Assam Jatiya Bidyalay Class 5 Social Science Chapter 5 ভাৰতৰ আৰ্যসকল

Assam Jatiya Bidyalay Class 5 Social Science Chapter 5 ভাৰতৰ আৰ্যসকল, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় সমাজ বিজ্ঞান Class 5 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 5 ভাৰতৰ আৰ্যসকল Class 5 Social Science Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 5 Social Science Chapter 5 ভাৰতৰ আৰ্যসকল Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 5 Social Science Chapter 5 ভাৰতৰ আৰ্যসকল provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

ভাৰতৰ আৰ্যসকল

Chapter – 5

অসম জাতীয় বিদ্যালয়

EXERCISE QUESTION ANSWER

১। উত্তৰ লিখা-

(ক) আৰ্যসকলে ভাৰতত কোন দিশেৰে প্ৰৱেশ কৰিছিল ?

উত্তৰঃ আৰ্যসকলে উত্তৰ-পশ্চিম দিশেৰে ভাৰতত প্ৰৱেশ কৰিছিল।

(খ) খ্ৰীষ্টপূৰ্ব কিমান শতিকাত আৰ্যসকলে ভাৰতত প্ৰৱেশ কৰিছিল ?

উত্তৰঃ প্ৰায় ২০০০ খ্ৰীষ্টপূৰ্ব ৰ পৰা ১৫০০ খ্ৰীষ্টপূৰ্বৰ ভিতৰত আৰ্যসকলে ভাৰতত প্ৰৱেশ কৰিছিল।

(গ) আৰ্যসকল আহি পোনপ্ৰথমে ভাৰতৰ কোন ঠাইত বসবাস কৰিবলৈ লয় ?

উত্তৰঃ প্ৰথম অৱস্থাত ‘সপ্তসিন্ধু’ৰ পাৰতেই আৰ্যসকলে বসতি স্থাপন কৰিছিল; ‘সপ্তসিন্ধু মানে সিন্ধু নদী আৰু ছয়খন উপনৈ ক্ৰমে শতদ্রু, বিপাশা, ইৰাৱতী, চন্দ্ৰভাগা, বিতস্তা আৰু সৰস্বতী।

(ঘ) আৰ্যসকলৰ মাজত বাল্য বিবাহৰ আৰু বিধবা বিবাহৰ প্ৰচলন আছিল নে ?

উত্তৰঃ আৰ্যসকলৰ মাজত বাল্য বিবাহৰ প্ৰচলন নাছিল আৰু বিধবা বিবাহ প্ৰচলিত আছিল।

(ঙ) আৰ্যসকলৰ চাৰিবৰ্ণ কি কি ?

উত্তৰঃ আৰ্যসকলৰ চাৰিবৰ্ণ হৈছে ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য আৰু শূদ্ৰ।

(চ) আৰ্যসকলে নিজৰ জীৱন কালছোৱাক কি কি ভাগত ভাগ কৰিছে ?

উত্তৰঃ আৰ্যসকলৰ কালছোৱাক চাৰিটা ভাগত ভাগ কৰিছে । ভাগবোৰ হল  ব্ৰহ্মচাৰ্য, গাৰ্হস্থ্য, বানপ্ৰস্থ আৰু সন্যাস ।

(ছ) আৰ্যসকলৰ মূল জীৱিকা কি ?

উত্তৰঃ আৰ্যসকলৰ মূল জীৱিকা আছিল কৃষি আৰু পশুপালন।

(জ) আৰ্যসকলে বস্তু বিনিময়ৰ বাবে কি ব্যৱহাৰ কৰিছিল ?

উত্তৰঃ আৰ্যসকলে প্ৰথমে গৰুক বিনিময়ৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰিছিল, পাছলৈ অৱশ্যে ‘নিক্সা’ নামৰ এবিধ সোণৰ মোহৰৰ প্ৰচলন হৈছিল।

(ঝ) নিক্সা কি ?

উত্তৰঃ আৰ্যসকলে বস্তু বেচা-কিনা কৰাৰ বাবে ব্যৱহাৰ কৰা সোণৰ মোহৰক নিক্সা বোলা হয়।

(ঞ) আৰ্যসকলে প্ৰধান দেৱী হিচাপে কাক কাক পূজা কৰিছিল ?

উত্তৰঃ আৰ্যসকলে ‘উষা’ আৰু অদিতিক প্ৰধান দেৱী হিচাপে পূজা কৰিছিল।

(ট) আৰ্যসকলৰ আদি গ্ৰন্থ কি ?

উত্তৰঃ বেদ হৈছে আৰ্যসকলৰ আদি গ্ৰন্থ।

(ঠ) বেদৰ আন এটা নাম কি ?

উত্তৰঃ বেদৰ আন এটা নাম হৈছে শ্ৰুতি।

(ড) বেদৰ অৰ্থ কি ?

উত্তৰঃ বেদৰ অৰ্থ হ’ল জ্ঞান।

(ঢ) বেদ কেইখন আৰু কি কি ?

উত্তৰঃ বেদ চাৰিখন। ঋকবেদ, যজুবেদ, সামবেদ আৰু অথৰ্ববেদ।

(ণ) আটাইতকৈ প্ৰাচীন বেদখনৰ নাম কি ?

উত্তৰঃ আটাইতকৈ প্ৰাচীন বেদ খনৰ নাম হৈছে ঋকবেদ।

(ত) ঋকবেদত কিমানটা শ্লোক আছে ?

উত্তৰঃ ঋকবেদত ১০২ টা শ্লোক আছে।

(থ) চিকিৎসা বিজ্ঞান সম্পৰ্কীয় বেদ কোনখন ?

উত্তৰঃ চিকিৎসা বিজ্ঞান সম্পৰ্কীয় বেদখনৰ নাম অথৰ্ববেদ।

(দ) আৰ্যসকলৰ চাৰিখন বেদৰ উপৰি তিনিখন উল্লেখযোগ্য গ্ৰন্থৰ নাম লিখা ।

উত্তৰঃ চাৰিখন বেদৰ উপৰিও সেই সময়ত আন কেইখনমান উল্লেখযোগ্য গ্ৰন্থ হৈছে ব্ৰাহ্মণ, আৰণ্যক আৰু উপনিষদ।

(ধ) দশমিক সংখ্যাৰ ধাৰণা প্ৰথমতে ক’ত হৈছিল ?

উত্তৰঃ দশমিক সংখ্যাৰ ধাৰণা ভাৰততেই প্ৰথমে আবিষ্কাৰ হৈছিল।

(ন) বেদৰ উপৰি চাৰিখন উপবেদ কি কি ?

উত্তৰঃ বেদৰ উপৰি চাৰিখন উপবেদ হৈছে আয়ুৰ্বেদ বা চিকিৎসা বিজ্ঞান, ধনুৰ্বেদ বা সামৰিক বিজ্ঞান, সংগীত কলা সম্বন্ধীয় গন্ধৰ্ববেদ, স্থাপত্য বিদ্যা  সম্বন্ধীয় বেদ স্থাপত্যবেদ।

(প) আৰ্যসকলৰ বিশ আৰু জন কি ?

উত্তৰঃ আৰ্যসকলৰ কেইবাখনো গাওঁ লগ লাগি একোটা বিশ গঠন কৰিছিল আৰু কেইবাটাও বিশ লগ লাগি একোটা জন গঠন কৰিছিল।

(ফ) আৰ্যসকলৰ পৰিয়ালৰ মূল মানুজনক কি বোলে ?

উত্তৰঃ আৰ্যসকলৰ পৰিয়ালৰ মূল মানুজনক গৃহপতি বোলা হয়।

(ব) আৰ্যসকলৰ গাঁৱৰ মূল মানুজনক কি বোলে ?

উত্তৰঃ আৰ্যসকলৰ গাঁৱৰ মূল মানুজনক গ্ৰামীনি বোলা হয়।

(ভ) আৰ্যসকলৰ বিশৰ মূল মানুজনক কি বোলে ?

উত্তৰঃ আৰ্যসকলৰ বিশৰ মূল মানুজনক বিশপতি বোলা হৈছিল।

(ম) আৰ্যসকলৰ জনৰ মূল মানুজনক কি বোলে ?

উত্তৰঃ আৰ্যসকলৰ জনৰ  মূল মানুজনক ৰাজন বোলা হৈছিল।

(য) ৰামায়ণ আৰু মহাভাৰত কেতিয়া ৰচনা হৈছিল ?

উত্তৰঃ বৈদিক যুগৰ শেষৰফালে ৰামায়ণ আৰু মহাভাৰত ৰচনা হৈছিল।

(ৰ) মহাকাব্য দুখনৰ পিছত উল্লেখযোগ্য ৰচনা ৰাজি কি ?

উত্তৰঃ মহাকাব্য দুখনৰ পিছতেই সেই সময়ৰ উল্লেখযোগ্য ৰচনাৰাজি হল পুৰণসমূহ।

(ল) পূৰণ কেইখন ?

উত্তৰঃ পূৰণ ওঠৰখন ।

(ৱ) আৰ্যসকলে যাতায়াতৰ বাবে কি ব্যৱহাৰ কৰিছিল ?

উত্তৰঃ আৰ্যসকলে যাতায়াতৰ বাবে গৰুগাড়ী ব্যৱহাৰ কৰিছিল।

(শ) আৰ্যসকলৰ মুখ্য বিচাৰপতি কোন ?

উত্তৰঃ আৰ্যসকলৰ মুখ্য বিচাৰপতি আছিল ৰাজন।

(ষ) আৰ্যসকলে অগ্নিৰ পিছত কাক স্তুতি কৰিছিল ?

উত্তৰঃ আৰ্যসকলে অগ্নিৰ পিছতে বৰুণক স্থান দিছিল আৰু স্তুতি কৰিছিল।

২। চমুকৈ উত্তৰ লিখা।

(ক) আৰ্যসকলৰ সীমা ক’ৰপৰা কলৈ আছিল ?

উত্তৰঃ আৰ্যসকলৰ সীমা আছিল উত্তৰে হিমালয়, দক্ষিণে বিন্ধ‍্য পৰ্বত, পূবে বংগোপসাগৰ আৰু পশ্চিমে আৰব সাগৰ।

(খ) পাঠৰ মতে আৰ্য শব্দৰ অৰ্থ কি কি ?

উত্তৰঃ  এচাম পণ্ডিতৰ মতে ‘আৰ্য’ শব্দৰ অৰ্থ হৈছে কৃষক। বহু যুগৰ পিছত তেওঁলোকে ‘আৰ্য’ শব্দৰ অৰ্থ ‘ শ্ৰেষ্ঠ’ কৰি লৈছিল।

(গ) আৰ্যসকলৰ হাতত যুদ্ধৰ হাৰি অনাৰ্যসকল কলৈ গৈছিল ?

উত্তৰঃ আৰ্যসকলৰ লগত যুদ্ধত হাৰি অনাৰ্যসকলে ওচৰৰ হাবি-জংগলত আৰু পাহাৰ পৰ্বতত আশ্ৰয় লৈছিল, কিছুমান দক্ষিণৰ ফালে গুচি গৈছিল আৰু আন কিছুমানে দাস হিচাপে থাকি গৈছিল।

(ঘ) কি কি গুণৰ ওপৰত নিৰ্ভৰ কৰি এজন ৰাজন নিৰ্বাচিত হব পাৰে ?

উত্তৰঃ এজন লোক ৰাজন হিচাপে নিৰ্বাচিত হবলৈ হ’লে লোকজন যুদ্ধবিদা আৰু প্ৰশাখনত সুদক্ষ বা পাৰ্গত হব লাগিব।

(ঙ) মহাকাব্যৰ যুগ বুলিলে কি বুজা ?

উত্তৰঃ বৈদিক যুগ অৰ্থাৎ বেদ ৰচনা হোৱাৰ পাছৰ যুগক বৈদিক যুগ হিচাপে চিহ্নিত কৰা হৈছে।

(চ) আৰ্যসকলে পৃথিৱীৰ বিভিন্ন ঠাইলৈ বিয়পি পৰাৰ কাৰণ কি কি ?

উত্তৰঃ আৰ্যসকল পৃথিৱীৰ বিভিন্ন ঠাইলৈ বিয়পি পৰাৰ কাৰণ হৈছে, ক্ৰমাগতভাৱে বাঢ়ি অহা জনসংখ্যা, পশুৰ বাবে চৰণীয়া পথাৰৰ অভাৱ, উৰ্বৰা মাটি আৰু খাদ্যৰ নাটনি।

(ছ) আৰ্যসকলে অনাৰ্যসকলৰ পৰা কি কি শিকিছিল ?

উত্তৰঃ আৰ্যসকলে অনাৰ্যসকলৰ পৰা শিকি লোৱা কথাবোৰৰ ভিতৰত উল্লেখযোগ্য হল , বিভিন্ন শস্যৰ খেতি, জলসিঞ্চন প্ৰণালী, নাও সজা , সুৰক্ষিত দুৰ্গ আৰু সুপৰিকল্পিত নগৰ নিৰ্মাণ, বয়ণশিল্প, চিত্ৰবিদ্যা আদি।

(জ) আর্যবৰ্ত মানে কি ?

উত্তৰঃ প্ৰথম অৱস্থাত ‘সপ্তসিন্ধু’ৰ পাৰত থিতাপি ললেই আৰ্যসকলে লাহে লাহে ৰাজ্য বিস্তাৰ কৰিলে । উত্তৰ হিমালয়, দক্ষিণ বিন্ধ‍্য পৰ্বত, পূবে বংগোপসাগৰ আৰু পশ্চিমে আৰব সাগৰ, এই সমগ্র অঞ্চলটো তেওঁলোকে অধিকাৰ কৰি লৈছিল। এই গোটেই অঞ্চলটোৱেই আৰ্যবৰ্ত বুলি কোৱা হয়।

(ঝ) ‘নিবি’, ‘বাস’ আৰু অধিবাস ‘ শব্দৰ অৰ্থ কি ?

উত্তৰঃ ‘নিবি’ ধুতি জাতীয় কাপোৰ, ‘বাস’ চুলাজাতীয় কাপোৰ আৰু ‘অধিবাস’ গাত মেৰাই লোৱা চাদৰ বা চেলেং জাতীয় কাপোৰ।

৩। চমু টোকা লিখা।

(ক) সপ্ত সিন্ধু।

উত্তৰঃ সপ্ত সিন্ধু হল সিন্ধু নদী আৰু ইয়াৰ উপনৈ শতদ্রু, বিপাশা, ইৰাৱতী, চন্দ্ৰ ভাগা , বিতস্তা আৰু সৰস্বতী।

(খ) আৰ্যসমাজত নাৰীৰ স্থান।

উত্তৰঃ আৰ্য সমাজত নাৰীৰ স্থান উচ্চ আছিল। নাৰীয়ে সকলো সামাজিক অনুস্থানত অংশগ্ৰহণ কৰিছিল। সয়ম্বৰৰ যোগেদি পতি নিৰ্বাচন কৰা হৈছিল। বাল্য বিবাহ নাছিল, বিধবা বিবাহ প্ৰচলন আছিল।

(গ) আৰ্য সকলৰ খাদ্য। 

উত্তৰঃ ঘেঁহু, যৱ আৰু গাখীৰ আছিল আৰ্যসকলৰ মূল খাদ্য। ঘিউ, মাখন, ফল-মূল, শাক-পাচলি আদিও খাইছিল। ভেড়া আৰু ছাগলীৰ মাংস আৰ্যসকলে খাইছিল। লগতে ‘সোম’ আৰু সুৰা নামৰ দুবিধ পানীয়ও তেওঁলোকে গ্ৰহণ কৰিছিল।

(ঘ) আৰ্যসকলৰ সাজপাৰ।

উত্তৰঃ সাজপাৰৰ ক্ষেত্ৰত আৰ্যসকলে তিনিপদ বস্ত্ৰ পৰিধান কৰিছিল। ‘নীবি’ নামৰ এবিধ ধুতিজাতীয় কাপোৰ, ‘বাস’  নামৰ চোলাজাতীয় কাপোৰ আৰু ‘অধিবাসী’ নামৰ গাত মেৰিয়াই লোৱা চাদৰ জাতীয় কাপোৰ আৰ্যসকলে পৰিধান কৰিছিল।

(ঙ) আৰ্যসকলৰ শাসন ব্যৱস্থা।

উত্তৰঃ আৰ্যসকলৰ সমাজৰ পৰিয়ালৰ মূল মানুজনক গৃহপতি, গাঁৱৰ মুখীয়াজনক গ্ৰামীনি, কেবাখনো গাঁও লগ লাগি গঠন হোৱা বিশৰ মুখীয়াজনক বিশপতি আৰু কেবাটাও বিশ লগ লাগি হোৱা জনৰ মুখীয়াজনক ৰাজন বোলা হৈছিল। ৰাজনেই আছিল সমাজৰ মুখ্য বিচাৰপতি আৰু শাসনৰ মূল।

(চ) চতুৰাশ্ৰম। 

উত্তৰঃ আৰ্যসকলে নিজৰ জীৱন কালছোৱাক চাৰিটা ভাগত ভাগ কৰিছিল ব্ৰহ্মচাৰ্য, গাৰ্হস্থ্য, বানপ্ৰস্থ আৰু সন্যাস। এই চাৰিটা ভাগৰ প্ৰথমটোত গুৰুগৃহত থাকি বিদ্যা লাভ কৰিছিল। দ্বিতীয় ভাগত বিয়া-বাৰু কৰাই সংহাৰী জীৱন যাপন কৰিছিল। তৃতীয় ভাগত সংসাৰৰ ধৰ্ম ত্যাগ কৰি ধৰ্মচৰ্চাত ব্ৰতী হৈছিল। চতুৰ্থ ভাগত মায়া-মোহৰ পৰা মুক্ত হৈ সন্যাস ধৰ্ম অৱলম্বন কৰিব লাগিছিল। ইয়াকে চতুৰাশ্ৰম বোলে।

(ছ) বৰ্ণ বিভাগ।

উত্তৰঃ গুণ,  সামৰ্থ আৰু দক্ষতাৰ ভিত্তিত আৰ্যসকলে সকলো স্তৰৰ মানুহক চাৰিটা ভাগত ভাগ কৰিছিল। ভাগকেইটা হল – ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য আৰু শূদ্ৰ। পূজা-পাতল, যাগ-যজ্ঞত দক্ষতা থকা সকলক ব্ৰাহ্মণ, যুদ্ধ বিদ্যাত পাৰ্গত সকলক ক্ষত্ৰিয়, কৃষি, পশুপালন আৰু বেপাৰ বাণিজ্যত জড়িত সকলক বৈশ্য বোলা হৈছিল। তেনেই সাধাৰণ লোকসকলক শূদ্ৰ শ্ৰেণীভুক্ত কৰা হৈছিল।

(জ) আৰ্যসকলৰ অৰ্থনৈতিক জীৱন।

উত্তৰঃ আৰ্যসকলৰ দিনত প্ৰত্যক্ষ বিনিময় প্ৰথাৰে বেপাৰ বাণিজ্য চলিছিল। বিনিময়ৰ মাধ্যম হিচাপে পোনপ্ৰথমে গৰু ব্যৱহাৰ কৰিছিল।পৰৱৰ্তী সময়ত বিনিময়ৰ মাধ্যম হিচাপে আৰ্যসকলে ‘নিক্সা’ নামৰ এবিধ সোণৰ মোহৰ ব্যৱহাৰ কৰিছিল।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top