন্ধে।

(গ) খেৰায় পূজা বড়ােসকলে কি কি তিনিটা কাৰণত পালন কৰে লিখা।

উত্তৰঃ খেৰায় পূজা বড়ােসকলে প্রধানকৈ তিনিটা কাৰণত পালন কৰে। প্ৰথমটো খেৰায় পূজা আলু খেৰায় কৰা হয় আহাৰ বা শাওণ মাহত বাৰিষাৰ আহুধান আৰু অন্যান্য শস্যৰ মংগল কামনা কৰি, দ্বিতীয়টো শালি খেৰায় কৰা হয় কাতি মাহত খৰালিৰ ৰবিশস্য আৰু শালি ধানৰ মংগল কামনা কৰি। আনহাতে শেষৰবিধ খেৰায় পূজা কৰা হয় পৰিয়ালৰ কোনাে অসুখীয়া সদস্যৰ আশু-আৰােগ্য কামনা কৰি।

(ঘ) বড়ােসকলৰ পৰিয়াল ব্যৱস্থাৰ বিষয়ে চমুকৈ, লিখা।

উত্তৰঃ বড়ােসকলৰ পৰিয়াল ব্যৱস্থা প্রধানকৈ পিতৃপ্রধান। পিতাকেই পৰিয়াল পৰিচালনা কৰে। পিতাকৰ অবিহনে মাকে পৰিয়াল চলায়।

৩। বড়ােসকলৰ জীৱিকাৰ প্ৰধান উপায় হৈছে খেতি।জীৱিকাৰ উপায় বুলিলে কি বুজা ? খেতিৰ উপৰি আৰু কি কি উপায়েৰে জীৱিকা নির্বাহ কৰিব পাৰি চমুকৈ লিখা।

উত্তৰঃ সাধাৰণতে মানুহে যিবােৰ কাম কৰি নিজৰ প্রয়ােজনবােৰ পূৰ কৰে অর্থাৎ খাদ্য, অর্থ আদি উপার্জন কৰে, তাকে জীৱিকাৰ উপায় বােলে।

জীৱিকাৰ এটা প্রধান উপায় কৃষি। কৃষিৰ বাহিৰেও অন্যান্য জীৱিকাৰ উপায় কিছুমান হ’ল- চাকৰি কৰা, দোকান-পােহাৰ দিয়া, ঠিকা-কুলি আদি বিভিন্ন ব্যৱসায় কৰা, বৃত্তিগত ব্যৱসায় যেনে- চিকিৎসা, ওকালতি, সাংবাদিকতা আদি কৰা।

8। উৎসৱ বুলিলে কি বুজা ?

উত্তৰঃ উৎসৱ বুলিলে মানুহক উৎসাহিত বা উর্ধমুখী কৰি তােলা বা সন্তোষজনক আৰু বহুজন মিলি সমাৰােহেৰে কৰা সৃষ্টিধর্মী আনন্দময় কার্যক বুজায়। উৎসৱ হ’ল কোনাে বীৰত্বব্যঞ্জক, গৌৰৱপূর্ণ বা তৃপ্তিদায়ক ঘটনা উপলক্ষ্যে আনন্দ প্রকাৰৰ  অৰ্থে কৰা সমূহীয়া কর্ম। এনে কর্মত পূজা, সেৱা নাচ-গান বাদ্য, অভিনয়, ধেমেলিয়া অনুষ্ঠান, ভােজমেল, মেলা, খেলা-ধূলা আদি জড়িত হৈ থাকে।

৫৷ তলৰ কোনটো উৎসৱ কোন জনগােষ্ঠীৰ লিখা।

(ক) চমংকান………………..

(খ) বিছু…………………..

(গ) পঃৰাগ…………………..

(ঘ) কৰম পৰব……………………

উত্তৰঃ (ক) চমংকান – কাবি জনগােষ্ঠী।

(খ) বিছু – বড়াে জনগােষ্ঠী।

(গ) পঃৰাগ – মিছিং জনগােষ্ঠী।

(ঘ) কৰম পৰব – চাহ জনগােষ্ঠী।

৬। অসমত বাস কৰা কেইটামান পাহাৰীয়া জনগােষ্ঠী আৰু কেইটামান ভৈয়ামৰ জনগােষ্ঠীৰ নাম লিখা।

উত্তৰঃ অসমত বাস কৰা পাহাৰীয়া জনগােষ্ঠী কিছুমান হ’ল- কাৰ্বি ডিমাছা, লালুং, গাৰৰ ইত্যাদি।

ভৈয়ামত বাস কৰা কিছুমান জনগােষ্ঠী হ’ল- বড়াে, ৰাভা, মিছিং, তিৱা, মৰাণ, চুতীয়া ইত্যাদি।

৭। অভিধান চাই তলৰ শব্দবােৰৰ অর্থ লিখা।

থাপনা, আলপৈচান, অবিচ্ছদ্য, আবাহন, মেৰুদণ্ড, নৈবেদ্য, ন-ঘৰ।

উত্তৰঃ শব্দ – অর্থ

থাপনা – যি ওখ ঠাই বা কাঠৰ বেদীত ঈশ্বৰ সেৱাৰ বাবে শাস্ত্র বা মূৰ্তি ৰখা হয়, উপাসনাৰ স্থল।

আলপৈচান – পৰিচর্যা।

অবিচ্ছেদ্য – যাক বিভক্ত বা বিচ্ছিন্ন কৰিব নােৱাৰি।

আবাহন – আহৰণ।

মেৰুদণ্ড – ৰাজহাড়, পৃথিৱীৰ উত্তৰ আৰু দক্ষিণ মেৰু স্পর্শ কৰি থকা 

কাল্পনিক ৰেখা।

নৈবেদ্য – দেৱতাক নিবেদন কৰা দ্রব্য।

ন- ঘৰ – নতুনকৈ লােৱা ঘৰ।

৮। উদাহৰণটো চাই বাকীকেইটা কৰা।

উদাহৰণ-  গছ – বৃক্ষ।

গাওঁ…………………..

হেতু …………………

কাপােৰ………………….

জেউতি…………………….

নৃত্য…………………….

নতুন…………………….

উত্তৰঃ গছ – বৃক্ষ।

গাওঁ – গ্রাম।

হেতু – কাৰণ।

কাপােৰ – অম্বৰ, বস্ত্র।

জেউতি – পােহৰ, জ্যোতি।

নৃত্য – নাচ।

নতুন – নৱ।

৯। তলত দিয়া শব্দবােৰেৰে নতুন শব্দ গঠন কৰা।

অপ + মান = অপমান।

প্রতি + ধ্বনি = …………………

পৰা + জয় =……………………

সম + বাদ =…………………..

অধি + কাৰ =………………….

প্র + মনি =…………………..

অবি + দিত= …………………….

উত্তৰঃ অপ + মান = অপমান।

প্রতি + ধ্বনি = প্রতিধ্বনি।

পৰা + জয় = পৰাজয়।

সম্ + বাদ = সম্বাদ।

অধি + কাৰ = অধিকাৰ।

প্র + মান = প্রমাণ।

অবি + দিত = অবিদিত।

১০। বাক্য ৰচনা কৰা।

আচাৰ-ব্যৱহাৰ, ৰীতি-নীতি, উৎসৱ-পাৰ্বন, সাজ-পাৰ, আ-অলংকাৰ

উত্তৰঃ আচাৰ-ব্যৱহাৰ :- অসমৰ জনজাতীয় লােকসকলৰ আচাৰ-ব্যৱহাৰ অতি সৰল।

ৰীতি-নীতি :- সমাজত প্ৰচলিত ৰীতি-নীতিসমূহে সামাজিক বান্ধোন দৃঢ় কৰাত সহায় কৰে।

উৎসব-পার্বন :- উৎসৱ-পাৰ্বনবােৰে মানুহক বিনােদনৰ যােগান ধৰাৰ লগতে ন-ন কামত আগবাঢ়ি যাবলৈ প্ৰেৰণা যােগায়।

সাজ-পাৰ :- অসমৰ প্ৰতিটো জনগােষ্ঠীৰে নিজা নিজা সাজ-পাৰ আছে।

আ-অলংকাৰ :- আজিকালি সােণৰ আ-অলংকাৰৰ দাম যথেষ্ট বেছি।

১১। লােক-সাহিত্যৰ বিষয়ে এটা টোকা প্রস্তুত কৰা।

উত্তৰঃ লােক-সাহিত্য এটা জাতিৰ প্ৰাণস্পন্দন স্বৰূপ। এই লােক-সাহিত্য যােগেদি এটা জাতিৰ প্ৰাণৰ পৰিচয় ফুটি ওলায়। এই সাহিত্যই মুখে মুখে চলি আহি যুগ যুগ বছৰ পাৰ কৰি বর্তমান যুগ পাইছেহি। লােক-জীৱনৰ আশা-আকাঙ্খা এই শ্ৰেণীৰ সাহিত্যৰ মাজেদি সুন্দৰভাৱে প্ৰকাশি উঠে। তদুপৰি ইয়াৰ মাজত প্রকাশ পায় বিশ্বজনীনতা। লােক-সাহিত্যৰ ৰচনাৰীতিও সহজ-সৰল। বিশ্বৰ অন্যান্য বহু সাহিত্যৰ দৰে অসমীয়া সাহিত্যও এই শ্ৰেণীৰ লােক-সাহিত্যৰে চানেকী। অসমীয়া জন-জীৱনৰ সৌন্দর্য-চেতনা, আশা-আকাঙ্খ আৰু প্রাণময়তা ইয়াৰ যােগেদি সুন্দৰভাৱে প্রকাশিত হৈছে। অসমীয়া লােক-সাহিত্য গদ্য আৰু পদ্য উভয়তে ৰচিত যদিও ইয়াৰ সৰহভাগেই গীতি-সাহিত্য।

গীতি-সাহিত্যৰ ভিতৰত ‘বিহুগীত আৰু নামঘােষা’ লােকগীত, বিয়ানাম, মহােহাে গীত, আইনাম, কাহিনী গীত, গােৱালপৰীয়া মৈসাল গীত, হাতী চিকাৰৰ গীত আদিয়েই প্রধান। আনহাতে অসমীয়া গদ্য লােক-সাহিত্যৰ ভিতৰত সাধুকথাবােৰ, ফকৰা-যােজনা, প্ৰৱচনবােৰ, মন্ত্র সাহিত্যসমূহক ধৰিব পাৰি।

অতিৰিক্ত পাঠভিত্তিক প্রশ্নোত্তৰ

১। বড়াে জনগােষ্ঠীৰ প্ৰধান দের কোন ?

উত্তৰঃ বাথৌ হ’ল বড়াে জনগােষ্ঠীৰ প্রধান দেৱতা।

২। বড়াে কছাৰী লােকসকল ক’ত কত আছে ?

উত্তৰঃ বড়াে কছাৰী লােকসকল অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকা, উত্তৰ বংগ, কাছাৰ জিলা, ত্ৰিপুৰা আৰু দক্ষিণ নেপালত আছে।

৩। বাথৌ দেৱতাক হিন্দুসকলৰ কোনজন দেৱতাৰ লগত তুলনা কৰা হয় ?

উত্তৰঃ বাথৌ দেৱতাক হিন্দুসকলৰ দেৱতা শিৱৰ লগত তুলনা কৰিব পাৰি।

৪। বার্থেীৱে প্রতিনিধিত্ব কৰা বুলি বড়ােসকলে কোনজোপা গছক পূজা কৰে ?

উত্তৰঃ বাথৌৱে প্রতিনিধিত্ব কৰা বুলি বড়ােসকলে সিজু গছক পৱিত্ৰ জ্ঞান কপি পূজা কৰে।

৫। বড়াে পৰিয়ালে সিজু গছ চোতালৰ কোনটো দিশত ৰুৱে ?

উত্তৰঃ প্ৰতিটো বড়াে পৰিয়ালে চোতালতে উত্তৰ-পূৱ দিশত সিজু গছ কই তাৰ গুৰিত বেদী তৈয়াৰ কৰি চাকি জ্বলায়।

৬। বড়ােসকলে ধান কি বুলি মানে ?

উত্তৰঃ বড়ােসকলে ধানক লক্ষ্মী দেৱী মায়নাও’ বুলি মানে।

৭। বড়ােসকলৰ প্ৰধান আহাৰ কি ?

উত্তৰঃ ভাতেই বড়ােসকলৰ প্ৰধান আহাৰ।

৮। বড়ােসকলৰ জাতীয় পানীয়বিধৰ ব্যৱহাৰ সম্পর্কে লিখা।

উত্তৰঃ ‘জৌ’ বা ‘জুমায়’ নামৰ জাতীয় পানীয়বিধক ঈশ্বৰে জীৱন ৰক্ষাৰ হেতু সৃষ্টি কৰা বুলি বিশ্বাস কৰে। বিহু আৰু খেৰায় পূজা আদি জাতীয় উৎসৱ-পার্বন উপলক্ষে এই ‘জৌ’ বনায়। ইয়াৰ বাহিৰেও অতি আপােনজনক মৰম দেখুৱাবলৈ নাইবা বয়সস্থজনক শ্রদ্ধা দেখুৱাবলৈ বড়ােসকলে বৰা চাউলৰপৰা তৈয়াৰ কৰা জুমায়ৰ ৰস খুৱাই মৰম, শ্ৰদ্ধাৰ চিনাকি দিয়ে।

৯। কাপােৰ ব’ব নজনা ছােৱালীক বড়ােসকলে কি বুলি কয় ?

উত্তৰঃ কাপােৰ ব’ব নজনা ছােৱালীক বড়ােসকলে ‘আলুৰি’ বুলি কয়।

১০। বড়াে পুৰুষসকলৰ পৰম্পৰাগত সাজ-পােছাক কি ?

উত্তৰঃ বড়াে পুৰুষসকলে মূৰত পাগুৰি, গাত চুৰিয়া চোলা, গলত আৰনাই আৰু কান্ধত এড়ি কাপােৰ লয়।

১১। বড়াে মহিলাসকল কি কি কামত পাকৈত ?

উত্তৰঃ বড়াে মহিলাসকল ৰন্ধা-বঢ়া কৰা, কাপােৰ বােৱা, সূতা কটা, তুই ৰােৱা, টেকী দিয়া, আলহীৰ আলপৈচান ধৰা আদি কামত পাকৈত।

১২। ৰাজহুৱা ভাবে খেয় পূজা বড়ােসকলে কেনেদৰে পালন কৰে, চমুকৈ লিখা।

উত্তৰঃ ৰাজহুৱাভাৱে খেৰায় পূজা পথাৰৰ মাজত কৰা হয়। বেদীৰ কাৰণে ঠাই পৰিস্কাৰ কৰি পাহাৰৰ ওপৰৰ বা তেনেধৰণৰ ওখ ঠাইৰ পৰা মাটি আনি ডেৰহাতমান বহল আৰু আধাহাত মান ওখ ঢাপ কৰি ভৰা কলহৰ পানীৰে মচি লােৱা হয়। তাৰ পিছত শান্তি পানী ছটিওৱা সিজু গছৰ ঠানি আৰু তুলসীৰ ঠানি এডাল বেদীৰ মাজত ৰুই দিয়া হয়। সিজু গছৰ তলত বাথৌ বেদীৰ ওপৰত এটা গােলাকাৰ শিল আৰু কুকুৰাৰ এটা কণী দিয়া হয়। খেৰায়ৰ বাথৌ বেদী সাজিবলৈ ঠাই পৰিস্কাৰ কৰাৰপৰা বেদী তৈয়াৰ হােৱালৈকে এই আটাইখিনি সময়ত ‘খাম’ (মাদল) চিফুং (বাঁহী) বজাই ‘বার্থেী জগােৱা’ আবাহন মন্ত্র গাই থকা হয়।খেৰায়ৰ বেদীৰ ওপৰত এডাল আগ থকা বিজুলী বাঁহ ৰুই দি তাৰ ওপৰত শান্তি প্রতীক হিচাপে ‘জাথা’ নামৰ বগা কাপােৰ এডােখৰ উৰুৱাই দিয়া হয়। বেদীৰ সমুখৰ দুৱাৰৰ দুয়ােফালে দুডাল আগথকা বিজুলী বাঁহ কই দিয়া হয়। বাথৌৰ মূল সিজুগছৰ বেদীৰ তলত কলপাত এখনত তামােল-পাণ এযােৰ, কল এআষি, ধূপ-ধূনা, চাকি দিয়া হয়। তাতেই বার্থেী মহাৰাজক আসন দিয়া হয়। তেওঁক পূজিবলৈ গাহৰিও বলি দিয়া হয়। বাথৌৰ চৰী বা গা-ৰক্ষীক কুকুৰা বলি দি পূজা কৰা হয়। এই খেৰায় পূজাত দেউধনীয়ে ঢাল আৰু তৰােৱাল লৈ নৃত্য কৰে। খেৰায় পূজা বড়ােসকলৰ জাতীয় জীৱন তথা সংস্কৃতিৰ মেৰুদণ্ডস্বরূপ।

১৩। বড়ােসকলে ‘হাপছা পূজা’ কিদৰে পালন কৰে লিখা।

উত্তৰঃ বড়ােসকলৰ ‘হাপছা পূজা’ নতুন ঘৰ লােৱা, নতুন বছৰ আৰম্ভ আৰু বিভিন্ন উৎসৱ-পাৰ্বন উপলক্ষে কৰা হয়। বাথৌ বেদীৰ সন্মুখত ঘৰৰ আটায়ে আঁতুলয় আৰু ওজাই নৈবেদ্যবােৰ দেৱ-দেৱীক আগবঢ়াই দিয়ে। পিছত দেউৰীয়ে তুলসীৰ পাত আৰু দুবৰি বনৰ আগ, সােণৰ আঙুঠিৰে শান্তিপানী ছটিয়াই পূজাৰ কাম সমাধা কৰে। বুঢ়া বাথৌক জৌ কলহ একোটাও দিয়া হয়। এই পূজা দিয়াৰ পাছত বৰঘৰৰ দুৱাৰমুখত কুকুৰাৰ পােৱালী এযােৰ কাটি (যদি এই পূজা নতুন ঘৰ লােৱাৰ উদ্দেশ্য কৰা হয়) ন-ঘৰৰ দুৱাৰ মুকলি কৰে।

১৪। বড়ােসকলে বিহু কিদৰে পালন কৰে লিখা।

উত্তৰঃ বড়ােসকলে বহাগ বিহু সাতদিনীয়াকৈ পালন কৰে। বহাগ বিহুক তেওঁলােকে ‘বৈছাগু’ বুলি কয়। হুঁচৰিৰ দৰে নতুন বছৰৰ দ্বিতীয় দিনাৰপৰা পাঁচদিনলৈ দলবান্ধি ঘৰে ঘৰে মাগন’ কৰি ফুৰে। শেষৰ দিনা ভােজ-ভাত খায়।

১৫। কোনবােৰ উপাদানেৰে বড়ােসকলে নিজকে এটা চহকী জনগােষ্ঠী বুলি পৰিচয় দিবলৈ সক্ষম হৈছে ?

উত্তৰঃ আচাৰ-ব্যৱহাৰ, ৰীতিনীতি, উৎসৱ-পাৰ্বণ, সাজ-পােছাক, আ-অলংকাৰেৰে বড়োসকলে নিজকে এটা চহকী জনগােষ্ঠী বুলি সুকীয়া পৰিচয় দিবলৈ সক্ষম হৈছে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top