Assam Jatiya Bidyalay Class 5 Science Chapter 9 বায়ু ইয়াৰ উপাদান আৰু ধৰ্ম

Assam Jatiya Bidyalay Class 5 Science Chapter 9 বায়ু ইয়াৰ উপাদান আৰু ধৰ্ম, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় বিজ্ঞান Class 5 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 9 বায়ু ইয়াৰ উপাদান আৰু ধৰ্ম Class 5 Science Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 5 Science Chapter 9 বায়ু ইয়াৰ উপাদান আৰু ধৰ্ম Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 5 Science Chapter 9 বায়ু ইয়াৰ উপাদান আৰু ধৰ্ম provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

বায়ু ইয়াৰ উপাদান আৰু ধৰ্ম

Chapter – 9

অসম জাতীয় বিদ্যালয়

পাঠভিত্তিক ক্রিয়াকলাপৰ প্রশ্নোত্তৰ

১। বায়ুত থকা প্ৰধান গেছকেইটাৰ নাম লিখা ।

উত্তৰঃ বায়ুত থকা গেছকেইটা হল -নাইট্ৰ’জেন, অক্সিজেন, আৰ্গন, কাৰ্বন-ডাই-অক্সাইড আৰু জলীয় বাষ্প।

২। বায়ুত কম পৰিমাণে থকা গেছ কোনবোৰ ?

উত্তৰঃ বায়ুত কম পৰিমাণে থকা গেছবোৰ হল  নিয়ম, হিলীয়াম আৰু ক্ৰিপ্টন।

৩। বায়ুৰ কেইটামান ধৰ্ম উল্লেখ কৰা।

উত্তৰঃ বায়ুৰ প্ৰধান ধৰ্মকেইটা হৈছে-

১। বায়ুৰ ওজন আছে।

২। বায়ুৱে খালি ঠাই অধিকাৰ কৰে।

৩। বায়ুৰ মাজেৰে পোহৰ পাৰ হৈ যায়।

৪। বায়ুৰ মাজেৰে বিদ্যুৎ শক্তি সাধাৰণতে পাৰ হৈ নাযায়।

৫। বায়ুৱে চাৰিওফালে হেঁচা বা চাপ দিয়ে।

৬। বায়ুৰ চাপ বায়ুৰ পৰিমাণৰ ওপৰত নিৰ্ভৰ কৰে।

৭। তাপ বাঢ়িল বায়ুৰ চাপ বাঢ়ে আৰু তাপ কমিলে বায়ুৰ চাপ কমে।

৪। বায়ুৰ চাপ দেখুৱাবলৈ এটা পৰীক্ষা বৰ্ণনা কৰা।

উত্তৰঃ বায়ুৰ চাপ দেখুৱাবলৈ বৰ্ণনা কৰা পৰীক্ষাটো হল – এটা আইনাৰ গিলাচত পানী লোৱা হল । অলপ বহল মুখৰ সৰু বটল এটাৰ ভিতৰত এটুকুৰা কাপোৰ হেঁচি তলত থুপ খুৱাই থোৱা হল। এতিয়া বটলটো ওভোটাই থিয়ৈ থিয়ৈ পানীৰ ভিতৰত সুমুৱাই দিয়া হল।

বটলটো আকৌ থিয়ৈ থিয়ৈ উলিয়াই আনিলে দেখা যাব যে কাপোৰখিনি নিভিজে। বটলটো পানীত ডুবি থকা সত্বেও ভিতৰলৈ পানী সোমাব পৰা নাই। বটলটোৰ ভিতৰত বায়ু আছে। সেইবাবে তাত পানী সোমাব নোৱাৰে। কিন্তু বটলটো পানীৰ ভিতৰত অলপ বেছিকৈ ধৰিলে, বায়ুখিনি বুদ বুদ আকাৰত ওলাই আহে।তেতিয়া তাত পানী সোমায় আৰু কাপোৰ টুকুৰা তিতি যায়।

৫। বায়ুৱে চাৰিওপিনে চাপ সৃষ্টি কৰে এটা পৰীক্ষাৰ সহায়ত বৰ্ণনা কৰা।

উত্তৰঃ এটা আইনাৰ গিলাচৰ মুখখনতকৈ অলপ ডাঙৰ ডাঠ কাগজ এখন ঘুৰণীয়াকৈ কাটি লোৱা হয়। এতিয়া গিলাচটোত পানী চপচপিয়াকৈ ভৰাই ডাঠ কাগজখনেৰে ঢাকি আগৰ দৰে আকৌ উলুটাকৈ দিয়া হয়। এইবাৰ ঢাকনিখনৰ পৰা হাতখন আঁতৰাই নিলেও পানী আৰু ঢাকনিখন সৰি নপৰে।

ঢাকনিখনৰ ওপৰত দুটা হেঁচা পৰিছে। পানীৰ ওজনে তললৈ হেঁচিছে আৰু বায়ুৱে ওপৰলৈ হেঁচিছে। ওপৰলৈ বায়ুৰ হেঁচা বেছি হব লাগিব। সেই বাবেহে পানী আৰু ঢাকনিখন সৰি পৰা নাই।

এইবাৰ কাগজখন হাতেৰে ধৰি থাকি গিলাচটো ভূমিৰ সমান্তৰালকৈ ধৰা হল। হাতখন লাহেকৈ এৰুৱাই আনিলে এই অৱস্থানতো পানী ওলাই নপৰে। এই পৰীক্ষাটোৰ পৰা বুজা গল যে বায়ুৱে চাৰিওফালে হেঁচে ।

৬। বায়ুৰ চাপ কেনেকৈ সৃষ্টি হয় লিখা । বেলুন এটা ফুঁৱালে কিয় ফুলি উঠে ?

উত্তৰঃ বায়ুৰ উপাদানবোৰ অতি সুক্ষ্ম কণিকাৰে গঠিত। কণিকাবোৰৰ বৈজ্ঞানিক নাম অনু। অণুবোৰ একে ঠাইতে নাথাকে। অণুবোৰ যেনি-তেনি সকলো দিশত গতি কৰি থাকে। অণুবোৰৰ মাজত খুন্দা-খুন্দি লাগি থাকে। একাংশ অনুৱে পাত্ৰটোৰ বেৰত খুন্দিয়াই থাকে। এই খুন্দিয়াই থকা ফলতে বায়ুৱে হেঁচা বা চাপৰ সৃষ্টি কৰে।

বেলুন এটা ফুলালে বেলুনটোৰ ভিতৰলৈ বায়ু সোমায়। বায়ুৰ অণুবোৰে বেলুনটোৰ ভিতৰৰ বেৰত খুন্দিয়ায় । সেই হেঁচা বা চাপত বেলুনটো ফুলি উঠে। বেচেকৈ ফুঁৱালে বেছি বায়ু সোমায়। বায়ুৰ পৰিমাণ বাঢ়িলে, বেলুনটোৰ ভিতৰত অনুৰ সংখ্যা বাঢ়ে আৰু তেতিয়া বেছি অনুৱে বেৰত খুন্দিয়ায় । সেইবাবে ভিতৰত বায়ুৰ চাপ বাঢ়ে। বেলুনটো লাহে লাহে ফুলি থাকে। বায়ুৰ পৰিমান অধিক হলে চাপ যথেষ্ট বাঢ়ে । তেতিয়া বেলুনটো ফাটি যায়।

৭। ষ্ট্ৰ এডালৰ সহায়ত জুলীয়া পদাৰ্থ শুহি নিওতে বায়ুৰ চাপে কেনেদৰে সহায় কৰে ব্যাখ্যা কৰা।

উত্তৰঃ ষ্ট্ৰ এডালৰ সহায়ত জুলীয়া পদাৰ্থ শুহি নিওতে বায়ুৰ চাপে কিদৰে সহায় কৰে এই কথাটো ব্যাখ্যা কৰিবলৈ হলে এটা পৰীক্ষা কৰাৰ প্ৰয়োজন হব। 

পৰীক্ষাটোৰ বাবে এগিলাচ পানী আৰু এডাল ষ্ট্ৰ প্ৰয়োজন। ষ্ট্ৰ ডালৰ এটা মূৰ পানীত আৰু আনটো মূৰ মুখৰ ভিতৰত থাকে। মুখেৰে শুহিলে পানী ষ্ট্ৰ ডালেৰে মুখলৈ উঠি আহে। শোহা মাৰি দিয়াৰ লগে লগে ষ্ট্ৰৰ ভিতৰত কিছু বায়ু মুখত সোমায় । ফলত ষ্ট্ৰত বায়ুৰ পৰিমাণ কমে আৰু সেইবাবে চাপ কমে। তেতিয়া ষ্ট্ৰৰ ভিতৰৰ বায়ুৰ চাপতকৈ বাহিৰৰ বায়ুৰ চাপ বেছি হয় । বেছি চাপে পানী ষ্ট্ৰৰ ওপৰলৈ ঠেলি পঠিয়ায়। বায়ুৰ চাপৰ ই এটা সুন্দৰ প্ৰয়োগ।

৮। মাটিত থকা নাইট্ৰ’জেন উদ্ভিদ আৰু প্ৰাণীৰ জৰিয়তে আকৌ মাটিলৈ ঘূৰি যায়। এই বৈজ্ঞানিক তথ্যটো ব্যাখ্যা কৰা।

উত্তৰঃ প্ৰাণীয়ে উদ্ভিদৰ পৰা নাইট্ৰজেন গ্ৰহণ কৰে। সাগৰত নাইট্ৰজেনযুক্ত পদাৰ্থ থাকে। উদ্ভিদক বাঢ়িবলৈ সাগৰৰ প্ৰয়োজন। সাগৰৰ পৰা শুহি লোৱা পদাৰ্থত নাইট্ৰ’জেন থাকে। এইবোৰ পদাৰ্থৰ পৰা উদ্ভিদে আন এবিধ বিশেষ পদাৰ্থ তৈয়াৰ কৰে। এই পদাৰ্থবিধ হল প্ৰ’টিন।প্ৰ’টিনত নাইট্ৰ’জেন থাকে।

উদ্ভিদ প্ৰ’টিন গ্ৰহণ কৰি প্ৰাণীয়ে নিজৰ দেহত নতুন প্ৰকাৰৰ প্ৰ’টিন তৈয়াৰ কৰে। এইবোৰত নাইট্ৰজেন প্ৰাণীৰ পায়খানাৰ লগত সেইবোৰ আকৌ মাটিলৈ যায়। উদ্ভিদ মৰি মচি মাটিৰ লগত মিহলি যায়। এনেদৰে মাটিত থকা নাইট্ৰজেন উদ্ভিদ আৰু প্ৰাণীৰ যোগেদি আকৌ মাটিলৈ ঘূৰি যায়। এইদৰে প্ৰক্ৰিয়াটো চলি থাকে।

৯। অক্সিজেনে প্ৰাণীক কেনেদৰে সহায় কৰে লিখা।

উত্তৰঃ অক্সিজেনে প্ৰাণীক জীয়াই থকাত সহায় কৰে। উশাহত লোৱা অক্সিজেন প্ৰাণীৰ শৰীৰত তেজৰ লগ লাগে। পিছত প্ৰাণীয়ে খোৱা আহাৰ আৰু অক্সিজেনৰ মাজত ক্ৰিয়া হয়। এই ক্ৰিয়াই কাৰ্বন- ডাই-অক্সাইড, পানীৰ ভাপ আৰু শৰীৰৰ বাবে তাপ উৎপন্ন কৰে। অক্সিজেন সেয়েহে প্ৰাণীৰ বাবে অতি দৰকাৰী পদাৰ্থ। আনহাতে কাৰ্বন-ডাই-অক্সাইড শৰীৰৰ বাবে অপকাৰী। নিশাহত কাৰ্বন-ডাই অক্সাইড ওলাই আহে।

১০। কাৰ্বন-ডাই-অক্সাইড উদ্ভিদৰ বাবে কিয় প্ৰয়োজন ব্যাখ্যা কৰা।

উত্তৰঃ কাৰ্বন-ডাই-অক্সাইড আহাৰ প্ৰস্তুত কৰাৰ বাবে উদ্ভিদৰ প্ৰয়োজন। গেছে বায়ুৰ পৰা শুহি লোৱা কাৰ্বন-ডাই-অক্সাইড আৰু শিপাৰ জৰিয়তে মাটিৰ পৰা শুহি লোৱা ৰসৰ সহায়ত গছৰ পাতত খাদ্য প্ৰস্তুত কৰে। আহাৰ প্ৰস্তুত কৰাৰ বাবে উদ্ভিদক কাৰ্বন-ডাই-অক্সাইডৰ প্ৰয়োজন।

১১। পৰ্যবেক্ষণ এজোপা গছত লাগি থকা কেইখিলামান পাত এটা প্লাষ্টিকৰ মোনাৰ ভিতৰত সোমোৱাই মুনাটোৰ মুখখন ঠাৰিডালত ভালদৰে বান্ধি থোৱা। মুনাটোৰ ভিতৰলৈ বাহিৰৰ বায়ু সোমাব নালাগে। তাপত ৰোৱা গছ হলে পানী দিব নাপাহৰিবা। মুনাটোৰ ২/৩ দিন বান্ধি থোৱা। মুনাটোৰ ভিতৰত লাহে লাহে কি জমা হয় মন কৰিবা। তোমাৰ পৰ্যবেক্ষণ ছাৰ/ বাইদেউক কবা।

উত্তৰঃ এজোপা গছত লাগি থকা কেইখিলামান পাত এটা প্লাষ্টিকৰ মোনাৰ ভিতৰত সুমুৱাই মুনাটোৰ ভিতৰত জলীয় বাষ্প কিছুমান জমা হোৱা দেখা যাব। 

আমি জানো যে শিপাই শুহি লোৱা পানী গছে ব্যৱহাৰ কৰাৰ পিছত কিছু পানী বাষ্প আকাৰত ওলায় যায়। সেয়েহে প্লাষ্টিকৰ মুনাটোত জলীয় বাষ্প জনা হৈছে।

১২। শুদ্ধ উত্তৰত (✔) চিন দিয়া।

(ক) বায়ুত আটাইতকৈ বেছি পৰিমাণে থকা গেছবিধ হ’ল-

১। অক্সিজেন।

২। নাইট্ৰজেন।

৩। পানীৰ ভাপ।

উত্তৰঃ ২। নাইট্ৰজেন।

(খ) গছত লাগি থকা আমটোৰ ওপৰত বায়ুৰ হেঁচা সকলো দিশত।

১। পৰে।

২। নপৰে। 

৩। অনবৰতে নপৰে।

উত্তৰঃ ১। পৰে।

(গ) পাত্ৰত আবদ্ধ গেছীয় পদাৰ্থৰ অণুবোৰ গতিশীল অৱস্থাত 

১। থাকে। 

২। নাথাকে। 

৩। কিছুমান থাকে কিছুমান নাথাকে।

উত্তৰঃ ১। থাকে।

(ঘ) বাহিৰৰ পৰা প্ৰভাৱ নেপেলালে এটা পাত্ৰত আবদ্ধ থকা বায়ুখিনিৰ চাপ সদায় 

১। একে থাকিব। 

২। লাহে লাহে কমিব। 

৩। লাহে লাহে বাঢ়িব।

উত্তৰঃ ১। একে থাকিব।

(ঙ) জনসংখ্যা বৃদ্ধিৰ লগে লগে মাটিত থকা নাইট্ৰ’জেনৰ পৰিমাণ 

১। কমিব।

২। বাঢ়িব।

৩। একে থাকিব।

উত্তৰঃ ২। বাঢ়িব।

১৩। শুদ্ধ/অশুদ্ধ বাছি উলিওৱা। (✔) চিন দিয়া।

(ক) ফুলোৱা বেলুনৰ ভিতৰত থকা বায়ুখিনিক পৃথিৱীয়ে আকৰ্ষণ নকৰে। শুদ্ধ/অশুদ্ধ।

(খ) বন্ধ পাত্ৰ এটাৰ ভিতৰত এডাল ধূপকাঠি জ্বলালে ধোৱাখিনি আপোনা আপুনি পাত্ৰটোৰ এটা চুকত জমা হব পাৰে। শুদ্ধ/অশুদ্ধ।

(গ) বায়ুৰ মাজেদি বিদ্যুৎ শক্তি পাৰ হৈ নাযায়। শুদ্ধ/অশুদ্ধ।

(ঘ) আবদ্ধ হৈ থকা পাত্ৰটোৰ বেৰত গেছীয় পদাৰ্থৰ অণুবোৰৰ হেঁচাই চাপ সৃষ্টি কৰে। শুদ্ধ/অশুদ্ধ।

(ঙ) একেখিনি বায়ু সৰু পাত্ৰ এটাৰ পৰা নি ডাঙৰ পাত্ৰ এটাত থলে বায়ুখিনিৰ চাপ বাঢ়িব ।শুদ্ধ/অশুদ্ধ ।

(চ) কোঠাৰ ভিতৰত থকা বেলুন এটা নি ৰ’দত থলে বায়ুখিনিৰ চাপ কমিব। শুদ্ধ/ অশুদ্ধ।

(ছ) প্ৰাণীয়ে বায়ুৰ পৰা পোনে পোনে নাইট্ৰ’জেন লয় । শুদ্ধ /অশুদ্ধ।

উত্তৰঃ (ক) ফুলোৱা বেলুনৰ ভিতৰত থকা বায়ুখিনিক পৃথিৱীয়ে আকৰ্ষণ নকৰে। X

(খ) বন্ধ পাত্ৰ এটাৰ ভিতৰত এডাল ধূপকাঠি জ্বলালে ধোৱাখিনি আপোনা আপুনি পাত্ৰটোৰ এটা চুকত জমা হব পাৰে। X

(গ) বায়ুৰ মাজেদি বিদ্যুৎ শক্তি পাৰ হৈ নাযায়।

(ঘ) আবদ্ধ হৈ থকা পাত্ৰটোৰ বেৰত গেছীয় পদাৰ্থৰ অণুবোৰৰ হেঁচাই চাপ সৃষ্টি কৰে।

(ঙ) একেখিনি বায়ু সৰু পাত্ৰ এটাৰ পৰা নি ডাঙৰ পাত্ৰ এটাত থলে বায়ুখিনিৰ চাপ বাঢ়িব । X

(চ) কোঠাৰ ভিতৰত থকা বেলুন এটা নি ৰ’দত থলে বায়ুখিনিৰ চাপ কমিব। X

(ছ) প্ৰাণীয়ে বায়ুৰ পৰা পোনে পোনে নাইট্ৰ’জেন লয় । X

অতিৰিক্ত প্ৰশ্নোত্তৰ

১। বজ্ৰপাত কি ?

উত্তৰঃ কেতিয়াবা পৃথিৱীৰ নিচেই ওচৰত অতি ঘন মেঘ জমা হয় । তেনে মেঘৰ খুন্দা-খুন্দিত প্ৰচুৰ বিদ্যুৎ শক্তি উৎপন্ন হয়। সেই বিদ্যুৎ শক্তি কেতিয়াবা বায়ুৰ মাজেদি পৃথিৱী পায়হি । ইয়ে ব্ৰজপাত। এই বিদ্যুৎ শক্তি কেতিয়াবা মানুহ বা আন জীৱ জন্তুৰ গালৈ আকৰ্ষিত হয়। তেতিয়া মানুহ বা জীৱ জন্তুৰ মৃত্যু হয়।

২। তাপ পালে যে বায়ুৰ চাপ বাঢ়ে পৰীক্ষা এটাৰ সহায়ত বৰ্ণনা কৰা।

উত্তৰঃ তাপ পালে যে বায়ুৰ চাপ বাঢ়ে তলৰ পৰীক্ষাটোৰ পৰা বুজিব পাৰি। বেলুন এটা অলপ ফুলাই লৈ মুখখন এটা বতলৰ খোলা মুখত সূতাৰে ভালদৰে বান্ধি লোৱা হল ।এতিয়া বটলটো গৰম পানীৰ পাত্ৰত থিয়কৈ বহুৱাই দিয়া হল। বেলুনৰ সৈতে বটলটোৰ ওপৰ অংশ পানীৰ ওপৰত থাকিব । কিছুসময় পিছত দেখা যায় যে বেলুনটো লাহে লাহে ফুলিব ধৰিছে।অৰ্থাৎ বটলৰ ভিতৰত থকা বায়ুৰ অণুবোৰৰ চলাচল বৃদ্ধি হৈছে। লগে লগে অণুবোৰে বেলুনৰ ভিতৰলৈ গৈ চাৰিওপিনে খুন্দিয়াব ধৰিছে। ফলত বেলুনটো ফুলি উঠিছে। আনহাতে পাত্ৰত থকা গৰমপানীখিনি চেঁচা হলে পুনৰ বেলুনটো সৰু হৈ যাব।

৩। জুই  জ্বলিবলৈ যে অক্সিজেন গেছৰ প্ৰয়োজন পৰীক্ষা এটাৰ সহায়ত বৰ্ণনা কৰা।

উত্তৰঃ জুই জ্বলিবলৈ অক্সিজেন গেছৰ প্ৰয়োজন। অক্সিজেন অবিহনে জুই জ্বলিব নোৱাৰে। এইটো তলৰ পৰীক্ষাটোৰ পৰা বুজিব পাৰি।

থাল এখনৰ সোমাজতে সৰু মম এডাল থিয় কৰাই লৈ থালখনত পানী লোৱা হয়। মমডাল জ্বলাই লৈ গিলাচটোৰে ঢাকি দিলে অলপ সময়ৰ পিছত মমডাল নুমাই যাব। অৰ্থাৎ গিলাচৰ ভিতৰত থকা অক্সিজেনখিনি শেষ হলে মমডাল নমাই যাব ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top