Assam Jatiya Bidyalay Class 5 Social Science Chapter 17 অ’ আমাৰ গাঁও

Assam Jatiya Bidyalay Class 5 Social Science Chapter 17 অ’ আমাৰ গাঁও, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় সমাজ বিজ্ঞান Class 5 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 17 অ’ আমাৰ গাঁও Class 5 Social Science Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 5 Social Science Chapter 17 অ’ আমাৰ গাঁও Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 5 Social Science Chapter 17 অ’ আমাৰ গাঁও provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

অ’ আমাৰ গাঁও

Chapter – 17

অসম জাতীয় বিদ্যালয়

EXERCISE QUESTION ANSWER

১। একোটিকৈ সম্পূৰ্ণ বাক্যত উত্তৰ দিয়া।

(ক) মানৱ সভ্যতাৰ গাঁৱৰ উৎপত্তিৰ মূল কাৰণ কি ?

উত্তৰঃ কৃষি কৰ্মৰ বাবে মানুহে স্থায়ী বসতি স্থাপন কৰাৰ প্ৰয়োজন হোৱাটোৱেই গাঁৱৰ উৎপত্তিৰ মূল কাৰণ।

(খ) অসমৰ মাজেৰে বৈ যোৱা আটাইতকৈ ডাঙৰ নৈ দুখনৰ নাম লিখা।

উত্তৰঃ অসমৰ মাজেৰে বৈ যোৱা আটাইতকৈ ডাঙৰ নৈ দুখন হৈছে ব্ৰহ্মপুত্ৰ আৰু বৰাক।

(গ)গাঁৱৰ আকাৰ আকৃতি, মানুহৰ জীৱন ধাৰণ প্ৰণালী আদি কথাবোৰ কি প্ৰধান কথাৰ ওপৰত নিৰ্ভৰ কৰে ?

উত্তৰঃ গাঁৱৰ আকাৰ আকৃতি, মানুহৰ জীৱন ধাৰণ প্ৰণালী আদি কথাবোৰ ঘাইকৈ নিৰ্ভৰ কৰে প্ৰাকৃতিক অৱস্থাৰ ওপৰত।

(ঘ) ভৈয়াম অঞ্চল মানে কি ?

উত্তৰঃ যি অঞ্চলৰ মাটিৰ গঠন আৰু আকাৰ-আকৃতি ওখ চাপৰ নহয়, নৈ জান-জুৰি থাকিলেও মাটিভাগ প্ৰায় সমান, তেনে অঞ্চলকে ভৈয়াম অঞ্চল বোলে।

(ঙ) অসমৰ পাহাৰীয়া জিলা দুখনৰ নাম লিখা।

উত্তৰঃ অসমৰ পাহাৰীয়া জিলা দুখন হৈছে কাৰ্বি আংলং আৰু ডিমা হাচাও।

(চ) উপাসনা গৃহ কাক বোলে ?

উত্তৰঃ নিজ নিজ ধৰ্মীয় বিশ্বাস আৰু ৰীতি-নীতি অনুসৰি ধৰ্ম চৰ্চাৰ কেন্দ্ৰবোৰক উপাসনা বোলে। সেইবোৰ সংস্কৃতি চৰ্চা তথা সামাজিক কাম-কাজ সম্পন্ন কৰাৰো কেন্দ্ৰস্থল।

(ছ) ‘ভাৰতবৰ্ষৰ প্ৰকৃত ছবিখন গাঁৱতহে পোৱা যায়’।- কথাষাৰ বক্তাজন কোন ?

উত্তৰঃ ভাৰতবৰ্ষৰ প্ৰকৃত ছবিখন গাঁৱতহে পোৱা’। এই উক্তি কৰিছিল জাতিৰ পিতা মহাত্মা গান্ধীয়ে।

২। শুদ্ধ নে অশুদ্ধ লিখা ।

(ক) প্ৰাকৃতিক সম্পদ আৰু সৌন্দৰ্যৰ ফালৰপৰা অসম এখন মনোমোহা ৰাজ্য নহয়।

উত্তৰঃ অশুদ্ধ।

(খ) ভৈয়াম মানে হল অসমান মাটিৰ অঞ্চল।

উত্তৰঃ অশুদ্ধ ।

(গ) অসমৰ প্ৰায়বোৰ গাঁৱেই একোখন বা তাতোকৈ বেছি সৰু বৰ নদীৰ ওচৰে-পাজৰে অৱস্থিত।

উত্তৰঃ শুদ্ধ।

(ঘ) অসমৰ জলবায়ু অনুসৰি ছেপ্টেম্বৰ অক্টোবৰ মাহৰ পৰা ফেব্ৰুৱাৰী-মাৰ্চ মাহৰ মাজৰ সময়ছোৱাক গ্ৰীষ্মকাল বোলে।

উত্তৰঃ অশুদ্ধ।

(ঙ) গাঁৱৰ নামঘৰসমূহ ধৰ্মীয় উৎসৱ, সভা-সমিতি , নাট-গীত ভাওনা আদি চৰ্চাৰ মূল কেন্দ্ৰ।

উত্তৰঃ শুদ্ধ।

৩। যথাযথভাৱে উত্তৰ দিয়া।

(ক) অসম ভৈয়াম অঞ্চলৰ গাওঁবোৰৰ লোকসকলৰ জীৱিকাৰ প্ৰধান উপায় কি কি ?

উত্তৰঃ অসমৰ ভৈয়াম অঞ্চলৰ গাওঁবোৰৰ লোকসকলৰ প্ৰধান জীৱিকা হৈছে খেতি। বিভিন্ন প্ৰকাৰৰ ধান, মাহজাতীয় শস্য, মৰাপাট, আলু, সৰিয়হ, শাক-পাচলি আদিৰ খেতি কৰা হয়। চাকৰি-বাকৰি, ব্যৱসায়-বাণিজ্য কৰি জীৱন নিৰ্বাহ কৰা লোকৰ সংখ্যাও কম নহয়।

(খ) অসমৰ ভৈয়ামৰ গাঁও অঞ্চলৰ জলবায়ুত কি কি ঋতু পোৱা যায়।

উত্তৰঃ অসমৰ ভৈয়ামৰ গাঁও অঞ্চলত গ্ৰীষ্ম, বৰ্ষা, শৰৎ, হেমন্ত, শীত, বসন্ত এই কেইটা ঋতুয়েই অনুভৱ কৰা হয়।

(গ) কৃষিৰ উপৰিও অসমৰ ভৈয়াম অঞ্চলৰ লোকসকলে আন কি কি কাম কৰি জীৱিকা নিৰ্বাহ কৰে ?

উত্তৰঃ কৃষিৰ উপৰিও অসমৰ ভৈয়াম অঞ্চলৰ ভালেমান লোকে চৰকাৰী বেচৰকাৰী প্ৰতিষ্ঠানত চাকৰি কৰি বা ব্যৱসায় বাণিজ্য কৰি জীৱন নিৰ্বাহ কৰে। তাৰ উপৰি বয়ন শিল্প, নানাধৰণৰ কুটিৰ শিল্প আদিতো কিছু সংখ্যক লোক নিয়োজিত হৈ আছে।

(ঘ) ভৈয়াম অঞ্চলৰ গাওঁবোৰৰ বাট-পথ আৰু যান বাহনৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ গাওঁবোৰৰ বাট-পথবোৰ সাধাৰণতে কেঁচা মাটিৰে নিৰ্মিত। কিছুমান শিল ছটিওয়া পথৰ উপৰিও আন কিছুসংখ্যক পথ পকী কৰা হৈছে। গাওঁবোৰত দেখা যান বাহনবোৰ হল গৰুগাড়ী, ঘোঁৰাগাড়ী, ম’হৰ গাড়ী , ঠেলা, চাইকেল আদি । চৰকাৰী বেচৰকাৰী যাত্ৰীবাহী যান-বাহনৰ সংখ্যা পূৰ্বতকৈ বৃদ্ধি পাইছে। আজিকালি মানুহে মটৰ চাইকেল, সৰু মটৰগাড়ীও কিনিবলৈ লৈছে।

(ঙ) ভৈয়াম অঞ্চলৰ গাঁৱৰ উপাসনা গৃহবোৰৰ গুৰুত্বৰ বিষয়ে বুজাই লিখা।

উত্তৰঃ অসমৰ হিন্দু, মুছলমান, শিখ, খ্ৰীষ্টান আদি নানা ধৰ্মাৱলম্বী লোকৰ বাসভূমি। ইয়াৰ উপৰি লালুং, কছাৰী, তিৱা, হাজং, ৰাভা, আদি জনগোষ্ঠীৰ লোকো বাস কৰে। সকলোৱে নিজৰ ৰীতি-নীতি, পৰম্পৰা অনুসৰি ধৰ্মচৰ্চা কৰি আহিছে। সকলো ধৰ্ম আৰু জনগোষ্ঠীৰে নিজাকৈ উপাসনা গৃহ আছে। এনে উপাসনা গৃহবোৰত ধৰ্ম চৰ্চাৰ উপৰিও একো একোখন গাঁৱৰ, একো একোটা অঞ্চলৰ কলা কৃষ্টিৰো চৰ্চা হয়। উদাহৰণ স্বৰূপে, নামঘৰসমূহ ধৰ্মীয় উৎসৱ, সভা-সমিতি, নাট-গীত, ভাওনা আদি চৰ্চাৰ মূলকেন্দ্ৰ । 

(চ) অসম ভৈয়াম অঞ্চলৰ গাঁৱৰ মানুহৰ তাঁতশাল আৰু কুটীৰ শিল্পীৰ বিষয়ে এটি বিৱৰণ লিখা।

উত্তৰঃ অসমৰ গাঁৱৰ জীয়ৰী-বুৱাৰীসকলে তাঁতশালত কাপোৰ বয় আৰু নানাধৰণৰ মনোমোহা ফুল বাছে। পৰিয়ালৰ প্ৰয়োজন পূৰণ কৰাৰ উপৰিও অতিৰিক্ত কাপোৰ বিক্ৰী কৰি ধনো উপাৰ্জন কৰে। গাঁৱৰ মানুহে বাঁহ বেতৰ নানা সামগ্ৰী নিজৰ ঘৰতে সাজি লয়। মাটিৰ নানা আচবাহ -পত্ৰ আৰু লো, কাহ পিতল আদিৰো সঁজুলি তথা বাচন-বৰ্তন তৈয়াৰ কৰি বহুসংখ্যক লোকে জীৱন-নিৰ্বাহ কৰে। নাট-ভাওনাৰ বাবে সাজি উলিওৱা, মানুহ, জীৱ-জন্তু, চৰাই আদিৰ মুখা অসমৰ কুটীৰ শিল্পৰ উজ্জ্বল নিদৰ্শন। অসমৰ গাঁৱত হাতেৰে নিৰ্মিত বাঁহ-বেতৰ নানা সজাই থোৱা সামগ্ৰীৰ আন্তৰ্জাতিক বজাৰত চাহিদা আছে।

(ছ) ‘ভাৰতবৰ্ষৰ প্ৰকৃত ছবিখন গাঁৱতহে পোৱা যায়’। মহাত্মা গান্ধীৰ এই কথাষাৰৰ অৰ্থ প্ৰকাশ হোৱাকৈ অসমৰ ভৈয়াম অঞ্চলৰ গাঁৱৰ এটি আলোচনা আগবঢ়োৱা।(উত্তৰটো প্ৰস্তুত কৰোঁতে শিক্ষক শিক্ষয়িত্ৰীৰ সহায় ল’বা)

উত্তৰঃ ভাৰতবৰ্ষ এখন কৃষিপ্ৰধান দেশ। ইয়াত সৰহসংখ্যক লোক গাঁৱত বাস কৰে। নগৰত কৃত্ৰিমতাৰ পৰা আঁতৰত থাকি গাঁৱৰ মানুহে সহজ-সৰল জীৱন-যাপন কৰে। সেইবাবে মহাত্মা গান্ধীয়ে কৈছিল_ ‘ভাৰতবৰ্ষৰ প্ৰকৃত ছবিখন গাঁৱতহে পোৱা যায়’। অসমৰ পৰিস্থিতিও ভিন্ন নহয়। গাওঁবোৰতেই প্ৰাচীন ৰীতি-নীতি পৰম্পৰা আদি ৰক্ষা কৰি নিৰাম্বৰ জীৱন-যাপন কৰা লোক দেখা যায়। অসমৰ গাঁৱৰ আন এটা বৈশিষ্ট্য হৈছে স্বাৱলম্বীতা। তাঁতশালত কাপোৰ বোৱা হয়, কুমাৰে শালত লোৰ সঁজুলি তৈয়াৰ কৰে, কুমাৰে নানাধৰণৰ মাটিৰ পাত্ৰ নিৰ্মাণ কৰে, কাহ-পিতলৰ বাচনো পৰম্পৰাগত পদ্ধতিতেই তৈয়াৰ কৰি আহিছে। এনেদৰে বিভিন্ন বৃত্তিৰ লোকে সমাজৰ প্ৰয়োজন পূৰাব পৰাকৈ বেলেগ বেলেগ কাম কৰি আহিছে। বিভিন্ন ধৰ্ম-জনগোষ্ঠীৰ লোকে গাঁও অঞ্চলত সমিলমিলভাৱে বসবাস কৰি আহিছে। লোককৃষ্টি সৃষ্টিও হৈছিল গাঁৱতেই আৰু সংৰক্ষনো কৰিছে গাঁৱৰ মানুহেই গাঁওৰ সামাজিক বান্ধোন কটকটীয়া। সেয়ে সমাজবিৰোধী ঘটনা খুব কম সংগঠিত হয়।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top