Assam Jatiya Bidyalay Class 5 Science Chapter 11 পদাৰ্থ আৰু ইয়াৰ ধর্ম

Assam Jatiya Bidyalay Class 5 Science Chapter 11 পদাৰ্থ আৰু ইয়াৰ ধর্ম, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় বিজ্ঞান Class 5 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 11 পদাৰ্থ আৰু ইয়াৰ ধর্ম Class 5 Science Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 5 Science Chapter 11 পদাৰ্থ আৰু ইয়াৰ ধর্ম Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 5 Science Chapter 11 পদাৰ্থ আৰু ইয়াৰ ধর্ম provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

পদাৰ্থ আৰু ইয়াৰ ধর্ম

Chapter – 11

অসম জাতীয় বিদ্যালয়

পাঠভিত্তিক ক্রিয়াকলাপৰ প্রশ্নোত্তৰ

১। বস্তুৰ ভৰ কাক বোলে ? ভৰৰ দুটা এককৰ নাম লিখা ।

উত্তৰঃ কোনো এটা বস্তুৰ পৰিমানকে বস্তুটোৰ ভৰ বোলে। ভৰৰ দুটা একক হল গ্ৰাম, কিলোগ্ৰাম।

২। বস্তুৰ ভৰ কিহৰ সহায়ত নিৰ্ণয় কৰা হয় ?

উত্তৰঃ বস্তুৰ ভৰ তুলাচনীৰ সহায়ত নিৰ্ণয় কৰা হয়।

৩। ওজনৰ সংজ্ঞা দিয়া। ওজনৰ এটা এককৰ নাম লিখা।

উত্তৰঃ ওজন হৈছে এটা বল। ঠাই বিশেষে ওজনৰ তাৰতম্য ঘটিব পাৰে। ওজনৰ এককো কিল’গ্ৰাম।

৪। ভৰ আৰু ওজনৰ পাৰ্থক্য লিখা।

উত্তৰঃ ভৰ হৈছে ওজনৰ পৰিমাণ আৰু ওজন হৈছে এটা বল। ভৰ সকলো ঠাইতে একে থাকে কিন্তু ওজন বেলেগ বেলেগ ঠাইত বেলেগ হব পাৰে।

৫। দুটা বস্তুৰ ভৰ কিহৰ সহায়ত তুলনা কৰিব পাৰি ?

উত্তৰঃ ১। তুলাচনীৰ সহায়ত আমি দুটা বস্তুৰ ভৰ তুলনা কৰিব পাৰো।

২। বস্তুবোৰৰ মাজৰ পৰা আটাইতকৈ কম ভৰৰ আৰু আটাইতকৈ বেছি ভৰৰ বস্তু দুটা বাচি উলিয়াব পাৰো।

৬। একে আয়তনৰ হ’লেও বেলেগ বেলেগ ভৰৰ চাৰিবিধ পদাৰ্থৰ নাম লিখা।

উত্তৰঃ সমান আয়তনৰ চাৰিবিধ পদাৰ্থৰ বস্তু হল-

১। লোৰ টুকুৰা।

২। কাঠৰ টুকুৰা।

৩। কাচৰ টুকুৰা।আৰু

৪। এলুমিনিয়ামৰ টুকুৰা।

৭।পদাৰ্থৰ ঘনত্বৰ সূত্ৰটো কি ? ঘনত্বৰ দুটা এককৰ নাম লিখা।

উত্তৰঃ কোনো পদাৰ্থৰ ভৰক ইয়াৰ আয়তনেৰে হৰণ কৰিলে পোৱা হৰণফলক পদাৰ্থবিধৰ ঘনত্ব বোলে।

৮। বস্তুৰ আকাৰ বা আয়তনৰ ওপৰত ঘনত্ব নিৰ্ভৰ নকৰে। কিয়, বুজাই লিখা। এটা পৰীক্ষাত আধা কিলো’গ্ৰাম ভৰৰ আৰু আন এটা পৰীক্ষাত এক কিলো’গ্ৰাম ভৰৰ লোহা ব্যৱহাৰ কৰা হৈছে। পৰীক্ষা দুটাত লোহাৰ ঘনত্ব একে পোৱা যাবনে ?

উত্তৰঃ কোনো বস্তুৰ আকাৰ বা আয়তনৰ ওপৰত ঘনত্ব নিৰ্ভৰ নকৰে। কোনো এবিধ পদাৰ্থ বেছি আয়তনৰ ললে , তাত থকা পদাৰ্থৰ পৰিমানো বেছি হয়। অৰ্থাৎ যি কোনো পদাৰ্থৰ আয়তন বাঢ়িলে ভৰ বাঢ়ে। কিন্তু পদাৰ্থবিধৰ ভৰ আৰু আয়তনৰ হৰণফল একেই থাকিব। 

এটা পৰীক্ষাত এক কি’লগ্ৰাম ভৰৰ লোহা আৰু আন এটা পৰীক্ষাত আধা কিল’গ্ৰাম ভৰৰ লোহা ব্যৱহাৰ কৰিলেও দুটা পৰীক্ষাত লোহাৰ ঘনত্ব একেই পোৱা যাব।

৯। পদাৰ্থৰ ঘনত্বৰ সূত্ৰটো কি ? ঘনত্বৰ দুটা এককৰ নাম লিখা।

উত্তৰঃ কোনো পদাৰ্থৰ ভৰক ইয়াৰ আয়তনেৰে হৰণ কৰিলে পোৱা হৰণফলক পদাৰ্থবিধৰ ঘনত্ব বোলে । ঘনত্বৰ একক হল গ্ৰাম/ঘন ছেঃমি, কিল’গ্ৰাম/ ঘন ছেঃমিঃ ।

১০। গেছীয় পদাৰ্থৰ কিয় নিৰ্দিষ্ট ঘনত্ব নাথাকে লিখা ।

উত্তৰঃ গেছীয় পদাৰ্থৰ আয়তন নিৰ্দিষ্ট নহয় বাবে, গেছীয় পদাৰ্থৰ নিৰ্দিষ্ট ঘনত্ব নাই । কাৰণ একেখিনি গেছীয় পদাৰ্থ কম আয়তনতো থব পাৰি, বেছি আয়তনতো থব পাৰি ।

১১। এক ঘন মিটাৰ পানীৰ ভৰ কিমান ?

উত্তৰঃ ১০০ গ্ৰাম ।

১২। ১ কিল’গ্ৰাম ৯৫০ গ্ৰাঃ পাৰাৰ আয়তন ১৫০ ঘন ছে. মি. পাৰাৰ ঘনত্ব উলিওৱা।

উত্তৰঃ ১ কিল’গ্ৰাম ৯৫০ গ্ৰাঃ=১৯৫০  গ্ৰাম।

পাৰাৰ আয়তন =১৫০ ঘন ছেঃমিঃ 

উত্তৰঃ ১৩ ঘন ছেঃমিঃ 

১৩। এলুমিনিয়ামৰ ঘনত্ব ৩ গ্ৰাম/ ঘন ছে. মি. 

(ক) ৩৫১ গ্ৰাম এলুমিনিয়ামৰ আয়তন কিমান ?

উত্তৰঃ এলুমিনিয়ামৰ ভৰ = ৩৫১ গ্ৰাম

এলুমিনিয়ামৰ ঘনত্ব =৩ / ঘন ছে. মি.

= ১১৭ ঘন ছেঃমিঃ

(খ) ১৬০ ঘন ছে. মি. এলুমিনিয়াম ভৰ কিমান ?

উত্তৰঃ আয়তন =১৬০ ঘন ছেঃমিঃ

             ঘনত্ব = ৩ গ্ৰাম / ঘন ছেঃ  মিঃ 

              ভৰ = ?

              ভৰ = আয়তন * ঘনত্ব

                    = ১৬০x৩=৪৮০ গ্ৰাম

                     = ৪৮০ গ্ৰাঃ

১৪। এলুমিনিয়াম পানীতকৈ কিমান গুণে গধুৰ ।

উত্তৰঃ এলুমিনিয়াম পানীতকৈ কিমান গুণে গধুৰ ।

এলুমিনিয়ামৰ ঘনত্ব = ৩ গ্ৰাঃ / ঘন ছেঃ মিঃ 

অৰ্থাৎ ১ ঘন ছেঃ মিঃ  এলুমিনিয়ামৰ ভৰ = ৩ গ্ৰাম

১ ঘন ছেঃ মিঃ পানীৰ ভৰ = ১ গ্ৰাম

উত্তৰঃ ৩ গুণে গধুৰ।

অতিৰিক্ত প্ৰশ্নোত্তৰ

১। বস্তুৰ আয়তন কি ?

উত্তৰঃ এটা বস্তুই যিমান খিনি ঠাই আগুৰে সেয়াই বস্তুটোৰ আয়তন।

২। তুলাচনী এখন কেনেকৈ সাজিব পাৰি বৰ্ণনা কৰা ?

উত্তৰঃ তুলাচনী এখন সাজিবলৈ এফুটমান দীঘল এডাল মিহি অথচ মজবুত কামী , দুখন অলপ ডাঙৰ  হাফৰ বা ঢাকনি আৰু মোটা সূতা দৰকাৰ । প্ৰতিখন হাফলৰ কাষৰ ফালে সমান সমান দূৰত তিনি ঠাইৰ ফুটা কৰিব লাগিব। ফুটাবোৰত সূতাৰে বান্ধি কামিডালৰ দুয়ো মূৰত ওলোমাব লাগিব । সূতাৰ দীঘ দুয়োফালে একে হব লাগিব। কামিডালৰ ঠিক মাজত চিত্ৰত দেখুৱা ধৰণে আন এডাল সূতাৰে বান্ধিব লাগিব। এইডাল সূতাত ধৰি দাঙিলে বা সূতাডাল ষ্টেণ্ডত বান্ধি দিলে কামিডাল মাটিৰ সমান্তৰাল হোৱাৰ পিছত তুলাচনীখন ব্যৱহাৰ কৰিব পৰা যাব।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top