Assam Jatiya Bidyalay Class 6 Assamese Chapter 10 ফলাফল

Assam Jatiya Bidyalay Class 6 Assamese Chapter 10 ফলাফল, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় অসমীয়া Class 6 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 10 ফলাফল Class 6 Assamese Question Answer can be of great value to excel in the examination.

Join Telegram channel

ফলাফল

Chapter – 10

অসম জাতীয় বিদ্যালয়

পাঠভিত্তিক ক্রিয়াকলাপৰ প্রশ্নোত্তৰ

১। কৰি নৱকান্ত বৰুৱাৰ এক পৰিচয়মূলক টোকা লিখা। নাইবা শিশু-সাহিত্যিক হিচাপে নৱকান্ত বৰুৱাৰ পৰিচয় দিয়া।

উত্তৰঃ নৱকান্ত বৰুৱাৰ জন্ম হয় ১৯২৬ চনৰ ২৬ ডিচেম্বৰত গুৱাহাটীত। পিছত নগাওঁ চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰপৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীর্ণ হয়। ইয়াৰ পিছত শান্তি নিকেতনৰ বিশ্বভাৰতীৰ পৰা ইংৰাজীত অনার্চ লৈ বি.এ. আৰু আলিগড় মুছলিম বিশ্ববিদ্যালয়পৰা ইংৰাজীত এম. এ. ডিগ্রী লাভ কৰে।  

নৱকান্ত বৰাই বহুতাে কবিতা, নাটক, উপন্যাস আদি ৰচনা কৰাৰ উপৰিও শিশুসকলৰ কাৰণেও বহুতাে সাহিত্য ৰচনা কৰি গৈছে। ছদ্ম নামত শিশুসকলৰ বাবে এই ৰছনাবােৰ লিখিছিল। এখুদ ককাইদেউ’, নতুন ককাইদেউ’, ‘সপােন ককা’ আদি নামেৰে তেওঁ শিশুৰ উপযোগী লেখাসমূহ হ’ল- শিশু উপন্যাস ‘শিয়ালী পালেগৈ ৰতনপুৰ’, ‘আখৰৰ জখলা’, কাহিনী ‘ভত উকাৰে ভূ’, গীতিনাট্য আৰু নাটিকা ‘মই টুনীয়ে টুনটুনালাে’, ‘গােলাপ আৰু বেলিফুল’, ‘মনত পৰা শব্দ’, ‘কেৰেলুৱাৰ ৰেল’, ‘কাগজ-কলমৰ বণ’, কবিতা সংকলন ‘ওমলা ঘৰৰ পুথি’, ৰামায়ণ আৰু উপনিষদৰ কাহিনীৰ ওপৰত ভিত্তি কৰি শিশু উপযােগীকৈ লিখা কিশােৰ ৰামায়ণ’, ‘কিশােৰ উপনিষদ ইত্যাদি।

পাঠভিত্তিক ক্রিয়াকলাপৰ প্রশ্নোত্তৰ

১। প্রথমে কোৱা, তাৰ পাছত লিখা।

(ক) অজগৰৰ নেজৰ কোবত উভালি পবা, বনজোপাৰ নাম কি ?

উত্তৰঃ অজগৰৰ নেজৰ কোবত উভালি পৰা বনজোপা হ’ল ববছা বন।

(খ) অজগৰ দুটাৰ কাজিয়াৰ ফলাফল কি হল ?

উত্তৰঃ অজগৰ দুটাৰ কাজিয়াৰ ফলত দুয়ােটা অজগৰেই মৰি থাকিল।

২। একে অর্থবােধক শব্দ লিখা।

ক্রুদ্ধ, যুদ্ধ, ভীষণ, চকু, কাজিয়া, পতিয়ন

উত্তৰঃ শব্দ – সমার্থক শব্দ

ক্ৰুদ্ধ – খং, ৰাগ।

যুদ্ধ – যুজঁ, কাজিয়া, ৰণ।

ভীষণ – প্ৰৱল।

চকু – নয়ন, অক্ষি।

কাজিয়া – যুঁজ।

পতিয়ন – সৈমান।

৩। বিপৰীত অর্থবােধক শব্দ লিখা।

শেষ, জয়, মিছা।

উত্তৰঃ শব্দ – বিপৰীত অর্থবােধক শব্দ

শেষ – আৰম্ভণি, সূচনা।

জয় – পৰাজয়।

মিছা – সঁচা, সত্য।

অতিৰিক্ত পাঠভিত্তিক প্রশ্নোত্তৰ

১। ববছা বনৰ মুঢ়াটো কিয় উভালি পৰিছিল ?

উত্তৰঃ অজগৰ দুটাৰ কাজিয়াত নেজৰ কোবত ববছা বনৰ মূঢ়াটো উভালি পৰিছিল।

২। অজগৰ দুটাৰ কাজিয়া কিমান দিন ধৰি চলিছিল ?

উত্তৰঃ প্রায় আঠ দিন ধৰি কাজগৰ দুটাৰ কাজিয়া চলিছিল।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top