Assam Jatiya Bidyalay Class 5 History Chapter 9 চুচেংফা বা প্ৰতাপসিংহ

Assam Jatiya Bidyalay Class 5 History Chapter 9 চুচেংফা বা প্ৰতাপসিংহ, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় আপোন দেশৰ কথা Class 5 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 9 চুচেংফা বা প্ৰতাপসিংহ Class 5 History Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 5 Apun Dekhor Kotha Chapter 9 চুচেংফা বা প্ৰতাপসিংহ Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 5 History Chapter 9 চুচেংফা বা প্ৰতাপসিংহ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

চুচেংফা বা প্ৰতাপসিংহ

Chapter – 9

অসম জাতীয় বিদ্যালয়

পাঠভিত্তিক ক্রিয়াকলাপৰ প্রশ্নোত্তৰ

১। চমু উত্তৰ লিখা।

(ক) কিমান খ্ৰীষ্টাব্দত চুচেংফাই আহোম ৰাজপাটত উঠিছিল ?

উত্তৰ :- ১৬০৩ খ্ৰীষ্টাব্দত।

(খ) চুচেংফাক কিয় বুদ্ধি স্বৰ্গনাৰায়ণ নামেৰেও জনা গৈছিল ?

উত্তৰ :- চুচেংফাই যথেষ্ট ধৈৰ্য্য, সাহস আৰু বুদ্ধিৰে তেওঁৰ কাৰ্যকাল শেষ কৰিছিল বাবে।

(গ) চুচেংফা প্ৰতাপসিংহ  নামেৰে বিখ্যাত হোৱাৰ কাৰণ কি আছিল ?

উত্তৰ :- তেওঁৰ দিনত হোৱা যুদ্ধ-বিগ্ৰহবোৰত প্ৰায় সকলোতে মহাপ্ৰতাপেৰে যুদ্ধ কৰি সফলতা অৰ্জন কৰা বাবে চুচেংফা ‘প্ৰতাপসিংহ’ নামেৰে বিখ্যাত হৈছিল।

(ঘ) প্ৰতাপ সিংহৰ ৰাজত্বকালত বুঢ়াগোহাঁই কোন আছিল ?

উত্তৰ :- থকবক বুঢ়াগোহাঁই। তেওঁৰ মৃত্যুৰ পিছত মাকো বৰপাত্ৰ গোহাঁই ৰাজমন্ত্ৰী হৈছিল।

(ঙ) প্ৰতাপসিংহই মোমাই তামুলীক কি পদবী দিছিল ?

উত্তৰ :- বৰবৰুৱা পদবী দিছিল।

(চ) কোনজন আহোম ৰজাৰ ৰাজত্বকালত অসমীয়া ভাষাত বুৰঞ্জী লিখাৰ নিয়ম আৰম্ভ হৈছিল ?

উত্তৰ :- চুচেংফা বা প্ৰতাপসিংহৰ ৰাজত্ব কালত।

২। প্ৰতাপসিংহক আন কি কি নামেৰে জনা গৈছিল লিখা।

উত্তৰ :- প্ৰতাপসিংহৰ ৰাজপটত উঠা সময়ত নাম আছিল লাঙ্গী গোহাঁই। ৰজা হৈ তেওঁ চুচেংফা নাম লয়। বুঢ়া বয়সত ৰজা হোৱাৰ বাবে তেওঁৰ আন এটা নাম হয় বুঢ়া ৰজা। ধৈৰ্য সাহস আৰু বুদ্ধিৰে তেওঁৰ কাৰ্যকাল শেষ কৰিছিল বাবে তেওঁ বুদ্ধি স্বৰ্গনাৰায়ণ নামেৰেও জনাজাত আছিল। আনহাতে হাতী চিকাৰ কৰাত চখ থকা বাবে কিছুমানে তেওঁক গজপুৰীয়া উপাধি দিছিল। এইদৰে প্ৰতাপসিংহক বিভিন্ন নামেৰে জনা গৈছিল।

৩। প্ৰতাপসিংহৰ ৰাজত্বকালত নিৰ্মাণ হোৱা চাৰিটা আলি বা পথৰ নাম লিখা।

উত্তৰ :- প্ৰতাপসিংহই প্ৰজাসাধাৰণৰ যাতায়তৰ সুবিধাৰ বাবে কেইবাটাও আলি বন্ধাইছিল। সেইবোৰৰ ভিতৰত চাৰিটা হৈছে – বৰ আলি, চটাই আলি, হাৰিপৰা আলি আৰু জবকাৰ আলি।

৪। প্ৰতাপসিংহৰ ৰাজত্বকালত নিৰ্মাণ হোৱা চাৰিটা গড়ৰ নাম লিখা।

উত্তৰ :- প্ৰতাপসিংহৰ ৰাজত্বকালত নিৰ্মাণ হোৱা চাৰিটা গড় হৈছে – লাহদৈ গড় , ৰাজগড়, কটাৰী খামৰ গড় আৰু মেচাগড়।

৫। পাহাৰীয়া জাতিৰ উপদ্ৰৱৰপৰা ৰক্ষা পাবলৈ প্ৰতাপসিংহই সৃষ্টি কৰা চাৰিটা পদবীৰ নাম লিখা।

উত্তৰ :- পাহাৰীয়া জাতিৰ উপদ্ৰৱৰপৰা ৰক্ষা পাবলৈ প্ৰতাপসিংহই ৰহীয়াল বৰুৱা, জাগীয়াল বৰুৱা, কাজলীমুখীয়া বৰুৱা আদি পদবীৰ সৃষ্টি কৰিছিল।

৬। প্ৰতাপসিংহৰ ৰাজত্বকালত প্ৰজাৰ মংগলৰ বাবে কৰা কাম-কাজৰ বিষয়ে লিখা।

উত্তৰ :- প্ৰতাপসিংহই তেওঁৰ ৰাজত্বকালত বেছিভাগ সময় যুদ্ধ-বিগ্ৰহৰ মাজেৰে অতিবাহিত কৰিলেও প্ৰজাৰ মংগলৰ বাবে তেওঁ বহুতো সজ কাম কৰি যায়। এইক্ষেত্ৰত আমি প্ৰথমতে যাতায়ত ব্যৱস্থাটোৰ কথাকে ক’ব পাৰো। প্ৰতাপসিংহই প্ৰজাৰ যাতায়তৰ সুবিধাৰ বাবে বৰ আলি, চটাই আলিকে ধৰি কেবাটাও আলি বন্ধাইছিল। সেইদৰে প্ৰজাসকলক বানপানীৰপৰা ৰক্ষা কৰিবলৈ নদীৰ পাৰে পাৰে ওখকৈ মাটিৰ টিপ সজা হৈছিল, খোৱা পানীৰ বাবে ঠায়ে ঠায়ে পুখুৰী খন্দাইছিল। লাহদৈ গড়, ৰাজগড়, ৰূপহী পুখুৰী আদি এইবিলাকে সজ কামৰ উল্লেখযোগ্য উদাহৰণ।

প্ৰতাপসিংহই বাণিজ্যৰ উন্নতিৰ ওপৰতো যথেষ্ট গুৰুত্ব দিছিল। প্ৰজাসকলৰ বেহা-বেপাৰৰ সুবিধাৰ অৰ্থে তেওঁ ঠায়ে ঠায়ে হাট-বজাৰ পাতি দিছিল; যাৰ ফলত প্ৰজাসকল যথেষ্ট উপকৃত হৈছিল। ফুলগুৰি হাট ইয়াৰ অন্যতম উদাহৰণ। 

অসমৰ গাঁওবিলাক পুনৰ গঠন কৰি সকলো প্ৰজাকে একো একোটা খেলত ভাগ কৰা (খেল প্ৰথা)ৰ ব্যৱস্থা প্ৰতাপসিংহৰ ৰাজত্বকালতে হৈছিল। অৰ্থাৎ একোটা গোষ্ঠীৰ মানুহ এটা খেলৰ অন্তৰ্ভুক্ত হৈছিল। যেনে সোণাৰি খেল, কমাৰখেল, ইত্যাদি। এনেকুৱা কৰাৰ ফলত প্ৰজাসকল যথেষ্ট উপকৃত হৈছিল। মুঠতে প্ৰতাপসিংহই প্ৰজাৰ মংগলৰ বাবে বহুতো কাম কৰি গৈছে।

৭। প্ৰতাপসিংহৰ ৰাজত্বকালত সৃষ্টি কৰা বিষয়ববীয়াৰ কাম-কাজৰ বিষয়ে আলোচনা কৰা।

উত্তৰ :- প্ৰতাপসিংহ এজন ক্ষমতাশালী, দক্ষ আৰু প্ৰজাহিতৈষী ৰজা আছিল। শাসনকাৰ্য ভালদৰে পৰিচালনাৰ সুবিধাৰ্থে তেওঁ একাধিক নতুন পদবীৰ সৃষ্টি কৰি উপযুক্তলোকক বিষয়ববীয়া পাতিছিল। এই বিষয়ববীয়াসকলে ৰজাৰ নিৰ্দেশমতে নিজা নিজা কাম-কাজ সমাপন কৰিব লাগিছিল।

প্ৰতাপসিংহই সৃষ্টি কৰা এটা পদবী হৈছে বৰবৰুৱা। বুঢ়াগোহাঁই আৰু বৰপাত্ৰ গোহাঁইৰ শাসন পৰিসীমাৰ বাহিৰৰ উজনি অংশটিৰ চোৱাচিতা কৰিবৰ বাবে তেওঁ এই পদবীটোৰ সৃষ্টি কৰিছিল। বৰবৰুৱা পদটিৰ প্ৰথম বিষয়ববীয়া আছিল মোমাই তামুলী। এই মোমাই তামুলী বৰবৰুৱাৰ ৰাজনৈতিক বিচক্ষণতা, উন্নত চিন্তাধাৰা, নতুন নতুন পৰিকল্পনা আৰু নি:স্বাৰ্থ দেশপ্ৰেমৰ বাবেই মূলতঃ প্ৰতাপসিংহৰ ৰাজত্বকালত আহোম ৰাজ্যৰ জয় জয়, ময়-ময়, অৱস্থা হৈছিল। বৰবৰুৱাৰ কাৰ্য প্ৰণালী আধুনিক প্ৰশাসনৰ মুখ্য সচিবৰ লগত তুলনা কৰিব পাৰি। 

প্ৰতাপসিংহই সৃষ্টি কৰা আন এটা পদবী হৈছে বৰফুকন। এই পদবীত অধিষ্ঠিত বিষয়ববীয়া জনৰ কামৰ দায়িত্ব আছিল কলিয়াবৰৰপৰা গুৱাহাটীলৈকে নামনি অঞ্চলটোৰ শাসন কাৰ্য্য চোৱাচিতা কৰা। প্ৰথম বৰফুকন আছিল লাঙ্গি পানীসিয়া।

নঙঠা বৈৰাগী নামৰ বিষয়া একশ্ৰেণীৰো প্ৰতাপসিংহই সৃষ্টি কৰিছিল। এই শ্ৰেণী বিষয়াৰ কাম আছিল দেশ-বিদেশৰ লগত সম্পৰ্ক স্থাপন কৰা।

৮। প্ৰতাপসিংহৰ ৰাজত্বকালক অসমৰ ইতিহাসৰ এক গৌৰৱোজ্জ্বল অধ্যায় বুলি কোৱা হয়। কথাষাৰ আলোচনা কৰা।

উত্তৰ :- প্ৰতাপসিংহৰ ৰাজত্বকালক কিয় অসমৰ ইতিহাসৰ এক গৌৰৱোজ্জ্বল অধ্যায় বুলি কোৱা হয়, এই বিষয়ে এটি চমু আলোচনা আগবঢ়োৱা হ’ল।

প্ৰতাপসিংহৰ ৰাজত্বকালটো আছিল যুদ্ধ-বিগ্ৰহেৰে ভৰা। এই যুদ্ধ-বিগ্ৰহবোৰত তেওঁ শক্ৰপক্ষক হয় দমন কৰি, নহয় মিত্ৰতাৰে বশ কৰি আহোম ৰাজ্যৰ স্বাধীনতা তথা গৌৰৱ অক্ষুণ্ণ ৰাখিছিল।

প্ৰজাৰ মংগল সাধন কৰাটো ৰজা বা শাসনকৰ্তাৰ প্ৰধান দায়িত্ব। প্ৰতাপসিংহই প্ৰজাসাধাৰণ যাতায়তৰ সুবিধাৰ অৰ্থে আলি বন্ধোৱা, বানপানীৰপৰা ৰক্ষা পাবলৈ ওখকৈ মাটিৰ টিপ সজা, খোৱা পানীৰ বাবে পুখুৰী খন্দোৱা, বেহা-বেপাৰৰ সুবিধাৰ্থে হাট-বজাৰ পতা আদি বিভিন্ন উন্নয়ণমূলক কাম প্ৰজাৰ মংগলৰ বাবে কৰিছিল।

প্ৰতাপসিংহৰ দিনতে অসমৰ গাওঁবিলাক পুনৰ গঠন কৰি খেল প্ৰথাৰ জৰিয়তে সকলো প্ৰজাক একো একোটা খেলত ভাগ কৰি সংস্থাপিত কৰিছিল। আহোম প্ৰশাসনৰ ৰাজহাড়স্বৰূপ পাইক প্ৰথাৰ সংস্কাৰ, পৰ্বতীয়া জনজাতিসকলৰ লগত ভৈয়ামবাসীৰ ভাল সম্বন্ধ স্থাপন কৰাৰ বাবে পঁচা প্ৰথাৰ প্ৰচলনো এওঁৰ দিনতে হয়। আনহাতে অসমীয়া ভাষাত বুৰঞ্জী লিখাৰ প্ৰথাও প্ৰতাপসিংহৰ সময়ৰ পৰাই আৰম্ভ হয়।

ৰাজ্য শাসনৰ সুবিধাৰ্থে প্ৰতাপসিংহই একাধিক নতুন পদবী সৃষ্টি কৰি সেই পদবীবোৰত উপযুক্ত লোকক বহুৱাইছিল। ইয়াৰ ফলত ৰাজ্যখন সুচাৰুৰূপে পৰিচালিত হোৱাৰ লগতে সকলো ফালৰ পৰাই উন্নয়নৰ দিশে আগবাঢ়িছিল। 

সকলো ধৰ্মৰ প্ৰতি ভাল ভাব প্ৰদৰ্শন কৰাটো প্ৰতাপসিংহৰ চৰিত্ৰৰ আন এক বৈশিষ্ট। দেৰগাঁৱৰ আৰু বিশ্বনাথৰ শিৱমন্দিৰ এওঁৰ ৰাজত্বকালতেই নিৰ্মাণ হৈছিল।

এনেবোৰ কাৰণতেই প্ৰতাপসিংহৰ ৰাজত্বকালক অসমৰ ইতিহাসৰ এক গৌৰৱোজ্জ্বল অধ্যায় বুলি কোৱা হয়। উল্লেখনীয় যে প্ৰতাপসিংহৰ সকলো উন্নয়মমূলক কামৰ মূল মন্ত্ৰণাদাতা তথা সহযোগী আছিল মোমাই তামুলী বৰবৰুৱা।

ওপৰঞ্চি প্ৰশ্নোত্তৰ

১। প্ৰতাপসিংহই ৰাজ্যখন সুকলমে চলোৱাৰ ক্ষেত্ৰত কোনগৰাকী বিষয়ববীয়া বা ব্যক্তিৰ বেছি অৰিহণা আছিল ?

উত্তৰ :- মোমাই তামুলী বৰবৰুৱাৰ।

২। কাৰ ৰাজত্বকালত অসমৰ গাঁও বিলাক পুনৰ গঠন কৰি সকলো প্ৰজাক একো একোটা খেলত ভাগ কৰা হৈছিল ?

উত্তৰ :- স্বৰ্গদেউ প্ৰতাপসিংহৰ ৰাজত্বকালত ।

৩। প্ৰতাপসিংহই ‘পঁচা প্ৰথা’ প্ৰচলন কৰাৰ উদ্দেশ্য কি আছিল ?

উত্তৰ :- চুবুৰীয়া, সীমান্তৰ সীমামূৰীয়া ৰাজ্যৰ প্ৰজাবিলাকে যাতে আহি আহোম ৰাজ্যত উৎপাত বা উপদ্ৰৱ কৰিব নোৱাৰে তাৰ বাবে পঁচা প্ৰথাৰ প্ৰচলন কৰিছিল।

৪। কোনজন আহোম স্বৰ্গদেউৰ ৰাজত্বকালৰপৰা অসমীয়া ভাষাৰ বুৰঞ্জী লিখা প্ৰথাৰ প্ৰচলন হয় ?

উত্তৰ :- স্বৰ্গদেউ প্ৰতাপসিংহৰ ৰাজত্বকালৰপৰা।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top