Assam Jatiya Bidyalay Class 5 Social Science Chapter 1 খাদ্য সংগ্ৰহ আৰু চিকাৰৰ সন্ধানত আদিম মানুহ

Assam Jatiya Bidyalay Class 5 Social Science Chapter 1 খাদ্য সংগ্ৰহ আৰু চিকাৰৰ সন্ধানত আদিম মানুহ, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় সমাজ বিজ্ঞান Class 5 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 1 খাদ্য সংগ্ৰহ আৰু চিকাৰৰ সন্ধানত আদিম মানুহ Class 5 Social Science Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 5 Social Science Chapter 1 খাদ্য সংগ্ৰহ আৰু চিকাৰৰ সন্ধানত আদিম মানুহ Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 5 Social Science Chapter 1 খাদ্য সংগ্ৰহ আৰু চিকাৰৰ সন্ধানত আদিম মানুহ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

খাদ্য সংগ্ৰহ আৰু চিকাৰৰ সন্ধানত আদিম মানুহ

Chapter – 1

অসম জাতীয় বিদ্যালয়

EXERCISE QUESTION ANSWER

1. একোটা সম্পূৰ্ণ বাক্যত উত্তৰ দিয়া।

(ক) মানুহৰ জীৱন-ধাৰণ প্ৰণালী মানে কি লিখা।

উত্তৰঃ মানুহে জীয়াই থাকিবলৈ কেনবোৰ কাম কৰে, কেনেধৰণৰ খাদ্য গ্ৰহণ কৰে, কেনে কাপোৰ-কানি, সা-সঁজুলি ব্যৱহাৰ কৰে, কেনেধৰনে চিন্তা কৰে – এই সকলোবোকে একেলগে জীৱন ধাৰণৰ প্ৰণালী বোলে। 

(খ) প্ৰায় কিমান নিযুত বছৰৰ আগেয়ে পৃথিৱীত মানুহৰ সৃষ্টি হৈছিল ?

উত্তৰঃ পৃথিৱীত প্ৰায় ২ নিযুত বছৰৰ আগেয়ে মানুহৰ সৃষ্টি হৈছিল।

(গ) পোন প্ৰথমে পৃথিৱীৰ কোন কোন ঠাইত মানুহৰ বসতি আৰম্ভ হৈছিল বুলি জনা যায় ?

উত্তৰঃ আফ্ৰিকা মহাদেশৰ কোনো কোনো ঠাইত আৰু ভাৰতৰ দক্ষিণ অংশত পোন প্ৰথমে মানুহৰ বসতি আৰম্ভ হৈছিল বুলি জনা যায়।

(ঘ) আদিম মানুহে কি কি উপায়েৰে জুই জ্বলোৱাৰ কৌশল শিকিছিল ?

উত্তৰঃ  অভিজ্ঞতাৰ বলত আদিম মানুহে শিলে শিলে ঘঁহনী খুৱাই আৰু শুকান কাঠ ঘঁহনী খুৱাই জুই জ্বলোৱাৰ কৌশল শিকিছিল।

(ঙ) সঁজুলি বা হাতিয়াৰ কাক বোলে লিখা।

উত্তৰঃ যি বস্তু আৰু উপায়ৰ সহায়ত মানুহে নিজৰ দেহৰ হাত-ভৰি আদি অংগ-পতংগৰ শক্তি বৃদ্ধি কৰি, কম শক্তি আৰু সময় খটুৱাই কাম কৰিব পাৰে, তাকেই সঁজুলি বা হাতিয়াৰ  বোলে ।

(চ) আদিম মানুহে প্ৰথমে সঁজুলি হিচাপে কি ব্যৱহাৰ কৰিছিল ?

উত্তৰঃ আদিম মানুহে সঁজুলি হিচাপে ব্যৱহাৰ কৰা প্ৰথম বস্তুটো হল শিল।

(ছ) যিশু খ্ৰীষ্টৰ জন্মৰ কিমান বছৰ আগলৈকে মানুহে ব্যৱহাৰ কৰা সঁজুলি শিলেৰেই নিৰ্মিত হৈছিল বুলি কোৱা হয় ? 

উত্তৰঃ যীশু খ্ৰীষ্টৰ জন্মৰ পাঁচ হাজাৰ বছৰ আগলৈকে মানুহৰ সকলো সঁজুলি আৰু আন সামগ্ৰী শিলৰ দ্বাৰা নিৰ্মিত হৈছিল বুলি কোৱা হয়।

(জ) শিলৰ উপৰিও আদিম মানুহে আন কি কি সঁজুলি হিচাপে ব্যৱহাৰ কৰিছিল ?

উত্তৰঃ শিলৰ উপৰিও আদিম মানুহে কাঠ, মৃত জন্তুৰ হাড়, জন্তুৰ দীঘল দাঁত আৰু শিং আদি সঁজুলি হিচাপে ব্যৱহাৰ কৰিছিল।

2. শুদ্ধনে অশুদ্ধ লিখা। 

(ক) আদিম মানুহৰ জীৱনৰ প্ৰধান কাম আছিল পেটৰ ভোক নিবাৰণ কৰা।

উত্তৰঃ শুদ্ধ ।

(খ) দীৰ্ঘদিন ধৰি জুই জ্বলাই ৰখাটো আদিম যুগত নিচেই সহজ কাম আছিল।

উত্তৰঃ অশুদ্ধ।

(গ) জুইত পুৰি, সেকি আৰু সিজাই খাদ্য খোৱা কৌশল আদিম মানুহে একে সময়তে আয়ত্ত কৰিছিল।

উত্তৰঃ অশুদ্ধ।

(ঘ) কোনো এবিধ সঁজুলি বা হাতিয়াৰ ব্যৱহাৰ কৰাৰ এটা বিশেষ উদ্দেশ্য থাকে।

উত্তৰঃ শুদ্ধ।

(ঙ) যীশু খ্ৰীষ্টৰ মাত্ৰ পাঁচ হাজাৰ বছৰ আগত সময়খিনিকেই নৱ প্ৰস্তৰ যুগ বোলা হয়।

উত্তৰঃ শুদ্ধ।

3. যথাযথভাৱে উত্তৰ লিখা।

(ক) আদিম মানুহে সঁজুলি ব্যৱহাৰ কৰাৰ মূল উদ্দেশ্য বোৰ কি কি আছিল ?

উত্তৰঃ খাদ্যবস্তু সংগ্ৰহ তথা চিকাৰ কৰিবৰ বাবে আৰু অঘৰী জীৱনত হাবিয়ে বননীয়ে ঘূৰি ফুৰোতে হিংসা জীৱ-জন্তুৰ আক্ৰমণৰ পৰা নিজকে ৰক্ষা কৰাৰ বাবে আদিম মানুহে সঁজুলি ব্যৱহাৰ কৰিছিল।

(খ) আদিম মানুহে সঁজুলি হিচাপে প্ৰথমে শিল ব্যৱহাৰ কৰাৰ কাৰণ কি আছিল ?

উত্তৰঃ শিল এবিধ কঠিন আৰু শক্তিশালী বস্তু হোৱাৰ উপৰিও পাহাৰ- পৰ্বত অথবা নৈৰ কাষত আৰু বুকুত সহজেই শিল পোৱা গৈছিল কাৰনে আদিম মানুহে শিলকেই প্ৰথমেই সঁজুলি হিচাপে ব্যৱহাৰ কৰিছিল।

(গ) আদিম মানুহে দল বান্ধি জীৱন যাপন কৰাৰ কাৰণবোৰ কি কি ?

উত্তৰঃ আদিম মানুহে হাবিয়ে-বননীয়ে ঘূৰি-ফুৰোতে নানা প্ৰাকৃতিক দুৰ্যোগৰ সন্মুখীন হৈছিল। তাৰ উপৰিও হিংস্ৰ জন্তুৰ আক্ৰমণৰ মুখামুখি হৈছিল। এনে দুৰ্যোগ আৰু আক্ৰমণ প্ৰতিহত কৰাৰ বাবে আদিম মানুহে এঠাইৰ পৰা আন ঠাইলৈ দল বান্ধি গৈছিল।

(ঘ) শিলৰ যুগক ইতিহাবিদসকলে কেনে ধৰনে ভাগ কৰিছিল ?

উত্তৰঃ শিলৰ যুগক ইতিহাবিদসকলে তিনিটা ভাগত ভাগ কৰিছে। ভাগবোৰ হল – যীশুখ্ৰীষ্টৰ জন্মৰ ডেৰলাখ বছৰ আগৰ পৰা পঞ্চাশ হাজাৰ বছৰ আগলৈ অতি প্ৰত্নপ্ৰস্তুৰ যুগ, যীশুখ্ৰীষ্টৰ জন্মৰ দহ হাজাৰ বছৰ আগলৈকে মধ্য প্ৰস্তুত যুগ আৰু যীশুখ্ৰীষ্টৰ জন্মৰ মাত্ৰ পাঁচ হাজাৰ বছৰ আগলৈ নৱপ্ৰস্তৰ যুগ।

(ঙ) দলবদ্ধভাৱে জীৱন যাপনৰ ফলত আদিম মানুহৰ কি কি সুবিধা হৈছিল লিখা।

উত্তৰঃ দল বান্ধি থকাৰ ফলত প্ৰাকৃতিক দুৰ্যোগ আৰু হিংস্ৰ জন্তুৰ আক্ৰমণৰ পৰা নিজকে ৰক্ষা কৰিবলৈ আদিম মানুহৰ শক্তি আৰু সাহস বৃদ্ধি পাইছিল। দল বান্ধি থকাৰ ফলত আদিম মানুহৰ মাজত একতা, মিলা-প্ৰীতি, সহায়-সহযোগিতাৰ ভাৱবোৰৰ সৃষ্টি হৈছিল। 

(চ) আদিম মানুহৰ খাদ্যভ্যাসৰ বিষয়ে অতি বিৱৰণ লিখা।

উত্তৰঃ আদিম মানুহে সকলোবোৰ খাদ্য বস্তু কেঁচাই কেঁচাই খাইছিল। হাবিত পোৱা ফল-মূল, বনৰীয়া আলু, কচু আৰু সোৱাদ লগা গছৰ শিপা আদিম মানুহে খাদ্য হিচাপে ব্যৱহাৰ কৰিছিল। অৰণ্যত থকা চৰাই আৰু সৰু আকাৰৰ তথা শান্ত প্ৰকৃতিৰ জীৱ-জন্তু চিকাৰ কৰি তাৰ মাংস ভক্ষণ কৰিও আদিম মানুহে ভোক নিবাৰণ কৰিছিল।

(ছ) আদিম মানুহে কি কি উপায়েৰে খাদ্য সংগ্ৰহ কৰিছিল বৰ্ণনা কৰা।

উত্তৰঃ আদিম মানুহে খাদ্যৰ বাবে প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰিছিল। প্ৰথম অৱস্থাত মাটিত সৰি পৰা ফল-মূল বুটলি খাইছিল। পাছলৈ অৱশ্য গছত উঠি ফল পাৰি অনা আৰু গছৰ ডাল, শিল, মাটিচপৰা আদিৰে ফমূর্টি মাৰি গছৰ ফল পাৰি অনাৰ কৌশল আয়ত্ব কৰিছিল। লগতে চৰাই সৰু আৰু শান্ত চৰাই চিকাৰ কৰি তাৰ মাংস খাইছিল।

(জ) জুই জ্বলোৱাৰ কৌশল আদিম মানুহে কেনেদৰে আয়ত্ত কৰিছিল ?

উত্তৰঃ প্ৰকৃতিত সদায়ে ঘটি থকা ঘটনাৱলী আদিম মানুহে লক্ষ্য কৰি আছিল। শিলে শিলে ঘঁহনী খাই জুই জ্বলা আদিম মানুহে দেখা পাইছিল। তাৰ পৰাই আদিম মানুহে জুই জ্বলোৱা কৌশল আয়ত্ব কৰিছিল।

(ঝ) জুইৰ আবিষ্কাৰ আৰু ব্যৱহাৰৰ ফলত আদিম মানুহৰ কি কি সুবিধা হৈছিল বুজাই লিখা।

উত্তৰঃ জুইৰ আবিষ্কাৰৰ লগে লগে আদিম মানুহে চৰাই আৰু জন্তুৰ মাংস পুৰি আৰু সেকি খাবলৈ শিকিলে । জুইৰ আবিষ্কাৰৰ ফলত আন আন বহুতো কথাত যুগান্তকাৰী পৰিবৰ্তন সম্ভৱ হৈ পৰিল।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top