Assam Jatiya Bidyalay Class 5 Science Chapter 3 গছৰ বিভিন্ন অংশ

Assam Jatiya Bidyalay Class 5 Science Chapter 3 গছৰ বিভিন্ন অংশ, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় বিজ্ঞান Class 5 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 3 গছৰ বিভিন্ন অংশ Class 5 Science Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 5 Science Chapter 3 গছৰ বিভিন্ন অংশ Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 5 Science Chapter 3 গছৰ বিভিন্ন অংশ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

গছৰ বিভিন্ন অংশ

Chapter – 3

অসম জাতীয় বিদ্যালয়

পাঠভিত্তিক ক্রিয়াকলাপৰ প্রশ্নোত্তৰ


১। ভ্ৰূণৰ অংশ দুটা কি ? বীজৰ অংকুৰণত কোনটো অংশ কোনফালে বাঢ়ে ?

উত্তৰঃ ভ্ৰূণৰ অংশ দুটা হল – ভ্ৰূণমূল আৰু জন্মকাণ্ড।ভ্ৰূণমূলটো সদায় মাটিৰ পিনে তললৈ বাঢ়ে। অৰ্থাৎ ভ্ৰূণমূলটোৰ পৰাই শিপা হয়। অংকুৰণৰ পিছতে জন্মকাণ্ড পোহৰৰ পিনে আগবাঢ়ি যায় আৰু জন্মকাণ্ডৰ পৰাই গা-গছ বা কাণ্ড হয়।

২। বীজৰ অংকুৰণত ভ্ৰূণমূল আৰু জন্মকাণ্ড কোন কোন দিশত বাঢ়ে দেখুৱাবলৈ এটা পৰীক্ষা বৰ্ণনা কৰা।

উত্তৰঃ বীজৰ অংকুৰণৰ ফলত ভ্ৰূণমূল যে মাটিৰ তললৈ যায় আৰু জন্মকাণ্ডৰ পৰা গজালি ওলাই পোহৰলৈ আগ বাঢ়ে সেইটো তলত পৰীক্ষাটোৰ পৰা বুজা যায়। 

পৰীক্ষা : বীজ এটা মাটিত সিঁচি দিয়া হল ।বীজটো সিঁচি দিয়াৰ কেইদিনমান পিছত সৰু গজালি এটা ওলাব। এতিয়া গজালিটো সৰু কাঠৰ টুকুৰা বা ইটাৰ টুকুৰা এটাৰে মৃদুভাৱে চাপ দি থোৱা হল । তেতিয়া কেইদিনমান পিছত জন্মকাণ্ডটো গা-গছ হৈ বেকাকৈ পোহৰৰ পিনে আগবাঢ়ি আহিব।

এতিয়া এটা টুকুৰা বা কাঠ টুকুৰা গুচাই গজালিটোৰ গুৰিৰ মাটিখিনি খুচৰি চালে দেখা যাব যে ভ্ৰূণমূলটো শিপা হৈ ক্ৰমে মাটিৰ তললৈ গতি কৰিছে।

৩।পৰাগযোগ কাক বোলে ? পৰাগযোগৰ বাবে ফুলে কি কি ব্যৱস্থা গ্ৰহণ কৰে ?

উত্তৰঃ পুংকেশৰৰ পৰা পৰাগৰেণু আহি গৰ্ভকেশৰৰ গৰ্ভমুণ্ডত পৰা ঘটনাক পৰাগযোগ বোলে।

পৰাগযোগ এটা প্ৰাকৃতিক ঘটনা। উল্লেখিত কাৰণসমূহৰ বাবে ফুলত পৰাগযোগ ঘটে। ফুলবোৰ সাধাৰণতে নানা ৰঙৰ আৰু কিছুমান ফুলৰ ভাল গোন্ধ থাকে। ফুলৰ ৰং আৰু গোন্ধ বিভিন্ন পোক-পৰুৱা, পখিলা, মৌ-মাখি,আদিক আকৰ্ষণ কৰে। কিছুমান ফুলৰ মৌৱেও পতংগক আকৰ্ষিত কৰে। পোক-পৰুৱা ফুলত পৰোঁতে সিহঁতৰ গাত বা ঠেঙত ফুলৰ পৰাগৰেণু লাগি ধৰে। পোক-পৰুৱা এটা ফুলৰ পৰা আন এটা ফুলত পৰোঁতে ফুলৰ পৰাগৰেণু আন ফুলৰ গৰ্ভমুণ্ডত পৰে। ইয়াৰ ফলত পৰাগযোগ হয়।

ইয়াৰ উপৰি বতাহত ফুল হালি-জলি থাকোতে এটা ফুলৰ পৰাগৰেণু আন এটা ফুলৰ গৰ্ভমুণ্ডত পৰে আৰু এনে ধৰনেও পৰাগযোগ হয়।

৪। কাণ্ডৰ মাজেৰে পানী গছৰ সকলো অংশলৈ যায়।তাকে দেখুৱাবলৈ এটা পৰীক্ষা বৰ্ণনা কৰা।

উত্তৰঃ কাণ্ডৰ মাজেৰে যে পানী গছৰ সকলো অংশলৈ যায় , এই কথাটো তলৰ পৰীক্ষাটোৰ পৰা বুজিব পাৰি।

চাৰিটা গিলাচত পানী লৈ দুটাত কেইটোপালমান ৰঙা চিয়াঁহী আৰু দুটাত সেউজীয়া চিয়াঁহী মিহলোঁৱা হল। ঠাৰিৰে সৈতে তিনিটা বগা ৰঙৰ ফুল যোগাৰ কৰা হল।দুটা ফুল চিত্ৰত দেখুওয়া ধৰণে ৰঙা আৰু সেউজীয়া পানীৰ গিলাচ দুটাত থোৱা হল। তৃতীয় ফুলৰ ঠাৰিডাল দিঘে দিঘে ব্লেডেৰে  আধালৈকে ফালি দুফালে কৰি লোৱা হল। বাকী থকা গিলাচ দুটা চিত্ৰত দেখুৱা ধৰণে ওচৰলৈ আনি লোৱা হল। এতিয়া ফুলৰ ঠাৰি ফলা ফুলটোৰ এফাল ঠাৰি এটা গিলাচত আৰু আনটো ফাল আনটো গিলাচত থোৱা হল। কিছুসময়ৰ পিছত ফুলৰ ৰঙ সলনি হব। অৰ্থাৎ ৰঙা চিয়াঁহী মিহলোৱা গিলাচত থকা ফুলপাহৰ পাহি ৰঙচুৱা হব। সেউজীয়া চিয়াঁহী মিহলোৱা গিলাচৰ ফুলপাহৰ ৰঙ সেউজীয়া হব। তৃতীয় ফুলৰ পাহি বিলাকৰ ৰং ৰঙা আৰু সেউজীয়া হব। কাৰণ এইপাহ ফুলৰ ঠাৰি ফালে এফাল ৰঙা চিয়াঁহী মিহলোৱা পানীৰ গ্লাছত থোৱা হৈছে আৰু আনটো ফাল সেউজীয়া চিয়াঁহী মিহলোৱা পানীৰ গ্লাচত থোৱা হৈছে। গতিকে পৰীক্ষাটোৰ পৰা বুজিব পাৰি যে কাণ্ডৰ মাজেৰে পানী গছৰ সকলো অংশলৈ যায়।

৫। ফুলৰ ছবি এখন আঁকি বিভিন্ন অংশ দেখুওৱা।

উত্তৰঃ 

অতিৰিক্ত প্ৰশ্নোত্তৰ

১। শিপাৰ কাম কি ?

উত্তৰঃ শিপাৰ সহায়ত গছে মাটিৰ পৰা পানী আৰু সাহ শুহি লয়। শিপাই খোপনি পুতি গছডাল ধৰি ৰাখে।

২। পত্ৰৰন্ধ্ৰৰ কাম কি ?

উত্তৰঃ উদ্ভিদে পত্ৰৰন্ধ্ৰৰ জৰিয়তে খাদ্য প্ৰস্তুত কৰিবলৈ বায়ুৰ পৰা কাৰ্বন-ডাই-অক্সাইড গ্ৰহণ কৰে আৰু খাদ্য প্ৰস্তুত কৰোতে খাদ্যৰ লগতে অক্সিজেনো উৎপন্ন হয়। পত্ৰৰন্ধ্ৰৰ মাজেৰে এই অক্সিজেন বাহিৰলৈ উলিয়াই দিয়ে।

৩। কাৰ্ব’হাইড্ৰট কি ?

উত্তৰঃ সালোক-সংশ্লেষণত তৈয়াৰ হোৱা খাদ্যক কাৰ্ব’হাইড্ৰট বোলে।

৪। উদ্ভিদে খাদ্য প্ৰস্তুত কৰা প্ৰক্ৰিয়াটোৰ নাম কি ?

উত্তৰঃ উদ্ভিদে খাদ্য প্ৰস্তুত কৰা প্ৰক্ৰিয়াটোৰ নাম সালোক-সংশ্লেষণ।

৫। নতুন গছৰ জন্ম কেনেকৈ হয় ?

উত্তৰঃ গছৰ ফুলৰ পৰা গুটি বা বীজ হয়। গুটিত থকা ভ্ৰূণৰ পৰা নতুন গছ হয়।

৬। কি গছে শিপাত খাদ্য -বস্তু জমা কৰি ৰাখে ?

উত্তৰঃ আমি পাচলি হিচাপে খোৱা গাজৰ, মূলা, চালগোম আদিত খাদ্য বস্তু জমা হৈ থাকে। প্ৰকৃততে উক্ত পাচলি বোৰ গছৰ শিপাহে।

৭। ফুলৰ পুংকেশৰবোৰ কি ?

উত্তৰঃ পুংকেশৰবোৰ পাতল মিহি ঠাৰিৰে দৰে কিছুমান অংশ। পুংকেশৰৰ মূৰটো অলপ উফন্দা। পুংকেশৰ এই অংশটোক পৰাগধানী বোলে। পৰাগধানীত হালধীয়া বৰণৰ পৰাগ ৰেণুবোৰ উৎপন্ন হয়।

৮। গৰ্ভ কেশৰ কি ?

উত্তৰঃ ফুলৰ একেবাৰে সোঁমাজত থকা অংশটো হল গৰ্ভকেশব। ই পাতল মিহি ঠাৰিৰে দৰে এটা অংশ। গৰ্ভকেশৰৰ মূৰটো অলপ আঠালেতীয়া। ইয়াক গৰ্ভমুণ্ড বোলে। পুংকেশৰৰ পৰা পৰাগৰেণু আহি গৰ্ভমুণ্ডত পৰে আৰু পৰাগযোগ হয়। 

৯। প্ৰদ্বেষদন কি ?

উত্তৰঃ শিপাই শুহি লোৱা পানী গছে ব্যৱহাৰ কৰাৰ পাছত কিছু পানী পত্ৰৰন্ধ্ৰৰ মাজেৰে বাষ্প আকাৰত ওলাই যায় । ইয়াক প্ৰসিবেদন বোলে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top